সৰু সৰু কথা

✍ ইমৰান শ্বাহ

শিৱসাগৰ ।

 

আজিকালি প্ৰগতিৰ কথা কথাই কথাই কৈয়ে থকা হয় । খেল এখন , সভা এখন পাতিব পৰাটোও প্ৰগতি । মূৰ্তি এটা , ।  ফুলনি এখন প্ৰতিষ্ঠা কৰাও প্ৰগতি । কিন্তু প্ৰগতি কাক বোলে প্ৰশ্নটোৰ উত্তৰ সহজে পোৱা নাযায় । থাকিবলৈ ঘৰ সজা , আৰু এটা ধুনীয়া ঘৰ সজাৰ মাজত বহুত পাৰ্থক্য প্ৰথমটো সদায় একে থাকে । পাছৰটোৰ পৰিবৰ্তনৰ সীমা নাই । মাটিত ফুঁ মাৰি কোনেও ভাত নাখায় । কিন্তু মানুহৰ পৰিচ্ছন্নতাৰ প্ৰেৰণাটো ‘তামাম’ ।কিছুমান বস্তু মানুহৰ ভিতৰৰ পৰা ওলায় । বাহিৰৰ পৰা জাপি দিব নোৱাৰি । প্ৰগতিও এটা প্ৰেৰণা । কিতাপ পঢ়ি বা দলত ভুক্ত হৈ প্ৰগতিবাদী হ’ব পাৰি । প্ৰগতিশীল হ’ব নোৱাৰি ।বিষয়টো জটিল । তাৰ আলোচনাৰ জটিলতালৈ নগৈ সাধাৰণভাৱে কিছু কথা চিন্তা কৰাৰ যত্ন কৰিব পাৰি ।আমাৰ পৃথিৱীখনত নিতৌ অনেক নতুন নতুন ঘটনা ঘটি থাকে । আচৰিত ধৰণে একেখন কাকতৰ একেটা পৃষ্ঠাতে কৃত্ৰিম কিডনী প্ৰতিষ্ঠাপন আৰু ডাইনী নিধনৰ বাতৰি ওলায় । পূৰ্বনুবৃত্তিৰ বাহিৰেও অভূতপূৰ্ব ঘটনাও ঘটে । কিন্তু এই ঘটনাবোৰৰ বিশ্লেষণৰ জৰিয়তে প্ৰগতিৰ স্বৰূপ বুলিব নোৱাৰি ।উন্নত , অনুন্নত , উন্নয়নশীল আদি বিভিন্ন ধৰণে পৃথিৱীৰ দেশবোৰৰ বিভাজন কৰা হয় । আকৌ সেই দেশবোৰৰে ভিতৰত অঞ্চলভেদে ঠাইবোৰৰ মাজত আকাশ পাতাল পাৰ্থক্য । ৰেলৰ উকিও নুশুনা কোনোবা দূৰ গাঁৱৰ ৰূপেশ্বৰী গুৱাহাটী মজিয়াত ভৰি দিয়াৰ লগে লগে ফাপৰীত পৰিণত হ’বলৈ বাধ্য । বিজ্ঞান-প্ৰযুক্তিৰ দিশত উন্নত দেশবোৰ অভাৱনীয়ভাৱে আগবঢ়া । আঙুলিৰ টিপাতে বিশ্ব । কিন্তু এনেকৈ আগবঢ়াকে প্ৰগতি বুলি মানি ল’ব সকলোৱে নুখুজিব । গৰুগাড়ী আৰু মটৰগাড়ীৰ পাৰ্থক্যটো প্ৰগতিৰ নহয় প্ৰযুক্তিৰ ।এটা সৰু কথালৈ মন কৰিব পৰা যায় । ধনে-মানে , বিদ্যাই-বুদ্ধিয়ে সকলো মানুহ সমান একে হোৱাটো এটা ভাল কথা বুলি সকলোৱে মানি ল’ব । হাতৰ-পাচ এটা নোহোৱাকৈ এখোজো চলিব নোৱাৰাজনেও ল’ব । কিন্তু লক্ষণীয় কথাটো হ’ল অতি উন্নত সমাজবোৰতকৈ একেবাৰে পিছপৰা সহজ-সৰল গাঁৱৰ মানুহ , আদিবাসী , জনজাতি আদিৰ মানুহৰ মাজত সমতা বেছি । সমস্যা , খোৱা-কামোৰা কম । মৰমেৰে জীয়াই থাকে ।সংগ্ৰাম তেওঁলোকেও কৰে । উন্নত হৈয়ো আহে । কিন্তু তেওঁলোকে আন কথাত প্ৰায় সকলো মানুহেই নিজৰ সংস্কৃতিক ঘপকৈ এৰি দিব নোখোজে । এক ধৰণৰ টনা-আঁজোৰা চলি থাকে । কিয় ? ভাবি চাব পাৰি । সংস্কৃতিৰ লগত উন্নতিতকৈ অন্য কিবাৰ সম্বন্ধ নিগূঢ় । বোধকৰো প্ৰগতি-চেতনাৰ । সেয়া যে তেওঁলোকৰ আত্মজ ।আকৌ যে এই কাৰ্যালয়বোৰ , কাৰখানা উদ্যোগবোৰ ইয়াৰ মানুহবোৰৰ মাজত এটা এক ধৰণৰ সমতা থাকে। উৎপাদন সমতা । প্ৰযুক্তি প্ৰয়োগৰ সমতা । উপাৰ্জন । এওঁলোক প্ৰগতিশীল নে ? এওঁলোক এক অৰ্থত বন্দী নহয়নে ? ব্যক্তি স্বাধীনতা অবিহনে প্ৰগতি হ’ব পাৰেনে ? অনুমতি নলৈ প্ৰেমো কৰিব নোৱাৰি । মাকক চাবলৈয়ো যাব নোৱাৰি , গল্প ভাল হয় । জীৱন হয় জানো । ঘড়ী কাঁটাত বন্ধা জীৱনো জীৱন নে ?দেহ-সৰ্বস্ব কথাবোৰৰ পৰা ওপৰলৈ উঠিবলৈ এটা নিৰন্তৰ চেষ্টা মানুহৰ চেতনাতে থাকে । ফুল পখিলা চাবলৈ শিশুক শিকাব নালাগে । প্ৰথম দেখাতে সিহঁতৰ প্ৰেম হৈয়ে যায় । দেহ-সৰ্বস্ব কথা-কাণ্ডবোৰত মানুহৰ দৃষ্টিভংগী প্ৰায় সদায় বহিৰ্মুখী হয় । আৱেগ-অনুভুতি , কোমলতা বাধাগ্ৰস্ত হয় । অৱহেলিত কিন্তু চেতনাৰ মধুৰ কিবা এটা বিচৰাৰ চেষ্টাই মানুহক অন্তৰ্মুখী কৰে । অন্তৰ্দৃষ্টি দান কৰে । সৰ্বপ্ৰকাৰৰ ৰসবোধৰ উদ্ভৱ হয়। হাঁহিব পাৰে , কান্দিব পাৰে । এইবোৰৰ পৰাইতো সভ্যতাৰ বিকাশ হয় । অধ্যাত্ম্যবাদৰো বিকাশ ইয়াৰ পৰাই হয় । পদাৰ্থত মন নভৰে । আৰু কিবা লাগে ।মানুহৰ চেতনাৰ এই সন্ধান , এই প্ৰত্যাশাৰ কিন্তু অন্ত নাই । পূৰ্ণতাও নাই । ই মানুহক নিতে নৱ স্বপ্ন দেখুৱায়।মন কৰিলে দেখা যাব , এচাম মানুহ মানুহৰ উন্নতিত সন্তুষ্ট । তেওঁলোকে ভাৱে , এদিন মানুহে তেওঁলোকে বিচৰা সকলোৱেই পাব । মানুহৰ সৰ্বাত্মক জয় সাব্যস্ত হ’ব । কিন্তু আন এচাম মানুহে ভাবে , মানুহৰ ভৱিষ্যত অন্ধকাৰ । একোৱেই ভালৰ বাবে হোৱা নাই । সভ্যতাৰ ধ্বংস অনিবাৰ্য । পৃথিৱীখন অকণমান হৈ যোৱাৰ অৰ্থ জীৱনো কেপছুলত বন্দী হৈ পৰা হ’ব নালাগে । দুয়োচাম মানুহৰে অনেক যুক্তি আছে । আৰু সেই লৈ সুদীৰ্ঘ আলোচনা কৰিব পৰা যায় । ঘাইকৈ ইতিহাস আৰু সমাজ বিজ্ঞানৰ ভেটিতে সেই আলোচনা হ’ব । সেই আলোচনাৰ উত্তৰ হয়তো নোলাব । কিন্তু সূক্ষ্মভাৱে লক্ষ্য কৰিলে তাত নিশ্চয় এটা উমৈহতীয়া কথা দেখা যাব । ইয়াৰ আঁৰত আছে মানুহৰ উত্তৰণৰ আশা । এই আশা আৰু তাৰ বাবে মানুহৰ প্ৰত্যক্ষ বা পৰোক্ষ চেষ্টাতে নিহিত হৈ থাকে প্ৰগতিৰ প্ৰকৃত অৰ্থ । ইয়াৰ ব্যাখ্যা বা চাক্ষুষ ৰূপ চাবলৈ বিচৰাৰ বৰ বেছি সাৰ্থকতা নাই । আকাশ আমাৰ সীমা হ’ব পাৰে । কিন্তু আকাশৰ কোনো সীমা নাই ।

সৰু সৰু কথা

ইমৰাণ শ্বাহ,
শিৱসাগৰ ।

বেজবৰুৱাই চুমাৰ ওপৰত গৱেষণাত্মক নিবন্ধ লিখি থৈ গৈছে । নামো দিছে সঠিক “টকলিয়া চুমা” । ক’বলৈ একো এৰা নাই । তথাপি অধিকন্তুন দোষায় । আপুনি যদি চুমা খাবই লাগে পৰম্পৰাগতভাৱে নাখাব । সশব্দে টাপৌক কৈ খাওক । পাওঁতাজনেই নহয় কাণে-শুনাত থকা সকলোৱে শুনাকৈ । সোণৰ খনিৰ দুৱাৰ খোল খাই যাব পাৰে । অৱশ্যে চুমা কাৰবাৰটো অস্বাস্থ্যকৰ । ই-এন-টি ডাক্তৰে ভাল পাব পাৰে । খাওঁতাৰো দাঁত-আলু মজবুত হ’ব লাগে । আজিকালি দাঁতৰ লগত পায়োৰিয়াও গজে । ‘কিচ’ আৰু ‘মিচ’ৰ সমস্যাও আছে । তথাপি মানুহে চুমা খায় । ‘খোৱা বস্তু নহয়, সকলোৱে খায়’ । সাঁথৰটোৰ দুটা নে তিনিটা উত্তৰ । আচাৰ, উজুটি, চুমা । বৈদান্তিক অশীতিপৰেও ।

কৈছো, সশব্দে । পাত্ৰ-পাত্ৰীৰ কথা নাই । লাভ তত্কালে অথবা ধীৰে ধীৰে । ককা-আইতাৰ শব্দ সৃষ্টি টান হ’ব পাৰে । চিকাৰৰ গালে-মুখে নৱকান্তৰ কবিতা লিখক । কান্ত কবিয়ে কোৱা নাই যেতিয়া মইনো-ধঁপাতৰ গোন্ধটো আনো কেলৈ । সিহঁতে আপোনাক পাহৰিব পাৰে । চুমাটো মনত ৰাখিব ।

মতলবী চুমাৰ চেহেৰা কেলাইডোস্ক’পিক । ঘনে ঘনে বিধে বিধে হয় । ধৰক এজন নেতা । কূটনৈতিক । এম এল এ, সমাজকৰ্মী । মনত সুপ্ত ক্ষমতাৰ লোভ । এজন ৰজা ভঙা-পতা মানুহ । নিৰ্বাচন সৌৱা পদূলি মূৰত । গতিকে এতিয়া সময় ভোটাৰৰ মন জয় কৰাৰ ।

আপুনি পুৰণা নাম থকা মন্দিৰ-মছজিদ-থান-দৰ্গাহলৈ যাওক । ধৰ্ম অনুযায়ী বা চেকুলাৰ হিচাপত প্ৰাৰ্থনা আগবঢ়াওক । ধৰ্ম ভাল তুৰুপৰ তাচ । অকণমান বুদ্ধি লাগিব । খবৰ পালেই প্ৰচাৰ মাধ্যম যাব । ব্যৱস্থা কৰিব । দান, বৰঙণি, গ্ৰাণ্ট । বৰ কামৰ বস্তু । বেজবৰুৱাই নাল লগা চুমাৰ কথাও কৈছে । আৰু নো কি ।

ঘৰ আৰু সমাজতো এই খেল চলিব পাৰে । চলা ভাল । যিমান আপুনি সৰৱ হ’ব সিমান আপুনি প্ৰিয় অপৰিহাৰ্য হ’ব । আপুনি উচুপিব ফেঁকুৰিব পাৰে । মিচিকিয়াই হাঁহিব পাৰে । আপুনি সোঁহাতে দিয়া দান বাওঁহাতে নাজানিব পাৰে । অখ্যাত আপুনি অখ্যাতেই থাকি যাব কিন্তু হাউ-হাউকৈ কান্দক । ৰাউচি জোৰক । হাঁহাঁকৈ হাঁহক । দুটকা দি দুশ টকাৰ ডাংকোপ মাৰক । ধুনীয়া কাগজত ধুনীয়াকৈ ছপোৱা প্ৰথম নিমন্ত্ৰণী চিঠি আপুনিয়ে পাব । টকলিয়া চুমা খাব নাজানিলে আপোনাৰ একো নহ’ব ।

অৱশ্যে । এৰা অৱশ্যে । বেলি ওলাবই । সূৰুযৰ পোহৰত মানুহে বগাক বগা, ক’লাক ক’লা ক’বই । আপোনালৈ প্ৰথম নিমন্ত্ৰণ পঠোৱাজনৰো আপোনালৈ মনত নপৰিবগৈ পাৰে । তাৰ পৰা কি হ’ল । আপোনাক আজিহে লাগে । কালিলৈ কি হয় কিয় লাগে । কালিলৈৰ কথা ভাবে একমাত্র মূৰ্খই ।

সৰু সৰু কথা

ইমৰান শ্বাহ,
শিৱসাগৰ ।

মানুহে যি কথাই নকওক, তাৰ লগত অৰ্থৰ এটা এৰাব নোৱাৰা সম্বন্ধ থাকে । অৰ্থ নাথাকিলে কথাৰ কোনো মূল্য নাথাকে । একেদৰেই উপযুক্ত কথাৰ অভাৱত অৰ্থও পোহৰলৈ নাহে । একে বিষয় লৈ লিখা এজনৰ ৰচনা উচ্চস্তৰৰ সাহিত্য হ’ব পাৰে । আন এজনৰ ৰচনা তেনেই এলাগী হ’ব পাৰে । কৃষ্ণাৰ্জুন ব্যাকৰণৰ এটা সৰল সন্ধি মাত্র নহয় । এটা বিশেষ মননৰ অন্তৰ্নিহিত তাত্পৰ্যপূৰ্ণসমূহৰ মিলন-মিশ্ৰণৰ এটা দ্যোতক । ব্যঞ্জনাও ক’ব পাৰি । একেই কথা ক’ব পাৰি অনুষ্ঠান-প্ৰতিষ্ঠান আৰু মূল্যবোধৰ সম্পৰ্কতো । আমি যেতিয়া জাতি, সমাজ আদিৰ কথা আলোচনা কৰো তেতিয়া প্ৰতিষ্ঠানৰ বাহিৰৰ ৰূপটো লক্ষ্য কৰিয়ে কথা কওঁ । মূল্যবোধৰ প্ৰসংগটো প্ৰায়ে কোৱা নহয় । বৰং ভবাই নহয় বুলিব পাৰি । ফলত অনেক বিসংগতিপূৰ্ণ কাম-কাজ হয়, ঘাইকৈ চৰকাৰৰ ক্ষেত্ৰত । আমি আমাৰ “গণতন্ত্ৰ”, আমাৰ “সমাজতান্ত্ৰিক আৰ্হি” আদিৰ কথা সঘনাই কৈ থাকো । কিন্তু তাৰ অন্তৰ্নিহিত মূল্যবোধৰ কথা নাভাবোৱেই । সমশিক্ষা, সমস্বচ্ছলতা, সমঅধিকাৰ ইত্যাদিবোৰ আমাৰ আছেনে ? যদি নাই বহুত শব্দ ব্যৱহাৰৰ অধিকাৰেই দেখোন আমাৰ নাথাকে । ইনকিলাব্ শব্দটোক আজিকালি দেখোন জধে-মধে ব্যৱহাৰ কৰা হয় । ফুটবল খেলত জিকিলেও । বিপ্লৱ, বিদ্ৰোহ, বিজয় একাকাৰ । গণই গণতন্ত্ৰ বুজাৰ পাছতহে দেশ গণতান্ত্ৰিক হয় । ধন-বল আৰু অস্ত্ৰ-বল দুয়োটাৰ মাজত পাৰ্থক্য বৰ নাই আৰু দুয়োটা গণতন্ত্ৰত সীমিত অৰ্থতহে প্ৰাসংগিক ।

যিকোনো প্ৰতিষ্ঠানৰে আপাত-ৰূপ বৰ্ণনা কৰিবলৈ সহজ । কেইটা ঘৰ, কিমান শিক্ষক, কিমান ছাত্ৰ-ছাত্ৰী । স্কুল এখনৰ সাধাৰণ ছবি এখন পাই যোৱা হ’ব । ইউনিফৰ্মো পাৰি । কিন্তু কিতাপৰ প্ৰসংগ আহিলেই থমকি ৰ’ব লাগিব । কি পঢ়ায়, কি পঢ়ে বিচাৰিবলৈ গ’লেই অসুবিধাত পৰি যাব । চাকৰিৰ বাবে ডিগ্ৰীতকৈ প্ৰশিক্ষণৰ প্ৰয়োজন বেছি । কিছুমান প্ৰশিক্ষণ নিজেও নিজক দিব পাৰি । কিন্তু শিক্ষাৰ প্ৰকৃত উদ্দেশ্য কি ? এতিয়াই মূল্যবোধৰ প্ৰশ্নটো আহিব ? অসুবিধা হ’লেও মূল্যবোধ ধৰা-চোৱাৰ বাহিৰৰ বস্তু নহয় । আৰু ই আমাৰ লগত, আমাৰ ভিতৰতে থাকে । কৰ্ষণৰ ওপৰত ই নিৰ্ভৰ কৰে । মোৰ পদূলিত এজোপা শেৱালি আছে । শৰতত তল ভৰি সৰে । এজন ওলাই গ’ল । ডবহা জোতাৰে মহতিয়াই । ক’ৰ শেৱালি ক’ত, চেপেটা । এজনী মাগনী বুঢ়ী ওলাই গ’ল । থমকি ৰ’ল । দুপাহমান তুলি ল’লে । তাৰ পাছত চাই চাই ফুল নথকাত ভৰি দি ওলাই গ’ল । আগৰজন এম এ পাছ । ফুল চোৱাৰ সময় নাই । পাছৰগৰাকী মাগনী । মনৰ মাজত ক’ৰবাত বহুত কোমলতা আছে । আগৰজনৰ শিক্ষাত কেণা আছে । পাছৰজন স্বশিক্ষিত । কিন্তু জীৱনৰ বাবে প্ৰথমজনৰ শিক্ষা নহ’লে নহয় । অথচ দ্বিতীয়জনৰ শিক্ষাটো নহ’লে জীৱনে ইয়াৰ অৰ্থই হেৰুৱায় । কি কৰা যাব পাৰে ।

আৰু এটা কথা । প্ৰতিষ্ঠানবোৰৰ এটা ঐতিহাসিক বিকাশ থাকে । বিকাশৰ স্তৰ থাকে । এই ইতিহাস আলোচনা কৰিব পাৰি । কিন্তু সঁচা মূল্যবোধৰ তেনেকৈ নোৱাৰি । এইবোৰ আৱেগ-অনুভূতিৰ লগত জড়িত । বস্তুবাদ বুজা যায় । প্ৰায় ইন্দ্ৰিয়গ্ৰাহ্য । মূল্যবোধ অলপকৈ হ’লেও ৰহস্যময় । ৰহস্য লাগে জীৱনৰ বাবে । আৱেগাদিক হত্যা নকৰিলে এইবোৰ সদায় একে থাকে । মাতৃ আৰু মাতৃত্ব । নাৰীমুক্তি অতি দৰকাৰী কথা । মাতৃত্বৰ পৰাও মুক্তি হ’বৰ হ’লে কিন্তু মানৱ জাতিৰ বিপৰ্যয় আছে । ওপৰে ওপৰে একো ক’ব নালাগে । নোৱাৰিও । মূল্যবোধৰ কথা আহিব । আৱেগিক ।

আমাৰ এতিয়াৰ যিটো অৱস্থা তাত এটা কথা নিশ্চিতকৈ ক’ব পাৰি । আমি আমাৰ বাহিৰৰ জীৱনটোৰ লগত ভিতৰৰ জীৱনটোৰ সম্বন্ধ হেৰুৱাই পেলাইছো । ধৰ্মবোৰে এই কামটো কৰিছিল । কৰিব পাৰিছিল । এতিয়া ক্ৰমাৎ নোৱাৰা হৈ আহিল । আৰু নোৱাৰা হ’ব । ধৰ্মই যুক্তি-তৰ্ক-সংস্কাৰক বাধা দিয়ে । স্বৰ্গ আৰু নৰকৰ ধাৰণাটো আন ধৰণৰ হোৱা হ’লে ভাল আছিল । কিন্তু নহ’ব । ভিতৰ আৰু বাহিৰৰ মিলন-মিশ্ৰণ নহ’লে কৃষ্ণাৰ্জুন এটা ব্যাকৰণৰ সৰল সন্ধি হৈয়ে থাকিব । থাকিব নালাগে ।

আমি মনত ৰখা দৰকাৰ, মূল্যবোধৰ সন্ধান বাহিৰত কৰা হ’লেও, দৰাচলতে তাক মানুহৰ চেতনাৰ ভিতৰতহে পোৱা যায় । শিক্ষাক শুদ্ধ পৰিপ্ৰেক্ষাত গ্ৰহণ কৰাৰ প্ৰয়োজন এতিয়াতকৈ বেছি কেতিয়াও হোৱা নাছিল । একবিংশৰ মানুহ উন্নত হ’লেই নহ’ব, জ্ঞানী হ’বও লাগিব ।

সৰু সৰু কথা

ইমৰান শ্বাহ
শিৱসাগৰ

আজিকালি আমাৰ মাজত এটা নতুন প্ৰৱণতা গা কৰি উঠিছে । ডাঙৰ সৰু সকলো সম্প্ৰদায় বা জনগোষ্ঠীয়ে নিজৰ পৰিচয় সাব্যস্ত কৰাৰ বাবে তত্পৰ হৈ উঠিছে । নানা দাবী, প্ৰতিবাদ আদিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ইয়াত আপত্তিৰ কোনো কাৰণ নাই । বৰং বিভিন্ন দিশৰ পৰা ই সমৰ্থনযোগ্য । প্ৰথম কথা ক্ষুদ্ৰ কিন্তু অতি সমৃদ্ধ একোটা জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন হ’ব পাৰে । আজিৰ বিশ্বত নিজে নিজক নবচালে বাচি থকা টান । দ্বিতীয়তে অসম নানা জাতি-উপজাতিৰ মিলনক্ষেত্ৰ । প্ৰতিটো জাতি-উপজাতিৰ বিকাশ হ’লেহে অসমীয়াৰ বিকাশ হোৱা বুলি ক’ব পাৰি । ৰাধাকৃষ্ণণে ভাৰতবৰ্ষ সম্পৰ্কত কোৱা এষাৰ কথা আমি অসম সম্পৰ্কেও ক’ব পাৰো । অসম এনে এক “ৰচনা” য’ত অনেক কুমাৰৰ হাতৰ মাটি আছে । সকলোৰে সৰ্বাত্মক বিকাশৰ বাবেইতো গণতন্ত্ৰ ।

কিন্তু এই প্ৰক্ৰিয়াটোত মাজে মাজেই দ্বন্দ আৰু সংঘাতৰ উদ্ভৱ হোৱা দেখা যায় । সেইটোৱেই উদ্বেগৰ কথা । উচিত শিক্ষাৰ অভাৱৰ বাবে সৰ্বত্ৰ মধুৰ উদাৰতা আশা কৰিব নোৱাৰি । চিন্তা কৰিলে কিছুমান অনিষ্টকাৰক শক্তি চিনাক্ত কৰিব পাৰি । জানিয়েই হওক বা নাজানিয়েই হওক এচাম মানুহ স্বাৰ্থপৰ হ’ব পাৰে । কোনোবা স্বাৰ্থপৰ হ’লে আন কোনোবা বঞ্চিত হ’বই । উচ্চাত্মিকা আৰু নীচাত্মিকা মনোভাৱ দুয়োটাই সমানে ক্ষতিকাৰক । পৰিবেশ পৰিস্থিতিৰ কাৰণে মানুহৰ সমবিকাশ নহ’ব পাৰে । তাৰ বাবে কোনো উচ্চ বা কোনো নীচ হ’ব নোৱাৰে । ইয়াক দূৰ কৰাহে মানৱীয় কৰ্তব্য । ইয়াক যোগ্যতা অযোগ্যতাৰ বিচাৰ-কাঠি কৰাটো অনুচিত । এই দিশত আৰু অনুৰূপ কিছু কথাৰ বহল আলোচনা কৰিব পাৰি । সকলো শ্ৰেণীৰ মানুহৰ মন মানসিকতাৰ প্ৰসংগ এটা আছে । অনেক কথা ভাবিব পাৰি ।

আৰম্ভতে মই ৰাধাকৃষ্ণণৰ উক্তি এটাৰ কথা কৈছিলো । এই সন্দৰ্ভত তেওঁৰ চিন্তাৰ আঁত ধৰি দুটামান কথা ক’বলৈ যত্ন কৰিম । আমাৰ নিচিনা নানা জাতি-উপজাতিৰ দেশত এটা বৰ প্ৰয়োজনীয় কাম হ’ল জাতি হিচাপে কিছু গণতান্ত্ৰিক অভ্যাসৰ বিকাশ ঘটোৱা । ইয়াৰ বাবে প্ৰয়োজন আমাৰ সহিষ্ণুতাৰ । সহিষ্ণুতাক মানুহৰ সকলো গুণৰ শিৰোমণি বুলি কোৱা হয় । মানুহৰ প্ৰভূত জ্ঞান, আত্মসংযম আৰু প্ৰচুৰ শক্তি নাথাকিলে সহিষ্ণু হ’ব নোৱাৰে । ইয়াৰ অভাৱত মানুহ নীচমনা আৰু সংকীৰ্ণ হৈ পৰে । এজন মানুহে আন এজন মানুহ তেওঁৰ ৰুচি আৰু মত অনুসাৰে চলাটো তেতিয়াই বিচাৰে যেতিয়া তেওঁ নিজে ভয়, ঈৰ্ষা আৰু মূৰ্খতাৰ চিকাৰ হয় । যুক্তিৰে আনৰ মন জয় কৰিব পৰাটো নিশ্চয় ভাল কথা । কিন্তু কোনো কথাই জাপি দিয়াটো সমৰ্থনযোগ্য নহয় । সকলোৰে সভ্যতা সংস্কৃতিৰ প্ৰতি উদাৰ হোৱাটো অসমীয়া মানুহৰ ঐতিহ্য । এই উদাৰতাক উত্সাহিত কৰাটো প্ৰয়োজনীয় কাম । এই ক্ষেত্রত শিক্ষা বিভাগৰো দায়িত্ব আছে । যুগৰ লগত খাপ খাবৰ হ’লেও আমি সমন্বয়ৰ কথা ভাবিবই লাগিব ।

পৃথিৱীলৈ পৰিবৰ্তন আহিছে । আমাৰ দেশলৈয়ো আহিছে । আমি আমাৰ সিদ্ধান্ত, পথ নিৰ্বাচন সাৱধানতাৰে কৰিব লাগিব । ৰাজনৈতিক আৰু আৰ্থিক স্বাৰ্থই আমাক বিভ্ৰান্ত কৰিব নালাগে । ঘাইকৈ যুৱচাম অতি সাৱধান হ’ব লাগে । তেওঁলোকৰ মনত দৃঢ়তা থাকে । আত্মবিশ্বাস থাকে । ক’লাক ক’লা বগাক বগা বুলি ধৰি লয় । তৰ্ক-বিতৰ্ক বিচাৰ-বিবেচনালৈ নাযায় । সেইকেইটা লাগে । পুৰাণে ৰত্নাকৰকহে কিয় বাল্মীকি সজালে ভাবিব লাগে । তেওঁলোকে উদাৰতাৰে সত্যৰ সন্ধান কৰিবলৈ শিকিব লাগে । যুগৰ লগত খাপ খোৱা আদৰ্শত্মাক কৰ্মসূচীৰে জীৱন পৰিচালিত কৰিব লাগে । আমি কামহে কৰিব পাৰো । ফলাফল আমাৰ হাতৰ বাহিৰৰ বস্তু । আৰু আমাৰ কাম চাই থকা হেজাৰ হেজাৰ চকু আমাৰ চাৰিওফালে আছে । কেতিয়াবা গোটেই বিশ্বয়ো চায় ।

সৰু সৰু কথা

ইমৰান শ্বাহ, শিৱসাগৰ ।

শিশুৰ হাতত কটাৰী দিব নালাগে । জুইশলা দিব নালাগে । পানীৰ ওচৰলৈ অকলে যাবলৈ দিব নালাগে । ঔষধৰ বটল দিব নালাগে । আৰু বহুত কথা । কত কি ? নিজকো কাটে । কাটিব নলগাকো কাটে । নিজকো পোৰে । পুৰিব নলগাকো পোৰে । পানী ভৰ্তি বাল্টিত মূৰ সুমুৱাই মৃত্যুবৰণ কৰা শিশুৰ কথা শুনিছো । বগুৱা বাই গৈ পুখুৰীত পৰি মৰা দেখিছো । তিনি বছৰীয়া এটাৰ চখেই থাকে ফিল্টাৰৰ টেপ খুলি পানী পৰা চোৱা । তাত এটা ফ্ৰয়েডীয় মনস্তত্ত্বও আছে । জনাই জানিব । সাধাৰণ কাহৰ ঔষধ এটাই ড্ৰাগছ হৈ যায়, টকা যেনেকৈ সহজে পালে নিচা হৈ যায়, তেনেকৈ ।
Continue reading