সম্পাদকীয়

কুলিৰ সুকোমল মাতত হেনো ব’হাগ আহে । বসন্তৰ বাতৰি কঢ়িয়াই অনাই যেন তাইৰ একমাত্ৰ কাম । প্ৰতি বছৰৰ দৰেই অসমলৈ এইবাৰো বসন্ত আহিল, অলপ আগতীয়াকৈয়ে । বসন্তৰ আগমনৰ লগে লগেই প্ৰকৃতিয়ে নতুন সাজ পিন্ধি হৈ পৰিল চঞ্চলা গাভৰু । ক’ৰবাৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি অহা ঢোলৰ চেৱত যেন আমাৰ মনবোৰো নাচি উঠিল । এই যে ঢোলৰ চেৱত আমাৰ মনবোৰ নাচি উঠিল, ইয়েই প্ৰমাণ কৰে আমি এতিয়াও হাড়ে হিমজুৱে অসমীয়া । বসন্তৰ আগমনৰ লগে লগেই প্ৰতিজন অসমীয়াৰ প্ৰাণত আলোড়নেৰে সৃষ্টি হয় ব’হাগ বিহু । ঘৰৰ পৰা আঁতৰত থকা সকলৰ প্ৰায় সকলোৱে সকলো কাম একাষৰীয়া কৰি কেইদিনমানৰ চুটিত হ’লেও নিজৰ ঘৰখন, আপোন গাঁওখনলৈ এপাক মৰাটো যেন প্ৰতিজন অসমীয়াৰ জন্মগত বৈশিষ্ট্য ।

বসন্তৰ আগমনে ডেকা-গাভৰুৰ মনবোৰ বেছিকৈ জীপাল কৰি তোলে । কোনোবা ডেকাই প্ৰিয় নাচনী জনীৰ খোপা শুৱনি কৰিবলৈ কপৌফুল চিঙি অনা দৃশ্য সুলভ । কোনোবা ডেকাৰ ঢোলৰ চেৱে চেৱে তেওঁৰ প্ৰিয় নাচনীজনীয়ে ককাল ভাঙি নচা দৃশ্য সঁচাই মনোৰম । প্ৰকৃতিয়ে যেনেকৈ ফলে-ফুলে কুঁহিপাত সলাই নতুন ৰূপ লয় ঠিক তেনেদৰেই ডেকা-গাভৰুৰ মনত প্ৰেম-প্ৰীতিৰ কুঁহিপাত মেলে ।

তাহানিতে ককা-আইতাই ব’হাগ বিহু নুবুলি, চ’তৰ বিহু বুলি কৈহে ভাল পাইছিল । গাঁৱৰ অঞ্চলত এই বিহুৰ কেইটামান অপূৰ্ব দৃশ্য দেখিবলৈ পোৱা যায় । গৰুবিহুৰ দিনা ৰাতিপুৱাই গোহালিৰ পৰা গৰুবোৰ দীঘলতি, মাখিয়তী পাতেৰে কোবাই কোবাই পথাৰলৈ নিয়া হয় । গাই যোৱা হয় –

“দীঘলতি দীঘল পাত
মাখিয়তী মাখি পাত
মাখি মাৰো জাক জাক
মাৰে সৰু, বাপেৰে সৰু,
তই হবি বৰ বৰ গৰু ॥”

চাটৰপৰা কেৰেলা, বেঙেনা, থেকেৰা আদি টুকুৰাবোৰ গালৈ মাৰি গোৱা হয় –

“লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা
মাৰে সৰু, বাপেৰে সৰু, তই হবি বৰ বৰ গৰু ॥”

তাৰ পাছত কণী যুঁজ, এশ এবিধ শাক বিচৰা আৰু আমৰলি টোপ বিচাৰি ঘূৰি ফুৰা আদি দৃশ্যবোৰ বৰ্তমান দুৰ্লভ হৈ আহিছে । অৱশ্যে মানুহ বিহুৰ দিনা কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা-সত্কাৰ কৰি আশীৰ্বাদ লোৱা দৃশ্য ঠায়ে ঠায়ে দেখিবলৈ পোৱা যায় ।

সময়ৰ লগে লগে বিহুৰো পৰিবৰ্তন হৈছে যদিও, আহক আমি সকলোৱে আমাৰ এই বাপতি সাহোন ৰঙালী বিহুৰ ঐতিহ্যত আঘাত নসনাকৈ, পুৰণি এই আকৰ্ষণ প্ৰতিজন অসমীয়াৰ হৃদয়ত ঠাই দি, বিহুটিক চিৰস্থায়ী কৰি ৰখাৰ সংকল্প লওঁ………………॥

সম্পাদকীয়

ৰাজনীতি । এটা মাথোন শব্দই নহয়, ই এটা নীতিও । সহজ ভাষাত কবলৈ গলে, যি নীতিৰ দ্বাৰা পূৰ্বতে ৰজাসকলে ৰাজ্য শাসন কৰিছিল । আগৰ দিনৰ এই ৰাজনীতি প্ৰায় নিভাজ আছিল । সেই ৰাজনীতি আছিল প্ৰজাৰ মঙ্গলৰ অৰ্থে । সময় বাগৰাৰ লগে লগে ৰাজনীতিৰো পৰিবৰ্তন হয় । বৰ্তমানৰ ৰাজনীতি দেখিলে সাধাৰণ জনতাৰো নাক কোঁচ খায় । নাখাবই বা কিয় । বৰ্তমানৰ ৰাজনীতিবিদৰ মাজত নিকা, নিঃস্বাৰ্থ ভাৱে ৰাইজৰ কাম কৰিবলৈ ওলাই অহা সকলৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা অৱস্থা । “চলে বলে কিম্বা কৌশলেৰে” প্ৰৱচন ফাকিৰ যেন উপযুক্ত ব্যৱহাৰ তেওঁলোকৰ অভিধানত । ৰাইজৰ মূৰত মাৰি ৰাইজৰ টকাৰেই বৰভোজ খোৱাতো তেওঁলোকৰ যেন জন্মগত স্বভাৱ । সৰ্বসাধাৰণ ৰাইজৰ চকুত পৰা মতে কবলৈ গলে বোকা চতিওৱা ৰাজনীতি আৰু সূতা কম্বলৰ ৰাজনীতিয়েই প্ৰধান ।

অসমত এতিয়া সূতা কম্বলৰ ৰাজনীতি ৷ সৰ্ব্বতে সূতা কম্বলৰ চৰ্চা ৷ বাতৰিকাকত টি ভি চেনেল সূতা কম্বলৰ সৈতে ব্যস্ত ৷ কোনোবাই বিলাইছে কোনোবাই আঁজোৰিছে ৷ ক’ৰবাত জব্দ হৈছে, ক’ৰবাত জ্বলাই দিয়া হৈছে ৷ এখন কম্বল, বা এমুঠি সূতাৰ বিনিময়ত প্ৰজাই ৰজা নিৰ্ব্বাচন কৰিব ৫ বছৰৰ বাবে ৷ হায় দেশ, হায় হায় জনগণ ৷

টিভিৰ পৰ্দাত সূতা কম্বল বিলোৱাৰ ঘটনা সমূহ প্ৰত্যক্ষ কৰিলে এনে অনুভৱ হয় যেন চৰকাৰে দলিয়াই দিয়া সূতা কম্বল খনেই আমাৰ বাবে সৰ্বস্ব । টানি আঁজুৰি হলেও এখন বা এমুঠি হলেও হস্তগত কৰিব লাগিব এনে মনোভাৱ ৷ নোপোৱা সকলে পাৰে মানে গালি পাৰিছে কেমেৰাৰ সম্মুখত ৷ যেন কম্বল এখন বা এমুঠি সূতা দিয়াটোৱেই চৰকাৰৰ শেষ কাম ৷ ঘটনাবোৰ যথেষ্ট উদ্বেগজনক আমাৰ গণতন্ত্ৰৰ বাবে বা আমাৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ বাবে ৷ অলপ ভূ ৰখা সকলে গম পায় যে এই কম্বলবোৰ বিলোৱাৰ উদেশ্য সাধাৰণ মানুহ যিসকল বিশেষকৈ ৰাজনৈতিক ভাৱে অসচেতন বা অজ্ঞ, তেওঁলোকৰ পৰা ভোটবোৰ আদায় কৰা ৷ ই এক অগণতান্ত্ৰিক প্ৰক্ৰিয়া । স্বাধীনতাৰ ৭০ বছৰৰ পাছতো কম্বল বিলাই ভোট সংগ্ৰহ কৰিব পৰাতো যথেষ্ট চিন্তনীয় বিষয় ৷ পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ বুলি আমি গৌৰৱ কৰি থকাৰ সময়ত আমি যে এক শুদ্ধ গণতন্ত্ৰৰ মাজত নাই সেই কথা প্ৰমাণ কৰিবলৈ এইটো ঘটনাই যথেষ্ট ।

ৰাজনীতিবিদ সকলক ভিন্ন সময়ত ভিন্ন ৰূপত দেখা পোৱা যায় । নিৰ্বাচনৰ পাছৰ প্ৰায় ৪ বছৰ কুম্ভকৰ্ণ নিদ্ৰাত নিমগ্ন । বিভিন্ন ঠাইত ৰাস্তা-ঘাট, দলং আদিৰ আধাৰশিলা স্থাপন কৰা দেখা পোৱা যায়, যেন সকলো কাম একেদিনাই কৰি শেষ কৰি দিব । তেওঁলোকে শুভাৰম্ভ কৰা এই আধাৰশিলা সমূহৰ কাম কেতিয়া সম্পূৰ্ণ হ’ব, সেয়া সৰ্বসাধাৰণৰ ৰাইজটো বাদেই তেওঁলোকেও নাজানে, একমাত্ৰ নেদেখাজনৰ বাহিৰে ।

কোনো ৰাজনৈতিক দল অথবা ৰাজনীতিবিদৰ সৈতে আমাৰ কোনো শত্ৰুতা ভাব নাই । কিন্তু বৰ্তমান কৰি থকা তেওঁলোকৰ কাম কাজ দেখি শুনি ভাব হয় তেওঁলোকে যেন নিজৰ পকেট গৰম কৰিবলৈহে ৰাজনীতি কৰে । সংসদৰ অধিবেশনৰ সৰহ সংখ্যক সময় অপচয় কৰি ৰাজকোষৰ ধন অপচয় কৰাত ব্যস্ত সাংসদসকল । বিৰোধী সাংসদসকলেও প্ৰতিটো কথাতেই, প্ৰতিটো কায্যতেই হস্তক্ষেপ কৰি উন্নয়নৰ কায্য পিছুৱাই নিয়াত মগ্ন । এনেদৰে হ’লে দেশৰ উন্নয়ন জানো সম্ভৱ !! এয়া আমাৰ দেশৰ এক ভয়াবহ সমস্যা । দেশৰ জনগণ সজাগ হ’বৰ হ’ল, নহ’লে অসমত এনে সমস্যাই এদিন ভয়ঙ্কৰ ৰূপ ল’ব, সেয়া ধুৰূপ ।

এনে ৰাজনৈতিক ব্যৱস্থাত চোৰ প্ৰবঞ্চকৰ উপস্থিতি একেবাৰে সুচল ৷ নেতাৰ হাতত বাৰে বাৰে ভূলুণ্ঠিত হয় আমাৰ গণতন্ত্ৰ । যেতিয়ালৈকে আমাৰ জনগণ ৰাজনৈতিকভাৱে শিক্ষিত আৰু সচেতন নহয় তেতিয়ালৈকে আমি এক সুস্থ ৰাজনৈতিক অথবা ৰাষ্ট্ৰ ব্যৱস্থা আশা কৰিব নোৱাৰো ৷ মুক্তও হ’ব নোৱাৰো শোষণ নিষ্পেষণ বা প্ৰৱঞ্চণাৰ পৰা ৷ কিন্তু এই অপেক্ষা কিমান দিনলৈ…..?

সম্পাদকীয়

২৬ জানুৱাৰী । গনতন্ত্ৰ দিৱস । এই দিৱস কিয় উদযাপন কৰা হয় সেয়া আমি সকলোৱে জানো । তথাপিও এবাৰ কওঁ ১৯৪৭ চনত ভাৰতবৰ্ষই প্ৰকৃত স্বাধীনতা প্ৰাপ্তিৰ পিছত সংবিধান খন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ হৈছিল আৰু তেতিয়াৰে পৰাই ২৬ জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে উদযাপিত হৈ আহিছে । ইয়াৰ পূৰ্বে ১৯২০ চনৰ পৰা ১৯৪৭ চনলৈকে কংগ্ৰেছে ২৬ জানুৱাৰী দিনটো স্বাধীনতা দিৱস হিচাপেহে উদযাপন কৰিছিল । এই পবিত্ৰ দিনটোত প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতৰ ৰাষ্ট্ৰীয় সঙ্গীত ‘জন গণ মন’ গোৱা হয় । প্ৰধানমন্ত্ৰীৰ ভাষণৰ পিছত ভাৰতীয় সামৰিক আৰু অসামৰিক বাহিনীৰ ডিভিজনসমূহে মাৰ্চ পাষ্ট কৰে । লগতে পেৰেড আৰু ভাৰতৰ স্বাধীনতা আন্দোলন আৰু বৈচিত্ৰময় সাংস্কৃতিক পৰম্পৰাৰ প্ৰদৰ্শন কৰা হয় । ৰাজ্যৰ ৰাজধানীবোৰতো একেধৰণৰ কাৰ্যসূচী পালন কৰা হয়, য’ত নিজ-নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে পতাকা উত্তোলন কৰে । ইয়াৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবোৰত পতাকা উত্তোলন আৰু সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয় ।

স্বাধীনতা দিৱসৰ দিনা দূৰদৰ্শন তথা ৰেডিঅ’ চেনেল সমূহত সমগ্ৰ দেশতে হিন্দী তথা অন্যান্য ৰাজ্যিক ভাষাসমূহত দেশ-প্ৰেমমূলক চলচ্চিত্রও প্ৰচাৰ কৰা হয় ৷ পতাকা উত্তোলনৰ অনুষ্ঠান সমূহতো এনে সংগীত পৰিবেশন কৰা হয় ৷

এই পবিত্ৰ দিনটোত দেখা যায় যে বহু অনুষ্ঠান প্ৰতিষ্ঠানে উদযাপনৰ পৰা বিৰত থকা দেখা যায় । ইয়াতকৈ পৰিতাপৰ কথা যে বহু অনুষ্ঠান-প্ৰতিষ্ঠানত জাতীয় পতাকা ওলোটাকৈ (ওপৰে শ্যামল মাজত শুকুলা তলত গেৰুৱা) উত্তোলন কৰা, ডিউটিত থকা বাহন কিছুমানত পতাকা খনৰ পৰিবৰ্তে অকল মাৰিডালহে থকা, আৰু কিছু বাহনত ওলোটাকৈ থকা আমাৰ দৃষ্টি গোচৰ হয় । তেওঁলোকক সোধাত ঠিকেই থকা বুলিহে কয় । স্বাধীন ভাৰতৰ নাগৰিক হিচাপে ইয়াতকৈ দুখৰ কথা আৰু কি হ’ব পাৰে ।

এইবাৰ বিভিন্ন ঠাইৰ লগতে খানাপাৰা খেলপথাৰতো গনতন্ত্ৰ দিৱস ধুমধামেৰে পালন কৰা হ’ল আৰু দেখা গ’ল যে স্বয়ং বৰমূৰীয়া সকলেই স্বচ্চ ভাৰত অভিযানক বুঢ়া আঙুলি দেখুৱাই খেলপথাৰ সমূহ অপৰিস্কাৰ কৰি থৈ অহা । ইয়াৰ দ্বাৰা বাৰু আমি নিজৰ ফোপোলা স্বৰূপটো বেলেগৰ আগত উদঙাই দিয়া নাইনে । এই পবিত্ৰ দিনটোৰ সন্মান জনাই, স্বৰ্গীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আহক সকলোৱে সকলোৱে সংকল্প লওঁ গনতন্ত্ৰ আৰু স্বাধীনতা দিৱস সঠিক ভাৱে পালন কৰিম আৰু উদযাপনৰ পাছত খেলপথাৰ সমূহ পৰিস্কাৰ পৰিচন্ন কৰি সুস্থ পৰিবেশ অক্ষুন্ন ৰাখিম ।

সম্পাদকীয়

নৱবৰ্ষ । অসমীয়াই ইংৰাজী নৱবৰ্ষ এইবাৰো আদৰিলে ধুমধামেৰে ৷ নদীৰ পাৰত বনভোজ ৷ বন্ধুবৰ্গৰ মাজত মদে মাংসই এসাজ । সাধাৰণ ভাষাত খানা ৷ ইলেক্ট্ৰনিক মাধ্যমত মাজনিশালৈকে নৃত্য গীতৰ সমাহাৰ ৷ বিলাসী হোটেলত সুৰা আৰু সুন্দৰীৰ ৰমণ ৷ ৰাজপথত চেঙেলীয়াহঁতৰ মটৰচাইকেলৰ দপদপনি ৷ আৰু যে কত কি ? যেন অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুটিৰ হে আয়োজন ৷

অসমীয়াৰ পৰম্পৰাত নাম গোন্ধ নথকা এই উৎসৱটিৰ অসমীয়াৰ বাবে কোনো ধৰণৰ সাংস্কৃতিক গুৰুত্ব নাই ৷ কাৰণ অসমৰ মাটি অসমীয়াৰ শিপাৰ সৈতে ইয়াৰ কোনো সংযোগ নাই ৷ কিন্তু অসমীয়াৰ সস্তীয়া আবেগৰ সুযোগত ই অসমীয়াৰ চোঘৰত এদিন প্ৰবেশ কৰিব ৷ ই এক আমাৰ বাবে দুৰ্ভাগ্য হব ৷

নৱবৰ্ষ মানেই বনভোজৰ প্ৰয়োভৰ ৷ পৰ্যটন উদ্যোগত বনভোজৰ কিছু গুৰুত্ব আছে ই অনস্বীকাৰ্য ৷ কিন্তু বনভোজৰ নামত অসমৰ বনভোজস্থলীত যি উদ্ভন্দালী হয় সেয়া সাত শতৰুৰো কাম্য নহয় ৷ এই উদ্ভন্দালী বহু সময়ত এনে এক পৰ্যায় পায়গৈ য’ত হত্যা আৰু ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হয় ৷  বনভোজৰ আনন্দই ভয়ানক ৰূপ লয় ৷

আনহাতে বনভোজ স্থলীত আমি পাহৰি যাওঁ অন্য কাৰোবাৰ উপস্থিতি । আমি আনন্দ উপভোগ কৰোঁ নিজস্ব ধৰণেৰে । বিভিন্ন ধৰণৰ সংগীত উপভোগ কৰোঁ উচ্চ স্বৰত । আমি নাভাবো যে সেই সংগীতে কাৰোবাৰ ভয়ানক ক্ষতি সাধন কৰিব পাৰে । মানুহে নিজৰ মনৰ ভাব ব্যক্ত কৰিব পাৰে, কিন্তু অন্য প্ৰাণীবোৰে ??  সেই উচ্চ স্বৰৰ সংগীত চৰাইবোৰৰ বাবে ক্ষতিকাৰক । চৰাইবোৰে অশান্তি অনুভৱ কৰাৰ উপৰিও বংশ বিস্তাৰৰ মাধ্যম স্বৰূপ সিহঁতৰ কণীবোৰৰো ঘোলা হোৱাৰ সম্ভাৱনা অধিক । ভাবি চাওকচোন আমাৰ অকণমান অতিৰিক্ত আনন্দই কাৰোবাৰ কিমান ক্ষতি কৰিব পাৰে ।

আনহাতে আমি পাহৰি যাওঁ যে সেই বনভোজ স্থলীত আৰু অন্য কোনোবাও বনভোজৰ আনন্দ লবলৈ আহে । অহাৰ সময়ত বনভোজৰ সেই নিৰ্দিষ্ট স্থলীখন ইমানেই অপৰিস্কাৰ কৰি থৈ যায় যে উক্ত ঠাইত অন্য কোনোবাই উপভোগ কৰাটো দূৰৰে কথা, খোজ দিবলৈও সংকোচ কৰা দেখা যায় । এইবোৰ এটা এটা সৰু উদাহৰণ মাত্ৰ । তেন্তে ভাবকচোন জীৱ শ্ৰেষ্ঠ মানুহ বুলি আমি গৌৰৱ কৰোঁ সঁচা, কিন্তু আমি বাৰু জীৱ শ্ৰেষ্ঠৰ কাম কৰিছোনে ?

আহক, আজি আমি সকলোৱে সংকল্প লওঁ, আমি জীৱ শ্ৰেষ্ঠ মানুহ, জীৱ শ্ৰেষ্ঠ হিচাপে পৰিচয় দিব পৰাকৈ আজিৰ পৰা কাম কৰি যাম । নৱবৰ্ষ বুলি কাৰোবাৰ স্বাধীনতাত হস্তক্ষেপ নকৰোঁ । নৱবৰ্ষ গইনা লৈ বিলাতী সুৰাৰ দোকানখনলৈ গৈ মালিক পক্ষক ধনী তথা আমাৰ সমাজখনক কলুষিত নকৰোঁ । সকলোৱে আজিৰ পৰা সুৰা বিহীন নৱবৰ্ষ পালন কৰিম, বনভোজৰ স্থলীখন পৰিস্কাৰ কৰি ৰাখিম আজিৰ পৰা ।

সম্পাদকীয়

ৰাস উৎসৱ অসমীয়া সংস্কৃতিৰ এক বিশেষ অংগ । ৰাসে অসমীয়া জন জীৱনত আধ্যাত্মিক দিশটো শক্তিশালী কৰি তুলিছে । ৰাসৰ মাজেৰে অসমীয়াই আত্মাৰ লগত পৰমআত্মাৰ মিলনৰ আখৰা কৰে । অসমত ৰাস শ্ৰীমন্ত শংকৰৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম উপাদান । ই আজি শ শ বছৰে মানুহক আধ্যাত্মিক ভাবে শিক্ষিত কৰি তুলিছে । ৰাসৰ মূল উদ্দেশ্য হ’ল এইটোৱেই । ৰাস বুলিলে অসমীয়াৰ প্ৰাণ উঠলি উঠে পৰম আত্মাৰ লগত মিলনৰ হেঁপাহত । এই উৎসৱ পালন কৰি অহা হৈছে হাজাৰ বছৰীয়া পৰম্পৰাৰে । শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰসুৰি সকলে ৰাসক বৈষ্ণৱ আন্দোলনত এক উচ্চ স্থান প্ৰদান কৰিলে । উজনি অসমত নাট্য চৰ্চা মাধ্যমেৰে ভগৱান শ্ৰী কৃষ্ণৰ চৰিত্ৰটো জনমানসত প্ৰতিষ্ঠাৰ চেষ্টা কৰা হয় । আত্মা আৰু পৰম আত্মাৰ প্ৰতীক স্বৰূপে গোপী কৃষ্ণৰ মিলন প্ৰদৰ্শন কৰি জন জীৱনক আধ্যাত্মিক জ্ঞান প্ৰদান কৰে । কিন্তু এই হাজাৰ বছৰীয়া  পৰম্পৰা যিটো শংকৰদেৱে উচ্চ ভাৱে প্ৰতিষ্ঠা কৰিছিল । সেই পৰম্পৰাত কিন্তু বৰ্তমান ঘূণে ধৰিছে । যোৱা কেইটামান বছৰত আমি দেখিছো ৰাসৰ নাট্য প্ৰদৰ্শনকে আদি কৰি উৎসৱটিত ব্যৱসায়িক চিন্তাই ক্ষতিকাৰক ভাবে প্ৰৱেশ কৰিছে । স্থানীয় শিল্পীৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰে মহীয়ান হৈ থকা ৰাসৰ নাট্য প্ৰদৰ্শনত এতিয়া ব্যৱসায়িক চিন্তাৰে গ্লেমাৰ যুক্ত শিল্পীৰ প্ৰৱেশ ঘটিছে । তেওঁলোকৰ গ্লেমাৰটোৱেই ইয়াৰ মূল আকৰ্ষণ । প্ৰয়োজনীয় অখৰাখিনি নকৰাকৈ এই সকল শিল্পী মঞ্চত প্ৰৱেশ কৰে বাবে তেওঁলোকৰ অভিনয় সচেতন দৰ্শকৰ বাবে দৃষ্টিকটু হৈ পৰে ।

বিহু মঞ্চৰ দৰে লাখটকীয়া শিল্পীৰ সস্তীয়া  মনোৰঞ্জনৰ দৰে হবগৈ ছাগে ৰাসৰ মঞ্চও ৷ ই নিশ্চয় চিন্তনীয় বিষয় ৷ ইয়াৰ উপৰিও কিছুসংখ্যক অপৈণত শিল্পীয়ে ৰাসৰ নাট্যধাৰাত আধুনিক প্ৰযুক্তিৰ অপ্ৰয়োগৰ চেষ্টা চলাইছে ৷ সস্তীয়া জনপ্ৰিয়তা বিচাৰি দৰ্শকৰ মন আকৰ্ষণৰ বাবে কিছু ঠাইত নাটৰ মাজত প্ৰজেক্টৰ ব্যৱহাৰ কৰিছে যিটোৱে অসমীয়া সত্ৰীয়া নাট্য ধাৰাটোকে বিকৃত কৰিছে ৷ এনেবোৰ কাৰ্যই আমাৰ পৰম্পৰাৰ সক্ৰিয়তা ৰাখিবনে ?
এইবাৰ আন এটি দুখবৰ পালো, সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ এখন বিশেষ ৰাসমণ্ডপৰ লগত মদ আৰু জুৱাৰ মুকলি বেহা বহিছে ৷ এক আধ্যাত্মিক অনুষ্ঠানত মদ আৰু জুৱাৰ প্ৰচলনে কি সুচাই ! ই জাতি টোকে ধ্বংস নকৰিবনে ?