বুদ্ধিজীৱী বিষয়ে এখন ৰচনা

ৰণজিৎ ফুকন,
শিৱসাগৰ ৷

হোজা, হেবাং, নিমাষিত মুঠ কথাত মূৰ্খ মানুহৰ মাজত বুদ্ধি বিক্ৰী কৰি যি সকলে জীৱন নিৰ্বাহ কৰে তেওঁলোকক বুদ্ধিজীৱী বুলি কোৱা হয় ৷ তেওঁলোকে নিজা নিজা কাৰখানাত বুদ্ধি বোৰ উৎপাদন কৰে আৰু পাচিয়ে পাচিয়ে বজাৰত বিক্ৰী কৰে ৷ এইবোৰ কিনি আমি বাৰে বাৰে ঠগ খাওঁ, হ’লেও বজাৰত বুদ্ধি বিক্ৰীৰ হাৰ নকমে ৷ টেঙা আম এবাৰহে বেছিব পাৰি বুলি কোৱা ইকনমিক থিয়ৰীটো এইখন বজাৰত ভুল বুলি প্ৰমাণিত হয় ৷ বাৰে বাৰে ঠগ খোৱাৰ পাছতো আমি তেওঁলোকৰ পৰা বুদ্ধি কিনিয়ে থাকোঁ ৷ আমাক টুপি পিন্ধোৱাত তেওঁলোক পাকৈত ৷ কাৰণ তেওঁলোক বুদ্ধিজীৱীয়ে নহয়, বুদ্ধিয়কো ৷

বুদ্ধিজীৱী দুই প্ৰকাৰৰ ৷ বাওঁপন্থী আৰু সোঁপন্থী ৷ যিসকল বুদ্ধিজীৱীয়ে সাধাৰণতে বাওঁ হাত জোকাৰি জোকাৰি, তৰ্জনি আঙুলি দেখুৱাই কথা কয় তেওঁলোক বাওঁপন্থী ৷ এওঁলোকে আনক সদায় গালিকে পাৰি থাকে ৷ আনৰ উন্নতি সহ্য নকৰে ৷ ব্যক্তিগতকৰণ, উদাৰিকৰণ, কোম্পানী আদি শব্দবোৰ শুনিলে এওঁলোক জাঙুৰ খাই উঠে ৷ গাড়ী ঘোৰাত বৰকৈ নুঠে ৷ চেতেপ চেতেপ হাৱাই ছেণ্ডেল পিন্ধি ঘুৰি ফুৰে ৷ সৰ্ব্বসাৰাৰ কথা কওঁতে কওঁতে এদিন নিজৰে লাওলোৱা অৱস্থা হয় ৷ মাৰ্কেটিঙৰ জ্ঞান নথকা আৰু একেটা কথাতে লাগি থকাৰ বাবে বাওঁপন্থীৰ বজাৰ ভাল নহয় ৷

সোঁহাতেৰে নাকটো মোহাৰি যি বুদ্ধিটো ওলিয়াব পাৰে তেওঁলোকেই সোঁপন্থী বুদ্ধিজীৱী ৷ তুলনামূলক ভাৱে এওঁলোকৰ বজাৰ ভাল ৷ কোনসময়ত কোনটো বুদ্ধি ক’ত বেছিব লাগে এওঁলোকে ভলদৰে জানে ৷ এওঁলোকে সাধাৰণতে বজাৰ ওচৰত থাকি ভাল পায় ৷ কথাৰ লুটি বাগৰ মৰাত এওঁলোক পাকৈত ৷

ৰাজনীতিবিদৰ লগত বুদ্ধিজীৱী একেটা নলিৰে পানী যোৱা ৷ একেবাৰে ফেছবুকিয়ান ফ্ৰেণ্ডৰ দৰে ৷ অৱশ্যে সম্পৰ্কটো বাহিৰৰ পৰা দেখা নাযায় ৷ আমাৰ যে বিহু গীতত গাই-

“লোককে দেখোৱাই কোটেৰাই মাতিবা ভিতৰি নেৰিবা বেথা ” ,
ঠিক তেনেকুৱা ৷ যিসকলে এই ভিতৰৰ বেথাটো ভলদৰে দেখাব পাৰে ৷ তেওঁলোক মালামাল হৈ যায় ৷ ৰাজনীতিজীৱী সকলে বুদ্ধিজীৱী সকলক সদায় সমিহ কৰি চলে ৷ কাৰণ বুদ্ধিজীৱীয়ে পদপথৰ মানুহক ৰজা বনাব পাৰে আৰু ৰজাক গতিয়াই পদপথৰ ভিক্ষাৰী কৰি দিব পাৰে ৷ কোনো ৰজাই বুদ্ধিজীৱীৰ আৰ্শীবাদ ন’হলে সিংহাসন উঠিবও নোৱাৰে বা বহি থাকিবও নোৱাৰে ৷ আনকি এজন ৰজাই আন এজনক লেং মাৰিবলৈও বুদ্ধিজীৱীৰ সহায় লাগে ৷

চকুচৰহাৰ মতে বুদ্ধিজীৱীৰ আয়ৰ উৎসও বোলে ৰাজনীতি ৷ মানে ৰজা, মন্ত্ৰী, পালিমন্ত্ৰী সকলে এওঁলোকক পোহ পাল দিয়ে ৷ অৱশ্যে জনা সকলে জানে বুদ্ধিজীৱী সকলক সন্তোষ কৰিবলৈকে ৰজাই নামৰ আগেপাছে লিখিব পৰাকৈ শ্ৰী, ভূষণ, বিভূষণ ৰত্ন আদি শই শই উপাধিৰ ব্যৱস্থা কৰিছে । ইবিলাক বুটলিবলৈ কিছু বুদ্ধিজীৱীৰ মাজত ৰজাক তেল সনাৰ এক প্ৰতিযোগিতা চলে ৷
হেৰিৰ নিচিনা এওঁলোক জ্ঞাতিশিংসুকীয়া ৷ সুবিধা পালেই এজনে আনজনৰ বদনাম ওকতি পৰ্দা ফাচ্ কৰি দিয়ে ৷ নিজৰ প্ৰতিপত্তি দেখাবলৈ মুখত গুৰু মনি থকা জনকো পাছফালৰ পৰা চুৰি মাৰি দিব পাৰে ৷ এজনে আনজনৰ উপস্থিতি সহ্য নকৰে ৷ টি ভিৰ পৰ্দাত টেটু ফালি যোৱাকৈ চিঞৰি নিজে যে শ্ৰেষ্ঠ প্ৰমাণ কৰে ৷

অসমত বুদ্ধিজীৱী কেৰিয়াৰটো বৰ বেচি জনপ্ৰিয় নাছিল ৷ সিদিনা অসমৰ কেইজনমান বুদ্ধিজীৱীয়ে হঠাৎ গোহাৰি এখন ছপা কৰি ব’ম ফুটাই দিয়াত অসমৰ আকাশে বতাহে বুদ্ধিজীৱী শব্দটো ৰজণজনাই গ’ল ৷ ঘটনাটো এনেধৰণৰ ৷
অসমত নিৰ্ব্বাচন ৷ পাৰ্টি দুটা ৷ এটা পেটুৱা পাৰ্টি ৷ যোৱা ১৫ বছৰ ৰাজ পাট খাই এই পাৰ্টিৰ সকলো মন্ত্ৰী পালিমন্ত্ৰী পেটুৱা হৈ গ’ল বাবে পেটুৱা পাৰ্টি ৷ আনটো ধৰ্মত মতি থকা গেৰুৱা কাপোৰ পিন্ধা সন্যাসীৰ পাৰ্টি ৷ আমাৰ বু্দ্ধিজীৱী সকলো নিজৰ সুবিধাৰ বাবে নিজ পক্ষৰ পাৰ্টিৰ সমৰ্থনত লাগি গ’ল ৷ ডাইৰেক্টলি কৈ দিলে গনতন্ত্ৰই ডিঙি চেপিব বুলি ইনডাইৰেক্টলি কেম্পেইন কৰিব ধৰিলে ৷ এই খনিলৈকে ঠিকে আছিল ৷ ৰাইজে ভোট টিপিবলে মেচিনটোৰ ফালে আগবাঢ়িছিলেই ৷ এনেতে এজন অভং বুদ্ধিজীৱীয়ে লগত কেইজনমান লৈ ভুতুংকৈ গোহাৰি এখন ছপা কৰি দিলে ৷ গোহাৰিত লিখিলে যে সন্যাসী পাৰ্টিক ভোট নিদিব ৷ সন্যাসী বোৰ ধৰ্ম কৰা মানুহ ৷ ইহঁত ৰজা হ’লে কৃষিকৰ্ম, শিল্পকৰ্ম আদিবোৰ পাছ পেলাই ধৰ্ম-কৰ্মতহে গুৰুত্ব দিব ৷ ডেকা ল’ৰাবোৰ দেশৰ কাম বাদদি হৰিনাম লোৱাত লাগিব ৷ ফলত গদাধৰ সিংহৰ দিনৰ ধোদৰ ৰাজ্য হ’ব ৷ আমাৰ ৰাইজৰ মাজতো সুদভগীয়া, কেৱলীয়া, বাতিভগীয়া আদি বিভিন্নতা আনি অশান্তিৰ সৃষ্টি কৰিব ৷ ইতিমধ্যে আধুনিক বিজ্ঞানৰ কথাবোৰ মিছা তাহানিৰ বেদবাক্যহে সঁচা বুলি প্ৰচাৰ কৰি বিজ্ঞানৰ কন কঠিয়া মাৰিব খুজিছেই ৷

লগে লগে হুলস্থুল হৈ গ’ল ৷ নিজ নিজ পাৰ্টিৰ সমৰ্থনত বুদ্ধিজীৱী সকলে বুদ্ধি বৰষিবলে ধৰিলে ৷ বাতৰি কাকত টিভিয়ে থাৱনী নোপোৱা হ’ল ৷ কাৰ সমৰ্থনত কোনে কি কথা ক’লে হিচাব নোহোৱা হ’ল ৷ আনকি পেটুৱা আৰু সন্যাসী পাৰ্টিৰ মানুহবোৰেও ভেলেঙা লাগি চাই থাকিল ৷ আনহাতে বুদ্ধিজীৱী সকলে সাংঘাটিক পাব্লিচিতি পায় গ’ল ৷

আমাৰ চেঙেলীয়া সকল বা ছাত্র-ছাত্ৰী সকল বুজি পালে যে বুদ্ধিজীৱী বুলি এটা তামাম কেৰিয়াৰ আছে ৷ এটিয়া সিহঁতক ভৱিষ্যতে কি হ’বা বুলি সুধিলে ধুনি অথবা জুবিন গাৰ্গ হ’ম বুলি নকয় ৷ টপককৈ কৈ দিব এজন বুদ্ধিজীৱী হ’ম বুলি ৷