বিহু আহিছিল এই পথে

নন্দ চুতীয়া,
ঢকুৱাখনা ।

অসমীয়া জাতিৰ হিয়াৰ আপোন সম্প্ৰতি অসমৰ জাতীয় উত্সৱ বুলি পৰিচিত বিহুটোক সৃষ্টি কৰিছিল তাহানি বুৰঞ্জীয়ে ঢুকি নোপোৱা কালতে অসমীয়া অনাখৰী কৃষিজীৱী মানুহখিনিয়ে বছটোৰ তিনিটা নিৰ্দিষ্ট ঋতুৰ তিনিটা নিৰ্দিষ্ট মাহৰ নিৰ্দিষ্ট দিনত এক বিশেষ অৰ্থত । শীতত শুকাই খৰখৰীয়া মৰা পৃথিৱীখন ঋতু বসন্তৰ পৰশ পাই প্ৰকৃতিয়ে ন সাজ পিন্ধি ন ৰূপ লৈ জীপাল হৈ পৰাত কৃষিজীৱী মানুহে ঋতু পৰিবৰ্তনৰ আনন্দত সৃষ্টি কৰিলে ব’হাগ বা ৰঙালী বিহু । হেমন্ত, শীতকালত চপাই অনা ন ধান, ন শাক-পাচলি, খালে-ডোঙে সহজে পোৱা মাছ-পুঠি এইবোৰ উপভোগ কৰিবলৈ পোৱাৰ আনন্দত মাঘত সৃষ্টি কৰিলে মাঘ বা ভোগালী বিহু । বাৰিষা কালত ৰ’দত শুকাই বৰষুণত তিতি ম’হ-ডাঁহৰ কামোৰ খাই, দেহা মাৰি লগোৱা শালিধানৰ শইচ শৰতকালত গেঁৰ মেলি ফুলৰিলৈ ৰূপান্তৰ হোৱা বিভিন্ন জাতৰ ধান আঘোণ-পুহ মাহত চপাবলৈ পোৱাৰ মনৰ আনন্দত সৃষ্টি কৰিলে কাতি বা কঙালী বিহু । এই তিনিওটা বিহুৰ ভিতৰত আটাইতকৈ আদৰৰ বিহুটোৱেই হ’ল ব’হাগ বা ৰঙালী বিহু । কাৰণ এইটো বিহুত মনৰ হেঁপাহেৰে নাচ-গানৰ পয়োভৰ হয় । তাহানিৰ এই ব’হাগ বিহু আহিছিল খাটিখোৱা কৃষিজীৱী মানুহমখাৰ ব্যস্ততা ভৰা জীৱনৰ বাটেৰে । কুলি কেতেকীৰ অমিয়া মাতৰ বতৰাৰ বাটেৰে । ন পল্লৱ পিন্ধি ৰমক-জমক হৈ বন-বিৰিখে দিয়া খবৰৰ পথেৰে । চ’ত মাহ সোমোৱাৰ লগে লগে ব’হাগ বিহুক আদৰিবলৈ গাওঁ-ভূঁই খদমদম লাগি যায় । বিহুলৈ বুলি মানুহৰ ব্যস্ততাৰ অন্ত নাইকিয়া হয় । বিহুৰ কেইদিন জিৰণি লৈ খাবলৈ সৰহকৈ চাউল উলিয়াই ল’বলৈ ৰাতি দুপৰতে উঠি প্ৰতিঘৰ মানুহৰ মহিলাসকলে ঢেংকোচ ঢেংকোচকৈ দিয়া ঢেঁকীশালৰ ঢেঁকীৰ চাবৰ শব্দে গাওঁ-ভূঁই ৰজনজনাই থাকি বিহু অহাৰ বাতৰিয়ে কাণত গুণগুণাই থাকেহি । জলপান খুন্দিবলৈ, পিঠা-পনা পুৰিৰলৈ আৰু বিহুৰ কেইদিন খৰি-খেৰৰ অভাৱ নুগুচিবলৈ চেঙেলীয়া ল’ৰাবোৰে চ’ত মাহ সোমোৱাৰ লগে লগে খৰি-খেৰ বিচাৰি গোটোৱা ব্যস্ততাই বিহু অহাৰ বাতৰি ঘনাই দি থাকেহি । বিহুলৈ বুলি যতনাই লোৱা গামোচা-চাদৰকেইখন বিহুৰ আগতে বৈ-কাটি উলিয়াই ল’বলৈ আবেলিৰ পৰাই তাঁতৰ পাটত ঘৰে ঘৰে ব্যস্ততাই, তাঁত বোৱা দোৰ্পতি খট্-খটাই থকা শব্দই বিহু অহাৰ বাতৰি দি থাকেহি । চ’ত সোমোৱাৰ লগে লগে গৰুক ন পঘা পিন্ধিবলৈ ঘৰে ঘৰে মতা মানুহ তৰাণিলৈ গৈ তৰা পিটিয়াই আনি গধূলি তৰাৰ পিটবোৰ হাতেৰে বহল বহলকৈ ফিট কৰি নগৰা সাজি পুৱাই ৰ’দত শুকাবলৈ মালা মালা কৰি ডাঙত বা জেওৰাত ওলোমাই দিয়া দৃশ্যই ব’হাগ বিহু অহাৰ বাতৰি দি দিয়েহি । তৰাৰ পিটবোৰ কিছুদিন ভালকৈ শুকুৱাৰ পিছত পুৰুষসকলে চোতালত বহি পঘা সাজিবলৈ গুণ লোৱা ব্যস্ততাই ব’হাগ বিহু অহাৰ বাতৰি জনাই থাকেহি । জা-জলপান উলিয়াবলৈ ধানমুঠি শুকুৱাই ল’বলৈ ঘৰে ঘৰে চোতালে চোতালে ব্যস্ততাৰে ধান মেলা দৃশ্যই বিহু অহাৰ বাতৰি দি দিয়েহি । ঢেঁকীশালত বিভিন্ন ধৰণৰ জা-জলপান তৈয়াৰ কৰা গোন্ধে গাওঁ-ভূঁই আমোলমোলাই থাকি বিহু অহাৰ বাতৰি দি দিয়েহি । ঘৰ দুৱাৰ চাফ চিকুণ কৰা, বিহুলৈ বুলি কাপোৰ কানি ধুই নিকা কৰি ল’বলৈ মাইকী মানুহে নৈঘাটত ভিৰ কৰা ব্যস্ততাই বিহু অহি পোৱাৰ বাতৰি দি দিয়েহি । মুঠৰ ওপৰত তাহানি হেঁপাহৰ বিহুটো আহিছিল খাটিখোৱা কৃষিজীৱী মানুহৰ ব্যস্ততাৰ পথেৰে । সেয়েহে বিহু বুলি খন্তেক আজিৰ লোৱা বিহুৰ কেইদিনৰ মানুহৰ মনৰ আনন্দবোৰো আছিল স্বতঃস্ফূৰ্ত । গৃহস্থৰ চোতালত মৰা হুঁচৰি বিহুখনো আছিল অকৃত্ৰিম । মহিলা নাচনী শূণ্য কেৱল পুৰুষে ভাগ লোৱা, হুঁচৰি বিহুৰ বিহুনাম আৰু নাচবোৰো আছিল স্বতঃস্ফূৰ্ত প্ৰকাশ । কিন্তু আজিকালি বিহুলৈ বুলি মানুহৰ পূৰ্ব প্ৰস্তুতিৰ খদমদম ব্যস্ততা নাইকিয়া হ’ল । তাতে বজাৰত পোৱা সহজলভ্য ৰেডিমেড জা-জলপান, পিঠা-পনাই সৰহসংখ্যক মানুহৰ ঘৰে ঘৰে ঠাই দখল কৰিবলৈ লোৱাত বিহুৰ সঁচা ৰং আনন্দৰ অনুভৱ ক্ষীণাই আহিল । তাহানি ৰাইজখনে দুখীয়া চহকী বাছ বিচাৰ নকৰি প্ৰতিঘৰ মানুহৰ ঘৰত হুঁচৰি গাই গৃহস্থক ঘৰ ঘৰুৱালে কুশলে থাকিবলৈ আশীৰ্বাদ দিছিলগৈ । কিন্তু আজিৰ যুগৰ হুঁচৰি দলে শকত ধনৰ আশাত ধনী মানুহৰ ঘৰতহে হুঁচৰি গায় আৰু দুখীয়া মানুহৰ ঘৰত হুঁচৰি দলে পদধূলা নিদিয়ে । এইবোৰ কথাই কিন্তু ব’হাগ বিহুৰ ঐতিহ্য আৰু পৰম্পৰাত কালিমা সানিছে । আৰু এটা কথা, তাহানি বিহু কৰিছিল খুব বেছি চাৰি পাঁচদিন । তাৰ পিছত বিহু উৰুৱাই পুনৰ মানুহ কৰ্মত ব্যস্ত হৈ পৰিছিল । কিন্তু আজিকালি গোটেই ব’হাগ মাহটোৱেই বিহু কৰি থাকিবলৈ নোজোৰা হোৱাত জেঠ আহাৰ মাহ পৰ্যন্ত পোৱাই দিছেগৈ । দেহি ঐ……….॥