বিষাদ

✍ অৰুন্ধতী কোঁৱৰ গোঁহাই

গোলাঘাট ।

 

বৃদ্ধাশ্ৰমৰ সন্মুখত থকা বিভিন্ন ৰঙৰ সমাহাৰ ফুলনি খন একান্তমনে চাই আছে বংশীধৰ বৰুৱাই। তেওঁৰ কাষত যে আৰু কোনোবা আছে সেয়া তেওঁ লক্ষ্যই কৰা নাই। একান্তমনে দুটা বছৰৰ আগতে পৃথিৱীৰ পৰা বিদায় লোৱা পত্নী সৰলাৰ কথা ভাবি আছিল। যোৱাকালি আহি ভৰ্তি হোৱা বৃদ্ধাশ্ৰমৰ নতুন আবাসী মুহিধৰ চলিহাৰ মাততহে তেওঁৰ তন্ময় ভাগিল।
কিহে বৰুৱা ইমান চিন্তা কৰি নাথাকিব। আমাৰ এয়াই প্ৰাপ্য বুলি ধৰি লওক। মুহিধৰ চলিহাই গলগলীয়া মাতেৰে অলপ ডাঙৰকৈয়ে ক’লে।
নাই নাই, পুৰণি কথা দুটামানহে মনত পৰিছিল। বংশীধৰ বৰুৱাই বেদনামিহলি সুৰ এটাৰে কথাখিনি ক’লে। যিমানেই নতুন পৰিবেশটোত খাপ খোৱাৰ কথা চিন্তা কৰে সিমানেই এৰি অহা কথাবোৰে বৰুৱাক আমনি কৰিবলৈ ধৰিলে।
বৰুৱা, বহক মই অকণমান গাটো তিওৱাৰ ব্যৱস্থা কৰোঁগৈ বুলি কৈ মুহিধৰ চলিহা আঁতৰি গ’ল। এইটো সময়ত আশ্ৰমৰ প্ৰতিজন ব্যক্তিয়েই অলপ সময় জিৰণি লয়। কোনোবাই কিতাপ এখন পঢ়ে, কোনোবা অলপ সময় শুৱে, কোনোবাই গানকে গুণগুণাই। বংশীধৰ বৰুৱাই কিন্তু আজি এইটো সময়ত অতীতৰ কথাবোৰৰ মাজত বুৰ যাবলৈ ধৰিলে। তাতে আজি সেই পুৰণা পেটৰ বিষটো ওক দিছে। এনে অসুখ বিসুখৰ সময়ত সৰলাই আহি গহীন মাতেৰে প্ৰায়ে কৈছিলহি ‘সময়মতে দৰৱবোৰ খালেনে?’ সৰলাৰ সেই চিনাকী কণ্ঠটোৱে বাৰে বাৰে তেওঁৰ কৰ্ণকুহৰত আমনি দিবলৈ ধৰিলে। বদমেজাজী বৰুৱা মানুহজনে যিমানেই টান কথা বা কটু কথা সৰলাক নকওক লাগে সৰলাই কিন্তু সদায় ধীৰ স্থিৰ হৈ জীৱনটো পাৰ কৰিছিল। চাৰিটাকৈ ল’ৰা-ছোৱালীক মানুহ কৰিছিল। নিজৰ স্কুলৰ চাকৰি জীৱনটো সুখ্যাতিৰে পাৰ কৰিছিল। বংশীধৰ বৰুৱাই চাকৰি নকৰি স্বাধীনভাৱে সৰুসুৰা ব্যৱসায় কৰিছিল। বদমেজাজী মানুহজন কতোৱে সফল হ’ব নোৱাৰিছিল। আনকি নিজৰ ল’ৰা-ছোৱালী কেইটাৰ লগতো মুকলিমুৰীয়াকৈ কথাবতৰা নাপাতিছিল। সৰলা ঢুকুৱাৰ পাছত বংশীধৰ বৰুৱাই নিজে নিজে বেছি অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে। তিনিজনী ছোৱালীক সৰলা জীয়াই থাকোতেই সুপ্ৰতিস্থিত কৰি বিয়া দিছিল। মাথোন একমাত্ৰ ল’ৰাটোৱেহে নিজৰ ইচ্ছামতে বিয়া পাতিছিল। পঢ়াশুনাত আধাৰুৱা কৰিলে। এনেয়ে মানুহটো বেছিকৈ খঙাল হৈ সৰলা যথেষ্ট শাস্তি দিছিল। পুতেকৰ লগত তেতিয়াৰ পৰাই ভাল সম্পৰ্ক নোহোৱা হ’ল। পুতেক বোৱাৰীয়েকক ঘৰত সোমাবলৈ নিদিছিল। বহুদিন সিহঁত দুটাই অ’ত ত’ত থাকি দিনবোৰ পাৰ কৰিছিল। এদিন যেনিবা নিজৰ ঘৰখনলৈ ঘুৰি আহিল। ঘুৰি আহিল যদিও বংশীধৰ বৰুৱাৰ লগত পুত্ৰ বোৱাৰীৰ সম্পৰ্ক স্বাভাৱিক নহ’ল। সৰলাই নিজৰ সৰল স্বভাৱটোৰে বোৱাৰীয়েকৰ সৈতে সহজ সম্পৰ্ক এটা গঢ়িয়েই মৃত্যুৰ দিনালৈকে পাৰ কৰিলে। মৃত্যুৰ আগমুহূৰ্তত সৰলাই বংশীধৰ বৰুৱাক কৈছিল- ল’ৰাটোক এৰি থৈ নাযাব। পুত্ৰ বোৱাৰীৰ লগত মিলা- প্ৰীতিৰে থাকিব। কিন্তু পত্নীৰ শেষ কথাষাৰো তেওঁ ৰাখিব নোৱৰিলে। সৰলা ঢুকুৱাৰ পাছত তেওঁলোকৰ সম্পৰ্কই অধিক জটিল ৰূপ ধাৰণ কৰিলে। যাৰ বাবে বৃদ্ধাশ্ৰমৰ খালী বেঞ্চখনৰ এমূৰত বহি কথাবোৰ জুকিয়াই চাব লগা হৈছে।
হয়নে,শুনিছে? ঠিক সৰলাই মতাৰ দৰে শব্দ শুনিলে। ছোৱালী কেইজনী বিয়া দিয়াৰ পাছত উকা ঘৰখনত যেতিয়া সৰলা আৰু বংশীধৰ বৰুৱাই কেইমাহমান অকলশৰীয়াকৈ থাকিব লগা হৈছিল তেতিয়া প্ৰায়ে সৰলাই দূৰৰ পৰা তেনেকৈ চিঞৰিছিল। পাছফালে ঘূৰি চাই বৰুৱাই দেখে যে বৰুৱাই দেখে যে সৰলাটো নায়েই, সৰলাৰ সৈতে কটোৱা ঘৰটোও নহয়। বুকুখন খামুচি বহুতপৰ তভক মাৰি বহি থাকিল। পানীৰ পৰা তুলি অনা মাছৰ দৰে, সৰলাৰ সতে আজিৰ এই অৱস্থাৰ বিষয়ে কথা পাতিবলৈ, সৰলাক জনাবলৈ মনটো ধৰফৰাই থাকিল বংশীধৰ বৰুৱাৰ।
আবেলি তিনি বাজিবৰ হ’ল। আবাসৰ আবাসীসকলে চাহ খাবলৈ চিঞৰ বাখৰ কৰিলে। এনেয়ে কিবা এটা খোৱাৰ যা-যোগাৰ কৰোঁতে ৰু-ৰুৱনি এটা হয়েই। এই কোলাহল খিনি প্ৰতিজন আবাসীৰ ভাল লাগে। প্ৰত্যেকেই বুকুত এসোপা বেদনা লৈও স্ফূৰ্তি কৰে। ইজনে সিজনক জোকায়।
অন্য এজন আবাসী বাসব দত্তই বৰুৱাক এক প্ৰকাৰ খং কৰাৰ দৰেই ক’লে ‘ইমান চিন্তা কৰি থকাৰ কি প্ৰয়োজন আছে এতিয়া? ইয়ালৈ যেতিয়া আহিলো প্ৰত্যেকেই হাঁহি তামাচাৰে দিনবোৰ কটাব লাগে।’
বংশীধৰ বৰুৱাই সেমেকি থকা চকু দুটা মোহাৰি মোহাৰি ক’লে ‘ইয়াত অলপ আনন্দত কটাম বুলিয়েই আহিছো। তথাপি সৰলালৈ বৰকৈ মনত পৰিল। আজি তেওঁৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী।’
লাহে লাহে উঠি গৈ কাপোৰৰ মাজৰ পৰা সৰলাৰ ফটোখন উলিয়াই হাতত তুলি ল’লে। অস্ফুট স্বৰেৰে ক’লে ‘সৰলা মোক ক্ষমা কৰি দিবা। তুমি মই বন্ধা ঘৰখন মই ধৰি ৰাখিব নোৱাৰিলো। মৃত্যুৰ আগমুহূৰ্তত তুমি কৈ যোৱা কথাষাৰো মই ৰাখিব নোৱাৰিলো।’ বংশীধৰ বৰুৱাই উচুপি উঠিল। সকলোৱে তেওঁৰ ফালে ঘূৰি চালে।