আপোচবিহীন সংগ্ৰামী এজনৰ কথাৰে

সপোন সপোন সপোন
সপোনেই ৰূপ লয় চিন্তাৰ
চিন্তাই ৰূপ দিয়ে দিথকত ।
এ,পি,জে, আব্দুল কালাম ।

সপোন, চিন্তা আৰু ফলাফল সৈতে একাত্ম হৈ থকা এগৰাকী ব্যক্তি চন্দ্ৰ শৰ্মা । দেউতাক শ্ৰী যুত সাগৰ প্ৰসাদ শৰ্মা আৰু মাতৃ শ্ৰী যুক্তা ভদ্ৰাৱতী শৰ্মা । জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ পাৰ্চী ঘাটত 1975 চনৰ 14 ডিচেম্বৰত । বৰ্তমান ঘৰ ডিমৌ ৰ শ্যাম জুলি (ধেমাজি জিলাৰ) নামৰ গাওঁত । প্ৰাথমিক শিক্ষা আৰম্ভ কৰে, লালবাহাদুৰ শাস্ত্ৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা । আনুষ্ঠানিক শিক্ষা ষষ্ঠ শ্ৰেণীলৈকে গ্ৰহণ কৰি নিজৰ ঘৰতে অনানুষ্ঠানিক শিক্ষাৰ পাতনি মেলে । তেখেতৰ সৰু কালৰ নাম আছিল চানু বাবু । চানু বাবুৰ কথা খুব মনত ৰৈছিল । মাকে কোৱা সাধু শুনি ৰজা হোৱাৰো ইচ্ছা জাগি উঠিছিল । পাছত নিজে নিজেই বুজিব পৰা হৈছিল যে ৰজা হবলৈ ৰাজকুমাৰ হ’ব লাগিব । গতিকে কষ্টৰ বিনিময়ত কিবা এটা কৰিবই । চানু বাবুৰ বয়স তেতিয়া মাত্ৰ পাঁচ বছৰ । চুবুৰীয়াৰ সমনীয়া এটা লৈ খেলনা হেলিকপ্তাৰ এখন আনিলে । চানু বাবুৱে সেই খন চুই চোৱাৰ হেঁপাহ জাগিছিল যদিও চুবলৈ নাপালে । মনত এটা সপোনে দোলা দিব ধৰিলে যে হেলিকপ্তাৰ এখন বনাম । আৰু লাহে লাহে মন মেকানিক হোৱাৰ দিশে আগবাঢ়িল । আনকি এনেমূহুৰ্তও হৈছিল গৈ যিকোনো কামত হাত দিলেই মনতো মেকানিকেল কাম বোৰলৈ ধাপলি মেলে । সৰু অবস্থাত ঘৰৰ যিকোনো বস্তু খুলি-খালি চাবলৈ ললে আৰু ডাঙৰ হৈ ট্ৰেক্টৰ খুলি পুনৰ লগাব পৰা হল । সময়, সংগ্ৰাম ইপিঠি সিপিঠি কৈ আগবাঢ়িল । চানু বাবু চন্দ্ৰ শৰ্মা হ’ল ।1996 চন ; দৰিদ্ৰতা ই কোঙা কৰাৰ সময় । ফুটাকড়ি এটিও হাতত নথকাৰ বাবে পইচাৰ বাবে ৰাতিপুৱাৰ পৰা ৰাতিৰ দুই বজালৈ কে কাম কৰিছিল । চুবুৰীয়াৰই গাত দাইনী লম্ভা মানুহ বুলিয়েই কোৱাকুই কৰিছিল । বন্ধু-বান্ধবীৰ লগত বিশেষ সম্পৰ্ক নাই । এক মিনিট সময়ো যদি অবাবত যায় মনতোৱে বৰ কষ্ট পাইছিল ।

ফেহুঁজালিঃ হেলিকপ্তাৰ খনৰ কাম তো কেতিয়াৰ পৰা আৰম্ভ কৰিছিল ?

চন্দ্ৰ শৰ্মাঃ 2013 বৰ্ষ পৰা ।

ফেঁহুজালিঃ অকলেই আগ বাঢ়িছিল নে ?

শৰ্মাঃ মোৰ পত্নীৰ পৰা যথেষ্ট সহযোগ পাইছিলো । দ্বিতীয়া পত্নী জোনমণি পানিয়াং এ মোক ৰাতি ২ বজালৈকে কামত সহায় কৰে । ডাঙৰ পত্নীয়ে সাংসাৰিক দিশতোত নিজে চম্ভালি লৈ মোক বহুত সহায় কৰিলে ।

ফেহুঁজালিঃ হেলিকপ্তাৰৰ বাহিৰে আন কিবা বনাইছে নেকি ?

শৰ্মাঃ কম ইন্ধনত চলা এটা জেনেৰেটৰ বনাইছিলো ।

ফেহুঁজালিঃ আপোনাৰ লৰালিৰ সময় চোৱা মনত পৰেনে ? কি কি খেলিছিল ?

শৰ্মাঃ নিশ্চয় পৰে । মই খেলিবলৈ সমনীয়াৰ লগলৈ ওলাই নগৈছিলো । অকলশৰীয়াকৈ চিন্তা কৰিহে ভাল পাইছিলো । এক কথাত মই নেখেলি নেখেলি খেলিব নজনা হৈছিলো । সমনীয়াৰ ওচৰলৈ যাবলৈ এক প্ৰকাৰৰ লাজ পাইছিলো ।

ফেহুঁজালিঃ কাৰ গান শুনি ভাল পাই ?

শৰ্মাঃ গান শুনি মই ভাল নাপাও । গানৰ আবেগ বোৰত মই উটিব নিবিচাৰো ।

ফেহুঁজালিঃ চিনেমা চাই নে ? কেনেকুৱা চিনেমা চাই ভাল লাগে ?

শৰ্মাঃ সৰু হৈ থাকোঁতে ডিব্ৰুগড়ত “মঞ্জিল মঞ্জিল “চিনেমা খন চাইছো । 20 খন মান চিনেমা চাইছো আজিলৈকে ।

ফেহুঁজালিঃ সৰু কালৰ বান্ধবী আছিল নেকি; মানে যাক সদায়ে লগ পাই থাকিবৰ মন গৈছিল ?

শৰ্মাঃ বিনা চেত্ৰী (পাৰ্চী ঘাটৰ )

ফেহুঁজালিঃ খাবলৈ কি ভাল পাই ?

শৰ্মাঃ নিৰামিষ আহাৰ । মাছ -মাংসই অলষতা বহাই ।

ফেহুঁজালিঃ একে ৰাহে কিমান সময় কাম কৰে ?

শৰ্মাঃ চাৰি ঘন্টা শোৱাৰ বাদে গোটেই দিনটো কাম কৰো ।

ফেহুঁজালিঃ হেলিকপ্তাৰ খন বনোৱা বাবে আৰ্থিক দিশত কাৰোবাৰ সহায় পাইছিল নে ?

শৰ্মাঃ আৰ্থিক সাহাৰ্য্য পোৱা নাই । মানসিক সহায় মোৰ পত্নী আৰু এজনৰ পৰা পাইছিলো । নামটো তপন গিমীৰে ।

ফেহুঁজালিঃ কিমান কাম বাকী আছে আৰু সম্পূৰ্ণ কৈ উৰুৱাবলৈ ?

শৰ্মাঃ আৰু অকণমান আছে । প্ৰশাসনৰ অনুমতি পালেই পৰীক্ষা মুলক উৰন সম্পূৰ্ণ কৰিম ।

ফেহুঁজালিঃ সফল হম বুলি ভাবিছানে ?

শৰ্মাঃ নিশ্চয় । যদি আৰ্চিত ভাবে নহও নিৰাশ নহও ।

ফেহুঁজালিঃ সপোন দেখি আহিছে আৰু দেখি থাকিবও । মই যদি কও দিথকত কি পালে সুখী হ’ব ?

শৰ্মাঃ মোৰ ডাঙৰ লৰাটো পাইলট নামভৰ্তি কৰাইছো । সি পাইলট হৈ আহি মোৰ “পৱন পুত্ৰ” খন উৰাব সেই দিনা সুখী হম চাগে । তথাপি সুখ বিচাৰি নুফুৰো । কাম কৰি যাম । নতুন কিবা বনোৱা ৰ প্ৰয়াসত ।

ফেহুঁজালিঃ ধন্যবাদ । ধন্য হলো আপোনাক লগ পাই । আপোনাৰ সুস্বাস্থ্য অতুত থাকক । শুব নিদিয়া সপোন দেখি যাওক । ভগৱানে সহায় কৰক…..॥ আপোনাৰ সপোন বাস্তৱ হওক, তাকেই কামনা কৰিলো……॥

নমস্কাৰ ॥