অসমী আইৰ বুকুলৈ ব’হাগ আহিল

✍ প্ৰনৱ নিয়াৰ
শিমলুগুৰি, শিৱসাগৰ

দুপৰ ৰাতি কুলিজনীৰ কু কু মাত শুনি
মনটো মোৰ উগুল-থুগুল লাগিল ।
অসমী আইৰ বুকুলৈ আকৌ এবাৰ
অতীকৈ চেনেহৰ ব’হাগী আহিল ।
গছে-বনে নকৈ কুঁহি মেলি গাভৰু হ’ল ।
লগৰবোৰে বিহুৰ আখৰা কৰিছে চাগে…
আগৰ দৰেই সদায় আবেলি আবেলি
নামঘৰৰ কাষৰ আঁহতজোপাৰ তলত গৈ…
মই নথকাৰ বাবে তই যে নাচিবলৈ যোৱা নাই,
সেই কথা মইওঁ বাৰুকৈয়ে বুজিব পাৰিছোঁ ।
তাঁতৰ পাতত বহি মনটো আলিৰ বাটলৈ থাকোতে চাই
মাকো পিছলি তোৰ আঁঠুত বাৰে প্ৰতি খুন্দিয়াই…
মোলৈ বুলি বোৱা গামোচাখনৰ সুতাওঁ চিঙি যায়…
আমাৰ ঘৰৰ আগফালে তামোল জোপাত
আলফুলে ফুলি থকা কপৌ পাহিওঁ
যেন মোলৈ অপেক্ষা কৰি আছে ।
মই ঘৰলৈ গৈ তাইক তোৰ খোপাত গুজি দিবলৈ…
সেই আশাকে লৈ তইওঁ ঘনাই পদূলিলৈ চাইছ ন…?
কিজানি মই আহিছোঁ আহিছোঁ বুলি…
মা হঁতো যে মোলৈ আশা পালি ৰৈ আছে,
মই সোনকালে ঘৰলৈ যোৱালৈ…
নহ’লে যে এইবাৰ বিহু তেনেই শুদা…
দ্ৰৰিদ্ৰতাৰ ভৰত কোঙা মোৰ খেতিয়ক দেউতাই
ক’ৰে পৰানো বিহু পাতিব…
ধানেওঁ চোন বছৰটোলৈকে নুজুৰে
ছমাহ ঘৰৰ ছমাহ দুকানৰ কিনি খাব লাগে ।
সেইহে ভাবিছোঁ এইবাৰ বিহুত নাযাওঁ দে
মাহৰ শেষত দৰমহা শুমালেই পইচা
যিমান পাৰোঁ ঘৰলৈকে পঠিয়াই দিম ।
মই নাথাকিলেওঁ ঘৰৰ মানুহবোৰেতো
বিহুতো ভালকৈ উপভোগ কৰিব পাৰিব ।
তই দুখ নকৰিবি নতুবা চকুলো নুটুকিবি অ’
মই এইবাৰ বিহুত ঘৰলৈ যাব নোৱাৰাৰ বাবে ।
অহাবাৰ বহাগত চাবি তোক একেবাৰে
নিজৰ কৰিমেই কৰিম কথা দিলোঁ তোক ।
তই মাথোঁন হতাশ নহবি ,
নহ’লে যে মইওঁ ভাগি পৰিম ।
পাৰিলে তই মোক সাহস দিবি
জীৱন বাটত মই সফল হ’বলৈ
তেতিয়াহে আমাৰ সপোনবোৰ পূৰণ হ’ব ঐ…….।