মোদীৰ স্বচ্ছ ভাৰত অভিযান বনাম অসমীয়া সংস্কৃতি…..

অসমীয়া সংস্কৃতি বৰ চহকী। এইলৈ অসমীয়াৰ গৌৰৱ। আমাৰ ঐতিহ্য আছে, বৰণীয়া ঐতিহ্য। সভ্যতাৰ দিশত আমি আনতকৈ কোনোগুনে পিছপৰা নহয়। আমাৰ গৌৰৱী ইতিহাস আছে, সাংস্কৃতিক আৰু সামাজিক ঐতিহ্য আছে।

সংস্কৃতিবান মানুহৰ চহকী সংস্কৃতি থাকে বা চহকী সংস্কৃতিসম্পন্ন মানুহ সংস্কৃতিবান হয়। তাৰ্কিক যুক্তিৰে নিশ্চয় কথাটো সত্য। এই যুক্তিত আমি অসমীয়া মানুহবোৰ সংস্কৃতিবান। ভাবিলে ভাল লাগে, কিন্তু বাস্তৱৰ ছবিখন বহু দিশত ওলোটা। বন্ধ সংস্কৃতি, চান্দা সংস্কৃতি, সুৰা সংস্কৃতি অফিচ কাছাৰীৰ দুৰ্নীতি, যাত্ৰীবাহী বাহনত চালক, পৰিচালকৰ ব্যৱহাৰ, ৰাজপথত পুলিচৰ গুণ্ডাগিৰিৰ সমান্তৰালকৈ ভিক্ষা গ্ৰহণ এনে অনেক উদাহৰণেৰে এখন বৰ দীঘলীয়া তালিকা তৈয়াৰ কৰিব পৰা যায়; যত অসমীয়াৰ অসংস্কৃতিবান চৰিত্ৰটো পোণচাটেই ধৰা পৰে।

নৰেন্দ্ৰ মোদী দেৱে সৌ সিদিনা আৰম্ভ কৰিলে স্বচ্ছ ভাৰত অভিযান। সঁহাৰিও পাইছে বহুত। চকুত লগাকৈ কিছু কাম হৈছে। অসমীয়াও পাছ পৰি নাথাকিল। নদাই ভদাই পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ বিষয়া সকলো বাঢ়ণি লৈ ৰাজপথলৈ আহিল। নিজা ভাত খোৱা কাঁহীখন ধুবলৈও বাইজনীৰ বাবে ৰৈ থকা মেমনীসকলো আহিল। সন্মুখত সংবাদিকৰ কেমেৰাটো ৰাখি বাঢ়ণি মাৰিলে। আমাৰ সাধাৰণ মগজুৰে বুজিহে নেপালো। তেওঁলোকে প্ৰকৃততে ৰাজপথ চাফা কৰিবলৈ বাঢ়ণিডাল লৈছিলনে কেমেৰাৰ আগত মুখ দেখুৱাবলৈ। কাৰণ দুদিন মানৰ পাছতে ধানখেৰৰ জুই নিচিনাকৈ কথাবোৰ চেঁচা পৰিল।

বাছ আস্থান বা আন কোনো ৰাজপথ, প্ৰস্বাৱগাৰত সোমালেই অনুমান কৰিব পাৰি অসমীয়া মানুহ কিমান লেতেৰা। অথচ হিন্দু সভ্যতা সংস্কৃতিত শৌচবিধি বৰ শক্তিশালী। কেৱল শৌচাদ্বাৰ চাফা কৰাৰ বাবেই আমি বাঁওহাতখন এলাগী কৰিয়ে ৰাখো। মুছলিম ধৰ্মও এইক্ষেত্ৰত পাছপৰা নহয়। ইয়াতপ্ৰস্বাৱ কৰাৰ পিছতো নিকা কৰা বিধি ব্যৱস্থা আছে। ইয়াৰ পিছতো মানুহবোৰ ইমান লেতেৰা কিয়। মই ব্যৱহাৰ কৰা পাছতো যে আন এজনে প্ৰস্বাৱগাৰটো ব্যৱহাৰ কৰিব সেই কথা মই নাভাবো। মোৰ সুবিধামতেই মই ব্যৱহাৰ কৰোঁ। লাগিলে ঠাইডোখৰ যিমান লেতেৰা নহওক। আনহাতে ৰাজহুৱা স্থানত অকণমান আঁৰ লৈ পুৰুষ সকলে সৰুপানী চোৱাৰ কথাটো নকলোৱে বা।

এইবোৰ জানো সংস্কৃতিবান মানুহৰ চৰিত্ৰ ? এনে চৰিত্ৰ বৰ্তি থাকিলে মোদীৰ বাঢ়ণিদালে চাফা কৰিব পাৰিব জানো অসমৰ নগৰবোৰ! এইক্ষেত্ৰত স্বচ্ছ অভিযানৰ দৰে আমাৰ মনবোৰ চাফা কৰি নিজকে সংস্কৃতিবান কৰিবলৈ দ্বিতীয় এখন আঁচনিৰ বৰ দৰকাৰ।