সম্পাদকীয়

।।ব’হাগত জাতিয়ে স্নান কৰক ।।
‘‘ চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলি ঐ লতা
কৈনো থাকোঁ মানে ওৰকে নপৰে
ঐ ব’হাগৰ বিহুৰে কথা।’’
চ’ত সোমাওঁ নৌ সোমাওঁতেই উজনি ভাটি হয় প্রতিজন অসমীয়াৰে চিত । পৰ্বত পাহাৰৰ কন্দৰে , ভৈয়ামে ওখ ওখ গছৰ ডালত পৰি কুলি, কেতেকীয়ে বিনাই ।গছে বনে কুঁহিপাতে সলায় । দেহে মনে ওখল মাখল লগাই বসন্তৰ বতৰা দি আহে ব’হাগৰ বিহুটি । কৃষিভিত্তিক অসমীয়া সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকাৰে সংপৃক্ত এই বিহু । চ’তৰ আগমনৰ লগে লগে ন’ সাজে সজ্জিতা হয় অসমৰ প্রকৃতি । বাটে পোৱালি মেলে । মহৰ শিঙে লহৰ তোলে । মৰা গৰুৰ ছালেও মাতে । ইজাকৰ পিছত সিজাককৈ বৰষুণ :সৰুদৈচিলা , বৰদৈচিলাৰ ৰূপত অহা ধুমুহাই ঢাহি মুহি নিয়া বন বননিত মন-জুৰণীয়া ৰূপৰ বিচিত্র পোহাৰ মেলি নৱ যেন ৰূপত উজ্বলাই তোলে অসমভূমি ।খালে -দোঙে ,নদী নিজৰাই বাঢ়ি অহা ন’ পানীত উঠে মাছৰ উজান । বাৰীৰ ঢাপত ফুলে ভেবেলী -লতা , মাখিয়তি ।এজাৰ , আঁহতৰ খোৰোঙত হালি জালি ফুলে কপৌফুল, ভাটৌফুল । আগবাৰী শুৱনিকৈ ফুলে তগৰ । পদূলিৰ মুখত আমোলমোলাই নাহৰে পাতে সুবাসৰ মেলা । নঙলামুখৰ পৰা দীঘলকৈ পদূলি, চোতাল , ঘৰৰ পিৰালি, চৰাঘৰ,মাৰলঘৰ চিকুনকৈ নিৰাই , বাৰীয়ে ঢাপে জেওৰা জপনা দি, ঘৰ বাৰী চালে চকুৰোৱা কৰি বিহুটিক আদৰিবলৈ সাজু হয় অসমীয়া ।বেলি নপৰালৈ তাঁতৰ শালত মাকোৰ খিট্ খিটনি, দোক্ মোকালিৰে পৰা ঢেকীশালত ঢেকীৰ গুমগুমনি, দোভাগ ৰাতিলৈ আখলত জীয়াৰী বোৱাৰীৰ ব্যস্ততা। ভাগে ভাগে জা জলপান, পিঠা পনা যতনোৱাৰ ‘মোক খা ,মোক খা ’ গোন্ধ , পথাৰৰ বাকৰিৰ পৰা ভাঁহি অহা ঢোলৰ চাপৰে , পেঁপাৰ লহৰে ৰাই জাই কৰে প্রতিজন অসমীয়াৰ গা মন ।বাৰীৰ হালধী ,মাহতলীৰ পৰা নতুনকৈ চপোৱা মাটিমাহৰ বতাৰে গৰুৰ গা ধোৱাই , নিজেও স্নান কৰি বছৰটোলৈ দেহৰ মনৰ এলান্ধু আঁতৰাই নিকা হয় জাতি।চ’ত আৰু ব’হাগৰ সংক্রান্তিৰ দিনাৰ পৰা ব’হাগৰ সাদিন যোৱালৈ অসমীয়াই বিহু পালে । সাদিনৰ দিনা বিহু উৰোৱাই ।এয়ে আছিল এসময়ৰ অসমৰ মাটিৰ সৈতে সংপৃক্ত লোকাচাৰ , অসমীয়া সমাজৰ সুস্থ পৰম্পৰা । উত্তৰ- পূব মৌচুমী বায়ুৰ প্রভাৱত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ব’হাগৰ পৰা আহাৰ শাওনলৈ এইচোৱা সময় -বৰষুণৰ বতৰ। অসমৰ কৃষিকাৰ্য যিহেতু প্রকৃতি নিৰ্ভৰ, সেয়ে খেতি খোলাত লগাৰ আগতে ৰং ৰহইছ কৰি ব’হাগৰ সাদিনলৈ বিহু পালি গা মন টঙাই খেতিৰ বাবে কঁকালত টটঙালি বান্ধে কৃষকে । পথাৰত হাল জোৰাৰ পূৰ্বে পথাৰৰ মাজৰ ওখ ঠাই বা বাকৰিত বিহুমৰাৰ পৰম্পৰা আছিল কৃষিভূমিৰ উৰ্বৰতা বঢ়োৱাৰ কামনাৰে পালন কৰা এক লোকাচাৰ । এসময়ত পাটগাভৰু ছোৱালীয়েহে দিনে পোহৰে পথাৰৰ ঢাপত জেং বিহু মাৰিছিল। পিছলৈ অৱশ্যে সমাজৰ বান্ধোন কিঞ্চিত শিথিল হৈ অহাত গাভৰু সকলেও দুই এগৰাকী বয়সিয়াল মহিলাৰ তত্বাৱধানত পিছবেলা বেলি পৰাৰ আগলৈকে ঘৰৰ বাহিৰৰ নৈৰ গৰা বা গছ গছনিৰে আবৰা আওহতীয়া ঠাইত বিহু মাৰি ৰং ৰহইছ কৰিছিল। কিন্তু পিছলৈ ৰাতি বিহুৰ পৰম্পৰাই ঠায়ে ঠায়ে গা কৰি উঠে আৰু ডেকা গাভৰু উভয়ৰে গাইগুটীয়া দলে এক নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত ওচৰা ওচৰিকৈ বিহুমৰাৰ প্রথা প্রচলন হয় ।আজিৰ দৰে মুকলিকৈ মহিলাই বিহু নচাৰ পৰম্পৰা সেই দিনত নাছিল।
বৰঞ্চ ঘৰুৱা বন বাৰীৰ জেঙা মাৰি : বা- বোৱাৰী, জা – জোৱালী সমন্বিতে লগ হৈ কোনো এঘৰ চুবুৰীয়াৰ পিছ চোতাল বা আবুৰ ঠাইতহে বৰজনা, শহুৰ আদিসকলৰ অনুপস্থিতিত বিহু গাই ,দুই এপাক নাচি তেওঁলোকে মনৰ হাউচ পুৰাইছিল।দুই এগৰাকী কঁকাল পৰা ৰাংঢলী বুঢ়ী আইতাইও আহি এপাক কঁকাল ঘূৰাই নাচিছিলহি ।ব’হাগৰ প্রথম দিনৰ পৰাই গৃহস্থৰ চোতালত ৰাইজে হুচৰি যোৰিবৰ নিয়ম। গৃহস্থয়ো গলে বস্ত্র ধৰি শৰণাগত হৈ গুৱা পান আৰু সাধ্যানুসৰি মাননি আগবঢ়াই ৰাইজৰ ওচৰত সেৱা লয় ।ৰাইজেও বছৰটোলৈ শস্যে মৎস্যে উভৈনদী হৈ : মাৰি মৰক, অপায় অমংগলৰ পৰা পৰিত্রানাৰ্থে গৃহস্থৰ কুশল চিন্তি আশীৰ্বাদ জনাই । তাহানিৰ হুঁচৰিত নাচনীৰ স্থান নাছিল বৰঞ্চ ঘোষা পদৰ পিছতে বিহু ঢোলৰ চাপৰত ডেকা বিহুৱাৰ পুৰুষসুলভ নাচে হুঁচৰীৰ গাম্ভীৰ্য বঢ়াইছিল। ধনী দুখীয়া , জাত- পাত , উচ্চ- নীচৰ ভেদাভেদ নৰখা অসমীয়া সমাজত কাকো হেয় জ্ঞান নকৰি বছৰেকৰ বিহুদিনা প্রতিঘৰ গৃহস্বৰ পদূলি গছকি চোতালত ৰাইজৰ পদধূলি পৰিবৰ এই নিয়ম পূৰ্বাপৰ প্রচলিত ৰীতি ।যাৰবাবে সমাজৰে এজন বুলি নিঃকিন চহা গৃহস্থইও বুকুত বল পায় ।
এসময়ত ৰঙালী বিহু মানেই আছিল অসমীয়াৰ উলাহ আনন্দৰ স্বতঃস্ফূৰ্ত প্রকাশ । পিছে আজিৰ পৰা কেইদশকমান পূৰ্বেহে মঞ্চত প্রবেশ কৰা ৰঙালী বিহুৱে আশ্চৰ্য্যকৰভাবে তড়িৎ গতিত সলাইছে স্বৰূপ। সলনি হৈছে অসমীয়া সমাজ জীৱনৰ সেই চিনাকি ছবিখন। যি বিহুৱে জাতি, ধৰ্ম ,বৰ্ণ নিৰ্বিশেষে সম্প্রীতিৰ বাৰে ৰহণীয়া এনাজৰীৰে পৰ্বত ভৈয়াম একাকাৰ কৰি অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধিছিল সেই বিহুৱে আজি স্বকীয়তা হেৰুৱাইছে । আগ গুৰি কাটি আমি সোঁতত উটা অসমীয়াই হেঁপাহৰ ৰঙালী বিহুটিকো পৰ্যবসিত কৰিছোঁ নিতান্তই এক ছিন্নমূল বৰ্জিত কেৱল ৰং ৰহইছ প্রধান উৎসৱলৈ । কৃত্রিমতা সৰ্বস্ব উপাদানৰ পয়োভৰেৰে , দুমাহৰো অধিক সময় জোৰাকৈ পালিত ‘ৰঙালী বিহু’ আজি নিতান্তই বজাৰসৰ্বস্ব এক ব্যয়বহুল উদযাপনহে ,য’ত নাই কোনো কেঁচা মাটিৰ গোন্ধ তথা অসমীয়াৰ প্রাণৰ স্পন্দন।
ক্রমাৎ সলনি হৈছে বিহু পালনৰ সামগ্রিক ৰেহ ৰূপ ।এসময়ৰ অসমীয়া নাৰীয়ে ঘৰতে পোহা মুগাৰে সূতা কাটি নিজৰ লগতে পৰিয়াল পৰিজনৰ বাবে প্রয়োজনীয় সাজ পাৰ ঘৰতে বৈ লৈছিল । বিহুলৈ দিনচেৰেক বাকী থাকোতেই বৈ উলিয়াইছিল প্রিয়জনৰ বাবে চেনেহৰ বিহুৱান । সেই ছবি আজি যেন সুদূৰ পৰাহত ।অৱশ্যে ছেগা চুৰুকাকৈ ঠাই বিশেষে আজিও বৰ্তি আছে এই ঐতিহ্য । ‘ সংস্কৃতি বোঁৱতী সুঁতি’ ।এই প্রৱাহক বাধ্য দিবৰ সাধ্য নাই । যুগৰ সৈতে তাল মিলাই সম্ভাৱ্য পৰিবৰ্তনক আকোঁৱালি লৈ আগবঢ়াই শ্রেয় ।পিছে তাকে কৰিবলৈ যাওঁতে ভৰিৰ তলৰ খোঁপনি যাতে নেহেৰায়, তালৈ লক্ষ্য ৰখা বাঞ্চনীয়। গছতলৰ বিহুতলীৰ পৰা দেউতা ঈশ্বৰৰ চোতাললৈ যেতিয়া প্রথমবাৰৰ বাবে বিহুৰ আগমন হৈছিল, মূলত তেতিয়াই সূচনা হৈছিল বিহুৰ বিবৰ্তনৰ প্রথমটো পৰ্ব । ৰাজ অনুগ্রহ লাভ কৰা বিহুৱে তেতিয়াৰ দিনতে আয়ত্ব কৰিছিল গণ-জীৱনৰ পৰা ক্রম বিচ্ছিন্ন হৈ পৰিশীলিত ৰূপ পৰি গ্রহণৰ অৱশ্যম্ভাৱী চৰিত্র ।
পৃথিৱীৰ প্রতিটো জাতিৰে নিজস্ব বৈশিষ্ট্য তথা সুকীয়া পৰিচয় আছে । পৃথক জাতীয় পৰিচয় বহন কৰা উপাদানসমূহ হৈছে — ব্যৱহাৰিক জীৱন ধাৰণ প্রণালী , আদৱ কায়দা, পৰম্পৰা লোকাচাৰ , ৰীতি নীতি , খাদ্যাভাস , পোচাক -পৰিচ্ছদ , ভাষা , আচাৰ আচৰণ নৃত্য গীত মাত আদিৰ জৰিয়তে আমি বিভিন্ন জাতিৰ নিজস্ব ঐতিহ্যৰ বিষয়ে সম্যক ধাৰণা পাব পাৰোঁ । উজনিৰ পৰা নামনিলৈ অতীজৰে পৰা ৰঙালী বিহুৱে অসমীয়া জাতিৰ এই সকলো বৈশিষ্ট্য বহন কৰা জাতীয় উৎসৱ হিচাপে পৰিগণিত হৈ আহিছে । অসমৰ মাটি বায়ু পানীৰে পৰিপুষ্ট শত সহস্রজন হোজা নিৰক্ষৰ চহা কবিয়ে স্বভাৱসুলভ ভাবে ৰচা বিহুনাম ,যোঁজনাৰে , নামী অনামী অনেকজন বিহুৱা বিহুৱতীয়ে ৰাখি যোৱা ঢোল পেঁপা গননা সুতুলিৰ সুৰীয়া মাতেৰে , নাচৰ লয়লাসেৰে আমাৰ বিহু চহকী । সাম্প্রতিক দ্রুতগতিত আহি পৰা অনাৱশ্যকীয় জাকজমক , বিভিন্ন ব্যৱসায়িক গোষ্ঠীয়ে ব্যক্তিগত মুনাফা লাভৰ উদ্দেশ্য আগবঢ়োৱা স্প’নচৰচিপ্ ৰ আগ্রাসনৰ পৰা অনতিপলমে মুক্ত হওক আমাৰ চিৰ চেনেহৰ বাপতি সাহোন ৰঙালী বিহুটি ।জয়কান্ত গন্ধীয়া , নিতুল চাংমাই আদি বিহুৰ বিষয়ে বিজ্ঞ সকলে সকলে সময়ে সময়ে উনুকিয়াই অহা মঞ্চ বিহু পৰিবেশনৰ কেৰুণসমূহ আঁতৰাই শুদ্ধৰূপত বিহুৰ সাজ পাৰকে আদি কৰি ঢোল পেঁপাৰ বোলনি, নাচৰ ছেও, দেহভংগী আদি আয়ত্ব কৰি মঞ্চত বিশুদ্ধৰূপত বিহুৰ প্রদৰ্শনৰ বাবে দায়বদ্ধতাৰে সাজু হওক বিহু পৰিবেশনৰ সৈতে জড়িত প্রতিজন বিহুৱা শিল্পী। যুগৰ পৰিবৰ্তনৰ দোহাই দি অনাৱশ্যকভাবে পৰমুখাপেক্ষী হৈ পৰা আমি অসমীয়াই সময় থাকোতেই নিজৰ থলুৱা ঐতিহ্য পৰম্পৰা ৰক্ষাৰ প্রতি সচেতন হওঁ আহক । তেতিয়াহে আমাৰ বাপতিসাহোন বিহুটি হৈ ৰ’ব আমাৰ জাতীয় পৰিচয়ৰ প্রকৃত ধাৰক বাহক । আমাৰ আজিৰ ভেটিত প্রতিষ্ঠা কৰা ভৱিষ্যতৰ সৌধৰ বুনিয়দ যেন সুদৃঢ় হয়, অন্যথা কালিলৈবোৰ আজিতকৈও অধিক অন্ধকাৰাচ্ছন্ন হোৱাৰে সম্ভাৱনা প্রৱল ।এই ব’হাগতে আমি পন লওঁ আহক । অসমৰ আকাশৰ কলীয়া ডাৱৰ আঁতৰাই ন’ ৰূপেৰে উদ্ভাসিত কৰা হওক অসমীয়াৰ মান ।এই প্রত্যাশাৰে জাতিয়েও কৰক স্নান ।

সম্পাদকীয়

 

কালক্ষণ আৰু সংযম

 

 

প্ৰবাহমান সময়ৰ ঠেকেচাত কম্পমান জাতি ,মাতি,ভেটি । ভাৰতবৰ্ষৰ সূৰ্য উঠা দেশ খনত এইয়া হৈছে কি,,,,!!! গোষ্ঠীগত সংঘৰ্ষৰ লেলিহান শিখাত দগ্ধ চৌপাশৰ জনগণে সংশয় আৰু হতাশাত নিতে বাট বুলিছে। তিৰাশীক নিচেই কাষৰ পৰা দেখা সকলৰ পেটতে হাত ভৰি লুকাইছে অজান আশংকাত । বহিৰাগতৰ উচতনি মুলক পৰোচনাত জাতিয় স্বাভিমানত আঘাত হনা কাৰ্যক সহজ ভাবে নলৈ সকলোৱে একেমুখে গৰিহণা দিছে।” সদৌ অসম ছাত্ৰ সন্থা”ৰ দৰে হৃদপিণ্ড স্বৰূপ জাতিয় অনুষ্ঠান তোৰ বুকুত হাত দিবলৈ কুণ্ঠাবোধ নকৰা “নিখিল ভাৰত বঙালী উদ্বাস্তু সমন্বয় সমিতি” নামৰ সংগঠন তোৰ উদ্দেশ্য তথা নিকৃষ্ট কৰ্মকাণ্ডই সকলোৰে চকু মোকোলাই দিলে। জাতি, মাটি, ভেটিক মূল বিষয় ৰূপে লৈ শাসন ৰ  ক্ষমতালৈ অহা চৰকাৰ খনৰ ধৰ্ম ৰ ভিত্তিক অন্ধ প্ৰীতিৰ বাবেই অখ্যাত  এটা সংগঠনৰ হাতত লাঞ্চিত হ’ল জাতি তথা দেশৰ হকে প্ৰাণ আহুতি দিয়া সকলৰ পূৰ্য্য বেদী। শ্বহীদ সকল আৰু অসমীয়াৰ অভিভাৱক স্বৰূপ, অসম  ৰত্ন  ড০ ভূপেন হাজৰিকাদেৱৰ  স্থিৰ  চিত্ৰক কৰা অপমান অসমীয়াই কোনো কালেই হজম কৰিব নোৱাৰে।

 

এয়া কোনোবা দুষ্টলোকৰ ষড়যন্ত্ৰ নে কোনো ৰাজনীতিৰ দ্বিতীয় পৰ্যায় । সেয়া সৰ্বসাধাৰণ নাগৰিকৰ বোধগম্যৰ বাহিৰত । ইয়াৰ লগে লগে আকৌ সৰব হৈ উঠিব বন্ধ সংস্কৃতি । নাজানো এইবোৰৰ পৰা কাৰ কি লাভ হয় । হয়তো কোনোৱে সৃষ্টি কৰিব বিচাৰিছে গোষ্ঠী সংঘৰ্ষ আদৰি দৰে ঘৃণনীয় কাৰ্য । নে গঢ়ি উঠিছে  অসম খনক আকৌ আৰু সৰু সৰু ভাগত বিভক্ত কৰাৰ দৰে নিকৃষ্ট মানসিকতা ।

তথাপিও এইখন দেশ শংকৰ -মাধৱ , আজান ফকীৰৰ দেশ । এই দেশৰ ঐক্য, শান্তিৰ স্বাৰ্থত; দুঃসময়ক সুঃসময়লৈ পৰিবৰ্তন কৰাৰ দায়িত্ব সকলো অসমবাসীৰ । “কালক্ষণ ” ৰূপ দিয়া অশুভ শক্তিক চিহ্নিত কৰি চাকনৈয়াৰ পৰা জাতিটোক উদ্ধাৰ কৰাৰ দায়িত্ব কিন্ত আপোনাৰ, মোৰ, সকলোৰেই। তাৰ বাবে মাথো লাগিব শান্তি , সম্প্ৰীতি, সংযম তথা সদ্ভাৱনা,,,,।।

সম্পাদকীয়

যোৱা কিছুদিন ধৰি ছ’চিয়েল মেডিয়া ফেচবুকত অসমীয়া জাতিৰ বাবে হানিকাৰক এক কুচকাৱাজ চলি আছে ৷ এই কুচকাৱাজ,অসমীয়া জাতিৰ  সাতাম পুৰুষীয়া সম্প্ৰতিৰ এনাজৰী ডাল ছিঙি দিয়াৰ অপচেষ্টা ৷ কেইজনমান অসাধু মানুহে হকে বিহকে উগ্ৰ সাম্প্ৰদায়িক লেখনি আৰু মন্তব্য ফেচবুকৰ পৃষ্ঠাত তুলি দিছে ৷ এনে সাম্প্ৰদায়িক লেখনি আৰু মন্তব্য আগবঢ়োৱা সৰহ সংখ্যকৰ একাউণ্ট ভুৱা ৷ আনহাতে এই সমূহ  কেৱল উগ্ৰ সাম্প্ৰদায়িকেই নহয় বহুসময়ত ইয়াৰ ভাষাও অশ্লীল ৷ এটা গোটৰ কেইটামান বিতৰ্কিত এনে অশ্লীল ভাষা ব্যৱহাৰ কৰা হৈছে যে সাধু লোকে তাৰপৰা দৌৰি পলোৱাৰ বাদে আন উপায় নাই। আনৰ ধৰ্ম বা আন এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ইমান বেয়াকৈ চিন্তা কৰিব আৰু লিখিব যে পাৰে  সেয়া নেদেখিলে বিশ্বাস নহ’ব। এইবোৰ বাৰু কিয় হৈছে ?

 

কোন জড়িত আছে ইয়াৰ আঁৰত ? কি উদ্দেশ্য এই অসাধু মানুহবোৰৰ। আমি ভাবো এয়া দুই এটা ৰাজনৈতিক শক্তিৰ নিকৃষ্ট প্ৰচেষ্টা। অসমীয়া জাতিৰ সম্প্ৰীতিৰ এনাজৰী ডাল বেচ শক্তিশালী। আৰু সেইবাবেই এই নিকৃষ্ট ৰাজনৈতিক নেতাবোৰৰ মূৰৰ কামোৰনি। সিহঁতৰ বিভেদৰ ৰাজনীতি আগবঢ়াই নিয়াত সফল হ’ব পৰা নাই এই এনাজৰী ডালৰ বাবে।

গতিকে এই অপচেষ্টা। ভাই ভাইৰ মাজত কাজিয়া লগাই নিজৰ উদ্দেশ্য সাধন কৰিব বিচাৰিছে ইহঁতে। ভূৱা একাউন্ত খুলি উগ্ৰ আৰু লেতেৰা লিখনিৰে সাম্প্ৰদায়িক বিষ বাস্প বিয়পাব বিচৰা এই মানুহকেইটা আচলতে সেই ৰাজনৈতিক শক্তিবোৰৰ ভেৰনীয়া ব্যৱহাৰ কৰি সিহঁতে নিজৰ উদ্দেশ্য সাধন কৰিব। ইন্টাৰনেটৰ আন মাধ্যমবোৰৰ ভিতৰত অসমত এতিয়া ফেচবুকেই আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী মাধ্যম। ই সহজো। আপোনাৰ যি মন যায় তাকেই লিখিব পাৰে। কোনো চেঞ্চৰিংৰ ব্যৱস্থা নাই। লিখাৰ লগে লগেই লাখ লাখ মানুহে পঢ়িব পাৰে। উল্লেখিত অপশক্তি কেইটাই ইয়াৰে সুবিধা লব বিচাৰিছে।

 

আমি ভাবো বিষয়টো চিন্তনীয় আৰু উত্তেজনক। গোজেই গজালি হৈ এই শক্তিয়ে এদিন অসমীয়া জাতিৰ অস্তিত্ব যে বিপন্ন কৰিব তাৰ নিশ্চয়তা নাই। সময় থাকোঁতেই অসমীয়া জাতিয়ে এই অপশক্তিক চিনি লৈ ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় হবৰ হ’ল। প্ৰতিজন সচেতন অসমীয়া ওলাই আহিব লাগিব ইয়াৰ বিৰুদ্ধে।

বুদ্ধিজিৱী সকলেও এই দিশটোৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি ইয়াৰ নিবাৰণৰ বাবে কাৰ্যপন্থা হাতত লবৰ হ’ল।

 

সম্পাদকীয়

কুলিৰ সুকোমল মাতত হেনো ব’হাগ আহে । বসন্তৰ বাতৰি কঢ়িয়াই অনাই যেন তাইৰ একমাত্ৰ কাম । প্ৰতি বছৰৰ দৰেই অসমলৈ এইবাৰো বসন্ত আহিল, অলপ আগতীয়াকৈয়ে । বসন্তৰ আগমনৰ লগে লগেই প্ৰকৃতিয়ে নতুন সাজ পিন্ধি হৈ পৰিল চঞ্চলা গাভৰু । ক’ৰবাৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি অহা ঢোলৰ চেৱত যেন আমাৰ মনবোৰো নাচি উঠিল । এই যে ঢোলৰ চেৱত আমাৰ মনবোৰ নাচি উঠিল, ইয়েই প্ৰমাণ কৰে আমি এতিয়াও হাড়ে হিমজুৱে অসমীয়া । বসন্তৰ আগমনৰ লগে লগেই প্ৰতিজন অসমীয়াৰ প্ৰাণত আলোড়নেৰে সৃষ্টি হয় ব’হাগ বিহু । ঘৰৰ পৰা আঁতৰত থকা সকলৰ প্ৰায় সকলোৱে সকলো কাম একাষৰীয়া কৰি কেইদিনমানৰ চুটিত হ’লেও নিজৰ ঘৰখন, আপোন গাঁওখনলৈ এপাক মৰাটো যেন প্ৰতিজন অসমীয়াৰ জন্মগত বৈশিষ্ট্য ।

বসন্তৰ আগমনে ডেকা-গাভৰুৰ মনবোৰ বেছিকৈ জীপাল কৰি তোলে । কোনোবা ডেকাই প্ৰিয় নাচনী জনীৰ খোপা শুৱনি কৰিবলৈ কপৌফুল চিঙি অনা দৃশ্য সুলভ । কোনোবা ডেকাৰ ঢোলৰ চেৱে চেৱে তেওঁৰ প্ৰিয় নাচনীজনীয়ে ককাল ভাঙি নচা দৃশ্য সঁচাই মনোৰম । প্ৰকৃতিয়ে যেনেকৈ ফলে-ফুলে কুঁহিপাত সলাই নতুন ৰূপ লয় ঠিক তেনেদৰেই ডেকা-গাভৰুৰ মনত প্ৰেম-প্ৰীতিৰ কুঁহিপাত মেলে ।

তাহানিতে ককা-আইতাই ব’হাগ বিহু নুবুলি, চ’তৰ বিহু বুলি কৈহে ভাল পাইছিল । গাঁৱৰ অঞ্চলত এই বিহুৰ কেইটামান অপূৰ্ব দৃশ্য দেখিবলৈ পোৱা যায় । গৰুবিহুৰ দিনা ৰাতিপুৱাই গোহালিৰ পৰা গৰুবোৰ দীঘলতি, মাখিয়তী পাতেৰে কোবাই কোবাই পথাৰলৈ নিয়া হয় । গাই যোৱা হয় –

“দীঘলতি দীঘল পাত
মাখিয়তী মাখি পাত
মাখি মাৰো জাক জাক
মাৰে সৰু, বাপেৰে সৰু,
তই হবি বৰ বৰ গৰু ॥”

চাটৰপৰা কেৰেলা, বেঙেনা, থেকেৰা আদি টুকুৰাবোৰ গালৈ মাৰি গোৱা হয় –

“লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা
মাৰে সৰু, বাপেৰে সৰু, তই হবি বৰ বৰ গৰু ॥”

তাৰ পাছত কণী যুঁজ, এশ এবিধ শাক বিচৰা আৰু আমৰলি টোপ বিচাৰি ঘূৰি ফুৰা আদি দৃশ্যবোৰ বৰ্তমান দুৰ্লভ হৈ আহিছে । অৱশ্যে মানুহ বিহুৰ দিনা কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা-সত্কাৰ কৰি আশীৰ্বাদ লোৱা দৃশ্য ঠায়ে ঠায়ে দেখিবলৈ পোৱা যায় ।

সময়ৰ লগে লগে বিহুৰো পৰিবৰ্তন হৈছে যদিও, আহক আমি সকলোৱে আমাৰ এই বাপতি সাহোন ৰঙালী বিহুৰ ঐতিহ্যত আঘাত নসনাকৈ, পুৰণি এই আকৰ্ষণ প্ৰতিজন অসমীয়াৰ হৃদয়ত ঠাই দি, বিহুটিক চিৰস্থায়ী কৰি ৰখাৰ সংকল্প লওঁ………………॥

সম্পাদকীয়

ৰাজনীতি । এটা মাথোন শব্দই নহয়, ই এটা নীতিও । সহজ ভাষাত কবলৈ গলে, যি নীতিৰ দ্বাৰা পূৰ্বতে ৰজাসকলে ৰাজ্য শাসন কৰিছিল । আগৰ দিনৰ এই ৰাজনীতি প্ৰায় নিভাজ আছিল । সেই ৰাজনীতি আছিল প্ৰজাৰ মঙ্গলৰ অৰ্থে । সময় বাগৰাৰ লগে লগে ৰাজনীতিৰো পৰিবৰ্তন হয় । বৰ্তমানৰ ৰাজনীতি দেখিলে সাধাৰণ জনতাৰো নাক কোঁচ খায় । নাখাবই বা কিয় । বৰ্তমানৰ ৰাজনীতিবিদৰ মাজত নিকা, নিঃস্বাৰ্থ ভাৱে ৰাইজৰ কাম কৰিবলৈ ওলাই অহা সকলৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা অৱস্থা । “চলে বলে কিম্বা কৌশলেৰে” প্ৰৱচন ফাকিৰ যেন উপযুক্ত ব্যৱহাৰ তেওঁলোকৰ অভিধানত । ৰাইজৰ মূৰত মাৰি ৰাইজৰ টকাৰেই বৰভোজ খোৱাতো তেওঁলোকৰ যেন জন্মগত স্বভাৱ । সৰ্বসাধাৰণ ৰাইজৰ চকুত পৰা মতে কবলৈ গলে বোকা চতিওৱা ৰাজনীতি আৰু সূতা কম্বলৰ ৰাজনীতিয়েই প্ৰধান ।

অসমত এতিয়া সূতা কম্বলৰ ৰাজনীতি ৷ সৰ্ব্বতে সূতা কম্বলৰ চৰ্চা ৷ বাতৰিকাকত টি ভি চেনেল সূতা কম্বলৰ সৈতে ব্যস্ত ৷ কোনোবাই বিলাইছে কোনোবাই আঁজোৰিছে ৷ ক’ৰবাত জব্দ হৈছে, ক’ৰবাত জ্বলাই দিয়া হৈছে ৷ এখন কম্বল, বা এমুঠি সূতাৰ বিনিময়ত প্ৰজাই ৰজা নিৰ্ব্বাচন কৰিব ৫ বছৰৰ বাবে ৷ হায় দেশ, হায় হায় জনগণ ৷

টিভিৰ পৰ্দাত সূতা কম্বল বিলোৱাৰ ঘটনা সমূহ প্ৰত্যক্ষ কৰিলে এনে অনুভৱ হয় যেন চৰকাৰে দলিয়াই দিয়া সূতা কম্বল খনেই আমাৰ বাবে সৰ্বস্ব । টানি আঁজুৰি হলেও এখন বা এমুঠি হলেও হস্তগত কৰিব লাগিব এনে মনোভাৱ ৷ নোপোৱা সকলে পাৰে মানে গালি পাৰিছে কেমেৰাৰ সম্মুখত ৷ যেন কম্বল এখন বা এমুঠি সূতা দিয়াটোৱেই চৰকাৰৰ শেষ কাম ৷ ঘটনাবোৰ যথেষ্ট উদ্বেগজনক আমাৰ গণতন্ত্ৰৰ বাবে বা আমাৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ বাবে ৷ অলপ ভূ ৰখা সকলে গম পায় যে এই কম্বলবোৰ বিলোৱাৰ উদেশ্য সাধাৰণ মানুহ যিসকল বিশেষকৈ ৰাজনৈতিক ভাৱে অসচেতন বা অজ্ঞ, তেওঁলোকৰ পৰা ভোটবোৰ আদায় কৰা ৷ ই এক অগণতান্ত্ৰিক প্ৰক্ৰিয়া । স্বাধীনতাৰ ৭০ বছৰৰ পাছতো কম্বল বিলাই ভোট সংগ্ৰহ কৰিব পৰাতো যথেষ্ট চিন্তনীয় বিষয় ৷ পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰ বুলি আমি গৌৰৱ কৰি থকাৰ সময়ত আমি যে এক শুদ্ধ গণতন্ত্ৰৰ মাজত নাই সেই কথা প্ৰমাণ কৰিবলৈ এইটো ঘটনাই যথেষ্ট ।

ৰাজনীতিবিদ সকলক ভিন্ন সময়ত ভিন্ন ৰূপত দেখা পোৱা যায় । নিৰ্বাচনৰ পাছৰ প্ৰায় ৪ বছৰ কুম্ভকৰ্ণ নিদ্ৰাত নিমগ্ন । বিভিন্ন ঠাইত ৰাস্তা-ঘাট, দলং আদিৰ আধাৰশিলা স্থাপন কৰা দেখা পোৱা যায়, যেন সকলো কাম একেদিনাই কৰি শেষ কৰি দিব । তেওঁলোকে শুভাৰম্ভ কৰা এই আধাৰশিলা সমূহৰ কাম কেতিয়া সম্পূৰ্ণ হ’ব, সেয়া সৰ্বসাধাৰণৰ ৰাইজটো বাদেই তেওঁলোকেও নাজানে, একমাত্ৰ নেদেখাজনৰ বাহিৰে ।

কোনো ৰাজনৈতিক দল অথবা ৰাজনীতিবিদৰ সৈতে আমাৰ কোনো শত্ৰুতা ভাব নাই । কিন্তু বৰ্তমান কৰি থকা তেওঁলোকৰ কাম কাজ দেখি শুনি ভাব হয় তেওঁলোকে যেন নিজৰ পকেট গৰম কৰিবলৈহে ৰাজনীতি কৰে । সংসদৰ অধিবেশনৰ সৰহ সংখ্যক সময় অপচয় কৰি ৰাজকোষৰ ধন অপচয় কৰাত ব্যস্ত সাংসদসকল । বিৰোধী সাংসদসকলেও প্ৰতিটো কথাতেই, প্ৰতিটো কায্যতেই হস্তক্ষেপ কৰি উন্নয়নৰ কায্য পিছুৱাই নিয়াত মগ্ন । এনেদৰে হ’লে দেশৰ উন্নয়ন জানো সম্ভৱ !! এয়া আমাৰ দেশৰ এক ভয়াবহ সমস্যা । দেশৰ জনগণ সজাগ হ’বৰ হ’ল, নহ’লে অসমত এনে সমস্যাই এদিন ভয়ঙ্কৰ ৰূপ ল’ব, সেয়া ধুৰূপ ।

এনে ৰাজনৈতিক ব্যৱস্থাত চোৰ প্ৰবঞ্চকৰ উপস্থিতি একেবাৰে সুচল ৷ নেতাৰ হাতত বাৰে বাৰে ভূলুণ্ঠিত হয় আমাৰ গণতন্ত্ৰ । যেতিয়ালৈকে আমাৰ জনগণ ৰাজনৈতিকভাৱে শিক্ষিত আৰু সচেতন নহয় তেতিয়ালৈকে আমি এক সুস্থ ৰাজনৈতিক অথবা ৰাষ্ট্ৰ ব্যৱস্থা আশা কৰিব নোৱাৰো ৷ মুক্তও হ’ব নোৱাৰো শোষণ নিষ্পেষণ বা প্ৰৱঞ্চণাৰ পৰা ৷ কিন্তু এই অপেক্ষা কিমান দিনলৈ…..?

সম্পাদকীয়

২৬ জানুৱাৰী । গনতন্ত্ৰ দিৱস । এই দিৱস কিয় উদযাপন কৰা হয় সেয়া আমি সকলোৱে জানো । তথাপিও এবাৰ কওঁ ১৯৪৭ চনত ভাৰতবৰ্ষই প্ৰকৃত স্বাধীনতা প্ৰাপ্তিৰ পিছত সংবিধান খন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ হৈছিল আৰু তেতিয়াৰে পৰাই ২৬ জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে উদযাপিত হৈ আহিছে । ইয়াৰ পূৰ্বে ১৯২০ চনৰ পৰা ১৯৪৭ চনলৈকে কংগ্ৰেছে ২৬ জানুৱাৰী দিনটো স্বাধীনতা দিৱস হিচাপেহে উদযাপন কৰিছিল । এই পবিত্ৰ দিনটোত প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতৰ ৰাষ্ট্ৰীয় সঙ্গীত ‘জন গণ মন’ গোৱা হয় । প্ৰধানমন্ত্ৰীৰ ভাষণৰ পিছত ভাৰতীয় সামৰিক আৰু অসামৰিক বাহিনীৰ ডিভিজনসমূহে মাৰ্চ পাষ্ট কৰে । লগতে পেৰেড আৰু ভাৰতৰ স্বাধীনতা আন্দোলন আৰু বৈচিত্ৰময় সাংস্কৃতিক পৰম্পৰাৰ প্ৰদৰ্শন কৰা হয় । ৰাজ্যৰ ৰাজধানীবোৰতো একেধৰণৰ কাৰ্যসূচী পালন কৰা হয়, য’ত নিজ-নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে পতাকা উত্তোলন কৰে । ইয়াৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবোৰত পতাকা উত্তোলন আৰু সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয় ।

স্বাধীনতা দিৱসৰ দিনা দূৰদৰ্শন তথা ৰেডিঅ’ চেনেল সমূহত সমগ্ৰ দেশতে হিন্দী তথা অন্যান্য ৰাজ্যিক ভাষাসমূহত দেশ-প্ৰেমমূলক চলচ্চিত্রও প্ৰচাৰ কৰা হয় ৷ পতাকা উত্তোলনৰ অনুষ্ঠান সমূহতো এনে সংগীত পৰিবেশন কৰা হয় ৷

এই পবিত্ৰ দিনটোত দেখা যায় যে বহু অনুষ্ঠান প্ৰতিষ্ঠানে উদযাপনৰ পৰা বিৰত থকা দেখা যায় । ইয়াতকৈ পৰিতাপৰ কথা যে বহু অনুষ্ঠান-প্ৰতিষ্ঠানত জাতীয় পতাকা ওলোটাকৈ (ওপৰে শ্যামল মাজত শুকুলা তলত গেৰুৱা) উত্তোলন কৰা, ডিউটিত থকা বাহন কিছুমানত পতাকা খনৰ পৰিবৰ্তে অকল মাৰিডালহে থকা, আৰু কিছু বাহনত ওলোটাকৈ থকা আমাৰ দৃষ্টি গোচৰ হয় । তেওঁলোকক সোধাত ঠিকেই থকা বুলিহে কয় । স্বাধীন ভাৰতৰ নাগৰিক হিচাপে ইয়াতকৈ দুখৰ কথা আৰু কি হ’ব পাৰে ।

এইবাৰ বিভিন্ন ঠাইৰ লগতে খানাপাৰা খেলপথাৰতো গনতন্ত্ৰ দিৱস ধুমধামেৰে পালন কৰা হ’ল আৰু দেখা গ’ল যে স্বয়ং বৰমূৰীয়া সকলেই স্বচ্চ ভাৰত অভিযানক বুঢ়া আঙুলি দেখুৱাই খেলপথাৰ সমূহ অপৰিস্কাৰ কৰি থৈ অহা । ইয়াৰ দ্বাৰা বাৰু আমি নিজৰ ফোপোলা স্বৰূপটো বেলেগৰ আগত উদঙাই দিয়া নাইনে । এই পবিত্ৰ দিনটোৰ সন্মান জনাই, স্বৰ্গীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আহক সকলোৱে সকলোৱে সংকল্প লওঁ গনতন্ত্ৰ আৰু স্বাধীনতা দিৱস সঠিক ভাৱে পালন কৰিম আৰু উদযাপনৰ পাছত খেলপথাৰ সমূহ পৰিস্কাৰ পৰিচন্ন কৰি সুস্থ পৰিবেশ অক্ষুন্ন ৰাখিম ।

সম্পাদকীয়

নৱবৰ্ষ । অসমীয়াই ইংৰাজী নৱবৰ্ষ এইবাৰো আদৰিলে ধুমধামেৰে ৷ নদীৰ পাৰত বনভোজ ৷ বন্ধুবৰ্গৰ মাজত মদে মাংসই এসাজ । সাধাৰণ ভাষাত খানা ৷ ইলেক্ট্ৰনিক মাধ্যমত মাজনিশালৈকে নৃত্য গীতৰ সমাহাৰ ৷ বিলাসী হোটেলত সুৰা আৰু সুন্দৰীৰ ৰমণ ৷ ৰাজপথত চেঙেলীয়াহঁতৰ মটৰচাইকেলৰ দপদপনি ৷ আৰু যে কত কি ? যেন অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহুটিৰ হে আয়োজন ৷

অসমীয়াৰ পৰম্পৰাত নাম গোন্ধ নথকা এই উৎসৱটিৰ অসমীয়াৰ বাবে কোনো ধৰণৰ সাংস্কৃতিক গুৰুত্ব নাই ৷ কাৰণ অসমৰ মাটি অসমীয়াৰ শিপাৰ সৈতে ইয়াৰ কোনো সংযোগ নাই ৷ কিন্তু অসমীয়াৰ সস্তীয়া আবেগৰ সুযোগত ই অসমীয়াৰ চোঘৰত এদিন প্ৰবেশ কৰিব ৷ ই এক আমাৰ বাবে দুৰ্ভাগ্য হব ৷

নৱবৰ্ষ মানেই বনভোজৰ প্ৰয়োভৰ ৷ পৰ্যটন উদ্যোগত বনভোজৰ কিছু গুৰুত্ব আছে ই অনস্বীকাৰ্য ৷ কিন্তু বনভোজৰ নামত অসমৰ বনভোজস্থলীত যি উদ্ভন্দালী হয় সেয়া সাত শতৰুৰো কাম্য নহয় ৷ এই উদ্ভন্দালী বহু সময়ত এনে এক পৰ্যায় পায়গৈ য’ত হত্যা আৰু ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হয় ৷  বনভোজৰ আনন্দই ভয়ানক ৰূপ লয় ৷

আনহাতে বনভোজ স্থলীত আমি পাহৰি যাওঁ অন্য কাৰোবাৰ উপস্থিতি । আমি আনন্দ উপভোগ কৰোঁ নিজস্ব ধৰণেৰে । বিভিন্ন ধৰণৰ সংগীত উপভোগ কৰোঁ উচ্চ স্বৰত । আমি নাভাবো যে সেই সংগীতে কাৰোবাৰ ভয়ানক ক্ষতি সাধন কৰিব পাৰে । মানুহে নিজৰ মনৰ ভাব ব্যক্ত কৰিব পাৰে, কিন্তু অন্য প্ৰাণীবোৰে ??  সেই উচ্চ স্বৰৰ সংগীত চৰাইবোৰৰ বাবে ক্ষতিকাৰক । চৰাইবোৰে অশান্তি অনুভৱ কৰাৰ উপৰিও বংশ বিস্তাৰৰ মাধ্যম স্বৰূপ সিহঁতৰ কণীবোৰৰো ঘোলা হোৱাৰ সম্ভাৱনা অধিক । ভাবি চাওকচোন আমাৰ অকণমান অতিৰিক্ত আনন্দই কাৰোবাৰ কিমান ক্ষতি কৰিব পাৰে ।

আনহাতে আমি পাহৰি যাওঁ যে সেই বনভোজ স্থলীত আৰু অন্য কোনোবাও বনভোজৰ আনন্দ লবলৈ আহে । অহাৰ সময়ত বনভোজৰ সেই নিৰ্দিষ্ট স্থলীখন ইমানেই অপৰিস্কাৰ কৰি থৈ যায় যে উক্ত ঠাইত অন্য কোনোবাই উপভোগ কৰাটো দূৰৰে কথা, খোজ দিবলৈও সংকোচ কৰা দেখা যায় । এইবোৰ এটা এটা সৰু উদাহৰণ মাত্ৰ । তেন্তে ভাবকচোন জীৱ শ্ৰেষ্ঠ মানুহ বুলি আমি গৌৰৱ কৰোঁ সঁচা, কিন্তু আমি বাৰু জীৱ শ্ৰেষ্ঠৰ কাম কৰিছোনে ?

আহক, আজি আমি সকলোৱে সংকল্প লওঁ, আমি জীৱ শ্ৰেষ্ঠ মানুহ, জীৱ শ্ৰেষ্ঠ হিচাপে পৰিচয় দিব পৰাকৈ আজিৰ পৰা কাম কৰি যাম । নৱবৰ্ষ বুলি কাৰোবাৰ স্বাধীনতাত হস্তক্ষেপ নকৰোঁ । নৱবৰ্ষ গইনা লৈ বিলাতী সুৰাৰ দোকানখনলৈ গৈ মালিক পক্ষক ধনী তথা আমাৰ সমাজখনক কলুষিত নকৰোঁ । সকলোৱে আজিৰ পৰা সুৰা বিহীন নৱবৰ্ষ পালন কৰিম, বনভোজৰ স্থলীখন পৰিস্কাৰ কৰি ৰাখিম আজিৰ পৰা ।

সম্পাদকীয়

ৰাস উৎসৱ অসমীয়া সংস্কৃতিৰ এক বিশেষ অংগ । ৰাসে অসমীয়া জন জীৱনত আধ্যাত্মিক দিশটো শক্তিশালী কৰি তুলিছে । ৰাসৰ মাজেৰে অসমীয়াই আত্মাৰ লগত পৰমআত্মাৰ মিলনৰ আখৰা কৰে । অসমত ৰাস শ্ৰীমন্ত শংকৰৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম উপাদান । ই আজি শ শ বছৰে মানুহক আধ্যাত্মিক ভাবে শিক্ষিত কৰি তুলিছে । ৰাসৰ মূল উদ্দেশ্য হ’ল এইটোৱেই । ৰাস বুলিলে অসমীয়াৰ প্ৰাণ উঠলি উঠে পৰম আত্মাৰ লগত মিলনৰ হেঁপাহত । এই উৎসৱ পালন কৰি অহা হৈছে হাজাৰ বছৰীয়া পৰম্পৰাৰে । শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰসুৰি সকলে ৰাসক বৈষ্ণৱ আন্দোলনত এক উচ্চ স্থান প্ৰদান কৰিলে । উজনি অসমত নাট্য চৰ্চা মাধ্যমেৰে ভগৱান শ্ৰী কৃষ্ণৰ চৰিত্ৰটো জনমানসত প্ৰতিষ্ঠাৰ চেষ্টা কৰা হয় । আত্মা আৰু পৰম আত্মাৰ প্ৰতীক স্বৰূপে গোপী কৃষ্ণৰ মিলন প্ৰদৰ্শন কৰি জন জীৱনক আধ্যাত্মিক জ্ঞান প্ৰদান কৰে । কিন্তু এই হাজাৰ বছৰীয়া  পৰম্পৰা যিটো শংকৰদেৱে উচ্চ ভাৱে প্ৰতিষ্ঠা কৰিছিল । সেই পৰম্পৰাত কিন্তু বৰ্তমান ঘূণে ধৰিছে । যোৱা কেইটামান বছৰত আমি দেখিছো ৰাসৰ নাট্য প্ৰদৰ্শনকে আদি কৰি উৎসৱটিত ব্যৱসায়িক চিন্তাই ক্ষতিকাৰক ভাবে প্ৰৱেশ কৰিছে । স্থানীয় শিল্পীৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰে মহীয়ান হৈ থকা ৰাসৰ নাট্য প্ৰদৰ্শনত এতিয়া ব্যৱসায়িক চিন্তাৰে গ্লেমাৰ যুক্ত শিল্পীৰ প্ৰৱেশ ঘটিছে । তেওঁলোকৰ গ্লেমাৰটোৱেই ইয়াৰ মূল আকৰ্ষণ । প্ৰয়োজনীয় অখৰাখিনি নকৰাকৈ এই সকল শিল্পী মঞ্চত প্ৰৱেশ কৰে বাবে তেওঁলোকৰ অভিনয় সচেতন দৰ্শকৰ বাবে দৃষ্টিকটু হৈ পৰে ।

বিহু মঞ্চৰ দৰে লাখটকীয়া শিল্পীৰ সস্তীয়া  মনোৰঞ্জনৰ দৰে হবগৈ ছাগে ৰাসৰ মঞ্চও ৷ ই নিশ্চয় চিন্তনীয় বিষয় ৷ ইয়াৰ উপৰিও কিছুসংখ্যক অপৈণত শিল্পীয়ে ৰাসৰ নাট্যধাৰাত আধুনিক প্ৰযুক্তিৰ অপ্ৰয়োগৰ চেষ্টা চলাইছে ৷ সস্তীয়া জনপ্ৰিয়তা বিচাৰি দৰ্শকৰ মন আকৰ্ষণৰ বাবে কিছু ঠাইত নাটৰ মাজত প্ৰজেক্টৰ ব্যৱহাৰ কৰিছে যিটোৱে অসমীয়া সত্ৰীয়া নাট্য ধাৰাটোকে বিকৃত কৰিছে ৷ এনেবোৰ কাৰ্যই আমাৰ পৰম্পৰাৰ সক্ৰিয়তা ৰাখিবনে ?
এইবাৰ আন এটি দুখবৰ পালো, সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ এখন বিশেষ ৰাসমণ্ডপৰ লগত মদ আৰু জুৱাৰ মুকলি বেহা বহিছে ৷ এক আধ্যাত্মিক অনুষ্ঠানত মদ আৰু জুৱাৰ প্ৰচলনে কি সুচাই ! ই জাতি টোকে ধ্বংস নকৰিবনে ?

সম্পাদকীয়

“আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহ’ব
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলগে যাব।”

সৌ বিংশ শতিকাৰ প্ৰথমাৰ্দ্ধত যৌৱন কালতেই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে এই গীতটোৰ জৰিয়তে অসম বাসীক সজাগ কৰিব বিচাৰিছিল। সময়ে কাকো ক্ষমা নকৰে; সুধাকণ্ঠ গুচি গ’ল ! কিন্তু তেওঁৰ গীতৰ তাত্পৰ্য্য আজিও “আমি অসমীয়াই” হৃদয়ঙ্গম কৰিব নোৱাৰা কথাটো কেৱল লজ্জাজনকেই নহয়, বিপদৰ ঘণ্টা ধ্বনিও বুলিব পাৰি।

কেইদিনমানৰ আগতে অসমীয়াৰ সংজ্ঞা বিচাৰি বিভিন্ন প্ৰচাৰ মাধ্যমত তোলপাৰ লাগিছিল। অযুক্তিকৰ আৰু বিৰক্তিকৰ হুলস্থুল; অতি সহজ উত্তৰ– অসমভূমিকলৈ যিয়ে গৌৰৱ কৰিব পাৰে; অসম মাতৃৰ ওপৰত চলা ব্যভিচাৰ, অন্যায়, অত্যাচাৰ যিয়ে কেতিয়াও কোনোকালে সহ্য কৰিব নোৱাৰে, তেওঁৱেই অসমীয়া। যাৰ হৃদয়ত “অসমী আই” শব্দটোৱে কল্লোল তুলিব নোৱাৰে, অসমী আইৰ ওপৰত চলি অহা শোষণ দেখিও যাৰ দেহ-মন নকঁপে আৰু বিদ্ৰোহৰ ৰক্ত উঠলি নুঠে তেওঁ কেতিয়াও অসমীয়া হ’ব নোৱাৰে। সেইজনে অসমীয়াৰ বাবে কেতিয়াও ধনাত্মক চিন্তা নকৰে; কৰিব হিংসা প্ৰবঞ্চনা।

বলিয়া ৰাজনীতিৰ ক্ষুদ্ৰ স্বাৰ্থত যি সকলে অসমী মাতৃকলৈ গুপ্ত ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু প্ৰকৃত অসমীয়াৰ মান মৰ্য্যদা নষ্ট কৰিছে, তেওঁলোক সাৱধান হোৱা ভাল। ইতিমধ্যে অস্তিত্ব ৰক্ষাৰ ধুমুহা আৰম্ভ হৈছে। এই দেশত বদন বৰফুকনৰ দৰে দেশেদ্ৰোহীৰ কোনো স্থান নাই। মাতৃৰ ওপৰত অহৰ্নিশে যিয়ে জিঘাংসু দৃষ্টি ৰাখিছে, তেওঁলোকে ভালদৰে জনা দৰকাৰ– লাচিতৰ সন্তানে কেতিয়াও কাকো ভয় নকৰে। মাৰিবও পাৰে, মৰিবও পাৰে।

কথাবোৰ হজম কৰিব নোৱাৰা বিধৰ হৈছে। সংকীৰ্ণতাৰ পৰা বিশালতালৈ অৰ্থাৎ ক্ষুদ্ৰস্বাৰ্থ এৰি সামগ্ৰিক স্বাৰ্থলৈ গতি কৰিব লাগিছিল; কিন্তু ওলোটাহে হৈছে। উপায় নাই। বিশাল হৃদয়ৰ অধিকাৰীহৈ অসমীয়াই বহুত ডাঙৰ ভুল কৰিলে আৰু কৰি আছে।

কথাবোৰ নতুনকৈ ভাবিব লাগিব ৷ “মানুহে মানুহৰ বাবে” বুলি ভাবিব পৰা হ’লে আজি ধৰ্মীয় গোড়ামী আৰু উগ্ৰজাতীয়তাবাদৰ উদ্ধৃতি লৈ আজি এচামে অমানৱীয় কাণ্ড নকৰিলেহেঁতেন। মই হিন্দু, মই মুছলিম, মই আহোম মই কছাৰী হ’লে অসমীয়া কোন হ’ব৷ আন্ধাৰৰ ৰজাৰ শক্তি বাঢ়িছে ৷ পিতপিতাই ফুৰিছে তাৰ এজেন্ট বোৰ৷ অসমীয়াৰ চোতালত বিভেদৰ বীজ সিচিঁছে৷ মানুহৰ মাজত সৃষ্টি কৰিছে ক্ষুদ্ৰ মানুহ৷ বৃদ্ধি কৰিছে অমানুহ৷ এতিয়া ভুপেন হাজৰীকাৰ গীত কেৱল মঞ্চত শুনিলে নহ’ব৷ হৃদয়ত থাপি নিজক কৰিব লাগিব মানুহ৷ যুঁজিব লাগিব অমানুহৰ বিৰুদ্ধে ৷

আজি প্ৰতিকূলতাৰ ডাৱৰে আৱৰা অসমৰ আকাশ বতাহ; ফৰকাল অনুকূল পৰিবেশ যেন সপোনৰ অগোচৰ। শেষত, অসম মূলুকৰ বৰ্তমান পৰিস্থিতিত জাতীয়তাবাদৰ প্ৰয়োজনীয়তা কিমান আজিৰ প্ৰজন্ম (অসমীয়া)ই উপলব্ধি কৰাটো অতি দৰকাৰ হৈ পৰিছে। কাৰণ এনেকৈ হাত সাৱতি বহি থাকিলে অতি সোনকালে অসমৰ জাতীয় সত্বাৰ বিলুপ্তি নিশ্চিত। এটা সময়ত হয়টো অসমীয়া নামৰ দেহটোহে থাকিব; প্ৰাণ নাথাকিব।

প্ৰবাহমান সময়ৰ বোকোচাত অসমীয়া সমাজখন

প্ৰবাহমান সময়ৰ বোকোচাত অসমীয়া সমাজখনৰ থৰকাচুটি হেৰাইছে। চৌদিশে অলেখ দুৰ্বিসহ জীৱনৰ হাঁহাকাৰ। দুৰ্নীতি, হিংসা, হত্যা, অৰ্থনৈতিক দুৰাৱস্থা, প্ৰাকৃতিক দুৰ্যোগ, গোষ্ঠী সংঘৰ্ষ, বহিৰাগতৰ আগ্ৰাশনে ভাৰাক্ৰান্ত কৰি তুলিছে সমাজ। দুঃসময়ৰ সৈতে যুঁজি যুঁজি সৰ্বস্বান্ত হোৱা মানুহচামৰ ওপৰত মানৱৰূপী মহিষাসুৰৰ অত্যাচাৰে চৰম সীমা অতিক্ৰম কৰিছে। এনে এক পৰিবেশটো সমযোজনৰ প্ৰৱনতাইহে যেন গা কৰি উঠিছে জনমানসত। ইয়াৰ মাজতে আকাশত শুকুলা মেঘৰ অবাধ বিচৰণ, হংস মালাৰ দিগন্ত সাৱটি উৰা মৰাৰ নয়নাভিৰাম দৃশ্য, মলয়াত নৃত্যৰতা কহুঁৱাৰ শুভ্ৰ শেতেলীয়ে কঢ়িয়াইছে শৰত আগমনৰ বতৰা। ভদীয়া বানৰ সংহাৰে কোঙা কৰা সৰ্বহাৰাৰ বেদনাৰ অশ্ৰু মচিবলৈকে যেন প্ৰকৃতিৰ এনে বিশাল আয়োজন। কৃষক বন্ধুৰ এই ঋতুৱে বিশেষ উপহাৰ নানিলেও প্ৰতিশ্ৰুতিৰ হেজাৰ স্বপ্ন গঢ় লোৱাই। অসমৰ জাতীয় জীৱন ৰঙিয়াল কৰি প্ৰতিচাম মানুহক পাহৰাই পেলাই ভোগ, যান্ত্ৰিকতাময় পৃথিৱীখনক। শাৰদীয় উত্সৱৰ ৰেঙণিয়ে কৰ্ম ব্যস্ততম মানুহৰ অন্তৰত যোগায় জীয়াই থকাৰ সম্বল। এনে দুৰ্বিসহ সময়তো সেই সম্বলকে লৈ, আশাৰে সেউজবুলীয়া ৰেঙণি লৈ বাট চাই প্ৰতিজনে।

এই সংখ্যাৰ বাবে প্ৰচ্ছদ অলংকৰণৰ বাবে ফটো আগবঢ়াইছে........
প্ৰতিভা চৌধুৰী
বঙাইগাওঁ