চিঠিৰ সুবাস

গীতাশ্ৰী ওজা

শিৱসাগৰ ।

মৰমৰ সোণমানু,

স্মৃতিয়ে বাওলি কৰা মইজনীয়ে মেলি লৈছো অনুভৱেৰে বুটা বঁচা সস্তিয়া দলিচাখন । জাপৰ মাজৰৰে উকা ঠাইত কলমেৰে বাট বুলিছে শামুকীয়া গতিৰে…. । নতুনৰ আলিংগনত কুশলে আছা নিশ্চয় । মোৰ জীৱন নাটত তোমাৰ চৰিত্ৰটো জল-জল পট-পটকৈ ভাহি উঠিছে তন্দ্ৰালস দুচকুত…. । সেই যে মধুৰতম সংলাপ সমূহ….. আহঃ কি যে সংলাপ তোমাৰ…. । এজন দুর্দান্ত প্ৰেমিকৰ অন্তৰ ভেদিভাহি অহা প্ৰেমৰ অনুপম সংলাপ বাঃ…..! কিমান নিখুদ, কি অপূর্ব অভিনয়…. । সঁচাই অতুলনীয়….. । সোণ, নাটকৰ যৱনিকা পৰিবৰে পৰা তোমাৰ কোনো খবৰেই নোপোৱা হ’লো । মাজে মাজে মন যায়, তুমি একেই আছানে নাইবা এজন সুদক্ষ অভিনেতা হিচাপে সফলতাৰ জখলা দাল কিমান দূৰ আগুৱাই গ’লা জানিবলৈ….. । কিন্তু তুমি নিৰুদ্দেশ……। স্মৃতিৰ পাতত খেপিয়াই ফুঁৰো তোমাৰ অস্তিতক…. । তোমাক এপলক হৃদয় দাপোনত ভাহি তোলাৰ হেঁপাহেৰে আৱেগৰ আকাশত মন পাখী মেলি উৰো….. । হুম…. ভাৱনা নৌকাত উঠি বেদনা নদীত পৰি কক্ বকাই ফুৰিছো । দুখৰ সোঁতত উটি গ’ল চকুলো…… । প্ৰতিশ্ৰুতিবোৰ যে প্ৰতাৰণা হৈ ৰ’ব সেয়া এটি নিষ্ঠুৰ সপোন দৰে আছিল । কিন্তু জীৱনৰ উকা পৃষ্ঠাবোৰত সপোনবোৰ বাস্তিৱায়িত হৈ বিষাদ নামেৰে ভৰি পৰিল….. । সেই সময়বোৰৰ দেহাৱসান ঘটিল অ’ সোন…. । স্মৃতিবোৰক স্মশানলৈ নিব লাগে । ভালোৱাবোৰৰ সৎকাৰ কৰো…। তুমিহীনতাত নিসংগ মই । তুমি অগ্ৰসৰহ’লা এক নতুন পথত…. । অচিনাকী সোঁততবিলিন আজি তুমি….. । মই ৰৈ গ’লো তোমাৰ বাবে স্মৃতিৰ এটি ধুসৰিত পৃষ্ঠা হৈ…. ।পোৱা নোপোৱাৰ আশাবোৰে জ্বলাইছো এগচি চাকি । সেয়াও সাম্প্ৰতি প্ৰায় অন্তিম পর্যায় । আশাৰো সমাপ্তি ঘটিব জীৱন চাকিও নুমাই যাব…. । পুনৰবাৰ স্মৃতিত বাওলি নোহোৱাৰ প্ৰতিশ্ৰুতিয়ে…….­.।

প্ৰান্তত

তোমাৰ

“জানমানু”

মাকলৈ চিঠি

গীতাশ্ৰী ওজা, শিৱসাগৰ ।

প্ৰতি
পূজনীয়া মা…,       ০৮/০১/২০১৬

পত্ৰৰ আৰম্ভণিতে মোৰ দূৰণীবতীয়া সেৱা গ্ৰহণ কৰিব । মোৰ আশা ভগৱানে আপোনালোকক কুশলে ৰাখিছে । তেৰাৰ কৃপাত মোৰো ভালেই । কিন্তু কিয় জানো মা আজি মোৰ মনটো ভাল লাগি থকা নাই । ঘৰলে বৰ মনত পৰিছে অ’ ।
Continue reading

অনুৰাগ মোৰ ‘গাঁৱ’ৰ বাবে

নাৱাব নাৰ্জ্জী ইছলাম,

নাজিৰা, শিৱসাগৰ ৷

গাঁও – এই শব্দটো শুনাৰ লগে লগে হৃদয়ত এটি আকুলতাই দোলা দি যায়।গাঁৱত থাকে কেঁচামাটিৰ সুবাস, গাঁওবাসীৰ উদাৰতা, সৰলতা,সততা -মুঠৰ ওপৰত মানৱ বন্দনাৰ বিবিধ উপাচাৰ। যাক ব্যস্ততাৰ ধামখুমীয়াত পাহৰোঁ বুলিয়ো পাহৰিব নোৱাৰি।সেয়ে শৈশৱতে হৃদয়ত সাঁচ বহুওৱা গাঁৱৰ নিভাজ এনাজৰীৰ টানতে দুআষাৰ লিখিবলৈ প্ৰয়াস কৰিছোঁ। মই সময়-সুযোগ পালেই মোৰ ল’ৰালিৰ গাঁও ‘ওপৰ নাজিৰা কৈৱৰ্ত গাঁও’ খনলৈ যাওঁ। কাৰণ এৰি থৈ যোৱা গাঁওখনলৈ উভতি অহাটোত প্ৰতিজন গাঁওবাসীয়ে স্বৰ্গীয় আনন্দ অনুভৱ কৰে।
Continue reading

প্ৰেমৰ গল্প

ৰণজিৎ  বড়া

শীতল কোমল বতাহে ছুই গৈছিল তল সৰা শেৱালি সুগন্ধি, এতিয়াও নাকত বিৰিঙি আছে । এমুঠি জোনাক সম্ভাৰ লৈ মন পদুলিত দেখা দিবলৈও যে তুমি ব্যস্ত আছা । তুমি মোক এদিন কৈছিলা শৈশৱৰ কিছুমান মিঠা অনুভূতি । Continue reading

উন্মুক্ত এটি সন্ধ্যা, এটি মন আৰু এটি প্ৰভাতী ক্ষণ

পল্লৱী দাস, বৰদলনি, ধেমাজি |

হৃদয়খনৰ কোনোবা এটা কোণত বিষ এটাই জোৰ জোৰকৈ চিঞৰিছে | কোনেও নুশুনে, অনুভৱো নকৰে | আচলতে কৰিবই বা কিয় ? কাৰণ বিষটো মোৰ, হৃদয়খনো মোৰ….গতিকে সহিবও লাগিব মই আৰু অনুভৱো কৰিব লাগিব মইয়েই |
অনুভৱবোৰে জুৰুলা কৰি পেলাইছে | বিষটোৱে যেন শুহি শুহি শেষ কৰি পেলাব ধৰিছে মোৰ তেজৰ কণিকাবোৰ | হৃদয়খন বৰ ভাগৰুৱা হৈ পৰিছে অঁ…..ইয়ো যেন জিৰাব বিচাৰিছে ক’ৰবাত শান্তভাৱে….!
Continue reading

নীলা খামৰ চিঠি

গীতাশ্ৰী ওজা, নামতি, শিৱসাগৰ |

মৰমৰ

ভাৱনাত তোমাৰ নামেৰেই স্পন্দন আঁকি মেলি লৈছো আৱেগ অনুভূতিৰে পুনৰ বাৰ সিক্ত কৰাৰ আশাৰে ডায়েৰীৰ এটি উকা পৃষ্ঠা । কিছুমান মুহূৰ্ত বাৰে বাৰে অনুভৱ কৰি ভাল লাগে । দুটি নয়ন সিক্ত হ’লে মনে প্ৰশান্তি লভে । আচলতে দুখবোৰ নিঃশেষ কৰাৰ মোৰ প্ৰধান আৰু শেষ অস্ত্ৰই হ’ল চকুলো । Continue reading

শৰৎ: আধা লিখা ডায়েৰীৰ পৃষ্ঠা

মোহন পাচনি, হাৱাজান, গহপুৰ |

কিনো লিখো ? একেদৰেই হয়তো আধা লিখা অথবা উকা হৈয়ে থাকিব ডায়েৰীৰ আন এটা পৃষ্ঠা…… !

পদূলি মুখৰ শেৱালী জোপাৰ সুৱাস আজি অনুভৱ কৰিলো | ডুখৰীয়া কিছুমান সোঁৱৰণিয়ে সেয়ে হয়তো আজিও মানস পটত অগা-দেৱা কৰি আছেহি | আগৰ দৰেই | নৈৰ পাৰৰ নিসংগ কহুঁৱানি ডৰাই শুভ্ৰতাৰে হাঁহিবলৈ শিকিছে | শুক্লা আৰু কৃষ্ণাৰ ওৰণিৰ আঁৰত শেৱালী জোপাও ফুলিছে | সেই ওৰণিৰ আঁৰতে সৰিবও ! তল সৰি মৰহিবও | পিছে সুৱাস ? সেই সুৱাসেইচোন উজাই নিয়ে মনটোক অতীতলৈ….
Continue reading

এমহাৰ্ষ্টৰ ডায়েৰী

অলী শৰ্মা, আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

সুসজ্জিত চীনা ৰেষ্টোৰাঁখনৰ ভিতৰত সোমায়ে এক বিশেষ আভিজাত্যতাৰ চাপ অনুভৱ কৰিলো ৷ ৰেষ্টোৰাঁখনৰ বেছিভাগ কৰ্মচাৰীয়েই চীনদেশীয় ৷ কোঠাবিলাকৰ বেৰত বিভিন্ন ধৰণৰ চীনা সংস্কৃতিৰ চাপ থকা প্ৰতিচ্ছবি ৷ মুঠতে চাৰিওদিশে এক চীনা চীনা পৰিৱেশ ৷ চীনদেশীয় খাদ্যসম্ভাৰৰ সুগন্ধি চাৰিওদিশে বিয়পি আছিল ৷ মোৰ পেট কলমলাই উঠিছিল ৷ Continue reading

নীলা খামৰ চিঠি

হেমন্ত কোঁৱৰ, ডিমৌ নিতাই পুখুৰী, শিৱসাগৰ |

মৰমৰ……
এয়া চোৱা, তোমালৈ বুলি আবেলি পৰত
নিলিখো নিলিখো বুলি পুনৰবাৰ লিখিছো
নীলা খামৰ চিঠি । মনত বহুত ভাষাই খুন্দিয়াই আছে
কিন্তু কি জানা তোমাক মুগ্ধ কৰিব পৰাকৈ
কথাবোৰ সজাব পৰা নাই । Continue reading