মিতভাষ

 

অনিতা গগৈ
নামৰূপ

(১)
পিয়ান’ৰ ৰিড্ বোৰে উঠা নমা কৰিছে
পিয়ান’ৰ ৰিড্ বোৰে উঠা নমা কৰিছে । বন্ধ হৈ থকা
প্রকাণ্ড দেৱাল ঘড়ীৰ কাটাকেইডালো দেখোন
আচম্বিতে সচল হৈ উঠিছে। কঁপি উঠিছে পৰ্দাবোৰ
— খিৰিকীৰ পাল্লাবোৰ এবাৰ সঁজোৰে বন্ধ হৈ
পুনৰ মেল খাইছে । সকলোৱে হয়তো ভাবিছে
অলপতে পাখিত জুই লগাই উৰি যোৱা দেৱদূতজন
পুনৰ উভতি আহিব … তেওঁ আহিলেই ফুলি উঠিব
সপোনবোৰ। …. বাট চাই চাই ৰৈ আছে নিশ্চল
ছায়ামূৰ্তিবোৰ — তেওঁলোকৰ দুচকুৰ মণিত উমি উমি
ধোঁৱাই আছে এখন সাগৰ । এই সকলো ফ্রেমত
বান্ধি ক্রমাৎ ধূসৰ হৈ পৰিছে মেঘে ঢকা আকাশখন —-
আৰু মই ? সেই ফ্রেমতে যেন আবদ্ধ হৈ
আছোঁ এটা গজালত হৃদয় আঁৰি… ৰক্তাক্ত এই ছবিৰ
বুকুত !

(2)
মঞ্চত উৎকণ্ঠাঘণ নাট্যদৰ্শনী
.
মঞ্চত উৎকণ্ঠাঘণ নাট্যদৰ্শনী __ মোহাবিষ্ট
দৰ্শকৰ শাৰীত বহি উপভোগ কৰিছোঁ প্রাণৱন্ত
অভিনয়। প্রতিটো চৰিত্রৰ সুখত অধীৰ হৈছোঁ
…দুখত কাতৰ । …ধীৰে ধীৰে ময়ো সেই
আৱহৰ অবিচ্ছেদ্য অংশ হৈ পৰিছোঁ । মোৰ
নিৰ্দেশনাতেই যেন পৰিচালিত হৈছে প্রতিটো
নাট্যমুহূৰ্তৰ সফল ৰূপায়ন —- প্রতিটো চৰিত্রৰ
সুবিন্যস্ত অংগ সঞ্চালন …. সংলাপ প্রক্ষেপন — ছাঁ –
পোহৰৰ নিয়ন্ত্রন এনেকি পট্ পৰিবৰ্তন । … আৰু
অন্তিম দৃশ্যত স্বৈৰাচাৰী নায়কৰ বিৰূদ্ধে বিদ্রোহ
ঘোষণা কৰি বুকু খাঁজি বহুৱাই দিছোঁ শানিত খঞ্জৰ । …
কিন্তু এয়া যে উদং প্রেক্ষাগৃহ —- অন্ধকাৰত
অকলশৰে পৰি আছোঁ নিজৰেই ৰক্তাক্ত শৱদেহ
সাৱতি ! কাৰবাবে এই অভিনয় ? নাজানো ….

সোঁৱৰণি

অংকিতা ফুকন,শিৱসাগৰ।

 

কুশলে আছানে?

কেতিয়াবা সুধিবৰ মন যাই অ’ তোমাক………,তোমাৰ প্ৰতিউশাহত মই আছো বুলি যে তুমি কৈছিলা,এতিয়া কেনেদৰে আছা মোৰ অবিহনে…কিদৰে লৈছা অন্য এজনৰ নামত সেন্দুৰ!বুজিছা তোমাৰ বাবেই ,একমাত্ৰ তোমাৰ বাবেই মোৰ কেঁচা কলিজা আজি কঠিন হৈ পৰিল…জীৱনটো কেতিয়াবা নিমখ নিদিয়া ভাজিৰ দৰে লাগে জানা…।এতিয়াও মনত আছে ,তুমি দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি …প্ৰতিটো আশা…বৰ গোপনে সাজিছিলো অ’ এটি সপোনৰ ঘৰ…বৰ আলফুলকৈ ৰাখিছিলো মৰমবোৰ…। সেই যে এটা সময়ত ম’বাইলৰ ৱালপেপাৰকে ধৰি মোৰ তেজৰ প্ৰতিটোপাল তেজত তুমি সিঁচৰিত আছিলা। আনকি মোৰ বন্ধুৰ আড্ডাত আমাৰ প্ৰেম কাহিনীয়েই মুখ্য ভূমিকা পাইছিল…ক’তজনে যে জ্বলিছিল আমাক দেখি! মই যে গৌৰৱেৰে সকলোকে জনাইছিলো তুমি কেৱল মোৰ…আৰু সেই তুমিজনীয়েই এতিয়া অন্য এজনৰ দুবাহুৰ মাজত!সেই তুমিজনী আজি আনৰ হৈ গ’লা…। তোমাৰ মিছা অভিনয় মোৰ বুজাত বহু দেৰি হ’ল,সপোনৰ বালিঘৰটি গছকি ভাঙি থৈ গুছি গ’লা তুমি…আৰু শিকাই গ’লা বহু কথা…আচলতে কেতিয়াবা তোমাক ধন্যবাদহে দিবৰ মন যায়,জীৱনত বহু অভিজ্ঞতা দিলা যে তুমি সেইকাৰনে……দীঘলকৈ হুমুনিয়া এটা উলাই কথাবোৰ ভাৱিলে…।

 

         এতিয়া মোৰ ভঙা কলিজাখনৰ টোকোৰাবোৰ যোৰা দিছো,সযতনে মৰমবোৰ গোটাইছো পুনৰ…পাহৰি গৈছো তোমাৰ অনুভুতি,তোমাৰ মিছা ভালপোৱা,পুনৰ ভাৱিবলৈ লৈছো,সকলো মানুহ একেই নহয়।পুনৰ কাৰোবাৰ প্ৰেমত পৰিবলৈ সাজো কৰিছো নিজক…।কেতিয়াও তোমাৰ মুখখন এই জনমত চাবলৈ নোখোজো মই,কোনোদিন ভাৱিব নোখোজো তোমাৰ কথা…মৰমবোৰো যে কেতিয়াবা ঘৃনালৈ ৰূপান্তৰ হ’য়, এইয়া বুজিব পাৰিছো। এতিয়াটো ভাৱো তুমি আচলতে মৰমৰ যোগ্যই নহয়……দহবাৰ জনম ললেও, মোক আৰু তোমাৰ প্ৰয়োজন নাই…তুমি আচলতে মোৰ নাছিলা,কেতিয়াঁও নোহোৱা……।এই অন্তিমখন চিঠি তোমালৈ লিখিলো…এটা নতুন জীৱনৰ আৰম্ভনি কৰিব খোজিছো মই …ভগৱানক এটাই প্ৰাথৰ্না তোমাৰ দৰে মানুহ মোৰ মনত যাতে কেতিয়াও নাৰাখে…মন মগজোৰ পৰা শেষ কৰি দিব খোজো তোমাক চিৰদিনলৈ……

 

                                ইতি 

                                      “………”

 

( জীৱনৰ বাটত হৃদয়ভঙা পথিক সকলৰ হাতত)

 

 

 

নিসংগতা

হিতেশ হিমাংশু বড়া

 

এইয়া  মোৰ  হাতত  এটা  জলন্ত ছিগাৰেট হুপি দিছোঁ  ছিগাৰেটৰ ধোৱা  বিলাক 

নিসংগতাত ডোব গইছো বিষাক্ত  কৰিছো  প্ৰেমৰ  বতাহ  ছিগাৰেটৰ ধোৱাবিলাকত। 

তোমালৈ  বৰকৈ  মনত  পৰে  এই উজাগৰী  নিশাবিলাকত।

তোমাক পাহৰিম বুলি ভাবিলেও ফাগুনৰ  পছোৱা জাকে তোমালৈ  উৰুৱাই  লই যায় ।

 

তুমি নিবিচৰা  হয়টো  প্ৰেমৰ  বিষাক্ত  বতাহ  জাকত উৰিবলৈ 

হয় !এই প্ৰেমৰ বতাহ  জাক বৰ বিষাক্ত 

আধুনিকতাৰ  পভাৱত মোৰ  ছিগাৰেটৰ ধোঁৱা  বিলাকত  উত্তৰ  বিহীন মোৰ প্ৰেম।

 

নাযাও কেতিয়াও তোমাৰ  প্ৰেমৰ চহৰখনলৈ তাত গলে  হয়টো  উৰেটো জীৱন খাটিব লাগিব জামিন বিহীন কাৰাবাস।

 

 আতৰি যাম এই প্ৰেমৰ  চহৰ  খনৰ কাষৰ পৰা।।

 

তুমি  মোক কি দি থয় গলা একো নাপালো  হয়টো থাকি  গল তোমাৰ  প্ৰেমত  পৰা কিছু ম্মৃতি ডায়েৰীৰ 27, 28নং পৃষ্ঠাবিলাকত।

 

নিসংগ নিৰ্জনতাত ডোব  যাব দিয়া  তুমি মোক।  তুমি হয়টো মোৰ  প্ৰেমত কেতিয়াও ডোব নোযোৱা। কিয়নো  আধুনিকতাৰ বতাহজাক তুমি বহুত বেয়া পোৱা।।

 

 

নীলা খামৰ চিঠি

জুৰী বৰগোঁহাই , শিৱসাগৰ

 

মৰমৰ,                 শিৱসাগৰ ১৪মাঘ

নীলাভ

মৰম লবা।হৃদয়ৰ হেপাঁহেৰে কলম তুলি লৈছো তোমালৈ বুলি…কেনে আছা ?কুশলে আছা নিশ্চয় ,মোৰ কথা জানাই…ভাল বুলি কব নোৱাৰি …সময়ৰ লগত ছন্দ মিলাই জীৱন নামৰ নদীখনত সাঁতুৰি আছো,আকাশৰ তৰা লিখি লিখি পাৰ কৰিছো সময়…মায়াবী ৰাতিৰ সৈতে কথা পাতো তোমাৰ আৰু মোৰ…সপোনৰ কথাবোৰ..দুয়ো দুয়ো হাত ত ধৰি পাৰ হম জীৱনৰ সুখ দুখৰ দিনবোৰ …কেতিয়াবা তুমি অভিমান কৰিবা,কেতিয়াবা মই..ক’তযে কি……নীলু,কিয় জানো আজি তোমালৈ বৰকৈ মনত পৰিছে ..আজি বতৰতো গোমা,বৰষুণ আহো আহো,সেইকাৰণে নেকি?…..মাঘ বিহুত জাৰ পুৰিলে যদিও ঠাণ্ডা কমাই নাই..মনতো উৰুঙা উৰুঙা লাগি আছে.. এনেকুৱা এটা দিনতে তোমাক প্ৰথম লগ পাইছিলো..সেইদিনটোৰ কথা ভাবিলে মোৰ হৃদয়ত জোৱাৰ উঠে ,তোমালৈ মৰম জাগে,তোমাক ওচৰত পাবলৈ ব্যাকুল হৈ উঠো…আচলতে কি জানা জীৱনত বিশ্বাস ৰ বাহিৰে তোমাৰ পৰা একো নিবিচাৰোঁ..তুমি মোক এখন বিশ্বাসৰ পৃথিৱী দেখুৱাইছা…ভাল পাবলৈ শিকাইছা আকাশ ,চৰাই,নদী….জীৱন কি?তোমাক পাই বুজিছোঁ ।লগৰবোৰে মোক হাঁহে  …whats ap,facebook r যুগত চিঠিৰ প্ৰেম..চিঠি লিখাৰ এক সুকীয়া অনুভূতি আছে…তোমালৈ মনত পৰে..মনত পৰে কেতিয়াও হাৰিব নোখোজা দুচকু ….তুমি আহিম আহিম কৈ মাঘ বিহুতো নাহিলা…বহাগ বিহু আগতেই আহিবা কিন্তু নহলে তোমাৰ ঢোলৰ চাপৰৰ বাহিৰে বেলেগৰ চাপৰত নাচিবই মন নাযায়..তাঁতশালত গামোচা লগাই   থৈছো ,কলেজৰ ক্লাছ আৰম্ভ হৈছে,ববলৈ সময়ে পোৱা নাই …এতিয়া গভীৰ নিশা,তোমাৰ কথা ভাবি ভাবি মনতো উৰি গৈছে…পঢ়িবই পৰা নাই,চেমিষ্টাৰত নপঢ়িলেও নহয়,পঢ়াৰ মাজতে তোমাক মনত পেলাও…কল্পনা ৰাজ্যত ঘূৰি ফুৰো তোমাক লৈ..সৰুতে আইতাৰ সাধু শুনি ৰাণী হব খোজা মনটোৱে হাবাথুৰি খাই তোমাৰ হৃদয়ৰ ৰাণী হবলৈ…নীলু,মংগলবাৰে মে-ডা-মে-ফি …মোৰ ব্যস্ততা অন্তই নাই,তাতে এক ফ্ৰেবুৱাৰীত সৰস্বতী পূজা..পূজা বুলি কলে তোমাৰ হয়তো ৰং বিৰঙৰ কাপোৰ পিন্ধি সৌন্দৰ্য্য প্ৰতিযোগিতাৰ ছবিখন মনলৈ আহে…কি কৰিবা আজিৰ দিনত পূজা বুলি কলে আধ্যাত্মিক দিশটোতকৈ যুৱচামৰ মাজত সৌন্দৰ্য্য প্ৰতিযোগিতাই বেছি গুৰুত্ব পাইছে…এইটো অতি চিন্তনীয় বিষয়..এই প্ৰতিযোগিতাত এগৰাকী দৰিদ্ৰ যুৱক বা যুৱতীৰ মনৰ অৱস্থা কি হয় কোনে বুজিব … আচলতে আমি হেৰুৱাই পেলাইছোনি নিজৰ ভৰি তলৰ মাটিখিনি…আমি এটা সুস্থ মন লৈ সৌন্দৰ্য্যৰ প্ৰতিযোগিতা নকৰি সৰস্বতী আইৰ আশীৰ্বাদ লব নোৱাৰো,মই ভাবো সৌন্দৰ্য্য বুলি কলে অকল বাহ্যিক সুন্দৰতা নুবুজাই…মন শুদ্ধ হোৱাৰ লগতে নম্ৰতা,ভদ্ৰতা,বিনয়ী সৌন্দৰ্য্যৰ অলংকাৰ …তোমাক মোৰ মনত আহি থকা কথাবোৰহে কৈছো,,মই পূজা দিনা ৰাতিপুৱা আখৈ ফুল বুটলিম..তাৰপাছত কলেজ যাম..এইবাৰ ভালকৈ পাছ কৰিবলৈ সৰস্বতী আইৰ আশীৰ্বাদ লম,লগতে তুমি ভালকৈ পাছ কৰিবলৈ… বহুত লিখিলো ব্যস্ততাৰ চকৰীত পাক খাই চিঠিৰ উত্তৰ দিবলৈ নাপাহৰিবা ।

প্ৰান্তত

তোমাৰ মৰমৰ

সোনপাহী(জুৰী)

ফাগুণ

 

গীতৰাজ & গীতাশ্ৰী

 

ধূলিময় পথ মোৰ…

সৰিপৰা শুকান গছৰ পাত…

 

ভৰদুপৰীয়াই আগবাঢ়িছিলো

হাতত গৰখীয়া বাঁহী…

ৰঙালী আহিব বুলি…

ঢোলৰ মাৰি ডালো ককালৰ টঙালিত বান্ধিয়েই থৈছিলো…

শুকান পাতক কি সুৰে জুৰাব পাৰি

তাকেই ভাবি আছিলো …আৰু

 

তুমি আহি ক’লা বহাগৰ কথা…

 

::- “সৰাপাতত সপোন ৰচা ল’ৰাটো…গোটেই ফুলবোৰ চিঙি দিব পাৰিলেও তুমি বসন্তক ৰখাব নোৱাৰা ।”

 

মই ক’লো
” ফাগুণক নেওচি বসন্ত আহিব নোৱাৰে অ’…আৰু সেই ফুল মই এপাহেই চিঙিম আৰু তোমাৰ খোপাত গুজি দিম ।”

 

তুমি ক’লা
“তুমিটো ধূলিময় ফাগুনৰ শুকান সৰাপাততেই খোজ কাঢ়ি আছা , মৰুভূমিত মৰিচিকা সকলোৱে দেখে ।”

 

মই কৈছিলো
“তুমি মোৰ মৰুভূমিলৈ এবাৰ আহি চাবা । কিজানি দেখা পোৱাই মৰুদ্যানত ফুলি ৰোৱা সেইপাহি ফুল । ”

 

তুমিটো নাজানা

::-” মোৰ বাবে ফাগুন পুষ্পিতা গাভৰু আৰু বহাগ,

বহাগ প্ৰকৃতিৰ গৰ্ভৱতী মাতৃ ।

 

ফাগুন উৰ্বৰা ভূমি ,

চ’তৰ বৰদৈচিলাই বীজ সিঁচি ৰাঙলী বহাগক গৰ্ভৱতী কৰে

এটি কলি দুটি পাতত সেউজ ৰহন সানে ।””

 

-“যদি বহু দূৰ হয় সেই বাট ,গৈ নোপোৱা এটি ঘাট ?

 

মৌনতাৰ অন্তত মই আকৌ কলো …

-“বাটলৈ ওলাই আঁহা ,তোমাৰ প্ৰথমটো খোজতেই কিদৰে হেমন্তৰ বৰষুণ জাকে

দুচঁকুৰ পতাত চুমা দি আদৰিব এবাৰ মাথো চোৱা ….”

 

আৰু

তুমি ডুব গ’লা এসাগৰ ভাৱনাত…

দূৰৈৰ আকাশত ৰামধেনুৰ সাতোৰঙ উজ্জ্বলিছে ….

চাৰি চকুৰ মিলনত তৰাবোৰ হাঁহিছে ….।

দুটি মিতভাষ

দুটি মিতভাষ

অনিতা গগৈ
( ১ )

কাহিলী পুৱাতে নৈখনৰ পৰা
.
কাহিলী পুৱাতে নৈখনৰ পৰা — একলহ পানী লৈ উঠি
আহে মানুহজনী । সদায়ে একেটা শিলতে থয় মাটিৰ
কলহটো । পুনৰ নামি যায় আৰু হেঁপাহ পলুৱাই কৰে
স্নান , যেন মনে বিচৰাকৈ ধুই লয় সকলো মলিনতা …
বুকুৰ সন্তাপ। ধোওঁতে ধোওঁতে দিনে দিনে
শীৰ্ণ হৈ আহিছে মানুহজনী — কলহ থওঁতে
থওঁতে ঘহঁনি খাই ক্ষয় যোৱা শিলটোৰ দৰেই ।
কঢ়িয়াই কঢ়িয়াই উফন্দি উঠিছে কলহটো । এদিন
দেখোন হঠাৎ হেৰাই গ’ল মানুহজনী । কল্ কল্
শব্দৰে বৈ থকা নৈখনৰো দেখোঁ নাই কোনো
চিন । আছে মাথোঁ ক্ষয় যোৱা শিলটো , অ’ত ত’ত
পৰি থকা ভঙা কলহৰ টুকুৰাবোৰ …। প্রতি টুকুৰাত
তেজৰ টোপাল — জ্বলমল এখনি মুখ । কোন
সেয়া ? মানুহজনী ?নে মই ?

         (২)

কোনে কেতিয়া মোৰ মুখত
.
কোনে কেতিয়া মোৰ মুখত বাকি দিছিল
প্রথমটোপাল বিষ পাহৰিছোঁ । মাথোঁ মনত আছে
মৃত্যুৰ যন্ত্রণাৰে অন্ধকাৰৰ অটলত নিমজ্জিত হৈও
শুভকামনা কৰিছিলোঁ তেওঁলোকৰ। কাঁচিয়লি সুৰূযৰ
প্রথম ৰেঙনিৰ দৰেই ঢিমিকি জ্বলা সেই পোহৰত
ধীৰে ধীৰে আঁতৰি গৈছিল মোৰ ঘণঘোৰ
জীৱন বাটৰ সকলো তমসা । … বিষপান কৰি কৰি মই
অভ্যস্ত হৈ পৰিছোঁ ক্রমশঃ । সেয়ে পাহৰা নাই
তেওঁলোকৰ সান্নিধ্যৰ উত্তাপ ,যি মোৰ মুখত তুলি
ধৰিছিল কালান্তক বিহৰ পিয়লা — সেই বিহৰ তীব্রতাৰে
পুলকিত মোৰ হৃদয় । চেতনাৰ তাঁৰত ঝংকাৰ তুুলি জাগ্রত
হ’ল মোৰ প্রাণৰ ভৈৰৱ … সমাহিত তেজৰ তৰংগত
নীলকণ্ঠী দৃঢ়তা — আকাশৰ নীলা হোৱাৰ
বাসনাৰে …অবিৰত এই যাত্রা ।

ফুটুকাৰ ফেন

মোহন পাচনি

গহপুৰ

‘পুৱতি পখীৰ মাত শুনো কি নুশুনো তোমাৰ মাত কিন্তু ঠিকেই শুনো । শুই উঠাৰে পৰা শুনিব লগা আৰু সহিব লগা হয় তোমাৰ শ্ৰীমুখৰ বৰ্ষণ । মদ, জুৱা, চিগাৰেট এই বদ্ অভ্যাসবোৰেই হ’ল শুনিব লগা কাৰণ । ঠিক আছে, এৰি দিম সকলোবোৰ । কচম খাইছোঁ, মোৰে শপত মোলৈ চোৱা, চোৱাচোন, নতুন বছৰৰ প্ৰাক্ মুহূৰ্তত মই সংকল্প লৈছোঁ…মদ, ভাং, চিগাৰেট, জুৱা সকলোবোৰ ত্যাগ কৰিম । কেৱল তোমাৰ বাবে । তুমি সুখীনে ? কৰিবানে বৰ্জন তোমাৰ শ্ৰীমুখৰ বৰ্ষণ ? দিবানে এষাৰি অমাতৰ মাত ?’ বৰফ গলিবলৈ লৈছিল তেতিয়া । শ্ৰীমতীয়ে হাতৰ কাম এৰি মোৰ ফালে ঘূৰিছিল । বুকুত মুখ গুজি কৈছিল, ‘জানো তুমি পাৰিবা । মনৰ জোৰেই আচল কথা । সেয়া যে তোমাৰ আছে সেই বিশ্বাস মোৰ আছে ।’ তেওঁৰ চুলিত আঙুলি বুলাই কৈছিলোঁ তেতিয়া, ‘তোমাৰ বাবেই মই ইমানখিনি ত্যাগ স্বীকাৰ কৰিবলৈ লৈছোঁ । তুমি জানো মোৰ বাবে অকণমান ত্যাগ কৰিব নোৱাৰিবা ?’ ‘নিশ্চয় কৰিব পাৰিম । কোৱা, কি ত্যাগ কৰিব লাগিব মই ? কোৱাচোন, কোৱানা ।’ তেতিয়া কৈছিলোঁ মই, ‘আহিব লগা বছৰটোত মই মিচা মাতিম তুমি কিন্তু শুনিব লাগিব ।’


 

অসমী আইৰ বুকুলৈ ব’হাগ আহিল

✍ প্ৰনৱ নিয়াৰ
শিমলুগুৰি, শিৱসাগৰ

দুপৰ ৰাতি কুলিজনীৰ কু কু মাত শুনি
মনটো মোৰ উগুল-থুগুল লাগিল ।
অসমী আইৰ বুকুলৈ আকৌ এবাৰ
অতীকৈ চেনেহৰ ব’হাগী আহিল ।
গছে-বনে নকৈ কুঁহি মেলি গাভৰু হ’ল ।
লগৰবোৰে বিহুৰ আখৰা কৰিছে চাগে…
আগৰ দৰেই সদায় আবেলি আবেলি
নামঘৰৰ কাষৰ আঁহতজোপাৰ তলত গৈ…
মই নথকাৰ বাবে তই যে নাচিবলৈ যোৱা নাই,
সেই কথা মইওঁ বাৰুকৈয়ে বুজিব পাৰিছোঁ ।
তাঁতৰ পাতত বহি মনটো আলিৰ বাটলৈ থাকোতে চাই
মাকো পিছলি তোৰ আঁঠুত বাৰে প্ৰতি খুন্দিয়াই…
মোলৈ বুলি বোৱা গামোচাখনৰ সুতাওঁ চিঙি যায়…
আমাৰ ঘৰৰ আগফালে তামোল জোপাত
আলফুলে ফুলি থকা কপৌ পাহিওঁ
যেন মোলৈ অপেক্ষা কৰি আছে ।
মই ঘৰলৈ গৈ তাইক তোৰ খোপাত গুজি দিবলৈ…
সেই আশাকে লৈ তইওঁ ঘনাই পদূলিলৈ চাইছ ন…?
কিজানি মই আহিছোঁ আহিছোঁ বুলি…
মা হঁতো যে মোলৈ আশা পালি ৰৈ আছে,
মই সোনকালে ঘৰলৈ যোৱালৈ…
নহ’লে যে এইবাৰ বিহু তেনেই শুদা…
দ্ৰৰিদ্ৰতাৰ ভৰত কোঙা মোৰ খেতিয়ক দেউতাই
ক’ৰে পৰানো বিহু পাতিব…
ধানেওঁ চোন বছৰটোলৈকে নুজুৰে
ছমাহ ঘৰৰ ছমাহ দুকানৰ কিনি খাব লাগে ।
সেইহে ভাবিছোঁ এইবাৰ বিহুত নাযাওঁ দে
মাহৰ শেষত দৰমহা শুমালেই পইচা
যিমান পাৰোঁ ঘৰলৈকে পঠিয়াই দিম ।
মই নাথাকিলেওঁ ঘৰৰ মানুহবোৰেতো
বিহুতো ভালকৈ উপভোগ কৰিব পাৰিব ।
তই দুখ নকৰিবি নতুবা চকুলো নুটুকিবি অ’
মই এইবাৰ বিহুত ঘৰলৈ যাব নোৱাৰাৰ বাবে ।
অহাবাৰ বহাগত চাবি তোক একেবাৰে
নিজৰ কৰিমেই কৰিম কথা দিলোঁ তোক ।
তই মাথোঁন হতাশ নহবি ,
নহ’লে যে মইওঁ ভাগি পৰিম ।
পাৰিলে তই মোক সাহস দিবি
জীৱন বাটত মই সফল হ’বলৈ
তেতিয়াহে আমাৰ সপোনবোৰ পূৰণ হ’ব ঐ…….।

।…..প্ৰেমৰ সংজ্ঞা বিচাৰি……।

নিকিতা বৰা,

শিৱসাগৰ ছোৱলী কলেজ

আমিতো কেতিয়াও কাকো নকওঁ আমাক ভালপাবলৈ…….. মৰম কিম্বা ভালপোৱাৰ সূচীপত্ৰ পাঠক তোমালোকেই । তোমালোকেই আমাক বাধ্য কৰোৱা তোমালোকক ভাল পাবলৈ…. যেতিয়াআমি তোমালোকৰ প্ৰেমৰ গভীৰতাত ডুব যাওঁ আৰু মনে প্ৰাণে প্ৰেয়্সী হৈ পৰো….. আমাক বেকাৰ প্ৰেয়্সী ভাবি আঁতৰি যোৱা… নতুনৰ সুবাস বিচাৰি ….. মৰমবোৰ চকুলোৰ সোঁতত বিলীন কৰোৱা । এবাৰো নাভাবা প্ৰকৃততে আমি কি বিচাৰো…. তোমালোকৰ এইবোৰেই ভালপোৱা !!!!!! তোমালোকৰ প্ৰেমৰ ডায়লগ বোৰ মনত পৰিলে হাঁহি উঠে জানা । অভিনয় কৰি কৰি তোমালোক পাকৈত হৈ পৰিছা….. আমাৰ হৃদয় বোৰক তোমালোকে কি বুলি ভাবা হা…..?????? আজি মন গৈছে ভালপোৱা… কালিলৈ মনগ’লেই এৰি যাবা….. আমাৰ হৃদয় বোৰ কি তোমালোকৰ অভিনয়ৰ এখন এখন নাট্য মঞ্চ নেকি ???আমি নিলিখো তোমালোকলৈ ভালপোৱাৰ আদিপাঠ বিচাৰি চিঠি… তোমালোকেই লিখা আমালৈ….. কিন্তু ভালপোৱাৰ শেষপাঠ বিচাৰি ৰবলৈ আমনিও লাগে তোমালোকৰে… হয়টো আহৰি নাই….. এটা কথা কোৱাচোন আমাৰ প্ৰয়োজন কিমান তোমালোকৰ জীৱনত….???? কিয় হৃদয় গঢ়ি ভাঙি যোৱা আঁতৰি বাৰে বাৰে…?????? হৃদয় এখনৰ মূল্য বুজি পোৱানে…??তোমালোকঅভিনেতা বোৰে ক’ত বুজিবা…..!! নাহিবা বুজিছা এনেকৈ অভিনয় কৰি হৃদয় ভাঙিবলৈ নাহিবা…. প্ৰয়োজন বোধ নকৰোঁ তোমালোকৰ….. কেৱল আমাক তোমালোকৰ তেজাল প্ৰেয়্সী কৰি আঁতৰি যোৱা আন কাৰোবাৰ হৃদয় গঢ়ি ভাঙিবলৈ…… কেতিয়াও নাহিবা তোমালোক…… আমিবোৰে তোমালোকৰ অবিহনে দুখ বোৰ বুকুত সাৱতি ওঁঠত এটি এটি হাঁহি লৈ , আন্ধাৰত উচুপিব পৰাকৈ অভ্যস্ত হৈ উঠিছো । এখন হৃদয়ৰ বিনিময়ত এবোজা দুখৰ বোজা সাৱতি আগবাঢ়ি যাম জীৱন বাটত । নৱ নিৰ্বাচিত নাটকৰ উক্তি লৈ নাহিবা কোনোদিনে উভতি, কলিজাৰ ঘাঁ বোৰত তোমালোকৰ সস্তীয়া প্ৰেমৰ বিষ ঢালি আকৌ তেজাল হ’ব দিব নোৱাৰো……।

।। সোঁৱৰণিৰ এটি কৰুণ সুৰ “ভালপোৱা” ।।

গীতাশ্ৰী ওজা,

নামতি

 

তোমাক ভালপোৱাৰ বিনিময়ত বেছি একো বিচৰানাছিলো । পুৱা গধূলি তোমাৰ এষাৰি মৰমৰ মাত । অকণমান সহানুভূতি । অভিমান কৰিবলৈও বাদ দিছিলো সময়ৰ অভাৱত তোমাৰ মাতষাৰৰ পৰা বঞ্চিত হ’ম বুলি… । মনে বিচৰা সকলো পাইছিলো তোমাৰ মাজত । কিমান যে সুখী আছিলো তোমাক পাই বুজাব নোৱাৰিম…।

ৰাতিপুৱা 6 বজাৰ আগে আগে এলাৰ্ম বাজে , সাৰ পাইতোমাক ক’ল কৰো , গুড মৰনিং কৈ যেতিয়া তোমাকউঠিব কওঁ তুমি 5 মিনিত শুই লওঁ বুলি সদায় কৈ টোপনিযোৱা , মই ফোন কৰি কৰি ভাগৰো । পাছত মই শুৱনিদিয়া হ’লো , তথাপি তুমি কোৱা 5 মিনিট শুবলৈদিয়া না । মই কওঁ নহ’ব উঠা উঠা উঠা । তুমি কোৱা ৰ’বানা জান । মই কওঁ দেৰি হ’ব অ’ সোণ উঠা না প্লিজ । তুমিকোৱা উঠিছো ৰবা । মই কওঁ ওম ধুনু ধুনুকৈ উঠা আৰু ৰেদিহোৱা । তুমি ক’বা ঠিক আছে তুমিও উঠা দেই আৰু ভাতখাই যাবা কিন্তু । মই কওঁ ওম তুমিও । তুমি ক’বা অকেলাভ ইউ বাই বাই জানমানু । মই কম লাভ ইউ টো সোণ , বাই ।

আবেলি কলেজৰ পৰা আহি ক’ল কৰো । তুমি কোৱাপালাহি জান ? মই কওঁ ওঁ আহিলো । কি কৰিছা ভাতখালানে ? তুমি কোৱা খালো তুমিও খাই লোৱা । মই কওঁ ওম ঠিক আছে । তুমি লাভ ইউ কৈ বাই কোৱা । ময়ো বাই কৈ একেই ব্যস্ততাত বিলীন হৈ পৰো ।

ৰাতি 11 বজাৰ লৈকে মই ৰৈ থাকো তুমি অহালৈ । তুমি আহি মোক ক’ল কৰা । মই কওঁ আহিলা মোৰ সোণ ? তুমিকোৱা আহিলো অ’ মোৰ জানমাইনা জনী… সাৰ পাইআছা এতিয়াও… ? মই কওঁ তুমি নহালৈকে জানো মই শুবপাৰো । তুমি ক’বা চাওঁ মুখখন চুম এটা খাই দিওঁ । মই কমহ’ব আগে ভাত খাই লোৱা । তুমি ক’বা অ’কে ড্ৰালিং ! তুমিভাত খাবা মই লাইনত ৰৈ থাকিম । তুমি মাজতে ক’বাখাবানি ? মই ক’ম পাছত একেলগে খাম দিয়া । তুমি ক’বালাভ ইউ জানমানু । মই লাভ ইউটো বুলি সৰুকৈ কৈ থওঁ ।তুমি ডাঙৰ কৈ ক’বলৈ যোৰ কৰা । মই কওঁ ৰূমমেট সাৰ পাইআছে । তুমি নুশুনা । মই মনে মনে থকা দেখি কোৱাতোমাক জোকাই ভাল লাগে অ’ । মই কওঁ দন্দুৰা । তুমিমৰমতে হেডফোন ডালতে চুমা এটা খাবা । মই লাভ ইউবুলি কম । তুমি ক’বা নহ’ব লাগিব । তুমি মানি নোলোৱাবুলি জানিও অলপপৰ চেষ্টা কৰাৰ পাছত ময়ো বাধ্য হ’ম ।তুমিও দুই তিনিবাৰ কৈ গুড নাইট ক’বা ময়ো গুড নাইট কৈতোমাক শুবলৈ কম । তুমি শুই যোৱা আৰু ময়ো ।

সময়বোৰ গতানুগতিক আছিল যদিও মধুৰ আছিল…তাত যেমোৰ সপোনবোৰে গজালি মেলিছিল । কিন্তু…………………… মই দেখা সপোনবোৰ যে তোমাৰ সম্পাদিত প্ৰেমৰ কাঁইটীয়া আঘাতত তেজেৰে লুদুৰি পুদুৰি হৈ ৰৈছিল… তুমি মোৰ মানসপটত কেতিয়াও আঁকিব নোৱাৰা এখনঅস্পষ্ট চিত্ৰ হৈ চিনাকি দিলা । তোমাৰ শীৰ্ষ প্ৰেমৰঅভিনয়ৰ মঞ্ছ আছিল মোৰ হৃদয়খন…… মই ভাবিছিলোতুমিয়ে মোৰ সকলো… কিন্তু তুমি যে মোৰ সপোন আৰুভালপোৱাক লৈ অভিনয়ৰ বাবেহে নিবাৰ্চন কৰিছিলা । সপোনৰ অগোচৰ যেনকথাবোৰ সঁচা বুলি জানি হতভম্বহৈছিলো জানা । নিজৰ ওপৰতে বিশ্বাস হেৰুৱাই পেলাইছিলো । তোমাৰ এনে চলনা কল্পনাৰো অতীত আছিল মোৰ বাবে । বাঃ কিমান নিপুণ আছিল তোমাৰ অভিনয়… । মইহাৰি গ’লো জানা । কিন্তু অভিজ্ঞ হ’লো বুলি ক’ৱ পাৰো তোমাক । তোমাৰ বিশ্বাসঘাটকতাই শিকাই গ’লতুমিবিহীন ভাবে জীয়াই থাকিবলৈ ।