মৰাণ জনগোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি কাকপথাৰৰ ৰাতি বিহু আৰু পৰ্য্যটনৰ আনুষংগিক দিশ

 

✍ লক্ষীনন্দন বৰগোহাঞি
সহকাৰী অধ্যাপক
ডি.ডি.আৰ.কলেজ, চাবুৱা ।
৯৭০৭৪৭০৪৪৯

 

পৰিচয়ঃ
মৰাণ জনগোষ্ঠী স্বকীয় আৰু চহকী কলা সংস্কৃতিৰ অধিকাৰী । ৰাতি বিহু মৰাণ জনগোষ্ঠীয়ে অতীজৰে পৰা পালন কৰি অহা বসন্ত উৎসৱৰ এক আকৰ্ষণীয় ব্যতিক্ৰম পৰম্পৰা । অন্যান্য অসমীয়া সকলৰ দৰেই মৰাণসকলৰ মূল জাতীয় উৎসৱ বহাগ বিহু বা ৰঙালী বিহু । তেওঁলোকে ৰঙালী বিহুৰ তুলনাত ভোগালী বিহু আৰু কঙালী বিহু বৰ বেছি উলহ-মালহকৈ পালন নকৰে বুলি জনা যায় । ৰঙালী বিহুত তেওঁলোকে ৰাতি বিহু , গছ তলৰ বিহু আৰু ধৰ্ম হুচৰি গোৱা প্ৰথা প্ৰচলন আছে । ইয়াৰ লগতে বহাগ বিহুৰ আনুষংগিক প্ৰথা-পৰম্পৰা কিছুমানো তেওঁলোকে পালন কৰি আহিছে ।

থোৰতে মৰাণ জনগোষ্ঠীঃ
মৰাণ জনগোষ্ঠীটো অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ। বৰ্তমান উজনি অসমৰ তিনিচুকীয়া জিলাতেই অধিক সংখ্যক মৰাণ জনগোষ্ঠীৰ লোকে বাস কৰে ।

ৰাতি বিহুৰ সবিশেষঃ
ৰঙালী বিহুৰ এটা প্ৰধান অংশ হৈছে ৰাতি বিহু । মৰাণসকলৰ জাতীয় উৎসৱ ৰঙালী বিহুক ৰাতি বিহুৱে অনন্য মাত্রা প্ৰদান কৰিছে বুলি ক’ব পাৰি । বৃহৎ অসমীয়া সংস্কৃতিলৈ ৰাতি বিহুৰ অৱদান লেখত লব লগীয়া । গাঁৱৰ ডেকাসকলে চ’ত মাহতেই গাঁৱৰ আচুতীয়া ঠাই বা গাঁৱৰ মূৰত বাঁহ, কাঠ, জেঙুপাত, টকৌপাত আদিৰে দুই কুঠলীয়া এটা বেৰহীন অস্থায়ী ঘৰ সাজি ওলিয়ায়। সেইটোক বিহু ঘৰ বুলি কোৱা হয় । বিহুঘৰটোক পৱিত্ৰ গৃহ হিচাপে গণ্য কৰা হয় । বিহুঘৰটো দুই কুঠলীয়া। মাজৰ চতিটোৰ ভিত্তিতে ইয়াক দুটা ভাগ কৰি সোঁফালৰ কোঠাটো ডেকাসকলৰ বাবে আৰু বাওঁফালৰ কোঠাটো গাভৰুসকলৰ বাবে নিৰ্ধাৰণ কৰা হয় । তাত ডেকা গাভৰু সকলে বৃত্তাকাৰে ঘুৰি ঘুৰি সুকীয়া সুকীয়াকৈ ৰাতি বিহু মাৰে । ৰাতি বিহু গোৱাৰ সময়ত ডেকা আৰু গাভৰুসকলে পৰস্পৰৰ অংশত প্ৰৱেশ নকৰে । ৰাতি বিহু গাবৰ বাবে বিহুলৈ এক সপ্তাহ মান বাকী থাকোতেই এজন বয়সস্থ ব্যক্তিক লগত লৈ ডেকাসকলে তামোল-পাণৰ টোপোলা দি অভিভাৱকৰ পৰা গাভৰুসকলক খুজিবলৈ যায় । ডেকাসকলে অভিভাৱকক গাভৰু গৰাকীৰ নিৰাপত্তা তথা সম্পূৰ্ণ সুৰক্ষাৰ আশ্বাস দিয়াৰ পাছতহে অভিভাৱকে নিজৰ গাভৰু ছোৱালীক ৰাতি বিহু মাৰিবলৈ এৰি দিয়ে । প্ৰতি দিনে ৰাতি বিহু মাৰি হোৱাৰ পাছত ডেকাসকলে গাভৰুসকলক ঘৰে ঘৰে চমজাই থৈ আহে । এই বিহু সাত দিন , ন দিন , এঘাৰ দিন , পোন্ধৰ দিনলৈকে মৰা হয় । ভুমুকৰ পোহৰত গীত , বাদ্য আৰু নৃত্যৰ আকৰ্ষণীয় সমাহাৰেৰে ৰাতি বিহু মায়াময় হৈ পৰে । নিশা আঠমান বজাৰ পৰা আৰম্ভ হৈ পুৱতি নিশালৈকে এই বিহু চলি থাকে । আন গাঁৱৰ ডেকা বিহুখোলালৈ আহিলে গাভৰুসকলে ডেকাসকলক টকা চমজাই দিয়ে আৰু ডেকাবিলাকেও হাতত থকা বাদ্যবোৰ চমজাই দিয়ে । বেলেগ গাঁৱৰ পৰা অহা ডেকাবোৰে তেতিয়া প্ৰেম-প্ৰণয় , ব্যঞ্জনাধৰ্মী শালীনতাপূৰ্ণ বিহুগীত গায় ঢোল তাল বজায় গাভৰুসকলক নচুৱাই । অৰ্থাৎ আন গাঁৱৰ পৰা অহা ডেকাইহে গাভৰুসকলক নচুৱাই । একে গাঁৱৰ ডেকাই একে গাঁৱৰ গাভৰুক ননচুৱাই । ধেমালি ৰং ৰহইচৰ মাজেৰে বিহু কৰি থাকিলেও এই বিহুত কোনো অশ্লীলতা নাথাকে । বৰঞ্চ ৰাতি বিহু অতি মাৰ্জিত আৰু পৰিশীলিত ।

অতীতৰ পৰা বৰ্তমানলৈ ৰাতি বিহুঃ
বুৰঞ্জীয়ে ঢুকি নোপোৱা সময়ৰ পৰাই অৰ্থাৎ প্ৰাক্ ঐতিহাসিক কালৰ পৰাই মৰাণ সকলে ৰাতি বিহু পালন কৰি আহিছে । অতীজত ৰাতি বিহু দীঘলীয়াকৈ কেইবাদিনৰ বাবে পালন কৰা হৈছিল । সময়, আধুনিকতা তথা ব্যস্ত জীৱন শৈলীয়ে এই পৰম্পৰালৈ কিছু কিছু পৰিবৰ্তন অনাটো অনস্বীকাৰ্য্য । মৰাণ সকলে চ’তৰ সংক্ৰান্তিত বিহু পালন নকৰে । তাৰ পৰিবৰ্তে প্ৰাক্ বৈষ্ণৱ কালৰ পৰাই বহাগৰ প্ৰথম বুধবাৰটোত নীতি নিয়মৰ মাজেৰে বিহু নমাই সাতৰ পৰা পোন্ধৰ ৰাতিলৈকে ডেকা গাভৰুৱে বিহু মাৰিছিল । উত্তৰ বৈষ্ণৱ কালতো গুৰু পৰামৰ্শ অনুসৰি মৰাণ সকলে বহাগৰ প্ৰথম মঙ্গলবাৰটোক উৰুকা আৰু বুধবাৰটোক গৰু – বিহু হিচাপে লৈ বিহু নমাই পালন কৰে । পূৰ্বৰ দৰে ব্যাপকভাৱে ৰাতি বিহু নামাৰিলেও কেইখনমান গাঁৱত এতিয়াও ৰাতি বিহু মৰা প্ৰথাটো প্ৰচলন হৈ আছে । ইয়াৰ ভিতৰত বৰসাপজানৰ বেতনি গাঁৱৰ ৰাতি বিহু উল্লেখনীয় । আনন্দৰ কথা – অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ , মৰাণ জনগোষ্ঠীয় তথা কাকপথাৰ বাসী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ৰাতি বিহুৱে প্ৰাণ পাই উঠিছে । সংগঠন কেইটা তথা ৰাইজে ৰাজহুৱা ভাৱে ৰাতি বিহু ২০১৬ বৰ্ষত পঞ্চমবাৰৰ বাবে কাকপথাৰৰ ৰাজহুৱা খেলপথাৰত যোৱা ২৩ এপ্ৰিল তাৰিখে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰিলে । কেইবাদিনৰ পৰা একেলেথাৰিয়ে হৈ থকা বৰষুণে অনুষ্ঠানটোক কিছু অসুবিধা দিলে যদিও আমি ৰাতি বিহুৰ মাদকতা ষোল্ল অনাই যেন লাভ কৰিলো তেনে অনুভৱেই হ’ল । এইবাৰো ৰাজহুৱা ভাৱে ২০১৭ বৰ্ষৰ ৰাতি বিহু উদযাপনৰ যা- যোগাৰ ইতিমধ্যে আৰম্ভ হৈছে বুলি অৱগত হৈছোঁ।

আমি প্ৰত্যক্ষ কৰা ৰাতি বিহুঃ
সংগঠন কেইটাৰ আমন্ত্ৰণ ক্ৰমে আমি সন্ধিয়া সময়ত কাকপথাৰ পাইছিলো । বৰষুণৰ বাবেই আমি পাছবেলালৈকে যাম বুলি থিৰাঙেই কৰিব পৰা নাছিলো । অনুষ্ঠানটোৰ উদ্যোক্তা – বিষয়ববীয়া মৃদুল দহোতীয়া, সুদিত্য মৰাণ , টিকেন্দ্ৰজিৎ মৰাণ , সুৰজিৎ চলিহাই আমাক প্ৰথমে সুদিত্য মৰাণৰ ঘৰলৈ লৈ গল । সুদিত্যৰ ঘৰৰ সস্নেহ আতিথ্য গ্ৰহণ কৰাৰ পাছত আমাক ৰাতি বিহু থলিলৈ আগবঢ়াই আনিলে ।কথাৰ মাজতে তেওঁলোকে ব্যক্ত কৰিলে- গোঁসায়ে বতৰটো বান্ধি ৰাখিছে যাতে বিহু উদযাপন কৰাত বৰষুণে অসুবিধা নিদিয়ে । এইয়া মৰাণ জনগোষ্ঠীয় সমাজৰ এক লোক বিশ্বাস । বিহু থলি অভিমুখে ৰাইজৰ সোঁত বোৱা চকুত পৰিল ।নিশাৰ আলোক সজ্জাত খেলপথাৰখনে মোহনীয় ৰূপলৈ উঠিছে । কাষে কাষে থকা প্ৰাচীন গছবোৰে পৰিবেশটোক অধিক গাম্ভীৰ্য্যতা প্ৰদান কৰিছে । খেলপথাৰখনৰ মাজত কেইবাহাজাৰ বৰ্গমিটাৰ এলেকা মুকলিকৈ বিহুতলী হিচাপে ৰাখি চাৰিওকাষে গোটা বাহ বান্ধি দিয়া হৈছে । বিহুতলীলৈ জাতীয় সাজ- পাৰ পৰিধান কৰা বিশেষ ব্যক্তিসকলহে যাব পাৰে । অৱেশ্যে আমন্ত্ৰিত অতিথি আৰু প্ৰচাৰ মাধ্যমৰ ব্যক্তিৰ বাবে এই নিয়ম নহয় । বাঁহৰ বেৰাৰ বাহিৰ ফালে শৃংখলিত দৰ্শক সকলৰ ভিৰ লক্ষ্য কৰিলোঁ । একাষে অতিথি দৰ্শকৰ বাবে চকী পাৰি দিয়া হৈছে । খেলপথাৰখনৰ একেবাৰে সোঁমাজত বাঁহ আৰু জেতুপাতেৰে নিৰ্মিত তিনি চতিৰ এক বেৰহীন বিহুঘৰ । বিহুঘৰৰ একাষে অলপমান টকা ( এপাব বাঁহৰ পৰা তৈয়াৰী বাদ্য ) ওলোমাই ৰখা হৈছে আৰু কাষতে চাকচনি মাৰি ( ডেৰ- দুই ফুট দৈৰ্ঘ্যৰ মাৰি ) ৰ দ’ম এটা । বিহুঘৰৰ ভিতৰত বহুকেইটা ভুমুক ( বাঁহৰ চুঙাত কেৰাচিন তেল ভৰাই ফটাকানি দি জুই জ্বলাই পোহৰ পাবলৈ ব্যৱহাৰ কৰা হয় ) জ্বলাই ৰখা হৈছে । বিহুঘৰটো অস্থায়ী মঞ্চ হিচাপে ব্যৱহাৰ কৰি আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক তালৈকে নি মৰাণসকলৰ স্বকীয় গামোচা আদিৰে সম্বর্ধনা জ্ঞাপন কৰা হৈছে ।

ইতিমধ্যে লুপ্তপ্ৰায় পৰম্পৰাগত ঢাল কড়ি খেল কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল ।তাৰ পাছতেই ‘ ৰাতি বিহু ‘ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিলে বিধায়ক দিলীপ মৰাণে । উদ্যোক্তাসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি বিশিষ্ট অতিথি হিচাপে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্যিক , শিল্পী , ৰাজনীতিকে কাকপথাৰৰ ৰাতি বিহু থলিৰ শোভাবৰ্ধন কৰিলে । আমিও সম্বর্ধনা গ্ৰহণ কৰি শুভেচ্ছামূলক বক্তব্য ৰখাৰ পাছতেই মৰাণ উন্নয়ন পৰিষদৰ অধ্যক্ষ বিৰিঞ্চি নেওগে বিহুঘৰ মুকলি কৰিলে । শ শ বিহুৱা ডেকা আৰু নাচনীয়ে বিহুতলিখন বাহিৰেদি প্ৰদক্ষিণ কৰি বিহুতলীৰ মাজলৈ শাৰী পাতি সোমাই আহিল । ডেকাবিলাকৰ হাতে হাতে প্ৰজ্বলিত ভুমুক । বিহুঘৰত নাচনী আৰু বিহুৱা ডেকাই একোভাগকৈ তামোল – পাণ আগবঢ়াই অদৃশ্যজনক আৰু গুৰু ভকতক স্মৰণ কৰি ডেকাৰ কোঠাত ডেকাই আৰু গাভৰু কোঠাত গাভৰুসকলে বিহু আৰম্ভ কৰিলে । বিহুৱা আৰু নাচনীসকলে পদ- ঘোষা – গীত জুৰিলে । ঢোল , তাল , টকা আদি বাজি উঠিল । চাকচনি মাৰিবোৰ দমাই ৰখা ঠাইৰ পৰা নাচনী কিছুমানে নি বেৰাৰ কাষে কাষে ৰৈ থকা ডেকাবোৰৰ হাতে হাতে দি আহিল । চাক্-চনি মাৰি হাতত পোৱা মাত্ৰেই সেই ডেকাবোৰেও বেৰাৰ বাঁহত কোবাই কোবাই তাল তুলি আনন্দৰে বিহু গাবলৈ আৰম্ভ কৰিলে । নাচনীবোৰেও বেৰাৰ কাষলৈ গৈ ডেকাসকলৰ বিহুৰ তালত পৃথক পৃথক জুম হৈ নাচিবলৈ আৰম্ভ কৰিলে । একে গাঁৱৰ ডেকাই একে গাঁৱৰ নাচিক ননচুৱাই । নাচনীবোৰেও টকা , চাকচনি মাৰি অন্য গাঁৱৰ ডেকাকহে চমজাই দিয়ে । ডেকাবোৰেও টকা , চাকচনি মাৰি পোৱাৰ পাছত বিহু গাই নাচনীক নচুৱাই ।

বিহুৱাৰ কাপোৰঃ
ৰাতি বিহুৰ বিহুৱাসকলে ধূতি গামোচা পৰিধান কৰে ।

নাচনীৰ সাজঃ
ৰাতি বিহুৰ নাচনীসকলে বুকুত মেঠনি মাৰি মেখেলা – চাদৰ , কলীয়া ৰিহা পৰিধান কৰে । গহনাৰ ভিতৰত গামখাৰু , ডিঙিত ফুটিমণিৰ সৈতে মাদলি , কাণত থুৰিয়া , জাংফাই , খোপাত বতৰৰ ফুল লগায় ।

বিহুৱানঃ
ৰাতি বিহুৰ পদ- ঘোষা আৰু গীতবোৰ সম্পূৰ্ণ সুকীয়া । তাৰোপৰি ডেকা আৰু গাভৰুৱে গোৱা পদবোৰ পৃথক হয় । মৰাণসকলৰ বিহু নামৰ সুৰ – লয়বোৰ লেহেতীয়া । সুৰ – লয়বোৰ ধীৰ বা লেহেতীয়া হোৱা বাবে সুৰ্দীঘ সময় ধৰি নাচি থাকিলেও ডেকা গাভৰু সকল ভাগৰুৱা নহয় । লেহেতীয়া সুৰৰ বাবে বিহু নামবোৰ স্পষ্ট আৰু অৰ্থময় হৈ পৰে বুলি কোৱা হয় ।

বিহুৰ বাদ্যঃ
ৰাতি বিহুত ব্যৱহৃত বাদ্যবোৰ হৈছে – ঢোল , তাল , পেঁপা , বাহীঁ , সুতুলি , ঢোতং , টকা , গগনা আদি ।

নৃত্যঃ
ৰাতি বিহুৰ নাচবোৰ ধীৰ- স্থিৰ । নাচৰ মুদ্ৰাবোৰ হৈছে – ককালত হাত থৈ ককাল ভাঙি নচা, ওপৰলৈ হাত মেলি হাতৰ সৰু গাঠি ভাঙি হাত খন ইফাল সিফাল কৰি ঘুৰি ঘুৰি নচা আৰু যোজনাত হালি – জালি মৰা নাচেই প্ৰধান নাচ । সাধাৰণ বিহু নাচত খোপাত ধৰি নচা, মহৰ শিঙৰ দৰে হাত মেলি নচা , আগফালে হাত মেলি নচা আদি ভংগিমা মৰাণৰ বিহু নাচত নাই ।

মৰাণ গামোচাঃ
মৰাণসকলৰ গামোচাখনত জনগোষ্ঠীটোৰ সুকীয়া পৰিচয় এটা পোৱা যায় । বগা সুতাৰ গামোচাখনত সোণালী সুতাৰ ফুল থাকে ।

যোগাযোগঃ
কাকপথাৰ ঠাইখন মৰাণ জনগোষ্ঠীৰ সংস্কৃতিৰ বৰঘৰ ৰূপে সুকীয়া পৰিচয় আছে । তিনিচুকীয়া সদৰৰ পৰা ৰাতি বিহু আনুষ্ঠানিক উদযাপন থলি কাকপথাৰলৈ দূৰত্ব ৪২ কিলোমিটাৰ । তিনিচুকীয়াৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় পথ আৰু ৰূপাইৰ পৰা বডাৰ ৰোডচে নিৰ্মাণ কৰা ৫২ নং ৰাষ্ট্ৰীয় পথচোৱাৰ অৱস্থা ভাল । ৰূপাই চাইডিঙৰ পৰা অলপ দূৰ আগবঢ়াৰ পাছতেই পথৰ দুই কাষে থকা সুবিশাল পথাৰবোৰে আপোনাক কাকপথাৰলৈ স্বাগতম জনাব । মনলৈ আহিব এই বিশাল পথাৰবোৰৰ বাবেই ঠাইখনৰ নাম কাকপথাৰ নেকি ! কাকপথাৰ নামটোৰ উৎপত্তিৰ বিষয়ে পঢ়োতে পালো অতীজত ঠাইখনৰ হাবিবোৰ কাক বাঁহেৰে পৰিপূৰ্ণ আছিল আৰু বৃহৎ পথাৰবোৰ আছিল । পুৰণি নাম আছিল কাকতল ।

ৰাতি বিহু আৰু আনুষংগিক চিন্তা – চৰ্চাঃ
ৰাতি বিহু সম্পৰ্কত কাকত – আলোচনী , গ্ৰন্থ আদিত কিছু লেখা মেলা হৈছে । বিষয়টো সন্দৰ্ভত অধিক চৰ্চা গৱেষণা হোৱাৰ থল আছে । সঠিক শক্তিশালী পদক্ষেপেৰে বৃহৎ আৰু কেন্দ্ৰীয় ভাৱে নৈসৰ্গিক শোভাৰ মাজত ৰাতি বিহুৰ প্ৰকৃত ঐতিহ্য ৰীতি – নীতিৰ মাজেৰে উদযাপন – প্ৰদৰ্শনৰ ব্যৱস্থা অব্যাহত হৈ থকাটো যিদৰে প্ৰয়োজন একেদৰে নিভাজ ৰূপত গাঁওবোৰত এই পৰম্পৰা জীয়াই ৰখাটোও সমানে প্ৰয়োজনীয় ।

সাংস্কৃতিক পৰ্য্যটনৰ সম্ভাৱনাঃ
মৰাণ জনগোষ্ঠীৰ বসন্ত উৎসৱৰ অন্তৰ্গত সম্পূৰ্ণ ব্যতিক্ৰম বৈশিষ্ট্যৰে পৰিপূৰ্ণ কাকপথাৰৰ ৰাতি বিহুৰ সাংস্কৃতিক পৰ্য্যটনৰ দিশত বিপুল সম্ভাৱনা আছে । পৰ্য্যটকক আকৰ্ষণ কৰা উপাদানবোৰৰ ভিতৰত সংস্কৃতি , পৰম্পৰা , আৰু মনোৰঞ্জন অন্যতম । কাকপথাৰত উদযাপিত হোৱা মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুত এই তিনিওটাৰে সংমিশ্ৰণ ঘটিছে । ইয়াৰ লগতে মৰাণ জনগোষ্ঠীৰ স্বকীয়তা থকা দৈনন্দিন জীৱন ধাৰণ প্ৰণালীকো যুক্ত কৰিব পাৰি । কাকপথাৰ পৰিবেষ্টিত হৈ আছে তেজি , বৰালি, লাজুম , ওৱন, খামটি , কাচিজান , আদি ধুনীয়া গাঁও কিছুমানেৰে । কাকপথাৰ সুচল পথেৰে যুক্ত হৈ থকাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্য্যটক আহিবলৈ সুবিধা আছে । তাৰোপৰি তিনিচুকীয়ালৈ ৰেলযোগে আৰু ডিব্ৰুগড়লৈ বিমানযোগে আহিও অসম তথা দেশ বিদেশৰ পৰ্য্যটক – গৱেষকে কাকপথাৰৰ এই সাংস্কৃতিক উৎসৱ আৰু জনগোষ্ঠীটোৰ অন্যান্য দিশবোৰ প্ৰত্যক্ষ কৰাৰ লগতে গৱেষণাৰ বাবে তথ্য সংগ্ৰহ কৰিবহি পাৰে । অসমৰ উজনি খণ্ডৰ প্ৰান্তীয় চহৰ কাকপথাৰৰ পৰা পৰ্য্যটকৰ আকৰ্ষণীয় স্থান কিছুমানলৈ যাব পাৰি ।

ৰাতি বিহুৰ প্ৰচাৰ আৰু প্ৰসাৰঃ
ৰাতি বিহুৰ প্ৰচাৰ আৰু প্ৰসাৰত জনগোষ্ঠীটোৰ অগ্ৰণী সংগঠন অসম মৰাণ সভা , সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদে প্ৰশংসনীয় পদক্ষেপ লৈ আহিছে । এই ক্ষেত্ৰত উদ্যোক্তাসকলৰ ঐকান্তিক প্ৰচেষ্টা , আন্তৰিকতা শলাগিব লগীয়া । মায়ামৰা প্ৰডাকচনৰ বেনাৰত সদৌ অসম মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি , মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতি আৰু অসম মৰাণ সভা কাকপথাৰ আঞ্চলিক সমিতিৰ প্ৰযোজনাত জয়ছেং জয় দহোতীয়াৰ সম্পাদনা – পৰিচালনাৰে ‘চাক-চনি’ নামৰ তথ্যচিত্ৰ এখন প্ৰস্তুত কৰি ৰাইজৰ বাবে ওলিয়াই দিছে । তথ্যচিত্ৰখন য়ুটিউৱতো উপলব্ধ ( https://youtu.be/BxZyWiD3tZQ )। এটা কথা মনত ৰাখিব লাগিব – মৰাণ জনগোষ্ঠীৰ প্ৰতিটো প্ৰজন্মই ৰাতি বিহুৰ বিষয়ে সবিশেষ জানিব লাগিব ।

পৰিশিষ্টঃ
ৱেবছাইদ , ব্লগ , ফেচবুক পে’জ, টুইটাৰ আদিৰ জড়িয়তেও প্ৰচাৰ চলাই সংস্কৃতিপ্ৰেমী লোক পৰ্য্যটকক আকৰ্ষিত কৰিব পাৰি । পৰ্য্যটকৰ বাবে প্ৰাকৃতিক শোভাৰ মাজত মৰাণ জনগোষ্ঠীয় আৰ্হিৰ ইক’লজ নিৰ্মাণ কৰি ঘৰুৱা পৰিবেশৰ অনুভৱ প্ৰদানেৰে আতিথ্য কৰা , থলুৱা সংস্কৃতি প্ৰদৰ্শন , থলুৱা খাদ্য যোগান , থলুৱা শিল্প – সামগ্ৰী প্ৰদৰ্শন – বিক্ৰী , পৰ্য্যটক – গৱেষকৰ প্ৰয়োজনীয় তথ্য – পাতি যোগান আৰু পথ প্ৰদৰ্শক ( Guide ) আদিৰ ব্যৱস্থা কৰিলে পৰশুৰাম কুণ্ড , টেঙাপানীৰ গ’ল্ডেন পেগুদা , এচিয়াৰ এসময়ৰ ধনী গাঁও চৌখাম, এচিয়াৰ ভিতৰতে সুবৃহৎ বৌদ্ধ মূৰ্তিৰ স্থান লাথাইৰ লালপাহাৰ আদিলৈ অহা দূৰণিৰ পৰ্য্যটকেও তিনিচুকীয়াৰ পৰা আগবাঢ়ি গৈ মৰাণ কৃষ্টি – সংস্কৃতিৰে পৰিৱেষ্টিত কাকপথাৰতহে থাকিবলৈ ভাল পাব।

তথ্য উৎসঃ
ৰাতি বিহু ( স্মৃতিগ্ৰন্থ ) পঞ্চম বাৰ্ষিক , চতুৰ্থ সংখ্যা ( সম্পাদনা ) মন্টু চেতিয়া , মৃদুল দহোতীয়া , ( প্ৰকাশক ) অসম মৰাণ সভা টঙনা আঞ্চলিক সমিতি আৰু কাকপথাৰ আঞ্চলিক সমিতি , সদৌ অসম মৰাণ ছাত্ৰ সন্থা , মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতি
চাক্-চনি ( তথ্যচিত্ৰ ) ( পৰিচালনা – সম্পাদনা ) জয়ছেং জয় দহোতীয়া, ( প্ৰযোজনা ) মায়ামৰা প্ৰডাকচনৰ বেনাৰত সদৌ অসম মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি , মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতি আৰু অসম মৰাণ সভা কাকপথাৰ আঞ্চলিক সমিতি
প্ৰান্তিকঃ ১৬-৩১ এপ্ৰিল ২০১৬
নিয়মীয়া বাৰ্তাঃ ১৮ এপ্ৰিল ২০১৬

তোলনি বিয়া আৰু সাম্প্ৰতিক কালত ইয়াৰ অপকাৰিতা

নন্দ চুতীয়া,
ঢকুৱাখনা ।

আমাৰ অসমীয়া সমাজত হিন্দু সমাজত ছোৱালী প্ৰথম ঋতুমতী হ’লে তাক কন্যাকাল হোৱা বুলি কয় । প্ৰথম ঋতুচাপ দেখা পালেই সেই ছোৱালীজনীক এটা কোঠাত আঁৰ-বেৰ দি আবদ্ধ কৰি মাটিত ধানখেৰ পাৰি তাৰ ওপৰত এটা পাটী পাৰি তাতে খাবলৈ-শুবলৈ দি ঘৰৰ আনবোৰ মানুহৰ লগত লেটি-পেটি কৰিবলৈ নিদিয়াকৈ নিলগাই ৰাখে । তাকে চুকত সুমুৱা বুলি কয় । শৌচ-প্ৰস্ৰাৱৰ বাদে বাজ-ভিতৰ কৰা সম্পূৰ্ণ নিষেধ । এইদৰে চাৰিদিন চুকত থাকিব লাগে । চাৰিদিনৰ দিনা গাঁৱৰ বয়োজ্যেষ্ঠা মহিলা কেইগৰাকীমানে ছোৱালীজনীক বাহিৰলৈ আনি এখন পীৰাত বহুৱাই লৈ ভালকৈ গা-পা ধুৱাই নতুন মেখেলা-চাদৰ পিন্ধাই, আগৰ পাৰি লোৱা খেৰবোৰ বাহিৰলৈ আনি গৃহস্থই পুৰি পেলায় আৰু পাটীটো ধুই-পখালি ঘৰ-দুৱাৰ ভালকৈ মচি নিকা কৰে আৰু গৃহস্থ ঘৰেও গা-পা ধুই শুচি হৈ লয় । তাকে চাৰিদিনীয়া ধুউৱা বোলে । পুনৰ আগৰ কোঠাটোতে নতুন খেৰ পাৰি নতুন পাটী পাৰি ছোৱালীজনীক থাকিবলৈ দিয়ে । সেইদিনাৰ পৰা ৰাতিলৈ গাঁৱৰ গাভৰুহঁতে ছোৱালীজনীক ৰখিবলৈ আহে । গোটেই ৰাতি নাম গুণ গাই হাঁহি তামাচা কৰে । ইয়াকে ছোৱালী ৰখা বুলি কয় । এনেকৈ তিনি ৰাতি ৰাখে ছোৱালীজনীয়ে সাদিন বৰতত থাকিব লাগে । এই সাদিন তেলমৰা আঞ্জা খোৱা আৰু আমিষ আহাৰ ভোজন নিষিদ্ধ । গাঁৱৰ মহিলাসকলে প্ৰতি ঘৰে বৰতীয়া ছোৱালীজনীয়ে খাবলৈ কেঁচা বুট, মগু, কল, কুঁহিয়াৰ, পকা অমিতা, এৱাঁ গাখীৰ দিয়েগৈ । ইয়াকে দালি দিয়া বুলি কয় । সাদিনৰ দিনা গাঁৱৰ মহিলা আৰু গাভৰুবোৰে বেই তলত ছোৱালীজনীক নোৱাই-ধোৱাই নতুন গাভৰু সাজ পিন্ধাই কলপাতেৰে সজা ৰভাৰ তলত ছোৱালীজনীক মাজত পাটীত বহুৱাই লৈ আনবোৰ মহিলায়ো ঢাৰি-পাটীত বহি বেৰি লৈ বিয়ানাম গায় । গাভৰু জীৱনত কেনেকৈ সাৱধানে থাকিব লাগিব বুজনি দিয়ে । খোৱা-বোৱাৰ প্ৰাচুৰ্যৰ ব্যাপকতা এই বিয়াত নচলে । থকা ঘৰে চাহ পানী এটোপা আৰু নাম মাত্ৰ আখৈ-মুড়িৰে জলপান একোটা যাচে । বয়োজ্যেষ্ঠা মহিলাসকলে ইজনীয়ে সিজনৰ মুখত কেঁচা পিঠাগুৰি ঘঁহি ৰং-ধেমালি কৰে । এই বিয়াত পুৰুষ মানুহৰ উপস্থিতি নিষিদ্ধ । আনকি ঘৰৰ মতা মানুহকেইটাও ওলাই দিয়ে । এইখন বিয়াকে তোলনি বিয়া বা সৰু বিয়া বোলে । গাঁৱৰ মহিলাসকলে বিয়া বুলি কইনাজনীক সামৰ্থ্য অনুযায়ী এটকা-দুটকা, কোনোবাই ব্লাউজ এটা উপহাৰ যাচে । ইয়াকে নোৱনী দিয়া বুলি কয় । কিন্তু আজি কিছু বছৰৰ পৰা লক্ষ্য কৰিছো এই তোলনি বিয়াৰ আগৰ নিয়মবোৰ ভাঙি একেবাৰে বৰ বিয়া সদৃশ কৰি পেলাইছেগৈ । পইচা থকা মানুহে তোলনি বিয়া এনেকৈ মহাসমাৰোহেৰে পতা দেখি দুখীয়া কৃষকমখাও পিছপৰি ৰৈ নাথাকিল । যুগ অনুসৰি বেশ । কোনেনো কেলৈ পিছ পৰি ৰ’ব । এতিয়া দুখীয়া কৃষকৰ ঘৰেও এনেকৈ ৰমক-জমককৈ তোলনি বিয়া পাতিবলৈ ললে । ফলত অধিক টকাত মাটি বন্ধক অথবা মাটিকে বিক্ৰী কৰি পাছত নিঠৰুৱা হৈ পৰিছে । একেজনী ছোৱালীৰ লগত তোলনি বিয়াৰ নামত এবাৰ, বৰ বিয়াৰ নামত এবাৰ…, এনেকৈ দুগুণ খৰচ ভৰি তোলনি বিয়া পতাৰ কিবা যুক্তি থাকিব পাৰেনে ? জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছে–“যি চিন্তাই যি কৰ্মই সমাজ জীৱন বিধ্বস্ত কৰে সেয়া সংস্কৃতি হ’বই নোৱাৰে । ই দুষ্কৃতি ।” কথাবোৰ গমি চাবৰ হ’ল ।

জোনবিল মেলা

নিবিড় গাৰ্গ,
ডিফলু, নগাওঁ ৷

অসমত অনুষ্ঠিত হৈ অহা জনগোষ্ঠীয় উৎসৱসমূহৰ ভিতৰত তিৱা সকলৰ জোনবিল মেলা পৃথিৱী বিখ্যাত ৷ বৰ্তমান মৰিগাওঁ জিলাৰ জাগীৰোডৰ পৰা তিনি কিলোমিটাৰ উত্তৰে জোনবিলৰ পাৰত প্ৰত্যেক বছৰত অতীজৰ চিৰাচৰিত প্ৰথাৰে জোনবিল মেলা অনুষ্ঠিত হৈ আহিছে ৷এই মেলাই তিৱাসকলৰ সংস্কৃতিৰ এক ঐতিহাসিক স্বাক্ষৰ বহন কৰে৷ জোনবিল মেলাৰ আৰম্ভনি কোনে কেতিয়া কৰিছিল তাৰ সঠিক তথ্য পোৱা নাযায়৷ তথাপিও গোভাৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা ইয়াৰ জন্ম হৈছিল বুলি গৱেষক সকলে মত পোষণ কৰে ৷ প্ৰত্যেক বছৰৰ মাঘবিহুৰ পিছৰ সপ্তাহৰ পৰা মেলা আৰম্ভ হয় ৷ সপ্তাহটোৰ মঙ্গলবাৰ বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুক্ৰবাৰ আৰু শনিবাৰে প্ৰধান মেলা হয় ৷ অগ্নিপুজাৰ মাধ্যমেৰে প্ৰাপ্ত পৱিত্ৰতা আৰু শক্তিৰে শুভাৰম্ভ কৰা জোনবিল মেলাৰ মূল বিষয় বস্তু তথা আৰ্কষণ হৈছে বিনিময় প্ৰথা ৷ এই প্ৰথা একমাত্ৰ জোনবিল মেলাতেই বিদ্যমান৷মেলাৰ প্ৰথম দিনা অৰ্থাৎ শুক্ৰবাৰৰ পুৱা নৌহওতেই মুদ্ৰাবিহীন হাট অৰ্থাৎ বিনিময় আৰম্ভ হয়৷এই মেলাত বিনিময় কৰিবলৈ পাহাৰৰ পৰা খাচি, জয়ন্তীয়া, কাৰ্বি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ গাওঁৰ ‘লৰ’ বা দলৈৰ নেতৃত্বত ভৈয়ামলৈ নামি আহে আৰু লগত আনে বিনিময় কৰিবলৈ বিভিন্ন ধৰণৰ পাহাৰীয়া আলু,কচু,লা,ধুনা,হালধি আদি ৷শুক্ৰবাৰৰ পিছদিনা অৰ্থাৎ শনিবাৰে আধুনিক বজাৰ বহে৷ নিশা ভেলাঘৰত প্ৰীতি ভোজ খাই৷দেওবাৰে মাঘবিহু পালন কৰে ৷ মেলাৰ অন্তিম দিনা ৰাজদৰবাৰ বহে ৰাজদৰবাৰত ৰজা প্ৰমুখ্যে পৰিষদবৰ্গ মেলাত আহি বিভিন্ন আলাপ আলোচনাত বহে আৰু বিভিন্ন শিতানৰ কৰ কাটল সংগ্ৰহ কৰে ৷ অতীতত এই কৰসমূহ ৰজাই নিজেই সংগ্ৰহ কৰিছিল বুলি জনা যায় যদিও বৰ্তমান বিষয়া সকলে এই কৰ সংগ্ৰহ কৰে ৷ জোনবিল মেলাৰ অবিহনে তিৱাসকলে প্ৰতিবছৰ ফাগুনত কৰা ছগ্ৰা আয়োজন নহয় ৷ তিৱাসকলে জোনবিল মেলাত বিনিময় কৰা কেঁচা মাছ ফালি শুকুৱাই ৰখা মাছৰ চেনা, চিৰা আৰু তামোল আদিক লৈ নবা’ৰ অৰ্থাৎ বৰঘৰৰ খুন্দাকাং অৰ্থাৎ লাইখুটাৰ গুৰিত প্ৰতিজন কুল দেৱ দেৱীৰ নামত আৰু বৰঘৰৰ নুকতিত জাফাখৰ কাষত পৰিয়ালৰ মৃত ব্যক্তিসকলৰ নামত পূজা পাঠ কৰে ৷

পৰম্পৰা ৰক্ষা, বিনিময় প্ৰথা, ৰজাৰ আগমন আদিৰে তিৱাসকলে সাতামপুৰুষীয়া সম্প্ৰীতিৰে অতীতৰ আত্মিক বান্ধোন কটকটীয়াকৈ ৰাখি জোনবিল মেলাৰ ঐতিহ্য বজাই ৰাখিছে ৷


হাজং জনগোষ্ঠীৰ খাদ্যাভাস বা খাদ্যপ্ৰণালী

সদানন্দ হাজং
হৰিনাথপুৰ, ধেমাজি

হাজংসকলৰ মূল খাদ্য ভাত । ধান খেতিয়েই প্ৰধান খেতি । মূলতঃ তেওঁলোক কৃষিজীৱি । আন বৃত্তিত বৰ বেছি মনোনিৱেশ নকৰে । বাৰমাহত যিমান প্ৰকাৰৰ ধান খেতি আছে এইসকলোবোৰ খেতি তেওঁলোকে কৰে । যেনে- আহু, হালি, বাও আৰু বৰো ধান ইত্যাদি । বাও ধানৰ খেতি সাধাৰণতে দ মাটিত কৰে । ধান খেতিৰ উপৰিও বিভিন্ন শাক-পাচলিৰ খেতি কৰে । যেনে- আলু, মূলা, লাই, পালেং, পানী লাউ, জিকা, ভোল, ৰঙালাউ,কচু, কবি, আদা, নহৰু, হালধী, জিকা, পিয়াজ, ইত্যাদি । হাজং মহিলা সকলে পূৰ্বতে ধান ঢেকীত খুন্দিছিল । তেতিয়া ধান খুন্দা মেচিন আছিল যদিও কিছুসংখ্যকহে আছিল । কুকুৰা মাত দিয়াৰ লগে লগে আন্ধাৰ থাকোতেও ঢেকীত ধান খুন্দিবলৈ বিচনাৰ পৰা উঠিছিল । কেচুৱা সাৰ পালে কেচুৱাক পিঠিত বোকোচা কৰি হলেও এই কাম কৰিছিল । হাজং মহিলাসকল বৰ শক্তিশালী আছিল । বৰ্তমান এই কাৰ্য কৰা প্ৰায় দেখা নাযায় বুলি কলেও ভুল কোৱা নহব । বৰ্তমান যুগত যিমানে আধুনিকতাৰ প্ৰভাৱ পৰিছে সিমানে মানুহ এলেহুৱা হৈছে বুলি ক’বপৰা যায় । ধান খুন্দা মেচিনৰ প্ৰচলন অহাৰ লগে লগে পৌৰানিক নীতি-নিয়মসমূহ পাহৰিব ধৰিছে বুলি কব পাৰি । বৰ্তমান ঢেকীত ধান খুন্দা প্ৰচলন কম যদিও প্ৰায়বোৰ পৰিয়লতে ঢেকী থকা পৰিলক্ষিত হয় । বিহুৰ সময়ত ঢকীত কিছু বাচমতি চাউল, কিছু বৰা ধানৰ চাউলৰ পিঠা গুৰি ঢেকীত খুন্দাৰ উপৰিও যিকোনো মুহূর্তত বা আলহী-অতিথি আহিলে পিঠা খোৱাবৰ কাৰণে ঢেকীত চাউল গুৰি কৰিবলৈ আৰম্ভ কৰে । জুলকীয়া, হালধী, শুকান মাছৰ সিদল, লেবাশাক ৰান্ধিবলৈ চাউলৰ গুৰি, মাটি মাহ ইত্যাদি ঢেকীত খুন্দে । কচুপাতৰ পৰা তৈয়াৰ কৰা শাক (কচুপাতা খাৰপানী) আৰু বাঁহৰ গজালিৰে ৰন্ধা (গাজা শাক) শাক ৰান্ধিবলৈও চাউল গুৰি ঢেকীত খুন্দিব লাগে । মাটিমাহ তেল আৰু খাৰ দুটা পদ্ধতিৰে ৰান্ধি খায় । এইবোৰ তেওঁলোকৰ প্ৰিয় খাদ্য । আলহী-অতিথিক এইবোৰ শাক পাচলিৰ পৰাই তেওঁলোকে আপ্যায়ন কৰে । ভাত মূল খাদ্য যদিও মাজে সময়ে বৰা চাউলৰ ভাত খায় । (ভাপত সিজুৱা ভাত) ইয়াক হাজংসকলে বিচি ভাত বুলি কয় । ভাতটো কিছু আঠা জাতীয় । খাই বৰ ভাল লাগে । পূৰ্বে তেওঁলোকে কাছ মাংস আৰু বিচি ভাত খুব খাইছিল । গতিকে আগৰ মানুহবোৰ বৰ শক্তিশালী লগতে দীৰ্ঘজীৱি আছিল । বৰা ধানৰ খেতি তেওঁলোকে নিজে কৰে । আলহি-অতিথিক বৰা চাউলৰ ভাত মানে বিচি ভাত জুটিৰে এসাজ খোৱাবলৈ প্ৰয়াস কৰে । বৰা চাউল থাকিলে চিন্তাই নাই লগতে ঢেকীত খুন্দা শুকান মাছৰ সিদল । সিদল মানে হৈছে কেচা মাছ জুইত বা ৰ’দত শুকাই লৈ লগতে কিছু পৰিমাণে কচুৰ ঠাৰি ঢেকীত খুন্দি বাঁহৰ চুঙাত বা মাটিৰ পাত্ৰ সৰু কলহ (সাৰী) এটাত ভৰাই থৈ দিয়ে প্ৰায় বিশ, বাইছ দিনৰ কাকাৰণে । এই দিন কেইটা পাৰ হোৱাৰ পিছত সিদল খোৱাৰ আৰম্ভ হয় । মাছ, মাংস নাথাকিলে সিদল জুইত জলাই বা পুৰি বা পানীৰে কিছু ঝোল বনাই খায় । বৰা ধানৰ গজালিৰে বুকনি ভাত প্ৰস্তুত কৰে । বুকনি ভাত কিছু টেঙা কিছু মিঠা । কিছু নিমখ মিহলাই খালে বৰ সোৱাদ লাগে । এই ভাত হাজংসকলে শাওনৰ সাতত খোৱা পৰম্পৰা । বাঁহৰ ভিতৰত বৰা চাউল অলপ ভৰাই জুইত সিজুৱা ভাত বা ঠাণ্ডা দিনত জুই পুৱাই থকা অৱস্থাত কেতিয়াবা এই ভাত খাবৰ বাবে যত্ন লয় আৰু জুই কৰাত পুৰিবলৈ আৰম্ভ কৰে । ইয়াক হাজংসকলে দিনপুৰা বুলি কয় । পূৰ্বে খুব খাইছিল । মই সৰুতে খোৱা মনত আছে । বৰ্তমান দিনপুৰা খোৱা কমপৰিমানে দেখা যায় । বগা মদ (কাছা মদ) ৰুচি মদ আদি নিজ ঘৰতে প্ৰস্তুত কৰি লয় । বিহু বা আনদিনবোৰতো এই পানীয় বস্তুবোৰ যা-যোগাৰ কৰে । বিহুৰ বতৰত ধুম-ধামেৰে বগা মদ (কাছা মদ) ৰুচি মদ আদি খায় । কিবা কামৰ কাৰণে গাঁৱৰ দুই এজনক হাৰীয়া মাতিলেও এই পানীয় দ্ৰব্য যোগাৰ কৰে । মৰি (খুই), মৰি লাড়ু (খুই নাৰু) চাউল ভজা, ভুত গুৰা ইত্যাদি বোৰ সিজোৱা চাউল প্ৰথমতে ঢেকীত খুন্দে তাৰৰ পিছত এইবোৰ ভাজি প্ৰস্তুত কৰে । এইবোৰ ৰাতিপুৱা চাহৰ লগত জলপান হিচাপে খায় । বৰা ধানৰ পৰা প্ৰস্তুত কৰে ধান খুই বা হুৰুম খুই । হাজংসকলে গৰুৱা মাছৰ বাহিৰে প্ৰায় সকলো মাছ খায় । মাংসৰ ভিতৰত কুকুৰা, গাহৰি, হাঁহ, পাৰ, ছাগলী, ভেৰা, কাছ, হৰিণ, পাৰ,কপৌ, শহা ইত্যাদি । শহা পহু চিকাৰ কৰিও খায় । পূৰ্বতে কুকুৰা নোপোহিছিল আৰু নাখায়ছিল আনকি ঘৰৰ ভিতৰলৈও সোমাব দিয়া নাছিল । বৰ্তমান গাহৰি আৰু কুকুৰা পোহপাল দিয়াৰ লগতে খোৱা পৰিলক্ষিত হয় ।

ঢেকীত খুন্দা চাউলৰ গুৰিৰে প্ৰস্তুত কৰা কিছুমান পিঠাঃ
তেল পিঠা, কদাল পিঠা, (চয় পিঠা) পুনি পিঠা, ঢুকুৰি পিঠা (এন্দুৰ দিবুৰ পিঠা), পাঠ পিঠা, টেকেলি পিঠা, পানী পিঠা, টেং টেং পিঠা বা ঢাপ ঢাপ পিঠা, বাতুল পিঠা, আলু পিঠা (মিঠা আলু সংমিশ্ৰণ কৰি প্ৰস্তুত কৰা এবিধ পিঠা) ইত্যাদি । পিঠা তেওঁলোকে মন গ’লেই প্ৰস্তুত কৰি খায় । আলহী অতিথি আহিলে তেওঁলোকক খোৱাবলৈ বহু প্ৰয়াস কৰে ।

সংৰক্ষিত কৰি ৰখা কিছুমান শাক-পাচলিঃ
নালেপাতা শুকনা (মৰাপাটৰ শুকান পাত), চুনচুনি তিতা (ঠানকুনি ফুলৰ শুকান), মূলা শুকনা, বন্ধা কবি শুকনা, চাল কোমোৰা শুকনা, মান কচু আলুৰ শুকনা, কেচা মাছৰ শুকনা আৰু শুকান মাছৰ সিদল ঢেকীত খুন্দি বাঁহৰ ভিতৰত বা কলহ (সাৰী) এটাত ভৰাই থয় আৰু বাঁহৰ গজালিৰ শুকনা । শাক-পাচলিৰ ভিতৰত কল গছৰ (ভীম কল গছৰ) শাক তেওঁলোকৰ এবিধ অন্যতম শাক । সৰু এটা কলগছ কাটি আনি সেই কলগছটো মিহি মিহিকৈ কাটি শাক হিচাপে ৰান্ধি খায় । ইয়াক তেওঁলোকে “চুনছা” শাক বুলি কয় । “চুনছা” শাক ৰান্ধোতে কিছুলোকে কিছুপৰিমাণে দালি সংমিশ্ৰণ কৰি ৰান্ধে । “চুনছা” শাক খাৰ আৰু তেল দুয়োটা পদ্ধতিতে ৰান্ধি খায় ।

এনেদৰেই তেওঁলোকে তেওঁলোকৰ খাদ্যাভাস প্ৰস্তুত কৰে ।

তিহাৰঃ নেপালী সমাজৰ অন্যতম  লোক উৎসৱ

দীপক লিম্বু,

বিহালী, বিশ্বনাথ চাৰিআলি ৷

 

 

অসমৰ বহল সাৰুৱা সাংস্কৃতিক পথাৰখনত বিভিন্ন ধাৰ্মিক, ভাষা-ভাষিক তথা সাংস্কৃতিক গোটৰ  লোকসকলে যিবোৰ উৎসৱ-পাৰ্বন পৰম্পৰাগত ভাৱে পালন কৰি আহিছে, তাৰ ভিতৰৰে এটা হল – অসমৰ নেপালী ভাষিক লোক সকলে পালন কৰি অহা তিহাৰ উৎসৱ ৷ আপাতত, “তিহাৰ” শব্দটি দিৱালী / দীপান্বিতা শব্দৰে সমাৰ্থক ৷ উৎসৱ বুজোৱা সাধাৰণ হিন্দী “ত্য’হাৰ” শব্দটি অপভ্ৰংশ হৈ তিহাৰ শব্দটিৰ প্ৰচলন হোৱা কোৱা হয় ৷ এই শাৰদীয় উৎসৱটি পাঁচদিন লৈকে উলহ- মালহেৰে উদযাপন কৰা হয় ৷ এই উৎসৱে কৃষিজীৱি নেপালী ভাষিক লোকসকলৰ ধাৰ্মিক, সামাজিক,  সাংস্কৃতিক, লোকবিশ্বাস, আশা-আকংক্ষা আদিকে প্ৰকাৰন্তৰে প্ৰতিফলিত কৰে ৷ নেপালী সমাজৰ মাজত ঠিক কেতিয়াৰ পৰা তিহাৰ উৎসৱ উদযাপনৰ পৰম্পৰা আৰম্ভ হল তাক সঠিককৈ কোৱাটো টান হলেও অন্বেষণ কৰিলে ইয়াৰ ঘাই শিপাডাল প্ৰাচীন ভাৰতীয় উপ-মহাদেশখনতে পোৱা যায় ৷ ভাৰতীয় দৰ্শনৰ অমূল্য ভাণ্ডাৰ ৰূপে পৰিচিত স্কন্দ পূৰাণ, পদ্ম পূৰাণত এই উৎসৱ পালন কৰাৰ তথ্যৰ উমান পোৱা যায় ৷ আৰবীয় মূলৰ দুঃসাহসিক পৰিব্ৰাজক আল ব্যাৰুনীৰ ভাৰত ভ্ৰমনৰ টোকাতো এই উৎসৱৰ বৰ্ণনাই ঠাই পাইছিল ৷ প্ৰাগৈতিহাসিক যুগৰ পৰা ভাৰতবৰ্ষত প্ৰচলিত পোহৰৰ এই উৎসৱ দীপাৱলীয়েই  নানা কাল- খণ্ডৰ প্ৰভাৱ পৰি নেপালী লোকসকলৰ বাবে তিহাৰ হৈ পৰিছে ৷

 

দূৰ্গা পূজাৰ ঠিক পোন্ধৰ দিনৰ পিছত পাঁচ দিন ধৰি পালন কৰি অহা এই উৎসৱটিৰ লগত বিভিন্ন লোক বিশ্বাস, উপখ্যান আদিৰ সম্বন্ধ আছে ৷ তিহাৰ উৎসৱৰ লগত জডিত লোক- বিশ্বাস মতে ভগৱান ৰামচন্দ্ৰ, সীতা আৰু লক্ষ্মণে চৈধ্য বছৰ বনবাস খাটি ঘৰ-ৰাজ্যমুখী হওঁতে আনন্দত অধীৰ হোৱা  অযোধ্যাবাসীয়ে ৰজা ৰামচন্দ্ৰৰ আগমনক আদৰণি জনাই  চাকি-বন্তি প্ৰজ্বলন কৰি, গীত- মাতেৰ যি বৰ্ণাঢ্য  আয়োজন কৰিছিল;  সেই আয়োজনৰ পৰাই দীপান্বিতা তথা অন্য ভাষাত কবলৈ গ’লে তিহাৰ উৎসৱ উদযাপনৰ পৰম্পৰা আৰম্ভ হোৱা বুলি বিশ্বাস কৰা হয় ৷ তদুপৰি, তিহাৰ বা দীপান্বিতাৰ লগত আন এটা প্ৰবাদো প্ৰচলিত আছে ৷ এই নেপালী লোক বিশ্বাস তথা হিন্দু পৌৰাণিক শাস্ত্ৰমতে ৰজা যম যমুনাৰ ককায়েক ৷ ককায়েকক লগ পাবলৈ ব্যাকুল হোৱা যমুনাই যম ৰজাক নিমন্ত্ৰণ জনাই মাতি আনি ঘৰত আদৰ সাদৰ কৰি আপ্যায়ন কৰে ৷ ভগ্নী যমুনাৰ আতিথ্যত আপ্লুত হোৱা যমে ভগ্নীৰ কি মনোবাঞ্ছা আছে তাক পূৰণ কৰিবলৈ বিছাৰে ৷ ৰজা যমৰ অনুৰোধত যমুনাই নিজৰ মনোবাঞ্ছা প্ৰকাশ কৰি যম ৰজাই যি দিনকেইটা তাইৰ ঘৰত আতিথ্য গ্ৰহণ কৰিছিল সেই দিনকেইটাক ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্বন্ধক জন- মানসত তুলি ধৰাৰ বাবে জগতবাসীয়ে উৎসৱ হিচাপে পালন কৰাটো বিছাৰে ৷ ভগ্নীৰ মনোবাঞ্ছা  মতে ৰজা যমে উৎসৱ পালনৰ আদেশ দিয়াত তিহাৰ উৎসৱ উদযাপনৰ পৰম্পৰা আৰম্ভ হোৱা বুলি বিশ্বাস কৰা হয় ৷

 

নেপালী ভাষিক লোকসকলে পালন কৰা তিহাৰ উৎসৱটি শৰৎ ঋতুৰ কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ পৰা আৰম্ভ হয় আৰু পৰৱৰ্ত্তী পাঁচ দিনলৈকে চলি একে মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিত ভাই ফুট পৰ্বৰে অন্ত হয় ৷ এই পাঁচ দিনৰ কালছোৱাক নেপালী ভাষাত “যম পঞ্চক” বুলি কোৱা হয় ৷ ত্ৰয়োদশীৰ দিনাৰ ” কাগ” পূজাৰে ( কাউৰী ) তিহাৰ উৎসৱটিৰ  আৰম্ভৰণি হয় ৷ নেপালী জন বিশ্বাসত কাউৰীক যম ৰজাৰ দূত হিচাপে ধৰা হয় ৷ তিহাৰৰ প্ৰথম দিনা অৰ্থাৎ কাৰ্তিক মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশীৰ দিনা ৰজা যমে কাউৰীৰ ৰূপত জগতলৈ আহে বুলি বিশ্বাস কৰে ৷ সেয়ে, কাউৰী চৰাইক নেপালী জনমানসত অমঙ্গলৰ সূচক বুলি ধৰিলেও সিদিনা যমৰ দূতৰ মানত পূজা দি মিষ্টান্ন, ফল, পানী ইত্যাদি প্ৰদান কৰা হয় ৷

 

তিহাৰ উৎসৱটিৰ দ্বিতীয় দিনা অৰ্থাৎ চৰ্তুদশীৰ দিনা কুকুৰক পূজা কৰা হয় ৷ ইয়াক কুকুৰ তিহাৰ বুলি কোৱা হয় ৷ নেপালী জন- মানসত কুকুৰকো ৰজা যমৰ দূত হিচাপে বিশ্বাস কৰা হয় ৷ তিহাৰ উৎসৱৰ উক্তদিনা ৰজা যমে কুকুৰ ৰূপ ধাৰণ কৰি জগতৰ প্ৰতি ঘৰত পৰিক্ৰমা কৰে বুলি বিশ্বাস কৰা হয় ৷ সেয়ে সিদিনা কুকুৰক দেৱতা হেন জ্ঞান কৰি মস্তষ্কত দৈ সনা চাউল সানি নাৰ্জি ফুলেৰে তৈয়াৰী মালা পিন্ধাই প্ৰিয় খাদ্য, প্ৰসাদ আদি প্ৰদান কৰি পূজা কৰা হয় ৷

 

তিহাৰৰ উৎসৱৰ পঞ্চদশীৰ দিনা নেপালী সমাজত প্ৰচলিত পৰম্পৰানুসৰি ৰাতিপুৱা বেলা  গাইৰ পূজা কৰা হয় আৰু একে দিনাৰ সন্ধিয়া বেলা সমৃদ্ধিৰ দেৱী লক্ষ্মীক পূজা প্ৰদান কৰা হয় ৷ সনাতনী হিন্দু ধৰ্মৰ অনুগামী হিচাপে নেপালী লোকসকলে গাই গৰুক গো মাতৃৰ ৰূপত বিশ্বাস কৰে ৷ ইয়াক সমৃদ্ধিৰ দেৱী লক্ষ্মীৰো প্ৰতীক হিচাপে জ্ঞান কৰে ৷ সিদিনা ৰাতিপুৱাই ঘৰ-চোতাল সাৰি গৰুৰ গোবৰেৰে ঘৰটোৰ বাহিৰ-ভিতৰ ভাগ মছি শুচি কৰা হয় ৷ ইয়াৰ পিছত ঘৰৰ গাই কেইজনীক গোহালীৰ পৰা চোতাললৈ উলিয়াই  সেন্দুৰ সনা চাউল পিঠাগুৰিৰে কপাল আৰু বাকী গা-দেহাত ফুট সানি দিয়া হয় আৰু খাবলৈ খাদ্য প্ৰদান কৰা হয় ৷ এই একে দিনাখন সন্ধিয়া ধন দ্ৰাষ্ঠী মাতৃ লক্ষ্মী দেৱীৰ পূজা কৰি চাকি-বন্তি প্ৰজ্বলন কৰা হয় ৷ তিহাৰৰ উৎসৱৰ উখল-মাখল পৰিবেশৰ মাজত প্ৰতি ঘৰ গৃহস্হই ঘৰ-চৌহদত থকা তুলসী গছৰ তলত চাকি-বাতি প্ৰদান কৰি মন-মস্তিষ্ক পৱিত্ৰ কৰে ৷ কৃষি জীৱি চহা নেপালী লোকসকলে তেওঁলোকৰ দ্বিতীয় আটাইতকৈ ডাঙৰ শাৰদীয় পৰ্বটোৰ হৰ্ষ-উল্লাসৰ মাজত থাকিলেও নিজ পথাৰখনত হালি-জালি থকা সমৃদ্ধিৰ প্ৰতীক ৰূপী  সোণসেঁৰীয়া শস্য গুটিৰ পথাৰখনক পাহৰি নযায় ৷ সিদিনা ঘৰ-চোতালত চাকি-বাতি দিয়াৰ পিছত গৃহস্হই নিজৰ পথাৰখনত  চাকি প্ৰজ্বলন কৰি সমৃদ্ধিৰ প্ৰতীক ৰূপী শস্যক আদৰণি জনাই ঘৰ-ভৰাঁললৈ আহ্বান কৰে ৷

 

কাৰ্তিক মাহৰ কৃষ্ণপক্ষৰ অমাৱশ্যা ৰাতিক আটাইতকৈ আন্ধাৰ বুলি জনা যায় ৷ সিদিনা সন্ধিয়া  এন্ধাৰ ধৰালৈ নামি অহাৰ লগে লগে গাঁৱৰ প্ৰতি ঘৰৰ চৌহদ চাকি-বন্তিৰ পোহৰেৰে উজ্বলি উঠে ৷ গাঁৱৰ ঘৰ-চৌহদ দীপাৱলীৰ চাকি-বাতিৰে চক্ মকাই উঠাৰ লগে লগে গাঁওখনৰ কিশোৰীসকলে দল বান্ধি প্ৰতি ঘৰ-গৃহস্হলৈ গৈ ভৈলী খেলে ৷ কেৱল কিশোৰীসকলেহে ভৈলী খেলে ৷ ভৈলী নৰ্ত্তকীসকলে ভৈলী গীত-মাত, নাচেৰে ভৈলী উপস্হাপন কৰে ৷ ভৈলী নৰ্ত্তকীসকলে পৰিৱেশন সামৰাৰ পিছত গৃহস্হই প্ৰদান কৰা দান- দক্ষিণা গ্ৰহণ কৰি গৃহস্হক আৰ্শীবাদ প্ৰদান কৰে ৷ ভৈলী নৃত্যৰ উৎপত্তি সম্পৰ্কে এটা পৌৰাণিক আখ্যান আছে ৷ এই আখ্যানৰ লগত ভৈলী নৃত্য আৰু দেউচি খেল দুয়োটাৰ উৎপত্তিৰ সম্পৰ্ক আছে ৷ এই আখ্যানৰ নায়ক হল বলি ৰজা ৷ বলি অনাৰ্য মূলৰ ৰজা আছিল ৷ তেওঁক ভগৱান বিষ্ণুয়ে বামন ৰূপ ধাৰণ কৰি দমন কৰিছিল ৷  প্ৰাচীন ভাৰতৰ  আৰ্যাৱৰ্ত্ত খণ্ডত ভীল জনজাতিৰ লোকে বিভিন্ন সামাজিক উপলক্ষ্যত বলি ৰজাৰ যশ- কৃতিৰ গুনানু-কীৰ্ত্তন কৰি ঘৰে ঘৰে ভৈলি সদৃশ গীত-মাতৰ নৃত্য কৰিছিল ৷ এই বলি ৰজাৰ গীত- মাত পৰিৱেশন কৰি ফুৰা প্ৰচীন ভাৰতীয় ভীল জনজাতিৰ পৰা ভৈলি শব্দৰ উৎপত্তি হৈ ভৈলি নৃত্যৰ প্ৰচলন হোৱা বুলি কোৱা হয ৷

 

 

তিহাৰ উৎসৱৰ তৃতীয় দিনা গোমাতৃৰ পূজাৰ পিছত একে মাহৰ শুক্ল পক্ষ প্ৰথমাত গৰু( বলধ) পূজা কৰা হয় ৷ ইয়াক গৰু তিহাৰ বুলি জনা যায় ৷ ঘৰৰ বলধ গৰুকেইটাক ৰাতিপুৱাই গোহালীৰ পৰা উলিয়াই গায়ে-কপালে ফোট সানি দি পূজা কৰা হয় ৷ গৰু তিহাৰ অৰ্থাৎ প্ৰথমা তিথিতো সন্ধিয়া আন্ধাৰ নমাৰ লগে লগে  নেপালী ভাষিক লোকে চাকি- বাতি প্ৰজ্বলন কৰে ৷ দেৱালীৰ চাকি-বাতিৰ পোহৰেৰে গাঁও-পদূলি জলমলাই উঠাৰ লগে লগে দেউচি দলবোৰৰ আগমন হয় ৷ দেউচি খেলখন প্ৰথমাৰ পৰা ভাতৃ দ্বিতীয়া লৈকে খেলা হয় ৷ সকলো বয়সৰ পুৰুষে দেউচি খেল খেলিব পাৰে ৷ দেউচি  খেলাৰ পৰম্পৰাৰ কেনেদৰে আৰম্ভ হল তাৰ দুটা মান পৌৰাণিক কিম্বদন্তি আছে আগত উনুকিওৱাৰ দৰে অযোধ্যাৰ ৰজা ৰাম চন্দ্ৰৰ লগত দেউচিৰ সম্পৰ্ক আছে ৷ পিতৃ আজ্ঞাবাহী ৰাম চন্দ্ৰই চৈধ্য বছৰ নিৰ্বাসনৰ অন্তত ৰাজ্যলৈ আহোতে ৰাজ্যৰ প্ৰজাই হৰ্ষ- উল্লাস প্ৰকাশ কৰি ঘৰে ঘৰে গৈ যি নৃত্য- গীত- মাত পৰিৱেশন কৰিছিল তাৰ পৰাই দেউচি খেলৰ পৰম্পৰা আৰম্ভ হোৱা বুলি বিশ্বাস কৰা হয় ৷ সেয়ে, দেউচি দল বা গোটৰ দলপতিয়ে দেউচি গীতৰ পৰিৱেশন কৰোতে সহযোগী সকলে প্ৰতিটো কলিৰ পিছত  “দেউচি ৰে” বা “দেউচি ৰাম” শব্দাংশ গাই  দলপতিজনক সহযোগ  কৰি দেউচি গীতক লয়বদ্ধ কৰে ৷ হিন্দু জনমানসত অতি জনপ্ৰিয বচন “জয়শ্ৰী ৰাম” শব্দ দুটাৰ অপভ্ৰংশ হৈ দেউচি গীতত “দেউচি ৰে” আৰু “দেউচি ৰাম”  হোৱা বুলি কোৱা হয় ৷

 

 

আনহাতে দেউচিৰ লগত ( আগতে উল্লেখ কৰা )  বলি  উপাখ্যানৰো সম্পৰ্ক আছে ৷ এই উপাখ্যান মতে এসময়ত প্ৰাচীন ভাৰতত বলি নামৰ এজন বিখ্যাত ৰজা আছিল ৷ এই ৰজাজনে ইমানেই দয়াশীল আৰু কৰুণাময়ী আছিল যে তেওঁ দান- দক্ষিণা নিদিয়াকৈ ভোজন গ্ৰহণ কৰা নাছিল ৷ তেওঁ দান- দক্ষিণাৰে অৰ্জন কৰা পূণ্যৰ প্ৰতাপ আৰু যশ-কৃতিয়ে দশোদিশ জিনিছিল ৷ বলি ৰজাৰ প্ৰজা শাসনে দেৱলোক স্বৰ্গৰ ঔচিত্যকে লঘু কৰিছিল ৷ সেযে, দেৱলোকৰ দেৱতা সকল সন্ত্ৰস্ত হৈছিল আৰু  বলিৰ পৰা পৰিত্ৰাণ বিচাৰি দেৱগণ ভগৱান বিষ্ণুৰ ওচৰত শৰণাপন্ন হৈছিল ৷ দেৱলোকৰ ৰক্ষাৰ বাবে ভগৱান বিষ্ণুয়ে বামন ৰূপ ধাৰণ কৰি বলি ৰজাক দমন কৰিছিল ৷ পৌৰাণিক শাস্ত্ৰমতে বামন ৰূপী বিষ্ণুৱে বলিক তিনি ভৰি মাটি দান বিছাৰিছিল ৷ বলি ৰজাই দান সংকল্প লোৱাৰ পিছ মুহূৰ্ত্ততে ভগৱান বিষ্ণুৱে অতিকায় ৰূপ ধাৰণ কৰি, প্ৰথম পতাৰে সমগ্ৰ পৃথিৱী আৰু দ্বিতীয় পতাৰে সমগ্ৰ আকাশ ঢাকি ধৰিছিল ৷ তৃতীয পতাৰ বাবে ঠাই নোহোৱা হোৱাত  বলিয়ে নিজৰ কপাল পাতি দিছিল যাৰ ফলত তেওঁ পাতালত ভূ- সমাধিস্হ হৈছিল ৷ এই উপাখ্যান মতে বলি ৰজাই ভগৱান বিষ্ণুৰ কৃপাত প্ৰতি বছৰে তিহাৰ বা দেৱালীত পাঁচ দিনৰ বাবে পৃথিৱীলৈ আহি  নিজ ৰাজ্যৰ পৰিক্ৰমা কৰি আলেখ লেখ চাই বুলি বিশ্বাস কৰা হয় ৷ গতিকে, নেপালী জনমানসত  এই লোক বিশ্বাস প্ৰোথিত হোৱাৰ পৰিপ্ৰেক্ষততে তেওঁলোকে  তিহাৰৰ দিনা  ঘৰ-চৌহদত চাকি-বন্তি প্ৰজ্বলন কৰি  ৰজা বলিক আদৰণি জনায় বুলি বিশ্বাস আছে ৷ দেউচি গীতত পোনতে বলি ৰজাৰ প্ৰসংগ টানি আনি গীতটো আৰম্ভ কৰাটো প্ৰচলিত নিয়ম ৷

 

 

নেপালী লোক সকলে পালন কৰা তিহাৰ উৎসৱৰ অন্তৰ্গত অন্তিম পৰ্বটো হল  ভাই ফুটা ৷ এই পৰ্ব শুক্ল পক্ষৰ দ্বিতীয়া তিথিত অনুষ্ঠিত হয় ৷ উৎসৱৰ এই পৰ্বটো বিশেষকৈ ভগ্নী সকললৈ উৎসৰ্গিত ৷ ইয়াত ভগ্নীয়ে ভাই ফুটা পৰ্বৰ সকলো আয়োজনৰ গুৰি ধৰে ৷ এই আয়োজনে এজন ভাতৃ বা ভ্ৰাতাৰ বাবে এসাজ জলপান,  ভাতৰ পৰা আৰম্ভ কৰি পৰ্বটিত প্ৰয়োজন হোৱা সকলো বস্তু-সামগ্ৰী, উপহাৰ ইত্যাদিবোৰক সামৰে ৷ এই ভাই ফুটা পৰ্বত ভগ্নী বা বাউদেৱে ভাই- ককাযেকক কপালত ফোট দিয়ে ৷ ভাই বা ককায়েকক নিজ হাতেৰে এঢোক দৈ পান কৰাই ভাই ফুট আৰম্ভ কৰে ৷ এই ফোট উৰ্ধকাৰে লগোৱা হয় ৷ ইয়াত সাতটা ৰঙৰ সমষ্টি থাকে ৷ এই ভাই ফুট উপলক্ষ্যত কেৱল নাৰ্জি ফুল ব্যৱহাৰ কৰা হয ৷ ভগ্নী বা বাউদেৱে ভাই ফুট প্ৰদান কৰি ভাই / ককায়েকৰ দীৰ্ঘায়ু তথা যশ-কৃতিৰ কামনা কৰে ৷ এই পৰ্বটোত ভগ্নী বা বাউদেউৰ হাতৰ পৰা ফুট গ্ৰহণ কৰা পিছত ভাযেক বা ককাযেকেও ভগ্নী বা বাউদেউক ফুট প্ৰদান কৰি, সুখী জীৱনৰ কামনা কৰে ৷ ফুট বিনিময়ৰ অন্তত উপহাৰসমুহৰ আদান-প্ৰদান আৰু চাহ- জলপান, এসাজ ভাতৰ আয়োজন হয় ৷

 

 

অসমৰ নেপালী ভাষিক লোক সকলৰ বাবে তিহাৰ হল দ্বিতীয় আটাইতকৈ ডাঙৰ উৎসৱ ৷ এই উৎসৱৰ যোগেদি তেওঁলোকৰ স্বকীয় ধাৰ্মিক, সামাজিক, সাংস্কৃতিক পৰিচয় ফুটি উঠে ৷ অসমৰ উদাৰ  বাৰেবৰণীয়া সাংস্কৃতিক পথাৰখনত তিহাৰ  উৎসৱটিয়ে ফুলে- ফলে জীপাল হৈ উঠক,  সুৱাস বিলাওক তাৰে কামনা কৰিলো ৷

বৌদ্ধ-ধৰ্মাৱলম্বী সন্যাসী সকলৰ মাজত প্ৰচলিত এক আজৱ পৰম্পৰা—ইচ্ছামৃত্যু

ইমৰান হুচেইন
গোলাঘাট ।

বৌদ্ধ-ধৰ্মাৱলম্বী সন্যাসী সকলৰ মাজত চলি অহা ইচ্ছামৃত্যুৰ এইটো এটা অতি কঠোৰ, জনপ্ৰিয় ও অতি পুৰণি আজৱ ধৰ্মীয় পৰম্পৰা—-যি পৰম্পৰাৰ আধাৰত এজন সন্যাসীয়ে ইচ্ছা মৃত্যু গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈ নিজৰ শৰীৰটোক এটা সম্পূৰ্ণ মামীলৈ ৰূপান্তৰ কৰিবৰ বাবে বহু বছৰ আগৰে পৰা এক অতি কঠোৰ ধৰ্মীয় শৃংখলাৰ মাজেদি নিজকে প্ৰস্ত্তত কৰি তুলিব লাগে। ইতিমধ্যে জাপানত ২৫ জন সন্যাসীয়ে এনেদৰে ইচ্ছামৃত্যু গ্ৰহণ কৰিছে।
মৃত্যুৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচত প্ৰথম ৩ বছৰৰ বাবে সন্যাসীজনে এক বিশেষ আহাৰৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগে। তাৰ বাহিৰে তেওঁ আন কোনো খাদ্য গ্ৰহণ কৰিব নোৱাৰে। সেই আহাৰৰ নামত থাকে মাত্ৰ টান বাকলি থকা বাদামৰ দৰে শুকান ফল আৰু গছৰ গুটি। তাৰ লগে লগে কিছুমান শাৰিৰিক ব্যায়ামো কৰিব লাগে যাতে শৰীৰৰ পৰা চৰ্বিভাগ আতঁৰি যায়।
পিচৰ ৩ বছৰত সন্যাসীজনে কেৱল গছৰ শিপা আৰু বাকলি খাই জীয়াই থাকিব লাগে। এই সময়টোত তেওঁ ‘উৰুচি’ নামৰ এবিধ বিষাক্ত গছৰ পাত আৰু বাকলিৰ পৰা তৈয়াৰ কৰা এবিধ চাহ পান কৰিব লাগে। যাৰ বাবে সন্যাসী জনৰ বাৰে বাৰে বমি হয় আৰু শৰীৰৰ পানী ভাগ খূওব ক্ষীপ্ৰ গতিত দেহৰ পৰা আতঁৰি যায়। ফলত দেহৰ চৰ্বিভাগ শুকাইগৈ মাংসভাগ কঠিন হৈ পৰে। এইটো কাৰ্য নিজৰ দেহাটো মামীলৈ পৰিবৰ্ত্তণ কৰাৰ বাবে এটা খূওব প্ৰয়োজনীয় কথা। কিয়নো এনে অভ্যাসৰ ফলত কঠিন আৰু বিষাক্ত হৈ যোৱা দেহাটোক মাখিৰ পোৱালী বা পোক-পৰুৱাই খাই নষ্ট কৰিব নোৱাৰে বা খাবলৈ চেষ্টা কৰিলেও সেইবোৰ নিমিষতে মৰি শেষ হৈ যায়।
৬ বছৰৰ পিচত অৱশেষত সন্যাসীজনে ইচ্ছা মৃত্যু গ্ৰহণ কৰিবলৈ সাঁজু হয়। তাৰ পিচত সহযোগী সকলে তেওঁক তেওঁৰ আকাৰতকৈ কিছু দীঘল এটা শিলৰ কবৰৰ মাজত আৱদ্ধ কৰি পেলায়, য’ত তেওঁ পদ্মাসনত অৱস্থান কৰিব লাগে আৰু সেই স্থানৰ পৰা তেওঁ কিঞ্চিত মানো কেতিয়াও লৰচৰ কৰিব নোৱাৰে। বহিঃ বিশ্বৰ লগত সংযোগ হিচাবে তেওঁক মাত্ৰ এটা ঘন্টা দিয়া হয় আৰু উশাহ-নিশাহৰ বাবে বাহিৰৰ পৰা তেওঁৰ কৱৰৰ ভিতৰ পৰ্যন্ত সোমাই যোৱাকৈ এডাল দীঘল নলী সংযোগ কৰা হয়। খোৱা-বোৱাৰ সকলো ব্যৱস্থা বন্ধ কৰি দিয়া হয়। প্ৰতি দিনাই তেওঁ এবাৰ ঘন্টা বজাই বাহিৰত তেওঁৰ বাবে মৃত্যুৰ অপেক্ষাত থকা আন সন্যাসী বা আন মানুহ সকলক তেওঁ যে জীয়াই আছে তাকে জানিবলৈ দিয়ে। যিদিনাৰ পৰা ঘন্টাৰ শব্দ বন্ধ হয়–সকলোৱে বুজি উঠে যে, সন্যাসীজনৰ ইতিমধ্যে মৃত্যু হৈছে। তেতিয়াই তেওঁৰ কৱৰটোৰ পৰা পাইপ ডাল আতঁৰাই আনি সেইটো সম্পূৰ্ণকৈ বন্ধ কৰি দিয়া হয়। এতিয়া পৰ্যন্ত জাপানত তেনে কৱৰ ২৫টা মানহে আৱিস্কাৰ কৰা হৈছে।

ইচ্ছা মৃত্যু গ্ৰহণ কৰা তেনে এজন বিখ্যাত সন্নাসী—-

তেখেতৰ নাম—হাম্বো লামা ইটিগেলভ। এই বৌদ্ধ সন্ন্যাসীজনৰ ১৮৫২ চনত জন্ম হৈছিল। তেওঁ সৰুৰে পৰাই আশা আছিল ভৱিষ্যতে এজন সন্ন্যাসী হোৱাৰ। সেয়ে তেওঁ ১৬ বছৰ বয়সত ‘বুৰয়াটিয়া’ নামৰ এখন ৰাজ্যত অৱস্থিত ‘আন্নিস্কি ডাটছা’ নামৰ এখন বৌদ্ধ বিশ্ববিদ্যালয়ৰ পৰা বৌদ্ধ ধৰ্মৰ শিক্ষা গ্ৰহণ কৰিবলৈ লৈছিল। বৰ্ত্তমান কিন্ত্ত এইখন বিশ্ববিদ্যালয়ৰ পৃথিৱীত কোনো অস্তিত্ব নাই, ই ইতিমধ্যে ধ্বংস হৈ গৈছে।
বুৰয়াটিয়া হ’ল ৰাচিয়াৰ এখন স্বায়ত্বশাসিত সংযুক্ত ৰাজ্য । ইয়াৰ ৰাজধানী উলান-উডে নামৰ চহৰ খন, যিখন সংযুক্ত ৰাজ্যৰ সৰ্বমুঠ মাটিকালি ৩ লাখ ৫১ হাজাৰ ৩০০ শ বৰ্গ কিঃমিঃ।
তেওঁ ১৯১১ চনত ‘পাণ্ডিডো খাম্বো লামা’ বা ৰাচিয়ান বৌদ্ধ ধৰ্মৰ প্ৰধান গুৰু হিচাবে মনোনীত হয়। তেওঁ এখন ইচ্ছাপত্ৰ এৰি গৈছে, য’ত তেওঁ কৈছিল যে, যেতিয়া তেওঁৰ মৃত্যু হ’ব তেতিয়া তেওঁক যেন একেই (পদ্মাষণত) বহুৱাই সমাধিস্থ কৰা হয়, যি আসনত থাকি আন বহুতো বৌদ্ধ সন্ন্যাসীয়ে ইতিমধ্যে মৃত্যু বৰণ কৰিছে। এই ইচ্ছাপত্ৰ লিখা হৈছিল ওপৰৰ পৰা তললৈ শাৰী শাৰী কৰি লিখা (vertical script) পুৰণি মঙ্গোলিয়ান ভাষাত, যাক পিচত ১৯৯৬ চনত চীনৰ ভিতৰৰ মঙ্গোলিয়াৰ ‘ইভিলগিনস্কি’ নামৰ বৌদ্ধ মন্দিৰটোৱে অনুমোদন জনায়। তেওঁ আৰু এটা ইচ্ছাৰ কথা কৈ গৈছিল, যাতে তেওঁক পাইন কাঠৰ কফিনত সমাধিস্থ কৰা হয়। তেওঁৰ মৃত্যুৰ সকলো ব্যৱস্থা তেওঁৰ ইচ্ছা অনুসৰিয়েই কৰা হ’য়।
তেওঁৰ কৱৰটো বহু বছৰৰ পিচত বৌদ্ধ সন্ন্যাসী সকলে ইচ্ছাপত্ৰৰ নিৰ্দ্দেশ মতে খুলি চায় । কিন্ত্ত সন্ন্যাসী সকল হতবাক হৈ পৰিল যে, মৃত শৰীৰটো মৃত্যুৰ সময়ত যেনেদৰে আছিল ঠিক যেন তেনেদৰেই আছে। ক্ষয়-ক্ষতিৰ কোনো নাম-গোন্ধ নাই।
১৯৫৫ চন আৰু ১৯৭৭ চনত দুবাৰ কফিনটো খোলা হয়, কিন্ত্ত সন্ন্যাসী সকলে দুয়োবাৰেই এটা কথাত তবধ মানে যে, যেনে শৰীৰ তেনেই আছে, একেবাৰে অক্ষত অৱস্থাত। সন্ন্যাসী সকলে এই আশ্বৰ্যৰ সংবাদ বহলাবলৈ ভয় খালে, কিয়নো কমিউনিষ্ট ৰাচিয়াত এসময়ত ধৰ্মৰ কোনো মহত্ব নাছিল, ধৰ্মৰ নামত চলা এনে প্ৰচাৰে তেওঁলোকক আইনৰ চকুত জগৰীয়া কৰিলেহেতেঁন।

সেয়ে বিভাগীয় ভাবে ২০০২ চনতহে তেখেতৰ কফিন পৰম্পৰাগত বৌদ্ধিষ্ট সংঘৰ সন্ন্যাসী সকলৰ সন্মূখত খোলা হয়। পিচত শৰীৰটোক ‘আইভ’লগিনস্কি ডাটছান’ নামৰ বৰ্ত্তমানৰ হাম্বো লামাৰ বাসস্থানলৈ স্থানান্তৰ কৰা হয়। সেই শৰীৰটো বৌদ্ধ-সন্ন্যাসী, বিজ্ঞানী আৰু ব্যাধিতত্ত্বজ্ঞ (pathologists) সকলে পৰীক্ষা কৰি দেখিছে যে, সকলো ফালৰ পৰা সন্ন্যাসীজনৰ যেন ৩৬ ঘন্টামানৰ আগতেহে মৃত্যু হৈছে, তেনে এটা অৱস্থাতে শৰীৰ অক্ষত অৱস্থাত আছে। শৰীৰৰ সকলো মাংস-পেশী, ভিতৰৰ সকলো অঙ্গ-প্ৰত্যঙ্গ অক্ষত অৱস্থাত আছে। কোমল জোৰা আৰু ছাল বিলাক শৰীৰৰ সঠিক ঠাইতে লাগি আছে। কফিনৰ ঢাকন খোলাৰ ২ বছৰৰ পিচতো ইটিগেলভৰ শৰীৰটো নষ্ট নহল, কোনো ভেঁকুৰ নালাগিল, কোনো ঋণাত্মক ক্ৰিয়াই শৰীৰটোক নষ্ট কৰিব নোৱাৰিলে। বৌদ্ধ সন্ন্যাসী সকলে তেওঁৰ ওচৰলৈ এজন জীৱন্ত মানুহক লগ কৰাৰ দৰে গ’ল আৰু তেওঁৰ লগত হাত মিলালে। কিছুমান সন্ন্যাসীয়ে আনকি এনেদৰেও দাবী কৰিলে যে, তেওঁ বৰ্ত্তমানো নিৰ্বানাৰ দৰে এটা ধ্যানৰ স্তৰত মগ্ন হৈ জীৱন্ত অৱস্থাত আছে।
নহয়নে বাৰু ই এক আচৰিত কথা। তেৱোঁ সেই ৬ বছৰীয়া বৌদ্ধ সন্ন্যাসীৰ ইচ্ছা মৃত্যুৰ পন্থা গ্ৰহণ কৰিছিল, যাৰ বাবে আজিও মৃত শৰীৰ অক্ষত অৱস্থাত আছে।
(উৰুচি গছবিধ ঠিক আমাৰ ৰবৰ গছৰ দৰে, ৰবৰ গছৰ গাত দ’কৈ কাটি যি পদ্ধতিৰে ৰবৰ বনাবলৈ আঠা সংগ্ৰহ কৰা হয়, ঠিক একে পদ্ধতিৰে ইয়াৰ পৰাও গাখীৰৰ দৰে এবিধ বগা জুলীয়া পদাৰ্থ (latex) সংগ্ৰহ কৰা হয়। এই গাখীৰৰ পৰা সাধাৰণতে কাঠৰ ফাৰ্নিচাৰৰ বাবে আঠা আৰু বাৰ্নিছৰ শেষত বাৰে বাৰে সানি ফাৰ্নিচাৰ সমূহ জিলিকাই তুলিবলৈ এবিধ ম’মৰ দৰে পদাৰ্থ বনোৱা হয়)

পৰম্পৰাগত মাধ্যমেৰে মটকসকলে তোলা তোলনি বিয়া

ডিম্পল গগৈ,
ডিব্ৰুগড় ।

ধৰ্মৰ ওপৰত নিৰ্ভয় কৰিয়েই সমাজত বসবাস কৰা প্ৰতিজন ব্যক্তিয়েই ধৰ্মীয় সম্বন্ধীয় বিভিন্নধৰণৰ কাম-কাজ সমূহ কৰি আহিছে। এই কাম-কাজ সমূহৰ ভিতৰত তোলনি বিয়া বা শান্তি বিয়া হৈছে অন্যতম। এই শান্তি বিয়া উজনি অসমৰ মটকসকলৰ মাজত নিজা এটা বৈশিষ্ট্য আছে আৰু দেখিবলৈ পোৱা যায়। মটক সকলে এজনী ছোৱালী প্ৰথম ঋতুমতী হ’লে শান্তি বিয়া পাতে। বিবাহৰ নিয়ম অনুসৰি ছোৱালী এজনী পুষ্পিতা হোৱাৰ লগে লগে ওচৰ-চুবুৰীয়াৰ মহিলা, Continue reading

হাজং জনগোষ্ঠীয়ে পালন কৰা কিছুমান উত্সৱ-পাৰ্বণ

সদানন্দ হাজং,
হৰিনাথপুৰ, ধেমাজি।

হাজং লোকসকলে বিভিন্ন ধৰণৰ উত্সৱ-পাৰ্বণ পালন কৰে । উত্সৱৰ ভিতৰত বাস্তুদেৱতা তেওঁলোকৰ মূল ও প্ৰধান । এই উত্সৱ মূলতঃ বছৰত দুবাৰ বা তিনিবাৰ পালন কৰে । এবাৰ বহাগত, এবাৰ পথাৰৰ নতুন ধান দাই শেষ হোৱাৰ পিছত ন খোৱা আৰু নতুন ভৰালত নতুন বছৰৰ নতুন ধান সোমাই থোৱাৰ কাৰণে । Continue reading

মিছিং জনগোষ্ঠীৰ কেইবিধমান সাজ-পাৰ

মনতৃষ্ণা পেগু, কোলাজান, ধেমাজি ৷

অসম বিভিন্ন জাতি জনজাতিৰ মিলনভূমি। প্রাগ ঐতিহাসিক কালৰে পৰা অসমৰ সেউজভূমিলৈ বিভিন্ন জাতি জনজাতিৰ আগমন ঘটিছে। পুৰণি কালৰে পৰা অসমত নিগাজীকৈ বাস কৰা এটি জনগোষ্ঠী হ’ল পূর্বতে মিৰি হিচাপে পৰিচিত মিছিং জনগোষ্ঠী। অসমৰ অন্যতম জনগোষ্ঠী মিছিং শিপিনীসকলৰ হাতৰ পৰশত প্রাণ পাই উঠে বিভিন্ন সাজ পাৰে। তেনে সাজ পাৰ সমূহৰ এটি চমু অবলোকন আগবঢ়োৱা হ’ল –
Continue reading

হাজং নাৰীৰ জাতীয় পোছাক ৰাঙাপাতিন

সদানন্দ হাজং, হৰিনাথপুৰ, ধেমাজি

নাৰী, পুৰুষৰ দ্বাৰা মানৱ সমাজ গঠিত ই সত্য। নাৰী আৰু পুৰুষ ইজনে সিজনৰ অবিহনে মানৱ জীৱন অসম্পূৰ্ণ। নাৰী বিশ্বব্ৰমাণ্ডৰ অপৰূপ সৃষ্টিকাৰী জন্মদাত্ৰী জননী। নাৰীৰ অবিহনে এখন সমাজ, সংস্কৃতি পূৰ্ণাংগৰূপ কল্পনাতীত। হাজং সমাজত নাৰীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। পুৰুষৰ সমানে সমানে প্ৰতিটো কাৰ্যত নাৰীসকলে সহায়ৰ হাত আগবঢ়াই। Continue reading