জোনবাই এ’ তৰা এটি দিয়া

সৃষ্টি বকুল বিনীতা

( যোৱা সংখ্যাৰ পিছৰপৰা )

শুই উঠিয়েই পদূলিমুখ পালোগৈ ৷ পৃথিৱীখন চাৰিওফালে সেউজীয়া চাদৰ এখনেহে যেন ছানি পেলাইছে ৷ পদূলিমুখতে থকা শেৱালীজোপা নিয়ৰত জপ্ জপীযা হৈ পৰিছে ৷ গোটেই নিশা বগা শেৱালীবোৰে চোতালখনত সুগন্ধ বিয়পায় যেন ভাগৰত শুই পৰিছে ৷ শেৱালীৰ দলিচাখন চুই চাবলৈ মন গ’ল ৷ ইমান মৰমলগা, ইমান আলসুৱা ৷ নিয়ৰতিতা শেৱালী আৰু দুবৰিৰ স্পৰ্শত মই শিহৰিত হৈ উঠিলো ৷ দুবৰিবোৰ গচকি গচকি মই পথাৰখনৰ কাষ পালোগৈ য’ত সূৰ্যোদয় উপভোগ কৰিব পাৰি ৷ পাহাৰখন ফালি বেলিজনী ওলাই আহিছে ৷ বাঃ কি বিতোপন ! কবি নৱকান্ত বৰুৱাই সেয়ে হয়তো গাইছিল—
Continue reading

জোনবাই এ’ তৰা এটি দিয়া

সৃষ্টি বকুল বিনীতা
( যোৱা সংখ্যাৰ পিছৰ পৰা )
মানুহ জীৱশ্ৰেষ্ঠ | মানুহৰ বাবেই যেন সুখ-দুখ, হাঁহি-কান্দোন | মানুহে কথা ক’ব পাৰে, গান গাব পাৰে, নাচিব পাৰে, ভাবিব পাৰে, খেলিব পাৰে, পঢ়িব পাৰে, লিখিব পাৰে, গাড়ী চলাব পাৰে, উৰিব পাৰে, নতুন নতুন সৃষ্টি কৰিব পাৰে | সৃষ্টিৰ অনাদিত মানুহ অভ্য়স্ত | ইচ্ছাই মানুহৰ হাতিয়াৰ | Continue reading

জোনবাই এ’ তৰা এটি দিয়া

সৃষ্টি বকুল বিনীতা

(যোৱা সংখ্যাৰ পিছৰ পৰা…)
স্কুলৰ পৰা আহি পলাশীৰ কথাটো আইক কোৱাৰ লগে লগে আয়ে খঙত দাং খাই উঠিল | প্ৰয়োজনতকৈ অধিক ধমক দি আয়ে ক’লে……
—–কি দৰকাৰ তই ইমানবোৰ কথা চিন্তা কৰাৰ | লোকৰ ঘৰত কি হৈছে ? কি খাইছে ? কি কৰিছে এইবোৰ খবৰ ৰাখিলে তোৰ পঢ়া-শুনা হ’বনে ? ইমান সৰু ছোৱালীজনীৰ ইমান ডাঙৰ ডাঙৰ কথা কিয় ? কোনো দৰকাৰ নাই এইবোৰত মজি থাকিবলৈ |
Continue reading

মোৰ সপোনৰ পাণ্ডৱ ভিলা

দিবাকৰ ৰেণু, টিহু , নলবাৰী ৷

(যোৱা সংখ্যাৰ পিছৰ পৰা)
১৪ ফেব্ৰুৱাৰী। আজি ভেলেন্টাইন ডে’। কলেজত নিস্তব্দতা। পৰীক্ষাৰ আগ মূহুৰ্তত সকলো বিদ্যাৰ্থী ব্যস্ত নিজৰ অধ্যয়নত। এদিন এই দিনটোৰ মহত্ত্ব বুজি পাইছিলো। সিদিনাখন কৃষ্ণাংগীয়ে মোক মাতি পঠাইছিল কলেজলৈকে। মই বুজা নাছিলো কিয় বাৰু তাইৰ এই আমন্ত্ৰণ । কাঞ্চন ফুলবোৰ ফুলি আছে। ফাগুনৰ অপেক্ষাত প্ৰকৃতি যেন ব্যস্ত হৈ পৰিছে। Continue reading

জোনবাই এ’ তৰা এটি দিয়া

সৃষ্টি বকুল বিনীতা
( যোৱা সংখ্যাৰ পাছৰ পৰা )

কেতিয়াবা পলাশীৰ কথা ভাবি ভাবিও মোৰ টোপনি নধৰে | আজি স্কুলত তাই ঘৰৰ কথা কৈ কৈ খুউব কান্দিলে | তাই কৈছিল——
——নম্ৰতা, মোৰ স্কুল এৰিবলগীয়া হ’ব যেন পাইছো | স্কুললৈ অহা বাবে আজিকালি দাদায়ে মোক ইমান পিটে ! মই কি কৰো নম্ৰতা ? কিয় যে মই সেইখন ঘৰত জন্ম ল’লো | তহঁতৰ ঘৰত মই জন্ম লোৱা হ’লে…..!! Continue reading

মোৰ সপোনৰ পাণ্ডৱ ভিলা

দিবাকৰ ৰেণু, টিহু ৷

“দ্বিতীয় খণ্ড”
তাত সুজু নামৰ এজন কবি বন্ধুক লগ পাইছিলো । তেওঁ বড়ো গীত আৰু কবিতা লিখিছিল। কবিতাৰ প্ৰতি থকা মোৰ মোহৰ বাবে সুজুৰ সৈতে মোৰ ভাল বন্ধুত্ব গঢ়ি উঠিছিল। ৩১ ডিচেম্বৰৰ দিনা ইংৰাজী নৱবৰ্ষৰ আদৰণি অনুষ্ঠানৰ দিনা ৰাতিপুৱাই মই কটন কলেজৰ নবীন লেখক-লেখিকা শিল্পী সমিতিৰ তৰফৰ পৰা ৰাণী বনাঞ্চল ভ্ৰমণৰ বাবে গৈছিলো। কটন কলেজত নাম ভৰ্তি কৰাৰ পিছতে নবীন গোটৰ এজনী সদস্যা বন্দনা পাঠকে মোক চিনাকি কৰাই দিছিল অসমীয়া বিভাগৰ অধ্যাপিকা মঞ্জুদেৱী পেগু বাইদেউৰ লগত । Continue reading