সৰু সৰু কথা

✍ ইমৰান শ্বাহ

শিৱসাগৰ ।

 

আজিকালি প্ৰগতিৰ কথা কথাই কথাই কৈয়ে থকা হয় । খেল এখন , সভা এখন পাতিব পৰাটোও প্ৰগতি । মূৰ্তি এটা , ।  ফুলনি এখন প্ৰতিষ্ঠা কৰাও প্ৰগতি । কিন্তু প্ৰগতি কাক বোলে প্ৰশ্নটোৰ উত্তৰ সহজে পোৱা নাযায় । থাকিবলৈ ঘৰ সজা , আৰু এটা ধুনীয়া ঘৰ সজাৰ মাজত বহুত পাৰ্থক্য প্ৰথমটো সদায় একে থাকে । পাছৰটোৰ পৰিবৰ্তনৰ সীমা নাই । মাটিত ফুঁ মাৰি কোনেও ভাত নাখায় । কিন্তু মানুহৰ পৰিচ্ছন্নতাৰ প্ৰেৰণাটো ‘তামাম’ ।কিছুমান বস্তু মানুহৰ ভিতৰৰ পৰা ওলায় । বাহিৰৰ পৰা জাপি দিব নোৱাৰি । প্ৰগতিও এটা প্ৰেৰণা । কিতাপ পঢ়ি বা দলত ভুক্ত হৈ প্ৰগতিবাদী হ’ব পাৰি । প্ৰগতিশীল হ’ব নোৱাৰি ।বিষয়টো জটিল । তাৰ আলোচনাৰ জটিলতালৈ নগৈ সাধাৰণভাৱে কিছু কথা চিন্তা কৰাৰ যত্ন কৰিব পাৰি ।আমাৰ পৃথিৱীখনত নিতৌ অনেক নতুন নতুন ঘটনা ঘটি থাকে । আচৰিত ধৰণে একেখন কাকতৰ একেটা পৃষ্ঠাতে কৃত্ৰিম কিডনী প্ৰতিষ্ঠাপন আৰু ডাইনী নিধনৰ বাতৰি ওলায় । পূৰ্বনুবৃত্তিৰ বাহিৰেও অভূতপূৰ্ব ঘটনাও ঘটে । কিন্তু এই ঘটনাবোৰৰ বিশ্লেষণৰ জৰিয়তে প্ৰগতিৰ স্বৰূপ বুলিব নোৱাৰি ।উন্নত , অনুন্নত , উন্নয়নশীল আদি বিভিন্ন ধৰণে পৃথিৱীৰ দেশবোৰৰ বিভাজন কৰা হয় । আকৌ সেই দেশবোৰৰে ভিতৰত অঞ্চলভেদে ঠাইবোৰৰ মাজত আকাশ পাতাল পাৰ্থক্য । ৰেলৰ উকিও নুশুনা কোনোবা দূৰ গাঁৱৰ ৰূপেশ্বৰী গুৱাহাটী মজিয়াত ভৰি দিয়াৰ লগে লগে ফাপৰীত পৰিণত হ’বলৈ বাধ্য । বিজ্ঞান-প্ৰযুক্তিৰ দিশত উন্নত দেশবোৰ অভাৱনীয়ভাৱে আগবঢ়া । আঙুলিৰ টিপাতে বিশ্ব । কিন্তু এনেকৈ আগবঢ়াকে প্ৰগতি বুলি মানি ল’ব সকলোৱে নুখুজিব । গৰুগাড়ী আৰু মটৰগাড়ীৰ পাৰ্থক্যটো প্ৰগতিৰ নহয় প্ৰযুক্তিৰ ।এটা সৰু কথালৈ মন কৰিব পৰা যায় । ধনে-মানে , বিদ্যাই-বুদ্ধিয়ে সকলো মানুহ সমান একে হোৱাটো এটা ভাল কথা বুলি সকলোৱে মানি ল’ব । হাতৰ-পাচ এটা নোহোৱাকৈ এখোজো চলিব নোৱাৰাজনেও ল’ব । কিন্তু লক্ষণীয় কথাটো হ’ল অতি উন্নত সমাজবোৰতকৈ একেবাৰে পিছপৰা সহজ-সৰল গাঁৱৰ মানুহ , আদিবাসী , জনজাতি আদিৰ মানুহৰ মাজত সমতা বেছি । সমস্যা , খোৱা-কামোৰা কম । মৰমেৰে জীয়াই থাকে ।সংগ্ৰাম তেওঁলোকেও কৰে । উন্নত হৈয়ো আহে । কিন্তু তেওঁলোকে আন কথাত প্ৰায় সকলো মানুহেই নিজৰ সংস্কৃতিক ঘপকৈ এৰি দিব নোখোজে । এক ধৰণৰ টনা-আঁজোৰা চলি থাকে । কিয় ? ভাবি চাব পাৰি । সংস্কৃতিৰ লগত উন্নতিতকৈ অন্য কিবাৰ সম্বন্ধ নিগূঢ় । বোধকৰো প্ৰগতি-চেতনাৰ । সেয়া যে তেওঁলোকৰ আত্মজ ।আকৌ যে এই কাৰ্যালয়বোৰ , কাৰখানা উদ্যোগবোৰ ইয়াৰ মানুহবোৰৰ মাজত এটা এক ধৰণৰ সমতা থাকে। উৎপাদন সমতা । প্ৰযুক্তি প্ৰয়োগৰ সমতা । উপাৰ্জন । এওঁলোক প্ৰগতিশীল নে ? এওঁলোক এক অৰ্থত বন্দী নহয়নে ? ব্যক্তি স্বাধীনতা অবিহনে প্ৰগতি হ’ব পাৰেনে ? অনুমতি নলৈ প্ৰেমো কৰিব নোৱাৰি । মাকক চাবলৈয়ো যাব নোৱাৰি , গল্প ভাল হয় । জীৱন হয় জানো । ঘড়ী কাঁটাত বন্ধা জীৱনো জীৱন নে ?দেহ-সৰ্বস্ব কথাবোৰৰ পৰা ওপৰলৈ উঠিবলৈ এটা নিৰন্তৰ চেষ্টা মানুহৰ চেতনাতে থাকে । ফুল পখিলা চাবলৈ শিশুক শিকাব নালাগে । প্ৰথম দেখাতে সিহঁতৰ প্ৰেম হৈয়ে যায় । দেহ-সৰ্বস্ব কথা-কাণ্ডবোৰত মানুহৰ দৃষ্টিভংগী প্ৰায় সদায় বহিৰ্মুখী হয় । আৱেগ-অনুভুতি , কোমলতা বাধাগ্ৰস্ত হয় । অৱহেলিত কিন্তু চেতনাৰ মধুৰ কিবা এটা বিচৰাৰ চেষ্টাই মানুহক অন্তৰ্মুখী কৰে । অন্তৰ্দৃষ্টি দান কৰে । সৰ্বপ্ৰকাৰৰ ৰসবোধৰ উদ্ভৱ হয়। হাঁহিব পাৰে , কান্দিব পাৰে । এইবোৰৰ পৰাইতো সভ্যতাৰ বিকাশ হয় । অধ্যাত্ম্যবাদৰো বিকাশ ইয়াৰ পৰাই হয় । পদাৰ্থত মন নভৰে । আৰু কিবা লাগে ।মানুহৰ চেতনাৰ এই সন্ধান , এই প্ৰত্যাশাৰ কিন্তু অন্ত নাই । পূৰ্ণতাও নাই । ই মানুহক নিতে নৱ স্বপ্ন দেখুৱায়।মন কৰিলে দেখা যাব , এচাম মানুহ মানুহৰ উন্নতিত সন্তুষ্ট । তেওঁলোকে ভাৱে , এদিন মানুহে তেওঁলোকে বিচৰা সকলোৱেই পাব । মানুহৰ সৰ্বাত্মক জয় সাব্যস্ত হ’ব । কিন্তু আন এচাম মানুহে ভাবে , মানুহৰ ভৱিষ্যত অন্ধকাৰ । একোৱেই ভালৰ বাবে হোৱা নাই । সভ্যতাৰ ধ্বংস অনিবাৰ্য । পৃথিৱীখন অকণমান হৈ যোৱাৰ অৰ্থ জীৱনো কেপছুলত বন্দী হৈ পৰা হ’ব নালাগে । দুয়োচাম মানুহৰে অনেক যুক্তি আছে । আৰু সেই লৈ সুদীৰ্ঘ আলোচনা কৰিব পৰা যায় । ঘাইকৈ ইতিহাস আৰু সমাজ বিজ্ঞানৰ ভেটিতে সেই আলোচনা হ’ব । সেই আলোচনাৰ উত্তৰ হয়তো নোলাব । কিন্তু সূক্ষ্মভাৱে লক্ষ্য কৰিলে তাত নিশ্চয় এটা উমৈহতীয়া কথা দেখা যাব । ইয়াৰ আঁৰত আছে মানুহৰ উত্তৰণৰ আশা । এই আশা আৰু তাৰ বাবে মানুহৰ প্ৰত্যক্ষ বা পৰোক্ষ চেষ্টাতে নিহিত হৈ থাকে প্ৰগতিৰ প্ৰকৃত অৰ্থ । ইয়াৰ ব্যাখ্যা বা চাক্ষুষ ৰূপ চাবলৈ বিচৰাৰ বৰ বেছি সাৰ্থকতা নাই । আকাশ আমাৰ সীমা হ’ব পাৰে । কিন্তু আকাশৰ কোনো সীমা নাই ।

ভাৰতৰ উত্তৰ পুৰ্বাঞ্চলৰ জনগোষ্ঠী নিচি আৰু তেওলোকৰ লোক সাংস্কৃতি

 

নিতুল গগৈ

 

ইটানগৰ, অৰুনাচল প্ৰদেশ

 

 

 

ভাৰতৰ উত্তৰ পুৰ্বাঞ্চল বুলি কওতে পুৰণি বৰঅসম খনৰ কথাই মনত আমাৰ পৰে । অসম, অৰুনাচল প্ৰদেশ, মনিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ছিক্কিম, ত্ৰিপুৰা এই সকলো ৰাজ্যকে একে লগে সামৰি উত্তৰ-পূৰ্বাঞ্চল । গোষ্ঠীগতভাৱে এই উত্তৰ পুৰ্বাঞ্চল ভাৰতৰ আন ঠাইতকৈ পৃথক । পূব-এছিয়াৰ লগত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ অলপ হলেও জাতিগত আৰু সাংস্কৃতিক মিল থকা দেখা যায় । ভাষাতাত্বিক দিশৰ পৰা এই অঞ্চলত তিব্বতীয়-বাৰ্মীয় ভাষাৰ প্ৰভাৱ দেখা যায় । অৰুণাচল প্ৰদেশ এই উত্তৰ-পূৰ্বাঞ্চলৰে এটা অংশ । (অৰুণ) শব্দৰ অৰ্থ সূৰ্য্য (চল) ঠাই বা আলয় আৰু প্ৰদেশৰ অৰ্থ ৰাজ্য বা অঞ্চল সেয়েহে অৰুণাচল প্ৰদেশক সূৰ্য্য উঠা দেশ বুলিও জনা যায় ।  ৮৩,৭৪৩ বৰ্গ কিলোমিটাৰ মাটি কালি সৈতে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুনাচল প্ৰদেশক এখন সুকিয়া গনৰাজ্য হিচাপে প্ৰতিস্থা লাভ কৰে । পাহাৰে আৱৰা এই অৰুণাচল প্ৰদেশৰ প্ৰায় দুই-তৃতীয়াংশতকৈও অধিক অঞ্চল ঘন অৰণ্যৰে আৱৰা । প্ৰশাসনিক সুবিধাৰ সেতু অৰুণাচল প্ৰদেশক ১৬ খন জিলাত (টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুম পাৰে, উজনি সোৱনশিৰি, নামনি সোৱনশিৰি, পশ্চিম ছিয়াং, পূব ছিয়াং, উজনি ছিয়াং, চাংলাং, তিৰাপ, কুৰুংকুমি, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লোহিত আৰু অনজৌ) বিভক্ত কৰা হৈছে । অৰুণাচল প্ৰদেশত অনুসুচীত জাতি আৰু জনজাতিৰ প্ৰাধান্য অধিক । মুঠ জনসাধাৰণৰ প্ৰায় ৮০% অনুসুচীত জাতি । আদি, নিচি, আপাতানি, মমপা, খামটি, তাগিন আদিকে ধৰি অৰুণাচলত প্ৰায় ২০টা কৈও অধিক জনগোষ্ঠীয়ে বসবাস কৰে ।

 

অৰুণাচল প্ৰদেশৰ সৰহ সংখ্যক লোক তিব্বতীয় বংশোদ্ভৱ । নিচি জনগোষ্ঠী হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ জনজাতি । (নি) শব্দ অৰ্থ সভ্য মানৱ আৰু (চি) মানে এক অস্থিত্ব, সামুহিক ভাবে নিচি শব্দৰ অৰ্থ হল একোজন সভ্য মানৱৰ অস্থিত্ব । এওঁলোক প্ৰধানতে নামনি সোৱণশিৰি জিলাৰ অধিকাংশ অঞ্চলত বাস কৰে যদিও অৰুণাচলৰ প্ৰায় আন কেইবাখনো জিলাতে যেনে পাপুম পাৰে, কুৰুংকুমি, পূব কামেং আৰু উজনি সোৱনশিৰি একাংশত বিয়পি আছে । প্ৰাচিন কালৰে পৰা নিচি জনগোষ্ঠীৰ মাজত বহু বিবাহ প্ৰচলন আছিল আৰু তেওঁলোক খুব বেচি খঙাল আৰু খাং-খাছ প্ৰকৃতিৰ । নিচি লোকসকল সাধাৰণতে খুবেই সহজ সৰল । তেওঁলোকৰ সাজপোছাক তেনেই সাধাৰণ, পুৰুষসকলে চুলি দীঘলকৈ ৰাখে আৰু কপালৰ ওপৰত এটা গাঁথি দি থয় । বেট আৰু বাহৰে দ্বাৰা নিৰ্মিত এবিধ বিশেয প্ৰজাতিৰ চৰাইৰ ঠোটৰে এটি সুন্দৰ টুপিও এওলোকে পৰিধান কৰা দেখা যায় । মহিলা সকলে সাধাৰণতে কামিজ জাতীয় চোলা আৰু বুটা বছা এখন আহল-বহল কাপোৰ গাত মেৰিয়াই পিন্ধে। তাৰ ওপৰিও মহিলা সকলে অলংকাৰ হিচাপে এক বিশেয ধৰণৰ মানিৰে নিৰ্মিত মালা আৰু ককালত পিতলৰ দ্বাৰা নিৰ্মিত এবিধ মালা পৰিধান কৰে। এওলোকৰ মাজত থকা একতা এই জনগোষ্ঠীৰ আন এটা বৈশিষ্ট্য। এই জনগোষ্ঠীৰ মাজতো প্ৰায় কেইৱাতাও উপগোষ্ঠী থকা দেখা যায়। তেনেদৰে এই সকলৰ মাজত সামাজিক আৰু সংস্কৃতিৰ ভিন্নতা দেখা যায়। জনগোষ্ঠী সমুহৰ নিজস্ব কিছুমান পৰম্পৰা আছে। অৰুনাচলৰ জনগোষ্ঠী সমুহৰ মাজত চিত্ৰকলা, মৃৎ শিল্পত  শিল্পনৈপুণ্য কৰিকৰী দেখিবলৈ পোৱা যায় আৰু বাঁহ বেতৰ কামত এওলোক খুবেই পাৰ্গত। কিছুমান জনগোষ্ঠী লোকে বয়নশিল্প জীৱিকা হিচাপে গ্ৰহন কৰাও দেখা যায়।

 

 

 

ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকে কৃষিভিতিক, ধৰ্ম আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। যিহেতু সকলো লোকেই কৃষিভিতিক সেয়ে এওঁলোকে পালন কৰা উৎসৱ সমুহ কৃষি কাৰ্য্যৰ লগত জড়িত। খেতি ভাল হৱৰ বাবে ভগৱানক প্ৰাৰ্থনা অথবা খেতি ভাল হোৱাৰ বাবে ভগৱানক কৃতজ্ঞতা জনাই এই উৎসৱ সমুহ পালন কৰা হয় আৰু এওঁলোক সকলো মিলি ভোজ ভাত খাই নৃত্য কৰি আনন্দ কৰে। প্ৰায়বোৰ উৎসৱত জীৱজন্তু বলি দিয়াটো তেওঁলোকৰ ধৰ্মীয় ৰীতি।

 

(নিয়কোম) Nyokun এই নিচি জনগোষ্ঠী লোকে পালন কৰা সকলোতকৈ ডাঙৰ আৰু প্ৰধান উৎসৱ। প্ৰতি বছৰৰ ফেব্ৰুৱাৰি মাহৰ ২৬ তাৰিখে এই উৎসৱ পালন কৰা হয়। নিয়কোম শব্দৰ অৰ্থ (নিয়) Nyo ভুমি বা ঠাই আৰু (কোম) kum শব্দৰ অৰ্থ হল একগোট হোৱা। সেযেহে এই উৎসৱ সকলো মানুহ একে ঠাইত একগোট হৈ পালন কৰা দেখা যায়। এই উৎসৱত নিচি জনগোষ্ঠীৰ লোক সকলে নিজা জাতীয় পোছাক পৰিধান কৰি তেওঁলোকৰ বিশেষ খেলপথাৰত একগোট হৈ পৃথিবীৰ উবৰতা শক্তি বৃদ্ধিৰ সেতু আৰু সকলো মানুহৰ সুখ শান্তিৰ কামনা কৰি দেৱ-দেৱীক প্ৰাৰ্থনা জনাই, সকলোৱে ভোজ-ভাত খাই নাচ-গান গাই আনন্দ কৰে। তেওঁলোকে বিস্বাশ কৰে যে দেৱ-দেৱী এই প্ৰাৰ্থনাই তেওঁলোকক শক্তিশালী কৰি তোলে আৰু দুৰ্ঘটনা, অপমৃত্যুৰ পৰা মুক্তি দিযে। তেওঁলোকৰ ধৰ্ম আদিম আত্মা সংস্কৃতিৰ কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। তেওঁলোকে বিশ্বাস কৰে যে মৃত্যুৰ পাছত মানুহৰ আত্মা পূৰ্বপুৰুষৰ গাওঁলৈ গুচি যায। আৰু এই পৃথিবীতো তেনে বহুত আত্মা আছে বুলি তেওঁলোকৰ বিশ্বাস। লোকবিশ্বাস অনুসৰি তাৰে কিছু আত্মা মানুহৰ বাবে হানিকাৰক। নিচি লোক সকলৰ মতে এই আত্মা শান্ত থাকিলেহে পৃথিৱীত মানুহ শান্তিৰে থাকিব পাৰিব। সেয়েহে তেওঁলোকে প্ৰতি বছৰে এটি বিশেষ দিনত এই অশান্ত আত্মা বোৰক শান্ত কৰিবলৈ নিয়কোম পূজা পাতি পৃথিবীৰ শান্তি কামনা কৰে।

সৰু সৰু কথা

 

ইমৰান শ্বাহ

শিৱসাগৰ ।

 

সঁচাকৈয়ে কথাবোৰ বেলেগ আছিল আমি সৰু থকা দিনত। কিবা এটা কৰিব লাগে। স্কুল, লাইব্ৰেৰী, বিপদগ্ৰস্তক সহায়। বানপানী, ভূঁইকঁপ, অগ্নিকাণ্ড। কোনোবাই লগাই দিলে। ল’ৰাবোৰ লগি গ’ল। সৰু ডাঙৰ। সকলোকে ধৰা। পইচা খোজা। তেতিয়া এক অনাও সঁচাই ‘পইচা’ আছিল। উঠে। নোজোৰে। তথাপি । হাজিৰাত খৰচ নাই । ছপা-খৰচ নাই । চাহ-তামোলৰ খৰচ নাই । ভি আই পিৰ খৰচ নাই । হৈ যায় । লগতে দুটা ডাঙৰ লাভ হয় । লগা ল’ৰাহঁতে বস্তুটো একেবাৰে নিজৰ বুলি ভাবে । দিয়া মানুহবোৰেও নিজৰ বুলি ভাবে । খবৰ ৰাখে । লয় । সকলো লিপ্ত । এইটো বীৰেন ভট্টাচাৰ্যৰ শব্দ । আজিকালি দায়বদ্ধ কোৱা হৈছে । আজিকালি কথাবোৰ বেলেগ বেলেগ হ’ল । পইচাবোৰ ঠায়ে ঠায়ে জমা হোৱা হ’ল । অৰ্থ আছে নীতি নাই । সঠিক ঠাইত ছুইছ টিপিলে ওলায়ো আহে । এনেকৈ নহয়, সুদে-মূলে আদায় কৰিও লয় । মাছৰ তেল আৰু ভজা মাছ । গতিকে সৰ্বদিশত নিৰ্লিপ্ততা বাঢ়িল । Stoicism ৰ উদাসীনতা নহয় Indifference ৰ উদাসীনতা । কথাবোৰ ভাল নহয়, বেয়া । সৰ্বসাধাৰণ মানুহে নভবাটো বা ভাবিব নজনাটো দুঃখৰ কথা ।

 

যোৱাটো শতিকাৰ পঞ্চাছৰ দশকৰ কথা । মোৰ বয়স চৌবিশ-পঁচিশ হ’ব । শিৱসাগৰ ঈদগাহ কমিটীৰ সম্পাদক হ’লো । মৈদানৰ মজিয়া পকা কৰিব লাগে । কেউফালে পকা বেৰা দিব লাগে । মেহৰাব লাগিবই । উঠি পৰি লাগিলো পইচা তোলাত । কোনোবাই এশ টকা দিলে  তেওঁক  মূৰত তুলিম যেন লগা দিন । এসময়ৰ প্ৰখ্যাত কবি মৰাণৰ গডেশ্বৰ চুতীয়া তেতিয়া শিৱসাগৰৰ মাটি-হাকিম, মাটি চমজাই দিলে । ইটা এচটাত তেতিয়া সিকি এটাও নপৰে । চিমেণ্ট পাবলৈহে নাই । ব্লেকত কিনিব নোৱাৰো । পইচা নাই । চুৰি বস্তু  লগাবও নোৱাৰো । চাপ্লাই অফিচলৈ দৌৰা-দৌৰি কৰি পাৰ্মিট পালো পোন্ধৰ নে বিশ বেগৰ । বেগত আঠ নে দহ টকা । দহ মাইল দূৰৰ শিমলুগুৰিৰ গুদামৰ পৰা উলিয়াব লাগিব । আনোতে ম’হতৈ শিংচৰা হোৱাৰ ভয় । তাৰো উপায় ওলাল । শিমলুগুৰি ৰেলৱে গুদামৰ পৰা মাল কঢ়িওৱা এখন ট্ৰাকে সামান্য কেইটকামান লৈ আনি দিব ।

 

নামেই কৈ দিছো । অতি সম্ভাৱনা পূৰ্ণ ল’ৰা ৰফিক ঢুকাইছে । আলীয়ে এখন সৰু দোকান দি আজি পৰ্যন্ত এটা সৎ জীৱন-যাপন কৰি আছে । অতি ধনী হ’বলৈ তেওঁ কি কৰিব পাৰিলেহেঁতেন মই এটা গল্পত লিখিছো । আলীয়ে নকৰিলে । একেবাৰে নোবেল বঁটা বিজয়ী ডৰিচ লেচিঙৰ গল্পৰ চৰিত্ৰৰ মানুহৰ দৰে । দুয়োৰে বয়স তেতিয়া সোতৰ-ওঠৰ । পঠিয়াই দিলো শিমলুগুৰিলৈ । পুৱাই নিশা আহি ওলাইছেহি । গুদাম নোখোলেহে নোখোলে । বস্তা কঢ়িয়াবলৈ মানুহ নাই । নিজেই কঢ়িয়াইছে । সিফালে ৰেলৱে গুদামে ট্ৰাকক মাল পাছবেলাহে দিছে । এশ এটা লেঠা ।

 

যেই হওক, চিমেণ্ট আহিল ।

 

মোৰ খবৰেই নাই । ৰাতিয়েই ৰাজমিস্ত্ৰীৰ খবৰ কৰিব লাগিব । ৰাজহুৱা কাম । ভাল মিস্ত্ৰী লাগিব । লগে লগে আকৌ পইচাৰ কথা । মোৰ বন্ধু চৈয়দ ফাতেহুল মান্নান কিন্তু সতৰ্ক সাৱধানী মানুহ ।

— তোমালোকে দিনটো কি কৰিলা ?

— এবাৰ চৰকাৰী গুদাম, এবাৰ ৰেলৱে গুদাম ।

আহ-যাহ । আহ-যাহ ।

— কি খালা ? ক’ত খালা ?

কাৰো মাত নাই ।

— কি খালা ? ক’ত খালা ?

— নাই খোৱা । এঘৰত খুজি পানী খালো ।

— পইচাতো আছিল ! কিবা কিনি নাখালা কেলৈ ?

 

কোনেও উত্তৰ নিদিলে ।

আমি উত্তৰ বিচৰাও নাছিলো ।

কথাবোৰ, দিনবোৰ বেলেগ আছিল ।

সৰু সৰু কথা

ইমৰাণ শ্বাহ

 

আমি যিবোৰ কথা কওঁ বা কাম কৰোঁ,সেইবোৰ অভ্যাসত পৰিণত হ’লে তাৰ গুৰুত্বটো আমাৰ ওচৰতে কমি যোৱাটো লক্ষ্য কৰিব পাৰি। হাতৰ তলুৱাত চূণ আৰু ধঁপাত লৈ মলি মানুহে এক বিশেষধৰণে নিচা সেৱন কৰে। একো কবই নোৱাৰে। নিৰ্বিকাৰ। অথচ অনভ্যস্ত এজনৰ মূৰ ঘূৰাই বমি হৈ হাহাকাৰ লাগি যাব পাৰে। কথাই কথাই ইন্চা- আল্লাহ কৈ থকা মুছলমান এজনে মনেই নকৰে তেওঁ আচলতে কি কাম এটা কৰি থাকে। শুকাভ্যাস। ভাল লগা। কিন্তু কামৰ নহয়। একোজন গাড়ীচালকে কবই নোৱাৰে, গাড়ীখন কেলই চলিছে। যন্ত্ৰৰ লগতে যন্ত্ৰ। কেতিয়াবা ইঞ্জিনে মাজবাটত বিদ্ৰোহ কৰিলেহে মোৰে কপালে হাত। গেৰেজ বা এতিয়া ক’ত আছে। জেপৰ মানিবেগটো হঠাৎ বৰ চেঁচা হৈ যোৱা যেন লাগে।

জনাটো বৰ দৰকাৰী কথা। আমি যি কওঁ, যি বিচাৰোঁ, যি কৰোঁ, এই সকলোবোৰৰ তলা-নলা খৰচী মাৰি জনাটো বৰ দৰকাৰী কথা। আপুনি যদি আপোনাৰ ঘৰখনত ছমাহে-বছৰেকে হৈ থকা জ্বৰকেইবিধৰ চৰিত্র নাজানে, আপোনাৰে দুৰ্ভাগ্য। এই জনাটোৰে পোছাকী নাম জ্ঞান। নাজানিলে কোনোবা জন যোগালী হৈয়ে ৰৈ যাব। ৰাজমিস্ত্ৰী হ’বগৈ নোৱাৰিব। ৰাজমিস্ত্ৰী জন সেইখিনিতে ৰৈ যাব। স্থাপত্যবিদ হ’বগৈ নোৱাৰিব। স্থপতিজন শিল্পী হ’ব নোৱাৰিবগৈ। বৰ্ বৰ্ ঘৰৰ নক্সা আঁকিব ঠিকেই,কিন্ত্ত কালজয়ী কীৰ্তি, মনুমেন্ট ওঁহো।

জীৱনটো ধুনীয়াকৈ আগবঢ়াই নিবলৈ জ্ঞান অপৰিহাৰ্য। কিন্তু জ্ঞানৰো সীমাবদ্ধতা আছে । সিদিনা পালো,মোৰ বৰ শ্ৰদ্ধাৰ বিজ্ঞানী,ড° দীনেশ গোস্বামীয়ে অতি-পোকৰ (ছুপাৰ বাগ্) বিষয়ে লিখিছে। মন কৰিবলগীয়া কথাটো হ’ল, মোৰ দৰে সাধাৰণ মানুহৰ কথা বাদেই, অনেক বাঘা-বাঘা, বিজ্ঞানৰ ক্ষেত্ৰত দপদপাই থকা মানুহেও বস্তুবিধৰ প্ৰভাৱ ধৰিব পৰা নাই । ঠিক এইখিনিতেই জ্ঞানৰ লগত চিন্তা, বিবেচনা, অন্তৰ্দৃষ্টি আদিৰ প্ৰয়োজন হয় । গৰু থাকিলেই নহ’ব, হাল বাবও লাগিব । তেতিয়াহে জানিম “টিক বলধা ওলাই মাটি”ৰ নিচিনা কথাবোৰৰ আচল অৰ্থ কি ?

আমি আহৰণ কৰা জ্ঞানৰ চিন্তা-চৰ্চা ব্যাখ্যা-বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰি দিলেই দেখিম, জ্ঞানে পোখা মেলিবলৈ আৰাম্ভ কৰি দিছে । মানুহ ক’ৰ পৰা ক’লৈ গৈছে আৰু ক’লৈ যাব পাৰিব, যাবই কল্পনাও কৰিব নোৱাৰিব । মূৰত আপেল সৰি পৰিলেই মগজুৰ জোকাৰণি আৰম্ভ হৈ যাব লাগে । তাত্ত্বিক জ্ঞানৰ ৱাস্তব মূল্য কম । প্ৰয়োজনত হে জ্ঞানৰ আচল পৰিচয় । প্ৰয়োগত বাৰে বাৰে ভুল হ’ব পাৰে । আৰু ভুলতে ভুলৰ শুধৰণিও সোমাই থাকে । গতিকে আহৰণ কৰা যি কোনো জ্ঞানৰ ক্ষেত্ৰত প্ৰশ্ন তুলিবলৈ ভয় কৰিব নালাগে । “Semble” আৰু “Resemble”-এ মানুহৰ অনেক ধাৰণাত বিভ্ৰান্তি সৃষ্টি কৰি থাকে । মাত্ৰ ভালকৈ জানি-বুজি যুক্তিসন্মতভাৱে প্ৰশ্ন তুলিব লাগিব । তাকো পৰাপক্ষত নিজৰ প্ৰশ্নৰ নিজেই উত্তৰ উলিয়াবলৈ যত্ন কৰিব লাগে । প্ৰশ্ন অনাহক সংশয়ৰ বাবে হ’ব নালাগে ।

আমাৰ এটা বোৰ বেয়া অভ্যাস আছে । ভুলো । সৰু দোকান এখন দিলেও আমাক তৎক্ষনাৎ বহুত লাভ পাবলৈ লাগে । আমি দোকানখনো বেছ আহল-বহলকৈ লৈছো । আনকি পঢ়া-শুনাৰ দৰে কামো লাভৰ আশা কৰিহে কৰো । ফলাফলৰ হিচাপে আগৰ পৰা কৰা এই মনোভংগিটোকে আমক মানুহ হিচাপে আচলতে একে ঠাইতে ৰাখি থয় । আমাৰ শিক্ষা-দীক্ষা সদায় এটা সীমাত আহি থমকি ৰৈ যাই । ডাঙৰ বিষয়াজন বি.এ. নে এম.এ. নে কি কোনেও নোসোধে । নিজেও পাহৰি থাকে । এই সন্দৰ্ভটোৰ সূদীৰ্ঘ আলোচনা হ’ব পাৰে । হোৱা ভালো । নহ’লেও আমি প্ৰত্যেকেই ভাবিবলৈ যত্ন কৰিব পাৰো । জ্ঞানৰ সাধনা  বৰ সুন্দৰ, বৰ পবিত্ৰ । লাভ-লোকচানৰ হিচাপেৰে তাক লঘু কৰাটো দূখৰ কথা ।

 

“অভ্যাসাৎ জ্ঞানং শ্ৰেয়ঃ জ্ঞানাৎ ধ্যানং বিশিষ্যতে, ধ্যান্যাং কৰ্মফলত্যাগঃ ত্যাগ অনন্তৰং শান্তিঃ ।“

-জন গন মন ,আলফা – আৰ্মি আৰু আমিবোৰ –

জ্যোতি প্ৰসাদ শইকীয়া ,

বিহপুৰীয়া

 

সৌ তাহানি সৰু হৈ থাকোতে স্কুললৈ যেতিয়াৰ পৰা গৈছিলো ,হয়তো 1986 চনমান ! স্কুললৈ গৈছো প্ৰথম ,কিবা ভয়লগা কথা ! কন্দাকটা কৰিছিলো বোধহয়,আধাতে স্কুলৰ পৰা পলাওঁ ! ঘৰত প্ৰথমে মৰমেৰে বুজনি,পিছত দুই এচাত লেকেচীৰ কোব ! মুঠতে ৰেগুলাৰ যোৱাত নপৰে !

সেই তাহানি জন গন মনটো কুঁহিপাঠ খনৰ বোধহয় শেষৰ ফালে আছিল (ভুল হবও পাৰে ,ইনচাল্ট নকৰিব চুলি থিয় হয়!)! কিবা কাৰণত মুখস্থ হৈ গৈছিল ! কিবা ৰাষ্ট্ৰৰ বিশেষ গীত বুলি ভবাই নাছিলো !

কোন বছৰৰ পৰা স্পস্টকৈ মনত নাই গীতটো গাবলৈ লৈছিলো সেই বিশেষ দিন দুটাত ! স্কুলৰ বাৰ্ষিক অধিবেশনৰ শেহত অ’ মোৰ আপোনাৰ দেশ !

কিছুবছৰ বাগৰিল ,স্বাধীনতা দিৱস,গণতন্ত্ৰ দিৱস বৰ্জন বুলি শুনিলো(হয়তো 90 চন ) ! স্বাধীনতা দিৱস,গণতন্ত্ৰ দিৱস বিলাক টেলিভিচনত আহিল ! সেই দিনবিলাকত স্কুললৈ যাবলৈ আগদিনা গোহাৰি টাইপ কিবা এখন হেডচাৰে গাই যদিও যোৱা নহয়,গলেও দেখো পতাকা উত্তোলন হৈ থাকে ! কোনে ,কেতিয়া কেনেকৈ কৰে নাজানো !

পিচলৈ বুজিলো আলফাই বৰ্জন কৰা বাবেই চহৰৰ পৰা দূৰৈৰ আমাৰ গাওবিলাকত ভয়ে ভয়ে তেনে কাম কৰা হয় !উপায় হয়তো কাৰো নাছিল ! কোনবিধৰ বন্দুকৰ গুলিয়ে কাক গিৰাই অথবা ৰাতিলৈ কাৰ ঘৰত টকা পইচা বিচাৰি ভাবুকি পত্ৰ আহে জনা নাযায় !

আৰ্মি আহিল,প্ৰথম অৱস্থাত আৰ্মিৰ যি অতপালি তাৰ ভয়ত সাধাৰণ নৰ মনিচৰ যি অৱস্থা তাক কাললৈ মনত ৰাখিম ( এই অভাজনো সেই বয়সতে দুই – এপাত কাণতলীয়াৰ ভুক্তভোগী )!

বাৰু সেইবিলাক খুচৰিলে বহু লাখ পৃষ্ঠাৰ কাহিনী ওলাব ! এই মুহুৰ্তত মনলৈ আহিছে ৰাষ্ট্ৰ সংগীতৰ এই বিতৰ্ক ,সেই সময়ত হোৱা হলে ! কাৰ কাৰ জীৱ কত তহিলং কৰি থাকিল হেতেন !

বহু সময় ভাবিগুণী এই ক্ষুদ্ৰমান জ্ঞানেৰে আৰু বহু মহাপুৰুষৰ লেখা পঢ়িশুনি ,দেখি বুজি যি বুজিছো প্ৰতিজন সাহিত্যিকে,সমাজসেৱকে,ৰাজনৈতিক ব্যক্তিয়ে সমালোচনা আশা কৰে যাতে গুণগত মানবিশিষ্ট সাহিত্য,গুণগত মানবিশিষ্ট সমাজসেৱা তথা গুণগত মানবিশিষ্ট ৰাজনীতি কৰিব পাৰে !প্ৰত্যককে আলোচনা কৰিবলৈ,সমালোচনা কৰিবলৈ সেইকন মৌলিক স্বাধীনতা আমাক সকলোকে আমাৰ ৰাষ্ট্ৰই আমাক দিছে ! এতিয়া কথা হল সমালোচনা কেনে হোৱা উচিত ! সমালোচনা বিলাকে ইতিবাচক ৰূপ ললে হয়তো সকলোৰে মংগল কিন্তু দেখা যায় টেলিভিচন আৰু মবাইলৰ দৌৰাত্মত(?) প্ৰায় সংখ্যক সমালোচনাই নেতিবাচক ৰূপ ধাৰণ কৰিছে !তাৰ ফলাফল সদায়ে ধংসাত্মক বুলি সময়ে কৈ আহিছে !সমালোচনা কৰিবলৈও সমালোচকজন সেই বিশেষ বিষয়ৰ ওপৰত বিশেষ দখল থকা অতি প্ৰয়োজন ! সময় হয়তো তেনে নহয় !আজিকালি ফেচবুকৰ কৃপাত প্ৰায় সকলো মানুহ সমালোচক ,আলোচক হবলৈ আগবাঢ়িছে(হয়তো এই অভাজনো কিছু কিছু মূহুত্তত ) ! যিটো সমাজ এখনৰ বাবেই মাৰাত্মক !

প্ৰতিবাদ ,সমালোচনা বিলাক শুদ্ধ পথত থাকিলে কি চৰকাৰ,কি সাহিত্যিক,কি সমাজসেৱক সকলোৱে এদিন নহয় এদিন ভাবিবলৈ বাধ্য হব !

ফেচবুকৰ শেহতীয়া যি যুদ্ধ সেইবিলাক দেখি ,শুনি ভাবি বুজি মোৰ দিমাগে কয় তাত যেন কোনোবা খিনিত আসোৱাহ ৰৈ গৈছে ! প্ৰতিবাদ সকলোৰে কাম্য ….কিন্তু ইমান অশ্লীল প্ৰতিবাদো আমাৰ কাম্য নহয় ! তাক কোনোবাই ভুল যেন ভাবি পুনৰ প্ৰতিবাদ কৰিছে কিন্তু তাতো যেন কৰবাত ভুল ৰৈ গৈছে ! নিজৰ বিবেকক সুধোচোন ! আনলৈ শৰ মৰা বহুত উজু ,সকলো আহক ! প্ৰতিবাদ কৰো আমাৰ কৃষকে ফচলৰ উপযুক্ত দাম কেতিয়া পাব?

আমাৰ পুলিচ বিষয়া সকল কেতিয়ালৈকে নিৰাপত্তাৰক্ষী হৈয়ো নিৰাপদ নোহোৱাকৈ থাকিব ?

কেতিয়ালৈকে নিবণুৱা সকল নিবণুৱা হৈ থাকিব ?

কেতিয়ালৈকে আমাৰ ভাই ভনী বিলাক কুকুৰ মেকুৰী মৰাদি মৰিব ?

বৃদ্ধসকলো লোকে পেঞ্চন পাব ?

ভূমীহীনে ভূমি পাব ? গৃহহীনে গৃহ পাব ?

এনেকুৱা হাজাৰটা প্ৰশ্নত হাজাৰ বাৰ প্ৰতিবাদ হওঁক ! প্ৰতিবাদ কৰো আহক ,প্ৰতিবাদ এখন সুস্থ সমাজৰ হৈ সুস্থ সমাজৰ বাবে ! সময় বৰ বিষাক্ত হৈ উঠাৰ আগতেই ! সকলোৰে শুভহওঁক !

জয় আই অসম ।

 

 

উচ্ছৃংখলতা :- সমাজৰ বিকাশৰ এক অন্তৰায়

  কৰবী দুৱৰী

উচ্ছৃংখলতা মানে কিছুমান অসামাজিক কাৰ্য্য । যি কৰ্মই সমাজত বিৰূপ প্ৰভাৱ পেলাই , সমাজৰ অনিষ্ট সাধন কৰে সেইবোৰেই অসামাজিক কাৰ্য্য । সুস্থৰ বিপৰীতেই উচ্ছৃংখল । আৰ্থিক , সামাজিক , নৈতিক আদি বিভিন্ন কাৰণত মানুহে উচ্ছৃংখল আচৰণ কৰিব পাৰে । বহুক্ষেত্ৰত  মানুহে  নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰি উচ্ছৃংখল হৈ পৰে । তাৰ বাবে দায়ী আমাৰ সমাজ ব্যৱস্থা , আমাৰ ঘৰুৱা পৰিবেশ আৰু পৰিয়ালৰ জেষ্ঠসকল ।

বৰ্তমান সময়ত আমাৰ সমাজৰ প্ৰায় বিলাক অভিভাৱকেই চাকৰিয়াল । চাকৰিসৰ্বস্ব জীৱনত নিজৰ সন্তানৰ বাবেও বহু পিতৃ মাতৃয়ে সময় খৰচ কৰিবলৈ বেয়া পায় । তেওঁলোকৰ মতে ” সিঁহতক যি লাগে সকলো দিছোঁ যেতিয়া আমাৰ কৰিব লগীয়া আৰু একো নাই , মাত্ৰ সিঁহতে পঢ়িব লাগে আৰু ভাল ৰিজাল্ট কৰিব লাগে ” । কিন্তু মই ভাৱো এজন ভাল মানুহ হ’বলৈ , সমাজত সফল ব্যক্তি হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে মাক-দেউতাকৰ মৰম ভালপোৱা , উৎসাহ , প্ৰেৰণা আদিৰ খুবেই প্ৰয়োজন ।

সহজ ধনৰ লালসাত ডুব গৈ বহু যুৱক যুৱতীয়ে নিজকে ধবংসৰ মুখলৈ ঠেলি দিয়াৰ অনেক উদাহৰণ আমাৰ সমাজত আছে । তাতোকৈ ডাঙৰ কথা নিজৰ সন্তানক ধন ঘটিবলৈ কিছুমান মাক-দেউতাকেই এৰি দিয়ে । বন্ধনমুক্ত আৰু উন্মুক্ত সমাজ ইয়াৰ প্ৰধান কাৰণ । এনে এখন সমাজত যদি পিতৃ মাতৃয়ে নিজৰ সন্তানক শাসন নকৰে তেন্তে ভৱিষ্যতে সেই সন্তান উচ্ছৃংখল হৈ পৰাটো একো ডাঙৰ কথা নহয় ।

বৰ্তমান দেখা গৈছে মাক-দেউতাকে সন্তানৰ প্ৰয়োজন পুৰাবলৈ গৈ ছাত্ৰ অৱস্থাতে হাতত দামী দামী মোবাইল , বাইক , গাড়ী আদি এৰি দিছে । তেনে ক্ষেত্রত যুৱ সমাজ উচ্ছৃংখল হৈ পৰা অত্যন্ত স্বাভাৱিক  কথা । ভোগ বিলাসত নিজকে মত্ত ৰাখি কেৱল সন্তানৰ প্ৰয়োজন পূৰণ কৰিবলৈ বয়সৰ কোনো বাচ-বিচাৰ নকৰাকৈ যিকোনো সামগ্ৰী যোগান ধৰা সকলক সচেতন পিতৃ মাতৃ বুলি কব নোৱাৰি । তাৰোপৰি মাক-দেউতাকে যদি সদায় হাই – কাজিয়া কৰি ঘৰৰ পৰিবেশ দুখিত কৰি ৰাখে তেন্তে হাজাৰ পৰিশ্ৰম কৰিও সন্তানক ভাল মানুহ হিচাবে গঢ়ি তুলিব নোৱাৰে ।

এখন সমাজ আগুৱাই যাবলৈ সমাজৰ প্ৰতিজন ব্যক্তি সচেতন হোৱা দৰকাৰ । আমি যদি কিবা এটা ভাল কাম কৰি দেখুৱাও তেতিয়াহে আমাৰ সন্তানে ভাল কৰিবলৈ প্ৰেৰণা পাব । নিজে নোৱাৰাকৈ কেৱল সন্তানৰ ওপৰত বোজা জাপি দিয়াটো উচিত নহয় ।

বৰ্তমান গোলকীকৰণৰ যুগত কিশোৰ – কিশোৰী তথা কমবয়সীয়া যুৱক – যুৱতীক বিনাদ্বিগ্ধাই ভোগ সৰ্বস্ব জীৱনৰ সহজ পথ দেখুৱাই দি উচ্ছৃংখল জীৱন এটাৰ ফালে ঠেলি দিয়াৰ বাবে প্ৰথম জগৰীয়া তেওঁলোকৰ পিতৃ – মাতৃ । তাৰোপৰি সন্তানৰ প্ৰশ্নবানৰ ( অনুসন্ধিৎসু মনৰ খু দুৱনি আঁতৰাবলৈ কৰা প্ৰশ্নৰ ) সন্মুখীন হোৱাৰ পৰা ৰেহাই পাবলৈ ৰিমট’ হাতত তুলি দি হকে বিহকে চিনেমা চাবলৈ দিয়া উদাহৰণ আমাৰ সমাজত বিৰল নহয় ।

নিয়ন্ত্ৰণহীন পৰিবেশ আৰু পিতৃ মাতৃৰ অনুশাসনহীনতাই যুৱ প্ৰজন্মক উচ্ছৃংখলতাৰ দিশলৈ টানি নিছে ।

আজিৰ সন্তান ভৱিষ্যতৰ নাগৰিক । আমি আমাৰ সন্তানক সিঁহতৰ ভৱিষ্যতৰ বাবে সৰু অৱস্থাতে গঢ় দিব লাগিব । এটা কথা সদায় মনত ৰখা উচিত যে বুঢ়া বাঁহ কেতিয়াও পোন কৰিব নোৱাৰি । আমি যদি সৰুতেই সন্তানক ভাল শিক্ষা নিদিওঁ তেন্তে ডাঙৰ হোৱাৰ পিছত যিমান কষ্ট কৰিলেও তাক মানুহ কৰি গঢ়ি তুলিব নোৱাৰিম । নিয়মানুৱৰ্তিতা , অনুশাসন , আত্ম সংযম আদিৰ জ্ঞানেৰে আমি ভৱিষ্যত প্ৰজন্মক সুনাগৰিক হিচাবে গঢ়ি তুলিব লাগিব । ভোগবাদী চিন্তাধাৰাৰ পৰিবৰ্তে এক সু শৃংখলিত আদৰ্শ ভৱিষ্যত প্ৰজন্মৰ বাবে আগবঢ়াব পাৰিলেহে এখন সুস্থ সমাজ গঢ় লৈ উঠিব ।

সম্প্ৰতি নিবনুৱা সমস্যাইও যুৱ প্ৰজন্মক উচ্ছৃংখলতাৰ দিশলৈ ঠেলি দিছে । বহু কষ্টৰে পঢ়ি শুনি ডিগ্ৰী লোৱাৰ পিছত সংস্থাপনৰ অভাৱত বহু যুৱক যুৱতীয়ে সহজ ধনৰ সন্ধানত নামি পৰে আৰু শেষত গৈ নিজৰ সকলো হেৰুৱাই উচ্ছৃংখলতাই আকোঁৱালি লয় । নিচাযুক্ত দ্ৰব্য সেৱন কৰি  যুৱপ্ৰজন্মই সমাজলৈ কাল অমানিশা কঢ়িয়াই আনিছে । বহুৱে দুৰ্ঘটনাগ্ৰস্ত হৈ নিজৰ হাত ভৰি হেৰুওৱাৰ ওপৰি বহুতেই প্ৰাণও হেৰুৱাইছে । যৌনগন্ধী চিনেমা , সস্তীয়া আলোচনী আদিয়ে যুৱপ্ৰজন্মক ধৰ্ষণ , বলাৎকাৰ আদিৰ বাবে উচতনি দিয়াটোকো নুই কৰিব নোৱাৰি ।

যেতিয়ালৈকে যুৱসমাজে নিজকে বুজি নাপাব তেতিয়ালৈকে সমাজৰ উন্নতি আশা কৰিব নোৱাৰি । সৎ কৰ্ম , সৎ চিন্তা আদি যুৱ প্ৰজন্মৰ মনোজগতত প্ৰৱেশ কৰাবৰ বাবে সমাজৰ বয়োজেষ্ঠ সকলে চেষ্টা কৰিব লাগিব । অন্যথা এখন প্ৰগতিশীল সমাজ আশা কৰাটো ভুল বুলি বিবেচিত হব ।

   

বিহু আহিছিল এই পথে

নন্দ চুতীয়া,
ঢকুৱাখনা ।

অসমীয়া জাতিৰ হিয়াৰ আপোন সম্প্ৰতি অসমৰ জাতীয় উত্সৱ বুলি পৰিচিত বিহুটোক সৃষ্টি কৰিছিল তাহানি বুৰঞ্জীয়ে ঢুকি নোপোৱা কালতে অসমীয়া অনাখৰী কৃষিজীৱী মানুহখিনিয়ে বছটোৰ তিনিটা নিৰ্দিষ্ট ঋতুৰ তিনিটা নিৰ্দিষ্ট মাহৰ নিৰ্দিষ্ট দিনত এক বিশেষ অৰ্থত । শীতত শুকাই খৰখৰীয়া মৰা পৃথিৱীখন ঋতু বসন্তৰ পৰশ পাই প্ৰকৃতিয়ে ন সাজ পিন্ধি ন ৰূপ লৈ জীপাল হৈ পৰাত কৃষিজীৱী মানুহে ঋতু পৰিবৰ্তনৰ আনন্দত সৃষ্টি কৰিলে ব’হাগ বা ৰঙালী বিহু । হেমন্ত, শীতকালত চপাই অনা ন ধান, ন শাক-পাচলি, খালে-ডোঙে সহজে পোৱা মাছ-পুঠি এইবোৰ উপভোগ কৰিবলৈ পোৱাৰ আনন্দত মাঘত সৃষ্টি কৰিলে মাঘ বা ভোগালী বিহু । বাৰিষা কালত ৰ’দত শুকাই বৰষুণত তিতি ম’হ-ডাঁহৰ কামোৰ খাই, দেহা মাৰি লগোৱা শালিধানৰ শইচ শৰতকালত গেঁৰ মেলি ফুলৰিলৈ ৰূপান্তৰ হোৱা বিভিন্ন জাতৰ ধান আঘোণ-পুহ মাহত চপাবলৈ পোৱাৰ মনৰ আনন্দত সৃষ্টি কৰিলে কাতি বা কঙালী বিহু । এই তিনিওটা বিহুৰ ভিতৰত আটাইতকৈ আদৰৰ বিহুটোৱেই হ’ল ব’হাগ বা ৰঙালী বিহু । কাৰণ এইটো বিহুত মনৰ হেঁপাহেৰে নাচ-গানৰ পয়োভৰ হয় । তাহানিৰ এই ব’হাগ বিহু আহিছিল খাটিখোৱা কৃষিজীৱী মানুহমখাৰ ব্যস্ততা ভৰা জীৱনৰ বাটেৰে । কুলি কেতেকীৰ অমিয়া মাতৰ বতৰাৰ বাটেৰে । ন পল্লৱ পিন্ধি ৰমক-জমক হৈ বন-বিৰিখে দিয়া খবৰৰ পথেৰে । চ’ত মাহ সোমোৱাৰ লগে লগে ব’হাগ বিহুক আদৰিবলৈ গাওঁ-ভূঁই খদমদম লাগি যায় । বিহুলৈ বুলি মানুহৰ ব্যস্ততাৰ অন্ত নাইকিয়া হয় । বিহুৰ কেইদিন জিৰণি লৈ খাবলৈ সৰহকৈ চাউল উলিয়াই ল’বলৈ ৰাতি দুপৰতে উঠি প্ৰতিঘৰ মানুহৰ মহিলাসকলে ঢেংকোচ ঢেংকোচকৈ দিয়া ঢেঁকীশালৰ ঢেঁকীৰ চাবৰ শব্দে গাওঁ-ভূঁই ৰজনজনাই থাকি বিহু অহাৰ বাতৰিয়ে কাণত গুণগুণাই থাকেহি । জলপান খুন্দিবলৈ, পিঠা-পনা পুৰিৰলৈ আৰু বিহুৰ কেইদিন খৰি-খেৰৰ অভাৱ নুগুচিবলৈ চেঙেলীয়া ল’ৰাবোৰে চ’ত মাহ সোমোৱাৰ লগে লগে খৰি-খেৰ বিচাৰি গোটোৱা ব্যস্ততাই বিহু অহাৰ বাতৰি ঘনাই দি থাকেহি । বিহুলৈ বুলি যতনাই লোৱা গামোচা-চাদৰকেইখন বিহুৰ আগতে বৈ-কাটি উলিয়াই ল’বলৈ আবেলিৰ পৰাই তাঁতৰ পাটত ঘৰে ঘৰে ব্যস্ততাই, তাঁত বোৱা দোৰ্পতি খট্-খটাই থকা শব্দই বিহু অহাৰ বাতৰি দি থাকেহি । চ’ত সোমোৱাৰ লগে লগে গৰুক ন পঘা পিন্ধিবলৈ ঘৰে ঘৰে মতা মানুহ তৰাণিলৈ গৈ তৰা পিটিয়াই আনি গধূলি তৰাৰ পিটবোৰ হাতেৰে বহল বহলকৈ ফিট কৰি নগৰা সাজি পুৱাই ৰ’দত শুকাবলৈ মালা মালা কৰি ডাঙত বা জেওৰাত ওলোমাই দিয়া দৃশ্যই ব’হাগ বিহু অহাৰ বাতৰি দি দিয়েহি । তৰাৰ পিটবোৰ কিছুদিন ভালকৈ শুকুৱাৰ পিছত পুৰুষসকলে চোতালত বহি পঘা সাজিবলৈ গুণ লোৱা ব্যস্ততাই ব’হাগ বিহু অহাৰ বাতৰি জনাই থাকেহি । জা-জলপান উলিয়াবলৈ ধানমুঠি শুকুৱাই ল’বলৈ ঘৰে ঘৰে চোতালে চোতালে ব্যস্ততাৰে ধান মেলা দৃশ্যই বিহু অহাৰ বাতৰি দি দিয়েহি । ঢেঁকীশালত বিভিন্ন ধৰণৰ জা-জলপান তৈয়াৰ কৰা গোন্ধে গাওঁ-ভূঁই আমোলমোলাই থাকি বিহু অহাৰ বাতৰি দি দিয়েহি । ঘৰ দুৱাৰ চাফ চিকুণ কৰা, বিহুলৈ বুলি কাপোৰ কানি ধুই নিকা কৰি ল’বলৈ মাইকী মানুহে নৈঘাটত ভিৰ কৰা ব্যস্ততাই বিহু অহি পোৱাৰ বাতৰি দি দিয়েহি । মুঠৰ ওপৰত তাহানি হেঁপাহৰ বিহুটো আহিছিল খাটিখোৱা কৃষিজীৱী মানুহৰ ব্যস্ততাৰ পথেৰে । সেয়েহে বিহু বুলি খন্তেক আজিৰ লোৱা বিহুৰ কেইদিনৰ মানুহৰ মনৰ আনন্দবোৰো আছিল স্বতঃস্ফূৰ্ত । গৃহস্থৰ চোতালত মৰা হুঁচৰি বিহুখনো আছিল অকৃত্ৰিম । মহিলা নাচনী শূণ্য কেৱল পুৰুষে ভাগ লোৱা, হুঁচৰি বিহুৰ বিহুনাম আৰু নাচবোৰো আছিল স্বতঃস্ফূৰ্ত প্ৰকাশ । কিন্তু আজিকালি বিহুলৈ বুলি মানুহৰ পূৰ্ব প্ৰস্তুতিৰ খদমদম ব্যস্ততা নাইকিয়া হ’ল । তাতে বজাৰত পোৱা সহজলভ্য ৰেডিমেড জা-জলপান, পিঠা-পনাই সৰহসংখ্যক মানুহৰ ঘৰে ঘৰে ঠাই দখল কৰিবলৈ লোৱাত বিহুৰ সঁচা ৰং আনন্দৰ অনুভৱ ক্ষীণাই আহিল । তাহানি ৰাইজখনে দুখীয়া চহকী বাছ বিচাৰ নকৰি প্ৰতিঘৰ মানুহৰ ঘৰত হুঁচৰি গাই গৃহস্থক ঘৰ ঘৰুৱালে কুশলে থাকিবলৈ আশীৰ্বাদ দিছিলগৈ । কিন্তু আজিৰ যুগৰ হুঁচৰি দলে শকত ধনৰ আশাত ধনী মানুহৰ ঘৰতহে হুঁচৰি গায় আৰু দুখীয়া মানুহৰ ঘৰত হুঁচৰি দলে পদধূলা নিদিয়ে । এইবোৰ কথাই কিন্তু ব’হাগ বিহুৰ ঐতিহ্য আৰু পৰম্পৰাত কালিমা সানিছে । আৰু এটা কথা, তাহানি বিহু কৰিছিল খুব বেছি চাৰি পাঁচদিন । তাৰ পিছত বিহু উৰুৱাই পুনৰ মানুহ কৰ্মত ব্যস্ত হৈ পৰিছিল । কিন্তু আজিকালি গোটেই ব’হাগ মাহটোৱেই বিহু কৰি থাকিবলৈ নোজোৰা হোৱাত জেঠ আহাৰ মাহ পৰ্যন্ত পোৱাই দিছেগৈ । দেহি ঐ……….॥

সৰু সৰু কথা

ইমৰাণ শ্বাহ,
শিৱসাগৰ ।

বেজবৰুৱাই চুমাৰ ওপৰত গৱেষণাত্মক নিবন্ধ লিখি থৈ গৈছে । নামো দিছে সঠিক “টকলিয়া চুমা” । ক’বলৈ একো এৰা নাই । তথাপি অধিকন্তুন দোষায় । আপুনি যদি চুমা খাবই লাগে পৰম্পৰাগতভাৱে নাখাব । সশব্দে টাপৌক কৈ খাওক । পাওঁতাজনেই নহয় কাণে-শুনাত থকা সকলোৱে শুনাকৈ । সোণৰ খনিৰ দুৱাৰ খোল খাই যাব পাৰে । অৱশ্যে চুমা কাৰবাৰটো অস্বাস্থ্যকৰ । ই-এন-টি ডাক্তৰে ভাল পাব পাৰে । খাওঁতাৰো দাঁত-আলু মজবুত হ’ব লাগে । আজিকালি দাঁতৰ লগত পায়োৰিয়াও গজে । ‘কিচ’ আৰু ‘মিচ’ৰ সমস্যাও আছে । তথাপি মানুহে চুমা খায় । ‘খোৱা বস্তু নহয়, সকলোৱে খায়’ । সাঁথৰটোৰ দুটা নে তিনিটা উত্তৰ । আচাৰ, উজুটি, চুমা । বৈদান্তিক অশীতিপৰেও ।

কৈছো, সশব্দে । পাত্ৰ-পাত্ৰীৰ কথা নাই । লাভ তত্কালে অথবা ধীৰে ধীৰে । ককা-আইতাৰ শব্দ সৃষ্টি টান হ’ব পাৰে । চিকাৰৰ গালে-মুখে নৱকান্তৰ কবিতা লিখক । কান্ত কবিয়ে কোৱা নাই যেতিয়া মইনো-ধঁপাতৰ গোন্ধটো আনো কেলৈ । সিহঁতে আপোনাক পাহৰিব পাৰে । চুমাটো মনত ৰাখিব ।

মতলবী চুমাৰ চেহেৰা কেলাইডোস্ক’পিক । ঘনে ঘনে বিধে বিধে হয় । ধৰক এজন নেতা । কূটনৈতিক । এম এল এ, সমাজকৰ্মী । মনত সুপ্ত ক্ষমতাৰ লোভ । এজন ৰজা ভঙা-পতা মানুহ । নিৰ্বাচন সৌৱা পদূলি মূৰত । গতিকে এতিয়া সময় ভোটাৰৰ মন জয় কৰাৰ ।

আপুনি পুৰণা নাম থকা মন্দিৰ-মছজিদ-থান-দৰ্গাহলৈ যাওক । ধৰ্ম অনুযায়ী বা চেকুলাৰ হিচাপত প্ৰাৰ্থনা আগবঢ়াওক । ধৰ্ম ভাল তুৰুপৰ তাচ । অকণমান বুদ্ধি লাগিব । খবৰ পালেই প্ৰচাৰ মাধ্যম যাব । ব্যৱস্থা কৰিব । দান, বৰঙণি, গ্ৰাণ্ট । বৰ কামৰ বস্তু । বেজবৰুৱাই নাল লগা চুমাৰ কথাও কৈছে । আৰু নো কি ।

ঘৰ আৰু সমাজতো এই খেল চলিব পাৰে । চলা ভাল । যিমান আপুনি সৰৱ হ’ব সিমান আপুনি প্ৰিয় অপৰিহাৰ্য হ’ব । আপুনি উচুপিব ফেঁকুৰিব পাৰে । মিচিকিয়াই হাঁহিব পাৰে । আপুনি সোঁহাতে দিয়া দান বাওঁহাতে নাজানিব পাৰে । অখ্যাত আপুনি অখ্যাতেই থাকি যাব কিন্তু হাউ-হাউকৈ কান্দক । ৰাউচি জোৰক । হাঁহাঁকৈ হাঁহক । দুটকা দি দুশ টকাৰ ডাংকোপ মাৰক । ধুনীয়া কাগজত ধুনীয়াকৈ ছপোৱা প্ৰথম নিমন্ত্ৰণী চিঠি আপুনিয়ে পাব । টকলিয়া চুমা খাব নাজানিলে আপোনাৰ একো নহ’ব ।

অৱশ্যে । এৰা অৱশ্যে । বেলি ওলাবই । সূৰুযৰ পোহৰত মানুহে বগাক বগা, ক’লাক ক’লা ক’বই । আপোনালৈ প্ৰথম নিমন্ত্ৰণ পঠোৱাজনৰো আপোনালৈ মনত নপৰিবগৈ পাৰে । তাৰ পৰা কি হ’ল । আপোনাক আজিহে লাগে । কালিলৈ কি হয় কিয় লাগে । কালিলৈৰ কথা ভাবে একমাত্র মূৰ্খই ।

সাহিত্যৰ সন্ধানত এগৰাকী যুৱক

সদানন্দ হাজং
ডিমৌ, চিলাপথাৰ ।

সাহিত্য, সংস্কৃতি অবিহনে এখন দেশ, সমাজ, জাতিৰ উন্নতি অসম্ভৱ । সাহিত্য, সংস্কৃতি প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত নিহিত হৈ থাকে । কোনোবা নহয় কোনোবা সাহিত্য, সংস্কৃতিৰ ৰস বিচাৰি ফুৰে উন্মাদৰ দৰে । যেতিয়া নিৰ্দিষ্ট লক্ষ্যত উপনীত হব পাৰে তেতিয়া তেওঁ এগৰাকী পণ্ডিত । যদিও পণ্ডিত কিন্তু তেওঁ উন্মাদৰ দৰেই জীৱন অতিবাহিত কৰিব বিচাৰে । তেওঁৰ দৰে এটি জীৱন পাবলৈ বহু সাধনাৰ জৰিয়তে অগ্ৰসৰ হব লাগিব । খোৱা-শুৱা ত্যাগ কৰি হলেও সপোনৰ কবিতা এটি লিখিব বিচাৰে উন্মাদৰ দৰে । সাহিত্যৰ ৰস এবাৰ বিচাৰি পোৱাৰ পিছত ৰস পান নকৰাকৈ থাকিবলৈ জীৱন শুকান শুকান অনুভৱ হয় । সাহিত্যৰ পথাৰত শস্য সিচি শস্য উত্পাদন কৰিবলৈ সৃজনীশক্তি থাকিবও লাগিব । সাহিত্যৰ পথাৰখন এনে এটা পথাৰ যি গৰাকী ব্যক্তি শস্য উত্পাদন কৰিব পাৰিছে তেখেত কেতিয়াও সুপ্ত হৈ নাথাকে ।

এইখিনিতে সাহিত্যৰ ৰস বিচাৰি ফুৰা এগৰাকী যুৱকৰ কথাৰে আগবাঢ়িব বিচাৰিছোঁ । ধেমাজি জিলাৰ অতি পিছপৰা বান পিড়িত অঞ্চলৰ এখন সৰু গাঁৱৰ এগৰাকী উদীয়মান যুৱক । তেওঁৰ জীৱনত সাহিত্য, সংস্কৃতিৰ ৰস হৃদয়ত সৃজনীশীল লুকাই আছে বুলি উপলব্ধি কৰিব পাৰিছো ।মানৱ জীৱনত কিবা এটা আৱিষ্কাৰ কৰিবলৈ নিশ্চয় একাগ্ৰতা প্ৰয়োজন । মানৱ জীৱনত জীয়াই থাকিবলৈ ঘাত-প্ৰতিঘাত থকাটো নিশ্চিত । জীৱন মানেই সংগ্ৰাম । জীৱনৰ প্ৰতিটো খোজে খোজে সংগ্ৰাম জড়িত হৈ আছে । যুৱক জনক সৰুৰে পৰাই সাহিত্য, সংস্কৃতিৰ লগত জড়িত হৈ থকা পৰিলক্ষিত হয় । তেওঁ বহু কষ্টৰ মাজেৰে পেদেল মাৰি মাৰি ডিগ্ৰী অৰ্জন কৰি দেশ, জাতি, সমাজৰ নাম উজ্জ্বল কৰাৰ উদ্দেশ্যৰে সাহিত্যৰ জগতত একাগ্ৰতাৰে প্ৰৱেশ কৰিবলৈ প্ৰয়াস কৰিছে । প্ৰতিগৰাকী ব্যক্তি নিজ নিজ সদিচ্ছাৰে জীৱন যুদ্ধত অগ্ৰসৰ হয় । যুৱক জনৰ প্ৰতিটো ক্ষেত্ৰতে কিছুমান চকু চৰহা ব্যক্তিয়ে বাধা প্ৰদান কৰিবলৈ প্ৰয়াস কৰে । যুৱক জনৰ একাগ্ৰতা, সাহসীকতা দেখি নিজৰ জাতি জনগোষ্ঠীৰ কিছু লোকে বিদ্ৰূপৰ দৃষ্টিৰে দৃষ্টি নিক্ষেপ কৰে । যিমানে যুৱক জনক বাধা প্ৰদান কৰিব বিচাৰে বা তেখেতক বিভীষিকা প্ৰদান কৰে সিমানে সাহসীকতাৰে নিজ সদিচ্ছাৰে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হয় ।

এগৰাকী ব্যক্তি শিশুৰ পৰা প্ৰাপ্ত বয়স্কলৈ যথেষ্ট কষ্টৰ প্ৰয়োজন । শিশু এগৰাকী সৰ্বাঙ্গীন উন্নতি হবলৈ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, এই সকলো সমপৰিমানে গুণ থকা প্ৰয়োজন । শিশু এগৰাকী বহু চেষ্টাৰ বলতহে নিজৰ লক্ষ্যত উপনীত হব পাৰে বা মাটিত চুচৰি চুচৰি খোজ কৰা শিকি থিয় হবলৈ শিকে । ঠিক তেনেকৈ কোনোবা নহয় কোনোবা বাৰে বাৰে চেষ্টা কৰাৰ পিছতহে নিজৰ লক্ষ্যত উপনীত হবলৈ সক্ষম হয় । তেতিয়া তেখেত এগৰাকী সফল বা সুদক্ষ সাহিত্যিক বা সমাজৰ সুদক্ষ ব্যক্তি হিচাপে পৰিগনিত হব পাৰে । সফল বা সুদক্ষ ব্যক্তি হিচাপে সমাজত পৰিচিত নহবও পাৰে । তেখেতৰ একাগ্ৰতা আৰু সাহসীকতাহে মূল চাবি কাঠি । নিজ স্বাৰ্থ ত্যাগ কৰি দেশ তথা সমাজৰ সাহিত্য জগতৰ পোহৰ বিলাবলৈ একাগ্ৰতাৰে আগবাঢ়িছে । এগৰাকী, দুগৰাকী নহয় বহু গৰাকী ব্যক্তি তেখেতৰ জীৱনলৈ বাধা প্ৰদান কৰিবলৈ নাচি বাগী আহিছে । যুৱক জনে তেওঁলোকৰ বাধাত কোনোধৰণৰ মনোযোগ দিয়া নাই । তেওঁলোকৰ বাধা বিঘিনিয়ে যুৱকৰ জীৱনলৈ কোনো ক্ষতি আনিব নোৱাৰে । যুৱক জনে তেওঁলোকৰ কৰ্মক ধন্যবাদ জ্ঞাপন কৰে । তেওঁলোকে যিমানে যুৱক জনক বাধা প্ৰদান কৰিবলৈ নাচি বাগী থাকে সিমানে যুৱক জনে আনন্দ মনেৰে সাহিত্যৰ পৃথিৱীলৈ পদাৰ্পণ কৰে । এদিনাখন হলেও যুৱক জনে দেশ তথা সমাজৰ সুনাম কঢ়িয়াই আনিব বুলি নিজ কৰ্মেৰে অগ্ৰসৰ হয় । যুৱকৰ জীৱনলৈ বাধা প্ৰদান কৰা যি মনোভাৱ তেওঁলোকৰ হৃদয়ত পুহি ৰাখিছে তেনেকুৱা মনোভাৱ দেশ তথা সমাজৰ ডাঙৰ ক্ষতি হব পাৰে । যুৱকৰ জীৱনলৈ বাধা প্ৰদান কৰাৰ দৰে আৰু বহু গৰাকী ব্যক্তিৰ জীৱনলৈ তেওঁলোকে নিশ্চয় বাধা প্ৰদান কৰি আহিছে । সমাজৰ প্ৰতিও কিমান মহান উদ্দেশ্যৰে কাম কৰিবলৈ অগ্ৰসৰ হৈছে সেয়া বুজিবলৈ বাকী নাই । পাৰে যদি তেখেত সাহিত্যৰ পৃথিৱীলৈ আহক সাহিত্য জগতৰ পোহৰ বিলাবলৈ । তেতিয়াহে কব পাৰিম তেখেত এগৰাকী মহান ব্যক্তি । যদিহে নোৱাৰে এইবোৰ কৰ্ম কৰিবলৈ তেন্তে উপলব্ধি কৰিম তেখেত এগৰাকী অজ্ঞান ব্যক্তি । নিজেও কৰিব নোৱাৰে আন কোনোবা কৰিবলৈ আগবাঢ়িলেও বাধা দিবলৈ প্ৰস্তুত হৈ থাকে । এয়া জানো মহান ব্যক্তি তথা মুৰব্বীৰ কৰ্তব্য । প্ৰকৃততে যুৱকৰ ভৱিষ্যত মংঙ্গল কামনা কৰা, শাৰীৰিক, মানসিক, অৰ্থনৈতিক দিশত আগবঢ়োৱা দায়িত্ব আছিল এগৰাকী সমাজৰ জাতীয় নেতা হিচাপে । তেওঁলোকে বাধা প্ৰদান কৰাৰ পিছতো যুৱক জনে কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে, তেওঁৰ নিজা প্ৰচেষ্টাত । এয়া যৱক জনৰ সাহিত্যিক জীৱনৰ এক দীঘলীয়া যাত্ৰা । কিছু দিন পূৰ্বে এখন স্মৃতি গ্ৰন্থৰ বাবে তেওঁৰ পৰা এটি লিখা বিচাৰিও লিখা খিনি প্ৰকাশ নকৰি তেওঁৰ হৃদয়ত আঘাত হানিলে । এনেদৰে চলিছে সমাজখন বুলি কলেও মিছা কোৱা নহ’ব । তেওঁলোকে বেয়া পালেও একো লাভ নাই । কাৰণ ই সত্য প্ৰমাণিত । সাহিত্যৰ প্ৰতি আগ্ৰহ থকা এগৰাকী ব্যক্তিক এনেদৰে শাস্তি প্ৰদান কৰাটো তেওঁলোকৰ সামাজিকভাৱে দায়িত্ব নাছিল । জানিব পৰা গ’ল মানে তেওঁলোকে কোনো এগৰাকী ব্যক্তি আগবাঢ়ি যোৱাটো নিবিচাৰে । আনক শাস্তি প্ৰদান কৰিব বিচাৰিলে নিজেও কেতিয়াবা শাস্তিৰ সন্মুখীন হ’ব লগা হয় । তেখেত কিমান চেষ্টাৰ বলত এটি প্ৰৱন্ধ লিখি উলিয়াইছিল তাকো তেওঁলোকে ধূলিৰ লগত সংমিশ্ৰণ কৰিলে । মানৱতা কিমান তললৈ নামিব ধৰিছে । তেওঁলোকে নিজকে সমাজৰ একো একোজন মহান ব্যক্তি বুলি পৰিচয় দিবলৈ বিচাৰে । যুৱক জনে কব বিচাৰিছে যে দেশৰ প্ৰতিগৰাকী ব্যক্তি আনৰ গালি বিভীষিকা নকৰি নিজ কৰ্মেৰে একাগ্ৰতাৰে কাম কৰি গলে নিশ্চয় অনাগত দিনবোৰত জীৱনত সফল হ’ব পাৰিব। বহু ব্যক্তি উন্মাদৰ দৰে যি তি ভুকি থাকিব পাৰে তালৈ মনোযোগ নিদি আগবাঢ়ি যাওঁ আহক। কোনোবা এগৰাকী ব্যক্তি সত কৰ্ম কৰিবলৈ আগবাঢ়ি আহিলে তেখেতলৈ সৰ্ব্বদা কু দৃষ্টিৰে দৃষ্টি নিক্ষেপ কৰে । ই স্বভাৱত পৰিণত হৈছে । এনেকুৱা কু দৃষ্টি নিক্ষেপ কৰিলেও তালৈ মনোযোগ নিদি নিজ কৰ্মেৰে অগ্ৰসৰ হলে নিশ্চয় জীৱনত সফল হব পাৰিব । যুৱক জনলৈ যিমানে কু দৃষ্টিৰে দৃষ্টি নিক্ষেপ কৰে বা হিংসা কৰে সিমানে যুৱক গৰাকীয়ে হাঁহি হাঁহি নিজ কৰ্ম কৰিবলৈ আগবাঢ়ে । যি সকল ব্যক্তি যুৱকলৈ বেয়া মন্তব্য আগবঢ়াই বা কোনো কামত বাধা প্ৰদান কৰিবলৈ অগ্ৰসৰ হয়, তেওঁলোকে সাহিত্যৰ ভাষা, সাহিত্য জগতত বাস কৰিলে কি উপলব্ধি কৰিব পৰা যায় তাৰ প্ৰতি কোনো জ্ঞাত নহয় । জ্ঞানী হ’লে নিশ্চয় তেওঁলোকে সাহিত্যৰ সন্ধান কৰা এগৰাকী যুৱকক এইদৰে বাধা প্ৰদান নকৰিলেহেতেন । বুজা যায় তেওঁলোকে কু মনোভাৱ লৈ জীয়াই আছে । কিছুমান ব্যক্তি আছে আনক বহু উপদেশ দিয়ে । কিন্তু নিজ সেই উপদেশ পালন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত হয় । নিজে আগতে নিকা হব লাগে তাৰ পিছতহে আনক উপদেশ দিব লাগে । মানৱ জীৱনত ভুল ত্ৰুটি থকাটো স্বাভাৱিক । ভুলৰ মাজতে মানৱ জীৱনৰ সত্য উদঘাটন হোৱা পৰিলক্ষিত হয় । কোনো এগৰাকী ব্যক্তি বুকু দাঙি কব নোৱাৰে তেওঁৰ কেতিয়াও ভুল নহ’ব । বহু ব্যক্তি তেওঁক বাধা প্ৰদান কৰাৰ মাজতো অন্য বহু মহান ব্যক্তি সকলে সাহিত্যৰ চৰ্চা কৰি আগবাঢ়ি যাবলৈ উত্সাহ প্ৰদান কৰা পৰিলক্ষিত হৈছে । সেই মহান ব্যক্তি সকলৰ প্ৰেৰণাত যুৱক জনে সাহিত্যৰ পথাৰত শস্য সিচি শস্য উত্পাদন কৰিবলৈ সক্ষম হৈছে । অনাগত দিনবোৰতো শস্য সিচি যাব বুলি নিজকে প্ৰতিজ্ঞাবব্ধ হৈছে ।
সাহিত্যৰ পথাৰত যিমানে বোকাৰে লুতুৰি-পুতুৰি হৈ সাহিত্যৰ শস্য সিচি যাব সিমানে সাহিত্যৰ শস্য উত্পাদন হব আৰু অতি আনন্দ মনেৰে উত্পাদিত শস্য খাই জীয়াই থাকিব পাৰিব ।
এগৰাকী যুৱক এনেদৰে সাহিত্যৰ জগতত পদাৰ্পণ কৰি সাহিত্য জগতৰ পোহৰ বিলাবলৈ আগবাঢ়ি অহাটো তেখেতলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতলৈ সাহিত্যৰ কাম কৰি যাবলৈ সু পৰামৰ্শ দিয়াটো কৰ্তব্য আছিল ।

উত্সাহ বা পৰামৰ্শ দিয়া বহু দূৰৰ কথা সুবিধা পালে যুৱকৰ সাহিত্যিক জীৱনলৈ অন্ধকাৰ কঢ়িয়াই আনিবলৈ প্ৰয়াস কৰে । যুৱক গৰাকীৰ প্ৰতি তেওঁলোকে যি উপলব্ধি কৰিছে সেই উপলব্ধি কেতিয়াও কৃতকাৰ্য হবলৈ নিদিয়ে যুৱগৰাকীয়ে । যুৱক গৰাকীয়ে যি সাহসীকতাৰে মহান কামত আগবাঢ়িছে তেওঁক সকলোৱে আদৰণি জনোৱা প্ৰয়োজন । ই সত্য কথা, যি গৰাকী ব্যক্তি ভাল কাম কৰিবলৈ অগ্ৰসৰ হয় তেওঁক সকলোৱে বেয়া দৃষ্টিৰে দৃষ্টি নিক্ষেপ কৰে । এটা কথা সত্য বুলি অনুভৱ হয়, যি গৰাকী ব্যক্তিলৈ হিংসা কৰে সেই গৰাকী ব্যক্তিয়ে উন্নতিৰ জখলা বগাই যাবলৈ অধিক লাভবান হোৱা পৰিলক্ষিত হয় । তেওঁ এগৰাকী যুৱক হিচাপে সাহিত্যিক জীৱনৰে জীয়াই থাকিব বিচাৰিছে । দেশ তথা সমাজৰ প্ৰতি গৰাকী ব্যক্তিলৈ অনুৰোধ কৰিব বিচাৰিছে সকলোৱে কিছু সময়ৰ বাবে হ’লেও সাহিত্যৰ চৰ্চা কৰিবলৈ আগবাঢ়ি আহক । তেতিয়া দেশ তথা সমাজৰ অধিক লাভ হ’ব ।

সৰু সৰু কথা

ইমৰান শ্বাহ,
শিৱসাগৰ ।

মানুহে যি কথাই নকওক, তাৰ লগত অৰ্থৰ এটা এৰাব নোৱাৰা সম্বন্ধ থাকে । অৰ্থ নাথাকিলে কথাৰ কোনো মূল্য নাথাকে । একেদৰেই উপযুক্ত কথাৰ অভাৱত অৰ্থও পোহৰলৈ নাহে । একে বিষয় লৈ লিখা এজনৰ ৰচনা উচ্চস্তৰৰ সাহিত্য হ’ব পাৰে । আন এজনৰ ৰচনা তেনেই এলাগী হ’ব পাৰে । কৃষ্ণাৰ্জুন ব্যাকৰণৰ এটা সৰল সন্ধি মাত্র নহয় । এটা বিশেষ মননৰ অন্তৰ্নিহিত তাত্পৰ্যপূৰ্ণসমূহৰ মিলন-মিশ্ৰণৰ এটা দ্যোতক । ব্যঞ্জনাও ক’ব পাৰি । একেই কথা ক’ব পাৰি অনুষ্ঠান-প্ৰতিষ্ঠান আৰু মূল্যবোধৰ সম্পৰ্কতো । আমি যেতিয়া জাতি, সমাজ আদিৰ কথা আলোচনা কৰো তেতিয়া প্ৰতিষ্ঠানৰ বাহিৰৰ ৰূপটো লক্ষ্য কৰিয়ে কথা কওঁ । মূল্যবোধৰ প্ৰসংগটো প্ৰায়ে কোৱা নহয় । বৰং ভবাই নহয় বুলিব পাৰি । ফলত অনেক বিসংগতিপূৰ্ণ কাম-কাজ হয়, ঘাইকৈ চৰকাৰৰ ক্ষেত্ৰত । আমি আমাৰ “গণতন্ত্ৰ”, আমাৰ “সমাজতান্ত্ৰিক আৰ্হি” আদিৰ কথা সঘনাই কৈ থাকো । কিন্তু তাৰ অন্তৰ্নিহিত মূল্যবোধৰ কথা নাভাবোৱেই । সমশিক্ষা, সমস্বচ্ছলতা, সমঅধিকাৰ ইত্যাদিবোৰ আমাৰ আছেনে ? যদি নাই বহুত শব্দ ব্যৱহাৰৰ অধিকাৰেই দেখোন আমাৰ নাথাকে । ইনকিলাব্ শব্দটোক আজিকালি দেখোন জধে-মধে ব্যৱহাৰ কৰা হয় । ফুটবল খেলত জিকিলেও । বিপ্লৱ, বিদ্ৰোহ, বিজয় একাকাৰ । গণই গণতন্ত্ৰ বুজাৰ পাছতহে দেশ গণতান্ত্ৰিক হয় । ধন-বল আৰু অস্ত্ৰ-বল দুয়োটাৰ মাজত পাৰ্থক্য বৰ নাই আৰু দুয়োটা গণতন্ত্ৰত সীমিত অৰ্থতহে প্ৰাসংগিক ।

যিকোনো প্ৰতিষ্ঠানৰে আপাত-ৰূপ বৰ্ণনা কৰিবলৈ সহজ । কেইটা ঘৰ, কিমান শিক্ষক, কিমান ছাত্ৰ-ছাত্ৰী । স্কুল এখনৰ সাধাৰণ ছবি এখন পাই যোৱা হ’ব । ইউনিফৰ্মো পাৰি । কিন্তু কিতাপৰ প্ৰসংগ আহিলেই থমকি ৰ’ব লাগিব । কি পঢ়ায়, কি পঢ়ে বিচাৰিবলৈ গ’লেই অসুবিধাত পৰি যাব । চাকৰিৰ বাবে ডিগ্ৰীতকৈ প্ৰশিক্ষণৰ প্ৰয়োজন বেছি । কিছুমান প্ৰশিক্ষণ নিজেও নিজক দিব পাৰি । কিন্তু শিক্ষাৰ প্ৰকৃত উদ্দেশ্য কি ? এতিয়াই মূল্যবোধৰ প্ৰশ্নটো আহিব ? অসুবিধা হ’লেও মূল্যবোধ ধৰা-চোৱাৰ বাহিৰৰ বস্তু নহয় । আৰু ই আমাৰ লগত, আমাৰ ভিতৰতে থাকে । কৰ্ষণৰ ওপৰত ই নিৰ্ভৰ কৰে । মোৰ পদূলিত এজোপা শেৱালি আছে । শৰতত তল ভৰি সৰে । এজন ওলাই গ’ল । ডবহা জোতাৰে মহতিয়াই । ক’ৰ শেৱালি ক’ত, চেপেটা । এজনী মাগনী বুঢ়ী ওলাই গ’ল । থমকি ৰ’ল । দুপাহমান তুলি ল’লে । তাৰ পাছত চাই চাই ফুল নথকাত ভৰি দি ওলাই গ’ল । আগৰজন এম এ পাছ । ফুল চোৱাৰ সময় নাই । পাছৰগৰাকী মাগনী । মনৰ মাজত ক’ৰবাত বহুত কোমলতা আছে । আগৰজনৰ শিক্ষাত কেণা আছে । পাছৰজন স্বশিক্ষিত । কিন্তু জীৱনৰ বাবে প্ৰথমজনৰ শিক্ষা নহ’লে নহয় । অথচ দ্বিতীয়জনৰ শিক্ষাটো নহ’লে জীৱনে ইয়াৰ অৰ্থই হেৰুৱায় । কি কৰা যাব পাৰে ।

আৰু এটা কথা । প্ৰতিষ্ঠানবোৰৰ এটা ঐতিহাসিক বিকাশ থাকে । বিকাশৰ স্তৰ থাকে । এই ইতিহাস আলোচনা কৰিব পাৰি । কিন্তু সঁচা মূল্যবোধৰ তেনেকৈ নোৱাৰি । এইবোৰ আৱেগ-অনুভূতিৰ লগত জড়িত । বস্তুবাদ বুজা যায় । প্ৰায় ইন্দ্ৰিয়গ্ৰাহ্য । মূল্যবোধ অলপকৈ হ’লেও ৰহস্যময় । ৰহস্য লাগে জীৱনৰ বাবে । আৱেগাদিক হত্যা নকৰিলে এইবোৰ সদায় একে থাকে । মাতৃ আৰু মাতৃত্ব । নাৰীমুক্তি অতি দৰকাৰী কথা । মাতৃত্বৰ পৰাও মুক্তি হ’বৰ হ’লে কিন্তু মানৱ জাতিৰ বিপৰ্যয় আছে । ওপৰে ওপৰে একো ক’ব নালাগে । নোৱাৰিও । মূল্যবোধৰ কথা আহিব । আৱেগিক ।

আমাৰ এতিয়াৰ যিটো অৱস্থা তাত এটা কথা নিশ্চিতকৈ ক’ব পাৰি । আমি আমাৰ বাহিৰৰ জীৱনটোৰ লগত ভিতৰৰ জীৱনটোৰ সম্বন্ধ হেৰুৱাই পেলাইছো । ধৰ্মবোৰে এই কামটো কৰিছিল । কৰিব পাৰিছিল । এতিয়া ক্ৰমাৎ নোৱাৰা হৈ আহিল । আৰু নোৱাৰা হ’ব । ধৰ্মই যুক্তি-তৰ্ক-সংস্কাৰক বাধা দিয়ে । স্বৰ্গ আৰু নৰকৰ ধাৰণাটো আন ধৰণৰ হোৱা হ’লে ভাল আছিল । কিন্তু নহ’ব । ভিতৰ আৰু বাহিৰৰ মিলন-মিশ্ৰণ নহ’লে কৃষ্ণাৰ্জুন এটা ব্যাকৰণৰ সৰল সন্ধি হৈয়ে থাকিব । থাকিব নালাগে ।

আমি মনত ৰখা দৰকাৰ, মূল্যবোধৰ সন্ধান বাহিৰত কৰা হ’লেও, দৰাচলতে তাক মানুহৰ চেতনাৰ ভিতৰতহে পোৱা যায় । শিক্ষাক শুদ্ধ পৰিপ্ৰেক্ষাত গ্ৰহণ কৰাৰ প্ৰয়োজন এতিয়াতকৈ বেছি কেতিয়াও হোৱা নাছিল । একবিংশৰ মানুহ উন্নত হ’লেই নহ’ব, জ্ঞানী হ’বও লাগিব ।