যা দেৱী …………

শ্ৰী নিৰুপমা ডেকা, বোকাখাত।

দূৰ্গা পূজাৰ দশমীটো পাৰ হোৱাতহে মনেশ্বৰ হাজৰিকাৰ উশাহটো ঘূৰিল। এনে ব্যয় বহুল গুৱাহাটীৰ নিচিনা ঠাইত ভাৰাঘৰ লৈ ল’ৰা-ছোৱালী ইংৰাজী মাধ্যমৰ প্ৰাইভেট স্কুলত পঢ়ুৱাই চতুৰ্থ শ্ৰেণীৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী এজনৰ কি অৱস্থা হ’ব পাৰে সেয়া হয়টো মনেশ্বৰৰ দৰে ভুক্তভোগীহতঁৰ বাহিৰে আনে বুজা কঠিন। Continue reading

ঘৰচিৰিকাৰ প্ৰেমৰ ঘৰ

সংগীতা ৰক্তিম গগৈ, বেলতলা, গুৱাহাটী |

যাত্ৰা
°°°°°°°°°°°°°
ৰঙা সৰু গাড়ীখন নেছনেল হাইৱেত ঘৰ অভিমুখে আগবাঢ়িছে। সৰু মানে সিমান সৰু পুতলাৰ দৰে গাড়ী নহয়। অলপ আহল বহলেই চাৰিজন মানুহ ধুনীয়াকৈ শুই বহি যাব পৰা ভাল, ধুনীয়া, আৰামদায়ক গাড়ী। আৰু ঘৰলৈ গৈ আছো মানে ডিব্ৰুগড় অভিমুখে গৈ আছো। Continue reading

এদিনীয়া মোৰ প্ৰেম

উজ্জ্বল ভড়ালী, বিহালী, বিশ্বনাথ চাৰিআলি |

সময় সলনি হ’ল । বিজ্ঞান আৰু প্ৰযুক্তিৰ নতুন নতুন উদ্ভাৱনসমূহে মানুহক আধুনিকতাৰ পোছাক পিন্ধাই নতুন সময়ৰ আগমনৰ বতৰা বিলাইছে । মানুহৰ দিনৰ আৰম্ভণি ম’বাইলৰ স্ক্ৰীনত দেখা ঘড়ীটোৰে আৰম্ভ হয় । Continue reading

ভালপোৱাৰ সংজ্ঞা বিচাৰি

বিপুল বৰা, ঢকুৱাখনা ।

শান্তিৰ সমদল দেখিলো মই ৰাজপথত
শান্তিৰ সমদল দেখিলো মই বনুৱা নিধনৰ..
হে আই বসুন্ধৰা……
জন্ম দিয়া এক মহামানৱৰ…….
জন্ম দিয়া এক ধৰ্ম যুগৰ……..
শান্তিৰ সমদল দেখিলো মই ৰাজপথত
শান্তিৰ সমদল দেখিলো মই বনুৱা নিধনৰ..
Continue reading

ধুমুহা

দেৱজিৎ ভূঞা, মাজুলী

সুবিশাল বিল্ডিং টোৰ অৱয়ৱতাই মোক গিলি পেলাব যেন দেখিছো। বহুদিন বোলোতে প্ৰায় ন বছৰেই হ’ল, সন্মুখেৰে পাৰ হৈ নোযোৱা। অৱশ্যে কামৰ তাড়নাত এই ফালে আহিলেও অযুহাতৰ সুৰুঙাৰে এৰাই চলো। ফ্লেক, চাৰ্মিনাৰৰ ধোঁৱাৰে ধূসৰিত আবেলিবোৰ, ৰঙা পানীৰ নিচাত মাতাল হোৱা ৰাতিবোৰ আজি সোঁৱৰণিৰ এখিলা পাত।
Continue reading

মদাৰ

হেমচন্দ্ৰ কছাৰী, ধেমাজি ৷
“মদাৰৰে ফুল হেনো পূজাতো নেলাগে
মদাৰৰে ফুল হেনো সবাহত নেলাগে ৷
লাগে পিছে ব’হাগতে ৰং সানিবলে
লাগে পিছে আকাশতে জুই জ্বলাবলে ৷”
— ড。ভূপেন হাজৰিকা Continue reading

ভগৱান আৰু প্ৰেমৰ এক স্নেপচট

সংগীতা ৰক্তিম গগৈ, বেলতলা, গুৱাহাটী |
মোহনৰ কথাৰে……

সদায়েই দেৰি হ’বই হ’ব। ৰাতি শুৱাৰ আগতে এৰ্লামও দিওঁ…| নাই… তথাপিতো মোৰ দৰে অপদাৰ্থ, অলগৰ্ধ, নালায়কটোৰ কেতিয়াও উন্নতি নহয়। অফিচ টাইম ৯:৩০, কিন্তু মোৰ যিহে ধুনীয়া ফিল্মী টাইপ চেহেৰা, চেহেৰাৰ ছেটিং কাটিং থিক কৰোতে কৰোতে অফিচৰ গেট চকিদাৰটোক দেখা পাওঁ মানেই ১০ বাজি যায়। এই কথালৈ কিমান দিন যে তপামূৰীয়া বছটোৰ পৰা গালি খাইছো তাৰ হিচাপ নাই, ফিৰ ভী মই মইয়েই। মইতো লাট চাহাবৰ বেটা। Continue reading

অপূর্ণ আশা

কৌশিক গগৈ, উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ, মৰাণ মহাবিদ্যালয়, ডিব্ৰুগড়‌ ৷
সিদিনা মেট্ৰিকৰ ৰিজাল্ট দিলে । তপুৰ মাকৰ দুচকুৰে বৈ আহিছে আনন্দৰ চকুপানী । সৰুতে দেউতাক ঢুকোৱা তপুয়ে সুখ্যাতিৰে মেট্ৰিক পাছ কৰিলে । অকলশৰীয়া মাকে ভনীয়েকৰ সৈতে তপুক অলপো কষ্ট আৰু অভাৱ অনুভৱ নকৰাকৈ পঢ়োৱাইছে। তপুৰ সৰুৰে পৰা ইচ্ছা আছে বিজ্ঞান শাখাত পঢ়াৰ। কিন্তু ইচ্ছা কৰিলেই জানো সকলো হয় ? সময়ে তাক চেপা মাৰি ধৰিলে। দিনৰ দিনটো কাম কৰি দুটকা উপার্জন কৰি সিঁহত দুটাক ডাঙৰ কৰিছে। মাকৰো আছে বহু আশা, তাৰে এটা হয়তো তপুক ভালকৈ গঢ়ি তোলা । সকলো আশা জানো পুৰণ হয় ? Continue reading