গল্প নহ’য়

নিজৰা সন্দিকৈ 

নাজিৰা ।

 

(প্ৰথম কাহিনী)

কাৰোবাৰ আকুল বিননি শুনি মই উচপ খাই উঠিলো । তাৰ উৎস বিচাৰি চাৰিওফালে চালো— দেখিলো চাৰিআলিৰ চুকত থকা জৰীগছজোপাৰ তলত এজনী পাগলী মানুহ । গাত এসাজ মলিয়ন মেখেলা চাদৰ । তায়েই চিঞৰি চিঞৰি বিনাই আছে । বেচেৰী । তাইবা কিমান দুখত পাগলী হ’ল । পাগলী মানুহজনী দেখাত ভাল ঘৰৰ যেনেই লাগিল । কিন্ত পাৰ হৈ যোৱা ধুমুহাই কোবাই যোৱা গছ এজোপাৰ দৰে তাইৰ অৱস্থা ।

এই সৰু মফচলীয় ঠাইখনলৈ ট্ৰেন্সফাৰ হোৱা মোৰ বেছিদিন হোৱা নাই । গতিকে মই এই ঠাইৰ আওভাও বৰকৈ পোৱা নাই । এই বাটেৰেই কামলৈ সদায় অহা যোৱা কৰোঁ যদিও পাগলীজনী ইমান দিনে চকুত পৰা নাছিল । আজি সহকৰ্মী ৰঞ্জিত গোহাঁইৰ লগত আহি থাকোতে পাগলীজনী দেখিলো । গোহাঁই মানুজন ইয়াৰে । বৰ খোলামনৰ সহৃদয় মানুহ । মই সুধিবলৈ পোৱাৰ আগতেই তেৱেঁই মুখ মেলিলে ।

—- এই মানুহগৰাকী দেখিছে ? তেওঁৰ দুখৰ কাহিনী শুনিলে আপোনাৰো চকুপানী ওলাব । মোৰ এনেয়েই কৌতূহল বেছি । তাতে লেখক মানুহতো । মই আগ্ৰহেৰে তেওঁলৈ চালো । পাগলী মানুগৰাকী ৰজনী মাষ্টৰৰ পৰিবাৰ , ল’ৰা — ছোৱালী দুটা , দুয়োটাই এনে গুণৱান যে যিকোনো মাক — বাপেকেই তেনে ল’ৰা — ছোৱালীক লৈ গৌৰৱবোধ কৰিব । সকলো দিশতে সিঁহত আগবঢ়া , জাকত জিলিকা । ছোৱালীজনী নীহাৰিকা আকৌ এখোপ চৰাহে । দেউতাক ৰজনী বৰুৱা অসুখীয়া মানুহ যদিও তেওঁৰ বৰ আশা ছোৱালীজনীকে ল’ৰাটোকে পঢ়াই — শুনাই মানুহ কৰিব । বিশেষকৈ নীহাৰিকাক লৈ তেওঁৰ বহুত কল্পনা, বহুত আকাংক্ষা । কিন্ত হাঁপানী ৰোগটোৱে ধৰিলে তেওঁ হতাশ হৈ পৰে ।

নীহাৰীকা । এজনী কলা কলাকৈ বাঢ়ি অহা চকুত লগা ছোৱালী । দেউতাক অসুখীয়া বাবে তাই সৰুৰেপৰা কিমান কি কৰিবলগা হৈছে । পথাৰলৈ যোৱা, কঠীয়া পেলোৱা, ধান বনাবলৈ মিললৈ চাইকেলত ধান নিয়া– এনেধৰণৰ কামবোৰো তায়ে কৰে । ভায়েক মাত্ৰ সাক্ষীগোপাল হৈ লগত থাকে– দেউতাকৰ নিৰ্দেশত । সি অলপ খীন মিন বিধৰ । দেউতাকে ঘৰৰ পিৰালিত লগ– বন্ধুৰ লগত কথা পাতি থাকোতে জীয়েকক দেখি হুমুনিয়াহ কাঢ়ি কয়— মোৰ ছোৱালীজনী ল’ৰা হোৱাহ’লে মই একো চিন্তা নকৰিলোহেতেন ॥ নীহাৰিকা তাহাঁতৰ অঞ্চলটোৰ আটাইতকৈ মেধাৱী ছোৱালী । তাই দুয়োটা ছাত্ৰবৃত্তি প্ৰাথমিক আৰু মজলীয়া দুয়োটাই লাভ কৰিছে, মেট্ৰিকতো ভাল ৰিজাল্ট কৰাছে । তাইৰ মনটো মৰি যায় ।পাব জানো তাইৰ হেঁপাহে পূৰ্ণতা !
নেপালে ! তাইৰ আশা পূৰণ নহ’ল । কেৱল এয়াই নে ? কি যে এক অনিশ্চিত ভৱিষ্যত তাইৰ বাবে ৰৈ আছিল তাই জানো অনুভৱ কৰিব পাৰিছিল ?

দেউতাক ৰজনী মাষ্টৰ ঢুকাল । ঢুকাল মানে অকাল মৰণ । বহুদিনৰে পৰা হাঁপানীত ভূগি আছিল তেওঁ । ৰজনী মাষ্টৰৰ মাক দেউতাকো সৰুতেই ঢুকাইছিল । বৰদেউতাকৰ ঘৰতেই খুন্দা খুন্দলি খাই ডাঙৰ হ’ল । কিছু বয়সত বিয়াখন হ’ল । বেতনিচুকৰ ছোৱালী এজনী বিয়া কৰাই সংসাৰখন তৰিলে । ল’ৰা এটা, ছোৱালী এজনীৰে সৰু সংসাৰ । সুখৰ বুলি একে এষাৰে ক’ব নোৱাৰি কাৰণ তাকৰীয়া দৰমহাৰে সংসাৰৰ জোৰা নমৰে । ইফালে বেমাৰ । ঘৈণীয়েকজনী কামিলা বাবেহে কোনোমতে টুকটাককৈ চলি আছে । ৰুগীয়া মানুহজন পিছে সামাজিক কামত আগৰণুৱা । কিন্তু সু-চিকিৎসা, সু-পথ্যৰ অভাৱত দেহাই আৰু নাটানিলে । তেখেতৰ অকাল মৰণে ঘৰখনলৈ যেন আঁউসীৰ আন্ধাৰ নমাই আনিলে । আজলী মাকজনীয়ে, ল’ৰা ছোৱালী দুটাই বুজাই নাছিল দেউতাৰ অসুখটো কিমান চিৰিয়াছ আছিল । কেনেধৰণেনো চিকিৎসা কৰিব লাগিব সেয়া সিহঁতৰ বোধগম্য নাছিল আৰু এদিন তেখেতে সিহঁতক দলনিত পোনা মেলা দি মেলি আঁতৰি গ’ল । সিহঁত যেন এক অন্ধকাৰ অতল গৰ্ভত সৰি পৰিল ।কি হ’ব সিহঁতৰ ? কি কৰিব এতিয়া সিহঁতে !

দেউতাকৰ চাকৰিটো পাবৰ বাবে তাই বাটকুৰি বালে শিক্ষাবিষয়াৰ অফিচলৈ, চৰকাৰৰ নেতা-পালিনেতাৰ ঘৰলৈ । ন’হলে যে ঘৰ নচলে । তাইৰ সপোন থানবান হৈ গ’ল । তাই পঢ়া কলেজখনৰ সহৃদয় প্ৰফেচাৰ এজনে তাইক পঢ়ুৱাৰ দায়িত্ব ল’ব বুলি লগৰ ছোৱালীৰ জৰিয়তে খবৰ দিছিল । কিন্তু তাইৰতো উপায় নাই । তাইটো অকল নিজলৈ চালে নহ’ব । ঘৰৰ বাকী কেইটাৰ কি হ’ব ?

ইমানখিনি কৈ গোঁহাই ৰ’ল । কিন্তু মই উদগ্ৰীৱ হৈ উঠিছো কাহিনীটো জানিবৰ বাবে । কি হ’ল ৰজনী মাষ্টৰৰ পৰিয়ালটোৰ ? কি হ’ল নীহািিকাৰ ।
……….তাৰপিছত ?
মই সুধিলো ।
……….তাৰপিছত । তাৰপিছত ক’বলৈ মন নাযায় ফুকন । তথাপি আৰম্ভ কৰিলো যেতিয়া ক’বতো লাগিবই । শুনক……

নীহাৰিকাক চাকৰি দিম বুলি সিহঁতৰ তাৰে এটা মাজবয়সীয়া তথাকথিত ৰাজনৈতিক নেতাই তাইৰ সৰ্বনাশ কৰিলে । তাইৰ নাৰীত্বৰ অপমান, মানৱতাৰ অপমান সহ্য কৰিব নোৱাৰিলে । এজনী সূৰুজমুখী ফুলৰদৰে ছোৱালী শেষ হৈ গ’ল । তাই আপোনঘাতী হ’ল । এটা সম্ভাৱনা শেষ হৈ গ’ল ।

আকৌ গোঁহাই অকণমান ৰ’ল । জেপৰ পৰা চিগাৰেটৰ পেকেট এটা উলিয়াই ল’লে । এটা চিগাৰেট জ্বলাই লৈ দোকান এখনৰ আঁৰ লৈ কেইটানমান মাৰি আহিল । মই চিগাৰেট নাখাওঁ । গতিকে মই ৰৈ থাকিলো । বৰ হৃদয় বিদাৰক কাহিনী । নহয় সঁচা ঘটনা । কাহিনী বুলিলে কিবা সজাই পৰাই কোৱা কথা যেনহে লাগে । এনেকুৱা ঘটনাত প্ৰায়ে ক্ষমতাশালী দোষী সাৰি যায় । এইক্ষেত্ৰতো তেনেকুৱাই হ’ল চাগৈ । সমাজত তেনেকুৱা দোষী অপৰাধীকহে ৰঙা দলিচা পাৰি আদৰণি জনায় ।

চিগাৰেটটো পেলাই গোঁহাই আকৌ মোৰ ওচৰ পালেহি ।

…… তাৰপিছত কি হ’ল গোঁহাই ?

অ’ তাৰপিছত । তাৰপিছত মাকজনীৰ মূৰত যেন সৰগ ভাগি পৰিল । গৈছিল, মাক গৈছিল পুলিচৰ ওচৰলৈ । বৰ বৰ নেতাৰ ওচৰলৈ । কাৰ ওচৰলৈ যোৱা নাছিল তেওঁ । কিন্তু একো লাভ নহ’ল । সকলো অৰণ্যৰোদন । ফুটুকাৰ ফেন । ক্ষমতাৰে অপৰাধীয়ে সকলোৰে মাত বন্ধ কৰি থলে । মেনেজ কৰিলে । সুব্ৰতে সেইবাৰ মেট্ৰিক দিছিল । খুব ভালদৰে পাছ কৰিছিল সি । বায়েকৰ মৃত্যুৰ পিছত সি কাকো নমতা হ’ল । তাৰ এবছৰ পিছতে এদিন সিও নোহোৱা হ’ল ।

— নোহোৱা হ’ল মানে ? তাৰো মৃত্যু হ’ল নেকি ?

— নহয় কথাটো তেনেকুৱা নহয় । সি বায়েকৰ মৃত্যুৰ, বায়েকৰ অপমানৰ প্ৰতিশোধ ল’ব নোৱাৰি পিঞ্জৰাবদ্ধ বাঘৰ দৰে হৈ পৰিল । তাৰপিছত এদিন সি ঘৰৰ পৰা ওলাই গৈ আৰু ঘূৰি নাহিল । কোনোবাই কয় সি কোনোবা নিষিদ্ধ সংগঠনত যোগ দিলে । পিছে কোনেও নাজানে সি প্ৰকৃততে কলৈ গ’ল । এদিন কিন্তু সি নীহাৰিকাৰ সৰ্বনাশ কৰা পাষণ্ডটোক কোনোবাই ঘৰতে গুলীয়াই হত্যা কৰি গ’ল । মানুহে ভাবে, সেইটো সুব্ৰতৰেই কাম আছিল ।

সুব্ৰত হেৰাই গ’ল । তাক আৰু কোনেও দেখা পোৱা নাই । এটা সুঠাম ডেকা হেৰাই গ’ল । কেৱল থাকিল দুৰ্ভাগিনী মাকজনী । মাষ্টৰৰ বিধৱা পত্নী । বেচেৰীয়ে ভাবে ল’ৰাটো ঘূৰি আহিব, আহিবই । আহিয়ে মাকক সাৱটি ধৰি মাতিব, “মা, মই আহিলো ।”

তেওঁ সকলোকে সুধি ফুৰে । ল’ৰাটোৰ খবৰ ক’ত পাব, কোনোবাই জানে নেকি । এটা সময়ত মানুহবিলাক তেওঁৰ পৰা পলাই ফুৰিব ধৰিলে । আচলতে তেওঁৰ প্ৰশ্নৰ পৰা । কাৰণ সেই প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ ওচৰত নাই ।

পুতেকৰ মানে সুব্ৰতৰ বিষয়ে এটা উৰাবাতৰি ওলাল । তাৰ হেনো এটা এনকাউণ্টাৰত মৃত্যু হ’ল । কিন্তু বাতৰিটোৰ সত্যতা আছেনে নাই কোনেও নাজানে । সুব্ৰত যেন এটা ৰহস্যৰ মাজত সোমাই পৰিল । অন্ততঃ এতিয়ালৈকে ।

মাকজনী লাহে লাহে পাগলী হ’ল । এতিয়া যেতিয়াই তেতিয়াই চিঞৰি ফুৰে, ল’ৰা-ছোৱালীহালক বিচাৰি । মানুহক লগ পালেই কয়- সিহঁত দুটা আহিব নহয়, সোনকালেই আহিব ।

……….. মোৰ এটা দীৰ্ঘনিশ্বাস বাহিৰ হৈ আহিল । কিমান ঘৰ, কিমান সংসাৰ এনেকৈ জহি খহি গ’ল কোনো জানে ।

অকণমান বিৰতি
(লেখকৰ কথা)

মাণিকদাৰ ওচৰলৈ এদিন গল্পৰ প্লট বিচাৰি গৈছিলো (স্বনামধন্য লেখক দেৱব্ৰত দাসলৈ ক্ষমা প্ৰাৰ্থনাৰে) । তেওঁ মোক ৰজনী মাষ্টৰৰ ঘৰৰ কাহিনীটো কৈছিল । কাহিনীটো কিন্তু আগত লিখা কাহিনীটোতকৈ অলপ বেলেগ । ইয়াত মই অলপ ৰং সানিছো ।

ৰজনী মাষ্টৰক তুমি চিনি পোৱানে সাহিত্যিক ? ক’ত চিনি পাবা বাৰু, তেখেতৰ কথাকে কওঁ ।
মাণিকদাই আৰম্ভ কৰিলে…………

ৰজনী মাষ্টৰৰ দুটা ল’ৰা-ছোৱালী । ছোৱালীজনী ডাঙৰ, ল’ৰাটো সৰু । ল’ৰা-ছোৱালী দুটা পঢ়াই শুনাই, দেখাই শুনাই জাকত জিলিকা । ছোৱালীজনীয়ে হায়াৰ চেকেণ্ডাৰী পঢ়িছিল । বহুত আশালৈ তাই পঢ়াত আগবাঢ়ি গৈছিল । ভায়েকটোৱে সেইবাৰ মেট্ৰিক দিব ।

পিছে আলচা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি । তাইৰ ফাইনেল পৰীক্ষালৈ বাইছদিন থাকোতেই ৰজনী মাষ্টৰৰ অসুখত পৰি সিফলীয়া হ’ল ।

……… এতিয়া কি হ’ব পাৰে বুলি ভাবিছা সাহিত্যিক ? কোৱাচোন ।
মাণিকদাই মোক সাহিত্যিক বুলি মাতে । মোৰ দুই এটা লেখা প্ৰকাশ পাইছে ইতিমধ্যে, তাতে তেওঁ মোক এই নাম দিছে ।
……নাই, মই আকৌ কি ভাবিম ? আপোনাৰ পৰাহে শুনিবলৈ আহিছো মই ।
…… হেঃ হেঃ । বাৰু শুনা ।

ৰজনী মাষ্টৰৰ জীয়েকে তেনে পৰিস্থিতিতো পৰীক্ষাটো দিলে । দিবলৈ বাধ্য । তাইক এতিয়া দেউতাকৰ চাকৰিটো লাগে । এদিন ৰিজাল্ট ওলাল । আশানৰূপ নহলেও ভালদৰেই পাছ কৰিলে আৰু দেউতাকৰ লগৰ শিক্ষক তথা বন্ধুসকলৰ চেষ্টাত তাইৰ চাকৰিটো হ’ল । পঢ়া শুনাত ভাল কাৰণে তাইৰ চাকৰিটো পোৱাত বিশেষ অসুবিধা নহ’ল ।

তাই ভায়েকক পঢ়ালে, উচ্চশিক্ষা দিয়ালে । ভাল ল’ৰা এজনৰ লগত তাইৰ বিয়াখনো হৈ গ’ল । এতিয়া সুখেৰে দিন গৈছে তাইৰ । দুটা ল’ৰাৰ মাক । ভায়েকো মানুহ হ’ল, প্ৰতিষ্ঠিত হ’ল । মাকৰো ভালেই । পুতেক-বোৱাৰীয়েকৰ লগত নিশ্চিত জীৱন কটাইছে ।

মাণিকদা ৰ’ল । ক’লে-
কাহিনী এইটোৱেই । এতিয়া তুমি ৰং বৰণ দি কি লিখা লিখা আৰু ।

এইবুলি কৈ মাণিকদা ধ্যানস্থ হ’ল । তেওঁ এতিয়া মহাদেউৰ প্ৰসাদ সেৱন কৰি আছে । অৰ্থাৎ এতিয়া আৰু তেওঁৰ মৌনব্ৰত ধাৰণ কৰিলে । মোৰ পেটে পেটে খং উঠি আহিল । এইটো এটা গল্পৰ প্লট হ’লনে ? কোনোবা ৰজনী মাষ্টৰৰ ঘৰৰ বায়’গ্ৰাফী শুনাৰ মোৰ কি দৰকাৰ পৰিছিল । মাণিকদালৈ চালো । একেবাৰে বোম ভোলানাথ । ইঃ নেদেখিছা । বাহাদুৰি দেখুৱাইছে । এনেয়ে কি চাবা, কাহিনী কোৱাৰ কোব । এতিয়া ক’ৰ ৰজনী মাষ্টৰৰ জীয়েকৰ কাহিনী লিখ লিখ । খঙতে মাণিকদাক মাত নলগোৱাকৈয়ে বাইকত উঠিলোহি । নিজকে ক’লো- “পালিনে মজা, ল্পৰ প্লট লাগে ।”

ঘৰলৈ আহি পুনৰ পঢ়া টেবুলত ।
আইডিয়া ; ৰজনী মাষ্টৰৰ ঘৰৰ কাহিনীৰে দেখোন এটা গল্প ঠিকেই লিখিব পাৰি । এটা কিয়, দুই, তিনিটাও লিখিব পাৰি । খালী কাহিনীটো অলপ বেঁকাবেকিঁ কৰি দিলেই……

দ্বিতীয় কাহিনী

ৰজনী মাষ্টৰৰ মৃত্যুত ঘৰখনে আন্ধাৰ দেখিলে । নীহাৰিকাই ঘৰৰ অৱস্থা দেখি নিজৰ পঢ়াৰ আশা বাদ দিলে । এটা চাকৰিৰ বাবে কিমান চেষ্টা কৰিলে, ইন্টাৰভিউ দিলে, কিন্তু লাভ হ’লে নহ’ল । দুৰ্নীতিত লেটি লোৱা সমাজখনত সিহঁতৰ দৰে দুৰ্ভগীয়াৰ কথা ভাবিবলৈ কাৰো আহৰি নহ’ল ।
……. উঠ আই উঠ । বেলিলৈকে শুই থাকিলে নহ’ব নহয় আইজনী ।
মাকে নীহাৰিকাক জগাইছে । তাইৰ ৰাতিপুৱা ৫ বজাৰ পৰা টিউচন । চাকৰি বিচাৰি ভাগৰি পৰি এতিয়া তাই টিউচন কৰিবলৈ লৈছে । তাৰে ঘৰখনৰ খৰছ কিছু হ’লেও উলিয়াব পাৰিছে । কিন্তু সেয়াইটো পৰ্যাপ্ত নহয় ।

দেউতাক ৰজনী বৰুৱায়ো বিশেষ কিবা সিহঁতলৈ এৰি যাব পৰা নাছিল । তেওঁৰ দৰমহাই নুকুলায় । ইফালে নিজে হাঁপানীত ভুগি থকা অসুখীয়া মানুহ ।

ঘৰখনতো টিউচনৰ সামান্য টকাকেইটাৰে নচলে । পেঞ্চনৰো একো খা-খবৰ নাই । ভায়েকও সেইবাবে কিবা এটা উপাৰ্জন কৰিবলৈ মন মেলিলে । সেইসময়তে গাঁৱৰে এঘৰ মানুহৰ এখন নতুন গাড়ী লৈছে ভাড়াত দিবৰ বাবে । সুব্ৰতে সেইখনৰ ড্ৰাইভাৰ হ’বলৈ মন কৰিলে, মানুহঘৰেও আনন্দৰে সন্মতি দিলে । সিহঁতক এইদৰে সহায় কৰিবলৈ পাই তেওঁলোকেও ভালেই পালে ।

  • মা মই ওলাইছো ।

সুব্ৰতে প্ৰথম দিনা গাড়ী চলাবলৈ ওলাওতে মাকক সেৱা জনাই ক’লে । নীহাৰিকা আৰু মাকে চকুপানী সামৰিব পৰা নাছিল সেইদিনা । ইমান চোকা ল’ৰাটোৰনো এই দশা হ’ব লাগেনে ?

লাহে লাহে ঘৰখন আকৌ ঠন ধৰি উঠিছে । ভায়েকে প্ৰাইভেটকৈ বি.এ. পঢ়ি আছে । নীহাৰিকাই এম.এ. দিবলৈ যো-জা চলাইছে প্ৰাইভেটকৈয়ে ।

কিন্তু মানুহে পাঙে, বিধাতাই ভাঙে । সুব্ৰতে এদিন গাড়ী চলাবলৈ গৈ আৰু ঘূৰি নাহিল । গাড়ীয়ে চালকে সন্ধানহীন হৈ পৰিল ।

নীহাৰিকা যেন পাগলী হৈ যাব । পুলিচৰ থানাই, মানুহৰ ঘৰত, য’তে ত’তে তাই ভায়েকৰ সন্ধান কৰিলে । কিন্তু নাই । ক’তো একো শুংসূত্ৰই নাই ।

কিন্তু এসপ্তাহৰ পিছত খবৰ আহিল । ভায়েক আহিল । ভায়েকৰ মৃতদেহ । কোনোবা গাড়ীচোৰে তাক হত্যা কৰি গাড়ী লৈ পলাই গ’ল ।

নীহাৰিকাৰ চকুপানী যেন গোট মাৰিছিল, মাক পাগলীৰ দৰে হ’ল ।
এদিন হঠাৎ নীহাৰিকা হেৰাই গ’ল । কি হ’ল কোনেও নাজানে । বহুতৰ সন্দেহ তাই হয়তো আপোনঘাতী হ’ল ।

আৰু মাকজনী ? সৌগৰাকী গছজোপাৰ তলত । বাটে বাটে ঘূৰি ফুৰে, বিচাৰি ফুৰে নিজৰ ল’ৰা-ছোৱালীহালক….

বোপাই ঐ…..!! আইজনী ঐ……!!

উপসংহাৰ

নাই, গল্পটো লিখি উঠি নিজেই সন্তুষ্ট নহলো । আজিকালিৰ গল্প । এনেদৰে লিখিলেতো নহব । গল্পৰ ফৰ্ম, কাহিনী সকলোতেই আধুনিকতা লাগিব । তথাপি এইদৰেই প্ৰকাশৰ বাবে পঠাই দিলো ।
……………………………………………
ৰাতিপুৱা ৮ মান বাজিছে । দেওবাৰ । বাতৰিখন লৈ প্ৰথমতে ওপৰে ওপৰে চকু ফুৰাই লৈছো । হঠাৎ ফোনটো বাজি উঠিল । দিলীপৰ কল । দিলীপ কাকতি মোৰ বন্ধু ।
-হেল্লো দিলীপ , গুড মৰ্ণিং ৷
-মৰ্ণিং ৷ এইমাত্ৰ তোৰ গল্পটো পঢ়িলো ৷
– বা: ইমান সোনকালে গল্প পঢ়িলিয়ই নে ?
– এহ নহয় অ’, বাতৰিখন ওপৰে ওপৰে চকু ফুৰাওঁতে তোৰ গল্পটো দেখি পঢ়িপেলালো ৷ তই কিন্তু তামাম গল্প লিখিলি দেই ৷ তই কেনেকৈ জানিলি কাহিনীটো ? মানে প্ৰথম গল্পটো
——- মানে মই বুজা নাই ৷

আচলতে দিলীপ বৰ ভাল পাঠক নহয়; সি মই লিখা বুলিয়ে গল্পটো পঢ়িছে আৰু সেইবাবেই তামাম বুলিছে ৷
—— বন্ধু তই কাহিনী টো কেনেকৈ জানিলি? মইতো তোক কোৱা মনত নপৰে ৷ ৰজনী বৰুৱা মাস্টৰৰ ঘৰৰ কাহিনীটো আমাৰ ইয়াৰে ঘটনা ৷ সচাকৈয়ে উঠি অহা মানুহ ঘৰ কেনেকৈ ধবংস হৈ গ’ল ৷
তই বুজাই ক’চোন দিলীপ ৷
তইযে লিখিছ বন্ধু প্ৰথম কাহিনীটো সেইটোৰ কথাকে কৈছো ৷ বৰ দুখ লাগে বুজিছ ৷
ইমান ভাল মানুহ ঘৰৰ , উঠি অহা মেধাৱী ল’ৰা-ছোৱালীহালৰ তেনে দশা হব লাগেনে ? —–
দিলীপে অনৰ্গল কথা কৈ গৈছে ৷ মোৰহে কাণত সোমোৱা নাই ৷ মই হতভম্ব হৈ পৰিছো ৷ মইতো ৰহণ সানি লিখা গল্পহে আছিল সেইটো ৷ কেনেকৈ বাৰু——
—— হেল্ল ‘ হেল্ল ‘ শুনা নাই নেকি গল্পকাৰ হেল্ল ‘ হেল্ল ‘———– বোধকৰো দিলীপে ফোনটো কাটি দিলে ৷ মই ঠাইতে বহি থাকিলো ৷
কিমান সময় এনেদৰে বহি থাকিলো ক’ব নোৱাৰো ৷ আকৌ ফোনটো বজি উঠিল ৷ অচিনাকি নম্বৰ ৷ ৰিচিভ কৰিলো—- হেল্ল আপোনি গল্পকাৰ অৰ্ণৱ ফুকন নহয় জানো ? নাৰীৰ কন্ঠস্বৰ ৷
——- হয় হয় কওক চোন কোনে কৈছে?
——- মই নীহাৰিকা বৰুৱা ৷
——- কোন নীহাৰিকা বৰুৱা বাৰু ? মইচোন আপোনাক চিনিব পৰা নাই ৷
——- চিনিব পৰা নাই ! এতিয়া নীহাৰিকা বৰুৱাক চিনি নোপোৱাই হ’ল ৷ মই মিঠাপুখুৰী হাইয়াৰ চেকেণ্ডেৰী স্কুলৰ শিক্ষয়িত্ৰী ৷
——– অ হয় নেকি ! কিন্তু মই আপোনাক আগতে লগ পোৱা মনত নপৰে দেখুন

 

— মনত পৰেনে ? নীহাৰিকা বৰুৱালৈ, নপৰে !!

মনে মনে মই ভয় খাই উঠিলো । কি কেলেংকাৰীত পৰিলো মই । মোৰ মান সন্ধান সোপাকে যাব এতিয়া । ডিচেম্বৰ মাহৰ জাৰতো মই মানুহটো ঘামি উঠিলো ।

— আপুনি আমাৰ ঘৰখনক লৈ, মোক লৈ এইবোৰ কি গল্প লিখিছে ? কল্পনাৰ ৰহণ সানি সানি মোক ধৰ্ষিতা সজালে, আত্মহত্যা কৰালে । মোৰ ভাইটোক…….

হয়তো নীহাৰিকাই উচুপিছে । মই বাকৰুদ্ধ ।

— আপুনি লিখিছে লিখিছে বাৰু । কিন্তু আপুনি একেবাৰে আমাৰ সকলোৰে আচল নাম-ধাম দি কিয় লিখিলে ? আপোনাৰ কি, আমি সুখেৰে থকাটো সহ্য হোৱা নাই ? মই সুখেৰে আছো স্বামী আৰু সন্তানৰ সৈতে । ভাইটোৱে চাকৰি কৰি মাৰ সৈতে, নিজৰ সংসাৰৰ সৈতে সুখেৰে আছে । কিন্তু আপুনি এইবোৰ কি লিখিছে ? তেনে হোৱা হ’লে আপুনি ভাল পালেহেতেন ? লিখিছেটো লিখিছে একেবাৰে আচল নাম-ধাম দি । লেখকৰ সামাজিক দায়বদ্ধতা থাকিব লাগে বুজিছে…….

নীহাৰিকাৰ মাতটো বাষ্পাকুল হৈ অস্পষ্ট হৈ পৰিছে । হয়তো তেওঁ পুনৰ উচুপিছে ।

— হেল্ল, চাওক, নীহাৰিকা বৰুৱা, আপুনি মোক বেয়া নাপাব, মই আচলতে জানি শুনি…….

ফোনটো কাটি দিলে তেওঁ । আৰু মই । মই যেন বিশ্বাসেই কৰিব পৰা নাই এইবোৰ কি হৈছে । কিমান সময় এইদৰে বহি আছিলো ক’ব নোৱাৰো । আকৌ ফোনৰ ৰিংট’ন বাজিল । অচিনাকী নম্বৰ । মোৰ কিন্তু এইবাৰ ফোনটো চুবলৈ ভয় লাগিল ।
…………………….

অব্যক্ত

ভাৰ্গব লিগিৰা, নিতাইপুখুৰী পহুখোৱা

:’অ’ ভানু , ভানু । চাওঁ এইফালে আহচোন ।’
:গৈছো আইতা ।’
বিচনাত শুই থকাৰ পৰা বনকৰা ছোৱালী ভানুক মাত লগাই প্ৰণামীয়ে । কিছুসময়ৰ পিছত ভানু সোমাই আহে ।
:’কিয় মাতিছিলে আইতা ?’
:মোক বাহিৰলৈ লৈ ব’লচোন আই । ভিতৰত সোমাই থাকি আমনি লাগিছে আৰু ।’
:’এৰা কিমান নো সোমাই থাকিব ? ব’লক বাহিৰতে অলপ বহিব ।’
Continue reading

প্ৰশান্তি

মোহন পাচনি, হাৱাজান, গহপুৰ ৷

বিপুল হৰ্ষোল্লাস আৰু হাতচাপৰিৰ মাজেৰে নাটকখনৰ যৱনিকা পৰিল ৷ মঞ্চৰ পৰা নামি জেকেটটো পিন্ধি ল’লে অৰূপে ৷ দেখিলে মঞ্চৰ পিছফালে নৃত্য  নাটিকাৰ ল’ৰা আৰু ছোৱালী দুজনীমানে সুকীয়াকৈ জুই ফুৰাই আছে ৷ তালৈকে আগবাঢ়ি গ’ল সি ৷ দীপশিখা নামৰ ছোৱালীজনীয়ে বহি থকা চকীখন তালৈ আগবঢ়াই দি সুধিলে…
Continue reading

প্ৰাপ্তি-অপ্ৰাপ্তি

মোহন পাচনি,
হাৱাজান, গহপুৰ ।

পুৱাৰ চোকা ৰ’দ চেৰেঙা খিৰিকিৰ পৰ্দাৰ ফাকেৰে আহি মুখত পৰাত সাৰ পাই উঠিল পল্লৱ । এঙামুৰি দি হাতৰ ঘড়ীটোলৈ চালে…৭.৩০ বাজিলেই । জাপ মাৰি বিচনাৰ পৰা নামিল সি । চকু মুখ ধুই, চকুত কেইবাবাৰো পানী চটিয়াই ডিউটিত পিন্ধি যোৱা কাপোৰযোৰ সলালে । পাইলটৰ বিচনাখনত ৰ’দে নুচুৱেহি । নাক বজাই, লাল-কাল দি পৰি আছে মৃদুল । হেচুকি হেচুকি জগালে তাক ।
Continue reading

সুখী হোৱাৰ মন্ত্ৰ

নিৰুপমা ডেকা,
বোকাখাট ৷

দ্বিতীয় সন্তানটো কেতিয়া তাইৰ গৰ্ভত স্থিতি পালে ললিতাই ধৰিবই নোৱাৰিলে। চেহ্ নালাগিছিল আৰু এটা। গিৰিয়েকৰ আকৌ ওলোটা মত। নষ্ট কৰিব নালাগে থ, এইবাৰ কিজানি বংশ ৰক্ষা কৰিবলৈ ল’ৰা এটা হয়েই। খুৱাম আৰু কিবাকিবি কৰি। তাৰ হেঁপাহৰ অন্য এটা কাৰণো আছে। ডাঙৰ দুয়োজন ককায়েকৰ এজনৰ চাৰিজনী আৰু এজনৰ তিনিজনী লগতে তাৰ ভাগৰো এজনী ছোৱালী গতিকে ঘৰখনত ল’ৰা এটাৰ অভাৱ বৰকৈ অনুভৱ কৰে আটায়ে। তাৰফালৰ পৰা ল’ৰা এটা হ’লে ঘৰখনত তাৰ হেৰুৱা স্থানটো ঘূৰাই পাব বুলিও তাৰ মনে ধৰে।
Continue reading

বিধৱা (চুটি গল্প)

কপিল দাস
জিলা-বাক্সা

বেৰৰ জোলোঙাইদি ৰ’দৰ সামান্য ৰশ্মি আহি চকুত পৰাত থতমতকৈ সাৰ পালে মিনতিয়ে ৷ কাষত ল’ৰা দুজন লাল কাল হৈ শুই আছে৷ কেইবাঠাইটো ফটা কেঠাখন দুয়োজনকে ভালকৈ মেৰিয়াই দি বাঁহৰ চাঙখনৰ পৰা নামি আহিল তাই। ৰাতিপুৱাৰ নিত্যকৰ্মখিনি কৰি কামলৈ যাবলৈ ওলাল তাই৷ এঘৰত কামকৰি পোৱা পইচাৰে সিহঁতৰ তিনিজনীয়া ঘৰখন নচলে। Continue reading

জয়সিং, মহৰী বাবু আৰু লালবাগৰি ঘাটৰ সেই ছোৱালীজনী

সংগীতা ৰক্তিম গগৈ, বেলতলা, গুৱাহাটী !

পাচঁ নম্বৰ লাইনৰ বিহাৰী পোৱালিৰ হাতৰ টিপতত দিয়া সৰু কাগজৰ টুকুৰাত লিখা আছিল ……” ছানঝে বেলা তুই একলা আছবি লালবাগৰি ঘাটে …মুই ত’ৰ খাতিৰ ৰখে থাকব’। ত’ৰ ছংগে ম’ৰ একটা কথা আহে…” Continue reading

তুমি কেনে আছা মা

অনিতা গগৈ, নামৰূপ, ডিব্ৰুগড় ৷

ৰাতিটো বিদিশাৰ টোপনি নাহিল। আজি বহুদিন ধৰি এনে হৈছে, আগনিশাৰ চিলমিলকৈ অহা টোপনি হঠাৎ মাজনিশাতে ভাগি যায় আৰু হাজাৰ চেষ্টা কৰিলেও পিছলৈ টোপনি নাহে। ইকাটি সিকাটিকৈ পৰি থাকি ৰাতিটো কোনোমতে পাৰ হয়।
Continue reading

কোনোবাই কিবা কৰিবনে তোমালোকৰ বাবে

প্ৰতিভা চৌধুৰী, বঙাইগাওঁ ৷

”ঐ যা যা, কি কৰিছ ভিক্ষাৰীৰ জাত, কিহৰ চলনা কৰি আহিছ ? চল পালে তহঁতেই বস্তু চোৰ কৰি লৈ যাৱ।” বাহিৰত মানুহজনে চিঞৰা শুনি তাই দৌৰা-দৌৰিকৈ বাহিৰলৈ চালে খিৰিকীৰে। মানুহজনৰ কথা আওকাণ কৰি ল’ৰা দুটাই ৰাস্তাৰ কাষৰ জাৱৰৰ দমটোৰ পৰা কিবা বিচৰাত মগ্ন হৈ আছে। Continue reading