ফাগুন

প্ৰগতি গগৈ

শীতৰ আচল গুচাই ,
লঠঙা গছৰ হালধীযা পাতত মিঠা ফাগুনৰ বা।
আনিছে ফাগুনে বসন্তৰ বতৰা ,
বসুন্ধৰাক চুই চাবলৈ …..
ফাগুনৰ পছোৱা লাগি
বাউলি হৈছে গছবোৰ ।
ষোৰশী গাভৰুৰ চুলিত ফাগুনৰ ঢৌ ,
উন্মনা কবি মন ,
ৰাঙলী মদাৰৰ দলিছা
ফাগুন অহাৰ অভিমানত শীত আতৰি গৈছে ।
ফাগুনৰ মতলীযা বতাহত তিতি
কোনোজন মগ্ন
বসন্তৰ সপোন দেখাত ।
ছিৰিলা ছিৰিল গছপাতত বসন্তৰ ধূলিকণা,
সুহুৰি মাৰিছে কুলিজনীযে জুৰিৰ পাৰত …..
দুষ্ট নিলাজ ফাগুনে কাঢি নিব বিচাৰিছে ,
ষোৰশী গাভৰুৰ আচল ?
ধূলিৰ ধুমুহাৰে ৰাঙলী
সন্ধিযাৰ আকাশ ,
বৰ্ণিল ফাগুনৰ অনুভূতিত
কোনোজন ডেকাই কামনা কৰিছে

এজাক পাতল বৰষুণ ।

এমুঠি কবিতা

অংকুৰ শইকীয়া,
প্ৰশিক্ষাৰ্থী, আৰ আৰ এল, যোৰহাট ৷

(১)
সঠিককৈ নাজানো কবিতাই মোৰ আকাশ চুমেনে চুমে জানো তোমাৰ একান্তই আপোন দুবৰি দলিচা ৷
(২)
এমুঠি এমুঠি সপোনেৰে প্ৰতিদিনে ৰোপন কৰো বুকুত তোমাক উদেশ্যি; স্নেহৰ লিহিৰি কঠীয়া ৷ এদিন গঁজালি মেলিব সৃষ্টিৰ মাধুৰী ৰাশি জোনাক হওঁক আন্ধাৰ সাৰে থাকিব ৷
(৩)
মলয়াৰ দুপাখিত হাঁহি-নাচি উঠা পৃথিৱীখনি নিপূণ পৰশত সৌন্দৰ্য্যৰ বাহাৰ উঠে নীৰৱে একান্তই শুই পৰে; যেতিয়া মৰি মৰি জী উঠা ক্ষণে কুঁহিপাতৰ সূৰীয়া ৰাগ টানে ৷
(৪)
ফুলি উঠা পদুম দুটি ওঁঠ ওঁঠত ওঁঠ লগাই উল্লাহতে লুইতখনি কঁপি উঠে ৷ অপ্ৰকাশ্য; তথাপি নিপোটল বুকুত খন্তেকতে বিলীন হয় সাত সাগৰ পাৰৰ বহুজাক উৰ্মিমালা ৷৷

000শিলৰ চোলা000

👉🏿বাণীকান্ত লহকৰ

পোছাকী শৰীৰৰ আঁৰত আছে
এটি শিলৰ চোলা
পানীৰ বেজিৰে চিলোৱা

যি শিলৰ চোলাৰ বাবে
ৰজা শিলাদিত্যই দিব নোৱাৰিলে
মনোমতীক পানীৰ বেজি

সেই পানীৰ বেজি
আজি
হাতে হাতে
কথাত
ৰাজনীতিত
সমাজনীতিত
অৰ্থনীতিত

এনেকি ৰ’ৰ্বাটীয় প্ৰেমতো !
শিলৰ চোলা চিলালেও
পিন্ধি ৰাখিব নোৱাৰে কোনেও
ইয়াৰ পানীৰ ভৰত

শিলৰ চোলা পিন্ধিবলৈ
শিল হ’ব জানিব লাগিব

সকলোৰে হৃদয়ত থাকে
নেদেখা এটুকুৰা শিল ।।

দিচাঙে ৰিঙিয়াই মাতে

অৰ্চনা কাৰাম,

হোজাই

 

দিচাঙে ৰিঙিয়াই মাতিছে মোক
সৌন্দৰ্যতাৰ মলয়াছাটিৰ সুঘ্ৰাণে কৰি তুলিছে
ব্যাকুল… উন্মনা মন…
কহুৱা বোৰেও হাত বাউলি মাতিছে
প্ৰকৃতিৰ সুখ দুখৰ কথা পাতিবলে
নিৰ্জনতাৰ দুপৰীয়া
নতুবা নিস্তেজ আবেলি…
যাবহে পৰা নাই
ব্যস্ততাৰ বান্ধোনত আবদ্ধ মই
“বালিচৰাৰ বালুকাত আঁকিছো স্বপ্নত পৃথিৱী…”
হঠাতে সাৰ পাই গ’লো
সপোনতহে আঁকিছো…
ন’সুৰুযৰ আগমনত প্ৰতিবাৰৰ দৰে এইবেলিও
বাৰ্তা পঠিয়াইছে
কুঁৱলিৰ হাতত
“আহিবাচোন এবাৰ” বুলি
কিন্তু যোৱা নহ’ল ,
“ফাগুন আহিল…”
কুঁৱলীৰ বাৰ্তাক সযতনে ৰাখিছো হৃদয়ৰ ডায়েৰীত
যোৱাৰ প্ৰতিশ্ৰুতিৰে…
দূৰতে ৰিণিকি ৰিণিকি
শুনি পাইছো এটি সুৰ
অচিন চিনাকি কোনোবা জনৰ
হয়তোবা দিচাঙে পুনৰ সোঁৱৰাই দিছে
অহাবেলিলৈ…!!
ইফালে আজিৰ বেলিটিও বুৰ গৈছে
অসীম দিগন্তত…!

¤এটা প্ৰেমৰ কবিতা¤

নীলিম নয়ন ডেকা
বৰপেটা, ফোন নং ৭৩৯৯৯১৭৬০৩

আঁতৰি যোৱা
যদি তুমি
ঠিকনা পাহৰি
ভালপোৱাৰ….
নিৰাশাৰ এন্ধাৰত
সপোনে
কি ৰং সানিব.?
দুখৰ সমাধিত
বিলীন হব
আশাৰ জোনাক ।।

শইচ সেউজীয়া

তৰুণ চন্দ্ৰ নাথ

ফোন 98 54 673906
শিৱসাগৰ

দিন প্ৰতিদিন
তুমি মোৰ সতে
এক ৰহস্য চিত্তত চহি কৰাৰ
প্ৰস্তাব দি আহিছা

মই
মই হৈয়ে আছিলো
তুমি লিওনিনৰ দৰে
মোৰ চুলিৰ ফাঁকেদি সৰকি আহিছিলা
বুকুৰ ভিতৰলে
লিওনিনৰ দৰেই
হয় যদি হওক দিয়া প্লাবন এটা
তোমাৰ বুকুখনি হ’ব উৰ্বৰা
চহ কৰি সিঁচি যাম এমুঠি বীজ
নদন বদন শইচ সেউজীয়া৷

শুকান কলিজাৰ উচুপনি

দীপশিখা ফুকন বৰুৱা,

ডিমৌ

বিষন্ন সন্ধিয়াৰ নিসংগ পলবোৰত
স্মৃতিবোৰে আহি টুকুৰিয়াই যায়
হৃদয়ত…
যন্ত্ৰনাত চিৎকাৰ কৰে কলিজা
তুমিহীনতাত স্তব্ধ হয় প্ৰতিটো পল…
আশাবোৰো উলমি ৰয় শূণ্যতাত
বেদনাবোৰ উজাই আহে
বুকুয়ে উচুপি কান্দে
কালিমাসনা ৰাতিবোৰত
কোনোবাই সুঁহুৰিয়াই
থমকি ৰয় ঘড়ীৰ কাঁটা
খঁহি পৰে আকাশৰ জোন ।

___বিষাদ___

ৰঞ্জুমণি বৰুৱা
মৰাণহাট পথালিবাম ,

মই জানোঁ তেওঁ নাহে,
তথাপি বাট চাই ৰওঁ…
মই বুজো তেওঁ মোৰ নহয়,
তথাপি তেওঁৰ কথা ভাবি কিয় জানোঁ আবেগিক হওঁ…
তেওঁ গুচি গ’ল এজাক ধুমুহাৰ দৰে,
বিধস্ত কৰি মোৰ হৃদয়…
তথাপিও এই অশান্ত মনে বাৰে বাৰে তেওঁৰ কথাই ভাবে…
চকুৰ পটাত উলমি ৰয় দুধাৰি চকুলোৰ টোপাল…
কিয় জানো আশাবোৰে হুমুনিয়াহ কাঢ়ে…
ভঙা সপোনবোৰ কৰুণতাৰে উজাই আহে বুকুলৈ…
কলিজাৰ স্পন্দনো স্তব্ধ হ’ব খুজে…
মোৰ বৃথা হাহিঁৰ আঁৰৰ বিষাদমুঠিক নো কাৰ অন্তৰে বুজে !!!

কবিতা

দীপামণি কামান
ডিব্রুগড় বিশ্ববিদ্যালয়
অসমীয়া বিভাগ॥

“শব্দৰ উকমুকনিত জন্ম হ’য় কবিতা
যিদৰে ন-মাহ ন-দিন আইৰ গর্ভ
আৰু তেওঁৰ পৰা মোলৈ বৈ অহা চেঁচা পানী “

॥ শূন্যতা ॥

ইপুল হুছেইন,

গোৱালপাৰা

যেতিয়ালৈ তুমি ভাবা যে তুমি আনুসাঙ্গিক কোনো চৰিত্ৰৰ দ্বাৰা প্ৰভাৱিত/
তুমি ধেনুভেৰিয়া আকাশৰ শেষ হোৱা যেন লগা সীমনাত/
বেলিৰ প্ৰকৃতি উপভোগ কৰাত মগ্ন হোৱাতো নাছিলা/
তুমি ফাগুণৰ অপেক্ষাত শিমলু বুটলাৰ কবিতা লিখা নাছিলা/
তোমাৰ সাজোন-কাচোনত বাধ্যতাৰ ছাপ আছিল/

তুমি মুক্ত হব খোজাৰ তাড়নাত ৰিক্ত হৈ নোযোৱা হ’লে/
এদিনৰ বাবে হ’লেও/
এটি পূৰ্ণতাৰ দিন উদ-যাপনৰ কথাটো/
ভাবি পেলাব পাৰিলোঁহেতেন।