ভুল নুবুজিবি চেনাই

কাব্যশ্ৰী(ৰিয়া 

 

তোক ভাল পাবলৈ

তোৰ চকুত চকু ৰাখি কথা পাতিবলৈ

মোৰো মন যাই অ’ চেনাই

পিছে ঘৰত যে পিতাইৰ বাধা

 

মোৰ জীৱনৰ বিষয়ে কি বুজিবি তই

চাৰিওফালে ওখ ওখ দেৱাল

যাক নেওচি যোৱাৰ সাধ্য নাই

 

যেতিয়া বসন্ত আহে

তোলৈ বৰকৈ মনত মৰে

যাবলৈ মন যাই নৈ ঘাটলৈ

বৰ গছৰ তলত তোৰ ঢোলৰ চেৱত

ককাল ভাঙি নাচিবলৈ

 

অহংকাৰী পিতায়ে মোৰ নুবুজে মনৰ কথা

নিদিয়ে মোক আনৰ দৰে মুকলিকৈ থাকিবলৈ

 

মোক হেনো ভাল মানুহ কৰিব

পাৰে মানে মূৰত সোমোৱাই দিছে এসোপা জাৱৰ

তোৰ কথা ভাৱিবলৈও এতিয়া আহৰি নাই

দিনটোৰ বেছিভাগ সময়  পিতাই জগৰ ভাগোতেই যায়

মোক ভুল নুবুজিবি চেনাই

শাসনৰ বাগজৰী চিঙী যাবৰো সাধ্য নাই ।।

স্বাগতম 20১৭

নৱজ্যোতি মিশ্ৰ (চিকু)

নলবাৰী(চামতা)

৯৮৫৯৮৬৮৯৩২

 

আকৌ আয়োজন

আকৌ স্বাগতম

নতুনত্বৰ সন্ধান বিচাৰি

প্ৰস্তুতি এখন আৱৰণৰ ৷

 

আৱৰণ সৃষ্টি

প্ৰতিটো নৱবৰ্ষতে

নতুন ৰং,নতুন উদ্যম

এনেকুৱা লাগে যেন

সকলো সলনিৰ পথত,

দেখিবলৈ পাম এখন নতুন জগত

অৰাজকতাবোৰ ঢাক খাব আৱৰণত

আমি লম নতুন আচনি

নতুন প্ৰতিশ্ৰুতি

হিংসাবোৰ দলিয়াই দিম

আকোৱালি লম শান্তিক

আমি জনাম স্বাগতম নতুনক ৷

 

আশাবোৰ মেল খাব জানো ?

সকলো যেন হব ফুটুকাৰ ফেন

নতুন লাহেকৈ পুৰণি হব

আজি যেনেকৈ পুৰণি সকলো ৷

 

আৰু বিদায় মেলা

কেনেকৈ হব উৎযাপন

মাতাল নহলে জানো হব ?

পশ্চিমীয়া বতাহজাকে চোন

বাৰুকৈয়ে কোবাই আছে ৷

 

এনেকৈয়ে সৃষ্টি হয় আৱৰণৰ

এনেকৈয়ে আহে

আৰু আহি থাকিব নতুন…..৷

 

 

*নৱবৰ্ষৰ গান*

ছা-হা-বা হাৰ্টি (নগাঁও)

ম: ৯৪৩৫৮৮২০৪০

 

কিমান দিন আৰু এই আৰ্তনাদ

প্ৰতিদিনে কান্দে কোনে পদুলিমুখৰ আমৰ ডালত

এনেকৈ মৃত্যু হ’ল

একুৰি চাৰিটা বসন্তৰ প্ৰতিটো দিনৰ ।

 

নালাগে ক’ব তোমাৰ নাম

নালাগে দিব বংশৰ খতিয়ান

সম্প্ৰদায়িক ভেদাভেদ পাহৰি

ওলাই আহা হাতে হাত ধৰি ।

 

আমি সবে ভাই-ভনী

নাথাকো কাৰো মুখলৈ চাই

নকৰোঁ আকৌ এটা নতুন বছৰৰ অপেক্ষা

আমাৰ ভাষা-সংস্কৃতি আমিয়ে ৰক্ষা কৰিম  ।

 

ওলাই আহা !

ওলাই আহা !

ওলাই আহা ভাই-ভনী

এতিয়াই পণ লওঁ আমি ।

 

হে নাৰী

বুদ্ধ প্ৰসাদ শ্যাম

 

হে নাৰী

আজি ক’ত তোমাৰ সত্বা ?

তেওঁৱেইটো প্ৰতিশ্ৰুতি দিছিল তোমাক

অৰ্দ্ধ আকাশ দিয়াৰ ! কিন্তু আজি ক’ত ?

তুমি যদি তেওঁৰ অৰ্দ্ধ আকাশ তেওঁ নহয় কিয় ?

তুমিটো নহয় কোনো ৰেড লাইট গলিৰ পণ্য

কিন্তু তোমাকেই ঠেলি দিয়ে পদপথৰ কাষলৈ ৷

 

সৃষ্টিৰ মূল তুমি হেৰা নাৰী

আজি তোমাতেই শুনো বিষাদ বিননি ৷

ন মাহ দহ দিন গৰ্ভত ৰখা ভ্ৰূণটো

লাহে লাহে বিকশিত হৈ এদিন মানৱ হয়

আৰু এদিন মানৱৰ শীৰ্ষত অমানৱ হয় ৷

তেতিয়াই তুমি হৈ পৰা এলাগী,

সেই অমানৱে ঠেলি দিয়ে পদপথৰ কাষলৈ ৷

 

তুমিয়েইটো সৃষ্টিৰ প্ৰতিশ্ৰুতি দিয়া,

এসাগৰ ভালপোৱা আৰু এখনি আকাশ দিয়া ৷

তুমি নিজে দুখৰ বৰষুণত তিতি

আমাক সেই বৰষুণৰ পৰা ঢ়াকি ৰাখা ৷

তুমি ভয় কৰি ৰ’দত ওলাবলৈ নিদিয়া

কিজানিবা ৰ’দৰ তাপত জ্বলি উঠিব পাৰে ৷

হে নাৰী, তুমিয়েই আশ্বৰ্য পৃথিৱী ধন্য ৷

“গোলাপী ওঁঠৰ নিমাতী হাঁহিত”

অতুল চন্দ্ৰ শৰণীয়া

৯৮৬৪১-০৬৪৩৯

 

গোলাপী ওঁঠৰ নিমাতী হাঁহিত

দুদোল্যমান পুহ মহীয়া সন্ধ্যা

লাজৰে ওৰণি খুলি

সাবটি ধৰা শীতৰ শিহৰণ

সন্ধ্যাৰ কাজল ছায়াত নামি আহে

চেঁচা বতাহৰ সূৰুযমুখী স্বপ্ন

সন্ধ্যামগ্ন শীতৰ কুঁৱলীৰ আঁচোৰত

থৰথৰকৈ কপি উঠে দেহা

গাভৰু বনৰ শীতল ঘাটত

প্ৰতিনিতে নিহালিৰ উম ।

 

অকবিতাৰ কথকতা

গীতাশ্ৰী ওজা

নামতি , শিৱসাগৰ ।

 

সৰাপাতৰ সপোন হৈ হাঁহে

সেউজীয়া হ’ব খোজা এটা পোহৰ…

স্ফটিক হিমৰ বুকুত

বিচাৰে তেজৰ চহৰ ।

ধূলি খিৰিকী খুলি

এটি এটিকৈ সোমায়

নষ্ট বৰ্তমানৰ হেজাৰ কাহিনী

কুঁৱলী আঁচলত সোমায়

মৃত চহৰৰ ভূগোল ।

 

সময়ৰ পদুলিত সঘন

বন্দুক বাৰুদৰ কুচ-কাৱাজ…

গুচি যা মোৰ গাঁৱৰ পৰা

মোৰ পাহাৰৰ পৰা

মোৰ পথাৰৰ পৰা…

সোণোৱালী এই দেশৰ প্ৰতিটো বানত উটি যাওঁক

ৰক্তপিপাসুৰ কামনাৰ দুচকু

খিলখিলাই উঠক শিশুৰ প্ৰাণচঞ্চল হাঁহি

শাওঁণৰ বোকাত মিহলি হওঁক সেউজীয়া

নাচি উঠক মুঠি মুঠি কোমলতা ।

 

যুদ্ধৰ আখৰা কিহৰ বাবে ?

নাৰ্জী , হিটলাৰ , নেপলিয়ান ?

পূজীবাদী নে সাম্যবাদী ?

মুক্তি কিহৰ বাবে ?

ভোগবাদী শক্তিৰ ষৰযন্ত্ৰত

লুতুৰি পুতুৰি

জোন বেলি তৰা

নিঃশেষ মোৰ দেশৰ অযুত শৈশৱ ৷

 

আন্দোলন শিল্প আৰু শিল্পীৰ

মৰিচিকা কিম্বা লুমিং

কুৰুৱা যাযাবৰী  বতাহজাকে

মেটমৰা এবোজা আন্ধাৰ পিঠিত বান্ধি

শুই পৰে পানীৰ পালেঙত ।

 

হৃদয়  আত্মা আৰু প্ৰেম…

মায়া  মোহ আৰু বৈৰাগ্য…

আকাশ  মাটি আৰু পানী…

 

পৰকীয়া প্ৰেমত মাতাল প্ৰেমিক

হাঁহে নাচে মায়াৰ ৰাগীত

জীয়াই থাকে

অচিন সপোন

আশা উদ্দেশ্য আৰু

আধা জীয়া আন্দোলনৰ কথা ভাবি ।

 

মদাৰ ফুলীয়া যৌৱন

দুই কোমলতাৰ কাষ…

হিমালয়ৰ সব্বোচ্চ তীৰ

ওঁঠৰ বাগিচাত ।

সাগৰৰ মোহনাত

কোমল নৈ

হিমবাহৰ জোৱাৰ ।

 

যৌৱনত ধুমুহা

মৃত্যুত বৰষুণ

মাটিত মানুহ ।

কিমান সেন্দুৰ লগাবা সেঁওতাত

অনুৰাগ কাশ্যপ,

নলবাৰী

যেতিয়া পিন্ধি লবা সম্পৰ্ক ভাগি সুখৰ সাঁজ

য’ত মই আঁকি দিছিলো হেপাহৰ দুওঁঠ

কিমান সেন্দুৰ লগাবা তাত-?

 

এচিকুট-?

ওহো,জানো

সেন্দুৰীয়া আলি এটি আঁকি লবা সেওঁতাত

 

এপাৰে মই

আনপাৰে তুমি নাইবা তোমাৰ স্মৃতি

 

সেওঁতাত তুমি ৰং বোলোৱাৰ দিনা

হয়টো হুপি হুপি শেষ কৰিম ইটোৰ পিচত সিটো চিগাৰেট

তাৰ পাচত তোপনি নহব মোৰ কিচুদিন

ৰঙাবোৰ হথাৎ মোৰ অপ্ৰিয় হৈ পৰিব

আৰু সেন্দুৰ নললেও অলপ ৰঙচুৱা হৈ থাকিব তোমাৰ সেওঁতা

 

প্ৰতিটো প্ৰভাতত পৰী যেন লাগিব তোমাক

তোমাৰ ভিজা-ভিজা চুলি

 

তিতা কাপোৰসাজ মেলাওতে

দুহাতৰ খাৰুবোৰৰ মিঠা শব্দই কৈ যাব

সেওঁতাত সেন্দুৰ লগোৱা তুমি

তোমাৰ প্ৰিয় পুৰুষজনে সাৰে থাকিও ৰৈ যাব তুমি জগোৱালৈ

 

আৰু উজাগৰে থাকি মই হুমুনিয়াহক সুধিম

ৰাতি পুৱাবলৈ কিমান পৰ

 

তুমি সেন্দুৰ আকিলেই সেওঁতাত

অলপ গহীন হৈ যাবা তুমি

বুকুৰ কোনোৱাখিনি কেতিয়াবা মই উজালে

ভটিয়নী আবেগেৰে তাক সামৰিবা ব্যস্ততাত

লাহে লাহে সকলো লীন যাব সময়ত

 

স্ফীতোদৰা হৈ তুমি আকুলতাৰে গনিবা দিন মাহ

একে বিষাদেৰে মই গনিম উজাগৰী নিশাবোৰ

পান কৰিম এন্ধাৰক’লা নিশাৰ একাকীত্ব

 

হয়টো নভবাকৈয়ে হৈ যাব বহু ঘটনা

জুমবোৰত শুনিম মই মোৰেই আলোচনা

লৰাটো হেনো পাগল হ’ল

 

নিজক চিকুটি সুধিম

পাগল নেকি মই-???

নে সজ্ঞান হৈও পাগলৰ অভিনয়-???

 

এৰা,অভিনয়

জীৱন নাটৰ অক্লান্ত ভাৱৰীয়া৷৷

পোহৰ বিচাৰি যাত্ৰা

শ্যামল সুন্দৰ কৌশিক।

যোৰহাট।

৮৪৮৬১৯০৯২২

 

আধাকুৰি বছৰ আগতে নামি আহিছিলো এক যাত্ৰাৰ বাবে

এতিয়াও যাত্ৰা কৰি আছো অন্ধকাৰে।

যাত্ৰাৰ প্ৰথম খোজত হেৰুৱাইছিলো আইৰ বুকুৰ মৰম

তথাপিও পিতাইৰ কোলাতেই উঠি যাত্ৰা কৰি আহিছো।

সেই একে মলিয়ন ধৰা চোলা

কিবা আৰু অলপ পোৱাৰ আশাৰে

লৈ ফুৰো শূণ্যতাৰ থালি

ওলোমাই ফুৰো পিঠিত বোজাবোৰ

ফুটপাথ, মন্দিৰৰ কাষত বিচাৰি ফুৰো অলপ সহানুভূতি,

উচ্চ সমাজে বুতাম চিঙিলেই পেলাই দিয়া চোলাতো

আমি নতুন ৰূপত সজাই তোলো

যি এতিয়া আমাৰ শৰীৰৰ এক আৱৰণ

এনেদৰেই আমাৰ যাত্ৰা।

 

মোৰ থিক দহটা বসন্তত হেৰুৱাইছো মোৰ পিতাক

অকলশৰীয়া যাত্ৰাত এতিয়া আৰু

ভাগৰুৱা হৈ পৰিছো

বেমাৰী হৈ পৰিছো

অন্ধ হৈ পৰিছো

আপোনালোকৰ পেলনীয়া বস্তু

মানে আমাৰ সোণবোৰ চুই

এনেদৰে অন্ধকাৰ নামি আহিছে

বন্ধ হৈ পৰিছে

সকলো দুৱাৰ-খিৰিকি মোৰ যাত্ৰাত

 

পৃথিৱীৰ এচুকতো নাই নে যি মোৰ হিয়াৰ বিননি শুনা নাই

আহক আপোনালোক

আহক একুঁকি সহায় কৰক

অন্ধকাৰ যাত্ৰাত অলপ পোহৰৰ ৰেঙণি বোলাওক

নহ’লে বিচনাতে শেষ হ’ব মোৰ যাত্ৰাত

এয়া যাত্ৰা অলপ পোহৰ বিচাৰি ৷

তুমি বিহীন যন্ত্ৰনা

অভিজিৎ কোঁৱৰ

চৰাইদেউ ।

উজনিৰ ৰেলখনৰ উকিটোত
ঠিক উজনিৰ ৰেল খনৰ উকিটোতেই অনুভৱ কৰো
তুমি হীনতা যন্ত্ৰনা
ক্ৰমশঃ……… স্তৰ্ব্ধ হৈ পৰে
শ্বাসৰুৰ্দ্ধ বুকুত নিমাতে উচুপে
সপোনবোৰে
গোপনে গোপনে ………৷

সিদিনা………তুমিয়ো গুচি গলা
স্বনিৰ্বাসিত সাঁজেৰে
কোৱা নহল একোকে
সপোনবোৰ
ক্ৰমশঃ ………
সেউজীয়া হৈ বিধব্স্ত হৈছিল বুকুৱে বুকুৱে ৷

এতিয়া……
স্মৃতিৰ পাতবোৰ লুটিয়াই
কবিতাৰ চন্দত বিচাৰোঁ তোমাক
নীলা চিয়াঁহীৰ টোপাল
মোৰ মন ডায়েৰী
আৰু
আৰু আমাৰ প্ৰেম স্তৱকবোৰ
মই সান্তনা লভি আছো
সান্তনা……………৷৷

||মাজনিশাৰ স্বপ্ন||

-নিবিড় অনুৰাগ মানস

আঁউসীৰ এনিশা খোজ কাঢ়ি আহি আছিলোঁ
চৌদিশ : নিজান
নিয়ন লাইটৰ আলোক নিচান
জিলিৰ ৰি ৰিঁয়নী এটা বিয়পি পৰিছে :
মাজৰাতিৰ শেষ দেশত
অলপ সময়: গতানুগতিক
এজন মানুহ : ওখ-পাখ
মাজৰাতিৰ মানুহ
হালধীয়া চহৰত
তেজে ধোৱা আকাশৰ কাষত. . . . .
মানুহজন চতুৰ
দুদিন সুখৰ নামত ব্যয় কৰে : দেহ
এদিন সন্যাস : গছৰ তলত
সি : আধা মানুহ
হ’ৰমন বাওঁহাতৰ ময়লা
ভোগ : সঞ্জীৱনী সুধা
সুখৰ নামত ভোগ কৰে ৰাতিৰ তৰা
অলপ আন্ধাৰ , অলপ ৰঙা
আৰু অলপ সময় : অগতানুগতিক
ওখ মানুহজন নাই
মানুহজন নাই !