“অ’ মোৰ ব’হাগ”

 

✍ ধীৰেন শইকীয়া
চেতিয়া গাঁও, ঢেকিয়াল।

বিহুতে বলিয়া মন মোৰ উতলা
তোমাক লগে পাই হ’লোযে মতলীয়া

নাহৰ তগৰৰ সুবাসেৰে উদুলি মুদুলি
ফাগুণে গৰকা মোৰ বুকুৰ চোতালখনি
পদূলীৰ নাহৰজোপাত কুলিটিয়ে বিনায়
ওৰে নিশা ৰওঁ মই
তোমালৈয়ে বাট চাই

এই ব’হাগৰ উমাল সন্ধিয়াই
মাতিছে ৰিঙিয়াই
মৰমৰ নাচনীক
মোৰে ঢোলৰ চাপৰত
এপাক নাচিবলৈ বুলি

অ’ মোৰ ব’হাগ
বুকুতে সিঁচি যা মোৰ
মিলনৰ মায়াবী সুবাস!!!

গ্ৰন্থমেলা

 

✍ সঞ্জীৱ গোহাঁই
জি.আই.এম.টি, তেজপুৰ
+918133006234

ভাল লগাবোৰ বিচাৰি পোৱা
এখন অসীম আকাশৰ নাম গ্ৰন্থমেলা

পিয়াহৰ পানীটুপি বিচাৰি পোৱা
দমকলটোৰ নাম গ্ৰন্থমেলা

কেতিয়াবা যদি মিলন ভূমি বা নষ্টালজিয়া
আন কেতিয়াবা আকৌ আড্ডা থলী

এজাক জোনাকৰ বৰষুণ গ্ৰন্থমেলা !

এই দেশ,সেই দেশ

গীতাশ্ৰী ওজা

শিৱসাগৰ

 

 

ইতিহাসৰ পাতত খোদিত আছে

মাতৃবধৰ অলেখ ভাওনা

ৰক্তযজ্ঞৰ ধোৱাৰে ধুসৰ

ইতিহাসৰ প্ৰতিটো পাত

মোৰ গাওঁৰ বতাহে

এতিয়া পিন্ধে শুভ্ৰ পোচাক

বেসুৰা জয়ৰ গানত উপঙি ফুৰে

বন্দীত্বৰ উচুপনি

মোৰ অবুজন মনেটো নাজানে

দেশ,ৰাষ্ট্ৰ আৰু জাতিৰ সংজ্ঞা

জানে মাথো

মোৰ দেশত এতিয়া

ক্ষুধাৰ্ত চিৎকাৰ চৌদিশ বুৰাই৷

মোৰ মনাকাশত পৃথিৱী নামৰ এটা সেউজীয়া গ্ৰহ৷

সিহঁতে মোক শিকাইছে

দেশপ্ৰেমৰ অযুত পাঠ

অক্লান্ত যুঁজাৰুৰ অলেখ আৰ্ত চিঞৰ

কৈছে “দেশ বুলিলে হেনো নালাগে আদেশ৷”

বুজি নাপাওঁ ৰাজতন্ত্ৰ কিম্বা গণতন্ত্ৰ

বুজি নাপাওঁ দালানৰ মিথ্যা জয়গান

যিদৰে নুবুজো পুজিপতিৰ সংজ্ঞা৷

বুজিব নোৱাৰো স্বাধীনতাৰ অৰ্থ

মোৰ হৃদয়ে বুজে

মেঘ আৰু আকাশৰ অসীম পৰিধি

জোন আৰু তৰাৰ গোপন অভিসাৰ৷

যাৰ কোনো নাই দেশ

নাই জাতি

আৰু নাই

ধৰ্ম

বৰ্ণ

কিম্বা

সম্প্ৰদায় ।

 

মকৰাজাল বোৰ থাকিব দিয়া

 

অনুৰাগ  কাশ্যপ

নলবাৰী

 

মোৰ কোঠাৰ অস্পষ্ট পোহৰত

থাকিব দিয়া অনুভৱৰ এলান্ধু লগা মকৰাজাল৷

নহলে চিগাৰেটৰ ধোৱাই উমলিব কত?

 

এই ৰূদ্ধ বতাহৰ গোন্ধ মোৰ খুউৱ প্ৰিয়

যিদৰে প্ৰিয়,

তোমাৰ হাস্যময় দুচকু,

উন্মাদ ভাৱনা,

লাস্যময়ী দুভৰিৰ ৰুণঝুন

আৰু শিক্ত এন্ধাৰকলা চুলিৰ অৰণ্য—

 

আসঃ

নুগুচাবা মোৰ কোঠাৰ নিসংগতাক

তুমিহীন প্ৰতিটো নিশাৰ অলিখিত দিনলিপি

চকুলোৰ বহু শেতা সন্ধিয়াই উমলে তাত—

 

ৰূদ্ধ হেজাৰ হুমুনিয়াহ

কতবাৰ হেৰাইছে মকৰাজালৰ নৈশব্দত

ক্লান্ত সন্ধিয়াৰ বিষাদী বাঁহীটোৰ সূৰ

কঁপি-কঁপি মাৰ গৈছে তাত—

 

মোৰ অপৰিস্কাৰ কোঠাৰ অম্লজানত

মন গলেই শুনিবা তোমাৰ অনুৰনণ

মোৰ অবৰ্তমানত

মকৰাজাল খুচৰিলেই পাবা

তুমিহীনতাৰ চকুলোৰ পৰিমাপ

নিদ্ৰাহীন প্ৰতিটো নিশাত

নিঃশেষ হোৱা প্ৰতিটো চিগাৰেটৰ স্বাক্ষৰ—

 

যেতিয়া তুমি অভিমানী হৈ পৰা

মোৰ কোঠাৰ ৰূদ্ধ বতাহৰ মুক্তি বিচাৰি

তেতিয়া হয়টো খিৰিকীৰ সিপাৰে জোনটো ৰৈ থাকে মোলৈ

ৰৈ থাকে হয়টো ফাগুনৰ উম লগা মোৰ প্ৰিয় বতাহজাক

অথচ মই পালন কৰো

বন্দী বতাহৰ উৎসৱ৷

 

তোমাৰ দৰেই

মই বিশৃখলতাৰ প্ৰেমত পৰো

ধুলিৰ চাদৰ মেৰাই শুই থকা ডায়েৰীকেইখনলৈ চাই থাকো

যিদৰে চালে তুমি সুধিছিলা

দুচকুত কি আছে তোমাৰ??

 

তুমি অভিমানী হলেই

মই যাপন কৰো নিসংগ আবেলি

সন্ধ্যাতৰাৰ বাৰ্তালাপ নেওঁচি

মকৰাজালতেই সিঁচি দিও

নিসংগতাৰ হেজাৰ পৃষ্ঠা৷৷

“উতনুৱা ফাগুন”

 

দীপজ্যোতি গগৈ

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়

দূৰভাষ : ৯০৮৫০৫১৪০৬

 

 

ৰুক্ষ বতাহত নামি আহিছে ফাগুন

পলাশী গোন্ধত উত্তাৱল হৈছে মন

যেন চিলাখন হৈ উৰি যাম

ৰ’দালিৰ উষ্ম কিৰণৰ শালিকাজনীও

চিঞৰি উঠিছে

মুকলি মনটোৱে নতুনকৈ প্ৰাণ পাইছে

দিচাঙৰ বুকুত নাৱৰীয়াজনে নাও মেলিছে

মিঠা আপঙৰ নিচাত ৰাগ

টানিছে ঐনিতমৰ

এবুকু ভালপোৱাৰে সৈতে মদাৰৰ তলত

ৰঙিলী ৰৈ আছে

হেঁপাহৰ কোঁৱৰজন আহিব ফাগুনৰ বতৰা লৈ

সময়বোৰ চাপি আহিছে

আবেগবোৰ দৃঢ় হৈছে

মনবোৰ উপচি পৰিছে

এই দিচাঙৰ বুকুৱেদিয়ে আৰম্ভ হৈছে

আমাৰ যাত্ৰা

মুকলি আকাশৰ পৰা ৰ’দালিয়ে

মুখ লুকুৱাই হাঁহিছে

এদিন স্মৃতিৰ পাতত লিপিবদ্ধ হ’ব এইবোৰ দিন

এদিন হয়তো ক’ব পাৰিম

এই দিচাং আৰু লুইত সাক্ষী আছিল

আৰু এই উতনুৱা ফাগুন।

 

আই

অংকিতা ফুকন,শিৱসাগৰ।

 

 

সেই গভীৰ চকুহাল!

যিহাল চকুয়ে মোক

কলিজাৰ এফাল বুলি ভাৱে…

আজি বৰকৈ আমনি কৰে,

সেই চুকুহালে…

কাৰ আছিল সেইহাল চকু?

মোৰ আইৰ……।

মোৰ আইৰ চকুহালৰ গভীৰতা কিমান আপুনি নুবুজিব, কোনোদিন কোনোকাল…।

 

আই কিদৰে সহিলি

প্ৰসৱৰ বেদনা!

পুঁহ মহীয়া জাৰৰ অনুভৱ,

কিদৰে সহিলি আই??

তই কোৱাৰ দৰেই

মই তোৰ পুঁহমহীয়া

লক্ষীজনী হ’লোনে আই?

নিৰৱে নিৰৱে কিয়

সকলো চম্ভালি ল’লি…?

আই ,তোৰ অন্তৰ

কেনে কোমল?

 

আই,হ’ব পাৰিম নে তোৰ দৰে?

ইমান দয়া,ইমান মৰম……!

পাৰিমনে হ’ব মই

তোৰ দৰেই মাতৃ!

আদৰিব পাৰিমনে সকলো।

হ’ব পাৰিম নে…

পানীৰ দৰে ফট্ ফটিয়া।

আই,তোক মাতৃ হিচাপে পাই

ধন্য মই …।

 

আই,তোৰ সেই গাৰ সুৱাস

সেই দীঘল চুলিটাৰি,

ডালিমগুটিয়া দাঁতৰ

মিঠা হাহিঁটি…

বৰকৈ মনত পৰে……!

এতিয়াও তই নকৈ পিন্ধা

পাটৰ কাপোৰসাজঁ মই পিন্ধো।

এতিয়াও মাজৰাতি তোক অনুভৱ কৰো আই…;

মই যে তোৰ

কেঁচা কলিজাৰ এফাল।

 

জীৱন যোঁজত হাৰ মানিলি

নেকি আই?

আজি যে তই আমাৰ মাজত নাই,

আই ,তই জীয়াবি মোৰ অন্তৰত

জীয়াবি মোৰ হৃদয়ৰ

গভীৰ কোণত…

প্ৰতিদিন,প্ৰতিপল

তই হেৰাব নোৱাৰ’ আই…

কেতিয়াও নোৱাৰ…।

বাৰ্তালাপ

 নৱজ্যোতি বৰ্মন

 

 

কেতিয়াবা নিজানত

কথা পাতোঁ

গছৰ সতে

ফুলৰ সতে

সেউজীয়াৰ সতে

নদীৰ সতে

আকাশৰ সতে

বতাহৰ সতে ।

 

সিদিনা শিমলুজোপাই কৈছিল

ৰঙা হোৱাৰ হেপাঁহ

শিমলু ফুলেৰে বুটা বচা

চাদৰ গাত মেৰিওৱাৰ কথা

হাবিয়াস আজন্ম

তথাপি আত্মসন্তুষ্টি

ফাগুন সদায়েই নাহে

মাথোঁ অপেক্ষাৰত

আকৌ ফাগুন আহিব

ৰঙা হব চৌপাশ ।

 

গোলাপজোপাইও সোঁৱৰাইছিল

কাঁইট আৰু ফুলৰ যুগ্ম ইতিহাসৰ কথা

বাৰে বাৰে আচোৰ খালেও

সৌন্দৰ্য্য অপূৰ্ব ।

 

সেউজীয়াইও কৈছিল বাৰে বাৰে

হালধীয়া হোৱাৰ বেদনাৰ কথা

তথাপি আকোঁৱালি লয়

সেউজীয়াই হালধীয়াক

বসন্ততো সদায়েই নাহে ।

 

নৈখনেও কৈছিল কানে কানে

নিৰৱধি বৈ থকাৰ হেপাঁহৰ কথা

সময়ৰ আহ্বানত তথাপি ৰৈ যায় মৰাসুঁতি

স্ৰোতস্বিনীৰ সুখৰ হিল্লোল

থমকি ৰয় বিষন্ন মৰাসুঁতিত ।

 

আকাশেও কৈছিল

বিশালতাৰ কথা

দুখৰ ভৰত মেঘৰ কামিজ পিন্ধাৰ কথা

উদাৰ আকাশৰ সীমাহীন ভালপোৱাৰ কথা

জোন বেলি তৰাৰ সতে খেলা লুকাভাকুৰ কথা ।

 

বতাহেও কৈছিল

সকলোতে বিলীন হোৱাৰ হেপাঁহৰ কথা

বতাহৰ আবেগৰ কথা ।

 

মাথোঁ থৰ হৈ ৰৈছিল মই নামৰ এটি অস্তিত্ব

বিলীন হৈ গৈছিল কোনোবা দূৰ সীমনাত ।।

আহ্বান

পাৰ্থ বৰা

ঢকুৱাখনা।

 

কিমান গাঁঠিবা বিষাদেৰে মালা

যদি পাৰা ইতিহাসৰ বুকুতে সঁপি দিয়া

নালাগে পিন্ধিব নতুন পোচাক

তেনেকৈয়ে থাকা যেনেদৰে আছা।

যিদৰে সূৰুয আছে।

তেনেদৰেই গৈ থাকা

যিদৰে বৈ থাকে জান-জুৰি

আন্ধাৰ দেখি হতাশ নহ’বা

সূৰুযৰটো মৃত্যু হোৱা নাই

প্ৰভাত তোমাৰ অপেক্ষাতে আছে

ধাৰে অনা পোহৰে আৰু

কিমান পোহৰ বিলাব

পাৰে বুলি থমকি নৰ’বা

অমাৱশ্যালৈ আৰু বহু নিশা বাকী

ঠমকি নৰ’বা তুমি

তেনেদৰে গৈ থাকা

যিদৰে বৈ আছে জান-জুৰিবোৰ।

নাৰী

( উৎসৰ্গ- পৃথিৱীৰ সমগ্ৰ নাৰী )

অনুৰাগ শইকীয়া

দেৰগাঁও , গোলাঘাট

 

” ৰ’দে খাব তোক ,আহ অ’ বোপাই

মোৰ আঁচলত থাক লুকাই ”

দুষ্ট ৰ’দ আঁচলত লুকুৱাই

পুতাইক ছাঁ দিয়া এইজনী আই।

আপোনালৈ উজাগৰী ৰাতি

চেনেহৰ চুৱেটাৰ গুঠি

এপোৱা ঊণেৰে

প্ৰচণ্ড শীত খেদা মানুহজনী,

তেওঁ আই।

“ইমান ৰাতি ক’ত গৈছিলি,

দেশৰ পৰিস্থিতি বেয়া, ঘৰতে থাকিবি

ওলাই নাযাবি ”

বুকুত এনদী ভয় বোৱাই

ভাইলৈ বাটচাই থকা,

এইজনী বাই।

” ৰ’দত নুঘুৰিবা,

তাম বৰণীয়া হ’বা,

দুখ আপোন নকৰিবা

সুখৰ অনুশীলন কৰি

সুগন্ধি বিলাবা”

অহৰহ মৰম আৰু আব্দাৰেৰে সেউজীয়া কৰি ৰখা

এইজনী প্ৰেয়সী ।

নাৰী -নিজে দুখৰ বৰষুণত তিতি

আপোনাক ঢাকি ৰখা এটি ছাতি ।

ম্লান হৈ আমালৈ ছাঁ সাঁচি থোৱা

এখন গুলপীয়া দোপাট্টা।

নাৰী-বোৱতী নদী।

এআকাশ সৃষ্টিৰ প্ৰতিশ্ৰুতি ।

নাৰীসত্তা কাহানিও ৰেড লাইট গলিৰ পণ্য নহয়

নাৰী অনাবিল সুখৰ ঠিকনা, জয়মতী কিম্বা ডেচডিমনা

এক আশ্বৰ্য , পৃথিৱী ধন্য ।

পুৰুষৰ উশাহ

প্ৰকৃতিৰ বাবেই পুৰুষ সেউজীয়া

পৃথিৱী বৰণীয়া

মোহনীয়া।

 

নৈ

নৱজ্যোতি বৰ্মন

বৰতলা,নলবাৰী

ফোন-8135094879

 

সপোনৰ সিটো পাৰে

এখনি নৈ

সুখৰ ।

কিমান আৰু বাট চাবি

তোৰ যে জীৱন

দুখৰ ।

সুখবোৰ বৈ থাকে

উন্মাদ ঢৌৰ সতে

নৈখনৰ ।

সি ৰৈ থাকে

সপোনৰ ইটো পাৰে

নিশা শীতৰ ।।