লিমাৰিক

গোলোক চন্দ্ৰ দত্ত, ডিগবৈ, তিনিচুকীয়া ৷

(১)

লিমাৰিক এটা লিখো বুলি তুলি ললো কলম
মহে খালে, ঘঁহি ললো, মহ খেদা মলম ৷
পাৰ হ’ল মাজনিশা
লিমাৰিক নহ’ল লিখা,
বিচনাত বাগৰ দিলো নকৰি পলম ৷
Continue reading

কণকলী ভকতৰ মন্তব্য

নন্দ চুতীয়া, অৱসৰ প্ৰাপ্ত গ্ৰন্থাগাৰ সহায়ক, ঢকুৱাখনা মহাবিদ্যালয়।
সেইদিনা দিনৰ ভাগত দেহিৰামৰ ঘৰত বছৰেকীয়া সবাহ । গাওঁখনৰ নিমন্ত্ৰীত ভকত ভকতনীসকল আহি সবাহ ঘৰত সভক্তিয়ে শাৰীপাতি বহিছেহি । গোটেই গাওঁখনৰ সৰহবোৰ মানুহ এক শৰণ নামধৰ্মৰ ৰীতিত চলা মানুহ । দেহিৰামো এই পন্থাৰ লোক । দহা কাজ বিয়া সবাহ এই সকলোবোৰ কাম-কাজ নামধৰ্ম ৰীতি মতে চলে । সকাম নিকামত যদিহে গৃহস্থই ভাত এসাজ ভকতলৈ বুলি আগবঢ়াই নামধৰ্মী লোকে সেই সাজ ভাতক গৰম প্ৰসাদ বুলি কয় । তাত আমিষ আহাৰ একেবাৰে নিষিদ্ধ । Continue reading