ঢুলীয়া ওজা সীমান্ত তামুলীৰ সৈতে এখন্তেক

লোকবাদ্য ঢোলৰ সৈতে একাত্ম, ঢুলীয়া,
“ঢোলত চাপৰ মাৰি”ৰ স্ৰষ্টা
সীমান্ত তামুলী দেৱৰ সৈতে    “ঢোল বায় ক’ত ,ৰতন পুৰতখোল বায় ক’ত, ৰতন পুৰত ।””  মঘাই বোলে ঢোলৰে মাত ধিনিকি ধিন্দাও, সোণৰ অসম নালাগে মোক মাটিৰে সজাও।”

এনে কত গীত , কথা এনে কত মালিতাৰ মাটিময় সুৰৰ ঝংকাৰ, উঠিছিল এটি মাথোঁ বাদ্যক লৈয়ে । এটি মাথোঁ বাদ্যৰ চাপৰত নিনাদিত হয় জাতিৰ সমগ্ৰ সত্বা।পৃথিৱীক উৰ্বৰা কৰোৱাই , শস্যে -মৎস্যে উভৈনদী কৰোৱাই, অপদেৱতাক খেদোৱাই ,মান্য জনক আদৰি বাদ্য টি অসমীয়া সংস্কৃতিৰ আঁহে আঁহে চিৰ বিদ্যমান । প্ৰতি জন অসমীয়াৰ বুকুৰ আপোন চেনেহী হতঁৰ হিয়াৰ আমঠু , ঢোলবাদ্য। ইতিহাস খুঁচৰিলে প্রাপ্ত তথ্যানুসৰি খুনলুং-খুনলাইয়ে লেংডনৰ পৰা এযোৰ ঢোল পাইছিল বুলি প্ৰবাদ আছে। আনহাতে কিছুৱে অসম মুলুকৰ ঢোলক প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জৰ ঢোলৰ লগত মিল আছে বুলি ক’ব খোজে। এই কথাৰ পৰা ঢোল মুলতঃ অষ্ট্ৰিক সংস্কৃতিৰ অবদান বুলি ক’ব পাৰি। অবশ্যে বাদানুবাদ ইতি পৰা নাই।               অসমীয়া সংস্কৃতিৰ পথাৰ খনত সগৌৰবেৰে দপ দপাই থকা অনবদ্ধ বাদ্যটি এচাপৰ বজোৱাৰ হেপাঁহে উতলা কৰি তুলিছিল মঘাই ওজা, তুলসী ওজা, প্ৰসেন ওজা , সোমনাথ ওজাকে ধৰি অসমৰ চুকে -কোনে অলেখ জনক। এই বাদ্যক লৈয়ে সপোন দেখিছিল বহুজনে । সেই সপোনৰে আঁত বিছাৰি আমি থিয় দিছিলোগৈ ঢোলৰ সৈতে একাত্ম-প্রাণ, প্ৰখ্যাত ঢুলীয়া ধেমাজি চিলাপথাৰৰ সীমান্ত তামুলী দেৱৰ চোতালত।

ফেঁহুজালি : নমস্কাৰ ; সীমান্ত তামুলী দেৱ । আপোনাক ফেঁহুজালিৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ ।

সীমান্ত তামুলী : ধন্যবাদ ।

ফেঁহুজালি : ঢোলক  লৈ দেখি থকা সপোনৰ কিছু আভাস বুটলি বলৈ আমি আহিছোঁ । তেন্তে আগ বাঢ়িব পাৰো নে ?

সীমান্ত তামুলী : নিশ্চয় ; আগবাঢ়ক।

ফেঁহুজালি : অসমীয়া সংস্কৃতি; ঢোল, পেপা ,গগনা লহৰত ; ডবা, কাঁহ, শংখৰ নিনাদত উমান পোৱা যায় বুলিলেও ভুল কোৱা নহ’ব। সম্প্রতি সংগীতৰ জগতত নিতে নতুন বাদ্যৰ আমদানি হৈয়ে আছে। তথাপিও আপুনি নৱপ্ৰজন্মৰ এজন প্ৰতিনিধি হিচাবে ঢোল বাদ্যক কিয় আন্তঃকৰণেৰে আকোৱালি ল’লে ?

সীমান্ত তামুলী : ঢোলক মই অন্তৰৰ পৰা ভাল পাইছিলো। সৰুৰে পৰা ৰেডিঅ’ত খুৱ মনযোগেৰে ওজা-পালিৰ পৰিবেশিত অনুষ্ঠান বোৰৰ প্রচাৰণ শুনিছিলো। সৰুতে মই আনকি বাঁহৰ চুঙাত ৰছী ভৰাই ঢোলৰ দৰে কান্ধত ওলমাই ফুৰিছিলোঁ ।

ফেঁহুজালি : চুঙাত ঢোল বজাবলৈ আৰম্ভ কৰাৰ পৰা আজি ১৯ টা ঢোল সমানে বজাব পৰা হোৱালৈকে আপুনি যথেষ্ট অভিজ্ঞতাৰে পুষ্ট । কি দৰে গঢ় দিলে বাদ্যটি উত্তম হয় বুলি আপোনাৰ মনে ধৰে?

সীমান্ত তামুলী : ঢোল গঢ়াৰ সন্দৰ্ভত যোজনা এফাঁকি মনত পৰিছে -“কঠালৰ কাঠেৰে/ঢোলটো সাজিলো//চেউৰী গৰু ছালেৰে চালো।বুঢ়া গৰু ছালেৰে /বৰতি সাজিলো//বাঁহৰ মাৰিৰে বালো ।।”          আম,কঠাল, চামৰ ডিমা ছাল কপিলী গাইৰ ভাল হয়। বৰতি বলধৰ।

ফেঁহুজালি : আপোনাৰ শৈশৱৰ বিষয়ে কিছু কওকচোন ?

সীমান্ত তামুলী : নিশ্চয় কৈ। শৈশৱ সকলোৰে মনোৰম।যদিও টেঙা বল খেলি ধপলিয়াই ফুৰিছিলোঁ , মনটো কিন্তু মোৰ ঢোলত হে আছিল । চিলাপথাৰ, গেলোৱা কেণ্ডুগুৰী মইনা পাৰিজাতত নিচেই সৰুৰে পৰা জড়িত হৈ আছিলোঁ ।জ্যোতিৰূপা সংগীত বিদ্যালয়ত মই তবলা শিক্ষাৰ আৰম্ভ কৰিছিলোঁ । ১৯৯৫ চনৰ কোনোবা এটা  বৃহস্পতিবাৰে ঢোল শিকিবলৈ জপৰা বায়নক গুৰু মানি লওঁ। তেখেত আমাৰ ঘৰলৈ আহি গোহালিত বা চোতালত মোক ঢোল শিকাইছিল । মাজে মাজে মায়ে পিঠাগুড়ি লাৰুৰ লগত চাহ পানী দি থাকে।কি যে মধুৰতম সময় আছিল । মই তেতিয়াই মন কৰিছিলো যে চাপৰ বোৰ বেলেগ বেলেগ হয়। মোৰ প্ৰথম বিজ্ঞান সন্মত গুৰু আছিল কিন্তু দেউতা। দেউতাই মোক চাপৰ বোৰ লিপিবদ্ধ কৰিবলৈ কৈছিল । তাৰ পিছতেই মোৰ মনলৈ ঢোলৰ চাপৰ বোৰত সমসাজ পিন্ধোৱাৰ ধাৰণাটো আহে।

ফেঁহুজালি : ঢোলটিক লৈ দেখা সপোন বোৰৰ কিছু আভাস দাঙি ধৰিব নেকি?

সীমান্ত তামুলী : ঢোলক লৈয়ে সৰুৰ পৰা বিভোৰ আছিলোঁ আৰু এতিয়াও । ঢোলৰ চাপৰ বোৰ সুসংহত কৰি গঢ় দিয়াৰ এটা সপোন আছে।একেটা চাপৰকে বহুতে বুটপুতিও কয় বহুতে গুটপুতি কয়।এই বোৰ লিখিত আকাৰে সম সাজ পিন্ধোৱাই মূল লক্ষ্য ।আৰু নৱ প্ৰজন্মৰ কান্ধত বাদ্য হিচাবে সুসংহত কৰি প্ৰতিষ্ঠা কৰা এটা সপোন।

ফেঁহুজালি : ন কৈ ওলোৱা বাদ্য বোৰে ঢোল বাদ্যটিৰ ওপৰত বিৰোপ প্ৰভাৱ পেলাব বুলি ভাবেনে?

সীমান্ত তামুলী : মুঠেই নাভাবো। নতুন কিছু বাদ্য আহিলেও ঢোল মৰি নাযায়। চৰাই চিৰিকটিৰ মাত , গছ-বনৰ সাজ , চহা জীৱনৰ একো খন চিত্ৰ ঢোলতেই সোমাই আছে। অনবদ্ধ বাদ্য হিচাবে এক নম্বৰত আছে। অসমীয়া মানুহৰ মনত ঢোল হীৰাৰ টুকুৰা যেন।

ফেঁহুজালি : বৰ্তমান চাপৰবোৰ আৰু আগৰ চাপৰবোৰৰ কিবা পৰিৱৰ্তন দেখিছে নেকি?

সীমান্ত তামুলী : ঠাই ভেদে চেও বোৰ ভিন্ন আছিল । অতীতৰ বিয়াৰ পানী তুলিবলৈ যোৱা চাপৰ , দৰা যাত্ৰাৰ চাপৰ ; দীঘলীয়া ছেও, বিজয়ৰ পৰত মৰা ছেও আদি সময়ৰ বুকুত প্ৰায় হেৰাই যাওঁ যাওঁ।

ফেহুঁজালি : অসমতে নহয় ভাৰতৰ ভিন্ন প্ৰান্তত আপুনি ঢোল বাদন কৰিছে। অসমৰ বাহিৰৰ মঞ্চত ঢোলবাদন কৰোঁতে কেনে অনুভৱ হয় অসমীয়া হিচাপে ?

সীমান্ত তামুলী : হয় মই অসমৰ ধুবুৰী , নলবাৰী, বঙাইগাঁও, শিৱসাগৰ, বাক্সা আদিকে ধৰি অসমৰ বাহিৰৰ মুম্বাই, মাইচুৰ, বাংগালোৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, চিত্ৰকুট, এলাহাবাদ, জয়পুৰ, পাঞ্জাৱ, দিল্লী, ফৰিদাবাদকে ধৰি বহু ঠাইত পৰিবেশন কৰিছো।অসমী আইৰ বুকুত গমগমাই থকা ঢোলৰ চাপৰে যেতিয়া ভাৰতৰ ভিন্ন প্ৰান্তৰ মঞ্চবোৰ কঁপাই তোলে অসমীয়া হিচাপে বুজাব নোৱাৰা পুলক অনুভৱ কৰোঁ । ভগৱানক খাতিৰ কৰিবলৈ মন যায়। বাদ্যটিয়ে যেন বিশ্ব-দৰবাৰত প্ৰতিষ্ঠা লাভ কৰে।

ফেহুঁজালি : অসমৰ ভিন্ন ঠাইবোৰত পৰিবেশন কৰোঁতে সকলো ঠাইতে আগ্ৰহ বা আদৰ একেই পাইছেনে?

সীমান্ত তামুলী : নহয়। অসমৰ পূবতকৈ পশ্চিম ফালে আদৰ সাদৰ বা আগ্ৰহ বেছি। ওজাপালিৰ প্ৰভাৱেই এই দিশ তো লক্ষণীয় কৰিছে।

ফেহুঁজালি : ঢোলৰ বুলনি কি কি আছে?

সীমান্ত তামুলী : ৰাজ বুলনি , মৎস্য বুলনি, চৰাই বুলনি আদিয়েই প্ৰধান । বোলৰ ক্ষেত্ৰত লুহুৰি বতা, কপাহ ধুনা, দহিকতৰা, তেলেঙনা আদি।

ফেঁহুজালি : কোনোবাই কৈ গৈছিল  ” সময় আৰু সংগ্ৰাম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ।” কথাষাৰ আপোনাৰ ক্ষেত্ৰত কিমান সঁচা ?

সীমান্ত তামুলী : এশ শতাংশই সঁচা। পাৰহৈ যোৱা সময় বোৰৰ প্ৰতিটো চেকেণ্ডতে মোৰ সংগ্ৰাম নিহিত হৈ আছে। মোৰ দেউতা আছিল শিক্ষক । মই অকল ঢোল টো লৈ ব্যস্ত থকাৰ বাবে দেউতাৰ সহ্য হোৱা নাছিল । আনকি স্কুলত মতৰ বাবে কথাও শুনিব লগা হৈছিল । কথাই কথাই কৈ থাকে ঢোলে নুখুৱায় । ঘৰৰ লগতে সংগ্ৰাম আৰম্ভ হৈছিল ।ঢোলটোৰ বাবেই এদিন ঘৰ এৰি গুৱাহাটী পালোগৈ। ঢোলৰ সুসংহত চাপৰ একত্ৰিত কৰাৰ কথা কওঁতে সোমনাথ বৰাই উৎসাহ দিয়া নাছিল । অৱশ্যে প্ৰসেন বৰাই যথেষ্ট উৎসাহিত কৰিছিল । হলে কি হ’ব ? গুৱাহাটীৰ কথা , তাতে হাতত নাই কণটো , বৰ সবাহলৈ মনটো। নাচনী এজনীক নচুৱাই সামান্যতম পইছা কেইটকা মান পাওঁ , দিনটো নোজোৰে।এনে অৱস্থা হৈছিল গৈ যে ২০০৫ চনত গনেশগুৰিৰ গুমটি বোৰত বৰদান বিড়ি বিক্ৰী কৰিছিলো। মই বিড়ি খিনি দোকান বোৰত দি দিলেই দিনটোত ৮০ টকা পাওঁ। ঢোলৰ বাবেই এদিন লগ পালো পাকিজা বেগম বাইদেউক । বাইদেউৰ ভাৰা ঘৰতে থাকিবলৈ লওঁ। টকাৰ টাড়নাত মাটিৰ কাম কৰিবলৈও বাধ্য হওঁ। আনকি বেলতলাত দিনে ১২০ টকা হাজিৰাত পাইখানাৰ গাত খান্দিব লৈ লৈছিলো।কিন্তু মূল লক্ষ্য ৰ পৰা আতৰি অহা নাছিলোঁ । চাপৰ বোৰৰ সমসাজৰ প্ৰতিলিপি   তৈয়াৰ কৰি গৈছিলো। ২০১১ চনত  চি,চি,আৰ, টি,  ৰ ফৰ্ম ফিলাপ কৰো। বিষয় আছিল – “বিবাহ অনুষ্ঠানত অসমীয়া ওজা ঢোলৰ প্ৰাসংগিকতা ।” ২০১৩ চনত ২০০ জনৰ ভিতৰত মোৰ নামটো আহিল। জলপানি পাই আৰু অলপ সাহস বাঢ়িল। সমসাজৰ সপোন পুৰ কৰি ১০১ টা খৰা চেও সন্নিৱিষ্ট  “ঢোলত চাপৰ মাৰি ” শীৰ্ষক এখন কিতাপ লিখি উলিয়াওঁ। গুৱাহাটীৰ প্ৰেছ ক্লাৱত উন্মোচিত হয়। এতিয়াও লাগি আছোঁ কামত ।

ফেঁহুজালি : আপোনাৰ সংগ্ৰামৰ গাঠাই আমাকো শিহৰিত কৰি তুলিলে। দহজনৰ পাথেয় হওক আপোনাৰ জীৱন। কাৰ ওচৰত  আপুনি গুৰু মানিছিল ?

সীমান্ত তামুলী : মুখ্য গুৰু -তুলসী ওজা । গুৰু আছিল -গোপাল ওজা, হিতেশ্বৰ শইকীয়া। বৰ্তমান- ধনেশ্বৰ শইকীয়া।

ফেঁহুজালি : বিহু অসমীয়াৰ বাপতিসাহোন । সংস্কৃতিৰ এনাজৰী।বৰ্তমান এই জাতীয় উৎসৱটো শিল্পী সকলে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে যেন বোধ হয়।অসমীয়া জাতিটোৱে ৩ মাহলৈ নাচি থকা জাতি হিচাপে বিশ্ব দৰবাৰত চিহ্নিত হ’বলৈ গৈ আছে । এই ক্ষেত্ৰত আপোনাৰ ক’ব লগীয়া আছেনে ?

সীমান্ত তামুলী : তিনি মাহ জোৰাই উদযাপন কৰা বিহু সহ্য নহয়। অপ্ৰিয় হলেও সত্য, বিহু কমিটি সমুহে মঞ্চ বিহুত ঢুলীয়া সকলক উপযুক্ত সন্মান দিব নিবিচাৰে। মঘাই ওজাৰ দিনৰে পৰা আজিলৈকে   গায়ক আৰু ঢুলীয়া সকলক  একে চকুৰে চাবলৈ লোৱা নাই। এইটো এটা আক্ষেপ ,,,,,।

ফেঁহুজালি : নিশ্চয়, সকলোৱে ভাৱিবৰ হ’ল। অধ্যয়ন কৰা শিক্ষানুষ্ঠান সমুহৰ নাম?

সীমান্ত তামুলী : নগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰো। হাইস্কুল – চিলাপথাৰ ৰেচিডেঞ্চিয়েল হাইস্কুল । কলেজ – চিলাপথাৰ কলেজ।

ফেঁহুজালি : আদৰ্শ ব্যক্তি?

সীমান্ত তামুলী : মোৰ দেউতা।

ফেঁহুজালি : ৰাজনৈতিক ক্ষেত্ৰখনত ?

সীমান্ত তামুলী : নিৰপেক্ষ ।

ফেঁহুজালি : প্রিয় খাদ্য ?

সীমান্ত তামুলী : হাহঁ মাংসৰ গোটা ভাজি।

ফেঁহুজালি : এগৰাকী সফল ব্যক্তিৰ আৰঁত এগৰাকী নাৰী থাকে ; আপোনাৰ ক্ষেত্ৰত ,,,?

সীমান্ত তামুলী : মোৰ মা আৰু মোৰ পত্নী চিত্ৰলেখা চুতীয়া তামুলীৰ সাহস তথা অনুপ্ৰেৰণাই মোক আজিৰ  স্থানত বহুৱালে।

ফেঁহুজালি : ভৱিষ্যত পৰিকল্পনা ? সীমান্ত তামুলী : অসমৰ জনগোষ্ঠীসমূহৰ ঢোলৰ চাপৰ বোৰৰ মৌলিকতা উদ্ধাৰ কৰা।

ফেঁহুজালি : নতুন চামক কি ক’ব ?

সীমান্ত তামুলী : নতুনচামে লোকসংস্কৃতি আগুৱাই নিয়াৰ ক্ষেত্ৰত ভালদৰে , খোলা মনেৰে শ্ৰদ্ধা সহকাৰে শিকি, কিছু সময় দি বাদ্যটিৰ উন্নতিৰ ক্ষেত্ৰত নিজকে আগবঢ়াই দিয়ক । যাতে বিশ্ব সংগীত দৰবাৰত ঢোলটোৱে উচিৎ স্থান পায়।

ফেঁহুজালি : নিশ্চয় কৈ নতুন চাম আগবাঢ়ি যাব । অভিভাৱকলৈ কি ক’ব?

সীমান্ত তামুলী : মহান ঢোলবাদ্য শিকোৱাত  অভিভাৱকেই আগ ভাগ ল’ব লাগে।

ফেঁহুজালি : ধন্যবাদ সীমান্ত তামুলী । ইমান ব্যস্ততাৰ মাজতো সময়খিনি উলিয়াই জীৱনৰ কিছু কথা আমাকো ভগাই দিয়াৰ বাবে। এইবাৰো নিশ্চয় কৰ্মশালা আছে । আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো। সপোন বোৰ পূৰ্ণ হওক। আজিলৈ বিদায় মাগিছোঁ ।

সীমান্ত তামুলী : ভাল লাগিল । আপোনালোকৰ আশীৰ্বাদেই আমাৰ প্ৰেৰণা । ‘‘ ফেঁহুজালি ’’ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ।

(ফেহুঁজালিৰ হৈ দেৱজিত্ ভূঞা)

-: লিমাৰিক: –

 
-গোলোক চন্দ্ৰ দত্ত
(১)
মন্ত্ৰীয়ে মদ খাই মাতলামি কৰে।
পুলিচৰ কি সাধ্য মন্ত্ৰীক ধৰে?
ঘটিৰাম- বাতিৰামে,
এগিলাচ মদ খালে,
লাঠিধাৰী পুলিচৰ মাৰ খাই মৰে।

(২)

অফিচাৰে ক’লে বোলে হ’ব হ’ব –
যোৱা।
তোমাৰ ইন্টাৰভিউ হৈ গ’ল লোৱা।
ত্ৰিশ হাজাৰ টকা লৈ,
ক’লে খন্তেক ৰৈ,
পোষ্টিং ক’ত কৰিম -সোনকালে
কোৱা।
(প্ৰান্তিক)
(৩)
ৰামৰ দিনত ভাৰতবৰ্ষত ৰাৱণ
আছিল এটা।
কুৰি শতিকাৰ ভাৰতবৰ্ষত ৰাৱণ
ওলাল এশটা।
উৰাবলৈ শান্তিৰ ধ্বজা,
ভাৰতত আজি -ৰামৰ প্ৰজা
বান্দৰ বোৰৰ মাজত অলপো নাই
দেখোন একতা ।
(৪)
গোলক ওৰফে মই গোলোক চন্দ্ৰ
দত্ত ।
লিমাৰিক লেখাত মই- মানুহজন
মত্ত ।
লিমাৰিক কাক কয়- –
ই গদ্য নে পদ্য হয়–
যদিও নাজানো তাৰ একোডাল
তত্ব ।

—::–::::::–::–

পিং আখ্যান

 

 

 

জ্যোতি প্ৰসাদ শইকীয়া

 

পিঙৰ সন্ধ্যাৰ পৰাই মন বেয়া ! মই দূৰৈৰ পৰা তাক আমন জিমনকৈ বহি থকা দেখি সুধিলো …পিং কি হল তোৰ ?

 

 

 

পিঙে বোলে “নকব আৰু দাদা কালি গাৱতে বিয়া আছিল ,ৰাতি বহু দেৰিলৈকে মদে ,মাংসই থিকচে এসোপা গিলিলো ! আজি সেই বাবেই চাগৈ পেটতো পুৱাৰ পৰাই ঢোল যেন হৈ আছিল ! গাৱৰে আন এঘৰত আজি মাছে / মাংসই খানা ৰাতিলৈ ! সেয়ে ভাবিলো পেটতো ভাল কৰো ! কাষৰে খুড়ীয়ে কলে পেট বেয়া হলে নেমু টেঙা চোবাই চোবাই খাই দিব লাগে ! পুৱাৰ পৰা পাচটামান নেমু চোবাই দিলো ! পেটতো ভাল হল ! ভাবিলো দকচি এগালমান খাব পাৰিম !

 

পিচে কেনা লাগিল দাদা ,,,নেমু খোৱাৰ পিচত দাত এইচা টেঙা হৈছে মাছ / মাংস দূৰ কী বাট ভাত এটাও মুখৰ ভিতৰত ৰাখিব নোৱাৰো ,চোবাব নোৱাৰো ! সেয়েহে মোৰ বৰ দুখ অ’ …..”

বুদ্ধিজীৱী বিষয়ে এখন ৰচনা

ৰণজিৎ ফুকন,
শিৱসাগৰ ৷

হোজা, হেবাং, নিমাষিত মুঠ কথাত মূৰ্খ মানুহৰ মাজত বুদ্ধি বিক্ৰী কৰি যি সকলে জীৱন নিৰ্বাহ কৰে তেওঁলোকক বুদ্ধিজীৱী বুলি কোৱা হয় ৷ তেওঁলোকে নিজা নিজা কাৰখানাত বুদ্ধি বোৰ উৎপাদন কৰে আৰু পাচিয়ে পাচিয়ে বজাৰত বিক্ৰী কৰে ৷ এইবোৰ কিনি আমি বাৰে বাৰে ঠগ খাওঁ, হ’লেও বজাৰত বুদ্ধি বিক্ৰীৰ হাৰ নকমে ৷ টেঙা আম এবাৰহে বেছিব পাৰি বুলি কোৱা ইকনমিক থিয়ৰীটো এইখন বজাৰত ভুল বুলি প্ৰমাণিত হয় ৷ বাৰে বাৰে ঠগ খোৱাৰ পাছতো আমি তেওঁলোকৰ পৰা বুদ্ধি কিনিয়ে থাকোঁ ৷ আমাক টুপি পিন্ধোৱাত তেওঁলোক পাকৈত ৷ কাৰণ তেওঁলোক বুদ্ধিজীৱীয়ে নহয়, বুদ্ধিয়কো ৷

বুদ্ধিজীৱী দুই প্ৰকাৰৰ ৷ বাওঁপন্থী আৰু সোঁপন্থী ৷ যিসকল বুদ্ধিজীৱীয়ে সাধাৰণতে বাওঁ হাত জোকাৰি জোকাৰি, তৰ্জনি আঙুলি দেখুৱাই কথা কয় তেওঁলোক বাওঁপন্থী ৷ এওঁলোকে আনক সদায় গালিকে পাৰি থাকে ৷ আনৰ উন্নতি সহ্য নকৰে ৷ ব্যক্তিগতকৰণ, উদাৰিকৰণ, কোম্পানী আদি শব্দবোৰ শুনিলে এওঁলোক জাঙুৰ খাই উঠে ৷ গাড়ী ঘোৰাত বৰকৈ নুঠে ৷ চেতেপ চেতেপ হাৱাই ছেণ্ডেল পিন্ধি ঘুৰি ফুৰে ৷ সৰ্ব্বসাৰাৰ কথা কওঁতে কওঁতে এদিন নিজৰে লাওলোৱা অৱস্থা হয় ৷ মাৰ্কেটিঙৰ জ্ঞান নথকা আৰু একেটা কথাতে লাগি থকাৰ বাবে বাওঁপন্থীৰ বজাৰ ভাল নহয় ৷

সোঁহাতেৰে নাকটো মোহাৰি যি বুদ্ধিটো ওলিয়াব পাৰে তেওঁলোকেই সোঁপন্থী বুদ্ধিজীৱী ৷ তুলনামূলক ভাৱে এওঁলোকৰ বজাৰ ভাল ৷ কোনসময়ত কোনটো বুদ্ধি ক’ত বেছিব লাগে এওঁলোকে ভলদৰে জানে ৷ এওঁলোকে সাধাৰণতে বজাৰ ওচৰত থাকি ভাল পায় ৷ কথাৰ লুটি বাগৰ মৰাত এওঁলোক পাকৈত ৷

ৰাজনীতিবিদৰ লগত বুদ্ধিজীৱী একেটা নলিৰে পানী যোৱা ৷ একেবাৰে ফেছবুকিয়ান ফ্ৰেণ্ডৰ দৰে ৷ অৱশ্যে সম্পৰ্কটো বাহিৰৰ পৰা দেখা নাযায় ৷ আমাৰ যে বিহু গীতত গাই-

“লোককে দেখোৱাই কোটেৰাই মাতিবা ভিতৰি নেৰিবা বেথা ” ,
ঠিক তেনেকুৱা ৷ যিসকলে এই ভিতৰৰ বেথাটো ভলদৰে দেখাব পাৰে ৷ তেওঁলোক মালামাল হৈ যায় ৷ ৰাজনীতিজীৱী সকলে বুদ্ধিজীৱী সকলক সদায় সমিহ কৰি চলে ৷ কাৰণ বুদ্ধিজীৱীয়ে পদপথৰ মানুহক ৰজা বনাব পাৰে আৰু ৰজাক গতিয়াই পদপথৰ ভিক্ষাৰী কৰি দিব পাৰে ৷ কোনো ৰজাই বুদ্ধিজীৱীৰ আৰ্শীবাদ ন’হলে সিংহাসন উঠিবও নোৱাৰে বা বহি থাকিবও নোৱাৰে ৷ আনকি এজন ৰজাই আন এজনক লেং মাৰিবলৈও বুদ্ধিজীৱীৰ সহায় লাগে ৷

চকুচৰহাৰ মতে বুদ্ধিজীৱীৰ আয়ৰ উৎসও বোলে ৰাজনীতি ৷ মানে ৰজা, মন্ত্ৰী, পালিমন্ত্ৰী সকলে এওঁলোকক পোহ পাল দিয়ে ৷ অৱশ্যে জনা সকলে জানে বুদ্ধিজীৱী সকলক সন্তোষ কৰিবলৈকে ৰজাই নামৰ আগেপাছে লিখিব পৰাকৈ শ্ৰী, ভূষণ, বিভূষণ ৰত্ন আদি শই শই উপাধিৰ ব্যৱস্থা কৰিছে । ইবিলাক বুটলিবলৈ কিছু বুদ্ধিজীৱীৰ মাজত ৰজাক তেল সনাৰ এক প্ৰতিযোগিতা চলে ৷
হেৰিৰ নিচিনা এওঁলোক জ্ঞাতিশিংসুকীয়া ৷ সুবিধা পালেই এজনে আনজনৰ বদনাম ওকতি পৰ্দা ফাচ্ কৰি দিয়ে ৷ নিজৰ প্ৰতিপত্তি দেখাবলৈ মুখত গুৰু মনি থকা জনকো পাছফালৰ পৰা চুৰি মাৰি দিব পাৰে ৷ এজনে আনজনৰ উপস্থিতি সহ্য নকৰে ৷ টি ভিৰ পৰ্দাত টেটু ফালি যোৱাকৈ চিঞৰি নিজে যে শ্ৰেষ্ঠ প্ৰমাণ কৰে ৷

অসমত বুদ্ধিজীৱী কেৰিয়াৰটো বৰ বেচি জনপ্ৰিয় নাছিল ৷ সিদিনা অসমৰ কেইজনমান বুদ্ধিজীৱীয়ে হঠাৎ গোহাৰি এখন ছপা কৰি ব’ম ফুটাই দিয়াত অসমৰ আকাশে বতাহে বুদ্ধিজীৱী শব্দটো ৰজণজনাই গ’ল ৷ ঘটনাটো এনেধৰণৰ ৷
অসমত নিৰ্ব্বাচন ৷ পাৰ্টি দুটা ৷ এটা পেটুৱা পাৰ্টি ৷ যোৱা ১৫ বছৰ ৰাজ পাট খাই এই পাৰ্টিৰ সকলো মন্ত্ৰী পালিমন্ত্ৰী পেটুৱা হৈ গ’ল বাবে পেটুৱা পাৰ্টি ৷ আনটো ধৰ্মত মতি থকা গেৰুৱা কাপোৰ পিন্ধা সন্যাসীৰ পাৰ্টি ৷ আমাৰ বু্দ্ধিজীৱী সকলো নিজৰ সুবিধাৰ বাবে নিজ পক্ষৰ পাৰ্টিৰ সমৰ্থনত লাগি গ’ল ৷ ডাইৰেক্টলি কৈ দিলে গনতন্ত্ৰই ডিঙি চেপিব বুলি ইনডাইৰেক্টলি কেম্পেইন কৰিব ধৰিলে ৷ এই খনিলৈকে ঠিকে আছিল ৷ ৰাইজে ভোট টিপিবলে মেচিনটোৰ ফালে আগবাঢ়িছিলেই ৷ এনেতে এজন অভং বুদ্ধিজীৱীয়ে লগত কেইজনমান লৈ ভুতুংকৈ গোহাৰি এখন ছপা কৰি দিলে ৷ গোহাৰিত লিখিলে যে সন্যাসী পাৰ্টিক ভোট নিদিব ৷ সন্যাসী বোৰ ধৰ্ম কৰা মানুহ ৷ ইহঁত ৰজা হ’লে কৃষিকৰ্ম, শিল্পকৰ্ম আদিবোৰ পাছ পেলাই ধৰ্ম-কৰ্মতহে গুৰুত্ব দিব ৷ ডেকা ল’ৰাবোৰ দেশৰ কাম বাদদি হৰিনাম লোৱাত লাগিব ৷ ফলত গদাধৰ সিংহৰ দিনৰ ধোদৰ ৰাজ্য হ’ব ৷ আমাৰ ৰাইজৰ মাজতো সুদভগীয়া, কেৱলীয়া, বাতিভগীয়া আদি বিভিন্নতা আনি অশান্তিৰ সৃষ্টি কৰিব ৷ ইতিমধ্যে আধুনিক বিজ্ঞানৰ কথাবোৰ মিছা তাহানিৰ বেদবাক্যহে সঁচা বুলি প্ৰচাৰ কৰি বিজ্ঞানৰ কন কঠিয়া মাৰিব খুজিছেই ৷

লগে লগে হুলস্থুল হৈ গ’ল ৷ নিজ নিজ পাৰ্টিৰ সমৰ্থনত বুদ্ধিজীৱী সকলে বুদ্ধি বৰষিবলে ধৰিলে ৷ বাতৰি কাকত টিভিয়ে থাৱনী নোপোৱা হ’ল ৷ কাৰ সমৰ্থনত কোনে কি কথা ক’লে হিচাব নোহোৱা হ’ল ৷ আনকি পেটুৱা আৰু সন্যাসী পাৰ্টিৰ মানুহবোৰেও ভেলেঙা লাগি চাই থাকিল ৷ আনহাতে বুদ্ধিজীৱী সকলে সাংঘাটিক পাব্লিচিতি পায় গ’ল ৷

আমাৰ চেঙেলীয়া সকল বা ছাত্র-ছাত্ৰী সকল বুজি পালে যে বুদ্ধিজীৱী বুলি এটা তামাম কেৰিয়াৰ আছে ৷ এটিয়া সিহঁতক ভৱিষ্যতে কি হ’বা বুলি সুধিলে ধুনি অথবা জুবিন গাৰ্গ হ’ম বুলি নকয় ৷ টপককৈ কৈ দিব এজন বুদ্ধিজীৱী হ’ম বুলি ৷

গুণ গুণ গানে গানে কাণে কাণে

নন্দ চুতীয়া
ঢকুৱাখনা

এখন সৰু নৈ । বৈ আছে সৰ্বতিকাল আপোন ধাৰে নিজস্ব ছন্দোময় গতিৰে । বাৰিষা নৈখন ফেনেফুটুকাৰে ওফন্দি উঠে, কেতিয়াবা পাৰ বাগৰি সৰ্বনাশ কৰে । উটোৱাই লৈ যায় কৃষকৰ তেজত ফুলা শইচ, কৃষকে চকুলো টুকে, বুকুখন ঠন ঠনকৈ ভাগে, আনে নুশুনে । নৈ খনৰ উত্তৰ দিশে নৈখনৰ পাৰতে আছে এখন সৰু নগৰ আৰু আছে অনেক বোৰ অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠান । উচ্চ শিক্ষানুষ্ঠান ডি.কে.চি. কলেজখনো নৈখনৰ পাৰতে অৱস্থিত । অফ পিৰিয়ডত কলেজখনৰ অনেক ছাত্ৰ-ছাত্ৰীয়ে নৈখনৰ পাৰে পাৰে ফুৰে । নৈৰ পাৰতে আছে কেইজোপামান বৃহৎ আকাৰৰ ৰেইন ট্ৰি । নৈ গৰাৰ গছ তলত বহি আড্ডা মাৰে । নৈখনৰ বুকুত উঠা নমা কৰা সৰু সৰু ঢৌবোৰ চাই কোনোবাই গুণ গুণকৈ গান এটাৰ সুৰ টানে ।

কলেজীয়া জীৱন । বহুতৰ গাত যৌৱনৰ চঞ্চল বতাহে আমনি কৰে । কাৰোবাক ভাল লাগে, কাৰোবাৰ সৈতে হৃদয়খন বিনিময় কৰিবলৈ মন জাগে । যৌৱন এনেকুৱাই । ক’ব নোৱাৰাকৈয়ে বুকুৰ মাজত প্ৰেমৰ পোখা মেলে সূৰ্যমুখী ফুলৰ দৰে ।

নৈ গৰাৰ সেউজীয়া দুবৰিত বহি অ’ত ত’ত যোৰ যোৰ ছাত্ৰ-ছাত্ৰী । গুণ গুণকৈ কিবা কথা পাতে । শুৱলা গীত যেন লাগে ।

॥প্ৰথম চিত্ৰ॥

ছাত্ৰঃ ঐ শেৱালী, তুমি উঠত ইমান লিপষ্টিক ঘহা, তোমাৰ পেটত কিজানি এমোন মান ৰং সোমাই আছে ।

ছাত্ৰীঃ তাৰে আধামোন দেখোন তুমিয়েই চুহি খাই থৈছা ।

নৈ গৰাৰ পৰা মাটি এচপৰা পানীত ঢপংকৈ খহি পৰে ।

॥দ্বিতীয় চিত্র॥

নৈ গৰাৰ সেউজীয়া দুবৰিৰ দলিচাত বহি আন এযোৰ ল’ৰা-ছোৱালী ।
গুণ গুণ কথোপকথন । মিঠা পান খনৰ দৰে মিঠা মিঠা লগা কতনা কথা ।

ছাত্ৰীঃ পুলকদা, মই যদি কাপোৰ হ’লোহেতেন নহয় তোমাৰ গাত অনবৰতে লিপিতখাই লাগি থাকিলোহেতেন ।

ছাত্ৰঃ তেতিয়া ভালেই হ’লহেতেন । কাপোৰ পুৰণা হ’লে সেইখন দলিয়াই থৈ বেলেগ নতুন এখন ল’বলৈ সুবিধা হৈ গ’লহেতেন ।

পানী যুৱলিত চৰি ফুৰা চেলকনা মাছকেইটাই খিক খিককৈ হাঁহি আঁতৰি যায় ।

॥তৃতীয় চিত্র॥

নৈ গৰাৰ আন এঠাইত গছ তলৰ দুবৰি বনত বহি কেইজনীমান ছোৱালীৰ আড্ডা ।

এজনীঃ ঐ শুনিছো ছত্ৰধৰা ছাৰৰ সৈতে বোলে অংগণাৰ হিয়া দিয়া নিয়া গঢ়ি উঠিছে ।

আন এজনীঃ সেই বুঢ়াটোৰ লগত ? আ-চৰিত…..!!!

অন্য এজনীঃ ছাৰৰ বাইদেউ আছে, ল’ৰা-ছোৱালী আছে, তেনেস্থলত অংগণাই……

আন এজনীঃ কেলৈ নাম এষাৰ গাই নহয়…..

“মতা ল’ৰা পাবলৈ যদি মন কৰিছ
গৰৈ মাছ পাতত দি খাবি,
প্ৰেমৰ জুটি ল’বলৈ যদি মন কৰিছ
এজনী অনালৈ যাবি ।”

কথাষাৰ সেইটো আক’….

ৰসপাই গোটেই কেইজনী ছোৱালীয়ে গিৰ্জনীমাৰি হাঁহে । নৈখনৰ সিটো পাৰত থকা ডাঠ বাঁহনী ডৰাত ঠেকা খাই প্ৰতিধ্বনি হৈ নৈখনৰ বুকুত ওফন্দি পৰি ওপঙি থাকে ।

॥চতুৰ্থ চিত্র॥

এজন ছাত্ৰঃ ঐ ৰাতুল, এইবাৰ কলেজ উইকত তই বৰগীত, জ্যোতি সংগীত, ৰাভা সংগীত, আধুনিক গীত, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা সকলো প্ৰতিযোগিতাতে জইন কৰি এটা প্ৰতিযোগিতাতো উপস্থিত নেথাকিলি যে ?

ৰাতুলঃ ধেৎ অকৰা, এইখন কলেজত ময়ো যে পঢ়ো, এইখন কলেজৰ ময়ো যে এজন ছাত্ৰ, মোৰ নামটো প্ৰচাৰহে কৰিছিলো ।

নৈখনে খিল খিলকৈ হাঁহি দিয়ে ।

॥পঞ্চম চিত্র॥

১ম ছাত্ৰঃ ঐ দুছ, তই বোলে মেচ সলাব খুজিছ ? বৰুৱা ছাৰৰ মেচটো কি বেয়া পালি ? তাৰ পৰিবেশ ইমান ভাল ।

২য় ছাত্ৰঃ কি কবি দুছ, বাইদেউ আৰু ছাৰৰ মাজত বহুদিন ধৰি তয়াময়া যুদ্ধ । মেঘৰ গৰ্জনেৰে তৰ্জন গৰ্জন । কাণ ফাটি গৈছে । কি পঢ়িবি আৰু তাত । পৰিবেশ ঘোলা ।

১ম ছাত্ৰঃ কিহৰ কাজিয়া ইমান ?

২য় ছাত্ৰঃ ছাৰৰ ঘৰত কাম কৰা মানুহ এজনী আছে নহয় । এদিন ছাৰে বাইদেউক ক’লে, “হেৰা, বনকৰা মানুহজনীৰ ব্লাউজটো ফাটিছেহে । কাষলতিৰ তলখন একেবাৰে অৱস্থাই নাই । এটা নতুন ব্লাউজ আনি দিব লাগিব হে ।” বাইদেউৰ তাতেই খং । জকি উঠিল । তোমাৰ চকু গৈ তাতহে পৰিছেগৈ নে ? তুমি মানে……

কথা সেইষাৰেই । এতিয়া দৈনন্দিন কুৰুক্ষেত্ৰ । কোনেও কাৰো কথা নুবুজে ।

কলেজ খোলা দিনত নৈখনৰ পাৰ এনেকৈয়ে বিচিত্ৰ কথাৰে মুখৰ হৈ থাকে । নৈ খনে শুনি থাকে । নৈখন বৈ থাকে ।

লিমাৰিক

গোলোক চন্দ্ৰ দত্ত, ভীমপথাৰ, ডিগবৈ ৷

( ক )

বাথৰূমৰ পৰা ওলাই আহিলে মূৰত চুলি নাই;
সাজি-কাচি ওলালে বিৰাট খোপাৰ তুলনা নাই ৷
চুলি নোহোৱাৰ হয় চুলি,
খোপা বান্ধে এহাত তুলি,
আধুনিক যুগৰ গোপন কথা একো নুবুজোঁ ভাই ৷
Continue reading

ৰঙালাউ আখ্যান

নন্দ চুতীয়া, ঢকুৱাখনা ।

এদিনীয়া ক্ৰিকেট খেল। দ্বিতীয় ইনিংছত ভাৰতে বেট ধৰিছে। ইতিমধ্যে ভাৰতৰ নটা উইকেট পতন ঘটিছে। ক্ৰিজত খোপনি পুতিছেহি অন্তিম উইকেটে। অন্তিম অভাৰ। মাত্ৰ ছটা বল বাকী আছে। ইফালে জিকিবলৈ লাগে আৰু এঘাৰ ৰাণ। Continue reading

অন লাইন পূজা

অন লাইন পূজা

পদূলি শুঙা বৰুৱা ৷

প্ৰতি বছৰে দেৱী দূৰ্গা মৰ্ত্যলৈ আহে ৷ তেওঁৰ নিজা পূজা ভাগ ল’বলৈ ৷ বৰ কষ্ট হয় আহোতে ৷ কেতিযাবা হাতী, কেতিয়াবা ঘোঁৰা, নাও ইত্যাদিৰে ৷ সেই পুৰণা, আহুকলীয়া বাহনবোৰত বাৰু কিমান কষ্টৰে যাতায়ত কৰিব ৷ Continue reading

লিমাৰিক

নন্দ চুতীয়া, অৱসৰ প্ৰাপ্ত গ্ৰন্থাগাৰ সহায়ক, ঢকুৱাখনা মহাবিদ্যালয়।

(১)

কেৰিয়াৰ নেলাগেই থাকিলে বেক
ঘোচ দিলেই পোৱা হৈছিল শিক্ষকৰ খেত
ভবা কথা ন’হল সিদ্ধি
শিক্ষামন্ত্ৰীৰ নতুন নীতি
স্কুল শিক্ষক হ’বলৈ উত্তীৰ্ণ হ’ব লাগিবই বোলে টেট।
Continue reading