সৰু সৰু কথা

ইমৰাণ শ্বাহ

 

আমি যিবোৰ কথা কওঁ বা কাম কৰোঁ,সেইবোৰ অভ্যাসত পৰিণত হ’লে তাৰ গুৰুত্বটো আমাৰ ওচৰতে কমি যোৱাটো লক্ষ্য কৰিব পাৰি। হাতৰ তলুৱাত চূণ আৰু ধঁপাত লৈ মলি মানুহে এক বিশেষধৰণে নিচা সেৱন কৰে। একো কবই নোৱাৰে। নিৰ্বিকাৰ। অথচ অনভ্যস্ত এজনৰ মূৰ ঘূৰাই বমি হৈ হাহাকাৰ লাগি যাব পাৰে। কথাই কথাই ইন্চা- আল্লাহ কৈ থকা মুছলমান এজনে মনেই নকৰে তেওঁ আচলতে কি কাম এটা কৰি থাকে। শুকাভ্যাস। ভাল লগা। কিন্তু কামৰ নহয়। একোজন গাড়ীচালকে কবই নোৱাৰে, গাড়ীখন কেলই চলিছে। যন্ত্ৰৰ লগতে যন্ত্ৰ। কেতিয়াবা ইঞ্জিনে মাজবাটত বিদ্ৰোহ কৰিলেহে মোৰে কপালে হাত। গেৰেজ বা এতিয়া ক’ত আছে। জেপৰ মানিবেগটো হঠাৎ বৰ চেঁচা হৈ যোৱা যেন লাগে।

জনাটো বৰ দৰকাৰী কথা। আমি যি কওঁ, যি বিচাৰোঁ, যি কৰোঁ, এই সকলোবোৰৰ তলা-নলা খৰচী মাৰি জনাটো বৰ দৰকাৰী কথা। আপুনি যদি আপোনাৰ ঘৰখনত ছমাহে-বছৰেকে হৈ থকা জ্বৰকেইবিধৰ চৰিত্র নাজানে, আপোনাৰে দুৰ্ভাগ্য। এই জনাটোৰে পোছাকী নাম জ্ঞান। নাজানিলে কোনোবা জন যোগালী হৈয়ে ৰৈ যাব। ৰাজমিস্ত্ৰী হ’বগৈ নোৱাৰিব। ৰাজমিস্ত্ৰী জন সেইখিনিতে ৰৈ যাব। স্থাপত্যবিদ হ’বগৈ নোৱাৰিব। স্থপতিজন শিল্পী হ’ব নোৱাৰিবগৈ। বৰ্ বৰ্ ঘৰৰ নক্সা আঁকিব ঠিকেই,কিন্ত্ত কালজয়ী কীৰ্তি, মনুমেন্ট ওঁহো।

জীৱনটো ধুনীয়াকৈ আগবঢ়াই নিবলৈ জ্ঞান অপৰিহাৰ্য। কিন্তু জ্ঞানৰো সীমাবদ্ধতা আছে । সিদিনা পালো,মোৰ বৰ শ্ৰদ্ধাৰ বিজ্ঞানী,ড° দীনেশ গোস্বামীয়ে অতি-পোকৰ (ছুপাৰ বাগ্) বিষয়ে লিখিছে। মন কৰিবলগীয়া কথাটো হ’ল, মোৰ দৰে সাধাৰণ মানুহৰ কথা বাদেই, অনেক বাঘা-বাঘা, বিজ্ঞানৰ ক্ষেত্ৰত দপদপাই থকা মানুহেও বস্তুবিধৰ প্ৰভাৱ ধৰিব পৰা নাই । ঠিক এইখিনিতেই জ্ঞানৰ লগত চিন্তা, বিবেচনা, অন্তৰ্দৃষ্টি আদিৰ প্ৰয়োজন হয় । গৰু থাকিলেই নহ’ব, হাল বাবও লাগিব । তেতিয়াহে জানিম “টিক বলধা ওলাই মাটি”ৰ নিচিনা কথাবোৰৰ আচল অৰ্থ কি ?

আমি আহৰণ কৰা জ্ঞানৰ চিন্তা-চৰ্চা ব্যাখ্যা-বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰি দিলেই দেখিম, জ্ঞানে পোখা মেলিবলৈ আৰাম্ভ কৰি দিছে । মানুহ ক’ৰ পৰা ক’লৈ গৈছে আৰু ক’লৈ যাব পাৰিব, যাবই কল্পনাও কৰিব নোৱাৰিব । মূৰত আপেল সৰি পৰিলেই মগজুৰ জোকাৰণি আৰম্ভ হৈ যাব লাগে । তাত্ত্বিক জ্ঞানৰ ৱাস্তব মূল্য কম । প্ৰয়োজনত হে জ্ঞানৰ আচল পৰিচয় । প্ৰয়োগত বাৰে বাৰে ভুল হ’ব পাৰে । আৰু ভুলতে ভুলৰ শুধৰণিও সোমাই থাকে । গতিকে আহৰণ কৰা যি কোনো জ্ঞানৰ ক্ষেত্ৰত প্ৰশ্ন তুলিবলৈ ভয় কৰিব নালাগে । “Semble” আৰু “Resemble”-এ মানুহৰ অনেক ধাৰণাত বিভ্ৰান্তি সৃষ্টি কৰি থাকে । মাত্ৰ ভালকৈ জানি-বুজি যুক্তিসন্মতভাৱে প্ৰশ্ন তুলিব লাগিব । তাকো পৰাপক্ষত নিজৰ প্ৰশ্নৰ নিজেই উত্তৰ উলিয়াবলৈ যত্ন কৰিব লাগে । প্ৰশ্ন অনাহক সংশয়ৰ বাবে হ’ব নালাগে ।

আমাৰ এটা বোৰ বেয়া অভ্যাস আছে । ভুলো । সৰু দোকান এখন দিলেও আমাক তৎক্ষনাৎ বহুত লাভ পাবলৈ লাগে । আমি দোকানখনো বেছ আহল-বহলকৈ লৈছো । আনকি পঢ়া-শুনাৰ দৰে কামো লাভৰ আশা কৰিহে কৰো । ফলাফলৰ হিচাপে আগৰ পৰা কৰা এই মনোভংগিটোকে আমক মানুহ হিচাপে আচলতে একে ঠাইতে ৰাখি থয় । আমাৰ শিক্ষা-দীক্ষা সদায় এটা সীমাত আহি থমকি ৰৈ যাই । ডাঙৰ বিষয়াজন বি.এ. নে এম.এ. নে কি কোনেও নোসোধে । নিজেও পাহৰি থাকে । এই সন্দৰ্ভটোৰ সূদীৰ্ঘ আলোচনা হ’ব পাৰে । হোৱা ভালো । নহ’লেও আমি প্ৰত্যেকেই ভাবিবলৈ যত্ন কৰিব পাৰো । জ্ঞানৰ সাধনা  বৰ সুন্দৰ, বৰ পবিত্ৰ । লাভ-লোকচানৰ হিচাপেৰে তাক লঘু কৰাটো দূখৰ কথা ।

 

“অভ্যাসাৎ জ্ঞানং শ্ৰেয়ঃ জ্ঞানাৎ ধ্যানং বিশিষ্যতে, ধ্যান্যাং কৰ্মফলত্যাগঃ ত্যাগ অনন্তৰং শান্তিঃ ।“

ফুটুকাৰ ফেন

মোহন পাচনি

গহপুৰ

‘পুৱতি পখীৰ মাত শুনো কি নুশুনো তোমাৰ মাত কিন্তু ঠিকেই শুনো । শুই উঠাৰে পৰা শুনিব লগা আৰু সহিব লগা হয় তোমাৰ শ্ৰীমুখৰ বৰ্ষণ । মদ, জুৱা, চিগাৰেট এই বদ্ অভ্যাসবোৰেই হ’ল শুনিব লগা কাৰণ । ঠিক আছে, এৰি দিম সকলোবোৰ । কচম খাইছোঁ, মোৰে শপত মোলৈ চোৱা, চোৱাচোন, নতুন বছৰৰ প্ৰাক্ মুহূৰ্তত মই সংকল্প লৈছোঁ…মদ, ভাং, চিগাৰেট, জুৱা সকলোবোৰ ত্যাগ কৰিম । কেৱল তোমাৰ বাবে । তুমি সুখীনে ? কৰিবানে বৰ্জন তোমাৰ শ্ৰীমুখৰ বৰ্ষণ ? দিবানে এষাৰি অমাতৰ মাত ?’ বৰফ গলিবলৈ লৈছিল তেতিয়া । শ্ৰীমতীয়ে হাতৰ কাম এৰি মোৰ ফালে ঘূৰিছিল । বুকুত মুখ গুজি কৈছিল, ‘জানো তুমি পাৰিবা । মনৰ জোৰেই আচল কথা । সেয়া যে তোমাৰ আছে সেই বিশ্বাস মোৰ আছে ।’ তেওঁৰ চুলিত আঙুলি বুলাই কৈছিলোঁ তেতিয়া, ‘তোমাৰ বাবেই মই ইমানখিনি ত্যাগ স্বীকাৰ কৰিবলৈ লৈছোঁ । তুমি জানো মোৰ বাবে অকণমান ত্যাগ কৰিব নোৱাৰিবা ?’ ‘নিশ্চয় কৰিব পাৰিম । কোৱা, কি ত্যাগ কৰিব লাগিব মই ? কোৱাচোন, কোৱানা ।’ তেতিয়া কৈছিলোঁ মই, ‘আহিব লগা বছৰটোত মই মিচা মাতিম তুমি কিন্তু শুনিব লাগিব ।’


 

হেঁপাহ (অনু-গল্প)

 

অনুৰাগ কাশ্যপ .

নলবাৰী

 

নিশান্ত উভতি অহালৈ তাই আকুলতাৰে বাট চাই ৰ’ল ৷ ব্যৱসায়িক প্ৰতিস্থানটো সামৰি সি দহমান বজাত পাবহি৷

 

এন্ধাৰখিনিত হঠাৎ তাইৰ বুকুত এটি হেঁপাহ গজি উঠিল৷মনত পৰিল কিছু স্মৃতি৷এনে সময়তে নিবিড়ে তাইক প্ৰায়ে গান শুনাইছিল ফোনত ৷ বৰ সুন্দৰকৈ আৰম্ভ কৰে সি—- আনটো মূৰত তাই নিশ্চুপ হৈ কান পাতি ৰয়৷আৰু সি তাইৰ মৌনতাৰ আঁচল ধৰি হঠাৎ এনে এটি বেসুৰা সুৰত গাব লয় যে তাই নাহাঁহি নোৱাৰে৷সি প্ৰায়ে কয়,তাইৰ এই প্ৰাণচঞ্চল হাঁহিটোৱে হেনো তাক জীয়াই থাকিব শিকায়৷

 

গেটখন খুলি নিশান্ত সোমাই আহিল৷তাই মনতে ভাবিল ললে,আজি নিশান্তৰ বুকুত শুই তাক আব্দাৰ কৰিব,তাৰ এটা গান শুনিব ৷ ভাবি ভাবি তাই এটা এটাকৈ কৰি গ’ল কামবোৰ৷দুয়োৰে ভাত বাঢ়ি তাই নিশান্তক মাতি থৈ আহিল৷

 

পাকঘৰৰ কামবোৰ সামৰি তাই গৈ নিশান্তৰ ওচৰতে শুই দিলে ৷ বেডচুইছটো অফ কৰি তাই তাৰ বুকুতে মুৰটো থলে তাই ৷ ক্ৰমে যেন তাই উদ্বাউল হৈ পৰিল ৷ এটা গান , এটা বেসুৰা সুৰ ৷ আজি তাই হাঁহিব বিচাৰে ৷ এটা প্ৰাণচঞ্চল হাঁহি৷

তাই লাহেকৈ নিশান্তক হেচুকি দিয়ে—
ঐ শুনা না—-
কোৱা—
কাম এটা কৰিবা???
কি????
গান এটা গোৱা না মোৰবাবে নিশান্ত!!!
কি? পাগল হ’লা নেকি তুমি?? কাম নাই আৰু! শুই থাকা!!!৷

নিশান্তই তাইৰ মুৰটো বুকুৰ পৰা আতৰাই বাগৰ সলাই ল’লে৷৷

 

অনুভৱৰ স্বৰ

গীতাশ্ৰী ওজা ,  শিৱসাগৰ ।

 

কলীয়া মেঘে ঢাকিছে ঐ—-

ধুনীয়া জোনৰে মুখনি ঐ—

অভিমানী মন গুচাবলৈ —

কিজানো কৰো কবানে ঐ—

 

=> হেল্ল’

=> হেল্ল’ গীত !!

=> হয় ! কোন বাৰু ?

=> তোমাক গীত বুলি কোনে মাতে ?

=> কেতিয়াবা চিনাকি কোনোবাই৷

=> অ’ হয়টো…একো নাই দিয়া ।

=> ‘জোন’ ?

=> ওম কি কৰিছা ? পাৰ্টী কৰা নাই ?

=> পাৰ্টী সন্ধ্যাতে শেষ হ’ল , গাৱঁত ইমান ৰাতিলৈ পাৰ্টী নকৰে নহয়। তুমি নিশ্চয়…

=> ওম মই পাৰ্টিতে…তোমাক নিউ ইয়েৰ উইচ কৰো বুলি ফোন কৰিলো । হেপ্পী নিউ ইয়েৰ গীত ।

=> অ থেংক ইউ । উইচ ইউ দা চেইম জোন ।

=> অকে ৰাখিছো । বাই গুড নাইট ।

=> ওম গুড নাইট । টেক কেয়াৰ ।

 

        প্ৰলয় নহয় প্ৰণয় অনা এটা মধুৰ জোকাৰণিয়ে জোকাৰি গ’ল বছৰটোৰ শেষত ওলমি ৰোৱা অন্তিমটো ক্ষণ । এপলক মৌনতাত এটা মিঠা অনুভৱে মনটো ভৰাই তুলিলে তাইৰ ৷

 

       জোন ! এটি যেন উন্মাদৰ ঠিকনা । ফোন নংটো লোৱা সি প্ৰায় ছমাহেই হ’ল । আজি প্ৰথমটো ফোন তাৰ । ভাৱনাৰ সিপাৰৰ যেন সাধু । “গীত বুলি কোনে মাতে তোমাক৷” অভিমান নে আব্দাৰ নুবুজিলেও তাৰ কথাবোৰই ৰাতিৰ অচিন সুৰ হ’ল । তাৰ সেই কবিতা কবিতা লগা কথাবোৰ… সি কেতিয়াবা কয় আপোনবোৰ দাপোন হ’ব লাগে । আপোনে কান্দিলে দাপোনে হাঁহিব নোৱাৰে।এবাৰ কৈছিল “…কৰ্ম যোগ জ্ঞান ভক্তি আদি গীতাৰ বাণী…তাৰে অলংকৰণ তুমি গীতাশ্ৰী…ভুলতে মাতো মই গীত বুলি…” হিঃহিঃ কি আচৰিত এই ল’ৰাটো । কেতিয়াবা ঘপকৈ ধুন বুলি মাতিলে হঠাৎ তাইৰ খং টো উজাই আহে তালৈ ৷

 

         কথাবোৰ মাথো ভাবিবলৈহে । হাবিয়াসবোৰ আনৰ সুখৰ বন্ধকী । ভাবিবলৈ তাইৰো ভালেই লাগে,আৰু বাধা… ওমহু নামানে । ই মনৰ নিজস্ব।

 

          ৩১ ডিচেম্বৰ ২০১৫ । প্ৰথম  যেতিয়া তাই জোনৰ ফোন পাইছিল হয়টো ভাবিছিল আৰম্ভণি বুলি , ভবা নাছিল আৰম্ভণি আৰু শেষ যে একেটা মুদ্ৰাৰ দুটা পিঠি বুলি । সেই অভিমান সনা আব্দাৰবোৰ মনত পেলাই তাই অভিমানী হৈ পৰে ৷ উন্মাদৰ ঠিকনা বিচাৰি উন্মনা হয় তাই । একপক্ষীয় প্ৰেমৰ অতৃপ্ত মাদকতাত উত্তাল হৈ অকবিতা লিখে ৷ উন্মাদৰ ঠিকনাটো পাগল ভাবনাবোৰৰ উৎস হ’ল । ঠিকেই কৈছিল তেওঁ “… প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰায়..।”

এৰা প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় । যিদৰে জোনৰ প্ৰেমত পৰিছিল তাই ৷ তাৰ অবিহনে তাই বহুত নিসংগ অথচ তাই ভবা নাছিল তাৰ অবিহনে নিজক হেৰাই দিয়াৰ কথা ৷ কিম্বা তাৰ আকুল ভাৱনাৰ প্ৰশ্চায়া খেদি খেদি ক্লান্ত দুহাতত এবোজা দুখ সামৰি লোৱাৰ কথা ৷ জোন তাইৰ হৃদয়ৰ গোপন প্ৰেম ,যাক পাহৰাৰ আখৰাত তাই বহুবাৰ বিফলতা গৰকিছে ৷ তালৈ নাচাওঁ বুলিলেও দুচকুৱে অহৰহ খেপিয়াই ফুৰে তাক,তাক সদায় খং কৰিয়ে আঁতৰাই ৰাখে তাই, অথচ সপোনত এযুগৰ বাৰ্তালাপ কৰে তাই তাৰসতে ৷ সি অবিহনে তাই কিমান নিসংগ জানে তাই ৷ তাইৰ ভাৱনাত সি সদায় এপাহ ৰক্তিম নিয়ৰসিক্ত গোলাপ , গোপনে তাইৰ হৃদয়ৰ কুঠৰীত প্ৰতিপল দোলা দিয়ে সি ৷

 

         কথাবোৰ ভাবি তাই ফোনৰ কন্টেক লিষ্টৰ পৰা তাৰ নামটো উলিয়ালে বিচাৰি ৷ ডায়েল কৰিব খুজিও তাই ৰৈ গল হঠাৎ৷তাই জানে সিও বুজে তাইৰ মনৰ কথাবোৰ ৷ তাই ভাবিলে তাক আচৰিত কৰি তাইৰ অনুভৱৰ সত্তাত জীয়াই তুলিব তাক ৷

ওঁঠত ঢৌ খেলি যোৱা হাঁহিটো মাৰ নৌযাওঁতেই তাই মেলি ললে ডায়েৰীৰ শেষ পৃষ্ঠাটো৷

 

অনুগল্প

নৱজ্যোতি বৰ্মন

8135094879

 

ব্যস্ত চহৰৰ পদপথৰ ওপৰতে এখন সৰু দোকান পাণ-তামোল,চকলেটৰ । জীৱন সংগ্ৰামত নাভাগৰা এটি জীৱন । এজন ল’ৰা । দোকানখনত ৰাতিপুৱাৰ পৰা গধুলিলৈকে কৰ্মব্যস্ত ।

ৰাজপথেদি অহৰহ গতি কৰিছে মানুহ কিম্বা বিলাসী গাড়ীবোৰ ।

“এদিন এনেকুৱা গাড়ী এখন কিনিব পৰা হ’লে” হেজাৰ স্বপ্ন দুচকুত ।

-হেৰা ভাইটি,তামোল এখন দিয়াহে !!

 

 

-জন গন মন ,আলফা – আৰ্মি আৰু আমিবোৰ –

জ্যোতি প্ৰসাদ শইকীয়া ,

বিহপুৰীয়া

 

সৌ তাহানি সৰু হৈ থাকোতে স্কুললৈ যেতিয়াৰ পৰা গৈছিলো ,হয়তো 1986 চনমান ! স্কুললৈ গৈছো প্ৰথম ,কিবা ভয়লগা কথা ! কন্দাকটা কৰিছিলো বোধহয়,আধাতে স্কুলৰ পৰা পলাওঁ ! ঘৰত প্ৰথমে মৰমেৰে বুজনি,পিছত দুই এচাত লেকেচীৰ কোব ! মুঠতে ৰেগুলাৰ যোৱাত নপৰে !

সেই তাহানি জন গন মনটো কুঁহিপাঠ খনৰ বোধহয় শেষৰ ফালে আছিল (ভুল হবও পাৰে ,ইনচাল্ট নকৰিব চুলি থিয় হয়!)! কিবা কাৰণত মুখস্থ হৈ গৈছিল ! কিবা ৰাষ্ট্ৰৰ বিশেষ গীত বুলি ভবাই নাছিলো !

কোন বছৰৰ পৰা স্পস্টকৈ মনত নাই গীতটো গাবলৈ লৈছিলো সেই বিশেষ দিন দুটাত ! স্কুলৰ বাৰ্ষিক অধিবেশনৰ শেহত অ’ মোৰ আপোনাৰ দেশ !

কিছুবছৰ বাগৰিল ,স্বাধীনতা দিৱস,গণতন্ত্ৰ দিৱস বৰ্জন বুলি শুনিলো(হয়তো 90 চন ) ! স্বাধীনতা দিৱস,গণতন্ত্ৰ দিৱস বিলাক টেলিভিচনত আহিল ! সেই দিনবিলাকত স্কুললৈ যাবলৈ আগদিনা গোহাৰি টাইপ কিবা এখন হেডচাৰে গাই যদিও যোৱা নহয়,গলেও দেখো পতাকা উত্তোলন হৈ থাকে ! কোনে ,কেতিয়া কেনেকৈ কৰে নাজানো !

পিচলৈ বুজিলো আলফাই বৰ্জন কৰা বাবেই চহৰৰ পৰা দূৰৈৰ আমাৰ গাওবিলাকত ভয়ে ভয়ে তেনে কাম কৰা হয় !উপায় হয়তো কাৰো নাছিল ! কোনবিধৰ বন্দুকৰ গুলিয়ে কাক গিৰাই অথবা ৰাতিলৈ কাৰ ঘৰত টকা পইচা বিচাৰি ভাবুকি পত্ৰ আহে জনা নাযায় !

আৰ্মি আহিল,প্ৰথম অৱস্থাত আৰ্মিৰ যি অতপালি তাৰ ভয়ত সাধাৰণ নৰ মনিচৰ যি অৱস্থা তাক কাললৈ মনত ৰাখিম ( এই অভাজনো সেই বয়সতে দুই – এপাত কাণতলীয়াৰ ভুক্তভোগী )!

বাৰু সেইবিলাক খুচৰিলে বহু লাখ পৃষ্ঠাৰ কাহিনী ওলাব ! এই মুহুৰ্তত মনলৈ আহিছে ৰাষ্ট্ৰ সংগীতৰ এই বিতৰ্ক ,সেই সময়ত হোৱা হলে ! কাৰ কাৰ জীৱ কত তহিলং কৰি থাকিল হেতেন !

বহু সময় ভাবিগুণী এই ক্ষুদ্ৰমান জ্ঞানেৰে আৰু বহু মহাপুৰুষৰ লেখা পঢ়িশুনি ,দেখি বুজি যি বুজিছো প্ৰতিজন সাহিত্যিকে,সমাজসেৱকে,ৰাজনৈতিক ব্যক্তিয়ে সমালোচনা আশা কৰে যাতে গুণগত মানবিশিষ্ট সাহিত্য,গুণগত মানবিশিষ্ট সমাজসেৱা তথা গুণগত মানবিশিষ্ট ৰাজনীতি কৰিব পাৰে !প্ৰত্যককে আলোচনা কৰিবলৈ,সমালোচনা কৰিবলৈ সেইকন মৌলিক স্বাধীনতা আমাক সকলোকে আমাৰ ৰাষ্ট্ৰই আমাক দিছে ! এতিয়া কথা হল সমালোচনা কেনে হোৱা উচিত ! সমালোচনা বিলাকে ইতিবাচক ৰূপ ললে হয়তো সকলোৰে মংগল কিন্তু দেখা যায় টেলিভিচন আৰু মবাইলৰ দৌৰাত্মত(?) প্ৰায় সংখ্যক সমালোচনাই নেতিবাচক ৰূপ ধাৰণ কৰিছে !তাৰ ফলাফল সদায়ে ধংসাত্মক বুলি সময়ে কৈ আহিছে !সমালোচনা কৰিবলৈও সমালোচকজন সেই বিশেষ বিষয়ৰ ওপৰত বিশেষ দখল থকা অতি প্ৰয়োজন ! সময় হয়তো তেনে নহয় !আজিকালি ফেচবুকৰ কৃপাত প্ৰায় সকলো মানুহ সমালোচক ,আলোচক হবলৈ আগবাঢ়িছে(হয়তো এই অভাজনো কিছু কিছু মূহুত্তত ) ! যিটো সমাজ এখনৰ বাবেই মাৰাত্মক !

প্ৰতিবাদ ,সমালোচনা বিলাক শুদ্ধ পথত থাকিলে কি চৰকাৰ,কি সাহিত্যিক,কি সমাজসেৱক সকলোৱে এদিন নহয় এদিন ভাবিবলৈ বাধ্য হব !

ফেচবুকৰ শেহতীয়া যি যুদ্ধ সেইবিলাক দেখি ,শুনি ভাবি বুজি মোৰ দিমাগে কয় তাত যেন কোনোবা খিনিত আসোৱাহ ৰৈ গৈছে ! প্ৰতিবাদ সকলোৰে কাম্য ….কিন্তু ইমান অশ্লীল প্ৰতিবাদো আমাৰ কাম্য নহয় ! তাক কোনোবাই ভুল যেন ভাবি পুনৰ প্ৰতিবাদ কৰিছে কিন্তু তাতো যেন কৰবাত ভুল ৰৈ গৈছে ! নিজৰ বিবেকক সুধোচোন ! আনলৈ শৰ মৰা বহুত উজু ,সকলো আহক ! প্ৰতিবাদ কৰো আমাৰ কৃষকে ফচলৰ উপযুক্ত দাম কেতিয়া পাব?

আমাৰ পুলিচ বিষয়া সকল কেতিয়ালৈকে নিৰাপত্তাৰক্ষী হৈয়ো নিৰাপদ নোহোৱাকৈ থাকিব ?

কেতিয়ালৈকে নিবণুৱা সকল নিবণুৱা হৈ থাকিব ?

কেতিয়ালৈকে আমাৰ ভাই ভনী বিলাক কুকুৰ মেকুৰী মৰাদি মৰিব ?

বৃদ্ধসকলো লোকে পেঞ্চন পাব ?

ভূমীহীনে ভূমি পাব ? গৃহহীনে গৃহ পাব ?

এনেকুৱা হাজাৰটা প্ৰশ্নত হাজাৰ বাৰ প্ৰতিবাদ হওঁক ! প্ৰতিবাদ কৰো আহক ,প্ৰতিবাদ এখন সুস্থ সমাজৰ হৈ সুস্থ সমাজৰ বাবে ! সময় বৰ বিষাক্ত হৈ উঠাৰ আগতেই ! সকলোৰে শুভহওঁক !

জয় আই অসম ।

 

 

উচ্ছৃংখলতা :- সমাজৰ বিকাশৰ এক অন্তৰায়

  কৰবী দুৱৰী

উচ্ছৃংখলতা মানে কিছুমান অসামাজিক কাৰ্য্য । যি কৰ্মই সমাজত বিৰূপ প্ৰভাৱ পেলাই , সমাজৰ অনিষ্ট সাধন কৰে সেইবোৰেই অসামাজিক কাৰ্য্য । সুস্থৰ বিপৰীতেই উচ্ছৃংখল । আৰ্থিক , সামাজিক , নৈতিক আদি বিভিন্ন কাৰণত মানুহে উচ্ছৃংখল আচৰণ কৰিব পাৰে । বহুক্ষেত্ৰত  মানুহে  নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰি উচ্ছৃংখল হৈ পৰে । তাৰ বাবে দায়ী আমাৰ সমাজ ব্যৱস্থা , আমাৰ ঘৰুৱা পৰিবেশ আৰু পৰিয়ালৰ জেষ্ঠসকল ।

বৰ্তমান সময়ত আমাৰ সমাজৰ প্ৰায় বিলাক অভিভাৱকেই চাকৰিয়াল । চাকৰিসৰ্বস্ব জীৱনত নিজৰ সন্তানৰ বাবেও বহু পিতৃ মাতৃয়ে সময় খৰচ কৰিবলৈ বেয়া পায় । তেওঁলোকৰ মতে ” সিঁহতক যি লাগে সকলো দিছোঁ যেতিয়া আমাৰ কৰিব লগীয়া আৰু একো নাই , মাত্ৰ সিঁহতে পঢ়িব লাগে আৰু ভাল ৰিজাল্ট কৰিব লাগে ” । কিন্তু মই ভাৱো এজন ভাল মানুহ হ’বলৈ , সমাজত সফল ব্যক্তি হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে মাক-দেউতাকৰ মৰম ভালপোৱা , উৎসাহ , প্ৰেৰণা আদিৰ খুবেই প্ৰয়োজন ।

সহজ ধনৰ লালসাত ডুব গৈ বহু যুৱক যুৱতীয়ে নিজকে ধবংসৰ মুখলৈ ঠেলি দিয়াৰ অনেক উদাহৰণ আমাৰ সমাজত আছে । তাতোকৈ ডাঙৰ কথা নিজৰ সন্তানক ধন ঘটিবলৈ কিছুমান মাক-দেউতাকেই এৰি দিয়ে । বন্ধনমুক্ত আৰু উন্মুক্ত সমাজ ইয়াৰ প্ৰধান কাৰণ । এনে এখন সমাজত যদি পিতৃ মাতৃয়ে নিজৰ সন্তানক শাসন নকৰে তেন্তে ভৱিষ্যতে সেই সন্তান উচ্ছৃংখল হৈ পৰাটো একো ডাঙৰ কথা নহয় ।

বৰ্তমান দেখা গৈছে মাক-দেউতাকে সন্তানৰ প্ৰয়োজন পুৰাবলৈ গৈ ছাত্ৰ অৱস্থাতে হাতত দামী দামী মোবাইল , বাইক , গাড়ী আদি এৰি দিছে । তেনে ক্ষেত্রত যুৱ সমাজ উচ্ছৃংখল হৈ পৰা অত্যন্ত স্বাভাৱিক  কথা । ভোগ বিলাসত নিজকে মত্ত ৰাখি কেৱল সন্তানৰ প্ৰয়োজন পূৰণ কৰিবলৈ বয়সৰ কোনো বাচ-বিচাৰ নকৰাকৈ যিকোনো সামগ্ৰী যোগান ধৰা সকলক সচেতন পিতৃ মাতৃ বুলি কব নোৱাৰি । তাৰোপৰি মাক-দেউতাকে যদি সদায় হাই – কাজিয়া কৰি ঘৰৰ পৰিবেশ দুখিত কৰি ৰাখে তেন্তে হাজাৰ পৰিশ্ৰম কৰিও সন্তানক ভাল মানুহ হিচাবে গঢ়ি তুলিব নোৱাৰে ।

এখন সমাজ আগুৱাই যাবলৈ সমাজৰ প্ৰতিজন ব্যক্তি সচেতন হোৱা দৰকাৰ । আমি যদি কিবা এটা ভাল কাম কৰি দেখুৱাও তেতিয়াহে আমাৰ সন্তানে ভাল কৰিবলৈ প্ৰেৰণা পাব । নিজে নোৱাৰাকৈ কেৱল সন্তানৰ ওপৰত বোজা জাপি দিয়াটো উচিত নহয় ।

বৰ্তমান গোলকীকৰণৰ যুগত কিশোৰ – কিশোৰী তথা কমবয়সীয়া যুৱক – যুৱতীক বিনাদ্বিগ্ধাই ভোগ সৰ্বস্ব জীৱনৰ সহজ পথ দেখুৱাই দি উচ্ছৃংখল জীৱন এটাৰ ফালে ঠেলি দিয়াৰ বাবে প্ৰথম জগৰীয়া তেওঁলোকৰ পিতৃ – মাতৃ । তাৰোপৰি সন্তানৰ প্ৰশ্নবানৰ ( অনুসন্ধিৎসু মনৰ খু দুৱনি আঁতৰাবলৈ কৰা প্ৰশ্নৰ ) সন্মুখীন হোৱাৰ পৰা ৰেহাই পাবলৈ ৰিমট’ হাতত তুলি দি হকে বিহকে চিনেমা চাবলৈ দিয়া উদাহৰণ আমাৰ সমাজত বিৰল নহয় ।

নিয়ন্ত্ৰণহীন পৰিবেশ আৰু পিতৃ মাতৃৰ অনুশাসনহীনতাই যুৱ প্ৰজন্মক উচ্ছৃংখলতাৰ দিশলৈ টানি নিছে ।

আজিৰ সন্তান ভৱিষ্যতৰ নাগৰিক । আমি আমাৰ সন্তানক সিঁহতৰ ভৱিষ্যতৰ বাবে সৰু অৱস্থাতে গঢ় দিব লাগিব । এটা কথা সদায় মনত ৰখা উচিত যে বুঢ়া বাঁহ কেতিয়াও পোন কৰিব নোৱাৰি । আমি যদি সৰুতেই সন্তানক ভাল শিক্ষা নিদিওঁ তেন্তে ডাঙৰ হোৱাৰ পিছত যিমান কষ্ট কৰিলেও তাক মানুহ কৰি গঢ়ি তুলিব নোৱাৰিম । নিয়মানুৱৰ্তিতা , অনুশাসন , আত্ম সংযম আদিৰ জ্ঞানেৰে আমি ভৱিষ্যত প্ৰজন্মক সুনাগৰিক হিচাবে গঢ়ি তুলিব লাগিব । ভোগবাদী চিন্তাধাৰাৰ পৰিবৰ্তে এক সু শৃংখলিত আদৰ্শ ভৱিষ্যত প্ৰজন্মৰ বাবে আগবঢ়াব পাৰিলেহে এখন সুস্থ সমাজ গঢ় লৈ উঠিব ।

সম্প্ৰতি নিবনুৱা সমস্যাইও যুৱ প্ৰজন্মক উচ্ছৃংখলতাৰ দিশলৈ ঠেলি দিছে । বহু কষ্টৰে পঢ়ি শুনি ডিগ্ৰী লোৱাৰ পিছত সংস্থাপনৰ অভাৱত বহু যুৱক যুৱতীয়ে সহজ ধনৰ সন্ধানত নামি পৰে আৰু শেষত গৈ নিজৰ সকলো হেৰুৱাই উচ্ছৃংখলতাই আকোঁৱালি লয় । নিচাযুক্ত দ্ৰব্য সেৱন কৰি  যুৱপ্ৰজন্মই সমাজলৈ কাল অমানিশা কঢ়িয়াই আনিছে । বহুৱে দুৰ্ঘটনাগ্ৰস্ত হৈ নিজৰ হাত ভৰি হেৰুওৱাৰ ওপৰি বহুতেই প্ৰাণও হেৰুৱাইছে । যৌনগন্ধী চিনেমা , সস্তীয়া আলোচনী আদিয়ে যুৱপ্ৰজন্মক ধৰ্ষণ , বলাৎকাৰ আদিৰ বাবে উচতনি দিয়াটোকো নুই কৰিব নোৱাৰি ।

যেতিয়ালৈকে যুৱসমাজে নিজকে বুজি নাপাব তেতিয়ালৈকে সমাজৰ উন্নতি আশা কৰিব নোৱাৰি । সৎ কৰ্ম , সৎ চিন্তা আদি যুৱ প্ৰজন্মৰ মনোজগতত প্ৰৱেশ কৰাবৰ বাবে সমাজৰ বয়োজেষ্ঠ সকলে চেষ্টা কৰিব লাগিব । অন্যথা এখন প্ৰগতিশীল সমাজ আশা কৰাটো ভুল বুলি বিবেচিত হব ।

   

নাৰী

( উৎসৰ্গ- পৃথিৱীৰ সমগ্ৰ নাৰী )

অনুৰাগ শইকীয়া

দেৰগাঁও , গোলাঘাট

 

” ৰ’দে খাব তোক ,আহ অ’ বোপাই

মোৰ আঁচলত থাক লুকাই ”

দুষ্ট ৰ’দ আঁচলত লুকুৱাই

পুতাইক ছাঁ দিয়া এইজনী আই।

আপোনালৈ উজাগৰী ৰাতি

চেনেহৰ চুৱেটাৰ গুঠি

এপোৱা ঊণেৰে

প্ৰচণ্ড শীত খেদা মানুহজনী,

তেওঁ আই।

“ইমান ৰাতি ক’ত গৈছিলি,

দেশৰ পৰিস্থিতি বেয়া, ঘৰতে থাকিবি

ওলাই নাযাবি ”

বুকুত এনদী ভয় বোৱাই

ভাইলৈ বাটচাই থকা,

এইজনী বাই।

” ৰ’দত নুঘুৰিবা,

তাম বৰণীয়া হ’বা,

দুখ আপোন নকৰিবা

সুখৰ অনুশীলন কৰি

সুগন্ধি বিলাবা”

অহৰহ মৰম আৰু আব্দাৰেৰে সেউজীয়া কৰি ৰখা

এইজনী প্ৰেয়সী ।

নাৰী -নিজে দুখৰ বৰষুণত তিতি

আপোনাক ঢাকি ৰখা এটি ছাতি ।

ম্লান হৈ আমালৈ ছাঁ সাঁচি থোৱা

এখন গুলপীয়া দোপাট্টা।

নাৰী-বোৱতী নদী।

এআকাশ সৃষ্টিৰ প্ৰতিশ্ৰুতি ।

নাৰীসত্তা কাহানিও ৰেড লাইট গলিৰ পণ্য নহয়

নাৰী অনাবিল সুখৰ ঠিকনা, জয়মতী কিম্বা ডেচডিমনা

এক আশ্বৰ্য , পৃথিৱী ধন্য ।

পুৰুষৰ উশাহ

প্ৰকৃতিৰ বাবেই পুৰুষ সেউজীয়া

পৃথিৱী বৰণীয়া

মোহনীয়া।

 

নৈ

নৱজ্যোতি বৰ্মন

বৰতলা,নলবাৰী

ফোন-8135094879

 

সপোনৰ সিটো পাৰে

এখনি নৈ

সুখৰ ।

কিমান আৰু বাট চাবি

তোৰ যে জীৱন

দুখৰ ।

সুখবোৰ বৈ থাকে

উন্মাদ ঢৌৰ সতে

নৈখনৰ ।

সি ৰৈ থাকে

সপোনৰ ইটো পাৰে

নিশা শীতৰ ।।

ভুল নুবুজিবি চেনাই

কাব্যশ্ৰী(ৰিয়া 

 

তোক ভাল পাবলৈ

তোৰ চকুত চকু ৰাখি কথা পাতিবলৈ

মোৰো মন যাই অ’ চেনাই

পিছে ঘৰত যে পিতাইৰ বাধা

 

মোৰ জীৱনৰ বিষয়ে কি বুজিবি তই

চাৰিওফালে ওখ ওখ দেৱাল

যাক নেওচি যোৱাৰ সাধ্য নাই

 

যেতিয়া বসন্ত আহে

তোলৈ বৰকৈ মনত মৰে

যাবলৈ মন যাই নৈ ঘাটলৈ

বৰ গছৰ তলত তোৰ ঢোলৰ চেৱত

ককাল ভাঙি নাচিবলৈ

 

অহংকাৰী পিতায়ে মোৰ নুবুজে মনৰ কথা

নিদিয়ে মোক আনৰ দৰে মুকলিকৈ থাকিবলৈ

 

মোক হেনো ভাল মানুহ কৰিব

পাৰে মানে মূৰত সোমোৱাই দিছে এসোপা জাৱৰ

তোৰ কথা ভাৱিবলৈও এতিয়া আহৰি নাই

দিনটোৰ বেছিভাগ সময়  পিতাই জগৰ ভাগোতেই যায়

মোক ভুল নুবুজিবি চেনাই

শাসনৰ বাগজৰী চিঙী যাবৰো সাধ্য নাই ।।