ফাগুণ

 

গীতৰাজ & গীতাশ্ৰী

 

ধূলিময় পথ মোৰ…

সৰিপৰা শুকান গছৰ পাত…

 

ভৰদুপৰীয়াই আগবাঢ়িছিলো

হাতত গৰখীয়া বাঁহী…

ৰঙালী আহিব বুলি…

ঢোলৰ মাৰি ডালো ককালৰ টঙালিত বান্ধিয়েই থৈছিলো…

শুকান পাতক কি সুৰে জুৰাব পাৰি

তাকেই ভাবি আছিলো …আৰু

 

তুমি আহি ক’লা বহাগৰ কথা…

 

::- “সৰাপাতত সপোন ৰচা ল’ৰাটো…গোটেই ফুলবোৰ চিঙি দিব পাৰিলেও তুমি বসন্তক ৰখাব নোৱাৰা ।”

 

মই ক’লো
” ফাগুণক নেওচি বসন্ত আহিব নোৱাৰে অ’…আৰু সেই ফুল মই এপাহেই চিঙিম আৰু তোমাৰ খোপাত গুজি দিম ।”

 

তুমি ক’লা
“তুমিটো ধূলিময় ফাগুনৰ শুকান সৰাপাততেই খোজ কাঢ়ি আছা , মৰুভূমিত মৰিচিকা সকলোৱে দেখে ।”

 

মই কৈছিলো
“তুমি মোৰ মৰুভূমিলৈ এবাৰ আহি চাবা । কিজানি দেখা পোৱাই মৰুদ্যানত ফুলি ৰোৱা সেইপাহি ফুল । ”

 

তুমিটো নাজানা

::-” মোৰ বাবে ফাগুন পুষ্পিতা গাভৰু আৰু বহাগ,

বহাগ প্ৰকৃতিৰ গৰ্ভৱতী মাতৃ ।

 

ফাগুন উৰ্বৰা ভূমি ,

চ’তৰ বৰদৈচিলাই বীজ সিঁচি ৰাঙলী বহাগক গৰ্ভৱতী কৰে

এটি কলি দুটি পাতত সেউজ ৰহন সানে ।””

 

-“যদি বহু দূৰ হয় সেই বাট ,গৈ নোপোৱা এটি ঘাট ?

 

মৌনতাৰ অন্তত মই আকৌ কলো …

-“বাটলৈ ওলাই আঁহা ,তোমাৰ প্ৰথমটো খোজতেই কিদৰে হেমন্তৰ বৰষুণ জাকে

দুচঁকুৰ পতাত চুমা দি আদৰিব এবাৰ মাথো চোৱা ….”

 

আৰু

তুমি ডুব গ’লা এসাগৰ ভাৱনাত…

দূৰৈৰ আকাশত ৰামধেনুৰ সাতোৰঙ উজ্জ্বলিছে ….

চাৰি চকুৰ মিলনত তৰাবোৰ হাঁহিছে ….।

সৰু সৰু কথা

 

ইমৰান শ্বাহ

শিৱসাগৰ ।

 

সঁচাকৈয়ে কথাবোৰ বেলেগ আছিল আমি সৰু থকা দিনত। কিবা এটা কৰিব লাগে। স্কুল, লাইব্ৰেৰী, বিপদগ্ৰস্তক সহায়। বানপানী, ভূঁইকঁপ, অগ্নিকাণ্ড। কোনোবাই লগাই দিলে। ল’ৰাবোৰ লগি গ’ল। সৰু ডাঙৰ। সকলোকে ধৰা। পইচা খোজা। তেতিয়া এক অনাও সঁচাই ‘পইচা’ আছিল। উঠে। নোজোৰে। তথাপি । হাজিৰাত খৰচ নাই । ছপা-খৰচ নাই । চাহ-তামোলৰ খৰচ নাই । ভি আই পিৰ খৰচ নাই । হৈ যায় । লগতে দুটা ডাঙৰ লাভ হয় । লগা ল’ৰাহঁতে বস্তুটো একেবাৰে নিজৰ বুলি ভাবে । দিয়া মানুহবোৰেও নিজৰ বুলি ভাবে । খবৰ ৰাখে । লয় । সকলো লিপ্ত । এইটো বীৰেন ভট্টাচাৰ্যৰ শব্দ । আজিকালি দায়বদ্ধ কোৱা হৈছে । আজিকালি কথাবোৰ বেলেগ বেলেগ হ’ল । পইচাবোৰ ঠায়ে ঠায়ে জমা হোৱা হ’ল । অৰ্থ আছে নীতি নাই । সঠিক ঠাইত ছুইছ টিপিলে ওলায়ো আহে । এনেকৈ নহয়, সুদে-মূলে আদায় কৰিও লয় । মাছৰ তেল আৰু ভজা মাছ । গতিকে সৰ্বদিশত নিৰ্লিপ্ততা বাঢ়িল । Stoicism ৰ উদাসীনতা নহয় Indifference ৰ উদাসীনতা । কথাবোৰ ভাল নহয়, বেয়া । সৰ্বসাধাৰণ মানুহে নভবাটো বা ভাবিব নজনাটো দুঃখৰ কথা ।

 

যোৱাটো শতিকাৰ পঞ্চাছৰ দশকৰ কথা । মোৰ বয়স চৌবিশ-পঁচিশ হ’ব । শিৱসাগৰ ঈদগাহ কমিটীৰ সম্পাদক হ’লো । মৈদানৰ মজিয়া পকা কৰিব লাগে । কেউফালে পকা বেৰা দিব লাগে । মেহৰাব লাগিবই । উঠি পৰি লাগিলো পইচা তোলাত । কোনোবাই এশ টকা দিলে  তেওঁক  মূৰত তুলিম যেন লগা দিন । এসময়ৰ প্ৰখ্যাত কবি মৰাণৰ গডেশ্বৰ চুতীয়া তেতিয়া শিৱসাগৰৰ মাটি-হাকিম, মাটি চমজাই দিলে । ইটা এচটাত তেতিয়া সিকি এটাও নপৰে । চিমেণ্ট পাবলৈহে নাই । ব্লেকত কিনিব নোৱাৰো । পইচা নাই । চুৰি বস্তু  লগাবও নোৱাৰো । চাপ্লাই অফিচলৈ দৌৰা-দৌৰি কৰি পাৰ্মিট পালো পোন্ধৰ নে বিশ বেগৰ । বেগত আঠ নে দহ টকা । দহ মাইল দূৰৰ শিমলুগুৰিৰ গুদামৰ পৰা উলিয়াব লাগিব । আনোতে ম’হতৈ শিংচৰা হোৱাৰ ভয় । তাৰো উপায় ওলাল । শিমলুগুৰি ৰেলৱে গুদামৰ পৰা মাল কঢ়িওৱা এখন ট্ৰাকে সামান্য কেইটকামান লৈ আনি দিব ।

 

নামেই কৈ দিছো । অতি সম্ভাৱনা পূৰ্ণ ল’ৰা ৰফিক ঢুকাইছে । আলীয়ে এখন সৰু দোকান দি আজি পৰ্যন্ত এটা সৎ জীৱন-যাপন কৰি আছে । অতি ধনী হ’বলৈ তেওঁ কি কৰিব পাৰিলেহেঁতেন মই এটা গল্পত লিখিছো । আলীয়ে নকৰিলে । একেবাৰে নোবেল বঁটা বিজয়ী ডৰিচ লেচিঙৰ গল্পৰ চৰিত্ৰৰ মানুহৰ দৰে । দুয়োৰে বয়স তেতিয়া সোতৰ-ওঠৰ । পঠিয়াই দিলো শিমলুগুৰিলৈ । পুৱাই নিশা আহি ওলাইছেহি । গুদাম নোখোলেহে নোখোলে । বস্তা কঢ়িয়াবলৈ মানুহ নাই । নিজেই কঢ়িয়াইছে । সিফালে ৰেলৱে গুদামে ট্ৰাকক মাল পাছবেলাহে দিছে । এশ এটা লেঠা ।

 

যেই হওক, চিমেণ্ট আহিল ।

 

মোৰ খবৰেই নাই । ৰাতিয়েই ৰাজমিস্ত্ৰীৰ খবৰ কৰিব লাগিব । ৰাজহুৱা কাম । ভাল মিস্ত্ৰী লাগিব । লগে লগে আকৌ পইচাৰ কথা । মোৰ বন্ধু চৈয়দ ফাতেহুল মান্নান কিন্তু সতৰ্ক সাৱধানী মানুহ ।

— তোমালোকে দিনটো কি কৰিলা ?

— এবাৰ চৰকাৰী গুদাম, এবাৰ ৰেলৱে গুদাম ।

আহ-যাহ । আহ-যাহ ।

— কি খালা ? ক’ত খালা ?

কাৰো মাত নাই ।

— কি খালা ? ক’ত খালা ?

— নাই খোৱা । এঘৰত খুজি পানী খালো ।

— পইচাতো আছিল ! কিবা কিনি নাখালা কেলৈ ?

 

কোনেও উত্তৰ নিদিলে ।

আমি উত্তৰ বিচৰাও নাছিলো ।

কথাবোৰ, দিনবোৰ বেলেগ আছিল ।

মকৰাজাল বোৰ থাকিব দিয়া

 

অনুৰাগ  কাশ্যপ

নলবাৰী

 

মোৰ কোঠাৰ অস্পষ্ট পোহৰত

থাকিব দিয়া অনুভৱৰ এলান্ধু লগা মকৰাজাল৷

নহলে চিগাৰেটৰ ধোৱাই উমলিব কত?

 

এই ৰূদ্ধ বতাহৰ গোন্ধ মোৰ খুউৱ প্ৰিয়

যিদৰে প্ৰিয়,

তোমাৰ হাস্যময় দুচকু,

উন্মাদ ভাৱনা,

লাস্যময়ী দুভৰিৰ ৰুণঝুন

আৰু শিক্ত এন্ধাৰকলা চুলিৰ অৰণ্য—

 

আসঃ

নুগুচাবা মোৰ কোঠাৰ নিসংগতাক

তুমিহীন প্ৰতিটো নিশাৰ অলিখিত দিনলিপি

চকুলোৰ বহু শেতা সন্ধিয়াই উমলে তাত—

 

ৰূদ্ধ হেজাৰ হুমুনিয়াহ

কতবাৰ হেৰাইছে মকৰাজালৰ নৈশব্দত

ক্লান্ত সন্ধিয়াৰ বিষাদী বাঁহীটোৰ সূৰ

কঁপি-কঁপি মাৰ গৈছে তাত—

 

মোৰ অপৰিস্কাৰ কোঠাৰ অম্লজানত

মন গলেই শুনিবা তোমাৰ অনুৰনণ

মোৰ অবৰ্তমানত

মকৰাজাল খুচৰিলেই পাবা

তুমিহীনতাৰ চকুলোৰ পৰিমাপ

নিদ্ৰাহীন প্ৰতিটো নিশাত

নিঃশেষ হোৱা প্ৰতিটো চিগাৰেটৰ স্বাক্ষৰ—

 

যেতিয়া তুমি অভিমানী হৈ পৰা

মোৰ কোঠাৰ ৰূদ্ধ বতাহৰ মুক্তি বিচাৰি

তেতিয়া হয়টো খিৰিকীৰ সিপাৰে জোনটো ৰৈ থাকে মোলৈ

ৰৈ থাকে হয়টো ফাগুনৰ উম লগা মোৰ প্ৰিয় বতাহজাক

অথচ মই পালন কৰো

বন্দী বতাহৰ উৎসৱ৷

 

তোমাৰ দৰেই

মই বিশৃখলতাৰ প্ৰেমত পৰো

ধুলিৰ চাদৰ মেৰাই শুই থকা ডায়েৰীকেইখনলৈ চাই থাকো

যিদৰে চালে তুমি সুধিছিলা

দুচকুত কি আছে তোমাৰ??

 

তুমি অভিমানী হলেই

মই যাপন কৰো নিসংগ আবেলি

সন্ধ্যাতৰাৰ বাৰ্তালাপ নেওঁচি

মকৰাজালতেই সিঁচি দিও

নিসংগতাৰ হেজাৰ পৃষ্ঠা৷৷

“উতনুৱা ফাগুন”

 

দীপজ্যোতি গগৈ

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়

দূৰভাষ : ৯০৮৫০৫১৪০৬

 

 

ৰুক্ষ বতাহত নামি আহিছে ফাগুন

পলাশী গোন্ধত উত্তাৱল হৈছে মন

যেন চিলাখন হৈ উৰি যাম

ৰ’দালিৰ উষ্ম কিৰণৰ শালিকাজনীও

চিঞৰি উঠিছে

মুকলি মনটোৱে নতুনকৈ প্ৰাণ পাইছে

দিচাঙৰ বুকুত নাৱৰীয়াজনে নাও মেলিছে

মিঠা আপঙৰ নিচাত ৰাগ

টানিছে ঐনিতমৰ

এবুকু ভালপোৱাৰে সৈতে মদাৰৰ তলত

ৰঙিলী ৰৈ আছে

হেঁপাহৰ কোঁৱৰজন আহিব ফাগুনৰ বতৰা লৈ

সময়বোৰ চাপি আহিছে

আবেগবোৰ দৃঢ় হৈছে

মনবোৰ উপচি পৰিছে

এই দিচাঙৰ বুকুৱেদিয়ে আৰম্ভ হৈছে

আমাৰ যাত্ৰা

মুকলি আকাশৰ পৰা ৰ’দালিয়ে

মুখ লুকুৱাই হাঁহিছে

এদিন স্মৃতিৰ পাতত লিপিবদ্ধ হ’ব এইবোৰ দিন

এদিন হয়তো ক’ব পাৰিম

এই দিচাং আৰু লুইত সাক্ষী আছিল

আৰু এই উতনুৱা ফাগুন।

 

আই

অংকিতা ফুকন,শিৱসাগৰ।

 

 

সেই গভীৰ চকুহাল!

যিহাল চকুয়ে মোক

কলিজাৰ এফাল বুলি ভাৱে…

আজি বৰকৈ আমনি কৰে,

সেই চুকুহালে…

কাৰ আছিল সেইহাল চকু?

মোৰ আইৰ……।

মোৰ আইৰ চকুহালৰ গভীৰতা কিমান আপুনি নুবুজিব, কোনোদিন কোনোকাল…।

 

আই কিদৰে সহিলি

প্ৰসৱৰ বেদনা!

পুঁহ মহীয়া জাৰৰ অনুভৱ,

কিদৰে সহিলি আই??

তই কোৱাৰ দৰেই

মই তোৰ পুঁহমহীয়া

লক্ষীজনী হ’লোনে আই?

নিৰৱে নিৰৱে কিয়

সকলো চম্ভালি ল’লি…?

আই ,তোৰ অন্তৰ

কেনে কোমল?

 

আই,হ’ব পাৰিম নে তোৰ দৰে?

ইমান দয়া,ইমান মৰম……!

পাৰিমনে হ’ব মই

তোৰ দৰেই মাতৃ!

আদৰিব পাৰিমনে সকলো।

হ’ব পাৰিম নে…

পানীৰ দৰে ফট্ ফটিয়া।

আই,তোক মাতৃ হিচাপে পাই

ধন্য মই …।

 

আই,তোৰ সেই গাৰ সুৱাস

সেই দীঘল চুলিটাৰি,

ডালিমগুটিয়া দাঁতৰ

মিঠা হাহিঁটি…

বৰকৈ মনত পৰে……!

এতিয়াও তই নকৈ পিন্ধা

পাটৰ কাপোৰসাজঁ মই পিন্ধো।

এতিয়াও মাজৰাতি তোক অনুভৱ কৰো আই…;

মই যে তোৰ

কেঁচা কলিজাৰ এফাল।

 

জীৱন যোঁজত হাৰ মানিলি

নেকি আই?

আজি যে তই আমাৰ মাজত নাই,

আই ,তই জীয়াবি মোৰ অন্তৰত

জীয়াবি মোৰ হৃদয়ৰ

গভীৰ কোণত…

প্ৰতিদিন,প্ৰতিপল

তই হেৰাব নোৱাৰ’ আই…

কেতিয়াও নোৱাৰ…।

বাৰ্তালাপ

 নৱজ্যোতি বৰ্মন

 

 

কেতিয়াবা নিজানত

কথা পাতোঁ

গছৰ সতে

ফুলৰ সতে

সেউজীয়াৰ সতে

নদীৰ সতে

আকাশৰ সতে

বতাহৰ সতে ।

 

সিদিনা শিমলুজোপাই কৈছিল

ৰঙা হোৱাৰ হেপাঁহ

শিমলু ফুলেৰে বুটা বচা

চাদৰ গাত মেৰিওৱাৰ কথা

হাবিয়াস আজন্ম

তথাপি আত্মসন্তুষ্টি

ফাগুন সদায়েই নাহে

মাথোঁ অপেক্ষাৰত

আকৌ ফাগুন আহিব

ৰঙা হব চৌপাশ ।

 

গোলাপজোপাইও সোঁৱৰাইছিল

কাঁইট আৰু ফুলৰ যুগ্ম ইতিহাসৰ কথা

বাৰে বাৰে আচোৰ খালেও

সৌন্দৰ্য্য অপূৰ্ব ।

 

সেউজীয়াইও কৈছিল বাৰে বাৰে

হালধীয়া হোৱাৰ বেদনাৰ কথা

তথাপি আকোঁৱালি লয়

সেউজীয়াই হালধীয়াক

বসন্ততো সদায়েই নাহে ।

 

নৈখনেও কৈছিল কানে কানে

নিৰৱধি বৈ থকাৰ হেপাঁহৰ কথা

সময়ৰ আহ্বানত তথাপি ৰৈ যায় মৰাসুঁতি

স্ৰোতস্বিনীৰ সুখৰ হিল্লোল

থমকি ৰয় বিষন্ন মৰাসুঁতিত ।

 

আকাশেও কৈছিল

বিশালতাৰ কথা

দুখৰ ভৰত মেঘৰ কামিজ পিন্ধাৰ কথা

উদাৰ আকাশৰ সীমাহীন ভালপোৱাৰ কথা

জোন বেলি তৰাৰ সতে খেলা লুকাভাকুৰ কথা ।

 

বতাহেও কৈছিল

সকলোতে বিলীন হোৱাৰ হেপাঁহৰ কথা

বতাহৰ আবেগৰ কথা ।

 

মাথোঁ থৰ হৈ ৰৈছিল মই নামৰ এটি অস্তিত্ব

বিলীন হৈ গৈছিল কোনোবা দূৰ সীমনাত ।।

অনুগল্প

নৱজ্যোতি বৰ্মন

 

 

পূজা চলিছে মন্দিৰত । মোটা অংকৰ বাজেট । বহুত মানুহৰ সমাগম পূজাস্হলীলৈ । চাকিগছি জ্বলি আছে; সন্মুখৰ থালখনত টকাৰ বৰষুণ ভক্তৰ ।

দূৰৈত এটি শিশু । পেটৰ তাড়না । প্ৰত্যক্ষদৰ্শী । হঠাৎ দৌৰি আহি থালৰ পৰা এশ টকীয়া এখন লৈ পলাল ।

সম্ভ্ৰান্ত মানুহবোৰে একেমুখে চিঞৰি উঠিল- “চোৰ,চোৰ ” ।

 

সম্পাদকীয়

 

কালক্ষণ আৰু সংযম

 

 

প্ৰবাহমান সময়ৰ ঠেকেচাত কম্পমান জাতি ,মাতি,ভেটি । ভাৰতবৰ্ষৰ সূৰ্য উঠা দেশ খনত এইয়া হৈছে কি,,,,!!! গোষ্ঠীগত সংঘৰ্ষৰ লেলিহান শিখাত দগ্ধ চৌপাশৰ জনগণে সংশয় আৰু হতাশাত নিতে বাট বুলিছে। তিৰাশীক নিচেই কাষৰ পৰা দেখা সকলৰ পেটতে হাত ভৰি লুকাইছে অজান আশংকাত । বহিৰাগতৰ উচতনি মুলক পৰোচনাত জাতিয় স্বাভিমানত আঘাত হনা কাৰ্যক সহজ ভাবে নলৈ সকলোৱে একেমুখে গৰিহণা দিছে।” সদৌ অসম ছাত্ৰ সন্থা”ৰ দৰে হৃদপিণ্ড স্বৰূপ জাতিয় অনুষ্ঠান তোৰ বুকুত হাত দিবলৈ কুণ্ঠাবোধ নকৰা “নিখিল ভাৰত বঙালী উদ্বাস্তু সমন্বয় সমিতি” নামৰ সংগঠন তোৰ উদ্দেশ্য তথা নিকৃষ্ট কৰ্মকাণ্ডই সকলোৰে চকু মোকোলাই দিলে। জাতি, মাটি, ভেটিক মূল বিষয় ৰূপে লৈ শাসন ৰ  ক্ষমতালৈ অহা চৰকাৰ খনৰ ধৰ্ম ৰ ভিত্তিক অন্ধ প্ৰীতিৰ বাবেই অখ্যাত  এটা সংগঠনৰ হাতত লাঞ্চিত হ’ল জাতি তথা দেশৰ হকে প্ৰাণ আহুতি দিয়া সকলৰ পূৰ্য্য বেদী। শ্বহীদ সকল আৰু অসমীয়াৰ অভিভাৱক স্বৰূপ, অসম  ৰত্ন  ড০ ভূপেন হাজৰিকাদেৱৰ  স্থিৰ  চিত্ৰক কৰা অপমান অসমীয়াই কোনো কালেই হজম কৰিব নোৱাৰে।

 

এয়া কোনোবা দুষ্টলোকৰ ষড়যন্ত্ৰ নে কোনো ৰাজনীতিৰ দ্বিতীয় পৰ্যায় । সেয়া সৰ্বসাধাৰণ নাগৰিকৰ বোধগম্যৰ বাহিৰত । ইয়াৰ লগে লগে আকৌ সৰব হৈ উঠিব বন্ধ সংস্কৃতি । নাজানো এইবোৰৰ পৰা কাৰ কি লাভ হয় । হয়তো কোনোৱে সৃষ্টি কৰিব বিচাৰিছে গোষ্ঠী সংঘৰ্ষ আদৰি দৰে ঘৃণনীয় কাৰ্য । নে গঢ়ি উঠিছে  অসম খনক আকৌ আৰু সৰু সৰু ভাগত বিভক্ত কৰাৰ দৰে নিকৃষ্ট মানসিকতা ।

তথাপিও এইখন দেশ শংকৰ -মাধৱ , আজান ফকীৰৰ দেশ । এই দেশৰ ঐক্য, শান্তিৰ স্বাৰ্থত; দুঃসময়ক সুঃসময়লৈ পৰিবৰ্তন কৰাৰ দায়িত্ব সকলো অসমবাসীৰ । “কালক্ষণ ” ৰূপ দিয়া অশুভ শক্তিক চিহ্নিত কৰি চাকনৈয়াৰ পৰা জাতিটোক উদ্ধাৰ কৰাৰ দায়িত্ব কিন্ত আপোনাৰ, মোৰ, সকলোৰেই। তাৰ বাবে মাথো লাগিব শান্তি , সম্প্ৰীতি, সংযম তথা সদ্ভাৱনা,,,,।।

দুটি মিতভাষ

দুটি মিতভাষ

অনিতা গগৈ
( ১ )

কাহিলী পুৱাতে নৈখনৰ পৰা
.
কাহিলী পুৱাতে নৈখনৰ পৰা — একলহ পানী লৈ উঠি
আহে মানুহজনী । সদায়ে একেটা শিলতে থয় মাটিৰ
কলহটো । পুনৰ নামি যায় আৰু হেঁপাহ পলুৱাই কৰে
স্নান , যেন মনে বিচৰাকৈ ধুই লয় সকলো মলিনতা …
বুকুৰ সন্তাপ। ধোওঁতে ধোওঁতে দিনে দিনে
শীৰ্ণ হৈ আহিছে মানুহজনী — কলহ থওঁতে
থওঁতে ঘহঁনি খাই ক্ষয় যোৱা শিলটোৰ দৰেই ।
কঢ়িয়াই কঢ়িয়াই উফন্দি উঠিছে কলহটো । এদিন
দেখোন হঠাৎ হেৰাই গ’ল মানুহজনী । কল্ কল্
শব্দৰে বৈ থকা নৈখনৰো দেখোঁ নাই কোনো
চিন । আছে মাথোঁ ক্ষয় যোৱা শিলটো , অ’ত ত’ত
পৰি থকা ভঙা কলহৰ টুকুৰাবোৰ …। প্রতি টুকুৰাত
তেজৰ টোপাল — জ্বলমল এখনি মুখ । কোন
সেয়া ? মানুহজনী ?নে মই ?

         (২)

কোনে কেতিয়া মোৰ মুখত
.
কোনে কেতিয়া মোৰ মুখত বাকি দিছিল
প্রথমটোপাল বিষ পাহৰিছোঁ । মাথোঁ মনত আছে
মৃত্যুৰ যন্ত্রণাৰে অন্ধকাৰৰ অটলত নিমজ্জিত হৈও
শুভকামনা কৰিছিলোঁ তেওঁলোকৰ। কাঁচিয়লি সুৰূযৰ
প্রথম ৰেঙনিৰ দৰেই ঢিমিকি জ্বলা সেই পোহৰত
ধীৰে ধীৰে আঁতৰি গৈছিল মোৰ ঘণঘোৰ
জীৱন বাটৰ সকলো তমসা । … বিষপান কৰি কৰি মই
অভ্যস্ত হৈ পৰিছোঁ ক্রমশঃ । সেয়ে পাহৰা নাই
তেওঁলোকৰ সান্নিধ্যৰ উত্তাপ ,যি মোৰ মুখত তুলি
ধৰিছিল কালান্তক বিহৰ পিয়লা — সেই বিহৰ তীব্রতাৰে
পুলকিত মোৰ হৃদয় । চেতনাৰ তাঁৰত ঝংকাৰ তুুলি জাগ্রত
হ’ল মোৰ প্রাণৰ ভৈৰৱ … সমাহিত তেজৰ তৰংগত
নীলকণ্ঠী দৃঢ়তা — আকাশৰ নীলা হোৱাৰ
বাসনাৰে …অবিৰত এই যাত্রা ।

সম্পাদকীয়

যোৱা কিছুদিন ধৰি ছ’চিয়েল মেডিয়া ফেচবুকত অসমীয়া জাতিৰ বাবে হানিকাৰক এক কুচকাৱাজ চলি আছে ৷ এই কুচকাৱাজ,অসমীয়া জাতিৰ  সাতাম পুৰুষীয়া সম্প্ৰতিৰ এনাজৰী ডাল ছিঙি দিয়াৰ অপচেষ্টা ৷ কেইজনমান অসাধু মানুহে হকে বিহকে উগ্ৰ সাম্প্ৰদায়িক লেখনি আৰু মন্তব্য ফেচবুকৰ পৃষ্ঠাত তুলি দিছে ৷ এনে সাম্প্ৰদায়িক লেখনি আৰু মন্তব্য আগবঢ়োৱা সৰহ সংখ্যকৰ একাউণ্ট ভুৱা ৷ আনহাতে এই সমূহ  কেৱল উগ্ৰ সাম্প্ৰদায়িকেই নহয় বহুসময়ত ইয়াৰ ভাষাও অশ্লীল ৷ এটা গোটৰ কেইটামান বিতৰ্কিত এনে অশ্লীল ভাষা ব্যৱহাৰ কৰা হৈছে যে সাধু লোকে তাৰপৰা দৌৰি পলোৱাৰ বাদে আন উপায় নাই। আনৰ ধৰ্ম বা আন এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ইমান বেয়াকৈ চিন্তা কৰিব আৰু লিখিব যে পাৰে  সেয়া নেদেখিলে বিশ্বাস নহ’ব। এইবোৰ বাৰু কিয় হৈছে ?

 

কোন জড়িত আছে ইয়াৰ আঁৰত ? কি উদ্দেশ্য এই অসাধু মানুহবোৰৰ। আমি ভাবো এয়া দুই এটা ৰাজনৈতিক শক্তিৰ নিকৃষ্ট প্ৰচেষ্টা। অসমীয়া জাতিৰ সম্প্ৰীতিৰ এনাজৰী ডাল বেচ শক্তিশালী। আৰু সেইবাবেই এই নিকৃষ্ট ৰাজনৈতিক নেতাবোৰৰ মূৰৰ কামোৰনি। সিহঁতৰ বিভেদৰ ৰাজনীতি আগবঢ়াই নিয়াত সফল হ’ব পৰা নাই এই এনাজৰী ডালৰ বাবে।

গতিকে এই অপচেষ্টা। ভাই ভাইৰ মাজত কাজিয়া লগাই নিজৰ উদ্দেশ্য সাধন কৰিব বিচাৰিছে ইহঁতে। ভূৱা একাউন্ত খুলি উগ্ৰ আৰু লেতেৰা লিখনিৰে সাম্প্ৰদায়িক বিষ বাস্প বিয়পাব বিচৰা এই মানুহকেইটা আচলতে সেই ৰাজনৈতিক শক্তিবোৰৰ ভেৰনীয়া ব্যৱহাৰ কৰি সিহঁতে নিজৰ উদ্দেশ্য সাধন কৰিব। ইন্টাৰনেটৰ আন মাধ্যমবোৰৰ ভিতৰত অসমত এতিয়া ফেচবুকেই আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী মাধ্যম। ই সহজো। আপোনাৰ যি মন যায় তাকেই লিখিব পাৰে। কোনো চেঞ্চৰিংৰ ব্যৱস্থা নাই। লিখাৰ লগে লগেই লাখ লাখ মানুহে পঢ়িব পাৰে। উল্লেখিত অপশক্তি কেইটাই ইয়াৰে সুবিধা লব বিচাৰিছে।

 

আমি ভাবো বিষয়টো চিন্তনীয় আৰু উত্তেজনক। গোজেই গজালি হৈ এই শক্তিয়ে এদিন অসমীয়া জাতিৰ অস্তিত্ব যে বিপন্ন কৰিব তাৰ নিশ্চয়তা নাই। সময় থাকোঁতেই অসমীয়া জাতিয়ে এই অপশক্তিক চিনি লৈ ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় হবৰ হ’ল। প্ৰতিজন সচেতন অসমীয়া ওলাই আহিব লাগিব ইয়াৰ বিৰুদ্ধে।

বুদ্ধিজিৱী সকলেও এই দিশটোৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি ইয়াৰ নিবাৰণৰ বাবে কাৰ্যপন্থা হাতত লবৰ হ’ল।