ধুমুহা

( একমিনিটৰ গল্প )
✍ অৰূপ ৰাজ কলিতা

 

মেঘৰ গাজনি বিজুলী চমকনি আৰু প্ৰচণ্ড ধুমুহা জাকৰ মাজেৰে ল’ৰা সন্তানটোক বুকুত বান্ধি তাই দৌৰি দৌৰি স্কুল ঘৰৰ বাৰাণ্ডা পালেগৈ , ধুমুহা জাকৰ তাণ্ডব ৰূপে গোটেই গাওঁ খনকে জোকাৰি গৈছেভাত কেইটা খাই মণিকাই বিচনালৈ আহিছিল হে মাথোন ক’ৰ পৰা জানো হিল দল ভাঙি সোমাই আহিল ধুমুহা জাক তিনি বছৰীয়া ল’ৰাটোক দুহাতেৰে বুকুৰ মাজত সাৱটি তাই বাঁহৰ দুৱাৰ খন পিঠিৰে ভেজাদি বতাহ জাকে খুলিব নোৱাৰা কৈ হেঁচামাৰি ধৰিছিল ।বতাহ জাকৰ স’তে বৰষুণ আৰু বিজুলী ঢেৰেকনিয়েও নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল ।আৰু হঠাৎ গছৰ ডাঙৰ ডাল এটা বতাহৰ সৈতে উৰি আহি তাইৰ ঘৰটোৰ খেৰৰ উৰুখা চালত পৰিল , আৰু মৰমৰকৈ ভাঙি মাটিত পৰিছিল ।কোনোমতে দুৱাৰ খন খুলি তাই ল’ৰাটোক লৈ দৌৰ দিছিল স্কুল ঘৰলৈ বুলি ।ধুমুহা জাক লাহে লাহে শান্ত হৈছিল । কিন্তু মণিকাৰ মনটো ক্ৰমশঃ অশান্ত হৈ উঠিছিল ।ঘৰ বুলিবলৈ গিৰিয়েকৰ দিনৰে খেৰ বাঁহেৰে সজা যিটো জুপুৰি আছিল ধুমুহা জাকে তাকো ভাঙি পেলালে ।পোনাটোক লৈ এতিয়া তাই ক’ত  থাকিব?আনৰ ঘৰত কাম  কৰি পোৱা টকা কেইটাৰে তাই ল’ৰাটোৰ বাবে ভাত এমুঠি যোগাৰ কৰিব নে ঘৰটোৰ বাবে খেৰ বাঁহ গোটাব | তাই বহুতৰ মুখত শুনিছে চৰকাৰী কাগজ পত্ৰই তাইৰ নামতো এটি চৰকাৰী ঘৰ আবন্টিত হৈছে কিন্তু তাই চৰকাৰী ঘৰ এটি আজিলৈ নাপালে । পঞ্চায়ত অফিছলৈ তাই কিছুদিন তাঁত-বাটি কৰিলে । কিন্তু কোনো সু ফল নাপালে।তেওঁলোকৰ দৰে সাধাৰণ মানুহৰ বাবে ভাবিবলৈ কোনো জনপ্ৰতিনিধিৰে সময় নাথাকে ।মণিকাহঁতৰ দুখৰ ছবিবোৰ একো একোটা চৰকাৰী ফাইলত আবদ্ধ হৈ থাকে আৰু সেই ফাইলৰ টকাৰে মন্ত্ৰী আমোলা বোৰে বিলাসী গাড়ী চলাইসাধাৰণ মানুহৰ দুখ-দুৰ্গতি বোৰ একেদৰে  ৰয় আৰু এখন নতুন চৰকাৰ আহে ।

বিবাহ

✍ নিভা গগৈ

লক্ষিমপুৰ ৷

 

অ’ পিংকী,,শুনিচ’ নাই কালিৰ ঘটনাটো ?কি হ’ল অ’ কালি চুমি, গম নেপাওঁ নহয় মই ৷ দুটালৈকে নেটতে বিজি আছিলো, এতিয়া এয়া আঠ বজাত শুই উঠি চাহ কাপ হাতত লৈছোঁহে, কচোন কি হ’ল ?  জপনাখন খুলি সোমাই নাহ কিয় ?চুমিয়ে জপনাখন খুলি নিশা বৰষুণে তিয়াই থোৱা চোতালখনত খুপি খুপি খোজেৰে আহি পিংকীৰ কাষ পালেহি৷ পিংকীৰ ওচৰতে মুঢ়া এটা পাৰি  চুমিয়ে একে উশাহতে কৈ উঠিল,—দিব্যই কালি নিশা ছোৱালী এজনী পলোৱাই আনিলে, ইইই…. তই গ’ম নেপাৱ হ’বলা ৷ গোটেইখন তল ওপৰ ৷পলোৱাই আনিলে, আনিলে আৰু তাতে কি জগৰ লাগিল ৷ সি বেয়া ল’ৰা নহয় , যথেষ্ট টকা পইচাও  আছে তাৰ ৷এএএ…. নহয় অ’, তাৰ মাকে বিয়া পাতিবলৈ চাইছিলে কলিতা গাঁৱৰ ছোৱালী এজনী , কিন্তু সি আনিলে ফেচবুকত লগ পোৱা আহোম ছোৱালী এজনীক ৷ মাক-দেউতাকে ঘৰত সোমাব নিদিয়ে, ছোৱালীজনীক হেনো বহুত অপমান কৰিছে ৷ আমাৰ মায়ে চাই আহিল পুৱাই, বৰ ধুনীয়া হেনো, ব’ল দুইজনীয়ে চাই আহোঁ নহ’লে ৷কি ফাল্টু কথা, আহোম হ’ল তাতে কি হ’লনো ৷ ময়োচোন আহোম ল’ৰা এটা ভালপাওঁ, কাইলৈ যদি মই গুচি যাওঁ মোকো তেনেকুৱা কৰিব নেকি ? মানুহবোৰ যে আৰু ৷ ব’ল, ছোৱালীজনীৰ লগত আমিয়েই অলপ কথা পাতি আহোঁ,কমচে কম, এই ঠাইত আমাৰ দৰে জাত পাতক লৈ চিঞঁৰা  মানুহ দুজনী যে নাই খাটাং কৰি আহোঁ  ৷———————————————————————————————————দিব্যৰ ঘৰৰ চোতালত গাঁৱৰ মানুহে গিজগিজাই আছে ৷ মাকে বাৰান্দাৰ খুটা এটাতে ধৰি ৰাওচি জুৰি কান্দি আছে ,দেউতাকৰ মুখ গম্ভীৰ, চকুহালে মাথোঁ এবাৰ মানুহবোৰলৈ আৰু এবাৰ দিব্যৰ ফালে ক্ষোভৰ দৃষ্টিত চাই আছে ৷ ন-কইনা নিশা অহাৰ সাজতে দিব্যৰ কাষতে মাটিত ঢাৰি এখনত বহি আছে ৷ পিংকী  আৰু চুমি গৈ ন-ছোৱালীজনীৰ ওচৰতে বহিলগৈ ৷ তেনেতে গাঁৱৰ মানুহৰ গুণগুণনি বাঢ়ি গ’ল, গাঁওবুঢ়ানী আইতা আহি পালেহি,তেখেতই যি সিধান্ত ল’ব, সেইটোৱেই হ’ব ৷ গাঁওবুঢ়ানী আহি আসনত বহিলত দিব্যৰ মাকে চকুলো মচি সেৱা এটি কৰিলে, দিব্যৰ মাকৰ মুখেৰেই সকলোখিনি বুজাই দিলে, কলিতা ল’ৰা হৈ এজনী আহোম ছোৱালী বিয়া আমি গ্ৰহণ নকৰোঁ, গাঁৱৰ মানুহে চিঃ চিঃ কৰিছে ৷ ই আমাক অপমান কৰিলে আইতা ৷ উচিত দণ্ড দিয়ক এই হালক, ছোৱালীক ঘৰত থৈ আহো বুলিছো, ল’ৰাই নেৰে ৷ লাগিলে আমাকেই এৰি দিব ৷ আপুনিয়েই কিবা এটা উপায় দিয়ক আইতা ৷চোৱা কলিতানী, আমি মাক দেউতাকে সদায়ে নিজৰ সন্তানক সুখী হৈ থকাটোকে বিচাৰো, সি এজনী আহোম নহয়, এজনী নাৰীক ভাল পাইছে, সেয়েহে জীৱনৰ সংগী হিচাপে তাইক গ্ৰহণ কৰিছে ৷ দুয়োৰে মন মিলিছে বাবেইটো এই কাৰ্যত উপনীত হৈছে আজি ৷ প্ৰেমত জাতি ধৰ্মৰ ভেদ ভাৱবোৰ পুৰণিকলীয়া, দলিয়াই দিয়া সেই মন ৷ আজি ছোৱালীজনীক আঁতৰাই থোৱা মানে তোমাৰ ল’ৰাই কষ্টত থকা, তুমি নিজা মাক হৈ জানো মনত দুখ দিব বিচাৰিবা ৷ ছোৱালীজনীক তুমি মৰম দিয়া, সোণ  ৰূপ দি তাইৰ মনত সুখ দিব নোৱাৰা কলিতানী, আজি তুমি মৰম দিয়া কাইলৈ তোমাক তাই কেনেকৈ আদৰ যত্ন কৰিব চাবা ৷কিন্তু আইতা, সমাজে কি ক’ব ?তুমি আজি যি কৰিছা, সেইটোহে সমাজে নিন্দা কৰিব কলিতানী ৷ শিক্ষিত সমাজে ধৰ্ম, জাতিক লৈ তুলনা নকৰে, যদি তুমি আজি নিন্দা কৰা তুমিহে হাঁহিয়াতৰ পাত্ৰ হ’বা ৷ তোমাৰ ল’ৰাই তুমি নজনাকৈ কিমান বন্ধুৰ ঘৰত যায়,মনৰ কথা বিতৰণ কৰে, আনন্দ কৰে সেইখনি তুমি জানো দিব পাৰিবা ৷ আচল বন্ধুৱেও জাত পাত নেচায় অ’ কলিতানী, কেৱল বন্ধুত্বহে চায় ৷ ঠিক তেনেদৰে প্ৰেম ভালপোৱাও তেনেকুৱাই, ল’ৰাক যদি তুমি মনেৰে সুখী কৰিব নিবিচাৰা, সেইগৰাকী তুমি মাতৃ নামত কলংক নেসানিবা ৷ যোৱা ছোৱালী জনীক আতৌ পিতৌ কৈ নি সাজ এটি পিন্ধাই সেন্দুৰ দিয়া, পিছত ধুম ধামেৰে বিয়া পাতিবা, নে কি কয় ৰাইজ !!হয় হয় আইতা,,,,৷চোৱা কলিতানী, সকলোৱে সহমত কৰিছে যদি তুমি আৰু পু-বোৱাৰীক এনেদৰে আঁতৰাই নাৰাখিবা ৷ যোৱা,দুহাতে ছোৱালীজনীক সাৱতি ভিতৰলৈ লৈ যোৱা, কিমান হেঁপাহ মনত বান্ধি তাই আহিছে ৷ তাইৰো নিজৰ সকলোবোৰ এৰি তোমাৰ পুত্ৰলৈ আহিছে, মনত ৰাখিবা কলিতানী, সকলো ছোৱালীয়েই নিজৰ জাতলৈ বিয়া হ’বলৈ বিচাৰে, কিন্তু পৰিস্থিয়ে কেতিয়াবা সকলো সলনি কৰে, আৰু সেয়া স্বীকাৰো কৰে, তুমি মই বাধা দিবলৈ নহয়, আশীৰ্বাদ দিবলৈহে ৷পিংকী আৰু চুমিয়ে হাত চাপৰি বজোৱাৰ লগে লগে উপস্থিত সকলো ৰাইজে হাত চাপৰি বজালে ৷ কলিতানী লাজে ভয়ে গাঁওবুঢ়ানীৰ কাষতে থিয় হৈ থাকিল ৷ গাঁওবুঢ়ানীয়ে নিজেই উঠি, কলিতানীক এখন হাতে ধৰি কইনাৰ কাষ পালেহি, সকলো বহাৰ পৰা থিয় হ’ল ৷ বুঢ়ীয়ে ন’-ছোৱালী ৰূপত মুগ্ধ হৈ বহু পৰ ৰ লাগি চাই থাকিল, চোৱা কলিতানী, তোমাৰ পুত্ৰ বধুৰ মুখৰ লাৱণ্য, এনিশাৰ ভিতৰতে কিমান ম্লান কৰি পেলালা ৷ সপোন দেখা ঘৰখন তুমি কেনেকৈ থান বান কৰি পেলালা ৷ হেৰি কলিতা, তোমাৰ কিবা আপত্তি আছে নেকি এতিয়াও,দূৰত বহি থকা কলিতাই হেমেনা হেমেনকৈ হাতেৰে ইংগিত দিলে যে কোনো আপত্তি নাই ৷ ন-ছোৱালীয়ে গাঁওবুঢ়ানী আইতাৰ ভৰিত ধৰি সেৱা কৰিলে, বুঢ়ীয়ে উঠাই মূৰত হাতফুৰাই মৰম কৰিলে, এইবাৰ কলিতানীক ন-ছেৱালীয়ে সেৱা কৰিলে, কলিতানীয়ে ছোৱালীজনীক উঠাই বুকুত সোমোৱাই চিঞৰি কান্দিলে, আই অ’, মোৰ ভুল হ’ল তই মোক পাৰিলে ক্ষমা কৰি দিবি ৷তেনেকৈ নক’ব মা, আপোনাৰ মনত মই নজনাকৈ আঘাত কৰিলো, পাৰিলে মোক হে ক্ষমা কৰিব ৷ মই অলপো বেয়া পাই থকা নাই ৷অ’ মোৰ লক্ষী আইজনী, তোৰ দৰে ছোৱালীজনীক মই গোটেই নিশা গালি পাৰিলো, ব’ল আই, ভিতৰলৈ ব’ল৷ আহ বোপাই, তহঁতক পানী অকণো খাবলৈ দিয়া নাই, মই বৰ পাপ কাম কৰিব লৈছিলোঁ ৷ আইতা অ’, আপোনাক শতকৌটি প্ৰণাম জনাইছোঁ ৷হ’ব কলিতানী, মই পিছত আকৌ আহিম, তুমি তোমাৰ বোৱাৰীক লৈ ব্যস্ত হোৱা ৷ মোৰ বৰ জৰুৰী কাম অলপ আছে, মই আহিলোহে ৷কলিতানী সহ কেইবাগৰাকী মহিলাই দিব্য আৰু ন-কইনাক ভিতৰলৈ লৈ গ’ল ৷ চুমি আৰু পিংকীয়ে যেন এখন নাটকহে চাই আছিল অতপৰে ৷ সিঁহত দুজনীও গাঁওবুঢ়ানীৰ পিছে পিছে ঘৰমূৱা হ’ল ৷ গাঁওবুঢ়ানী আইতাই হঠাৎ ফলা শিলত উজুটি খাই পৰিব ধৰা সিঁহত দুইজনীয়ে আইতাক সাৱতি ধৰিলে ৷ আইতাৰ কথাখিনিত দুয়োৰে যে কিমান প্ৰভাৱ পৰিছে, সিঁহতে নিজেই উপলব্ধি কৰিছে ৷ আইতাই সিঁহত দুজনীৰ সহায়ত উঠিল আৰু মুখৰ পৰা অজানিতে ফুটি উঠিল, ইয়া আল্লাহ !চুমি আৰু পিংকী আচৰিত হৈ আইতাৰ মুখলৈ চাই থাকিল, যি গৰাকী আইতাই কীৰ্তন, ঘোষা, ভাগৱতৰ কথা কৈ থাকে আজি হঠাৎ এনেকুৱা শব্দ কিয় উচ্চাৰণ কৰিলে ৷ আইতাই সিঁহত দুজনীৰ মুখৰ বিস্ময়ৰ অনুভৱ বুজি লৈ মিচিকিয়া হাঁহি মাৰি কৈ উঠিল, মই আচলতে মুছলিম সম্প্ৰদায়ৰ ছোৱালী আছিলোঁ, হিন্দুলৈ বিয়া হৈ সকলো হিন্দু নিয়ম পালন কৰো যদিও আল্লাৰ উচ্চাৰণ এৰিব পৰা নাই, অজানিতে হে প্ৰভুৰ ঠাইত আল্লাহে আহে ৷ বাৰু আইহঁত, মই যাওঁ দেই ৷ আজি গধুলি গীতা পাঠ কৰিছোঁ , ভকত অহাৰ আগেয়ে সকলো ঠিক কৰিব লাগিব যে,বহুত কাম বাকী আছে ৷আইতা লাহে লাহে গৈ কেঁকুৰী পাৰ নোহোৱালৈকে চুমি আৰু পিংকীয়ে মাথোঁ চাই থাকিল ৷


মৰাণ জনগোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি কাকপথাৰৰ ৰাতি বিহু আৰু পৰ্য্যটনৰ আনুষংগিক দিশ

 

✍ লক্ষীনন্দন বৰগোহাঞি
সহকাৰী অধ্যাপক
ডি.ডি.আৰ.কলেজ, চাবুৱা ।
৯৭০৭৪৭০৪৪৯

 

পৰিচয়ঃ
মৰাণ জনগোষ্ঠী স্বকীয় আৰু চহকী কলা সংস্কৃতিৰ অধিকাৰী । ৰাতি বিহু মৰাণ জনগোষ্ঠীয়ে অতীজৰে পৰা পালন কৰি অহা বসন্ত উৎসৱৰ এক আকৰ্ষণীয় ব্যতিক্ৰম পৰম্পৰা । অন্যান্য অসমীয়া সকলৰ দৰেই মৰাণসকলৰ মূল জাতীয় উৎসৱ বহাগ বিহু বা ৰঙালী বিহু । তেওঁলোকে ৰঙালী বিহুৰ তুলনাত ভোগালী বিহু আৰু কঙালী বিহু বৰ বেছি উলহ-মালহকৈ পালন নকৰে বুলি জনা যায় । ৰঙালী বিহুত তেওঁলোকে ৰাতি বিহু , গছ তলৰ বিহু আৰু ধৰ্ম হুচৰি গোৱা প্ৰথা প্ৰচলন আছে । ইয়াৰ লগতে বহাগ বিহুৰ আনুষংগিক প্ৰথা-পৰম্পৰা কিছুমানো তেওঁলোকে পালন কৰি আহিছে ।

থোৰতে মৰাণ জনগোষ্ঠীঃ
মৰাণ জনগোষ্ঠীটো অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ। বৰ্তমান উজনি অসমৰ তিনিচুকীয়া জিলাতেই অধিক সংখ্যক মৰাণ জনগোষ্ঠীৰ লোকে বাস কৰে ।

ৰাতি বিহুৰ সবিশেষঃ
ৰঙালী বিহুৰ এটা প্ৰধান অংশ হৈছে ৰাতি বিহু । মৰাণসকলৰ জাতীয় উৎসৱ ৰঙালী বিহুক ৰাতি বিহুৱে অনন্য মাত্রা প্ৰদান কৰিছে বুলি ক’ব পাৰি । বৃহৎ অসমীয়া সংস্কৃতিলৈ ৰাতি বিহুৰ অৱদান লেখত লব লগীয়া । গাঁৱৰ ডেকাসকলে চ’ত মাহতেই গাঁৱৰ আচুতীয়া ঠাই বা গাঁৱৰ মূৰত বাঁহ, কাঠ, জেঙুপাত, টকৌপাত আদিৰে দুই কুঠলীয়া এটা বেৰহীন অস্থায়ী ঘৰ সাজি ওলিয়ায়। সেইটোক বিহু ঘৰ বুলি কোৱা হয় । বিহুঘৰটোক পৱিত্ৰ গৃহ হিচাপে গণ্য কৰা হয় । বিহুঘৰটো দুই কুঠলীয়া। মাজৰ চতিটোৰ ভিত্তিতে ইয়াক দুটা ভাগ কৰি সোঁফালৰ কোঠাটো ডেকাসকলৰ বাবে আৰু বাওঁফালৰ কোঠাটো গাভৰুসকলৰ বাবে নিৰ্ধাৰণ কৰা হয় । তাত ডেকা গাভৰু সকলে বৃত্তাকাৰে ঘুৰি ঘুৰি সুকীয়া সুকীয়াকৈ ৰাতি বিহু মাৰে । ৰাতি বিহু গোৱাৰ সময়ত ডেকা আৰু গাভৰুসকলে পৰস্পৰৰ অংশত প্ৰৱেশ নকৰে । ৰাতি বিহু গাবৰ বাবে বিহুলৈ এক সপ্তাহ মান বাকী থাকোতেই এজন বয়সস্থ ব্যক্তিক লগত লৈ ডেকাসকলে তামোল-পাণৰ টোপোলা দি অভিভাৱকৰ পৰা গাভৰুসকলক খুজিবলৈ যায় । ডেকাসকলে অভিভাৱকক গাভৰু গৰাকীৰ নিৰাপত্তা তথা সম্পূৰ্ণ সুৰক্ষাৰ আশ্বাস দিয়াৰ পাছতহে অভিভাৱকে নিজৰ গাভৰু ছোৱালীক ৰাতি বিহু মাৰিবলৈ এৰি দিয়ে । প্ৰতি দিনে ৰাতি বিহু মাৰি হোৱাৰ পাছত ডেকাসকলে গাভৰুসকলক ঘৰে ঘৰে চমজাই থৈ আহে । এই বিহু সাত দিন , ন দিন , এঘাৰ দিন , পোন্ধৰ দিনলৈকে মৰা হয় । ভুমুকৰ পোহৰত গীত , বাদ্য আৰু নৃত্যৰ আকৰ্ষণীয় সমাহাৰেৰে ৰাতি বিহু মায়াময় হৈ পৰে । নিশা আঠমান বজাৰ পৰা আৰম্ভ হৈ পুৱতি নিশালৈকে এই বিহু চলি থাকে । আন গাঁৱৰ ডেকা বিহুখোলালৈ আহিলে গাভৰুসকলে ডেকাসকলক টকা চমজাই দিয়ে আৰু ডেকাবিলাকেও হাতত থকা বাদ্যবোৰ চমজাই দিয়ে । বেলেগ গাঁৱৰ পৰা অহা ডেকাবোৰে তেতিয়া প্ৰেম-প্ৰণয় , ব্যঞ্জনাধৰ্মী শালীনতাপূৰ্ণ বিহুগীত গায় ঢোল তাল বজায় গাভৰুসকলক নচুৱাই । অৰ্থাৎ আন গাঁৱৰ পৰা অহা ডেকাইহে গাভৰুসকলক নচুৱাই । একে গাঁৱৰ ডেকাই একে গাঁৱৰ গাভৰুক ননচুৱাই । ধেমালি ৰং ৰহইচৰ মাজেৰে বিহু কৰি থাকিলেও এই বিহুত কোনো অশ্লীলতা নাথাকে । বৰঞ্চ ৰাতি বিহু অতি মাৰ্জিত আৰু পৰিশীলিত ।

অতীতৰ পৰা বৰ্তমানলৈ ৰাতি বিহুঃ
বুৰঞ্জীয়ে ঢুকি নোপোৱা সময়ৰ পৰাই অৰ্থাৎ প্ৰাক্ ঐতিহাসিক কালৰ পৰাই মৰাণ সকলে ৰাতি বিহু পালন কৰি আহিছে । অতীজত ৰাতি বিহু দীঘলীয়াকৈ কেইবাদিনৰ বাবে পালন কৰা হৈছিল । সময়, আধুনিকতা তথা ব্যস্ত জীৱন শৈলীয়ে এই পৰম্পৰালৈ কিছু কিছু পৰিবৰ্তন অনাটো অনস্বীকাৰ্য্য । মৰাণ সকলে চ’তৰ সংক্ৰান্তিত বিহু পালন নকৰে । তাৰ পৰিবৰ্তে প্ৰাক্ বৈষ্ণৱ কালৰ পৰাই বহাগৰ প্ৰথম বুধবাৰটোত নীতি নিয়মৰ মাজেৰে বিহু নমাই সাতৰ পৰা পোন্ধৰ ৰাতিলৈকে ডেকা গাভৰুৱে বিহু মাৰিছিল । উত্তৰ বৈষ্ণৱ কালতো গুৰু পৰামৰ্শ অনুসৰি মৰাণ সকলে বহাগৰ প্ৰথম মঙ্গলবাৰটোক উৰুকা আৰু বুধবাৰটোক গৰু – বিহু হিচাপে লৈ বিহু নমাই পালন কৰে । পূৰ্বৰ দৰে ব্যাপকভাৱে ৰাতি বিহু নামাৰিলেও কেইখনমান গাঁৱত এতিয়াও ৰাতি বিহু মৰা প্ৰথাটো প্ৰচলন হৈ আছে । ইয়াৰ ভিতৰত বৰসাপজানৰ বেতনি গাঁৱৰ ৰাতি বিহু উল্লেখনীয় । আনন্দৰ কথা – অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ , মৰাণ জনগোষ্ঠীয় তথা কাকপথাৰ বাসী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ৰাতি বিহুৱে প্ৰাণ পাই উঠিছে । সংগঠন কেইটা তথা ৰাইজে ৰাজহুৱা ভাৱে ৰাতি বিহু ২০১৬ বৰ্ষত পঞ্চমবাৰৰ বাবে কাকপথাৰৰ ৰাজহুৱা খেলপথাৰত যোৱা ২৩ এপ্ৰিল তাৰিখে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰিলে । কেইবাদিনৰ পৰা একেলেথাৰিয়ে হৈ থকা বৰষুণে অনুষ্ঠানটোক কিছু অসুবিধা দিলে যদিও আমি ৰাতি বিহুৰ মাদকতা ষোল্ল অনাই যেন লাভ কৰিলো তেনে অনুভৱেই হ’ল । এইবাৰো ৰাজহুৱা ভাৱে ২০১৭ বৰ্ষৰ ৰাতি বিহু উদযাপনৰ যা- যোগাৰ ইতিমধ্যে আৰম্ভ হৈছে বুলি অৱগত হৈছোঁ।

আমি প্ৰত্যক্ষ কৰা ৰাতি বিহুঃ
সংগঠন কেইটাৰ আমন্ত্ৰণ ক্ৰমে আমি সন্ধিয়া সময়ত কাকপথাৰ পাইছিলো । বৰষুণৰ বাবেই আমি পাছবেলালৈকে যাম বুলি থিৰাঙেই কৰিব পৰা নাছিলো । অনুষ্ঠানটোৰ উদ্যোক্তা – বিষয়ববীয়া মৃদুল দহোতীয়া, সুদিত্য মৰাণ , টিকেন্দ্ৰজিৎ মৰাণ , সুৰজিৎ চলিহাই আমাক প্ৰথমে সুদিত্য মৰাণৰ ঘৰলৈ লৈ গল । সুদিত্যৰ ঘৰৰ সস্নেহ আতিথ্য গ্ৰহণ কৰাৰ পাছত আমাক ৰাতি বিহু থলিলৈ আগবঢ়াই আনিলে ।কথাৰ মাজতে তেওঁলোকে ব্যক্ত কৰিলে- গোঁসায়ে বতৰটো বান্ধি ৰাখিছে যাতে বিহু উদযাপন কৰাত বৰষুণে অসুবিধা নিদিয়ে । এইয়া মৰাণ জনগোষ্ঠীয় সমাজৰ এক লোক বিশ্বাস । বিহু থলি অভিমুখে ৰাইজৰ সোঁত বোৱা চকুত পৰিল ।নিশাৰ আলোক সজ্জাত খেলপথাৰখনে মোহনীয় ৰূপলৈ উঠিছে । কাষে কাষে থকা প্ৰাচীন গছবোৰে পৰিবেশটোক অধিক গাম্ভীৰ্য্যতা প্ৰদান কৰিছে । খেলপথাৰখনৰ মাজত কেইবাহাজাৰ বৰ্গমিটাৰ এলেকা মুকলিকৈ বিহুতলী হিচাপে ৰাখি চাৰিওকাষে গোটা বাহ বান্ধি দিয়া হৈছে । বিহুতলীলৈ জাতীয় সাজ- পাৰ পৰিধান কৰা বিশেষ ব্যক্তিসকলহে যাব পাৰে । অৱেশ্যে আমন্ত্ৰিত অতিথি আৰু প্ৰচাৰ মাধ্যমৰ ব্যক্তিৰ বাবে এই নিয়ম নহয় । বাঁহৰ বেৰাৰ বাহিৰ ফালে শৃংখলিত দৰ্শক সকলৰ ভিৰ লক্ষ্য কৰিলোঁ । একাষে অতিথি দৰ্শকৰ বাবে চকী পাৰি দিয়া হৈছে । খেলপথাৰখনৰ একেবাৰে সোঁমাজত বাঁহ আৰু জেতুপাতেৰে নিৰ্মিত তিনি চতিৰ এক বেৰহীন বিহুঘৰ । বিহুঘৰৰ একাষে অলপমান টকা ( এপাব বাঁহৰ পৰা তৈয়াৰী বাদ্য ) ওলোমাই ৰখা হৈছে আৰু কাষতে চাকচনি মাৰি ( ডেৰ- দুই ফুট দৈৰ্ঘ্যৰ মাৰি ) ৰ দ’ম এটা । বিহুঘৰৰ ভিতৰত বহুকেইটা ভুমুক ( বাঁহৰ চুঙাত কেৰাচিন তেল ভৰাই ফটাকানি দি জুই জ্বলাই পোহৰ পাবলৈ ব্যৱহাৰ কৰা হয় ) জ্বলাই ৰখা হৈছে । বিহুঘৰটো অস্থায়ী মঞ্চ হিচাপে ব্যৱহাৰ কৰি আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক তালৈকে নি মৰাণসকলৰ স্বকীয় গামোচা আদিৰে সম্বর্ধনা জ্ঞাপন কৰা হৈছে ।

ইতিমধ্যে লুপ্তপ্ৰায় পৰম্পৰাগত ঢাল কড়ি খেল কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিছিল ।তাৰ পাছতেই ‘ ৰাতি বিহু ‘ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিলে বিধায়ক দিলীপ মৰাণে । উদ্যোক্তাসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি বিশিষ্ট অতিথি হিচাপে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্যিক , শিল্পী , ৰাজনীতিকে কাকপথাৰৰ ৰাতি বিহু থলিৰ শোভাবৰ্ধন কৰিলে । আমিও সম্বর্ধনা গ্ৰহণ কৰি শুভেচ্ছামূলক বক্তব্য ৰখাৰ পাছতেই মৰাণ উন্নয়ন পৰিষদৰ অধ্যক্ষ বিৰিঞ্চি নেওগে বিহুঘৰ মুকলি কৰিলে । শ শ বিহুৱা ডেকা আৰু নাচনীয়ে বিহুতলিখন বাহিৰেদি প্ৰদক্ষিণ কৰি বিহুতলীৰ মাজলৈ শাৰী পাতি সোমাই আহিল । ডেকাবিলাকৰ হাতে হাতে প্ৰজ্বলিত ভুমুক । বিহুঘৰত নাচনী আৰু বিহুৱা ডেকাই একোভাগকৈ তামোল – পাণ আগবঢ়াই অদৃশ্যজনক আৰু গুৰু ভকতক স্মৰণ কৰি ডেকাৰ কোঠাত ডেকাই আৰু গাভৰু কোঠাত গাভৰুসকলে বিহু আৰম্ভ কৰিলে । বিহুৱা আৰু নাচনীসকলে পদ- ঘোষা – গীত জুৰিলে । ঢোল , তাল , টকা আদি বাজি উঠিল । চাকচনি মাৰিবোৰ দমাই ৰখা ঠাইৰ পৰা নাচনী কিছুমানে নি বেৰাৰ কাষে কাষে ৰৈ থকা ডেকাবোৰৰ হাতে হাতে দি আহিল । চাক্-চনি মাৰি হাতত পোৱা মাত্ৰেই সেই ডেকাবোৰেও বেৰাৰ বাঁহত কোবাই কোবাই তাল তুলি আনন্দৰে বিহু গাবলৈ আৰম্ভ কৰিলে । নাচনীবোৰেও বেৰাৰ কাষলৈ গৈ ডেকাসকলৰ বিহুৰ তালত পৃথক পৃথক জুম হৈ নাচিবলৈ আৰম্ভ কৰিলে । একে গাঁৱৰ ডেকাই একে গাঁৱৰ নাচিক ননচুৱাই । নাচনীবোৰেও টকা , চাকচনি মাৰি অন্য গাঁৱৰ ডেকাকহে চমজাই দিয়ে । ডেকাবোৰেও টকা , চাকচনি মাৰি পোৱাৰ পাছত বিহু গাই নাচনীক নচুৱাই ।

বিহুৱাৰ কাপোৰঃ
ৰাতি বিহুৰ বিহুৱাসকলে ধূতি গামোচা পৰিধান কৰে ।

নাচনীৰ সাজঃ
ৰাতি বিহুৰ নাচনীসকলে বুকুত মেঠনি মাৰি মেখেলা – চাদৰ , কলীয়া ৰিহা পৰিধান কৰে । গহনাৰ ভিতৰত গামখাৰু , ডিঙিত ফুটিমণিৰ সৈতে মাদলি , কাণত থুৰিয়া , জাংফাই , খোপাত বতৰৰ ফুল লগায় ।

বিহুৱানঃ
ৰাতি বিহুৰ পদ- ঘোষা আৰু গীতবোৰ সম্পূৰ্ণ সুকীয়া । তাৰোপৰি ডেকা আৰু গাভৰুৱে গোৱা পদবোৰ পৃথক হয় । মৰাণসকলৰ বিহু নামৰ সুৰ – লয়বোৰ লেহেতীয়া । সুৰ – লয়বোৰ ধীৰ বা লেহেতীয়া হোৱা বাবে সুৰ্দীঘ সময় ধৰি নাচি থাকিলেও ডেকা গাভৰু সকল ভাগৰুৱা নহয় । লেহেতীয়া সুৰৰ বাবে বিহু নামবোৰ স্পষ্ট আৰু অৰ্থময় হৈ পৰে বুলি কোৱা হয় ।

বিহুৰ বাদ্যঃ
ৰাতি বিহুত ব্যৱহৃত বাদ্যবোৰ হৈছে – ঢোল , তাল , পেঁপা , বাহীঁ , সুতুলি , ঢোতং , টকা , গগনা আদি ।

নৃত্যঃ
ৰাতি বিহুৰ নাচবোৰ ধীৰ- স্থিৰ । নাচৰ মুদ্ৰাবোৰ হৈছে – ককালত হাত থৈ ককাল ভাঙি নচা, ওপৰলৈ হাত মেলি হাতৰ সৰু গাঠি ভাঙি হাত খন ইফাল সিফাল কৰি ঘুৰি ঘুৰি নচা আৰু যোজনাত হালি – জালি মৰা নাচেই প্ৰধান নাচ । সাধাৰণ বিহু নাচত খোপাত ধৰি নচা, মহৰ শিঙৰ দৰে হাত মেলি নচা , আগফালে হাত মেলি নচা আদি ভংগিমা মৰাণৰ বিহু নাচত নাই ।

মৰাণ গামোচাঃ
মৰাণসকলৰ গামোচাখনত জনগোষ্ঠীটোৰ সুকীয়া পৰিচয় এটা পোৱা যায় । বগা সুতাৰ গামোচাখনত সোণালী সুতাৰ ফুল থাকে ।

যোগাযোগঃ
কাকপথাৰ ঠাইখন মৰাণ জনগোষ্ঠীৰ সংস্কৃতিৰ বৰঘৰ ৰূপে সুকীয়া পৰিচয় আছে । তিনিচুকীয়া সদৰৰ পৰা ৰাতি বিহু আনুষ্ঠানিক উদযাপন থলি কাকপথাৰলৈ দূৰত্ব ৪২ কিলোমিটাৰ । তিনিচুকীয়াৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় পথ আৰু ৰূপাইৰ পৰা বডাৰ ৰোডচে নিৰ্মাণ কৰা ৫২ নং ৰাষ্ট্ৰীয় পথচোৱাৰ অৱস্থা ভাল । ৰূপাই চাইডিঙৰ পৰা অলপ দূৰ আগবঢ়াৰ পাছতেই পথৰ দুই কাষে থকা সুবিশাল পথাৰবোৰে আপোনাক কাকপথাৰলৈ স্বাগতম জনাব । মনলৈ আহিব এই বিশাল পথাৰবোৰৰ বাবেই ঠাইখনৰ নাম কাকপথাৰ নেকি ! কাকপথাৰ নামটোৰ উৎপত্তিৰ বিষয়ে পঢ়োতে পালো অতীজত ঠাইখনৰ হাবিবোৰ কাক বাঁহেৰে পৰিপূৰ্ণ আছিল আৰু বৃহৎ পথাৰবোৰ আছিল । পুৰণি নাম আছিল কাকতল ।

ৰাতি বিহু আৰু আনুষংগিক চিন্তা – চৰ্চাঃ
ৰাতি বিহু সম্পৰ্কত কাকত – আলোচনী , গ্ৰন্থ আদিত কিছু লেখা মেলা হৈছে । বিষয়টো সন্দৰ্ভত অধিক চৰ্চা গৱেষণা হোৱাৰ থল আছে । সঠিক শক্তিশালী পদক্ষেপেৰে বৃহৎ আৰু কেন্দ্ৰীয় ভাৱে নৈসৰ্গিক শোভাৰ মাজত ৰাতি বিহুৰ প্ৰকৃত ঐতিহ্য ৰীতি – নীতিৰ মাজেৰে উদযাপন – প্ৰদৰ্শনৰ ব্যৱস্থা অব্যাহত হৈ থকাটো যিদৰে প্ৰয়োজন একেদৰে নিভাজ ৰূপত গাঁওবোৰত এই পৰম্পৰা জীয়াই ৰখাটোও সমানে প্ৰয়োজনীয় ।

সাংস্কৃতিক পৰ্য্যটনৰ সম্ভাৱনাঃ
মৰাণ জনগোষ্ঠীৰ বসন্ত উৎসৱৰ অন্তৰ্গত সম্পূৰ্ণ ব্যতিক্ৰম বৈশিষ্ট্যৰে পৰিপূৰ্ণ কাকপথাৰৰ ৰাতি বিহুৰ সাংস্কৃতিক পৰ্য্যটনৰ দিশত বিপুল সম্ভাৱনা আছে । পৰ্য্যটকক আকৰ্ষণ কৰা উপাদানবোৰৰ ভিতৰত সংস্কৃতি , পৰম্পৰা , আৰু মনোৰঞ্জন অন্যতম । কাকপথাৰত উদযাপিত হোৱা মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুত এই তিনিওটাৰে সংমিশ্ৰণ ঘটিছে । ইয়াৰ লগতে মৰাণ জনগোষ্ঠীৰ স্বকীয়তা থকা দৈনন্দিন জীৱন ধাৰণ প্ৰণালীকো যুক্ত কৰিব পাৰি । কাকপথাৰ পৰিবেষ্টিত হৈ আছে তেজি , বৰালি, লাজুম , ওৱন, খামটি , কাচিজান , আদি ধুনীয়া গাঁও কিছুমানেৰে । কাকপথাৰ সুচল পথেৰে যুক্ত হৈ থকাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্য্যটক আহিবলৈ সুবিধা আছে । তাৰোপৰি তিনিচুকীয়ালৈ ৰেলযোগে আৰু ডিব্ৰুগড়লৈ বিমানযোগে আহিও অসম তথা দেশ বিদেশৰ পৰ্য্যটক – গৱেষকে কাকপথাৰৰ এই সাংস্কৃতিক উৎসৱ আৰু জনগোষ্ঠীটোৰ অন্যান্য দিশবোৰ প্ৰত্যক্ষ কৰাৰ লগতে গৱেষণাৰ বাবে তথ্য সংগ্ৰহ কৰিবহি পাৰে । অসমৰ উজনি খণ্ডৰ প্ৰান্তীয় চহৰ কাকপথাৰৰ পৰা পৰ্য্যটকৰ আকৰ্ষণীয় স্থান কিছুমানলৈ যাব পাৰি ।

ৰাতি বিহুৰ প্ৰচাৰ আৰু প্ৰসাৰঃ
ৰাতি বিহুৰ প্ৰচাৰ আৰু প্ৰসাৰত জনগোষ্ঠীটোৰ অগ্ৰণী সংগঠন অসম মৰাণ সভা , সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদে প্ৰশংসনীয় পদক্ষেপ লৈ আহিছে । এই ক্ষেত্ৰত উদ্যোক্তাসকলৰ ঐকান্তিক প্ৰচেষ্টা , আন্তৰিকতা শলাগিব লগীয়া । মায়ামৰা প্ৰডাকচনৰ বেনাৰত সদৌ অসম মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি , মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতি আৰু অসম মৰাণ সভা কাকপথাৰ আঞ্চলিক সমিতিৰ প্ৰযোজনাত জয়ছেং জয় দহোতীয়াৰ সম্পাদনা – পৰিচালনাৰে ‘চাক-চনি’ নামৰ তথ্যচিত্ৰ এখন প্ৰস্তুত কৰি ৰাইজৰ বাবে ওলিয়াই দিছে । তথ্যচিত্ৰখন য়ুটিউৱতো উপলব্ধ ( https://youtu.be/BxZyWiD3tZQ )। এটা কথা মনত ৰাখিব লাগিব – মৰাণ জনগোষ্ঠীৰ প্ৰতিটো প্ৰজন্মই ৰাতি বিহুৰ বিষয়ে সবিশেষ জানিব লাগিব ।

পৰিশিষ্টঃ
ৱেবছাইদ , ব্লগ , ফেচবুক পে’জ, টুইটাৰ আদিৰ জড়িয়তেও প্ৰচাৰ চলাই সংস্কৃতিপ্ৰেমী লোক পৰ্য্যটকক আকৰ্ষিত কৰিব পাৰি । পৰ্য্যটকৰ বাবে প্ৰাকৃতিক শোভাৰ মাজত মৰাণ জনগোষ্ঠীয় আৰ্হিৰ ইক’লজ নিৰ্মাণ কৰি ঘৰুৱা পৰিবেশৰ অনুভৱ প্ৰদানেৰে আতিথ্য কৰা , থলুৱা সংস্কৃতি প্ৰদৰ্শন , থলুৱা খাদ্য যোগান , থলুৱা শিল্প – সামগ্ৰী প্ৰদৰ্শন – বিক্ৰী , পৰ্য্যটক – গৱেষকৰ প্ৰয়োজনীয় তথ্য – পাতি যোগান আৰু পথ প্ৰদৰ্শক ( Guide ) আদিৰ ব্যৱস্থা কৰিলে পৰশুৰাম কুণ্ড , টেঙাপানীৰ গ’ল্ডেন পেগুদা , এচিয়াৰ এসময়ৰ ধনী গাঁও চৌখাম, এচিয়াৰ ভিতৰতে সুবৃহৎ বৌদ্ধ মূৰ্তিৰ স্থান লাথাইৰ লালপাহাৰ আদিলৈ অহা দূৰণিৰ পৰ্য্যটকেও তিনিচুকীয়াৰ পৰা আগবাঢ়ি গৈ মৰাণ কৃষ্টি – সংস্কৃতিৰে পৰিৱেষ্টিত কাকপথাৰতহে থাকিবলৈ ভাল পাব।

তথ্য উৎসঃ
ৰাতি বিহু ( স্মৃতিগ্ৰন্থ ) পঞ্চম বাৰ্ষিক , চতুৰ্থ সংখ্যা ( সম্পাদনা ) মন্টু চেতিয়া , মৃদুল দহোতীয়া , ( প্ৰকাশক ) অসম মৰাণ সভা টঙনা আঞ্চলিক সমিতি আৰু কাকপথাৰ আঞ্চলিক সমিতি , সদৌ অসম মৰাণ ছাত্ৰ সন্থা , মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতি
চাক্-চনি ( তথ্যচিত্ৰ ) ( পৰিচালনা – সম্পাদনা ) জয়ছেং জয় দহোতীয়া, ( প্ৰযোজনা ) মায়ামৰা প্ৰডাকচনৰ বেনাৰত সদৌ অসম মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি , মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতি আৰু অসম মৰাণ সভা কাকপথাৰ আঞ্চলিক সমিতি
প্ৰান্তিকঃ ১৬-৩১ এপ্ৰিল ২০১৬
নিয়মীয়া বাৰ্তাঃ ১৮ এপ্ৰিল ২০১৬

সৰু সৰু কথা

✍ ইমৰান শ্বাহ

শিৱসাগৰ ।

 

আজিকালি প্ৰগতিৰ কথা কথাই কথাই কৈয়ে থকা হয় । খেল এখন , সভা এখন পাতিব পৰাটোও প্ৰগতি । মূৰ্তি এটা , ।  ফুলনি এখন প্ৰতিষ্ঠা কৰাও প্ৰগতি । কিন্তু প্ৰগতি কাক বোলে প্ৰশ্নটোৰ উত্তৰ সহজে পোৱা নাযায় । থাকিবলৈ ঘৰ সজা , আৰু এটা ধুনীয়া ঘৰ সজাৰ মাজত বহুত পাৰ্থক্য প্ৰথমটো সদায় একে থাকে । পাছৰটোৰ পৰিবৰ্তনৰ সীমা নাই । মাটিত ফুঁ মাৰি কোনেও ভাত নাখায় । কিন্তু মানুহৰ পৰিচ্ছন্নতাৰ প্ৰেৰণাটো ‘তামাম’ ।কিছুমান বস্তু মানুহৰ ভিতৰৰ পৰা ওলায় । বাহিৰৰ পৰা জাপি দিব নোৱাৰি । প্ৰগতিও এটা প্ৰেৰণা । কিতাপ পঢ়ি বা দলত ভুক্ত হৈ প্ৰগতিবাদী হ’ব পাৰি । প্ৰগতিশীল হ’ব নোৱাৰি ।বিষয়টো জটিল । তাৰ আলোচনাৰ জটিলতালৈ নগৈ সাধাৰণভাৱে কিছু কথা চিন্তা কৰাৰ যত্ন কৰিব পাৰি ।আমাৰ পৃথিৱীখনত নিতৌ অনেক নতুন নতুন ঘটনা ঘটি থাকে । আচৰিত ধৰণে একেখন কাকতৰ একেটা পৃষ্ঠাতে কৃত্ৰিম কিডনী প্ৰতিষ্ঠাপন আৰু ডাইনী নিধনৰ বাতৰি ওলায় । পূৰ্বনুবৃত্তিৰ বাহিৰেও অভূতপূৰ্ব ঘটনাও ঘটে । কিন্তু এই ঘটনাবোৰৰ বিশ্লেষণৰ জৰিয়তে প্ৰগতিৰ স্বৰূপ বুলিব নোৱাৰি ।উন্নত , অনুন্নত , উন্নয়নশীল আদি বিভিন্ন ধৰণে পৃথিৱীৰ দেশবোৰৰ বিভাজন কৰা হয় । আকৌ সেই দেশবোৰৰে ভিতৰত অঞ্চলভেদে ঠাইবোৰৰ মাজত আকাশ পাতাল পাৰ্থক্য । ৰেলৰ উকিও নুশুনা কোনোবা দূৰ গাঁৱৰ ৰূপেশ্বৰী গুৱাহাটী মজিয়াত ভৰি দিয়াৰ লগে লগে ফাপৰীত পৰিণত হ’বলৈ বাধ্য । বিজ্ঞান-প্ৰযুক্তিৰ দিশত উন্নত দেশবোৰ অভাৱনীয়ভাৱে আগবঢ়া । আঙুলিৰ টিপাতে বিশ্ব । কিন্তু এনেকৈ আগবঢ়াকে প্ৰগতি বুলি মানি ল’ব সকলোৱে নুখুজিব । গৰুগাড়ী আৰু মটৰগাড়ীৰ পাৰ্থক্যটো প্ৰগতিৰ নহয় প্ৰযুক্তিৰ ।এটা সৰু কথালৈ মন কৰিব পৰা যায় । ধনে-মানে , বিদ্যাই-বুদ্ধিয়ে সকলো মানুহ সমান একে হোৱাটো এটা ভাল কথা বুলি সকলোৱে মানি ল’ব । হাতৰ-পাচ এটা নোহোৱাকৈ এখোজো চলিব নোৱাৰাজনেও ল’ব । কিন্তু লক্ষণীয় কথাটো হ’ল অতি উন্নত সমাজবোৰতকৈ একেবাৰে পিছপৰা সহজ-সৰল গাঁৱৰ মানুহ , আদিবাসী , জনজাতি আদিৰ মানুহৰ মাজত সমতা বেছি । সমস্যা , খোৱা-কামোৰা কম । মৰমেৰে জীয়াই থাকে ।সংগ্ৰাম তেওঁলোকেও কৰে । উন্নত হৈয়ো আহে । কিন্তু তেওঁলোকে আন কথাত প্ৰায় সকলো মানুহেই নিজৰ সংস্কৃতিক ঘপকৈ এৰি দিব নোখোজে । এক ধৰণৰ টনা-আঁজোৰা চলি থাকে । কিয় ? ভাবি চাব পাৰি । সংস্কৃতিৰ লগত উন্নতিতকৈ অন্য কিবাৰ সম্বন্ধ নিগূঢ় । বোধকৰো প্ৰগতি-চেতনাৰ । সেয়া যে তেওঁলোকৰ আত্মজ ।আকৌ যে এই কাৰ্যালয়বোৰ , কাৰখানা উদ্যোগবোৰ ইয়াৰ মানুহবোৰৰ মাজত এটা এক ধৰণৰ সমতা থাকে। উৎপাদন সমতা । প্ৰযুক্তি প্ৰয়োগৰ সমতা । উপাৰ্জন । এওঁলোক প্ৰগতিশীল নে ? এওঁলোক এক অৰ্থত বন্দী নহয়নে ? ব্যক্তি স্বাধীনতা অবিহনে প্ৰগতি হ’ব পাৰেনে ? অনুমতি নলৈ প্ৰেমো কৰিব নোৱাৰি । মাকক চাবলৈয়ো যাব নোৱাৰি , গল্প ভাল হয় । জীৱন হয় জানো । ঘড়ী কাঁটাত বন্ধা জীৱনো জীৱন নে ?দেহ-সৰ্বস্ব কথাবোৰৰ পৰা ওপৰলৈ উঠিবলৈ এটা নিৰন্তৰ চেষ্টা মানুহৰ চেতনাতে থাকে । ফুল পখিলা চাবলৈ শিশুক শিকাব নালাগে । প্ৰথম দেখাতে সিহঁতৰ প্ৰেম হৈয়ে যায় । দেহ-সৰ্বস্ব কথা-কাণ্ডবোৰত মানুহৰ দৃষ্টিভংগী প্ৰায় সদায় বহিৰ্মুখী হয় । আৱেগ-অনুভুতি , কোমলতা বাধাগ্ৰস্ত হয় । অৱহেলিত কিন্তু চেতনাৰ মধুৰ কিবা এটা বিচৰাৰ চেষ্টাই মানুহক অন্তৰ্মুখী কৰে । অন্তৰ্দৃষ্টি দান কৰে । সৰ্বপ্ৰকাৰৰ ৰসবোধৰ উদ্ভৱ হয়। হাঁহিব পাৰে , কান্দিব পাৰে । এইবোৰৰ পৰাইতো সভ্যতাৰ বিকাশ হয় । অধ্যাত্ম্যবাদৰো বিকাশ ইয়াৰ পৰাই হয় । পদাৰ্থত মন নভৰে । আৰু কিবা লাগে ।মানুহৰ চেতনাৰ এই সন্ধান , এই প্ৰত্যাশাৰ কিন্তু অন্ত নাই । পূৰ্ণতাও নাই । ই মানুহক নিতে নৱ স্বপ্ন দেখুৱায়।মন কৰিলে দেখা যাব , এচাম মানুহ মানুহৰ উন্নতিত সন্তুষ্ট । তেওঁলোকে ভাৱে , এদিন মানুহে তেওঁলোকে বিচৰা সকলোৱেই পাব । মানুহৰ সৰ্বাত্মক জয় সাব্যস্ত হ’ব । কিন্তু আন এচাম মানুহে ভাবে , মানুহৰ ভৱিষ্যত অন্ধকাৰ । একোৱেই ভালৰ বাবে হোৱা নাই । সভ্যতাৰ ধ্বংস অনিবাৰ্য । পৃথিৱীখন অকণমান হৈ যোৱাৰ অৰ্থ জীৱনো কেপছুলত বন্দী হৈ পৰা হ’ব নালাগে । দুয়োচাম মানুহৰে অনেক যুক্তি আছে । আৰু সেই লৈ সুদীৰ্ঘ আলোচনা কৰিব পৰা যায় । ঘাইকৈ ইতিহাস আৰু সমাজ বিজ্ঞানৰ ভেটিতে সেই আলোচনা হ’ব । সেই আলোচনাৰ উত্তৰ হয়তো নোলাব । কিন্তু সূক্ষ্মভাৱে লক্ষ্য কৰিলে তাত নিশ্চয় এটা উমৈহতীয়া কথা দেখা যাব । ইয়াৰ আঁৰত আছে মানুহৰ উত্তৰণৰ আশা । এই আশা আৰু তাৰ বাবে মানুহৰ প্ৰত্যক্ষ বা পৰোক্ষ চেষ্টাতে নিহিত হৈ থাকে প্ৰগতিৰ প্ৰকৃত অৰ্থ । ইয়াৰ ব্যাখ্যা বা চাক্ষুষ ৰূপ চাবলৈ বিচৰাৰ বৰ বেছি সাৰ্থকতা নাই । আকাশ আমাৰ সীমা হ’ব পাৰে । কিন্তু আকাশৰ কোনো সীমা নাই ।

সোঁৱৰণি

অংকিতা ফুকন,শিৱসাগৰ।

 

কুশলে আছানে?

কেতিয়াবা সুধিবৰ মন যাই অ’ তোমাক………,তোমাৰ প্ৰতিউশাহত মই আছো বুলি যে তুমি কৈছিলা,এতিয়া কেনেদৰে আছা মোৰ অবিহনে…কিদৰে লৈছা অন্য এজনৰ নামত সেন্দুৰ!বুজিছা তোমাৰ বাবেই ,একমাত্ৰ তোমাৰ বাবেই মোৰ কেঁচা কলিজা আজি কঠিন হৈ পৰিল…জীৱনটো কেতিয়াবা নিমখ নিদিয়া ভাজিৰ দৰে লাগে জানা…।এতিয়াও মনত আছে ,তুমি দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি …প্ৰতিটো আশা…বৰ গোপনে সাজিছিলো অ’ এটি সপোনৰ ঘৰ…বৰ আলফুলকৈ ৰাখিছিলো মৰমবোৰ…। সেই যে এটা সময়ত ম’বাইলৰ ৱালপেপাৰকে ধৰি মোৰ তেজৰ প্ৰতিটোপাল তেজত তুমি সিঁচৰিত আছিলা। আনকি মোৰ বন্ধুৰ আড্ডাত আমাৰ প্ৰেম কাহিনীয়েই মুখ্য ভূমিকা পাইছিল…ক’তজনে যে জ্বলিছিল আমাক দেখি! মই যে গৌৰৱেৰে সকলোকে জনাইছিলো তুমি কেৱল মোৰ…আৰু সেই তুমিজনীয়েই এতিয়া অন্য এজনৰ দুবাহুৰ মাজত!সেই তুমিজনী আজি আনৰ হৈ গ’লা…। তোমাৰ মিছা অভিনয় মোৰ বুজাত বহু দেৰি হ’ল,সপোনৰ বালিঘৰটি গছকি ভাঙি থৈ গুছি গ’লা তুমি…আৰু শিকাই গ’লা বহু কথা…আচলতে কেতিয়াবা তোমাক ধন্যবাদহে দিবৰ মন যায়,জীৱনত বহু অভিজ্ঞতা দিলা যে তুমি সেইকাৰনে……দীঘলকৈ হুমুনিয়া এটা উলাই কথাবোৰ ভাৱিলে…।

 

         এতিয়া মোৰ ভঙা কলিজাখনৰ টোকোৰাবোৰ যোৰা দিছো,সযতনে মৰমবোৰ গোটাইছো পুনৰ…পাহৰি গৈছো তোমাৰ অনুভুতি,তোমাৰ মিছা ভালপোৱা,পুনৰ ভাৱিবলৈ লৈছো,সকলো মানুহ একেই নহয়।পুনৰ কাৰোবাৰ প্ৰেমত পৰিবলৈ সাজো কৰিছো নিজক…।কেতিয়াও তোমাৰ মুখখন এই জনমত চাবলৈ নোখোজো মই,কোনোদিন ভাৱিব নোখোজো তোমাৰ কথা…মৰমবোৰো যে কেতিয়াবা ঘৃনালৈ ৰূপান্তৰ হ’য়, এইয়া বুজিব পাৰিছো। এতিয়াটো ভাৱো তুমি আচলতে মৰমৰ যোগ্যই নহয়……দহবাৰ জনম ললেও, মোক আৰু তোমাৰ প্ৰয়োজন নাই…তুমি আচলতে মোৰ নাছিলা,কেতিয়াঁও নোহোৱা……।এই অন্তিমখন চিঠি তোমালৈ লিখিলো…এটা নতুন জীৱনৰ আৰম্ভনি কৰিব খোজিছো মই …ভগৱানক এটাই প্ৰাথৰ্না তোমাৰ দৰে মানুহ মোৰ মনত যাতে কেতিয়াও নাৰাখে…মন মগজোৰ পৰা শেষ কৰি দিব খোজো তোমাক চিৰদিনলৈ……

 

                                ইতি 

                                      “………”

 

( জীৱনৰ বাটত হৃদয়ভঙা পথিক সকলৰ হাতত)

 

 

 

নিসংগতা

হিতেশ হিমাংশু বড়া

 

এইয়া  মোৰ  হাতত  এটা  জলন্ত ছিগাৰেট হুপি দিছোঁ  ছিগাৰেটৰ ধোৱা  বিলাক 

নিসংগতাত ডোব গইছো বিষাক্ত  কৰিছো  প্ৰেমৰ  বতাহ  ছিগাৰেটৰ ধোৱাবিলাকত। 

তোমালৈ  বৰকৈ  মনত  পৰে  এই উজাগৰী  নিশাবিলাকত।

তোমাক পাহৰিম বুলি ভাবিলেও ফাগুনৰ  পছোৱা জাকে তোমালৈ  উৰুৱাই  লই যায় ।

 

তুমি নিবিচৰা  হয়টো  প্ৰেমৰ  বিষাক্ত  বতাহ  জাকত উৰিবলৈ 

হয় !এই প্ৰেমৰ বতাহ  জাক বৰ বিষাক্ত 

আধুনিকতাৰ  পভাৱত মোৰ  ছিগাৰেটৰ ধোঁৱা  বিলাকত  উত্তৰ  বিহীন মোৰ প্ৰেম।

 

নাযাও কেতিয়াও তোমাৰ  প্ৰেমৰ চহৰখনলৈ তাত গলে  হয়টো  উৰেটো জীৱন খাটিব লাগিব জামিন বিহীন কাৰাবাস।

 

 আতৰি যাম এই প্ৰেমৰ  চহৰ  খনৰ কাষৰ পৰা।।

 

তুমি  মোক কি দি থয় গলা একো নাপালো  হয়টো থাকি  গল তোমাৰ  প্ৰেমত  পৰা কিছু ম্মৃতি ডায়েৰীৰ 27, 28নং পৃষ্ঠাবিলাকত।

 

নিসংগ নিৰ্জনতাত ডোব  যাব দিয়া  তুমি মোক।  তুমি হয়টো মোৰ  প্ৰেমত কেতিয়াও ডোব নোযোৱা। কিয়নো  আধুনিকতাৰ বতাহজাক তুমি বহুত বেয়া পোৱা।।

 

 

ভাৰতৰ উত্তৰ পুৰ্বাঞ্চলৰ জনগোষ্ঠী নিচি আৰু তেওলোকৰ লোক সাংস্কৃতি

 

নিতুল গগৈ

 

ইটানগৰ, অৰুনাচল প্ৰদেশ

 

 

 

ভাৰতৰ উত্তৰ পুৰ্বাঞ্চল বুলি কওতে পুৰণি বৰঅসম খনৰ কথাই মনত আমাৰ পৰে । অসম, অৰুনাচল প্ৰদেশ, মনিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ছিক্কিম, ত্ৰিপুৰা এই সকলো ৰাজ্যকে একে লগে সামৰি উত্তৰ-পূৰ্বাঞ্চল । গোষ্ঠীগতভাৱে এই উত্তৰ পুৰ্বাঞ্চল ভাৰতৰ আন ঠাইতকৈ পৃথক । পূব-এছিয়াৰ লগত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ অলপ হলেও জাতিগত আৰু সাংস্কৃতিক মিল থকা দেখা যায় । ভাষাতাত্বিক দিশৰ পৰা এই অঞ্চলত তিব্বতীয়-বাৰ্মীয় ভাষাৰ প্ৰভাৱ দেখা যায় । অৰুণাচল প্ৰদেশ এই উত্তৰ-পূৰ্বাঞ্চলৰে এটা অংশ । (অৰুণ) শব্দৰ অৰ্থ সূৰ্য্য (চল) ঠাই বা আলয় আৰু প্ৰদেশৰ অৰ্থ ৰাজ্য বা অঞ্চল সেয়েহে অৰুণাচল প্ৰদেশক সূৰ্য্য উঠা দেশ বুলিও জনা যায় ।  ৮৩,৭৪৩ বৰ্গ কিলোমিটাৰ মাটি কালি সৈতে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুনাচল প্ৰদেশক এখন সুকিয়া গনৰাজ্য হিচাপে প্ৰতিস্থা লাভ কৰে । পাহাৰে আৱৰা এই অৰুণাচল প্ৰদেশৰ প্ৰায় দুই-তৃতীয়াংশতকৈও অধিক অঞ্চল ঘন অৰণ্যৰে আৱৰা । প্ৰশাসনিক সুবিধাৰ সেতু অৰুণাচল প্ৰদেশক ১৬ খন জিলাত (টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুম পাৰে, উজনি সোৱনশিৰি, নামনি সোৱনশিৰি, পশ্চিম ছিয়াং, পূব ছিয়াং, উজনি ছিয়াং, চাংলাং, তিৰাপ, কুৰুংকুমি, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লোহিত আৰু অনজৌ) বিভক্ত কৰা হৈছে । অৰুণাচল প্ৰদেশত অনুসুচীত জাতি আৰু জনজাতিৰ প্ৰাধান্য অধিক । মুঠ জনসাধাৰণৰ প্ৰায় ৮০% অনুসুচীত জাতি । আদি, নিচি, আপাতানি, মমপা, খামটি, তাগিন আদিকে ধৰি অৰুণাচলত প্ৰায় ২০টা কৈও অধিক জনগোষ্ঠীয়ে বসবাস কৰে ।

 

অৰুণাচল প্ৰদেশৰ সৰহ সংখ্যক লোক তিব্বতীয় বংশোদ্ভৱ । নিচি জনগোষ্ঠী হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ জনজাতি । (নি) শব্দ অৰ্থ সভ্য মানৱ আৰু (চি) মানে এক অস্থিত্ব, সামুহিক ভাবে নিচি শব্দৰ অৰ্থ হল একোজন সভ্য মানৱৰ অস্থিত্ব । এওঁলোক প্ৰধানতে নামনি সোৱণশিৰি জিলাৰ অধিকাংশ অঞ্চলত বাস কৰে যদিও অৰুণাচলৰ প্ৰায় আন কেইবাখনো জিলাতে যেনে পাপুম পাৰে, কুৰুংকুমি, পূব কামেং আৰু উজনি সোৱনশিৰি একাংশত বিয়পি আছে । প্ৰাচিন কালৰে পৰা নিচি জনগোষ্ঠীৰ মাজত বহু বিবাহ প্ৰচলন আছিল আৰু তেওঁলোক খুব বেচি খঙাল আৰু খাং-খাছ প্ৰকৃতিৰ । নিচি লোকসকল সাধাৰণতে খুবেই সহজ সৰল । তেওঁলোকৰ সাজপোছাক তেনেই সাধাৰণ, পুৰুষসকলে চুলি দীঘলকৈ ৰাখে আৰু কপালৰ ওপৰত এটা গাঁথি দি থয় । বেট আৰু বাহৰে দ্বাৰা নিৰ্মিত এবিধ বিশেয প্ৰজাতিৰ চৰাইৰ ঠোটৰে এটি সুন্দৰ টুপিও এওলোকে পৰিধান কৰা দেখা যায় । মহিলা সকলে সাধাৰণতে কামিজ জাতীয় চোলা আৰু বুটা বছা এখন আহল-বহল কাপোৰ গাত মেৰিয়াই পিন্ধে। তাৰ ওপৰিও মহিলা সকলে অলংকাৰ হিচাপে এক বিশেয ধৰণৰ মানিৰে নিৰ্মিত মালা আৰু ককালত পিতলৰ দ্বাৰা নিৰ্মিত এবিধ মালা পৰিধান কৰে। এওলোকৰ মাজত থকা একতা এই জনগোষ্ঠীৰ আন এটা বৈশিষ্ট্য। এই জনগোষ্ঠীৰ মাজতো প্ৰায় কেইৱাতাও উপগোষ্ঠী থকা দেখা যায়। তেনেদৰে এই সকলৰ মাজত সামাজিক আৰু সংস্কৃতিৰ ভিন্নতা দেখা যায়। জনগোষ্ঠী সমুহৰ নিজস্ব কিছুমান পৰম্পৰা আছে। অৰুনাচলৰ জনগোষ্ঠী সমুহৰ মাজত চিত্ৰকলা, মৃৎ শিল্পত  শিল্পনৈপুণ্য কৰিকৰী দেখিবলৈ পোৱা যায় আৰু বাঁহ বেতৰ কামত এওলোক খুবেই পাৰ্গত। কিছুমান জনগোষ্ঠী লোকে বয়নশিল্প জীৱিকা হিচাপে গ্ৰহন কৰাও দেখা যায়।

 

 

 

ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকে কৃষিভিতিক, ধৰ্ম আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। যিহেতু সকলো লোকেই কৃষিভিতিক সেয়ে এওঁলোকে পালন কৰা উৎসৱ সমুহ কৃষি কাৰ্য্যৰ লগত জড়িত। খেতি ভাল হৱৰ বাবে ভগৱানক প্ৰাৰ্থনা অথবা খেতি ভাল হোৱাৰ বাবে ভগৱানক কৃতজ্ঞতা জনাই এই উৎসৱ সমুহ পালন কৰা হয় আৰু এওঁলোক সকলো মিলি ভোজ ভাত খাই নৃত্য কৰি আনন্দ কৰে। প্ৰায়বোৰ উৎসৱত জীৱজন্তু বলি দিয়াটো তেওঁলোকৰ ধৰ্মীয় ৰীতি।

 

(নিয়কোম) Nyokun এই নিচি জনগোষ্ঠী লোকে পালন কৰা সকলোতকৈ ডাঙৰ আৰু প্ৰধান উৎসৱ। প্ৰতি বছৰৰ ফেব্ৰুৱাৰি মাহৰ ২৬ তাৰিখে এই উৎসৱ পালন কৰা হয়। নিয়কোম শব্দৰ অৰ্থ (নিয়) Nyo ভুমি বা ঠাই আৰু (কোম) kum শব্দৰ অৰ্থ হল একগোট হোৱা। সেযেহে এই উৎসৱ সকলো মানুহ একে ঠাইত একগোট হৈ পালন কৰা দেখা যায়। এই উৎসৱত নিচি জনগোষ্ঠীৰ লোক সকলে নিজা জাতীয় পোছাক পৰিধান কৰি তেওঁলোকৰ বিশেষ খেলপথাৰত একগোট হৈ পৃথিবীৰ উবৰতা শক্তি বৃদ্ধিৰ সেতু আৰু সকলো মানুহৰ সুখ শান্তিৰ কামনা কৰি দেৱ-দেৱীক প্ৰাৰ্থনা জনাই, সকলোৱে ভোজ-ভাত খাই নাচ-গান গাই আনন্দ কৰে। তেওঁলোকে বিস্বাশ কৰে যে দেৱ-দেৱী এই প্ৰাৰ্থনাই তেওঁলোকক শক্তিশালী কৰি তোলে আৰু দুৰ্ঘটনা, অপমৃত্যুৰ পৰা মুক্তি দিযে। তেওঁলোকৰ ধৰ্ম আদিম আত্মা সংস্কৃতিৰ কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। তেওঁলোকে বিশ্বাস কৰে যে মৃত্যুৰ পাছত মানুহৰ আত্মা পূৰ্বপুৰুষৰ গাওঁলৈ গুচি যায। আৰু এই পৃথিবীতো তেনে বহুত আত্মা আছে বুলি তেওঁলোকৰ বিশ্বাস। লোকবিশ্বাস অনুসৰি তাৰে কিছু আত্মা মানুহৰ বাবে হানিকাৰক। নিচি লোক সকলৰ মতে এই আত্মা শান্ত থাকিলেহে পৃথিৱীত মানুহ শান্তিৰে থাকিব পাৰিব। সেয়েহে তেওঁলোকে প্ৰতি বছৰে এটি বিশেষ দিনত এই অশান্ত আত্মা বোৰক শান্ত কৰিবলৈ নিয়কোম পূজা পাতি পৃথিবীৰ শান্তি কামনা কৰে।

পিং আখ্যান

 

 

 

জ্যোতি প্ৰসাদ শইকীয়া

 

পিঙৰ সন্ধ্যাৰ পৰাই মন বেয়া ! মই দূৰৈৰ পৰা তাক আমন জিমনকৈ বহি থকা দেখি সুধিলো …পিং কি হল তোৰ ?

 

 

 

পিঙে বোলে “নকব আৰু দাদা কালি গাৱতে বিয়া আছিল ,ৰাতি বহু দেৰিলৈকে মদে ,মাংসই থিকচে এসোপা গিলিলো ! আজি সেই বাবেই চাগৈ পেটতো পুৱাৰ পৰাই ঢোল যেন হৈ আছিল ! গাৱৰে আন এঘৰত আজি মাছে / মাংসই খানা ৰাতিলৈ ! সেয়ে ভাবিলো পেটতো ভাল কৰো ! কাষৰে খুড়ীয়ে কলে পেট বেয়া হলে নেমু টেঙা চোবাই চোবাই খাই দিব লাগে ! পুৱাৰ পৰা পাচটামান নেমু চোবাই দিলো ! পেটতো ভাল হল ! ভাবিলো দকচি এগালমান খাব পাৰিম !

 

পিচে কেনা লাগিল দাদা ,,,নেমু খোৱাৰ পিচত দাত এইচা টেঙা হৈছে মাছ / মাংস দূৰ কী বাট ভাত এটাও মুখৰ ভিতৰত ৰাখিব নোৱাৰো ,চোবাব নোৱাৰো ! সেয়েহে মোৰ বৰ দুখ অ’ …..”

এই দেশ,সেই দেশ

গীতাশ্ৰী ওজা

শিৱসাগৰ

 

 

ইতিহাসৰ পাতত খোদিত আছে

মাতৃবধৰ অলেখ ভাওনা

ৰক্তযজ্ঞৰ ধোৱাৰে ধুসৰ

ইতিহাসৰ প্ৰতিটো পাত

মোৰ গাওঁৰ বতাহে

এতিয়া পিন্ধে শুভ্ৰ পোচাক

বেসুৰা জয়ৰ গানত উপঙি ফুৰে

বন্দীত্বৰ উচুপনি

মোৰ অবুজন মনেটো নাজানে

দেশ,ৰাষ্ট্ৰ আৰু জাতিৰ সংজ্ঞা

জানে মাথো

মোৰ দেশত এতিয়া

ক্ষুধাৰ্ত চিৎকাৰ চৌদিশ বুৰাই৷

মোৰ মনাকাশত পৃথিৱী নামৰ এটা সেউজীয়া গ্ৰহ৷

সিহঁতে মোক শিকাইছে

দেশপ্ৰেমৰ অযুত পাঠ

অক্লান্ত যুঁজাৰুৰ অলেখ আৰ্ত চিঞৰ

কৈছে “দেশ বুলিলে হেনো নালাগে আদেশ৷”

বুজি নাপাওঁ ৰাজতন্ত্ৰ কিম্বা গণতন্ত্ৰ

বুজি নাপাওঁ দালানৰ মিথ্যা জয়গান

যিদৰে নুবুজো পুজিপতিৰ সংজ্ঞা৷

বুজিব নোৱাৰো স্বাধীনতাৰ অৰ্থ

মোৰ হৃদয়ে বুজে

মেঘ আৰু আকাশৰ অসীম পৰিধি

জোন আৰু তৰাৰ গোপন অভিসাৰ৷

যাৰ কোনো নাই দেশ

নাই জাতি

আৰু নাই

ধৰ্ম

বৰ্ণ

কিম্বা

সম্প্ৰদায় ।

 

নীলা খামৰ চিঠি

জুৰী বৰগোঁহাই , শিৱসাগৰ

 

মৰমৰ,                 শিৱসাগৰ ১৪মাঘ

নীলাভ

মৰম লবা।হৃদয়ৰ হেপাঁহেৰে কলম তুলি লৈছো তোমালৈ বুলি…কেনে আছা ?কুশলে আছা নিশ্চয় ,মোৰ কথা জানাই…ভাল বুলি কব নোৱাৰি …সময়ৰ লগত ছন্দ মিলাই জীৱন নামৰ নদীখনত সাঁতুৰি আছো,আকাশৰ তৰা লিখি লিখি পাৰ কৰিছো সময়…মায়াবী ৰাতিৰ সৈতে কথা পাতো তোমাৰ আৰু মোৰ…সপোনৰ কথাবোৰ..দুয়ো দুয়ো হাত ত ধৰি পাৰ হম জীৱনৰ সুখ দুখৰ দিনবোৰ …কেতিয়াবা তুমি অভিমান কৰিবা,কেতিয়াবা মই..ক’তযে কি……নীলু,কিয় জানো আজি তোমালৈ বৰকৈ মনত পৰিছে ..আজি বতৰতো গোমা,বৰষুণ আহো আহো,সেইকাৰণে নেকি?…..মাঘ বিহুত জাৰ পুৰিলে যদিও ঠাণ্ডা কমাই নাই..মনতো উৰুঙা উৰুঙা লাগি আছে.. এনেকুৱা এটা দিনতে তোমাক প্ৰথম লগ পাইছিলো..সেইদিনটোৰ কথা ভাবিলে মোৰ হৃদয়ত জোৱাৰ উঠে ,তোমালৈ মৰম জাগে,তোমাক ওচৰত পাবলৈ ব্যাকুল হৈ উঠো…আচলতে কি জানা জীৱনত বিশ্বাস ৰ বাহিৰে তোমাৰ পৰা একো নিবিচাৰোঁ..তুমি মোক এখন বিশ্বাসৰ পৃথিৱী দেখুৱাইছা…ভাল পাবলৈ শিকাইছা আকাশ ,চৰাই,নদী….জীৱন কি?তোমাক পাই বুজিছোঁ ।লগৰবোৰে মোক হাঁহে  …whats ap,facebook r যুগত চিঠিৰ প্ৰেম..চিঠি লিখাৰ এক সুকীয়া অনুভূতি আছে…তোমালৈ মনত পৰে..মনত পৰে কেতিয়াও হাৰিব নোখোজা দুচকু ….তুমি আহিম আহিম কৈ মাঘ বিহুতো নাহিলা…বহাগ বিহু আগতেই আহিবা কিন্তু নহলে তোমাৰ ঢোলৰ চাপৰৰ বাহিৰে বেলেগৰ চাপৰত নাচিবই মন নাযায়..তাঁতশালত গামোচা লগাই   থৈছো ,কলেজৰ ক্লাছ আৰম্ভ হৈছে,ববলৈ সময়ে পোৱা নাই …এতিয়া গভীৰ নিশা,তোমাৰ কথা ভাবি ভাবি মনতো উৰি গৈছে…পঢ়িবই পৰা নাই,চেমিষ্টাৰত নপঢ়িলেও নহয়,পঢ়াৰ মাজতে তোমাক মনত পেলাও…কল্পনা ৰাজ্যত ঘূৰি ফুৰো তোমাক লৈ..সৰুতে আইতাৰ সাধু শুনি ৰাণী হব খোজা মনটোৱে হাবাথুৰি খাই তোমাৰ হৃদয়ৰ ৰাণী হবলৈ…নীলু,মংগলবাৰে মে-ডা-মে-ফি …মোৰ ব্যস্ততা অন্তই নাই,তাতে এক ফ্ৰেবুৱাৰীত সৰস্বতী পূজা..পূজা বুলি কলে তোমাৰ হয়তো ৰং বিৰঙৰ কাপোৰ পিন্ধি সৌন্দৰ্য্য প্ৰতিযোগিতাৰ ছবিখন মনলৈ আহে…কি কৰিবা আজিৰ দিনত পূজা বুলি কলে আধ্যাত্মিক দিশটোতকৈ যুৱচামৰ মাজত সৌন্দৰ্য্য প্ৰতিযোগিতাই বেছি গুৰুত্ব পাইছে…এইটো অতি চিন্তনীয় বিষয়..এই প্ৰতিযোগিতাত এগৰাকী দৰিদ্ৰ যুৱক বা যুৱতীৰ মনৰ অৱস্থা কি হয় কোনে বুজিব … আচলতে আমি হেৰুৱাই পেলাইছোনি নিজৰ ভৰি তলৰ মাটিখিনি…আমি এটা সুস্থ মন লৈ সৌন্দৰ্য্যৰ প্ৰতিযোগিতা নকৰি সৰস্বতী আইৰ আশীৰ্বাদ লব নোৱাৰো,মই ভাবো সৌন্দৰ্য্য বুলি কলে অকল বাহ্যিক সুন্দৰতা নুবুজাই…মন শুদ্ধ হোৱাৰ লগতে নম্ৰতা,ভদ্ৰতা,বিনয়ী সৌন্দৰ্য্যৰ অলংকাৰ …তোমাক মোৰ মনত আহি থকা কথাবোৰহে কৈছো,,মই পূজা দিনা ৰাতিপুৱা আখৈ ফুল বুটলিম..তাৰপাছত কলেজ যাম..এইবাৰ ভালকৈ পাছ কৰিবলৈ সৰস্বতী আইৰ আশীৰ্বাদ লম,লগতে তুমি ভালকৈ পাছ কৰিবলৈ… বহুত লিখিলো ব্যস্ততাৰ চকৰীত পাক খাই চিঠিৰ উত্তৰ দিবলৈ নাপাহৰিবা ।

প্ৰান্তত

তোমাৰ মৰমৰ

সোনপাহী(জুৰী)