নিয়ঁৰ

✍ লৰেঞ্চ বৰ পাত্ৰ
ঢকুৱাখনা ।

আহিবা তুমি ফেচবুকত তোমাৰ লগত চাট কৰিম
পাতিম মনৰ কথা শুনাম তোমাক মোৰ প্ৰেমৰ কথা
ভাঙি যোৱা এখন দাপোনৰ কথা
সচাঁকৈ আহিবা তুমি ফেচবুকত
কম ভালপোৱাৰ শেষৰ কথা ।

সূৰুযৰ প্ৰথম কিৰণত ডুৱৰীত নিয়ঁৰ বুটলিবলৈ মই নোৱাৰিলো ।
চিক্-মিক্ কৰা নিয়ঁৰবোৰে কষ্ট পাই বুলি ভয় হৈছিল

সেইদিনা আৱেলি মই তোমাক প্ৰেমৰ প্ৰস্তাৱ দিছিলো
তুমি লৈছিলা দুহাতেৰে আকোৱালী ।

লিখিছিলো এখন প্ৰেমৰ কিতাপ
আধৰুৱা হৈ ৰৈ গল সেই কিতাপ

কি কৰিম মই

আশা বোৰ আশা হৈয়ে ৰল
লিখাবোৰ আধৰুৱা হৈ গল
ভালপোৱাবোৰ হেৰাই গল
সেয়েহে এতিয়া মই প্ৰেমিক কবি ।

ডুৱৰীত নিয়ঁৰ বুটলিবলৈ মই নোৱাৰিলোঁ
সাগৰৰ পাৰ নেদেখিলো
বিশাল আকাশত তৰা গনিব নোৱাৰিলোঁ
আৰু ,,,তোমাৰ মন বুজিব নোৱাৰিলোঁ ।

কি আচৰিত মোৰ প্ৰেম ।।

আজি মই হব পাৰো বিশ্বাসঘাতকতাৰ সুৰাৰ প্ৰেমিক
তুমি নাহাঁহিবা !
সুৰাৰ প্ৰেমিকেই লিখিব পাৰে দুখৰ কবিতা

আহিবা তুমি মাজ নিশা ফাগুনৰ কুমলীয়া বতাহজাকৰ সৈতে
মই ৰৈ থাকিম চাদৰ ওপৰত
তুমি আহিবা আৰু চাবা মাঠো  একো নকবা ।

নোৱাৰিম মই তোমাৰ সুমধুৰ কণ্ঠৰ শব্দবোৰ শুনিবলৈ ।
তোমাৰ মুখৰ পৰা ওলোৱা মধুৰ শব্দবোৰৰ বানে মোৰ কানত আঘাত কৰিব আৰু মই সহ্য কৰিব নোৱাৰিম

মাঠো আহিবা আৰু চাই যাবাহি
তোমাৰ সুৰাৰ মাতাল প্ৰেমিকক

মই  নিবিচাৰো তুমি এতিয়া মোক লৈ কিবা কোৱা
মই নিবিচাৰো তুমি মোক ভালপোৱা

মই এতিয়া তোমাৰ মৰম নহয়
মই এতিয়া মাঠো মাতাল প্ৰেমিক
বিশ্বাসঘাতকতাৰ সুৰাৰ প্ৰেমিক

তোমালৈ

 

✍ কৰৱী বৰুৱা
স্নাতক ষষ্ঠ ষান্মাসিক
লখিমপুৰ বালিকা মহাবিদ্যালয়।
কি বিচাৰো বাৰু মই সঁচাকৈ
কাৰ পৰা বিচাৰো
নিজৰ পৰা
নে তোমাৰ পৰা।

বিচাৰো কি বাৰু আচলতে
কজলা মেঘৰ আস্বাদন
নে অনুভৱৰ কেঁকুৰীত
সপোনৰ বাঁহীৰ সুৰ।

ক্ৰমশঃ সেউজীয়া হৈ পৰা বুকুত
হেৰাইছে দুখৰ ঠিকনা
এটুকুৰা
মাত্ৰ এটুকুৰা আকাশ কিনাৰ কথা আছিল
তোমাৰ নামত
কেৱল তোমাৰ নামত
মুঠি মুঠি তৰাৰ গুটি সিঁচাৰ কথা আছিল
স্বপ্নাতুৰ মনবোৰ ফুল হৈ ফুলিলহেতেন
তোমাৰ নামত
কিন্তু ???

নিবিচৰাকৈয়ে দেখোন পান কৰিবলৈ ধৰিছো
ধ্বংস- হিংসা- মৃত্যু- কাৰাগাৰ
হাঁহি আৰু হাহাকাৰ।
ক’ব নোৱাৰাকৈয়ে তোমাক
শুভকামনাৰে ভৰাই তুলিব বিচাৰো
পোহৰাব বিচাৰো তোমাৰ প্ৰতিটো আবেলি
তোমাৰ মনআকাশত বিৰিঙাব বিচাৰো
সেউজীয়া বৰষুণজাকৰ এচাৰেকনি
দিব বিচাৰো কেৱল তোমাক
এমুঠি সেউজীয়া
সেউজীয়া
আৰু সেউজীয়া……।

অকবিতা

____  ____

ණ কৃষ্ণ বড়া

জীয়ামৰীয়া

মো  : ৭৪১৬২৯২৮৪৩
সপোন বোৰ ভাঙিব নিদিবা তুমি …
কাৰেঙৰ লিগিৰী হৈ
দিঠকত চাব নোৱাৰিম তোমাক মই ,
নদী হৈ বৈ যাবলৈ দিয়া মোক
সাগৰ হৈ তুমি মোক আঁকোৱালি ল’বা |

তুমি মোক তোমাৰ হৃদয়ৰ মাজত ৰাখিবা
নোৱাৰিলেওঁ……….
দূৰলৈ আতৰি যাব নকবা ,

বাৰে বাৰে অভিমান কৰো মই
হয়তো তোমাক বেছি ভাল পোৱা বাবে ,
নাভাবিবা তুমি
আমাৰ সময় বোৰ ক্ষন্তেকীয়া বুলি |

তুমি কোৱা
আমি দুয়ো সদায় এনেকৈ থাকিম
কেতিয়াও সময়ৰ সোতত উটি ভাহি নাযাওঁ ,
আৰু তুমি কোৱা ,সদায় কাষে কাষে থাকিবা মোৰ
বিশ্বাস আৰু মৰমেৰে আকোৱালি ৰাখিবা মোৰ হৃদয় |

 

★নতুন পৃথিৱী★

 

গীতাশ্ৰী ওজা,
শিৱসাগৰ

মুক্তিলাভৰ ফলক পিঠিত আঁৰি
মৃতপ্ৰায় মহাবাহুৰ পাৰে পাৰে এজাক ধোদৰ কোলাহল !

যাক প্ৰশ্ন কৰিব নোৱাৰি
অথচ নিজেই এখন উত্তৰৰ বাগিচা !

ৰক্তাক্ত হৈ ওপঙি ৰোৱা
হাবিত হেৰুৱা সিক্ত ইতিহাস !

অসহনীয় যন্ত্ৰণাবোৰ ওলমি আছে
শিলৰ বুকুৰ ভাষ্কৰ্য হৈ !

মোহাৰো বুলিও মোহাৰিব নোৱাৰা এই
মায়াময় ঐতিহ্য !

মাটি হৈ বৈ যোৱা
লাস্যময়ী প্লাবিতা !

বিৰিখে বিৰিখে বাগৰা
বিহংগৰ কল্লোলত
সাৰ পাই
ঐক্য আৰু অসূয়া চিঞৰ !

বাৰুদৰ আদিম উল্লাসত
নাচে ধোঁৱা আৰু ধোঁৱা !

উশাহে প্ৰাণ পাই
মৃত তেজৰ আচ্ছাদনত !

প্ৰিয় সেউজীয়াইও আঁকোৱালী লয়
সন্ত্ৰাসৰ গোপন অভিসাৰ !

তিৰাশীৰ বহাগমহীয়া দূপৰীয়াটো


মিন্টুল হাজৰিকা
কটন বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, স্নাতকোত্তৰ বৰ্ষ ।
দূৰভাষঃ- 9706829157
এক

তিৰাশীৰ বহাগমহীয়া দূপৰীয়াটোত
আয়ে বুকুত চাদৰ লৈছিল
এখন ধকধকীয়া বগা চাদৰ

ডেকাৰ পথাৰৰ বঙিয়াই দি সৰু মামাই ঘৰ এৰি অৰণ্যত সোমাল ।

দুই

‘লখাইতৰা ‘ বুকুত বোৱাই ‘নানী’ আইতাই
বাটচ’ৰাত সাজি ৰাখিছিল পৰিমল চাউলৰ ধোৱা উলাই থকা ভাত

ক্ৰমশঃ অপেক্ষা•••••

তিনি

পুৰোহিতৰ মন্ত্ৰধ্বনিত  দূপৰীয়াটো ক্ৰমে ক্ৰমে জ্বলি গৈ আছিল

এতিয়া  আইতা নাই!

বহাগমহীয়া দূপৰীয়াটো হ’লে আহে
বছৰৰ চিৰি বগাই
আইতাৰ কামিহাড়ত সাজি উলিওৱা মুকলি মঞ্চখনত
এপাক নাচি যায়হি !

( বিঃদ্ৰঃ- তিৰাশীৰ আন্দোলনত পুত্ৰ হেৰুৱাসকলৰ নামত উৎসৰ্গিত কৰিলো ।)

ব’হাগ আহিছে

 

✍ উপাসনা বৰা
বালিপৰা, শোণিতপুৰ ।
ফোন নম্বৰ – ৯৭০৬০৮৫৬৬০

শুনিছো ব’হাগ আহিছে,
কুঁহিপাত হাঁহিছে
ঢাপৰ কেতেকীয়ে সুবাস বিলাইছে
কপৌ ফুলো ফুলিছে
কুলি-কেতেকীয়ে প্ৰাণৰ স্পন্দনেৰে
আদৰিছে
প্ৰকৃতিৰ এই ন-ৰূপক

তথাপি মনত বেজাৰ
মৰমৰ দীঘ আৰু চেনেহৰ বানীৰে
কোনেও বিহুৱান বোৱা নাই
শুনা নাই তাঁতশালত মাকোৰ খিটখিটনি
ঢেঁকীশাল নিতাল
বৰ্হমথুৰিৰে কোনেও বোলোৱা নাই ওঁঠ
জেতুকাৰ বোলেৰে কৰা নাই হাত ৰাঙলী
ঢোলৰ চেও পেঁপা গগনাৰ মাতেও
আলোড়িত কৰিব পৰা নাই মন

অভাৱ অনাটনে পেলাইছে মোলান
ৰঙালীৰ বিনন্দীয়া ৰং
প্ৰদূষণত হৃদয় আৰু মন ক্ষত-বিক্ষত হৈছে
ব’হাগ হেনো আহিছে ।।

“অ’ মোৰ ব’হাগ”

 

✍ ধীৰেন শইকীয়া
চেতিয়া গাঁও, ঢেকিয়াল।

বিহুতে বলিয়া মন মোৰ উতলা
তোমাক লগে পাই হ’লোযে মতলীয়া

নাহৰ তগৰৰ সুবাসেৰে উদুলি মুদুলি
ফাগুণে গৰকা মোৰ বুকুৰ চোতালখনি
পদূলীৰ নাহৰজোপাত কুলিটিয়ে বিনায়
ওৰে নিশা ৰওঁ মই
তোমালৈয়ে বাট চাই

এই ব’হাগৰ উমাল সন্ধিয়াই
মাতিছে ৰিঙিয়াই
মৰমৰ নাচনীক
মোৰে ঢোলৰ চাপৰত
এপাক নাচিবলৈ বুলি

অ’ মোৰ ব’হাগ
বুকুতে সিঁচি যা মোৰ
মিলনৰ মায়াবী সুবাস!!!

গ্ৰন্থমেলা

 

✍ সঞ্জীৱ গোহাঁই
জি.আই.এম.টি, তেজপুৰ
+918133006234

ভাল লগাবোৰ বিচাৰি পোৱা
এখন অসীম আকাশৰ নাম গ্ৰন্থমেলা

পিয়াহৰ পানীটুপি বিচাৰি পোৱা
দমকলটোৰ নাম গ্ৰন্থমেলা

কেতিয়াবা যদি মিলন ভূমি বা নষ্টালজিয়া
আন কেতিয়াবা আকৌ আড্ডা থলী

এজাক জোনাকৰ বৰষুণ গ্ৰন্থমেলা !

বিষাদ

✍ অৰুন্ধতী কোঁৱৰ গোঁহাই

গোলাঘাট ।

 

বৃদ্ধাশ্ৰমৰ সন্মুখত থকা বিভিন্ন ৰঙৰ সমাহাৰ ফুলনি খন একান্তমনে চাই আছে বংশীধৰ বৰুৱাই। তেওঁৰ কাষত যে আৰু কোনোবা আছে সেয়া তেওঁ লক্ষ্যই কৰা নাই। একান্তমনে দুটা বছৰৰ আগতে পৃথিৱীৰ পৰা বিদায় লোৱা পত্নী সৰলাৰ কথা ভাবি আছিল। যোৱাকালি আহি ভৰ্তি হোৱা বৃদ্ধাশ্ৰমৰ নতুন আবাসী মুহিধৰ চলিহাৰ মাততহে তেওঁৰ তন্ময় ভাগিল।
কিহে বৰুৱা ইমান চিন্তা কৰি নাথাকিব। আমাৰ এয়াই প্ৰাপ্য বুলি ধৰি লওক। মুহিধৰ চলিহাই গলগলীয়া মাতেৰে অলপ ডাঙৰকৈয়ে ক’লে।
নাই নাই, পুৰণি কথা দুটামানহে মনত পৰিছিল। বংশীধৰ বৰুৱাই বেদনামিহলি সুৰ এটাৰে কথাখিনি ক’লে। যিমানেই নতুন পৰিবেশটোত খাপ খোৱাৰ কথা চিন্তা কৰে সিমানেই এৰি অহা কথাবোৰে বৰুৱাক আমনি কৰিবলৈ ধৰিলে।
বৰুৱা, বহক মই অকণমান গাটো তিওৱাৰ ব্যৱস্থা কৰোঁগৈ বুলি কৈ মুহিধৰ চলিহা আঁতৰি গ’ল। এইটো সময়ত আশ্ৰমৰ প্ৰতিজন ব্যক্তিয়েই অলপ সময় জিৰণি লয়। কোনোবাই কিতাপ এখন পঢ়ে, কোনোবা অলপ সময় শুৱে, কোনোবাই গানকে গুণগুণাই। বংশীধৰ বৰুৱাই কিন্তু আজি এইটো সময়ত অতীতৰ কথাবোৰৰ মাজত বুৰ যাবলৈ ধৰিলে। তাতে আজি সেই পুৰণা পেটৰ বিষটো ওক দিছে। এনে অসুখ বিসুখৰ সময়ত সৰলাই আহি গহীন মাতেৰে প্ৰায়ে কৈছিলহি ‘সময়মতে দৰৱবোৰ খালেনে?’ সৰলাৰ সেই চিনাকী কণ্ঠটোৱে বাৰে বাৰে তেওঁৰ কৰ্ণকুহৰত আমনি দিবলৈ ধৰিলে। বদমেজাজী বৰুৱা মানুহজনে যিমানেই টান কথা বা কটু কথা সৰলাক নকওক লাগে সৰলাই কিন্তু সদায় ধীৰ স্থিৰ হৈ জীৱনটো পাৰ কৰিছিল। চাৰিটাকৈ ল’ৰা-ছোৱালীক মানুহ কৰিছিল। নিজৰ স্কুলৰ চাকৰি জীৱনটো সুখ্যাতিৰে পাৰ কৰিছিল। বংশীধৰ বৰুৱাই চাকৰি নকৰি স্বাধীনভাৱে সৰুসুৰা ব্যৱসায় কৰিছিল। বদমেজাজী মানুহজন কতোৱে সফল হ’ব নোৱাৰিছিল। আনকি নিজৰ ল’ৰা-ছোৱালী কেইটাৰ লগতো মুকলিমুৰীয়াকৈ কথাবতৰা নাপাতিছিল। সৰলা ঢুকুৱাৰ পাছত বংশীধৰ বৰুৱাই নিজে নিজে বেছি অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে। তিনিজনী ছোৱালীক সৰলা জীয়াই থাকোতেই সুপ্ৰতিস্থিত কৰি বিয়া দিছিল। মাথোন একমাত্ৰ ল’ৰাটোৱেহে নিজৰ ইচ্ছামতে বিয়া পাতিছিল। পঢ়াশুনাত আধাৰুৱা কৰিলে। এনেয়ে মানুহটো বেছিকৈ খঙাল হৈ সৰলা যথেষ্ট শাস্তি দিছিল। পুতেকৰ লগত তেতিয়াৰ পৰাই ভাল সম্পৰ্ক নোহোৱা হ’ল। পুতেক বোৱাৰীয়েকক ঘৰত সোমাবলৈ নিদিছিল। বহুদিন সিহঁত দুটাই অ’ত ত’ত থাকি দিনবোৰ পাৰ কৰিছিল। এদিন যেনিবা নিজৰ ঘৰখনলৈ ঘুৰি আহিল। ঘুৰি আহিল যদিও বংশীধৰ বৰুৱাৰ লগত পুত্ৰ বোৱাৰীৰ সম্পৰ্ক স্বাভাৱিক নহ’ল। সৰলাই নিজৰ সৰল স্বভাৱটোৰে বোৱাৰীয়েকৰ সৈতে সহজ সম্পৰ্ক এটা গঢ়িয়েই মৃত্যুৰ দিনালৈকে পাৰ কৰিলে। মৃত্যুৰ আগমুহূৰ্তত সৰলাই বংশীধৰ বৰুৱাক কৈছিল- ল’ৰাটোক এৰি থৈ নাযাব। পুত্ৰ বোৱাৰীৰ লগত মিলা- প্ৰীতিৰে থাকিব। কিন্তু পত্নীৰ শেষ কথাষাৰো তেওঁ ৰাখিব নোৱৰিলে। সৰলা ঢুকুৱাৰ পাছত তেওঁলোকৰ সম্পৰ্কই অধিক জটিল ৰূপ ধাৰণ কৰিলে। যাৰ বাবে বৃদ্ধাশ্ৰমৰ খালী বেঞ্চখনৰ এমূৰত বহি কথাবোৰ জুকিয়াই চাব লগা হৈছে।
হয়নে,শুনিছে? ঠিক সৰলাই মতাৰ দৰে শব্দ শুনিলে। ছোৱালী কেইজনী বিয়া দিয়াৰ পাছত উকা ঘৰখনত যেতিয়া সৰলা আৰু বংশীধৰ বৰুৱাই কেইমাহমান অকলশৰীয়াকৈ থাকিব লগা হৈছিল তেতিয়া প্ৰায়ে সৰলাই দূৰৰ পৰা তেনেকৈ চিঞৰিছিল। পাছফালে ঘূৰি চাই বৰুৱাই দেখে যে বৰুৱাই দেখে যে সৰলাটো নায়েই, সৰলাৰ সৈতে কটোৱা ঘৰটোও নহয়। বুকুখন খামুচি বহুতপৰ তভক মাৰি বহি থাকিল। পানীৰ পৰা তুলি অনা মাছৰ দৰে, সৰলাৰ সতে আজিৰ এই অৱস্থাৰ বিষয়ে কথা পাতিবলৈ, সৰলাক জনাবলৈ মনটো ধৰফৰাই থাকিল বংশীধৰ বৰুৱাৰ।
আবেলি তিনি বাজিবৰ হ’ল। আবাসৰ আবাসীসকলে চাহ খাবলৈ চিঞৰ বাখৰ কৰিলে। এনেয়ে কিবা এটা খোৱাৰ যা-যোগাৰ কৰোঁতে ৰু-ৰুৱনি এটা হয়েই। এই কোলাহল খিনি প্ৰতিজন আবাসীৰ ভাল লাগে। প্ৰত্যেকেই বুকুত এসোপা বেদনা লৈও স্ফূৰ্তি কৰে। ইজনে সিজনক জোকায়।
অন্য এজন আবাসী বাসব দত্তই বৰুৱাক এক প্ৰকাৰ খং কৰাৰ দৰেই ক’লে ‘ইমান চিন্তা কৰি থকাৰ কি প্ৰয়োজন আছে এতিয়া? ইয়ালৈ যেতিয়া আহিলো প্ৰত্যেকেই হাঁহি তামাচাৰে দিনবোৰ কটাব লাগে।’
বংশীধৰ বৰুৱাই সেমেকি থকা চকু দুটা মোহাৰি মোহাৰি ক’লে ‘ইয়াত অলপ আনন্দত কটাম বুলিয়েই আহিছো। তথাপি সৰলালৈ বৰকৈ মনত পৰিল। আজি তেওঁৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী।’
লাহে লাহে উঠি গৈ কাপোৰৰ মাজৰ পৰা সৰলাৰ ফটোখন উলিয়াই হাতত তুলি ল’লে। অস্ফুট স্বৰেৰে ক’লে ‘সৰলা মোক ক্ষমা কৰি দিবা। তুমি মই বন্ধা ঘৰখন মই ধৰি ৰাখিব নোৱাৰিলো। মৃত্যুৰ আগমুহূৰ্তত তুমি কৈ যোৱা কথাষাৰো মই ৰাখিব নোৱাৰিলো।’ বংশীধৰ বৰুৱাই উচুপি উঠিল। সকলোৱে তেওঁৰ ফালে ঘূৰি চালে।

“”””” প্ৰতিবিম্ব “”””

✍ দেৱজিৎ ভূঞা
মাজুলী ।
টেত্-টেত্ ,,,,!! টিত্ – টিত্,,,,!! পে-পো; পা-পা; কিবা বিকট চিঞৰত চহৰ খন অসহ্য লগা হৈছে দেই। নোৱাৰি আৰু এনেকৈ,,,,!! প্ৰান্তিক ৰ জাপান ভ্ৰমণৰ কাহিনী টো মৃদুলাৰ হঠাৎ মনত পৰি গ’ল। জাপানৰ দৰে যদি ৰাজহুৱা স্থানত ডেচিমিটাৰে শব্দৰ তীব্ৰতা জুখিলে হেতেন, বিৰাট বিৰাট আস্ফালন একোটাত ডেচিমিটাৰ সলাই হে তত পালেহেতেন চৰকাৰে। তাইৰ কিবা হাহিঁ উঠি গ’ল কথাটো ভাবি।
অই মৃদুলা; কোনফালে যোৱা,,,, ?
আকৌ টেটু ফলা চিঞৰ,,,,কোন হ’ব পাৰে যানো,,,!
(ডিঙিতো উকটীয়া কৰি )
অ’ মধুমিতা বাইদেউ ; কোনফালে ওলাল বাইদেউ,,,,?
ল’ৰাটোৰ ঘৰৰ পৰা আহো। পিছে তুমি,,,??
বজাৰ দুটামান আছে , তাকে কৰো বুলি আহিছো।

মানুহ জনীয়ে কথা পাতিলে এৰিবই নিবিছাৰে। মৃদুলাই আৰু কথা নবহাই কোবা -কোবিকৈ খোজ ল’লে।
হঠাতে ট্ৰাক ষ্টেণ্ডৰ ভেকেটা – ভেকেট গন্ধ টোৱে নাড়ী – ভেউ ঘুকুটিয়াই আনিব যেন লাগিল তাইৰ। চহৰত সা -সুবিধা বেছি হ’লে কিদাল হ’ব; আজি কালি ল’ৰা -ছোৱালীয়ে বায়ুৰো গন্ধ আছে বুলিয়েই অনুভৱ কৰিবলৈ লৈছে। মুকলি হাৱা এছাটি পাএছেনে কাহানিবা ,,,!! খালি , দুৰ্গন্ধ । নলা বোৰ তো চাবই নোৱাৰি। আচলতে চহৰ বেউয়া নহয়; বেয়া এই চহৰীয়া বোৰ। চুপাৰ মাৰ্কেটৰ গলিটোৰে সোমাই লেডিজ কৰ্নাৰৰ দিশে আগুৱাই গ’ল মৃদুলা ৰঙা, নীলা, হালধীয়া ভিন্ন ৰংৰ অজস্ৰ শাড়ী। এপ্ৰিল মাহৰ আজি তিনি দিন মাথো। বিহু বিহু লগাকৈ সজোৱা দোকান- পোহাৰৰ ৰং বিৰঙৰ পোহৰে আলোকময় কৰি তুলিছে। বিহু কমিটিৰ ন-নতুন আয়োজন, বাটে -পথে; নামী -বেনামী গায়কৰ সময় সূচী ৰ পোষ্টাৰ । মুঠতে গোটেই খন উখল- মাখল পৰিৱেশ। বিজুলী বাতিৰ নানান চমকে জলমলাই থকা লেডিজ কৰ্নাৰ খনত জিলিকি উঠিছে মৃদুলাও । তাইৰ মুখমণ্ডলত ৰঙা,নীলা সাতোৰঙী বৰ্ণালীৰ হে যেন মেলা।পিছে বিষন্ন মনৰ কজলা পৃষ্ঠাবোৰ কৃত্ৰিম বৰ্ণালীয়ে পাৰিব জানো উজলাব।

আকৌ এবাৰ ভাবনাত বুৰ গ’ল তাই। নিমিলা অংকৰ আঁত বিচাৰি তাই নিজৰ মাজতেই বিভোৰ হৈ পৰিল। অজস্ৰ প্ৰশ্নই কোঙা কৰা তাই মনক তাই নিজেই সুধিছিল,,,
পুৰুষ শাসিত সমাজ খনত তাই নাৰী হৈ ওপজোতে মাকৰ বুকুখন অজানিতেই সিয়ৰী উঠিছিল নেকি,,,,?? নাৰীৰ সামাজিক সংগ্ৰামৰ প্ৰতিবিম্ব দেখি নিথৰ হৈ পাহৰি গৈছিল নেকি তাইৰ ওপজাৰ প্ৰসৱৰ অসহ্য যন্ত্ৰনাক,,,?? তাইৰ মাকে তাইক লৈ দেখা যন্ত্ৰণা দায়ক ভবিষ্যত টো তাইৰ ক্ষেত্ৰত ৰজিতা নাখালেও ; তাইৰ মাকৰ আবৰ্তমানত হাজাৰ জনী বাসৱীৰ চিৎকাৰে মৃদুলাৰ নাৰীমনৰ যতি পেলাই ।

বৰ্ষা বিঘ্নিত সন্ধ্যাৰ বৰষুণ জাকৰ তীব্ৰ হেচাত কোলাহল বোৰ সমাধি ঘটিছিল তেতিয়া। হঠাৎ বাহিৰত নাৰীৰ কন্ঠস্বৰ শুনি ওলাই যাওতে ভবাই নাছিল ,,,,
কামিনী কাঞ্চন জোপাৰ কাষত আউল -বাউল কৈ চুলি মেলি থিয় দিওতে ভাবিছিল ফুট পাথৰ অলি গলিত নিত্য চৰাচৰ ভাৰসাম্য হীন পঠিক বোৰৰ প্ৰতিনিধি বুলি। নাৰী মূৰ্তিটোৰ চকুহাল কান্দি কান্দি অঙঠাৰ দৰে ৰঙা হৈ আছিল । এছকিউজ মি,,,; প্লিজ চাইদ।
মৃদুলাৰ ভাবনাত যতি পৰিল । অহ চৰী ; আপোনা আপুনি কৈ উঠিল মৃদুলাই । চাইদ বিচৰা মহিলা জনিৰ বেষ- ভূষাই মৃদুলাকো লাজত পেলালে। কাপোৰ পিন্ধাৰ কোনো ধং নাই। খালি সকলোকে অধিকাৰ লাগে। মুকলি দেহাৰ উজান উঠিবলৈকে নেকি এই অধিকাৰত্ব। মুঠতে আভিধানে আবুৰতা বোলা শব্দটোক কাহানিবাই বৰ্খাস্ত কৰিলে। এই চাম ৰমনীৰ বাবেই নাৰীৰ একান্ত ব্যক্তিগত বুলিবলৈ একোটো নোহোৱা হৈছে। মূৰতে খংটো লৈ মৃদুলাই বিচাই দকা মানুহৰ দৰে চেক-চেকাই ,ভক-ভকাই আন এখন ষ্টৰলৈ গ’ল। একেই কিচিম কিচিম শাড়ী। গ্ৰাহকৰ মন টানিবলৈ ভিন্ন কাইদাত হেঙাৰ বোৰত সজাই থোৱা হৈছে। এম্বডাৰী, কটন,চিফন,ভেলভেট মুঠতে নাই কি,,,!! মূৰে -গা ই শাড়ী লৈ দুজন মানৰ অদ্ভুত চিঞঁৰ । আহি যাওঁক, লৈ যাওঁক; দুখনত এখন ফ্ৰী,,,,,।

নাই বাসৱীয়ে বেচি ৰংচঙীয়া নিপিন্ধিব। মনেই যদি এন্ধাৰ ; বাহিৰ খন ৰঙিয়াল কৰিব কিহৰ তাৰনাত !! আপোন জনৰ চৰম বিশ্বাস ঘাটকটাত চুৰমাৰ হোৱা হিয়া খনৰ শ্ৰদ্ধা ,ভক্তি,মৰমৰ তুষাৰ বোৰ গলি গলি বৈ অহা চকুলোৰ বাহিৰে যেন বাসৱীৰ একো নাই। প্ৰাণৰ তাৰণাত তাই বিচাৰিছে এখন সহায়ৰ হাত আৰু অকন মান মৰম। এৰা,,,!!জীৱনেই যদি দুৰ্লভ, আবুৰতাৰ অস্তিত্ব ই বা ক’ত ,,,!!
ভাব বোৰে মৃদুলাক স্থিৰেৰে থাকিব দিয়া নাই। প্ৰকৃতিস্থ হৈ হেঙাৰ দালৰ ক্লীৱ বোৰ খুলি,আলসুৱাকৈ কটনৰ শাড়ী এখনত হাত ফুৰালে মৃদুলাই । থিক বাসৱীৰ শেতা পৰা মুখ খন যি দৰে পত্যক্ষ কৰিছিল বৰ্ষা বিঘ্নিত নিতাল সন্ধিয়াটোত । বাসৱীৰ বিয়া হোৱা বেছি দিন হোৱাই নাছিল । মাহ-হালধিৰ সুঘ্ৰাণ নোজোৱা দেহাতো মুখা পিন্ধা বৰবৰ চামৰ অতপালিত ক’লা ক’লা দাগ বহিছিল । মাউৰা হলেও তেজ মঙহ হীন নহয় বাসৱী।এইদৰে দুৰ্বলৰ ওপৰত সবলৰ দাবানল আৰু কিমান দিনলৈ ,,,,,!!

 

দোকানী জনে মেৰুন ৰংৰ শাড়ী খন দেখুৱাই কলে মৃদুলাক;
লৈ লওক বাইদেউ আপোনাক ভাল মেটচ কৰিব । এতিয়াই নিপিন্ধিলে কেতিয়া পিন্ধিব,,,,!! কমতে দিম।
এই খন নহব অন্য দেখুৱাবা। বেলেগৰ বাবেহে। ,,,,,,,লাঞ্চিতা ,,,,বঞ্চিতা ,,,,, সৰ্বহাৰাৰ আভৰণ মেৰুণ ৰঙে কি শোভা বহাব,,,!! (মৃদুলাৰ পিছৰ বাক্যটো ক্ৰমাত অস্পষ্ট হ’ল)

আজি দুদিনে বাসৱী ক’ৰ , কালৈ বিয়া হৈছিল একোকে নকয়। সুধিলেউ উত্তৰ নিদিয়ে। হয়তো মানুহ নামৰ জীৱ বিধলৈ তাই বৰ খোৱা হ’ল।

মোমায়েকৰ ঘৰত ডাঙৰ হোৱা বাসৱীয়ে মানুহ হোৱাৰ গৌৰৱ অনুভৱ কৰিবলৈ নৌপাওঁতেই অমানুহ চামৰ জালত বন্দী হ’ল। কি এক পৈশাচিক আনন্দত মচগুল মানুহ চাম। ভাৱি ভাৱি জথৰ হৈ যায় মৃদুলা ।

একো একোটা জীৱনৰ মূল্যত কৈয়ো ওখ সিহঁতৰ সম্পত্তিৰ লালসা। যুগ যুগ ধৰি ধৰি নাৰী অবলা , ভোগৰ সামগ্ৰীৰ বাদে যেন আৰু একো নহয়। অথচ নাৰীৰ শতৰু আজিও নাৰীয়েই। প্ৰকৃতিৰ কি বিচিত্ৰ খেলা,,,!! এফালে পচণ্ড সাহস আৰু ত্যাগৰ প্ৰতিমূৰ্তি নাৰী,,,; আনফালে ঈৰ্ষা, হিংসা, সহস্ৰ কুটিলতাৰ গৰাকী নাৰী। যৌতুকৰ বাবেই নাৰীয়ে লালসাৰ চুড়ান্ত শিখৰ আৰোহী পাহৰি পেলাই বাসৱী হতৰ দৰে নাৰীৰ জীয়াই থকাৰ অধিকাৰত্বক। উপঢৌকন আৰু এটা জীৱনক তুলাচনীত থিয় কৰোৱাৰ কুন্ঠাবোধ নকৰে নাৰীয়েই। নাৰীয়েই নাৰীক বন্দী কৰে চলনাত ,,,,!!

ছমাহ নহওতেই যৌতুকৰ খেলা খন আৰম্ভ কৰিছিল বাসৱীৰ শাহুৱেকেই। চুবুৰীৰ ন-বোৱাৰী বোৰৰ উপঢৌকনৰ হিচাপ সংলাপৰ দৰে নিতে আওৰাইছিল বাসৱীৰ সমুখত । সম্বল হীনা মোমায়েক -মামীয়েকে দিয়া সামান্য বস্তু কেইপদেই বাসৱীৰ কাল হ’ল। সামান্য ভুলতেই গিৰিয়েকক লগাই নানান ককৰ্থনা , শাৰীৰিক অত্যাচাৰ কৰোৱায়। সকলো দুখ মূৰ পাতি লৈ অসহায় বাসৱীয়ে নিতাল নিস্তব্ধ হৈ পস্থৰ মুৰ্তি এখনৰ দৰে নিতে ক্ষন গণিছিল।
কিন্তু , সেই দিনা চূড়ান্ত পন্থাৰ বলী হৈ জীয়াই জীয়াই জ্বলি যোৱাৰ ভয়ত , কেৰাচিন ঢলা ভিজা শৰীৰটো লৈ দৌৰিছিল মাথো দৌৰিছিল ,,,,,,

বাসৱীৰ গাত লাগি অহা কেৰাচিন ৰ অকতা গোন্ধটো যেন আকৌ এবাৰ উজাৰ খাই আহিল মৃদুলাৰ । ষ্টেণ্ড ফেনখন ফেৰফেৰীয়া চেচাঁ বতাহ চাতিয়ে সম্বিত ঘুৰাই আনিলে মৃদুলাৰ ,,,।

কঠিন সময়ৰ হেঁচুকনিত গালে -মুখে বিৰিঙি পৰা বিন্দু বিন্দু ঘামৰ টোপাল বোৰ মচি শাড়ী খন লৈ ওলাই আহিল মৃদুলা। বাহিৰ খনত চমকা- চমক কৃত্ৰিম পোহৰৰ প্ৰলেপত দ্বিতীয় অমৰাৱতী যেন লাগিছিল । আকাশ খনত তৰালিয়ে ফুটুকা-ফুটুকী বুটা বাচিছে। ফুটপাথত একেই অসহ্য ভীৰ। কাৰ গন্তব্য ক’ত ,কোনো লেখ জোখ নাই । নিয়ম মাফিক ভাৱেই মৃদুলাও ভীৰৰ মাজতেই মিলি গ’ল । সময়ৰ প্ৰহেলিকাত, উপঢৌকনৰ বিকৃত লালসাত দাতঁ নিকটাই থকা থকা অমানুহ বোৰৰ মুখ বোৰ আৰু জীয়াই থকা তীব্ৰ বাসনাত সৰ্বোচ্চ হেৰুৱা সকলৰ শেতা মুখ বোৰৰ প্ৰতিবিম্ব একো একো খন কেনভাচ হৈ ওলমি ৰ’ল।

হয়তো বাট চাই ৰৈছে মৃদুলালৈ ; চৈতন্য হ’বনে মৃদুলা ,,,,,,,!!!!
——:::::—-:::::—