তুমি নাথাকা দিনবোৰত

সঞ্জীৱ গোঁহাই
জি.আই.এম.টি, তেজপুৰ ৷

তুমি জোনবাই ন’হলেও জোনাক পিন্ধি থাকা,
তুমি নদী ন’হলেও মৰমৰ সুঁতি বোৱা।
ভাল লাগে তোমাৰ কাজল সনা নয়নজুৰি,
য’ত বোকী লৈ ফুৰা অলেখ আশা।
তোমাৰ লাস্যময়ী দেহাত নীলা ফুঁটুকীয়া সাজ ও,
এনে লাগে যেন তুমি আকাশ খনকে লৈ ফুৰা।
Continue reading

সৌজাক ধুমুহা অহাৰ দিনা

মধুস্মৃতা গগৈ,

শিৱসাগৰ ছোৱালী কলেজ
সৌজাক ধুমুহা অহাৰ দিনাই
হৃদয়বোৰ পৰিণত হৈছিল ধ্বংসস্তূপত
কেৱল অৰ্হনিশে দুখবোৰ বৈ গৈছিল
আৰু আৰু মাত্ৰ এটাই প্ৰশ্ন
ধুমুহা তুমি কিয় আহিলা?
উঃ নাই পাহৰা
Continue reading

এনেকৈয়ে মৰমবোৰে পোখা মেলে


ৰাজীৱ লোচন বৰা
ফিল’বাৰী, ডুমডমা৷

এনেকৈয়ে মৰমবোৰে পোখা মেলে
ছানি ধৰে হৃদয়….
প্ৰেমৰ সোঁতত আগবাঢ়ে
চেনেহৰ পানচৈ
জীৱন জীপাল হয়….
এইযে তোমাৰ
Continue reading

ৰাসলীলা আৰু গোপীবৃন্দৰ অভিলাস

সুপ্ৰীতি বৰুৱা

বিষ্ণু নগৰ, ৰূপাই চাইডিং ৷
দূৰভাষ – ৯৯৫৪৫৫৯১২০

বৈষ্ণৱ ধৰ্মত শাক্ত-তান্ত্ৰিক প্ৰভাৱৰ নিদৰ্শন হ’ল ৰাস লীলা আৰু ৰাধা কৃষ্ণৰ শৃংগাৰৰত কাহিনী ৷ বাণীকান্ত কাকতিৰ ভাষাত ই হ’ল – “A licence festival generally associated with the agricultural of the primitive people”.
ৰাসলীলাৰ কাহিনী হৰিবংশৰ পৰাই বৈষ্ণৱ সাহিত্যত পোৱা যায় ৷ আনহাতে হৰিবংশ, বিষ্ণুপুৰাণ, ভাগৱত পুৰাণ আদি প্ৰাচীন গ্ৰন্থসমূহৰ ক’তোৱেই ৰাধাৰ উল্লেখ নাই ৷ ৰাধা-কৃষ্ণৰ কাহিনী জনপ্ৰিয় কৰি তোলে দ্বাদশ শতিকাৰ শেষভাগত ৰচিত জয়দেৱৰ গীত-গোবিন্দ আৰু ত্ৰয়োদশ শতিকাত ৰচিত ব্ৰহ্মকৈৱৰ্ত পুৰাণে ৷ Continue reading

সৰু সৰু কথা

ইমৰান শ্বাহ
শিৱসাগৰ ।

মানুহৰ অৱস্থা তেতিয়া কিজানি এতিয়াৰ পৰুৱা-পিপৰাতকৈ বেছি পুতৌ লগা আছিল। ইহঁতে যেনিবা নিৰাপদে গাতে-ছাঁতে বাস কৰি আত্মৰক্ষা কৰে। গৰিলা-গিৰিও জানে। সৰুটি হৈ সৰকা আৰু মাউখৰ কায়দাও জন্মগত। মানুহৰতো সেইবোৰ নাছিল। এতিয়াওনো ক’ত হৈছে ? পলাই ফুৰিছিল চাগৈ। গুহানো আছিল কিমান। বাঘে খায়, দৈত্যকায় উৰন্ত ডাইনোছৰে থপিয়াই নিয়ে। মানি ল’লে, পৌৰাণিক উচ্চতা ছল্লিছ হাত। কিটো হ’ব। সিবোৰো সেই অনুপাতে ডাঙৰ হ’ব নহয়। ফচিল (Fossil)ৰ মতে ঢেঁকীয়া থোৰেই দেখোন চেগুনৰ গুৰি।
Continue reading

নৱ বৈষ্ণৱবাদে অসমীয়া সাহিত্যৰ উত্তৰণৰ পথ প্ৰশস্ত কৰিছল-

শ্ৰীকুমাৰ দহোতীয়া

পৃথিৱীত যেতিয়া ধৰ্মৰ গ্লানি হয়, তেতিয়া সময়ে সময়ে একোজন মহাপুৰুষে জন্ম গ্ৰহণ কৰি ধৰ্ম ৰক্ষ্যা কৰিবলৈ আবিৰ্ভাৱ হয়। এনে এজন অসমত জন্ম লাভ কৰা মহাপুৰুষ হ’ল শ্ৰীমন্ত শংকৰদেৱ। এইজনা শংকৰদেৱে নগাঁৱৰ বৰদোৱা আলিপুখুৰীৰ কূসূম্বৰ ভূঞাৰ ঔৰসত সত্যসন্ধাৰ গৰ্ভত স্তিতি লভি ১৪৪৯ খ্ৰীষ্টাব্দত আৱিৰ্ভাৱ হ’ল। Continue reading

সুখী হোৱাৰ মন্ত্ৰ

নিৰুপমা ডেকা,
বোকাখাট ৷

দ্বিতীয় সন্তানটো কেতিয়া তাইৰ গৰ্ভত স্থিতি পালে ললিতাই ধৰিবই নোৱাৰিলে। চেহ্ নালাগিছিল আৰু এটা। গিৰিয়েকৰ আকৌ ওলোটা মত। নষ্ট কৰিব নালাগে থ, এইবাৰ কিজানি বংশ ৰক্ষা কৰিবলৈ ল’ৰা এটা হয়েই। খুৱাম আৰু কিবাকিবি কৰি। তাৰ হেঁপাহৰ অন্য এটা কাৰণো আছে। ডাঙৰ দুয়োজন ককায়েকৰ এজনৰ চাৰিজনী আৰু এজনৰ তিনিজনী লগতে তাৰ ভাগৰো এজনী ছোৱালী গতিকে ঘৰখনত ল’ৰা এটাৰ অভাৱ বৰকৈ অনুভৱ কৰে আটায়ে। তাৰফালৰ পৰা ল’ৰা এটা হ’লে ঘৰখনত তাৰ হেৰুৱা স্থানটো ঘূৰাই পাব বুলিও তাৰ মনে ধৰে।
Continue reading

বিধৱা (চুটি গল্প)

কপিল দাস
জিলা-বাক্সা

বেৰৰ জোলোঙাইদি ৰ’দৰ সামান্য ৰশ্মি আহি চকুত পৰাত থতমতকৈ সাৰ পালে মিনতিয়ে ৷ কাষত ল’ৰা দুজন লাল কাল হৈ শুই আছে৷ কেইবাঠাইটো ফটা কেঠাখন দুয়োজনকে ভালকৈ মেৰিয়াই দি বাঁহৰ চাঙখনৰ পৰা নামি আহিল তাই। ৰাতিপুৱাৰ নিত্যকৰ্মখিনি কৰি কামলৈ যাবলৈ ওলাল তাই৷ এঘৰত কামকৰি পোৱা পইচাৰে সিহঁতৰ তিনিজনীয়া ঘৰখন নচলে। Continue reading

সম্পাদকীয়

ৰাস উৎসৱ অসমীয়া সংস্কৃতিৰ এক বিশেষ অংগ । ৰাসে অসমীয়া জন জীৱনত আধ্যাত্মিক দিশটো শক্তিশালী কৰি তুলিছে । ৰাসৰ মাজেৰে অসমীয়াই আত্মাৰ লগত পৰমআত্মাৰ মিলনৰ আখৰা কৰে । অসমত ৰাস শ্ৰীমন্ত শংকৰৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম উপাদান । ই আজি শ শ বছৰে মানুহক আধ্যাত্মিক ভাবে শিক্ষিত কৰি তুলিছে । ৰাসৰ মূল উদ্দেশ্য হ’ল এইটোৱেই । ৰাস বুলিলে অসমীয়াৰ প্ৰাণ উঠলি উঠে পৰম আত্মাৰ লগত মিলনৰ হেঁপাহত । এই উৎসৱ পালন কৰি অহা হৈছে হাজাৰ বছৰীয়া পৰম্পৰাৰে । শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰসুৰি সকলে ৰাসক বৈষ্ণৱ আন্দোলনত এক উচ্চ স্থান প্ৰদান কৰিলে । উজনি অসমত নাট্য চৰ্চা মাধ্যমেৰে ভগৱান শ্ৰী কৃষ্ণৰ চৰিত্ৰটো জনমানসত প্ৰতিষ্ঠাৰ চেষ্টা কৰা হয় । আত্মা আৰু পৰম আত্মাৰ প্ৰতীক স্বৰূপে গোপী কৃষ্ণৰ মিলন প্ৰদৰ্শন কৰি জন জীৱনক আধ্যাত্মিক জ্ঞান প্ৰদান কৰে । কিন্তু এই হাজাৰ বছৰীয়া  পৰম্পৰা যিটো শংকৰদেৱে উচ্চ ভাৱে প্ৰতিষ্ঠা কৰিছিল । সেই পৰম্পৰাত কিন্তু বৰ্তমান ঘূণে ধৰিছে । যোৱা কেইটামান বছৰত আমি দেখিছো ৰাসৰ নাট্য প্ৰদৰ্শনকে আদি কৰি উৎসৱটিত ব্যৱসায়িক চিন্তাই ক্ষতিকাৰক ভাবে প্ৰৱেশ কৰিছে । স্থানীয় শিল্পীৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰে মহীয়ান হৈ থকা ৰাসৰ নাট্য প্ৰদৰ্শনত এতিয়া ব্যৱসায়িক চিন্তাৰে গ্লেমাৰ যুক্ত শিল্পীৰ প্ৰৱেশ ঘটিছে । তেওঁলোকৰ গ্লেমাৰটোৱেই ইয়াৰ মূল আকৰ্ষণ । প্ৰয়োজনীয় অখৰাখিনি নকৰাকৈ এই সকল শিল্পী মঞ্চত প্ৰৱেশ কৰে বাবে তেওঁলোকৰ অভিনয় সচেতন দৰ্শকৰ বাবে দৃষ্টিকটু হৈ পৰে ।

বিহু মঞ্চৰ দৰে লাখটকীয়া শিল্পীৰ সস্তীয়া  মনোৰঞ্জনৰ দৰে হবগৈ ছাগে ৰাসৰ মঞ্চও ৷ ই নিশ্চয় চিন্তনীয় বিষয় ৷ ইয়াৰ উপৰিও কিছুসংখ্যক অপৈণত শিল্পীয়ে ৰাসৰ নাট্যধাৰাত আধুনিক প্ৰযুক্তিৰ অপ্ৰয়োগৰ চেষ্টা চলাইছে ৷ সস্তীয়া জনপ্ৰিয়তা বিচাৰি দৰ্শকৰ মন আকৰ্ষণৰ বাবে কিছু ঠাইত নাটৰ মাজত প্ৰজেক্টৰ ব্যৱহাৰ কৰিছে যিটোৱে অসমীয়া সত্ৰীয়া নাট্য ধাৰাটোকে বিকৃত কৰিছে ৷ এনেবোৰ কাৰ্যই আমাৰ পৰম্পৰাৰ সক্ৰিয়তা ৰাখিবনে ?
এইবাৰ আন এটি দুখবৰ পালো, সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ এখন বিশেষ ৰাসমণ্ডপৰ লগত মদ আৰু জুৱাৰ মুকলি বেহা বহিছে ৷ এক আধ্যাত্মিক অনুষ্ঠানত মদ আৰু জুৱাৰ প্ৰচলনে কি সুচাই ! ই জাতি টোকে ধ্বংস নকৰিবনে ?