“সময়”

ණ ৰূপজ্যোতি
নলবাৰী ৷
সময় ,
ৰৈ যাবা নেকি আৰু অলপ ?

ভূমুকি মাৰিবৰ মন গৈছে অ’ অতীতত ,

কিজানিবা বিচাৰি পাওঁ হেৰোৱা সপোনবোৰ |

হেৰা সময় , দিবা নেকি অলপ সময় মোক ???….

আজি খুব মন গৈছে অ’ দেউতাৰ চকুত মোকলৈ দেখা সপোন চাবলৈ |

মাৰ কোলাত এপলক শুবলৈ …..|

সেয়া চোৱা মায়ে মোক মাতিছে অতীতৰ পৰা !

দেউতাই চিঞৰিছে , “ধন এইফালে আহ বুলি…..” |

তুমি কিয় নুবুজা অ’ , সময় |

অলপতো অপেক্ষা কৰা মোলৈ |

দুখে কোঙা কৰা শৰীৰ কিম্বা স্বপ্নবোৰ ভাঙি গুৰি হোৱা অতীত |

তাৰ মাজত মৰি মৰি জীয়াই আছো , সপোনৰ তাৰনাত চিঞৰিছো…|

হেৰা সময় ঘুৰি চোৱা মোলৈ , দি যোৱা মোক দুপলক ,
অতীত চাবলৈ |

পাৰিবানে দিব ??….

পাৰা যদি ঘুৰাই দিয়া মোৰ সময় |

পাৰা যদি জীৱন দিয়া মোক ,
মায়ে ৰৈ আছে আজিও মোলৈ..!

আৰু দেউতাই , মোকলৈ আজিও সপোন দেখে হেনো !

দিয়ানা এপলক সময়,
মা-দেউতাৰ সতে কিছু কান্দিবলৈ , কিছু হাহিবলৈ |

হেৰা সময় , দিবানে মোক তুমাৰ সময় ?.

উৎসৰ্গা : মৰমেৰে মা-দেউতাৰ হাতত |

তিনিটুকুৰা মেঘ ঘূৰাই পঠাবাঃ

-বাস্তৱ মৰাণ
কাকপথাৰ, তিনিচুকীয়া ৷
তিনিটুকুৰা মেঘ ঘূৰাই পঠাবা
শাওণৰ চিঠিখনত

খিচমিচিয়া বতাহত
কমলাওঁঠৰ চুমাবৰণীয়া হৃদয়ত

ভাগি থাকে তাঁতশালৰ ফুল-বাগিছাৰ কাঠি
ঢেকীয়াপতীয়া মনৰ মালি

তিনি টুকুৰা মেঘ ঘূৰাই পঠাবা
শাওণীয়া ৰ’দৰ জালিকটা পোহৰত
সলনাসলনি কৰিম

বাসন্তীওঁঠৰ চুমা
বাসন্তীওঁঠৰ চুমা ৷

ঢুলীয়া ওজা সীমান্ত তামুলীৰ সৈতে এখন্তেক

লোকবাদ্য ঢোলৰ সৈতে একাত্ম, ঢুলীয়া,
“ঢোলত চাপৰ মাৰি”ৰ স্ৰষ্টা
সীমান্ত তামুলী দেৱৰ সৈতে    “ঢোল বায় ক’ত ,ৰতন পুৰতখোল বায় ক’ত, ৰতন পুৰত ।””  মঘাই বোলে ঢোলৰে মাত ধিনিকি ধিন্দাও, সোণৰ অসম নালাগে মোক মাটিৰে সজাও।”

এনে কত গীত , কথা এনে কত মালিতাৰ মাটিময় সুৰৰ ঝংকাৰ, উঠিছিল এটি মাথোঁ বাদ্যক লৈয়ে । এটি মাথোঁ বাদ্যৰ চাপৰত নিনাদিত হয় জাতিৰ সমগ্ৰ সত্বা।পৃথিৱীক উৰ্বৰা কৰোৱাই , শস্যে -মৎস্যে উভৈনদী কৰোৱাই, অপদেৱতাক খেদোৱাই ,মান্য জনক আদৰি বাদ্য টি অসমীয়া সংস্কৃতিৰ আঁহে আঁহে চিৰ বিদ্যমান । প্ৰতি জন অসমীয়াৰ বুকুৰ আপোন চেনেহী হতঁৰ হিয়াৰ আমঠু , ঢোলবাদ্য। ইতিহাস খুঁচৰিলে প্রাপ্ত তথ্যানুসৰি খুনলুং-খুনলাইয়ে লেংডনৰ পৰা এযোৰ ঢোল পাইছিল বুলি প্ৰবাদ আছে। আনহাতে কিছুৱে অসম মুলুকৰ ঢোলক প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জৰ ঢোলৰ লগত মিল আছে বুলি ক’ব খোজে। এই কথাৰ পৰা ঢোল মুলতঃ অষ্ট্ৰিক সংস্কৃতিৰ অবদান বুলি ক’ব পাৰি। অবশ্যে বাদানুবাদ ইতি পৰা নাই।               অসমীয়া সংস্কৃতিৰ পথাৰ খনত সগৌৰবেৰে দপ দপাই থকা অনবদ্ধ বাদ্যটি এচাপৰ বজোৱাৰ হেপাঁহে উতলা কৰি তুলিছিল মঘাই ওজা, তুলসী ওজা, প্ৰসেন ওজা , সোমনাথ ওজাকে ধৰি অসমৰ চুকে -কোনে অলেখ জনক। এই বাদ্যক লৈয়ে সপোন দেখিছিল বহুজনে । সেই সপোনৰে আঁত বিছাৰি আমি থিয় দিছিলোগৈ ঢোলৰ সৈতে একাত্ম-প্রাণ, প্ৰখ্যাত ঢুলীয়া ধেমাজি চিলাপথাৰৰ সীমান্ত তামুলী দেৱৰ চোতালত।

ফেঁহুজালি : নমস্কাৰ ; সীমান্ত তামুলী দেৱ । আপোনাক ফেঁহুজালিৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ ।

সীমান্ত তামুলী : ধন্যবাদ ।

ফেঁহুজালি : ঢোলক  লৈ দেখি থকা সপোনৰ কিছু আভাস বুটলি বলৈ আমি আহিছোঁ । তেন্তে আগ বাঢ়িব পাৰো নে ?

সীমান্ত তামুলী : নিশ্চয় ; আগবাঢ়ক।

ফেঁহুজালি : অসমীয়া সংস্কৃতি; ঢোল, পেপা ,গগনা লহৰত ; ডবা, কাঁহ, শংখৰ নিনাদত উমান পোৱা যায় বুলিলেও ভুল কোৱা নহ’ব। সম্প্রতি সংগীতৰ জগতত নিতে নতুন বাদ্যৰ আমদানি হৈয়ে আছে। তথাপিও আপুনি নৱপ্ৰজন্মৰ এজন প্ৰতিনিধি হিচাবে ঢোল বাদ্যক কিয় আন্তঃকৰণেৰে আকোৱালি ল’লে ?

সীমান্ত তামুলী : ঢোলক মই অন্তৰৰ পৰা ভাল পাইছিলো। সৰুৰে পৰা ৰেডিঅ’ত খুৱ মনযোগেৰে ওজা-পালিৰ পৰিবেশিত অনুষ্ঠান বোৰৰ প্রচাৰণ শুনিছিলো। সৰুতে মই আনকি বাঁহৰ চুঙাত ৰছী ভৰাই ঢোলৰ দৰে কান্ধত ওলমাই ফুৰিছিলোঁ ।

ফেঁহুজালি : চুঙাত ঢোল বজাবলৈ আৰম্ভ কৰাৰ পৰা আজি ১৯ টা ঢোল সমানে বজাব পৰা হোৱালৈকে আপুনি যথেষ্ট অভিজ্ঞতাৰে পুষ্ট । কি দৰে গঢ় দিলে বাদ্যটি উত্তম হয় বুলি আপোনাৰ মনে ধৰে?

সীমান্ত তামুলী : ঢোল গঢ়াৰ সন্দৰ্ভত যোজনা এফাঁকি মনত পৰিছে -“কঠালৰ কাঠেৰে/ঢোলটো সাজিলো//চেউৰী গৰু ছালেৰে চালো।বুঢ়া গৰু ছালেৰে /বৰতি সাজিলো//বাঁহৰ মাৰিৰে বালো ।।”          আম,কঠাল, চামৰ ডিমা ছাল কপিলী গাইৰ ভাল হয়। বৰতি বলধৰ।

ফেঁহুজালি : আপোনাৰ শৈশৱৰ বিষয়ে কিছু কওকচোন ?

সীমান্ত তামুলী : নিশ্চয় কৈ। শৈশৱ সকলোৰে মনোৰম।যদিও টেঙা বল খেলি ধপলিয়াই ফুৰিছিলোঁ , মনটো কিন্তু মোৰ ঢোলত হে আছিল । চিলাপথাৰ, গেলোৱা কেণ্ডুগুৰী মইনা পাৰিজাতত নিচেই সৰুৰে পৰা জড়িত হৈ আছিলোঁ ।জ্যোতিৰূপা সংগীত বিদ্যালয়ত মই তবলা শিক্ষাৰ আৰম্ভ কৰিছিলোঁ । ১৯৯৫ চনৰ কোনোবা এটা  বৃহস্পতিবাৰে ঢোল শিকিবলৈ জপৰা বায়নক গুৰু মানি লওঁ। তেখেত আমাৰ ঘৰলৈ আহি গোহালিত বা চোতালত মোক ঢোল শিকাইছিল । মাজে মাজে মায়ে পিঠাগুড়ি লাৰুৰ লগত চাহ পানী দি থাকে।কি যে মধুৰতম সময় আছিল । মই তেতিয়াই মন কৰিছিলো যে চাপৰ বোৰ বেলেগ বেলেগ হয়। মোৰ প্ৰথম বিজ্ঞান সন্মত গুৰু আছিল কিন্তু দেউতা। দেউতাই মোক চাপৰ বোৰ লিপিবদ্ধ কৰিবলৈ কৈছিল । তাৰ পিছতেই মোৰ মনলৈ ঢোলৰ চাপৰ বোৰত সমসাজ পিন্ধোৱাৰ ধাৰণাটো আহে।

ফেঁহুজালি : ঢোলটিক লৈ দেখা সপোন বোৰৰ কিছু আভাস দাঙি ধৰিব নেকি?

সীমান্ত তামুলী : ঢোলক লৈয়ে সৰুৰ পৰা বিভোৰ আছিলোঁ আৰু এতিয়াও । ঢোলৰ চাপৰ বোৰ সুসংহত কৰি গঢ় দিয়াৰ এটা সপোন আছে।একেটা চাপৰকে বহুতে বুটপুতিও কয় বহুতে গুটপুতি কয়।এই বোৰ লিখিত আকাৰে সম সাজ পিন্ধোৱাই মূল লক্ষ্য ।আৰু নৱ প্ৰজন্মৰ কান্ধত বাদ্য হিচাবে সুসংহত কৰি প্ৰতিষ্ঠা কৰা এটা সপোন।

ফেঁহুজালি : ন কৈ ওলোৱা বাদ্য বোৰে ঢোল বাদ্যটিৰ ওপৰত বিৰোপ প্ৰভাৱ পেলাব বুলি ভাবেনে?

সীমান্ত তামুলী : মুঠেই নাভাবো। নতুন কিছু বাদ্য আহিলেও ঢোল মৰি নাযায়। চৰাই চিৰিকটিৰ মাত , গছ-বনৰ সাজ , চহা জীৱনৰ একো খন চিত্ৰ ঢোলতেই সোমাই আছে। অনবদ্ধ বাদ্য হিচাবে এক নম্বৰত আছে। অসমীয়া মানুহৰ মনত ঢোল হীৰাৰ টুকুৰা যেন।

ফেঁহুজালি : বৰ্তমান চাপৰবোৰ আৰু আগৰ চাপৰবোৰৰ কিবা পৰিৱৰ্তন দেখিছে নেকি?

সীমান্ত তামুলী : ঠাই ভেদে চেও বোৰ ভিন্ন আছিল । অতীতৰ বিয়াৰ পানী তুলিবলৈ যোৱা চাপৰ , দৰা যাত্ৰাৰ চাপৰ ; দীঘলীয়া ছেও, বিজয়ৰ পৰত মৰা ছেও আদি সময়ৰ বুকুত প্ৰায় হেৰাই যাওঁ যাওঁ।

ফেহুঁজালি : অসমতে নহয় ভাৰতৰ ভিন্ন প্ৰান্তত আপুনি ঢোল বাদন কৰিছে। অসমৰ বাহিৰৰ মঞ্চত ঢোলবাদন কৰোঁতে কেনে অনুভৱ হয় অসমীয়া হিচাপে ?

সীমান্ত তামুলী : হয় মই অসমৰ ধুবুৰী , নলবাৰী, বঙাইগাঁও, শিৱসাগৰ, বাক্সা আদিকে ধৰি অসমৰ বাহিৰৰ মুম্বাই, মাইচুৰ, বাংগালোৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, চিত্ৰকুট, এলাহাবাদ, জয়পুৰ, পাঞ্জাৱ, দিল্লী, ফৰিদাবাদকে ধৰি বহু ঠাইত পৰিবেশন কৰিছো।অসমী আইৰ বুকুত গমগমাই থকা ঢোলৰ চাপৰে যেতিয়া ভাৰতৰ ভিন্ন প্ৰান্তৰ মঞ্চবোৰ কঁপাই তোলে অসমীয়া হিচাপে বুজাব নোৱাৰা পুলক অনুভৱ কৰোঁ । ভগৱানক খাতিৰ কৰিবলৈ মন যায়। বাদ্যটিয়ে যেন বিশ্ব-দৰবাৰত প্ৰতিষ্ঠা লাভ কৰে।

ফেহুঁজালি : অসমৰ ভিন্ন ঠাইবোৰত পৰিবেশন কৰোঁতে সকলো ঠাইতে আগ্ৰহ বা আদৰ একেই পাইছেনে?

সীমান্ত তামুলী : নহয়। অসমৰ পূবতকৈ পশ্চিম ফালে আদৰ সাদৰ বা আগ্ৰহ বেছি। ওজাপালিৰ প্ৰভাৱেই এই দিশ তো লক্ষণীয় কৰিছে।

ফেহুঁজালি : ঢোলৰ বুলনি কি কি আছে?

সীমান্ত তামুলী : ৰাজ বুলনি , মৎস্য বুলনি, চৰাই বুলনি আদিয়েই প্ৰধান । বোলৰ ক্ষেত্ৰত লুহুৰি বতা, কপাহ ধুনা, দহিকতৰা, তেলেঙনা আদি।

ফেঁহুজালি : কোনোবাই কৈ গৈছিল  ” সময় আৰু সংগ্ৰাম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ।” কথাষাৰ আপোনাৰ ক্ষেত্ৰত কিমান সঁচা ?

সীমান্ত তামুলী : এশ শতাংশই সঁচা। পাৰহৈ যোৱা সময় বোৰৰ প্ৰতিটো চেকেণ্ডতে মোৰ সংগ্ৰাম নিহিত হৈ আছে। মোৰ দেউতা আছিল শিক্ষক । মই অকল ঢোল টো লৈ ব্যস্ত থকাৰ বাবে দেউতাৰ সহ্য হোৱা নাছিল । আনকি স্কুলত মতৰ বাবে কথাও শুনিব লগা হৈছিল । কথাই কথাই কৈ থাকে ঢোলে নুখুৱায় । ঘৰৰ লগতে সংগ্ৰাম আৰম্ভ হৈছিল ।ঢোলটোৰ বাবেই এদিন ঘৰ এৰি গুৱাহাটী পালোগৈ। ঢোলৰ সুসংহত চাপৰ একত্ৰিত কৰাৰ কথা কওঁতে সোমনাথ বৰাই উৎসাহ দিয়া নাছিল । অৱশ্যে প্ৰসেন বৰাই যথেষ্ট উৎসাহিত কৰিছিল । হলে কি হ’ব ? গুৱাহাটীৰ কথা , তাতে হাতত নাই কণটো , বৰ সবাহলৈ মনটো। নাচনী এজনীক নচুৱাই সামান্যতম পইছা কেইটকা মান পাওঁ , দিনটো নোজোৰে।এনে অৱস্থা হৈছিল গৈ যে ২০০৫ চনত গনেশগুৰিৰ গুমটি বোৰত বৰদান বিড়ি বিক্ৰী কৰিছিলো। মই বিড়ি খিনি দোকান বোৰত দি দিলেই দিনটোত ৮০ টকা পাওঁ। ঢোলৰ বাবেই এদিন লগ পালো পাকিজা বেগম বাইদেউক । বাইদেউৰ ভাৰা ঘৰতে থাকিবলৈ লওঁ। টকাৰ টাড়নাত মাটিৰ কাম কৰিবলৈও বাধ্য হওঁ। আনকি বেলতলাত দিনে ১২০ টকা হাজিৰাত পাইখানাৰ গাত খান্দিব লৈ লৈছিলো।কিন্তু মূল লক্ষ্য ৰ পৰা আতৰি অহা নাছিলোঁ । চাপৰ বোৰৰ সমসাজৰ প্ৰতিলিপি   তৈয়াৰ কৰি গৈছিলো। ২০১১ চনত  চি,চি,আৰ, টি,  ৰ ফৰ্ম ফিলাপ কৰো। বিষয় আছিল – “বিবাহ অনুষ্ঠানত অসমীয়া ওজা ঢোলৰ প্ৰাসংগিকতা ।” ২০১৩ চনত ২০০ জনৰ ভিতৰত মোৰ নামটো আহিল। জলপানি পাই আৰু অলপ সাহস বাঢ়িল। সমসাজৰ সপোন পুৰ কৰি ১০১ টা খৰা চেও সন্নিৱিষ্ট  “ঢোলত চাপৰ মাৰি ” শীৰ্ষক এখন কিতাপ লিখি উলিয়াওঁ। গুৱাহাটীৰ প্ৰেছ ক্লাৱত উন্মোচিত হয়। এতিয়াও লাগি আছোঁ কামত ।

ফেঁহুজালি : আপোনাৰ সংগ্ৰামৰ গাঠাই আমাকো শিহৰিত কৰি তুলিলে। দহজনৰ পাথেয় হওক আপোনাৰ জীৱন। কাৰ ওচৰত  আপুনি গুৰু মানিছিল ?

সীমান্ত তামুলী : মুখ্য গুৰু -তুলসী ওজা । গুৰু আছিল -গোপাল ওজা, হিতেশ্বৰ শইকীয়া। বৰ্তমান- ধনেশ্বৰ শইকীয়া।

ফেঁহুজালি : বিহু অসমীয়াৰ বাপতিসাহোন । সংস্কৃতিৰ এনাজৰী।বৰ্তমান এই জাতীয় উৎসৱটো শিল্পী সকলে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে যেন বোধ হয়।অসমীয়া জাতিটোৱে ৩ মাহলৈ নাচি থকা জাতি হিচাপে বিশ্ব দৰবাৰত চিহ্নিত হ’বলৈ গৈ আছে । এই ক্ষেত্ৰত আপোনাৰ ক’ব লগীয়া আছেনে ?

সীমান্ত তামুলী : তিনি মাহ জোৰাই উদযাপন কৰা বিহু সহ্য নহয়। অপ্ৰিয় হলেও সত্য, বিহু কমিটি সমুহে মঞ্চ বিহুত ঢুলীয়া সকলক উপযুক্ত সন্মান দিব নিবিচাৰে। মঘাই ওজাৰ দিনৰে পৰা আজিলৈকে   গায়ক আৰু ঢুলীয়া সকলক  একে চকুৰে চাবলৈ লোৱা নাই। এইটো এটা আক্ষেপ ,,,,,।

ফেঁহুজালি : নিশ্চয়, সকলোৱে ভাৱিবৰ হ’ল। অধ্যয়ন কৰা শিক্ষানুষ্ঠান সমুহৰ নাম?

সীমান্ত তামুলী : নগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰো। হাইস্কুল – চিলাপথাৰ ৰেচিডেঞ্চিয়েল হাইস্কুল । কলেজ – চিলাপথাৰ কলেজ।

ফেঁহুজালি : আদৰ্শ ব্যক্তি?

সীমান্ত তামুলী : মোৰ দেউতা।

ফেঁহুজালি : ৰাজনৈতিক ক্ষেত্ৰখনত ?

সীমান্ত তামুলী : নিৰপেক্ষ ।

ফেঁহুজালি : প্রিয় খাদ্য ?

সীমান্ত তামুলী : হাহঁ মাংসৰ গোটা ভাজি।

ফেঁহুজালি : এগৰাকী সফল ব্যক্তিৰ আৰঁত এগৰাকী নাৰী থাকে ; আপোনাৰ ক্ষেত্ৰত ,,,?

সীমান্ত তামুলী : মোৰ মা আৰু মোৰ পত্নী চিত্ৰলেখা চুতীয়া তামুলীৰ সাহস তথা অনুপ্ৰেৰণাই মোক আজিৰ  স্থানত বহুৱালে।

ফেঁহুজালি : ভৱিষ্যত পৰিকল্পনা ? সীমান্ত তামুলী : অসমৰ জনগোষ্ঠীসমূহৰ ঢোলৰ চাপৰ বোৰৰ মৌলিকতা উদ্ধাৰ কৰা।

ফেঁহুজালি : নতুন চামক কি ক’ব ?

সীমান্ত তামুলী : নতুনচামে লোকসংস্কৃতি আগুৱাই নিয়াৰ ক্ষেত্ৰত ভালদৰে , খোলা মনেৰে শ্ৰদ্ধা সহকাৰে শিকি, কিছু সময় দি বাদ্যটিৰ উন্নতিৰ ক্ষেত্ৰত নিজকে আগবঢ়াই দিয়ক । যাতে বিশ্ব সংগীত দৰবাৰত ঢোলটোৱে উচিৎ স্থান পায়।

ফেঁহুজালি : নিশ্চয় কৈ নতুন চাম আগবাঢ়ি যাব । অভিভাৱকলৈ কি ক’ব?

সীমান্ত তামুলী : মহান ঢোলবাদ্য শিকোৱাত  অভিভাৱকেই আগ ভাগ ল’ব লাগে।

ফেঁহুজালি : ধন্যবাদ সীমান্ত তামুলী । ইমান ব্যস্ততাৰ মাজতো সময়খিনি উলিয়াই জীৱনৰ কিছু কথা আমাকো ভগাই দিয়াৰ বাবে। এইবাৰো নিশ্চয় কৰ্মশালা আছে । আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো। সপোন বোৰ পূৰ্ণ হওক। আজিলৈ বিদায় মাগিছোঁ ।

সীমান্ত তামুলী : ভাল লাগিল । আপোনালোকৰ আশীৰ্বাদেই আমাৰ প্ৰেৰণা । ‘‘ ফেঁহুজালি ’’ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ।

(ফেহুঁজালিৰ হৈ দেৱজিত্ ভূঞা)

লঘু-গুৰু

 

জীৱন কলিতা
নাজিৰা
দূৰভাষ:: 9706486230

ৰন্ধা-বঢ়া কৰা বুলি ক’লেই তাৰ চিন্তাবোৰ দুঃচিন্তালৈ পৰিণত হয় ৷ সিহঁতৰ ঘৰখনত ছোৱালীৰ সংখ্যা বেছি আছিল বাবে সি এইভাগি কৰ্মত ব্ৰতী হবলগীয়া নহৈছিল ৷ গতিকে সেয়া তাৰ অভ্যাসতো পৰিণত নহ’ল ৷ গতিকে অভ্যাস নোহোৱাৰ বাবে কৰ্ণপথে শৰো নিক্ষেপ কৰিব নোৱাৰে ৷ অৱশ্যে অপাৰ্থকত পৰি কেতিয়াবা হ’লেও চিন্তাত কৈৰ গৰ্ভ শুকাই যায় ৷ অন্য একো কথা নাই , খোৱাৰ সময়ত খাওঁতাই নাক কোঁচোৱা, ভাতৰ পাতত নগৰৰ পকী অট্টালিকাৰ সন্মুখত জমা হোৱা পলিথিনৰ দৰে বিশৃংখলাকৈ অৱশিষ্টখিনি ৰৈ যোৱা দৃশ্যবোৰ দেখাৰ বেদনাই তেতিয়া তাক আহত কৰে ৷ সৰুৰে পৰা কৃষি-কৰ্মৰ লগত জড়িত হোৱাৰ বাবে ভকতসকলে কোৱা ‘অন্ন-ব্ৰক্ষ্ম’ৰ আলাই আথানি দেখিলে সি মনত বৰ দুখ পাই ৷ এই দুখ পোৱা, সুখ পোৱাবোৰৰ মাজেৰেই বিবাহৰ একৈশটা বছৰে ফাঁকি-ফুঁকাকৈ হ’লেও সি সংসাৰৰ টুলুঙা নাওঁখন সি চলাই আছে ৷ সেইফালৰপৰা নিজকে তাৰ কেতিয়াবা সুদক্ষ নাৱৰীয়া যেন লাগে ৷ মনত ভাৱ হয় পাৰিছোযে ৷
বিবাহৰ সুদীৰ্ঘ একৈশ বছৰৰ মূৰত তাৰ পৰিবাৰ চৰকাৰী.এটা এমহীয়া কাৰ্যসূচীত ভাগ ল’বলৈ ঘৰল পৰা বাহিৰত আছিল | ‘ৰাজধানী এক্সপ্ৰেছ’ ৰেলেৰে যাত্ৰাৰম্ভ কৰাৰ পাছত সি ছোৱালীজনী পেহীয়েকৰ ঘৰত থৈ সি আৰু তাৰ পুতেক কৰ্মথলীলে ৰওনা হৈছিল | তেতিয়া দুঃচিন্তা বা ভয় থাকিলেও ল’ৰাক ৰান্ধি খুৱাবলগীয়াটো বাধ্যতামূলক হৈছিল | ভাতকেইটা প্ৰেছাৰ কুকাৰত দি হোটেলৰ পৰা ‘বাটাৰ চিকেন মছলা’ , ‘এগকাৰী ‘ , ‘ফিছকাৰী’ আদি খাদ্যসম্ভাৰ যোগান ধৰি সি বেছ দক্ষতাৰে এসপ্তাহ পাৰ কৰিলে | পুতেকৰ মুখত সন্তুষ্টি দেখি গৰ্বত তাৰ বুকু ফুলি উঠিছিল | স্থানীয় ‘কেফাই চ’পি’ , ‘হট এণ্ড স্পাইচি ‘, ‘জ্যোতি ৰিলেক্স ধাবা ‘ , ‘বৰুৱাজ ইন ‘ আদিক এই ক্ষেত্ৰত সি মনে মনে আন্তৰিক ধন্যবাদ জনাইছিল |
তাৰ মাজেৰে এটা শনিবাৰে সি মাকৰ লগত এৰাতি কটাবলৈ বুলি জন্মভূমি পালেগৈ ৷ কৰ্মথলীলৈ যোৱাৰ পাছত এইদৰে মাকৰ লগত থাকিবলৈ অহাটো অনিবাৰ্য কাৰণবশতঃ হৈ উঠা নাছিল ৷ যি কি নহওক মনে কোৱাৰ লগে লগে আহি সি পৰম সন্তুষ্টি লাভ কৰিলে ৷ ৰাতি কৰতি মাছৰ ভাজি , বেঙেনা-আলু পিটিকাৰে ভাতমুঠি খাই তাৰ ল’ৰালিটো হাততে পোৱা যেন লাগিল ৷ ল’ৰালি সজীৱ কৰি তোলা মাকৰ মুখৰ পৰা নিৰ্গত হোৱা অনৰ্গল কবিতাৰ ফাল্গুধাৰাই তাক অবাক বিস্ময়ত অৱগাহন কৰোৱাইছিল ৷ সাধু কবিতাৰে মুখৰিত হোৱা নিশাটো উপভোগ্য হৈ উঠাৰ সময়তে সিফালৰ পৰা মোবাইল ফোনৰ কৰ্কশ শব্দই তাক বাস্তৱলৈ ঘূৰাই আনিছিল ৷ তাৰ পৰিবাৰৰ ফোন ৷
ঃ “ভাত খালা নাই ? থাকিবানে খাই যাবাগৈ ? কালিলৈ ভন্টিহঁত আহিব অকণমানিজনীক লৈ ৷ সেয়ে কাম কৰা ছোৱালীদুজনীক আহিবলৈ কৈছো ৷ যদি ৰাতি তাত থাকাও, তেন্তে ৰাতিপুৱাই যাবাগৈ ৷ ”
বিৰক্তিত যাৰ ভ্ৰু কোঁচ খাই গ’ল ৷ আগ পিছ চিন্তা নকৰি সিয়ো কৈ দিলে –
ঃ ” থোৱাহে, ইমান নীতি-নিৰ্দেশনাৰ পিছে পিছে মই ঘূৰিব নোৱাৰো ৷ জীৱনটো ইমান অংক কৰি কৰি মিলাব নোৱাৰো ৷ ”
সি ক’বলৈহে পালে ৷ সিফালৰ পৰা যেন গৰম কেৰাহীত আখৈ ফুটাৰ শব্দহে নিৰ্গত হ’ল ৷
ঃ ” অ’, মই আহিবলৈহে পালোঁ, ঘৰৰ ল’ৰা একদম ঘৰ পালেগৈ ৷ তুমি ঘৰলৈ যোৱাৰ কথা মই জানিব নালাগে নেকি ? খুব ফূৰ্তি কৰি সময় কটাইছা ৷ ময়ো এনেই থকা ভকতনী নহয় , জীৱনটোত অংক কৰি কৰি ভাগৰি এতিয়া ইয়াত খুব মস্তি কৰিছো ৷ ……
সি তৎ ধৰিবই নোৱাৰিলে ৷
ঃ” হেল্ল হেল্ল…” নাই, সিফালৰ পৰা ফোনৰ চুইচ অফ হৈ গ’ল ৷
(আগলৈ)

উৰণীয়া মন

 

✍ মোহন পাচনি,

গহপুৰ ।

“ঢোলৰ গুম্-গুমনি মাকোৰ খিট্-খিটনি
নুশুনাকৈয়ে বহুকাল গ’ল,
বিধাতাই কপালত কিনো লিখিলে ঐ লাহৰি
বিহুৱান এখনো দিওঁতা নহ’ল ।”

গুণ-গুণাই আছিলোঁ যদিও শেষৰ সুৰকণ মুখৰপৰা ডাঙৰকৈয়ে ওলাল । সেই সময়তে শ্ৰীমতী আহক হাতত চাহকাপ লৈ । “য’তেই বাঘৰ ভয় তাতেই ৰাতি হয় ।” সেইয়াই হ’ল । যোৱা দিন-দিয়েকৰ অসহিষ্ণু শ্ৰীমতীৰ অসহিষ্ণুতা অধিক বাঢ়িল । আগ্নেয়গিৰিৰ উদ্গীৰণৰ সময়ত অসহায় দৰ্শক যেন মই !

“ঠিকেই সন্দেহ কৰি থাকোঁ । দুটাকৈ মত্-গজ্ ডেকা ল’ৰাৰ বাপেকী হ’লা যদিও চেঙেলীয়া মনটো এতিয়াও নাতৰিলে । দেহ-মনৰ পিৰ্-পিৰণি এতিয়াও মাৰ যোৱা নাই যদি যোৱা গাঁৱলৈ । এজনী চপাই লোৱা । দেহৰ পোৰণিও মৰিব আৰু যিমান পাৰে বিহুৱানো বৈ দিব পাৰিব ।”

মৌন হৈ থকাই শ্ৰেয় বুলি ভাবিলোঁ । চাহকাপ থেকেচা মাৰি ভিতৰ সোমাল ।
বিত্তীয় বৰ্ষৰ শেষৰ মাহটোত অফিচৰ কামৰ হেঁচা বাৰুকৈয়ে বাঢ়ে । বাঢ়ে অভাৱনীয় বাহিৰা আৰ্জন আৰু ঠিকাদাৰবোৰে আগবঢ়োৱা লোভনীয় পাৰ্টিৰ আয়োজন । কামৰ পিছত নিশাৰ পাৰ্টিৰ জুতি লৈ ঘৰ সোমাওতে বহু ৰাতি হয় । খোজবোৰ সঠিককৈ নপৰে আৰু কথাৰো লাগ্-বান্ধ্ নাথাকে । শ্ৰীমতীৰ অসহিষ্ণুতাৰ কাৰণো সেয়াই । তেওঁৰ লগত লাগি মই ৰণ জিকিব নোৱাৰোঁ । ই ধুৰূপ । সন্ধিৰ উপায় চিন্তিলোঁ । পালোঁ । কামত সহায় কৰাৰ চলেৰে তেওঁৰ কাষলৈ গৈ আলুৰ বাকলি গুছোৱাত লাগিলোঁ । তেওঁক শুনাই গুণ-গুণালোঁ …..

 

“কথাৰো নুবুজা পাক ঐ লাহৰি
ৰাতিও নেভাবা শুই,
তামোলো নহওঁ মই ফালি যেন দেখুৱাম
অন্তৰৰ কি কুৰা জুই ।
মেঘ নাতৰিল । উচাট্ মাৰি শ্ৰীমতীহে আঁতৰিল । কাষ চাপি গৈ লাহে লাহে ক’লো, “কিয়নো এনেকুৱা কৰা ? জানাইচোন মাৰ্চ মাহত কামৰ বোজা কিমান বাঢ়ে । ওপৰরালা আৰু পাৰ্টি সকলোকে সন্তুষ্ট কৰিব লাগে । সেইকাৰণেইতো ইমানখিনি কৰিব পাৰিছোঁ । দৰমহাৰ পইচাকেইটাত হাত নিদিয়াকৈ এইবাৰ তোমাৰ বাবেই নতুন বিলাসী গাড়ীখন ল’ব পাৰিছোঁ । তুমি পছন্দ কৰি অহা শেহতীয়া মডেলৰ হীৰাৰ হাৰডালো আজিয়েই আনিম বুলি ভাবিছোঁ । মুখখন যদি এনেকুৱা গোমোঠা কৰি ৰাখা হাৰডালে জানো ডিঙিত শুৱাব ? ভাবিছোঁ আৰু কেইখনমান বিল পাছ কৰাব পাৰোনেকি । তেতিয়া মই যাব নোৱাৰিলেও ল’ৰাহালৰ সৈতে তুমি বিহুৰ বন্ধতে চিমলাৰপৰা ফুৰি আহিব পাৰিবা ।”

গালত উমাল পৰশ এটিৰ উমান পালোঁ । বুজিলোঁ, ডাৱৰ আৰু নাই ।  সুহুৰিয়াই সুহুৰিয়াই গেৰেজৰপৰা নতুন গাড়ীখন উলিয়ালোঁ । নিৰ্দিষ্ট জুৱেলাৰীখনৰ দিশে ষ্টিয়েৰিং ঘূৰালোঁ । দামী ৰত্নখচিত আঙঠি পিন্ধা আঙুলিকেইটাই ষ্টিয়েৰিঙত বেসুৰীয়া হ’লেও যেন এক সমলয় তুলিলে । মনেও ডেউকা মেলি অতীতলৈ উৰা মাৰিলে ।
“কিনো কাপোৰখনি ফুলে জকেমকি
উৰি যায় বতাহৰ লগত,
নেখাই চাৰি সাজি থাকিব পাৰোঁ মই
ব’হাগৰ বিহুৰে লগত ।”

চাকৰিত যোগ দিয়াৰ পাছৰেপৰা গাঁৱৰ লগত যোগাযোগ সেৰেঙা হৈছিল । চাকৰি, সংসাৰৰ ব্যস্ততা আৰু নগৰীয়া বতাহে গাঁৱৰ সহজ-সৰল, পাহুৱাল বিহুৱা ডেকাটোক সলনি কৰি পেলাইছিল । ছাঁৰ দৰে আজীৱন থকাৰ প্ৰতিশ্ৰুতি দিয়া এসময়ৰ শয়নে-সপোনে লগ নেৰা সেউতীৰ প্ৰতিচ্ছবিও মনৰপৰা লাহে লাহে আঁতৰি গৈছিল । সেই ঠাই অধিকাৰ কৰিলেহি শ্ৰীমতীয়ে । আমাৰ সংসাৰখনৰ তেওঁ যেন একছত্ৰী সাম্ৰাজ্ঞীহে । গাঁৱৰ লগত সঘনাই যাতায়ত কৰিব নোৱাৰাৰ আন এটা কাৰণ শ্ৰীমতীৰ ৰঙা চকুলৈ মোৰ অহেতুক ভয় । হ’লেও গাঁৱৰ চেগা-চোৰোকাকৈ গাঁৱৰ খবৰবোৰ মই পাই থাকোঁ ।
ভাবিছোঁ এইবাৰ বিহুৰ বন্ধতে ল’ৰাদুটাৰ লগত শ্ৰীমতীক চিমলালৈ পঠিয়াই মই গাঁৱৰ ঘৰলৈ যাম । বেমাৰী গিৰিয়েকটো ঢুকুৱাৰ পিছত সেউতীয়ে একমাত্র জীয়েকজনীক বহু কষ্টৰে তুলি-তালি পঢ়ুৱাইছে । শুনিছোঁ এই ব’হাগতে জীয়েকৰ বিয়া । এইবাৰ যিকোনো উপায়েৰে আনে নজনাকৈ সেউতীক লগ কৰিম । তাইৰ লগত মুখামুখি হ’বলৈ মোৰ সাহস হ’বনে নাই নাজানোঁ । টকা-সিকা অলপমানেৰে তাইক সহায় কৰাৰ হাবিয়াস এটা বহুদিনৰ আগৰ পৰাই আছিল । তাইৰ সন্মুখীন হ’বলৈ সাহসহে গোটাবপৰা নাছিলোঁ মই । জীয়েকৰ বিয়া বুলি সোণৰ আঙঠি এটাৰ সৈতে টকা কেইহাজাৰমানেৰে সহায় কৰি আহিম । জানো, তাই সহজে গ্ৰহণ নকৰিব । বৰ আত্মাভিমানী তাই । হ’লেও জীয়েকৰ হাততেই গুজি আহিম । মোমায়েকে দিয়া উপহাৰ বুলি গ্ৰহণ নকৰিবনে ?
সততে অপৰাধবোধ ভাৱ এটাই গধুৰ কৰি ৰখা মনটো সম্ভাৱ্য আশাৰ ৰেঙনি অকণ দেখি পাতল যেন লাগিল । মনটো উৰি গ’ল গাঁৱৰ বিহুতলীলৈ…
“দূৰৈত শুনিলোঁ সুৰতে বুজিলোঁ
মোৰ সোণে গগনা বায়,
কিনো অমাতৰ মাতে মোৰ লাহৰি ঐ
বুকেদি সৰকি যায় ।

সম্পাদকীয়

।।ব’হাগত জাতিয়ে স্নান কৰক ।।
‘‘ চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলি ঐ লতা
কৈনো থাকোঁ মানে ওৰকে নপৰে
ঐ ব’হাগৰ বিহুৰে কথা।’’
চ’ত সোমাওঁ নৌ সোমাওঁতেই উজনি ভাটি হয় প্রতিজন অসমীয়াৰে চিত । পৰ্বত পাহাৰৰ কন্দৰে , ভৈয়ামে ওখ ওখ গছৰ ডালত পৰি কুলি, কেতেকীয়ে বিনাই ।গছে বনে কুঁহিপাতে সলায় । দেহে মনে ওখল মাখল লগাই বসন্তৰ বতৰা দি আহে ব’হাগৰ বিহুটি । কৃষিভিত্তিক অসমীয়া সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকাৰে সংপৃক্ত এই বিহু । চ’তৰ আগমনৰ লগে লগে ন’ সাজে সজ্জিতা হয় অসমৰ প্রকৃতি । বাটে পোৱালি মেলে । মহৰ শিঙে লহৰ তোলে । মৰা গৰুৰ ছালেও মাতে । ইজাকৰ পিছত সিজাককৈ বৰষুণ :সৰুদৈচিলা , বৰদৈচিলাৰ ৰূপত অহা ধুমুহাই ঢাহি মুহি নিয়া বন বননিত মন-জুৰণীয়া ৰূপৰ বিচিত্র পোহাৰ মেলি নৱ যেন ৰূপত উজ্বলাই তোলে অসমভূমি ।খালে -দোঙে ,নদী নিজৰাই বাঢ়ি অহা ন’ পানীত উঠে মাছৰ উজান । বাৰীৰ ঢাপত ফুলে ভেবেলী -লতা , মাখিয়তি ।এজাৰ , আঁহতৰ খোৰোঙত হালি জালি ফুলে কপৌফুল, ভাটৌফুল । আগবাৰী শুৱনিকৈ ফুলে তগৰ । পদূলিৰ মুখত আমোলমোলাই নাহৰে পাতে সুবাসৰ মেলা । নঙলামুখৰ পৰা দীঘলকৈ পদূলি, চোতাল , ঘৰৰ পিৰালি, চৰাঘৰ,মাৰলঘৰ চিকুনকৈ নিৰাই , বাৰীয়ে ঢাপে জেওৰা জপনা দি, ঘৰ বাৰী চালে চকুৰোৱা কৰি বিহুটিক আদৰিবলৈ সাজু হয় অসমীয়া ।বেলি নপৰালৈ তাঁতৰ শালত মাকোৰ খিট্ খিটনি, দোক্ মোকালিৰে পৰা ঢেকীশালত ঢেকীৰ গুমগুমনি, দোভাগ ৰাতিলৈ আখলত জীয়াৰী বোৱাৰীৰ ব্যস্ততা। ভাগে ভাগে জা জলপান, পিঠা পনা যতনোৱাৰ ‘মোক খা ,মোক খা ’ গোন্ধ , পথাৰৰ বাকৰিৰ পৰা ভাঁহি অহা ঢোলৰ চাপৰে , পেঁপাৰ লহৰে ৰাই জাই কৰে প্রতিজন অসমীয়াৰ গা মন ।বাৰীৰ হালধী ,মাহতলীৰ পৰা নতুনকৈ চপোৱা মাটিমাহৰ বতাৰে গৰুৰ গা ধোৱাই , নিজেও স্নান কৰি বছৰটোলৈ দেহৰ মনৰ এলান্ধু আঁতৰাই নিকা হয় জাতি।চ’ত আৰু ব’হাগৰ সংক্রান্তিৰ দিনাৰ পৰা ব’হাগৰ সাদিন যোৱালৈ অসমীয়াই বিহু পালে । সাদিনৰ দিনা বিহু উৰোৱাই ।এয়ে আছিল এসময়ৰ অসমৰ মাটিৰ সৈতে সংপৃক্ত লোকাচাৰ , অসমীয়া সমাজৰ সুস্থ পৰম্পৰা । উত্তৰ- পূব মৌচুমী বায়ুৰ প্রভাৱত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ব’হাগৰ পৰা আহাৰ শাওনলৈ এইচোৱা সময় -বৰষুণৰ বতৰ। অসমৰ কৃষিকাৰ্য যিহেতু প্রকৃতি নিৰ্ভৰ, সেয়ে খেতি খোলাত লগাৰ আগতে ৰং ৰহইছ কৰি ব’হাগৰ সাদিনলৈ বিহু পালি গা মন টঙাই খেতিৰ বাবে কঁকালত টটঙালি বান্ধে কৃষকে । পথাৰত হাল জোৰাৰ পূৰ্বে পথাৰৰ মাজৰ ওখ ঠাই বা বাকৰিত বিহুমৰাৰ পৰম্পৰা আছিল কৃষিভূমিৰ উৰ্বৰতা বঢ়োৱাৰ কামনাৰে পালন কৰা এক লোকাচাৰ । এসময়ত পাটগাভৰু ছোৱালীয়েহে দিনে পোহৰে পথাৰৰ ঢাপত জেং বিহু মাৰিছিল। পিছলৈ অৱশ্যে সমাজৰ বান্ধোন কিঞ্চিত শিথিল হৈ অহাত গাভৰু সকলেও দুই এগৰাকী বয়সিয়াল মহিলাৰ তত্বাৱধানত পিছবেলা বেলি পৰাৰ আগলৈকে ঘৰৰ বাহিৰৰ নৈৰ গৰা বা গছ গছনিৰে আবৰা আওহতীয়া ঠাইত বিহু মাৰি ৰং ৰহইছ কৰিছিল। কিন্তু পিছলৈ ৰাতি বিহুৰ পৰম্পৰাই ঠায়ে ঠায়ে গা কৰি উঠে আৰু ডেকা গাভৰু উভয়ৰে গাইগুটীয়া দলে এক নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত ওচৰা ওচৰিকৈ বিহুমৰাৰ প্রথা প্রচলন হয় ।আজিৰ দৰে মুকলিকৈ মহিলাই বিহু নচাৰ পৰম্পৰা সেই দিনত নাছিল।
বৰঞ্চ ঘৰুৱা বন বাৰীৰ জেঙা মাৰি : বা- বোৱাৰী, জা – জোৱালী সমন্বিতে লগ হৈ কোনো এঘৰ চুবুৰীয়াৰ পিছ চোতাল বা আবুৰ ঠাইতহে বৰজনা, শহুৰ আদিসকলৰ অনুপস্থিতিত বিহু গাই ,দুই এপাক নাচি তেওঁলোকে মনৰ হাউচ পুৰাইছিল।দুই এগৰাকী কঁকাল পৰা ৰাংঢলী বুঢ়ী আইতাইও আহি এপাক কঁকাল ঘূৰাই নাচিছিলহি ।ব’হাগৰ প্রথম দিনৰ পৰাই গৃহস্থৰ চোতালত ৰাইজে হুচৰি যোৰিবৰ নিয়ম। গৃহস্থয়ো গলে বস্ত্র ধৰি শৰণাগত হৈ গুৱা পান আৰু সাধ্যানুসৰি মাননি আগবঢ়াই ৰাইজৰ ওচৰত সেৱা লয় ।ৰাইজেও বছৰটোলৈ শস্যে মৎস্যে উভৈনদী হৈ : মাৰি মৰক, অপায় অমংগলৰ পৰা পৰিত্রানাৰ্থে গৃহস্থৰ কুশল চিন্তি আশীৰ্বাদ জনাই । তাহানিৰ হুঁচৰিত নাচনীৰ স্থান নাছিল বৰঞ্চ ঘোষা পদৰ পিছতে বিহু ঢোলৰ চাপৰত ডেকা বিহুৱাৰ পুৰুষসুলভ নাচে হুঁচৰীৰ গাম্ভীৰ্য বঢ়াইছিল। ধনী দুখীয়া , জাত- পাত , উচ্চ- নীচৰ ভেদাভেদ নৰখা অসমীয়া সমাজত কাকো হেয় জ্ঞান নকৰি বছৰেকৰ বিহুদিনা প্রতিঘৰ গৃহস্বৰ পদূলি গছকি চোতালত ৰাইজৰ পদধূলি পৰিবৰ এই নিয়ম পূৰ্বাপৰ প্রচলিত ৰীতি ।যাৰবাবে সমাজৰে এজন বুলি নিঃকিন চহা গৃহস্থইও বুকুত বল পায় ।
এসময়ত ৰঙালী বিহু মানেই আছিল অসমীয়াৰ উলাহ আনন্দৰ স্বতঃস্ফূৰ্ত প্রকাশ । পিছে আজিৰ পৰা কেইদশকমান পূৰ্বেহে মঞ্চত প্রবেশ কৰা ৰঙালী বিহুৱে আশ্চৰ্য্যকৰভাবে তড়িৎ গতিত সলাইছে স্বৰূপ। সলনি হৈছে অসমীয়া সমাজ জীৱনৰ সেই চিনাকি ছবিখন। যি বিহুৱে জাতি, ধৰ্ম ,বৰ্ণ নিৰ্বিশেষে সম্প্রীতিৰ বাৰে ৰহণীয়া এনাজৰীৰে পৰ্বত ভৈয়াম একাকাৰ কৰি অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধিছিল সেই বিহুৱে আজি স্বকীয়তা হেৰুৱাইছে । আগ গুৰি কাটি আমি সোঁতত উটা অসমীয়াই হেঁপাহৰ ৰঙালী বিহুটিকো পৰ্যবসিত কৰিছোঁ নিতান্তই এক ছিন্নমূল বৰ্জিত কেৱল ৰং ৰহইছ প্রধান উৎসৱলৈ । কৃত্রিমতা সৰ্বস্ব উপাদানৰ পয়োভৰেৰে , দুমাহৰো অধিক সময় জোৰাকৈ পালিত ‘ৰঙালী বিহু’ আজি নিতান্তই বজাৰসৰ্বস্ব এক ব্যয়বহুল উদযাপনহে ,য’ত নাই কোনো কেঁচা মাটিৰ গোন্ধ তথা অসমীয়াৰ প্রাণৰ স্পন্দন।
ক্রমাৎ সলনি হৈছে বিহু পালনৰ সামগ্রিক ৰেহ ৰূপ ।এসময়ৰ অসমীয়া নাৰীয়ে ঘৰতে পোহা মুগাৰে সূতা কাটি নিজৰ লগতে পৰিয়াল পৰিজনৰ বাবে প্রয়োজনীয় সাজ পাৰ ঘৰতে বৈ লৈছিল । বিহুলৈ দিনচেৰেক বাকী থাকোতেই বৈ উলিয়াইছিল প্রিয়জনৰ বাবে চেনেহৰ বিহুৱান । সেই ছবি আজি যেন সুদূৰ পৰাহত ।অৱশ্যে ছেগা চুৰুকাকৈ ঠাই বিশেষে আজিও বৰ্তি আছে এই ঐতিহ্য । ‘ সংস্কৃতি বোঁৱতী সুঁতি’ ।এই প্রৱাহক বাধ্য দিবৰ সাধ্য নাই । যুগৰ সৈতে তাল মিলাই সম্ভাৱ্য পৰিবৰ্তনক আকোঁৱালি লৈ আগবঢ়াই শ্রেয় ।পিছে তাকে কৰিবলৈ যাওঁতে ভৰিৰ তলৰ খোঁপনি যাতে নেহেৰায়, তালৈ লক্ষ্য ৰখা বাঞ্চনীয়। গছতলৰ বিহুতলীৰ পৰা দেউতা ঈশ্বৰৰ চোতাললৈ যেতিয়া প্রথমবাৰৰ বাবে বিহুৰ আগমন হৈছিল, মূলত তেতিয়াই সূচনা হৈছিল বিহুৰ বিবৰ্তনৰ প্রথমটো পৰ্ব । ৰাজ অনুগ্রহ লাভ কৰা বিহুৱে তেতিয়াৰ দিনতে আয়ত্ব কৰিছিল গণ-জীৱনৰ পৰা ক্রম বিচ্ছিন্ন হৈ পৰিশীলিত ৰূপ পৰি গ্রহণৰ অৱশ্যম্ভাৱী চৰিত্র ।
পৃথিৱীৰ প্রতিটো জাতিৰে নিজস্ব বৈশিষ্ট্য তথা সুকীয়া পৰিচয় আছে । পৃথক জাতীয় পৰিচয় বহন কৰা উপাদানসমূহ হৈছে — ব্যৱহাৰিক জীৱন ধাৰণ প্রণালী , আদৱ কায়দা, পৰম্পৰা লোকাচাৰ , ৰীতি নীতি , খাদ্যাভাস , পোচাক -পৰিচ্ছদ , ভাষা , আচাৰ আচৰণ নৃত্য গীত মাত আদিৰ জৰিয়তে আমি বিভিন্ন জাতিৰ নিজস্ব ঐতিহ্যৰ বিষয়ে সম্যক ধাৰণা পাব পাৰোঁ । উজনিৰ পৰা নামনিলৈ অতীজৰে পৰা ৰঙালী বিহুৱে অসমীয়া জাতিৰ এই সকলো বৈশিষ্ট্য বহন কৰা জাতীয় উৎসৱ হিচাপে পৰিগণিত হৈ আহিছে । অসমৰ মাটি বায়ু পানীৰে পৰিপুষ্ট শত সহস্রজন হোজা নিৰক্ষৰ চহা কবিয়ে স্বভাৱসুলভ ভাবে ৰচা বিহুনাম ,যোঁজনাৰে , নামী অনামী অনেকজন বিহুৱা বিহুৱতীয়ে ৰাখি যোৱা ঢোল পেঁপা গননা সুতুলিৰ সুৰীয়া মাতেৰে , নাচৰ লয়লাসেৰে আমাৰ বিহু চহকী । সাম্প্রতিক দ্রুতগতিত আহি পৰা অনাৱশ্যকীয় জাকজমক , বিভিন্ন ব্যৱসায়িক গোষ্ঠীয়ে ব্যক্তিগত মুনাফা লাভৰ উদ্দেশ্য আগবঢ়োৱা স্প’নচৰচিপ্ ৰ আগ্রাসনৰ পৰা অনতিপলমে মুক্ত হওক আমাৰ চিৰ চেনেহৰ বাপতি সাহোন ৰঙালী বিহুটি ।জয়কান্ত গন্ধীয়া , নিতুল চাংমাই আদি বিহুৰ বিষয়ে বিজ্ঞ সকলে সকলে সময়ে সময়ে উনুকিয়াই অহা মঞ্চ বিহু পৰিবেশনৰ কেৰুণসমূহ আঁতৰাই শুদ্ধৰূপত বিহুৰ সাজ পাৰকে আদি কৰি ঢোল পেঁপাৰ বোলনি, নাচৰ ছেও, দেহভংগী আদি আয়ত্ব কৰি মঞ্চত বিশুদ্ধৰূপত বিহুৰ প্রদৰ্শনৰ বাবে দায়বদ্ধতাৰে সাজু হওক বিহু পৰিবেশনৰ সৈতে জড়িত প্রতিজন বিহুৱা শিল্পী। যুগৰ পৰিবৰ্তনৰ দোহাই দি অনাৱশ্যকভাবে পৰমুখাপেক্ষী হৈ পৰা আমি অসমীয়াই সময় থাকোতেই নিজৰ থলুৱা ঐতিহ্য পৰম্পৰা ৰক্ষাৰ প্রতি সচেতন হওঁ আহক । তেতিয়াহে আমাৰ বাপতিসাহোন বিহুটি হৈ ৰ’ব আমাৰ জাতীয় পৰিচয়ৰ প্রকৃত ধাৰক বাহক । আমাৰ আজিৰ ভেটিত প্রতিষ্ঠা কৰা ভৱিষ্যতৰ সৌধৰ বুনিয়দ যেন সুদৃঢ় হয়, অন্যথা কালিলৈবোৰ আজিতকৈও অধিক অন্ধকাৰাচ্ছন্ন হোৱাৰে সম্ভাৱনা প্রৱল ।এই ব’হাগতে আমি পন লওঁ আহক । অসমৰ আকাশৰ কলীয়া ডাৱৰ আঁতৰাই ন’ ৰূপেৰে উদ্ভাসিত কৰা হওক অসমীয়াৰ মান ।এই প্রত্যাশাৰে জাতিয়েও কৰক স্নান ।

-: লিমাৰিক: –

 
-গোলোক চন্দ্ৰ দত্ত
(১)
মন্ত্ৰীয়ে মদ খাই মাতলামি কৰে।
পুলিচৰ কি সাধ্য মন্ত্ৰীক ধৰে?
ঘটিৰাম- বাতিৰামে,
এগিলাচ মদ খালে,
লাঠিধাৰী পুলিচৰ মাৰ খাই মৰে।

(২)

অফিচাৰে ক’লে বোলে হ’ব হ’ব –
যোৱা।
তোমাৰ ইন্টাৰভিউ হৈ গ’ল লোৱা।
ত্ৰিশ হাজাৰ টকা লৈ,
ক’লে খন্তেক ৰৈ,
পোষ্টিং ক’ত কৰিম -সোনকালে
কোৱা।
(প্ৰান্তিক)
(৩)
ৰামৰ দিনত ভাৰতবৰ্ষত ৰাৱণ
আছিল এটা।
কুৰি শতিকাৰ ভাৰতবৰ্ষত ৰাৱণ
ওলাল এশটা।
উৰাবলৈ শান্তিৰ ধ্বজা,
ভাৰতত আজি -ৰামৰ প্ৰজা
বান্দৰ বোৰৰ মাজত অলপো নাই
দেখোন একতা ।
(৪)
গোলক ওৰফে মই গোলোক চন্দ্ৰ
দত্ত ।
লিমাৰিক লেখাত মই- মানুহজন
মত্ত ।
লিমাৰিক কাক কয়- –
ই গদ্য নে পদ্য হয়–
যদিও নাজানো তাৰ একোডাল
তত্ব ।

—::–::::::–::–

মিতভাষ

 

অনিতা গগৈ
নামৰূপ

(১)
পিয়ান’ৰ ৰিড্ বোৰে উঠা নমা কৰিছে
পিয়ান’ৰ ৰিড্ বোৰে উঠা নমা কৰিছে । বন্ধ হৈ থকা
প্রকাণ্ড দেৱাল ঘড়ীৰ কাটাকেইডালো দেখোন
আচম্বিতে সচল হৈ উঠিছে। কঁপি উঠিছে পৰ্দাবোৰ
— খিৰিকীৰ পাল্লাবোৰ এবাৰ সঁজোৰে বন্ধ হৈ
পুনৰ মেল খাইছে । সকলোৱে হয়তো ভাবিছে
অলপতে পাখিত জুই লগাই উৰি যোৱা দেৱদূতজন
পুনৰ উভতি আহিব … তেওঁ আহিলেই ফুলি উঠিব
সপোনবোৰ। …. বাট চাই চাই ৰৈ আছে নিশ্চল
ছায়ামূৰ্তিবোৰ — তেওঁলোকৰ দুচকুৰ মণিত উমি উমি
ধোঁৱাই আছে এখন সাগৰ । এই সকলো ফ্রেমত
বান্ধি ক্রমাৎ ধূসৰ হৈ পৰিছে মেঘে ঢকা আকাশখন —-
আৰু মই ? সেই ফ্রেমতে যেন আবদ্ধ হৈ
আছোঁ এটা গজালত হৃদয় আঁৰি… ৰক্তাক্ত এই ছবিৰ
বুকুত !

(2)
মঞ্চত উৎকণ্ঠাঘণ নাট্যদৰ্শনী
.
মঞ্চত উৎকণ্ঠাঘণ নাট্যদৰ্শনী __ মোহাবিষ্ট
দৰ্শকৰ শাৰীত বহি উপভোগ কৰিছোঁ প্রাণৱন্ত
অভিনয়। প্রতিটো চৰিত্রৰ সুখত অধীৰ হৈছোঁ
…দুখত কাতৰ । …ধীৰে ধীৰে ময়ো সেই
আৱহৰ অবিচ্ছেদ্য অংশ হৈ পৰিছোঁ । মোৰ
নিৰ্দেশনাতেই যেন পৰিচালিত হৈছে প্রতিটো
নাট্যমুহূৰ্তৰ সফল ৰূপায়ন —- প্রতিটো চৰিত্রৰ
সুবিন্যস্ত অংগ সঞ্চালন …. সংলাপ প্রক্ষেপন — ছাঁ –
পোহৰৰ নিয়ন্ত্রন এনেকি পট্ পৰিবৰ্তন । … আৰু
অন্তিম দৃশ্যত স্বৈৰাচাৰী নায়কৰ বিৰূদ্ধে বিদ্রোহ
ঘোষণা কৰি বুকু খাঁজি বহুৱাই দিছোঁ শানিত খঞ্জৰ । …
কিন্তু এয়া যে উদং প্রেক্ষাগৃহ —- অন্ধকাৰত
অকলশৰে পৰি আছোঁ নিজৰেই ৰক্তাক্ত শৱদেহ
সাৱতি ! কাৰবাবে এই অভিনয় ? নাজানো ….

জাল-গোঁঠা

 

মূল কবিঃ কোয়েছি ব্ৰু
অসমীয়া অনুবাদঃ আমিনুৰ ৰহমান
আমি এতিয়া আলিদোমোজাত, আমাৰ
এতিয়া এৰা-এৰি হ’ব, নাইবা দুয়ো আকৌ
একেবাটে খোজ ল’ম ।
নিৰ্বাচনৰ এই সন্ধিক্ষণত
মোৰ দ্বিধাৰ ঘোৰ এন্ধাৰ কোঠাত
তুমি জ্বলাই দিলা ভালপোৱাৰ এগছ বন্তি

আৰু তোমাৰ মুখমণ্ডলত মই
বিচাৰি পালো মোৰ নিজৰ বাট ।


কবিতা লিখা ছোৱালীজনী

✍ জগদিশ বৰুৱা
প্ৰৱক্তা, ভূৰাগাঁও মহাবিদ্যালয়
অসমীয়া বিভাগ

কবিতা লিখে তাই
নাৰী সত্বাৰ কবিতা
জীৱন যুঁজৰ কবিতা ।
শব্দৰ মায়াজালে আঁকে তাই
বাস্তৱ কঠিনতাক শব্দৰে কোমল
কৰিব জানে তাই ।
তাইক ভুমুকিয়াই চালে…….
দেখি…….
নীৰ নিগিৰা তাইৰ বাস্তৱ
কঠিনতাৰ ছবি ।
কান্দিব নোখোজে তাই….।
হাঁহিৰ সফুঁৰাত সজীৱতা
ঢালি দিব জানে তাই ।
এখোজি দুখোজি কৈ
সপোন ৰথত উঠি
উজ্জ্বলতাক বিচাৰি চাই তাই ।
ব্ৰজ কঠিনতাক ভালপোৱা
তাই……..
বৰফ হব ও জানে ।
কাজল অকা চকুৰে
খিল খিল হাঁহিৰে
এজাক জোনাকী হৈ
এন্ধাৰবোৰক আঁতৰাব জানে তাই ।
মোৰো ভালে লাগে তাইক
কাৰণ……
তাই যে কবিতা লিখা ছোৱালীজনী ।