ধৰ্মৰ ইতিহাস

আৰহান ইনামুল, গৰুমৰা, যোৰহাট ৷

(আগৰ সংখ্যাৰ পিছৰে পৰা..)
সমাজ বিজ্ঞান বিষয়ক কেইটামান গুৰুত্বপূৰ্ণ মতবাদ তলত আগবঢ়োৱা হ’ল :-
(ক) ইমাইল ডাৰ্খেইম (Emile Durkheim) :-
ধৰ্মৰ সমাজ বিজ্ঞান বিষয়ক মতবাদ সমূহৰ ভিতৰত ইমাইল ডাৰ্খেইমৰ (Emile Durkheim) (১৮৫৮-১৯১৭) মতবাদ অগ্ৰগামী আছিল। Continue reading

চাহ জনগোষ্ঠীৰ শিপাৰ সন্ধানত

গণেশ কুৰ্মী, ডিব্ৰুগড় ।

খদনা/গদনা/খদা/উলকি

চাহ জনগোষ্ঠীৰ পূৰ্ব্বপুৰুষ সকলৰ পূৰ্ব্বৰ বাসভূমি আছিল মধ্য, পূৱ আৰু দক্ষিণ ভাৰতৰ বিভিন্ন অংগৰাজ্য। বহু জাতি-উপজাতি আৰু জনজাতিৰে গঠিত চাহজনজাতিৰ লোকসকল মূলতঃ প্ৰটঅষ্ট্ৰলয়দ অষ্ট্ৰিক আৰু দ্ৰাবিড় কূলৰ অন্তৰ্ভুক্ত। Continue reading

অন্ধবিশ্বাস আৰু জীৱ-জন্তু

ড০ ৰাস্না ৰাজখোৱা, জামুগুৰিহাট, শোণিতপুৰ।

বিচিত্ৰ জীৱ-জন্তু গছ-বিৰিখ, চৰাই-চিৰিকটি, ফল-ফুলেৰে জাতিষ্কাৰ আমাৰ পৃথিৱীখন। এই সমস্ত আমাৰ জীৱন ধাৰণৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত—আমাৰ অস্তিত্বৰ সৈতে জড়িত। এই প্ৰাণীজগত আৰু উদ্ভিদজগত অবিহনে এই অস্তিত্ব বিপদাপন্ন হ’ব। এই কথাষাৰ আমি প্ৰায়ে হৃদয়ংগম কৰিবলৈ চেষ্টা নকৰো। আমি অকাৰণতে কোনোবাটো প্ৰাণীক আৰু কোনোবা এজোপা গছক শত্ৰু বুলি গণ্য কৰো।
Continue reading

ডঃ ভূপেন হাজৰিকাৰ দৰ্শনত মানৱতাবাদ

শিবানী ফুকন, বৰদলনি, ধেমাজি।

মানৱতাবাদৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘Humanism’. যাৰ অৰ্থ হ’ল- মানৱাত্মাৰ পূৰ্ণতাৰ সন্ধান বা মানুহৰ পূৰ্ণ বিকাশ। এই মতবাদৰ মূল লক্ষ্য হ’ল মানুহৰ পূৰ্ণ বিকাশ কৰা। মানুহৰ অস্তিত্বৰ বাহিৰে বিশ্ব চৰাচৰত অন্য কোনো সত্তাৰ অস্তিত্ব নাই। Continue reading

অসমীয়া ভাষা সাহিত্যৰ বিকাশত খ্ৰীষ্টান মিছনেৰী আৰু অৰুণোদই কাকতৰ অৱদান

হিমাশ্ৰী নেওগ, শিৱসাগৰ ।

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ লগে লগে ইংৰাজে কৌশলগত ভাৱে অসমৰ শাসনভাৰ নিজৰ হাতলৈ নিয়ে। ইংৰাজসকলে অসমীয়া মানুহৰ অসচেতনতাৰ সুযোগ লৈ কিছুসংখ্যক বঙালী ভাষী আমোলা বিষয়াৰ প্ৰৰোচনাত ১৮৩৬ খ্ৰীষ্টাব্দত অসমৰ পৰা অসমীয়া ভাষা বিতাৰণ কৰি বঙালী ভাষাক ৰাজ্য ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিলে। ফলত নিৰৱছিন্নভাৱে চলি অহা অসমীয়া ভাষা সাহিত্যৰ সোঁতটো স্থবিৰ হৈ পৰিল। Continue reading

জয়সিং, মহৰী বাবু আৰু লালবাগৰি ঘাটৰ সেই ছোৱালীজনী

সংগীতা ৰক্তিম গগৈ, বেলতলা, গুৱাহাটী !

পাচঁ নম্বৰ লাইনৰ বিহাৰী পোৱালিৰ হাতৰ টিপতত দিয়া সৰু কাগজৰ টুকুৰাত লিখা আছিল ……” ছানঝে বেলা তুই একলা আছবি লালবাগৰি ঘাটে …মুই ত’ৰ খাতিৰ ৰখে থাকব’। ত’ৰ ছংগে ম’ৰ একটা কথা আহে…” Continue reading

তুমি কেনে আছা মা

অনিতা গগৈ, নামৰূপ, ডিব্ৰুগড় ৷

ৰাতিটো বিদিশাৰ টোপনি নাহিল। আজি বহুদিন ধৰি এনে হৈছে, আগনিশাৰ চিলমিলকৈ অহা টোপনি হঠাৎ মাজনিশাতে ভাগি যায় আৰু হাজাৰ চেষ্টা কৰিলেও পিছলৈ টোপনি নাহে। ইকাটি সিকাটিকৈ পৰি থাকি ৰাতিটো কোনোমতে পাৰ হয়।
Continue reading

কোনোবাই কিবা কৰিবনে তোমালোকৰ বাবে

প্ৰতিভা চৌধুৰী, বঙাইগাওঁ ৷

”ঐ যা যা, কি কৰিছ ভিক্ষাৰীৰ জাত, কিহৰ চলনা কৰি আহিছ ? চল পালে তহঁতেই বস্তু চোৰ কৰি লৈ যাৱ।” বাহিৰত মানুহজনে চিঞৰা শুনি তাই দৌৰা-দৌৰিকৈ বাহিৰলৈ চালে খিৰিকীৰে। মানুহজনৰ কথা আওকাণ কৰি ল’ৰা দুটাই ৰাস্তাৰ কাষৰ জাৱৰৰ দমটোৰ পৰা কিবা বিচৰাত মগ্ন হৈ আছে। Continue reading

যা দেৱী …………

শ্ৰী নিৰুপমা ডেকা, বোকাখাত।

দূৰ্গা পূজাৰ দশমীটো পাৰ হোৱাতহে মনেশ্বৰ হাজৰিকাৰ উশাহটো ঘূৰিল। এনে ব্যয় বহুল গুৱাহাটীৰ নিচিনা ঠাইত ভাৰাঘৰ লৈ ল’ৰা-ছোৱালী ইংৰাজী মাধ্যমৰ প্ৰাইভেট স্কুলত পঢ়ুৱাই চতুৰ্থ শ্ৰেণীৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী এজনৰ কি অৱস্থা হ’ব পাৰে সেয়া হয়টো মনেশ্বৰৰ দৰে ভুক্তভোগীহতঁৰ বাহিৰে আনে বুজা কঠিন। Continue reading

মিছিং জনগোষ্ঠীৰ কেইবিধমান সাজ-পাৰ

মনতৃষ্ণা পেগু, কোলাজান, ধেমাজি ৷

অসম বিভিন্ন জাতি জনজাতিৰ মিলনভূমি। প্রাগ ঐতিহাসিক কালৰে পৰা অসমৰ সেউজভূমিলৈ বিভিন্ন জাতি জনজাতিৰ আগমন ঘটিছে। পুৰণি কালৰে পৰা অসমত নিগাজীকৈ বাস কৰা এটি জনগোষ্ঠী হ’ল পূর্বতে মিৰি হিচাপে পৰিচিত মিছিং জনগোষ্ঠী। অসমৰ অন্যতম জনগোষ্ঠী মিছিং শিপিনীসকলৰ হাতৰ পৰশত প্রাণ পাই উঠে বিভিন্ন সাজ পাৰে। তেনে সাজ পাৰ সমূহৰ এটি চমু অবলোকন আগবঢ়োৱা হ’ল –
Continue reading