কাতিৰ মালিতা

ৰাজু কলিতা, দোৰপাং, লখিমপুৰ

সম্প্ৰত্তি গৰ্ভৱতী পথাৰত
গাখীৰটি গোন্ধ
সভ্যতাৰ দেৱাল বগাই
খেতিয়কৰ দীৰ্ঘদিনৰ সলাজ হাঁহি
ফুটো কি নুফুটো
ৰবাব টেঙাৰ ফুট Continue reading

আহিবানে আবেলি পৰত

ৰিৱন গগৈ, নিতাইপুখুৰী

আনে নজনাকৈ খুলি ৰাখিছো
হৃদয়ৰ প্ৰতিটো কোঠালি ,মনৰ খিৰিকী
সেয়েহে আহিবা প্ৰতিটো আবেলিত
নহাকৈ থাকি বুকুত তুলি নিদিবা
অভিমানৰ দুপৰীয়া
শোকাচন্ন হৃদয় এন্ধাৰতে থাকক
কিয়নো বিষন্নতাই বুকুখন জুৰুলা কৰে
Continue reading

ভগৱান

ৰূপজ্যোতি তালুকদাৰ, গুৱাহাতী ।

ভগৱান – তুমি জানো সঁচাকৈ মহান ???
সৰুতে আয়ে কৈছিল তুমি হেনো অতি মহান ।
যদি মহান তেন্তে ক’ত তোমাৰ মহানুভৱতা ।
তোমাৰ নামত আজি মৰ্ত্যত চলে ধৰ্মৰ বেহা !! Continue reading

সম্পাদকীয়

“আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহ’ব
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলগে যাব।”

সৌ বিংশ শতিকাৰ প্ৰথমাৰ্দ্ধত যৌৱন কালতেই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে এই গীতটোৰ জৰিয়তে অসম বাসীক সজাগ কৰিব বিচাৰিছিল। সময়ে কাকো ক্ষমা নকৰে; সুধাকণ্ঠ গুচি গ’ল ! কিন্তু তেওঁৰ গীতৰ তাত্পৰ্য্য আজিও “আমি অসমীয়াই” হৃদয়ঙ্গম কৰিব নোৱাৰা কথাটো কেৱল লজ্জাজনকেই নহয়, বিপদৰ ঘণ্টা ধ্বনিও বুলিব পাৰি।

কেইদিনমানৰ আগতে অসমীয়াৰ সংজ্ঞা বিচাৰি বিভিন্ন প্ৰচাৰ মাধ্যমত তোলপাৰ লাগিছিল। অযুক্তিকৰ আৰু বিৰক্তিকৰ হুলস্থুল; অতি সহজ উত্তৰ– অসমভূমিকলৈ যিয়ে গৌৰৱ কৰিব পাৰে; অসম মাতৃৰ ওপৰত চলা ব্যভিচাৰ, অন্যায়, অত্যাচাৰ যিয়ে কেতিয়াও কোনোকালে সহ্য কৰিব নোৱাৰে, তেওঁৱেই অসমীয়া। যাৰ হৃদয়ত “অসমী আই” শব্দটোৱে কল্লোল তুলিব নোৱাৰে, অসমী আইৰ ওপৰত চলি অহা শোষণ দেখিও যাৰ দেহ-মন নকঁপে আৰু বিদ্ৰোহৰ ৰক্ত উঠলি নুঠে তেওঁ কেতিয়াও অসমীয়া হ’ব নোৱাৰে। সেইজনে অসমীয়াৰ বাবে কেতিয়াও ধনাত্মক চিন্তা নকৰে; কৰিব হিংসা প্ৰবঞ্চনা।

বলিয়া ৰাজনীতিৰ ক্ষুদ্ৰ স্বাৰ্থত যি সকলে অসমী মাতৃকলৈ গুপ্ত ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু প্ৰকৃত অসমীয়াৰ মান মৰ্য্যদা নষ্ট কৰিছে, তেওঁলোক সাৱধান হোৱা ভাল। ইতিমধ্যে অস্তিত্ব ৰক্ষাৰ ধুমুহা আৰম্ভ হৈছে। এই দেশত বদন বৰফুকনৰ দৰে দেশেদ্ৰোহীৰ কোনো স্থান নাই। মাতৃৰ ওপৰত অহৰ্নিশে যিয়ে জিঘাংসু দৃষ্টি ৰাখিছে, তেওঁলোকে ভালদৰে জনা দৰকাৰ– লাচিতৰ সন্তানে কেতিয়াও কাকো ভয় নকৰে। মাৰিবও পাৰে, মৰিবও পাৰে।

কথাবোৰ হজম কৰিব নোৱাৰা বিধৰ হৈছে। সংকীৰ্ণতাৰ পৰা বিশালতালৈ অৰ্থাৎ ক্ষুদ্ৰস্বাৰ্থ এৰি সামগ্ৰিক স্বাৰ্থলৈ গতি কৰিব লাগিছিল; কিন্তু ওলোটাহে হৈছে। উপায় নাই। বিশাল হৃদয়ৰ অধিকাৰীহৈ অসমীয়াই বহুত ডাঙৰ ভুল কৰিলে আৰু কৰি আছে।

কথাবোৰ নতুনকৈ ভাবিব লাগিব ৷ “মানুহে মানুহৰ বাবে” বুলি ভাবিব পৰা হ’লে আজি ধৰ্মীয় গোড়ামী আৰু উগ্ৰজাতীয়তাবাদৰ উদ্ধৃতি লৈ আজি এচামে অমানৱীয় কাণ্ড নকৰিলেহেঁতেন। মই হিন্দু, মই মুছলিম, মই আহোম মই কছাৰী হ’লে অসমীয়া কোন হ’ব৷ আন্ধাৰৰ ৰজাৰ শক্তি বাঢ়িছে ৷ পিতপিতাই ফুৰিছে তাৰ এজেন্ট বোৰ৷ অসমীয়াৰ চোতালত বিভেদৰ বীজ সিচিঁছে৷ মানুহৰ মাজত সৃষ্টি কৰিছে ক্ষুদ্ৰ মানুহ৷ বৃদ্ধি কৰিছে অমানুহ৷ এতিয়া ভুপেন হাজৰীকাৰ গীত কেৱল মঞ্চত শুনিলে নহ’ব৷ হৃদয়ত থাপি নিজক কৰিব লাগিব মানুহ৷ যুঁজিব লাগিব অমানুহৰ বিৰুদ্ধে ৷

আজি প্ৰতিকূলতাৰ ডাৱৰে আৱৰা অসমৰ আকাশ বতাহ; ফৰকাল অনুকূল পৰিবেশ যেন সপোনৰ অগোচৰ। শেষত, অসম মূলুকৰ বৰ্তমান পৰিস্থিতিত জাতীয়তাবাদৰ প্ৰয়োজনীয়তা কিমান আজিৰ প্ৰজন্ম (অসমীয়া)ই উপলব্ধি কৰাটো অতি দৰকাৰ হৈ পৰিছে। কাৰণ এনেকৈ হাত সাৱতি বহি থাকিলে অতি সোনকালে অসমৰ জাতীয় সত্বাৰ বিলুপ্তি নিশ্চিত। এটা সময়ত হয়টো অসমীয়া নামৰ দেহটোহে থাকিব; প্ৰাণ নাথাকিব।

ৰঙালাউ আখ্যান

নন্দ চুতীয়া, ঢকুৱাখনা ।

এদিনীয়া ক্ৰিকেট খেল। দ্বিতীয় ইনিংছত ভাৰতে বেট ধৰিছে। ইতিমধ্যে ভাৰতৰ নটা উইকেট পতন ঘটিছে। ক্ৰিজত খোপনি পুতিছেহি অন্তিম উইকেটে। অন্তিম অভাৰ। মাত্ৰ ছটা বল বাকী আছে। ইফালে জিকিবলৈ লাগে আৰু এঘাৰ ৰাণ। Continue reading

ভূপেন হাজৰিকাৰ গীত

হিমাক্ষী বৰা, গহপুৰ ।

যোৱা অৰ্ধশতিকাৰো অধিক কাল ধৰি আধুনিক অসমীয়া সংগীতৰ ক্ষেত্রত ভূপেন হাজৰিকাই এখন বিশিষ্ট আসন অধিকাৰ কৰি আছে। তেওঁৰ ঘৰখনতো সদায় আছিল এক সাংগিতিক পৰিবেশ। Continue reading

সৰু সৰু কথা

ইমৰাণ শ্বাহ, প্ৰাক্তন সভাপতি, অসম সাহিত্য সভা।

চাবলৈ গ’লে সৰু-ডাঙৰ লেখ জোখ নোহোৱা কামৰ সমষ্টিয়েই আমাৰ জীৱন। উশাহ-নিশ্বাস লোৱা, খোৱা-বোৱা, আলাপ-আলোচনা, ক’বলৈ গ’লে এইবোৰোতো কামেই। কেৱল স্বাভাৱিক নিয়মত চলি থকা কামবোৰক কামৰ হিচাপত নধৰিবও পাৰি। তথাপি সিবোৰৰ জ্ঞান খা-খবৰ আমাৰ ভাল লগা। উশাহ নল’লেই মৰো; অথচ খবৰ নাই। Continue reading

কেন্সাৰ বা কৰ্কট ৰোগ সম্পৰ্কত আমি জানিবলগীয়া আৰু কৰণীয় কিছু কথা

স্বৰ্ণজ্যোতি বৰুৱা বৰবৰা, শিৱসাগৰ।

কেন্সাৰ ৰোগ সম্পৰ্কত আমাৰ মনত এটা ভ্ৰান্ত ধাৰণা আছে। ই দুৰাৰোগ্য, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নাই। মই এগৰাকী কেন্সাৰ ৰোগী। মই মোৰ অভিজ্ঞতা আৰু সীমিত জ্ঞানেৰে এটা কথা উপলব্ধি কৰিছো যে এই ৰোগো সাধাৰণ ৰোগৰ দৰেই এক ৰোগ যাক জয় কৰিব পাৰি।
Continue reading