অভাৱে গৰকা শিপিনী

নাৱাব নাৰ্জ্জী ইছলাম, নাজিৰা, শিৱসাগৰ ৷

অভাৱে গৰকা শিপিনী তাই ৷
বাটি কৰে বইনাৰ সূতাৰে
দোমোজা আলিৰ খোজৰ দৰে মাকো সৰি সৰি পৰে ৷
তোলোঠাৰ ইকান সিকানতে বন্দী আশাৰ পৰিধি
পৰিভ্ৰমী মন, পৰজীৱী মন Continue reading

মাজনিশাৰ কেনভাচ

সুৰঞ্জনা শইকীয়া, কলিয়াবৰ, নগাওঁ ৷

মাজনিশাৰ বাঢ়ি অহা মৌনতাৰ সৈতে মুখামুখি হওঁ শেৱালি গোন্ধোৱা নিশা
উজাগৰি নিশাবোৰ খুবেই প্ৰিয় মোৰ, উজাগৰি ৰাতিৰ প্ৰেমত মাতাল হৈয়ে আঁকো জীৱনৰ উকা কেনভাচ ৷
এই নিঃসংগতাবোৰৰ লগত অলপ আলাপ প্ৰতি ৰাতি Continue reading

ভালপোৱাবোৰ বৰষুণ হৈ নামিবলৈ দিয়া এই শৰততে

জ্যোতিষ ভূঞাঁ

কথা আছে
শৰতৰ কোনোবা এটি সন্ধ্যাত তোমাক লগ পোৱাৰ…..
কথা আছে, শাৰদীয় জোনাকী সন্ধ্যাত
দুয়ো একেলগে খোজ কাঢ়িম হাতত ধৰা ধৰিকৈ,
কথা পাতিম আমি হেপাঁহেৰে Continue reading

শৰতৰ কবিতা

প্ৰগতি গগৈ, শিৱসাগৰ ।

এটি মায়াময় কঁহুৱাকোমল পুৱা
শুভ্ৰ কুঁৱলীৰ চাদৰৰ আঁচলত
মুখ লুকুৱায় বেলিটিয়ে ।
কঁহুৱাই নীল আকাশত উৰি
কোমল মেঘৰ লগত চুপতি মাৰে।
শৰালিৰ কলৰৱে আগজাননী দিয়ে
ঋতুৰাণী শৰতৰ। Continue reading

প্ৰেমাস্পদলৈ …….

ৰাজীৱলোচন বৰা, ফিল’বাৰী ৰংপুৰ গাঁও, তিনিচুকীয়া ৷

তুমি এজাক পখিলা হৈ আহাঁ
ফুলহৈ ফুলি আছো মই
জোন হৈ জিলিকি উঠা তুমি
মই স্নিগ্ধ পোহৰ হৈ ৰম
উশাহত দেহৰ ভিতৰলৈ নিবা
মই এচাটি বতাহ হম Continue reading

স্মৃতি

অংকিতা ফুকন, শিৱসাগৰ ৷

কুশলে আছানে ?
সুধিবৰ মন যায় তোমাক..
হয়তো সুধিবলৈ তোমাক আৰু কোনোদিন লগ নাপাম..
হয়তো জীৱনত আৰু কেতিয়াও মুখা-মুখি নহ’ম ।
অ’হ, মোৰ খবৰ ? Continue reading

প্ৰভাতী সূৰুয হওক সুধাকণ্ঠ

ইন্দ্ৰ কোঁৱৰ, কাকপথাৰ, তিনিচুকীয়া ৷

শেষ হোৱা নাই এটি সূৰুজৰ,
শেষ হোৱা নাই এটি উদীপ্ত সূৰুজৰ,
সাত সাগৰ তেৰ নদীৰ বক্ষত
এয়া তোমাৰ যাত্ৰা প্ৰভাতী সূৰুযৰ ৷
Continue reading