সৰু সৰু কথা

ইমৰাণ শ্বাহ, প্ৰাক্তন সভাপতি, অসম সাহিত্য সভা |
মৃত্যু আহেই । মানুহৰেই নহয়, সকলো প্ৰাণীৰেই । সেই বাবে অনিবাৰ্য বুলি সকলোৱে মানি লয় । অমৰ শব্দটোৰ লগত মৃত্যুৰ সম্বন্ধ নাই । সেইটো এটা বেলেগ সন্দৰ্ভ । কোন আগত মৰিব, কোন পিছত, কোন কেনেকৈ মৰিব কোনেও ক’ব নোৱাৰে । আমাৰ জ্ঞান-বুদ্ধিয়ে ঢুকি নোপোৱা কোনো এক বিশেষ নিয়মত ই পৰিচালিত হয় বুলি আমি ধৰি ল’ব লগা হয় । সেইখিনিৰ পৰা ধৰ্মৰ কাম, ৰহস্যবাদৰ কাম । তালৈ নগৈ ক’ব পাৰিছিল, আমাৰ জীৱনক মৃত্যুৱে দিয়া এইটো এটা প্ৰধান শিক্ষা । Continue reading

বিতৰ্কৰ মাজেৰে এখন সু-সমাজ গঢ়াৰ এখোজ

পল্লৱী দাস, শাৰীৰিক শিক্ষা তত্বাৱধায়িকা ধেমাজি জিলা |
মানৱ শ্ৰেষ্ঠ পৃথিৱীখনত আমি ইজনৰ হাতত সিজনে নধৰিলে পিছলি পৰাৰ সম্ভাৱনাই মনোজগতত গ্ৰাস কৰি ধৰে । মানৱ শ্ৰেষ্ঠ….. মানুহেই শ্ৰেষ্ঠ, তেনেহ’লে আমি কিয় প্ৰত্যেকেই ইজনৰ প্ৰতি সিজনে ভাতৃত্ববোধ জগাই তুলিব পৰা নাই, কিয় আমি প্ৰতি খোজত পিছলাৰ সম্ভাৱনা থকা সত্বেও সুস্থ মনেৰে সকলোকে আপোন কৰিব পৰা নাই ! Continue reading

মৰাণ–মটকৰ ৰাজত্ব আৰু মোৱামৰীয়া বিদ্ৰোহ

শ্ৰীকুমাৰ দহোতীয়া, টঙনা, কাকপথাৰ |
১৭৬৯ খ্ৰীঃৰ মোৱামৰীয়া বিদ্ৰোহ অসম বুৰঞ্জীত এক অতি উল্লেখযোগ্য ঐতিহাসিক ঘটনা । ১২৫৩ খ্ৰীঃৰ পৰা নিৰবিচ্ছিন্নভাৱে চলি অহা চাওলুং চুকাফাৰ প্ৰতিষ্ঠিত আহোম ৰাজ্যত প্ৰথম ভাঙোনৰ ভূমিকম্প সৃষ্টি কৰা মোৱামৰীয়া বিদ্ৰোহে স্ব-ৰূপত জিলিকি উঠি পৰবৰ্তিকালত অসমৰ প্ৰথম গণ-জাগৰণ হিচাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় । Continue reading

অসমীয়া মানুহ এলেহুৱা

আকাশজ্যোতি গগৈ, বাংগালোৰ |
অসমীয়া ৰাইজ এলেহুৱা, নিষ্কৰ্মা, আনৰ দয়াত থাকি ভাল পায় ইত্যাদি। এই কথাষাৰ বিশ্বাস কৰিলে সৰ্বপ্ৰথমে মই মোৰ দেউতাক অপমান কৰা হয়। Continue reading

বৈজ্ঞানিক মানসিকতা

ড° ৰাস্না ৰাজখোৱা, সহকাৰী অধ্যাপিকা, পদাৰ্থ বিজ্ঞান বিভাগ, ত্যাগবীৰ হেমবৰুৱা কলেজ, জামুগুৰিহাট |
বৈজ্ঞানিক মানসিকতা হ’ল যিকোনো কথা বা ঘটনা অধ্যয়ন আৰু নিৰেপেক্ষ বিশ্লেষণ কৰি যুক্তিসঙ্গত ব্যাখ্যা ডাঙি ধৰিব পৰা ক্ষমতা, কোনো ঘটনাৰ আঁৰত থকা কাৰ্য আৰু কাৰণৰ সঠিক আৰু যুক্তিপূৰ্ণ সম্পৰ্ক স্হাপন কৰা। অনুসন্ধিৎসাই মানুহক প্ৰশ্ন কৰিবলৈ শিকায়, বুদ্ধিমত্তাৰ ফলত মানুহে গ্ৰহণযোগ্য এটা উত্তৰ বিচাৰি উলিয়ায়। Continue reading

অসমীয়া বৈষ্ণৱ সংস্কৃতিত ভাদ মাহ

বিপুল বৰা, ঢকুৱাখনা ।
গাঁৱে ভুঁঞে, চহৰে নগৰে হৰিধ্বনিৰে মুখৰিত, বছৰটোৰ পবিত্র মাহ হিচাপে স্বীকৃতি প্ৰাপ্ত মাহটোৱেই হ’ল ভাদ মাহ । সকলোৰে এটা নিজা চিনাকি আছে আৰু বৈশিষ্ট্য আছে । ভাদ মাহো ইয়াৰ ব্যতিক্ৰম নহয় । Continue reading