জোনবাই এ’ তৰা এটি দিয়া

সৃষ্টি বকুল বিনীতা
( যোৱা সংখ্যাৰ পাছৰ পৰা )

কেতিয়াবা পলাশীৰ কথা ভাবি ভাবিও মোৰ টোপনি নধৰে | আজি স্কুলত তাই ঘৰৰ কথা কৈ কৈ খুউব কান্দিলে | তাই কৈছিল——
——নম্ৰতা, মোৰ স্কুল এৰিবলগীয়া হ’ব যেন পাইছো | স্কুললৈ অহা বাবে আজিকালি দাদায়ে মোক ইমান পিটে ! মই কি কৰো নম্ৰতা ? কিয় যে মই সেইখন ঘৰত জন্ম ল’লো | তহঁতৰ ঘৰত মই জন্ম লোৱা হ’লে…..!! Continue reading

মোৰ সপোনৰ পাণ্ডৱ ভিলা

দিবাকৰ ৰেণু, টিহু ৷

“দ্বিতীয় খণ্ড”
তাত সুজু নামৰ এজন কবি বন্ধুক লগ পাইছিলো । তেওঁ বড়ো গীত আৰু কবিতা লিখিছিল। কবিতাৰ প্ৰতি থকা মোৰ মোহৰ বাবে সুজুৰ সৈতে মোৰ ভাল বন্ধুত্ব গঢ়ি উঠিছিল। ৩১ ডিচেম্বৰৰ দিনা ইংৰাজী নৱবৰ্ষৰ আদৰণি অনুষ্ঠানৰ দিনা ৰাতিপুৱাই মই কটন কলেজৰ নবীন লেখক-লেখিকা শিল্পী সমিতিৰ তৰফৰ পৰা ৰাণী বনাঞ্চল ভ্ৰমণৰ বাবে গৈছিলো। কটন কলেজত নাম ভৰ্তি কৰাৰ পিছতে নবীন গোটৰ এজনী সদস্যা বন্দনা পাঠকে মোক চিনাকি কৰাই দিছিল অসমীয়া বিভাগৰ অধ্যাপিকা মঞ্জুদেৱী পেগু বাইদেউৰ লগত । Continue reading

ভগৱান আৰু প্ৰেমৰ এক স্নেপচট

সংগীতা ৰক্তিম গগৈ, বেলতলা, গুৱাহাটী |
মোহনৰ কথাৰে……

সদায়েই দেৰি হ’বই হ’ব। ৰাতি শুৱাৰ আগতে এৰ্লামও দিওঁ…| নাই… তথাপিতো মোৰ দৰে অপদাৰ্থ, অলগৰ্ধ, নালায়কটোৰ কেতিয়াও উন্নতি নহয়। অফিচ টাইম ৯:৩০, কিন্তু মোৰ যিহে ধুনীয়া ফিল্মী টাইপ চেহেৰা, চেহেৰাৰ ছেটিং কাটিং থিক কৰোতে কৰোতে অফিচৰ গেট চকিদাৰটোক দেখা পাওঁ মানেই ১০ বাজি যায়। এই কথালৈ কিমান দিন যে তপামূৰীয়া বছটোৰ পৰা গালি খাইছো তাৰ হিচাপ নাই, ফিৰ ভী মই মইয়েই। মইতো লাট চাহাবৰ বেটা। Continue reading

অপূর্ণ আশা

কৌশিক গগৈ, উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ, মৰাণ মহাবিদ্যালয়, ডিব্ৰুগড়‌ ৷
সিদিনা মেট্ৰিকৰ ৰিজাল্ট দিলে । তপুৰ মাকৰ দুচকুৰে বৈ আহিছে আনন্দৰ চকুপানী । সৰুতে দেউতাক ঢুকোৱা তপুয়ে সুখ্যাতিৰে মেট্ৰিক পাছ কৰিলে । অকলশৰীয়া মাকে ভনীয়েকৰ সৈতে তপুক অলপো কষ্ট আৰু অভাৱ অনুভৱ নকৰাকৈ পঢ়োৱাইছে। তপুৰ সৰুৰে পৰা ইচ্ছা আছে বিজ্ঞান শাখাত পঢ়াৰ। কিন্তু ইচ্ছা কৰিলেই জানো সকলো হয় ? সময়ে তাক চেপা মাৰি ধৰিলে। দিনৰ দিনটো কাম কৰি দুটকা উপার্জন কৰি সিঁহত দুটাক ডাঙৰ কৰিছে। মাকৰো আছে বহু আশা, তাৰে এটা হয়তো তপুক ভালকৈ গঢ়ি তোলা । সকলো আশা জানো পুৰণ হয় ? Continue reading

তোমাৰ সতে বৃষ্টিজাকৰ আলাপ

অংকুৰ শইকীয়া, আৰ আৰ এল, যোৰহাট |
স্মৰণলিপিত থাহ খাইছে বৃষ্টিৰ এজাক কিয় ? কোৱা তোমাৰ বাবেই নহয়নে আকাংক্ষা !

— উম, মোৰ বাবেই তুমি বৰষি আছা অনন্ত কাল বুকুৰ সেউজীয়াত ৷
আপোন মনেৰে কিয় উদযাপন কৰা স্পন্দনৰ বুকুত মুৰ গুজি আৱেগৰ বৃষ্টিজাকৰ আকুলতাত সপি সমস্ত সুখ-দুখৰ নিঠৰুৱা ছন্দ ৷ Continue reading

নীলা খামৰ চিঠি

ৰাজু কলিতা, নাৰায়ণপুৰ, লক্ষীমপুৰ |

মৰমৰ “নিশা”,

আজি সম্পূৰ্ণ চাৰিটা বছৰৰ পিছত এটি উজাগৰি ৰাতি সাৱতি অনুভৱৰ দলিচা মেলি তোমালৈ একলম লিখিবলৈ বঢ়িছো । ফাগুনৰ পচোৱাই বাৰে বাৰে টুকুৰিয়াই গৈছে মোৰ বন্ধ কোঠাৰ দুৱাৰ খিৰিকী বোৰ । বৰ আমনি হৈছে জানা ! তোমাক মৰমৰ বুলি মাতিবলৈ অধিকাৰ নথকা পিছটো মৰমৰ বুলি মাতিছো । তোমাৰ ভাল বেয়া সোধাৰ অধিকাৰেই বা মোৰ ক’ত ? Continue reading

মাকে জীয়েকলৈ লিখা এখন চিঠি

সুপ্ৰীতি বৰুৱা । ৰুপাই চাইডিং, ডুমডুমা ।

চেনেহৰ পাল্কী,
মৰমবোৰ চিঠিৰ মাজতে আলফুলে পঠালো আৰু তপত এটি চুমা আঁকি দিলো তোমাৰ কপালত। নহলে যে তুমি অভিমান কৰিবা মই সকলো জানো, অৱশ্যে তুমি মোৰ ওচৰত কৰা মান-অভিমানবোৰে মোক বৰ আনন্দ দিয়ে, লগতে অভিভূত হওঁ ৷ বাৰু এইবোৰ বাদ ৷ Continue reading

শংকৰদেৱ আৰু তেওঁৰ সাম্যবাদী আদৰ্শ

আৰহান ইনামূল, গৰুমৰা, যোৰহাট |
সপ্তম শতিকাত দক্ষিণ ভাৰতত হিন্দু ধৰ্ম কেন্দ্ৰিক এক বিশেষ আধ্যাত্মিক আন্দোলনৰ আৰম্ভ হৈছিল, আৰু প্ৰায় ১৫-১৬ শতিকাৰ ভিতৰত এই আন্দোলন সমগ্ৰ ভাৰতত বিয়পি পৰে । Continue reading

ধৰ্ম আৰু সমাজ

পাৰুল ভূঞা, কেনেডা |
আদিম অৱস্থাত মানুহ বনৰীয়া জন্তুৰ দৰে জীয়াই আছিল | সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহৰ জীৱনৰ কোনো এটা স্তৰত ধৰ্মই ঠাই পালে আৰু ইয়েই মানুহক মহান কৰি তুলিলে | সাধাৰণতে দেখা যায় যে একোটা ধৰ্ম একোটা ভৌগোলিক পৰিসৰৰ মাজতে আৱদ্ধ থাকে | Continue reading