গুণ গুণ গানে গানে কাণে কাণে

নন্দ চুতীয়া
ঢকুৱাখনা

এখন সৰু নৈ । বৈ আছে সৰ্বতিকাল আপোন ধাৰে নিজস্ব ছন্দোময় গতিৰে । বাৰিষা নৈখন ফেনেফুটুকাৰে ওফন্দি উঠে, কেতিয়াবা পাৰ বাগৰি সৰ্বনাশ কৰে । উটোৱাই লৈ যায় কৃষকৰ তেজত ফুলা শইচ, কৃষকে চকুলো টুকে, বুকুখন ঠন ঠনকৈ ভাগে, আনে নুশুনে । নৈ খনৰ উত্তৰ দিশে নৈখনৰ পাৰতে আছে এখন সৰু নগৰ আৰু আছে অনেক বোৰ অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠান । উচ্চ শিক্ষানুষ্ঠান ডি.কে.চি. কলেজখনো নৈখনৰ পাৰতে অৱস্থিত । অফ পিৰিয়ডত কলেজখনৰ অনেক ছাত্ৰ-ছাত্ৰীয়ে নৈখনৰ পাৰে পাৰে ফুৰে । নৈৰ পাৰতে আছে কেইজোপামান বৃহৎ আকাৰৰ ৰেইন ট্ৰি । নৈ গৰাৰ গছ তলত বহি আড্ডা মাৰে । নৈখনৰ বুকুত উঠা নমা কৰা সৰু সৰু ঢৌবোৰ চাই কোনোবাই গুণ গুণকৈ গান এটাৰ সুৰ টানে ।

কলেজীয়া জীৱন । বহুতৰ গাত যৌৱনৰ চঞ্চল বতাহে আমনি কৰে । কাৰোবাক ভাল লাগে, কাৰোবাৰ সৈতে হৃদয়খন বিনিময় কৰিবলৈ মন জাগে । যৌৱন এনেকুৱাই । ক’ব নোৱাৰাকৈয়ে বুকুৰ মাজত প্ৰেমৰ পোখা মেলে সূৰ্যমুখী ফুলৰ দৰে ।

নৈ গৰাৰ সেউজীয়া দুবৰিত বহি অ’ত ত’ত যোৰ যোৰ ছাত্ৰ-ছাত্ৰী । গুণ গুণকৈ কিবা কথা পাতে । শুৱলা গীত যেন লাগে ।

॥প্ৰথম চিত্ৰ॥

ছাত্ৰঃ ঐ শেৱালী, তুমি উঠত ইমান লিপষ্টিক ঘহা, তোমাৰ পেটত কিজানি এমোন মান ৰং সোমাই আছে ।

ছাত্ৰীঃ তাৰে আধামোন দেখোন তুমিয়েই চুহি খাই থৈছা ।

নৈ গৰাৰ পৰা মাটি এচপৰা পানীত ঢপংকৈ খহি পৰে ।

॥দ্বিতীয় চিত্র॥

নৈ গৰাৰ সেউজীয়া দুবৰিৰ দলিচাত বহি আন এযোৰ ল’ৰা-ছোৱালী ।
গুণ গুণ কথোপকথন । মিঠা পান খনৰ দৰে মিঠা মিঠা লগা কতনা কথা ।

ছাত্ৰীঃ পুলকদা, মই যদি কাপোৰ হ’লোহেতেন নহয় তোমাৰ গাত অনবৰতে লিপিতখাই লাগি থাকিলোহেতেন ।

ছাত্ৰঃ তেতিয়া ভালেই হ’লহেতেন । কাপোৰ পুৰণা হ’লে সেইখন দলিয়াই থৈ বেলেগ নতুন এখন ল’বলৈ সুবিধা হৈ গ’লহেতেন ।

পানী যুৱলিত চৰি ফুৰা চেলকনা মাছকেইটাই খিক খিককৈ হাঁহি আঁতৰি যায় ।

॥তৃতীয় চিত্র॥

নৈ গৰাৰ আন এঠাইত গছ তলৰ দুবৰি বনত বহি কেইজনীমান ছোৱালীৰ আড্ডা ।

এজনীঃ ঐ শুনিছো ছত্ৰধৰা ছাৰৰ সৈতে বোলে অংগণাৰ হিয়া দিয়া নিয়া গঢ়ি উঠিছে ।

আন এজনীঃ সেই বুঢ়াটোৰ লগত ? আ-চৰিত…..!!!

অন্য এজনীঃ ছাৰৰ বাইদেউ আছে, ল’ৰা-ছোৱালী আছে, তেনেস্থলত অংগণাই……

আন এজনীঃ কেলৈ নাম এষাৰ গাই নহয়…..

“মতা ল’ৰা পাবলৈ যদি মন কৰিছ
গৰৈ মাছ পাতত দি খাবি,
প্ৰেমৰ জুটি ল’বলৈ যদি মন কৰিছ
এজনী অনালৈ যাবি ।”

কথাষাৰ সেইটো আক’….

ৰসপাই গোটেই কেইজনী ছোৱালীয়ে গিৰ্জনীমাৰি হাঁহে । নৈখনৰ সিটো পাৰত থকা ডাঠ বাঁহনী ডৰাত ঠেকা খাই প্ৰতিধ্বনি হৈ নৈখনৰ বুকুত ওফন্দি পৰি ওপঙি থাকে ।

॥চতুৰ্থ চিত্র॥

এজন ছাত্ৰঃ ঐ ৰাতুল, এইবাৰ কলেজ উইকত তই বৰগীত, জ্যোতি সংগীত, ৰাভা সংগীত, আধুনিক গীত, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা সকলো প্ৰতিযোগিতাতে জইন কৰি এটা প্ৰতিযোগিতাতো উপস্থিত নেথাকিলি যে ?

ৰাতুলঃ ধেৎ অকৰা, এইখন কলেজত ময়ো যে পঢ়ো, এইখন কলেজৰ ময়ো যে এজন ছাত্ৰ, মোৰ নামটো প্ৰচাৰহে কৰিছিলো ।

নৈখনে খিল খিলকৈ হাঁহি দিয়ে ।

॥পঞ্চম চিত্র॥

১ম ছাত্ৰঃ ঐ দুছ, তই বোলে মেচ সলাব খুজিছ ? বৰুৱা ছাৰৰ মেচটো কি বেয়া পালি ? তাৰ পৰিবেশ ইমান ভাল ।

২য় ছাত্ৰঃ কি কবি দুছ, বাইদেউ আৰু ছাৰৰ মাজত বহুদিন ধৰি তয়াময়া যুদ্ধ । মেঘৰ গৰ্জনেৰে তৰ্জন গৰ্জন । কাণ ফাটি গৈছে । কি পঢ়িবি আৰু তাত । পৰিবেশ ঘোলা ।

১ম ছাত্ৰঃ কিহৰ কাজিয়া ইমান ?

২য় ছাত্ৰঃ ছাৰৰ ঘৰত কাম কৰা মানুহ এজনী আছে নহয় । এদিন ছাৰে বাইদেউক ক’লে, “হেৰা, বনকৰা মানুহজনীৰ ব্লাউজটো ফাটিছেহে । কাষলতিৰ তলখন একেবাৰে অৱস্থাই নাই । এটা নতুন ব্লাউজ আনি দিব লাগিব হে ।” বাইদেউৰ তাতেই খং । জকি উঠিল । তোমাৰ চকু গৈ তাতহে পৰিছেগৈ নে ? তুমি মানে……

কথা সেইষাৰেই । এতিয়া দৈনন্দিন কুৰুক্ষেত্ৰ । কোনেও কাৰো কথা নুবুজে ।

কলেজ খোলা দিনত নৈখনৰ পাৰ এনেকৈয়ে বিচিত্ৰ কথাৰে মুখৰ হৈ থাকে । নৈ খনে শুনি থাকে । নৈখন বৈ থাকে ।

bipul bora

Leave a Reply