মাকলৈ চিঠি

গীতাশ্ৰী ওজা, শিৱসাগৰ ।

প্ৰতি
পূজনীয়া মা…,       ০৮/০১/২০১৬

পত্ৰৰ আৰম্ভণিতে মোৰ দূৰণীবতীয়া সেৱা গ্ৰহণ কৰিব । মোৰ আশা ভগৱানে আপোনালোকক কুশলে ৰাখিছে । তেৰাৰ কৃপাত মোৰো ভালেই । কিন্তু কিয় জানো মা আজি মোৰ মনটো ভাল লাগি থকা নাই । ঘৰলে বৰ মনত পৰিছে অ’ ।

ৰাতিটোক ক্ৰমশঃ আন্ধাৰে গ্ৰাহ কৰি পেলাইছে । মেঘৰ মাদল শুনিছো মা, বৰদৈচিলা আহিছে… । কলিয়া ডাৱৰৰ বুকুত ছাগে জোনটো কোচমোচাই সোমাই পৰিছে ন মা ? তাহানিতে দেউতাৰ কোলাৰ পৰা মই আপোনাৰ বুকুত যে

সোমাইছিলোগে …. । কি জানে মা , মেঘৰ গাজনিত আজি কালি মই উচপ খাই নোঠো , হয়তো আপোনালোক কাষত নাই বাবেই

….. । বিচনাৰ একোণত বহি ভাৱনাৰ কিতাপখন

লুটিয়াই আছো,মনত পৰিছে… কিমান দিন হ’ল ৰাতিৰ তৰা ভৰা

আকাশ খন নেদেখা…জোনবাইক নেদেখা…আৰু,আৰু বহুতো । কি জানে মা,ইয়াত আকাশলৈ চালে দেখো ওখ ওখ ঘৰ আৰু ঘৰ…। অ পাহৰিছিলোয়ে , ভাগৰৰ টোপোলা পেলাবলৈ গৈ ছাগে আপুনি এতিয়া অচেতন হৈ পৰিছে । তাহাঁনিৰ সতেজ আৰু ভাল লগা মুহূর্তবোৰে মোক যে আহি বাউলি কৰিছে । সময়ৰ বোকাপানীৰে লতুৰি-পুতুৰি স্মৃতিক সুঁৱৰি সেমেকা ৰাতিবোৰক জীপাল কৰিছোঁ । সপোনবোৰ পুৰাৱলৈ আহি আজি মই বহু দূৰ পালোহি । কোনোৱাই কৈছিল মা, “মানুহে যদি সততে নিজৰ জীৱনটো পৰীক্ষা কৰি নাথাকে তেন্তে জীৱনটো যাপন কৰাৰ যোগ্য নহয় ।” সেয়ে জীৱনটো যাপন কৰাৰ নামত অৱতীর্ণ হ’ব লগা হৈছে ইটোৰ পাছত সিটো পৰীক্ষা । কি কৰিম মা, ভূগোলৰ কি-ক’ত-কিয় খবৰ ৰাখোতেই চিঠি লিখাৰ আহৰিয়েই হেৰায় । জীৱনৰ প্ৰেক্টিকেল বোৰ বৰ কঠিন পাইছো মা, তথাপি যান্ত্ৰিকতাৰ ৰেঙনিয়ে শিকাই তুলিছে ক্ৰমশঃ । কলেজৰ ব্যস্ততাখিনি হেলা ৰঙেই পাৰ হৈ যায় । জুৰি-দীপাহঁতৰ অকৃত্ৰিম বন্ধুত্ব মোৰ জীৱন বাটৰ এযোৰ কমফ্ৰটেবোল চেণ্ডেলৰ দৰে । ছাৰ, বাইদেউহঁতৰ পৰাও বহুত উত্সাহ পাওঁ । তথাপি হোষ্টেলত কেতিয়াবা বৰ বিৰক্তিকৰ অনুভৱ কৰোঁ । আপুনি কিন্তু চিন্তা কৰি নাথাকিব মই এদজাষ্ট হ’ব পাৰো । অ হেৰি নহয় কেলেণ্ডাৰ পাতত

বিহুৰ বতৰা পালোঁ । ব্যস্ততাই চাগে ভৰপূৰ গাঁওখন নহয়নে…? বিহুৱান বোৱা দৰে মোৰ কোমলীয়া হেঁপাহ বোৰক কম্পিউটাৰতে ভৰাই থৈছো মা । পৰীক্ষাও পালেহিয়ে, ঘৰলৈ যোৱাৰ আশা খীণ । আপোনালোকৰ

দেহৰ তেজ পানী কৰি সিঁচা ফলাফলৰ কঠিয়ানী দৰাৰ

অংকুৰণৰ আশা চোন তেনেই সীমিত ।  ধনৰ পলস

দিয়া সামর্থও আমাৰ নাই । চিন্তা নকৰিব মা দেহৰ

অন্তিম টোপাল তেজ থকালৈকে ধৈয্য আৰু সহসেৰে আঁকিম আপোনালোকৰ সেই

সপোনৰ তুলিকা । লাগিব মাথো আপোনালোকৰ আৰ্শীক । টোপনি আহিছে মা… আৰু কিনো লিখিম দেউতাক ক’ব মোৰ ভালেই । ভণ্টিহঁতক

মোৰ মৰম দিব । আৰু ঘৰৰ বতৰা জনাবলৈ নাপাহৰিব দেই । আজিলৈ সামৰোঁ ।

 

প্ৰান্তত

আপোনাৰ সোণ ।

 

প্ৰতি,

অনামিকা ওজা,আমগুৰি

ষ্টেচন ৰোড

পিন-৭৮৫৬৪০

bipul bora

Leave a Reply