১৯ টকাৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাক্তন মন্ত্ৰী ৰাম শৰ্মাৰ জীৱন গাঁথা 

অম্লান জ্যোতি শইকীয়া, লাইভ গহপুৰ ৷

আজিৰ যুগত এজন মন্ত্ৰীৰ কি কি থাকে বাৰু ? দেশ-বিদেশত ডাঙৰ ডাঙৰ কংক্ৰিটৰ বাসগৃহ? অত্যাধুনিক বিলাসী গাড়ী আৰু কত যে কি !! কিন্তু আজি আপোনালোকক এনেজন ব্যক্তিক চিনাকি কৰাই দিম, যিজন ব্যক্তি কেইবাবাৰো বিধায়ক আৰু গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হোৱাৰ পিছতো তেওঁৰ নিজৰ বুলিবলৈ নাই এখন বিচনা, নাই এটা ঘৰ ৷ ভাতৃৰ ঘৰত থাকি জীৱন অতিবাহিত কৰিছে গহপুৰৰ ৰাম শৰ্মাই ; জনবন্ধু ৰাম শৰ্মাই~~~

১৯৩০ চনৰ ২৫ জানুৱাৰীত শিৱসাগৰ জিলাৰ চিৰাখোৱা চাপৰিত জন্ম হৈছিল ৰাম শৰ্মাৰ। গাঁৱৰ পৰা গুচি আহি হাতীবন্ধিয়া অঞ্চলৰ এঘৰ মানুহৰ ঘৰত থাকি ১৯৪৭ চনত স্থানীয় প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল তেওঁ। আৰ্থিক দূৰৱস্থাৰ বাবে তেওঁ সেই সময়ত ম’হ গোৱালো আছিল। সেই সময় স্বাধীনতা আন্দোলনৰ সময় আছিল… গহপুৰ সমষ্টিৰ কলংপুৰ মৌজাৰ ডিপৰাত ম’হ চৰাই থাকোঁতে ৰাইজৰ সৈতে গোপন মিটিংত তেওঁ লগ পাইছিল জ্যোতি প্ৰসাদ আগৰৱালা আৰু বহু বিশিষ্ট গণ্য মান্য ব্যক্তিক। ইমান আগ্ৰহেৰে মিটিং শুনি থকা দেখি জ্যোতি প্ৰসাদ আগৰৱালাই ৰাম শৰ্মাক ওচৰলৈ মাতি আনি তেওঁৰ লগত পৰিচয় হৈছিল। শৰ্মাই জ্যোতি প্ৰসাদৰ গান এটি গাই জ্যোতি প্ৰসাদ আগৰৱালাক মোহিত কৰিছিল। মৰম বুটলিবলৈ সক্ষম হয় জ্যোতি প্ৰসাদৰ। ৰাম শৰ্মাৰ পাণ্ডিত্য দেখি প্ৰধান শিক্ষকে এবছৰতে এল. পিৰ ডেউনা পাৰ কৰাই দিছিল। ১৯৪৮ চনত শ্বহীদ কনকলতা বৰুৱাৰ জন্মভূমি বৰঙাবাৰীৰ এম.চি.ডিত নাম ভৰ্তি কৰে চফল ডেকা শৰ্মাই। হাইস্কুল পঢ়ি থকাৰ সময়তে ১৯৫৬ চনত অসমত তেল শোধনাগাৰ আন্দোলন আৰম্ভ হৈছিল। জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে অসমবাসীয়ে এই বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। অসমৰ মাটিৰ পৰা ওলোৱা খাৰুৱা তেল অসমৰ বাহিৰত শোধন কৰাৰ বাবেই অসমৰ ৰাইজে আন্দোলন কৰিছিল। অসমৰ তেল অসমতে শোধন কৰিব লাগিব এই দাবী আছিল ৰাইজৰ। এই প্ৰতিবাদৰ বাবে অসমলৈ আহিছিল জৱাহৰলাল নেহৰু আৰু কে.ডি মালৱ্য। এই আন্দোলনত যোগদান কৰি ৰাম শৰ্মাই লখিমপুৰত জেল খাটিবলগীয়া হৈছিল। আৰু জেলৰ পৰা মুক্ত হৈ লখিমপুৰ চৰকাৰী হাইস্কুলত মেট্ৰিক পৰীক্ষা দি তৃতীয় বিভাগত পাছ কৰিছিল। ১৯৫৭ চনত বৰ্তমানৰ চাৰ্কিট হাউছৰ কাষৰ এম.ভি স্কুলৰ কেম্পাছত কেইজনমান সমবয়সীয়া ছাত্ৰ আৰু স্থানীয় ৰাইজৰ সহযোগত উত্তৰ লখিমপুৰ কলেজ স্থাপন কৰিছিল। এম.এ পাছ কৰি বহি থকা যোগানন্দ বৰগোহাঁই আৰু কে. এম পানি আৰু এজন ব্যক্তিৰ সহযোগত কলেজ খনত শিক্ষাৰম্ভ হ’ল। নিজে প্ৰতিষ্ঠাৰ লগত জড়িত থাকি তেওঁ নিজেই ছাত্ৰ হ’ল কলেজখনৰ। অধ্যক্ষ হিচাপে নিযুক্ত হ’ল যোগানন্দ বৰগোহাঁই। ৰাম শৰ্মাই জীৱনত শিক্ষকতা কৰিম বুলিয়েই ভাবিছিল। ১৯৫৪চনত সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে মাক আৰু ককায়েকে বলপূৰ্বকভাৱে বিবাহ পাশত আবদ্ধ কৰাইছিল গহপুৰ গমিৰিৰ ৰোহিতা দেৱীৰ সৈতে।

১৯৬০ চনত গহপুৰ হাইস্কুলত শিক্ষক হিচাপে নিযুক্ত হৈছিল ৰাম শৰ্মা। শিক্ষক হৈ থকা সময়তে তেওঁ জন্ম দিছিল ছয়দুৱাৰ ছাত্ৰ সন্থাৰ । (সদৌ অসম ছাত্ৰ সন্থা সেই সময়ত নাছিল।) কেইবাবছৰো তেওঁ প্ৰতিষ্ঠাপক সভাপতিৰ আসন আছিল। তেওঁ ১৯৬০ চনৰ পৰা ১৯৭২ চনলৈ গহপুৰ হাইস্কুলত শিক্ষকতা কৰিছিল। ৰাম শৰ্মাৰ পৰিয়াল বুলিবলৈ আছিল পত্নী আৰু জীয়েক হেমলতা।ৰাম শৰ্মাই যেতিয়া গহপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল তেতিয়া তেওঁক উৰিষ্যাৰ মুখ্যমন্ত্ৰী বিজু পাটনায়কে সুধিছিল— “ইলেকচন খেলিবলৈ তোমাৰ হাতত কিমান টকা আছে ’’? ৰাম শৰ্মাই তেতিয়া কৈছিল, “মোৰ পইচা ৰাইজৰ হাততহে আছে”। ৰাম শৰ্মাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰোঁতে ৰাইজে গাইছিল “ৰাম শৰ্মাক ভোটো দিম, নোটো দিম” অৰ্থাৎ ভোটো দিব পইচাৰে সহায়ো কৰিব। মাত্ৰ ১৯ টকা মূলধন হিচাপে লৈ নিৰ্বাচন খেলিছিল শৰ্মাই। ১৯৭২ চনত তেওঁ প্ৰজা চ’চিয়েলিষ্ট পাৰ্টিৰ পৰা গহপুৰ সমষ্টিৰ হৈ প্ৰতিনিধিত্ব কৰি জয়ী হৈছিল। ছিলঙৰ বিধান সভাৰ মজিয়ালৈ যাওঁতে মহিম ৰাজখোৱাই এযোৰ জোতা আৰু কীৰ্তি কুমাৰ শৰ্মাই এটা গৰম কোট দিছিল। ১৯৭৮ চনত জনতা দলৰ প্ৰাৰ্থী ৰূপে গহপুৰ বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ গোলাপ বৰবৰাৰ মন্ত্ৰী সভাত সংসদীয় সচিব, পৰিবহণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী হিচাপে নিযুক্ত হৈছিল ৰাম শৰ্মা। পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত ১২৬ জন বিধায়কক পৰিবহণ বিভাগৰ পৰা লাভ হোৱা টকাৰে এক লাখকৈ সমষ্টিৰ উন্নয়নৰ নামত দিছিল । ৰাম শৰ্মা আছিল প্ৰকৃতাৰ্থত এজন জননেতা,সু-বক্তা, সাম্প্ৰতিক সময়ৰ লেতেৰা ৰাজনীতিয়ে ঢুকি পাব নোৱাৰা এজন নিষ্ঠাৱান সমাজসেৱক।

ৰাম শৰ্মা বৰ্তমান গহপুৰ ধেনুধৰা গাঁৱৰ বাসিন্দা । তেখেত বৰ্তমান শয্যাগত ৷ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বৰ্তমানৰ সময়ে ঢুকি নোপোৱা এইজন মহান মানৱৰ বাবে ৷

IMG-20160116-WA0000

bipul bora

Leave a Reply