জোনবাই এ’ তৰা এটি দিয়া

সৃষ্টি বকুল বিনীতা

( যোৱা সংখ্যাৰ পিছৰপৰা )

শুই উঠিয়েই পদূলিমুখ পালোগৈ ৷ পৃথিৱীখন চাৰিওফালে সেউজীয়া চাদৰ এখনেহে যেন ছানি পেলাইছে ৷ পদূলিমুখতে থকা শেৱালীজোপা নিয়ৰত জপ্ জপীযা হৈ পৰিছে ৷ গোটেই নিশা বগা শেৱালীবোৰে চোতালখনত সুগন্ধ বিয়পায় যেন ভাগৰত শুই পৰিছে ৷ শেৱালীৰ দলিচাখন চুই চাবলৈ মন গ’ল ৷ ইমান মৰমলগা, ইমান আলসুৱা ৷ নিয়ৰতিতা শেৱালী আৰু দুবৰিৰ স্পৰ্শত মই শিহৰিত হৈ উঠিলো ৷ দুবৰিবোৰ গচকি গচকি মই পথাৰখনৰ কাষ পালোগৈ য’ত সূৰ্যোদয় উপভোগ কৰিব পাৰি ৷ পাহাৰখন ফালি বেলিজনী ওলাই আহিছে ৷ বাঃ কি বিতোপন ! কবি নৱকান্ত বৰুৱাই সেয়ে হয়তো গাইছিল—

ভালপাওঁ আকাশৰ মেঘৰ ধেমালি
বেলিৰ লগত থাকে লুকা-ভাকু খেলি
ভালপাওঁ পুৱতিৰ কোমল ৰ’দালি
দেখা দিয়া কুঁৱলীৰ বগা জাল ফালি ৷

সঁচা পথাৰখনৰ সীমান্ততে থকা পাহাৰখনৰ বুকুৰপৰা কুঁৱলীৰ বগা ওৰণিখন আঁতৰাই ন-কইনাৰ দৰে বেলিজনী ওলাই আহিছে ৷ মোৰ এনে লাগিছে যেন পৃথিৱীৰ কোনো প্ৰান্তৰ পৰা ওলোৱা নাই ৷ আমাৰ গাওঁখনিৰ পূব দিশৰ পৰাহে ওলাই গৈ পৃথিৱীত পোহৰ বিলাব ৷ বেলিৰ হালধীয়া জিকমিক পোহৰত দুবৰিত লাগি থকা নিয়ৰবোৰ মুকুতাৰ দৰে চিক্ মিকাই উঠিছে ৷ দুবৰিবোৰ গচকিবলৈ মোৰ মন নগ’ল ৷ মুকুটাপিন্ধা দুবৰিৰ মুগ্ধত আছন্ন হৈ পৰিলো ৷ দুবৰিবোৰ, মুকুতাবোৰক মোৰ বুটলি ল’বলৈ মন গ’ল ৷

—-মাইনী ৷ পিছফালৰ পৰা মতা পলাশীৰ মাতত মই চক্ খাই উঠিলো ৷ তাইৰ মুখত বিষণ্ণতাৰ চাপ ৷ চুলিবোৰ আউলি-বাউলি ৷ মলিন ফ্ৰকটো দুই এঠাইত ফুটা ৷ বহুত দিন নেদেখা মানুহৰ দৰে এনে এটি সুন্দৰ পুৱাত মই বিষণ্ণ পলাশীক ভূত দেখা মানুহৰ দৰে চাই থাকিলো ৷ হঠাৎ তাই ফেঁকুৰি উঠিল ৷

—-কি হ’ল পলাশী ? মই খুউব মৰমেৰে তাইক সুধিলো ৷ মই নিজে নিজেই অনুমান কৰি লৈছো ৷ ঘৰত আকৌ অঘটন ঘটিছে ৷ তাই বেঁকা দৃষ্টিৰে মোলৈ চাই থাকিল ৷ তাইৰ সোঁহাতত ওলমি আছে স্কুললৈ নিয়া কিতাপৰ বেগটো আৰু বাওঁহাতত মলিয়ন কাপোৰবোৰ মেৰিয়াই অনা কাপোৰৰ টোপোলাটো ৷ তাইৰ চকুযোৰ দেখি এনে লাগিল কালি গোটেই নিশা তাই কান্দিছিল ৷ গোটই নিশাটো চাগে শোৱাও নাই ৷ ভোক-শোকত জৰাজীৰ্ণ হৈ পৰা তাইৰ ৰূপটো দেখি মই ক’লো —-

—- তোৰ ভোক লাগিছে ন পলাশী ?

—- ওঁ, তাই শলাগিলে ৷ পুনৰ চকু-মুখ একাকাৰ কৰি নাকৰ পাৰেদি চকুপানীৰ সোঁত এটি নিজে নিজে বৈ আহিল ৷ মই তাইৰপৰা সেই সময়ত কোনো কথা শুনাৰ প্ৰয়োজনবোধ নকৰিলো ৷ তাইয়ো হয়তো বুজিব পাৰিলে যে একো নোকোৱাকৈ মই তাইক দেখিয়েই বুজিব পাৰিছো বুলি ৷ কাপোৰৰ টোপোলাটো মই তাইৰ হাতৰ পৰা লৈ ক’লো—-

—-ব’ল ঘৰলৈ গৈ মুখ-হাত ধুই লওঁগৈ ৷ তাৰপাছত কিবা এটা খাই ল’ম ৷ আহ ৷
তাই মোৰ পিছে পিছে আহিল ৷ মাজে মাজে তাইৰ নাকেদি পানী উজাই থকা শব্দ মই শুনা পালো ৷
—- কান্দি নাথাকিবি ৷ সকলো ঠিক হৈ যাব ৷ অকণমান সুৰত জোৰ দি কথাটো ক’লো ৷ তাই বাধ্য হৈ কান্দিবলৈ এৰিলে ৷

জলপান খাই থাকোতে পলাশীয়ে যিখিনি কথা বিবৰি ক’লে মই থৰ হৈ ৰ’লো ৷ তাই ক’লে—-
—-মাইনী, মই আৰু ঘৰলৈ নাযাওঁ ৷
—-কিয় ? মই আচৰিত হৈ সুধিলো ৷
—-কিয় তই গম পাইছই ! মুঠতে কচোন মোক তহঁতৰ ঘৰত থাকিবলৈ দিবিনে নাই ? তহঁতৰ ঘৰত যি কৰিবলৈ কয় মই তাকে কৰিম ৷ কিন্তু মই ঘৰলৈ নাজাওঁ ৷ পলাশীয়ে আবেগ, আগ্ৰহ সকলো ঢালি ক’লে ৷
—-কেনেকৈ কিয় কাছ পলাশী ? তোক ঘৰৰপৰা আজি খেদি দিছে নেকি ? তোৰ পিতায়ে কিবা কৈছে নেকি ?
—-পিতায়ে একো কোৱা নাই ৷ কালি পিতা আৰু দাদাৰ খুউব কাজিয়া লাগিল ৷ আমাক কাটিবলৈ সি দা লৈ বিচাৰি ফুৰিছিল ৷ তাৰ ভয়তে আমি গোটেই ৰাতি উজাগৰে হাবিত থাকিলো ৷ মই খুব ভাবিলো ৷ এনেকৈ আৰু নহ’ব সেয়ে আজি দোকমোকালিতে হাতত সাৰে ভৰিত সাৰে মই গৈ ঘৰ পালোগৈ ৷ কিতাপ আৰু কাপোৰ খৰধৰকৈ লৈ তহঁতৰ ঘৰলৈকে ল’ৰি আহিলো ৷ মই ইয়ালৈ আহিছো বুলি পিতায়ে নাজানে ৷

পলাশীক মই কি ক’ম ভাবি নাপালো ৷ কিন্তু উপলব্ধি কৰিলো তাইৰ যে কিমান দুখ ৷ তাইৰ ঠাইত মই হোৱা হ’লে কি কৰিলো হেঁতেন বাৰু ? তাই পুনৰ ক’লে —-

—-মাইনী, মোৰ বৰ ভয় লাগিছে ৷ তহঁতৰ আইহঁতে মোক থাকিবলৈ দিবনে বাৰু ?
—-মই নাজানো ৷ কিন্তু মই কথাটো ক’ব লাগিব ৷ এতিয়াই ক’ব নালাগে ৷ আজি স্কুলৰ পৰা আহি লওঁ, তাৰ পাছত ক’ম দেই ৷ তাইক মই সাহস দি ক’লো ৷ মোৰ কথাত তাই পতিয়ন গ’ল যদিও চিন্তাই তাইক  লগ এৰা নিদিলে ৷

স্কুলত পঢ়াৰ ক্ষেত্ৰত এইকেইদিন হেঁচা বেছি পৰিছে ৷ ছাৰসকলৰ তৎপৰতা দেখিয়ে বুজিছো যিকোনো সময়ত প্ৰশ্নৰ মুখামুখি হ’ব পাৰো ৷ সেয়ে মনটো সজাগ কৰি ৰাখিবলৈ বাধ্য হৈছো ৷ ৰাজগুৰু ছাৰে বৰ সুন্দৰকৈ অংক শিকাই গ’ল ৷ বৰ্ডতো কৰিবলৈ দিলে ৷ পাৰিলো ৷ পলাশীক চালো, তাই মন মাৰি আছে ৷ ক্লাছত সোমাই অসমীয়া ছাৰে কবিতা এটাৰ মূলভাৱ সুন্দৰকৈ বৰ্ণাই গৈছে ৷ কবিতা বুলিলেই মোৰ মন উৎফুল্লিত হৈ উঠে ৷ হঠাৎ ছাৰে খঙেৰে ক’লে—-

—-পলাশী কি হ’ল ? পঢ়াত মন নিদি টোপনিয়াই আছ যে; মই নিচুকণি গীত গাইছো বুলি ভাবিছনেকি হুঁ ? পলাশীয়ে তললৈ মূৰ কৰি থিয় হৈ থাকিল ৷ ওৰে নিশা শুবলৈ নোপোৱাৰ বাবে ক্লাছত তাই ক’ব নোৱাৰাকৈ টোপনি গৈছিল ৷ তাইক ছাৰে পুনৰ ক’লে—-বহ ৷ “ল’ৰা-ছোৱালীয়ে পঢ়াত মন নিদিলে আমাৰ পঢ়ুৱাবলৈ মন যাব নেকি হু ?” পলাশীৰ কথা মোৰ ছাৰক ক’বলৈ মন গ’ল ৷ ছাৰ কিছুমান ক্ষেত্ৰত বৰ উদাৰ ৷ কিছুমান ক্ষেত্ৰত বৰ খঙাল ৷ সেয়ে ছাৰক ওকালতি কৰিবলৈ মোৰ সাহস নহ’ল ৷ অৱশ্যে মোৰ তেনে কৰাৰ প্ৰয়োজন নহ’ল ৷ ছাৰৰ এটা ধমকতে তাইৰ নিদ্ৰাদেৱীজনী ক’ৰবালৈ উৰা মাৰিলে ৷ মাত্ৰ তাইৰ চকু দুটা ৰঙা পৰি থাকিল ৷ তাৰ পাছৰ শ্ৰেণীবোৰত মনোযোগ দিলো যদিও পলাশীৰ চিন্তাটোৱে মোৰ লগ নেৰা হ’ল ৷

আইহঁতে তাইক আমাৰ ঘৰত থাকিবলৈ নিদিলে তাই বাৰু কি কৰিব ??

ক্ৰমশ…

bipul bora

Leave a Reply