ঢুলীয়া ওজা সীমান্ত তামুলীৰ সৈতে এখন্তেক

লোকবাদ্য ঢোলৰ সৈতে একাত্ম, ঢুলীয়া,
“ঢোলত চাপৰ মাৰি”ৰ স্ৰষ্টা
সীমান্ত তামুলী দেৱৰ সৈতে    “ঢোল বায় ক’ত ,ৰতন পুৰতখোল বায় ক’ত, ৰতন পুৰত ।””  মঘাই বোলে ঢোলৰে মাত ধিনিকি ধিন্দাও, সোণৰ অসম নালাগে মোক মাটিৰে সজাও।”

এনে কত গীত , কথা এনে কত মালিতাৰ মাটিময় সুৰৰ ঝংকাৰ, উঠিছিল এটি মাথোঁ বাদ্যক লৈয়ে । এটি মাথোঁ বাদ্যৰ চাপৰত নিনাদিত হয় জাতিৰ সমগ্ৰ সত্বা।পৃথিৱীক উৰ্বৰা কৰোৱাই , শস্যে -মৎস্যে উভৈনদী কৰোৱাই, অপদেৱতাক খেদোৱাই ,মান্য জনক আদৰি বাদ্য টি অসমীয়া সংস্কৃতিৰ আঁহে আঁহে চিৰ বিদ্যমান । প্ৰতি জন অসমীয়াৰ বুকুৰ আপোন চেনেহী হতঁৰ হিয়াৰ আমঠু , ঢোলবাদ্য। ইতিহাস খুঁচৰিলে প্রাপ্ত তথ্যানুসৰি খুনলুং-খুনলাইয়ে লেংডনৰ পৰা এযোৰ ঢোল পাইছিল বুলি প্ৰবাদ আছে। আনহাতে কিছুৱে অসম মুলুকৰ ঢোলক প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জৰ ঢোলৰ লগত মিল আছে বুলি ক’ব খোজে। এই কথাৰ পৰা ঢোল মুলতঃ অষ্ট্ৰিক সংস্কৃতিৰ অবদান বুলি ক’ব পাৰি। অবশ্যে বাদানুবাদ ইতি পৰা নাই।               অসমীয়া সংস্কৃতিৰ পথাৰ খনত সগৌৰবেৰে দপ দপাই থকা অনবদ্ধ বাদ্যটি এচাপৰ বজোৱাৰ হেপাঁহে উতলা কৰি তুলিছিল মঘাই ওজা, তুলসী ওজা, প্ৰসেন ওজা , সোমনাথ ওজাকে ধৰি অসমৰ চুকে -কোনে অলেখ জনক। এই বাদ্যক লৈয়ে সপোন দেখিছিল বহুজনে । সেই সপোনৰে আঁত বিছাৰি আমি থিয় দিছিলোগৈ ঢোলৰ সৈতে একাত্ম-প্রাণ, প্ৰখ্যাত ঢুলীয়া ধেমাজি চিলাপথাৰৰ সীমান্ত তামুলী দেৱৰ চোতালত।

ফেঁহুজালি : নমস্কাৰ ; সীমান্ত তামুলী দেৱ । আপোনাক ফেঁহুজালিৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ ।

সীমান্ত তামুলী : ধন্যবাদ ।

ফেঁহুজালি : ঢোলক  লৈ দেখি থকা সপোনৰ কিছু আভাস বুটলি বলৈ আমি আহিছোঁ । তেন্তে আগ বাঢ়িব পাৰো নে ?

সীমান্ত তামুলী : নিশ্চয় ; আগবাঢ়ক।

ফেঁহুজালি : অসমীয়া সংস্কৃতি; ঢোল, পেপা ,গগনা লহৰত ; ডবা, কাঁহ, শংখৰ নিনাদত উমান পোৱা যায় বুলিলেও ভুল কোৱা নহ’ব। সম্প্রতি সংগীতৰ জগতত নিতে নতুন বাদ্যৰ আমদানি হৈয়ে আছে। তথাপিও আপুনি নৱপ্ৰজন্মৰ এজন প্ৰতিনিধি হিচাবে ঢোল বাদ্যক কিয় আন্তঃকৰণেৰে আকোৱালি ল’লে ?

সীমান্ত তামুলী : ঢোলক মই অন্তৰৰ পৰা ভাল পাইছিলো। সৰুৰে পৰা ৰেডিঅ’ত খুৱ মনযোগেৰে ওজা-পালিৰ পৰিবেশিত অনুষ্ঠান বোৰৰ প্রচাৰণ শুনিছিলো। সৰুতে মই আনকি বাঁহৰ চুঙাত ৰছী ভৰাই ঢোলৰ দৰে কান্ধত ওলমাই ফুৰিছিলোঁ ।

ফেঁহুজালি : চুঙাত ঢোল বজাবলৈ আৰম্ভ কৰাৰ পৰা আজি ১৯ টা ঢোল সমানে বজাব পৰা হোৱালৈকে আপুনি যথেষ্ট অভিজ্ঞতাৰে পুষ্ট । কি দৰে গঢ় দিলে বাদ্যটি উত্তম হয় বুলি আপোনাৰ মনে ধৰে?

সীমান্ত তামুলী : ঢোল গঢ়াৰ সন্দৰ্ভত যোজনা এফাঁকি মনত পৰিছে -“কঠালৰ কাঠেৰে/ঢোলটো সাজিলো//চেউৰী গৰু ছালেৰে চালো।বুঢ়া গৰু ছালেৰে /বৰতি সাজিলো//বাঁহৰ মাৰিৰে বালো ।।”          আম,কঠাল, চামৰ ডিমা ছাল কপিলী গাইৰ ভাল হয়। বৰতি বলধৰ।

ফেঁহুজালি : আপোনাৰ শৈশৱৰ বিষয়ে কিছু কওকচোন ?

সীমান্ত তামুলী : নিশ্চয় কৈ। শৈশৱ সকলোৰে মনোৰম।যদিও টেঙা বল খেলি ধপলিয়াই ফুৰিছিলোঁ , মনটো কিন্তু মোৰ ঢোলত হে আছিল । চিলাপথাৰ, গেলোৱা কেণ্ডুগুৰী মইনা পাৰিজাতত নিচেই সৰুৰে পৰা জড়িত হৈ আছিলোঁ ।জ্যোতিৰূপা সংগীত বিদ্যালয়ত মই তবলা শিক্ষাৰ আৰম্ভ কৰিছিলোঁ । ১৯৯৫ চনৰ কোনোবা এটা  বৃহস্পতিবাৰে ঢোল শিকিবলৈ জপৰা বায়নক গুৰু মানি লওঁ। তেখেত আমাৰ ঘৰলৈ আহি গোহালিত বা চোতালত মোক ঢোল শিকাইছিল । মাজে মাজে মায়ে পিঠাগুড়ি লাৰুৰ লগত চাহ পানী দি থাকে।কি যে মধুৰতম সময় আছিল । মই তেতিয়াই মন কৰিছিলো যে চাপৰ বোৰ বেলেগ বেলেগ হয়। মোৰ প্ৰথম বিজ্ঞান সন্মত গুৰু আছিল কিন্তু দেউতা। দেউতাই মোক চাপৰ বোৰ লিপিবদ্ধ কৰিবলৈ কৈছিল । তাৰ পিছতেই মোৰ মনলৈ ঢোলৰ চাপৰ বোৰত সমসাজ পিন্ধোৱাৰ ধাৰণাটো আহে।

ফেঁহুজালি : ঢোলটিক লৈ দেখা সপোন বোৰৰ কিছু আভাস দাঙি ধৰিব নেকি?

সীমান্ত তামুলী : ঢোলক লৈয়ে সৰুৰ পৰা বিভোৰ আছিলোঁ আৰু এতিয়াও । ঢোলৰ চাপৰ বোৰ সুসংহত কৰি গঢ় দিয়াৰ এটা সপোন আছে।একেটা চাপৰকে বহুতে বুটপুতিও কয় বহুতে গুটপুতি কয়।এই বোৰ লিখিত আকাৰে সম সাজ পিন্ধোৱাই মূল লক্ষ্য ।আৰু নৱ প্ৰজন্মৰ কান্ধত বাদ্য হিচাবে সুসংহত কৰি প্ৰতিষ্ঠা কৰা এটা সপোন।

ফেঁহুজালি : ন কৈ ওলোৱা বাদ্য বোৰে ঢোল বাদ্যটিৰ ওপৰত বিৰোপ প্ৰভাৱ পেলাব বুলি ভাবেনে?

সীমান্ত তামুলী : মুঠেই নাভাবো। নতুন কিছু বাদ্য আহিলেও ঢোল মৰি নাযায়। চৰাই চিৰিকটিৰ মাত , গছ-বনৰ সাজ , চহা জীৱনৰ একো খন চিত্ৰ ঢোলতেই সোমাই আছে। অনবদ্ধ বাদ্য হিচাবে এক নম্বৰত আছে। অসমীয়া মানুহৰ মনত ঢোল হীৰাৰ টুকুৰা যেন।

ফেঁহুজালি : বৰ্তমান চাপৰবোৰ আৰু আগৰ চাপৰবোৰৰ কিবা পৰিৱৰ্তন দেখিছে নেকি?

সীমান্ত তামুলী : ঠাই ভেদে চেও বোৰ ভিন্ন আছিল । অতীতৰ বিয়াৰ পানী তুলিবলৈ যোৱা চাপৰ , দৰা যাত্ৰাৰ চাপৰ ; দীঘলীয়া ছেও, বিজয়ৰ পৰত মৰা ছেও আদি সময়ৰ বুকুত প্ৰায় হেৰাই যাওঁ যাওঁ।

ফেহুঁজালি : অসমতে নহয় ভাৰতৰ ভিন্ন প্ৰান্তত আপুনি ঢোল বাদন কৰিছে। অসমৰ বাহিৰৰ মঞ্চত ঢোলবাদন কৰোঁতে কেনে অনুভৱ হয় অসমীয়া হিচাপে ?

সীমান্ত তামুলী : হয় মই অসমৰ ধুবুৰী , নলবাৰী, বঙাইগাঁও, শিৱসাগৰ, বাক্সা আদিকে ধৰি অসমৰ বাহিৰৰ মুম্বাই, মাইচুৰ, বাংগালোৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, চিত্ৰকুট, এলাহাবাদ, জয়পুৰ, পাঞ্জাৱ, দিল্লী, ফৰিদাবাদকে ধৰি বহু ঠাইত পৰিবেশন কৰিছো।অসমী আইৰ বুকুত গমগমাই থকা ঢোলৰ চাপৰে যেতিয়া ভাৰতৰ ভিন্ন প্ৰান্তৰ মঞ্চবোৰ কঁপাই তোলে অসমীয়া হিচাপে বুজাব নোৱাৰা পুলক অনুভৱ কৰোঁ । ভগৱানক খাতিৰ কৰিবলৈ মন যায়। বাদ্যটিয়ে যেন বিশ্ব-দৰবাৰত প্ৰতিষ্ঠা লাভ কৰে।

ফেহুঁজালি : অসমৰ ভিন্ন ঠাইবোৰত পৰিবেশন কৰোঁতে সকলো ঠাইতে আগ্ৰহ বা আদৰ একেই পাইছেনে?

সীমান্ত তামুলী : নহয়। অসমৰ পূবতকৈ পশ্চিম ফালে আদৰ সাদৰ বা আগ্ৰহ বেছি। ওজাপালিৰ প্ৰভাৱেই এই দিশ তো লক্ষণীয় কৰিছে।

ফেহুঁজালি : ঢোলৰ বুলনি কি কি আছে?

সীমান্ত তামুলী : ৰাজ বুলনি , মৎস্য বুলনি, চৰাই বুলনি আদিয়েই প্ৰধান । বোলৰ ক্ষেত্ৰত লুহুৰি বতা, কপাহ ধুনা, দহিকতৰা, তেলেঙনা আদি।

ফেঁহুজালি : কোনোবাই কৈ গৈছিল  ” সময় আৰু সংগ্ৰাম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ।” কথাষাৰ আপোনাৰ ক্ষেত্ৰত কিমান সঁচা ?

সীমান্ত তামুলী : এশ শতাংশই সঁচা। পাৰহৈ যোৱা সময় বোৰৰ প্ৰতিটো চেকেণ্ডতে মোৰ সংগ্ৰাম নিহিত হৈ আছে। মোৰ দেউতা আছিল শিক্ষক । মই অকল ঢোল টো লৈ ব্যস্ত থকাৰ বাবে দেউতাৰ সহ্য হোৱা নাছিল । আনকি স্কুলত মতৰ বাবে কথাও শুনিব লগা হৈছিল । কথাই কথাই কৈ থাকে ঢোলে নুখুৱায় । ঘৰৰ লগতে সংগ্ৰাম আৰম্ভ হৈছিল ।ঢোলটোৰ বাবেই এদিন ঘৰ এৰি গুৱাহাটী পালোগৈ। ঢোলৰ সুসংহত চাপৰ একত্ৰিত কৰাৰ কথা কওঁতে সোমনাথ বৰাই উৎসাহ দিয়া নাছিল । অৱশ্যে প্ৰসেন বৰাই যথেষ্ট উৎসাহিত কৰিছিল । হলে কি হ’ব ? গুৱাহাটীৰ কথা , তাতে হাতত নাই কণটো , বৰ সবাহলৈ মনটো। নাচনী এজনীক নচুৱাই সামান্যতম পইছা কেইটকা মান পাওঁ , দিনটো নোজোৰে।এনে অৱস্থা হৈছিল গৈ যে ২০০৫ চনত গনেশগুৰিৰ গুমটি বোৰত বৰদান বিড়ি বিক্ৰী কৰিছিলো। মই বিড়ি খিনি দোকান বোৰত দি দিলেই দিনটোত ৮০ টকা পাওঁ। ঢোলৰ বাবেই এদিন লগ পালো পাকিজা বেগম বাইদেউক । বাইদেউৰ ভাৰা ঘৰতে থাকিবলৈ লওঁ। টকাৰ টাড়নাত মাটিৰ কাম কৰিবলৈও বাধ্য হওঁ। আনকি বেলতলাত দিনে ১২০ টকা হাজিৰাত পাইখানাৰ গাত খান্দিব লৈ লৈছিলো।কিন্তু মূল লক্ষ্য ৰ পৰা আতৰি অহা নাছিলোঁ । চাপৰ বোৰৰ সমসাজৰ প্ৰতিলিপি   তৈয়াৰ কৰি গৈছিলো। ২০১১ চনত  চি,চি,আৰ, টি,  ৰ ফৰ্ম ফিলাপ কৰো। বিষয় আছিল – “বিবাহ অনুষ্ঠানত অসমীয়া ওজা ঢোলৰ প্ৰাসংগিকতা ।” ২০১৩ চনত ২০০ জনৰ ভিতৰত মোৰ নামটো আহিল। জলপানি পাই আৰু অলপ সাহস বাঢ়িল। সমসাজৰ সপোন পুৰ কৰি ১০১ টা খৰা চেও সন্নিৱিষ্ট  “ঢোলত চাপৰ মাৰি ” শীৰ্ষক এখন কিতাপ লিখি উলিয়াওঁ। গুৱাহাটীৰ প্ৰেছ ক্লাৱত উন্মোচিত হয়। এতিয়াও লাগি আছোঁ কামত ।

ফেঁহুজালি : আপোনাৰ সংগ্ৰামৰ গাঠাই আমাকো শিহৰিত কৰি তুলিলে। দহজনৰ পাথেয় হওক আপোনাৰ জীৱন। কাৰ ওচৰত  আপুনি গুৰু মানিছিল ?

সীমান্ত তামুলী : মুখ্য গুৰু -তুলসী ওজা । গুৰু আছিল -গোপাল ওজা, হিতেশ্বৰ শইকীয়া। বৰ্তমান- ধনেশ্বৰ শইকীয়া।

ফেঁহুজালি : বিহু অসমীয়াৰ বাপতিসাহোন । সংস্কৃতিৰ এনাজৰী।বৰ্তমান এই জাতীয় উৎসৱটো শিল্পী সকলে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে যেন বোধ হয়।অসমীয়া জাতিটোৱে ৩ মাহলৈ নাচি থকা জাতি হিচাপে বিশ্ব দৰবাৰত চিহ্নিত হ’বলৈ গৈ আছে । এই ক্ষেত্ৰত আপোনাৰ ক’ব লগীয়া আছেনে ?

সীমান্ত তামুলী : তিনি মাহ জোৰাই উদযাপন কৰা বিহু সহ্য নহয়। অপ্ৰিয় হলেও সত্য, বিহু কমিটি সমুহে মঞ্চ বিহুত ঢুলীয়া সকলক উপযুক্ত সন্মান দিব নিবিচাৰে। মঘাই ওজাৰ দিনৰে পৰা আজিলৈকে   গায়ক আৰু ঢুলীয়া সকলক  একে চকুৰে চাবলৈ লোৱা নাই। এইটো এটা আক্ষেপ ,,,,,।

ফেঁহুজালি : নিশ্চয়, সকলোৱে ভাৱিবৰ হ’ল। অধ্যয়ন কৰা শিক্ষানুষ্ঠান সমুহৰ নাম?

সীমান্ত তামুলী : নগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰো। হাইস্কুল – চিলাপথাৰ ৰেচিডেঞ্চিয়েল হাইস্কুল । কলেজ – চিলাপথাৰ কলেজ।

ফেঁহুজালি : আদৰ্শ ব্যক্তি?

সীমান্ত তামুলী : মোৰ দেউতা।

ফেঁহুজালি : ৰাজনৈতিক ক্ষেত্ৰখনত ?

সীমান্ত তামুলী : নিৰপেক্ষ ।

ফেঁহুজালি : প্রিয় খাদ্য ?

সীমান্ত তামুলী : হাহঁ মাংসৰ গোটা ভাজি।

ফেঁহুজালি : এগৰাকী সফল ব্যক্তিৰ আৰঁত এগৰাকী নাৰী থাকে ; আপোনাৰ ক্ষেত্ৰত ,,,?

সীমান্ত তামুলী : মোৰ মা আৰু মোৰ পত্নী চিত্ৰলেখা চুতীয়া তামুলীৰ সাহস তথা অনুপ্ৰেৰণাই মোক আজিৰ  স্থানত বহুৱালে।

ফেঁহুজালি : ভৱিষ্যত পৰিকল্পনা ? সীমান্ত তামুলী : অসমৰ জনগোষ্ঠীসমূহৰ ঢোলৰ চাপৰ বোৰৰ মৌলিকতা উদ্ধাৰ কৰা।

ফেঁহুজালি : নতুন চামক কি ক’ব ?

সীমান্ত তামুলী : নতুনচামে লোকসংস্কৃতি আগুৱাই নিয়াৰ ক্ষেত্ৰত ভালদৰে , খোলা মনেৰে শ্ৰদ্ধা সহকাৰে শিকি, কিছু সময় দি বাদ্যটিৰ উন্নতিৰ ক্ষেত্ৰত নিজকে আগবঢ়াই দিয়ক । যাতে বিশ্ব সংগীত দৰবাৰত ঢোলটোৱে উচিৎ স্থান পায়।

ফেঁহুজালি : নিশ্চয় কৈ নতুন চাম আগবাঢ়ি যাব । অভিভাৱকলৈ কি ক’ব?

সীমান্ত তামুলী : মহান ঢোলবাদ্য শিকোৱাত  অভিভাৱকেই আগ ভাগ ল’ব লাগে।

ফেঁহুজালি : ধন্যবাদ সীমান্ত তামুলী । ইমান ব্যস্ততাৰ মাজতো সময়খিনি উলিয়াই জীৱনৰ কিছু কথা আমাকো ভগাই দিয়াৰ বাবে। এইবাৰো নিশ্চয় কৰ্মশালা আছে । আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো। সপোন বোৰ পূৰ্ণ হওক। আজিলৈ বিদায় মাগিছোঁ ।

সীমান্ত তামুলী : ভাল লাগিল । আপোনালোকৰ আশীৰ্বাদেই আমাৰ প্ৰেৰণা । ‘‘ ফেঁহুজালি ’’ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ।

(ফেহুঁজালিৰ হৈ দেৱজিত্ ভূঞা)

bipul bora

Leave a Reply