সম্পাদকীয়

।।ব’হাগত জাতিয়ে স্নান কৰক ।।
‘‘ চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলি ঐ লতা
কৈনো থাকোঁ মানে ওৰকে নপৰে
ঐ ব’হাগৰ বিহুৰে কথা।’’
চ’ত সোমাওঁ নৌ সোমাওঁতেই উজনি ভাটি হয় প্রতিজন অসমীয়াৰে চিত । পৰ্বত পাহাৰৰ কন্দৰে , ভৈয়ামে ওখ ওখ গছৰ ডালত পৰি কুলি, কেতেকীয়ে বিনাই ।গছে বনে কুঁহিপাতে সলায় । দেহে মনে ওখল মাখল লগাই বসন্তৰ বতৰা দি আহে ব’হাগৰ বিহুটি । কৃষিভিত্তিক অসমীয়া সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকাৰে সংপৃক্ত এই বিহু । চ’তৰ আগমনৰ লগে লগে ন’ সাজে সজ্জিতা হয় অসমৰ প্রকৃতি । বাটে পোৱালি মেলে । মহৰ শিঙে লহৰ তোলে । মৰা গৰুৰ ছালেও মাতে । ইজাকৰ পিছত সিজাককৈ বৰষুণ :সৰুদৈচিলা , বৰদৈচিলাৰ ৰূপত অহা ধুমুহাই ঢাহি মুহি নিয়া বন বননিত মন-জুৰণীয়া ৰূপৰ বিচিত্র পোহাৰ মেলি নৱ যেন ৰূপত উজ্বলাই তোলে অসমভূমি ।খালে -দোঙে ,নদী নিজৰাই বাঢ়ি অহা ন’ পানীত উঠে মাছৰ উজান । বাৰীৰ ঢাপত ফুলে ভেবেলী -লতা , মাখিয়তি ।এজাৰ , আঁহতৰ খোৰোঙত হালি জালি ফুলে কপৌফুল, ভাটৌফুল । আগবাৰী শুৱনিকৈ ফুলে তগৰ । পদূলিৰ মুখত আমোলমোলাই নাহৰে পাতে সুবাসৰ মেলা । নঙলামুখৰ পৰা দীঘলকৈ পদূলি, চোতাল , ঘৰৰ পিৰালি, চৰাঘৰ,মাৰলঘৰ চিকুনকৈ নিৰাই , বাৰীয়ে ঢাপে জেওৰা জপনা দি, ঘৰ বাৰী চালে চকুৰোৱা কৰি বিহুটিক আদৰিবলৈ সাজু হয় অসমীয়া ।বেলি নপৰালৈ তাঁতৰ শালত মাকোৰ খিট্ খিটনি, দোক্ মোকালিৰে পৰা ঢেকীশালত ঢেকীৰ গুমগুমনি, দোভাগ ৰাতিলৈ আখলত জীয়াৰী বোৱাৰীৰ ব্যস্ততা। ভাগে ভাগে জা জলপান, পিঠা পনা যতনোৱাৰ ‘মোক খা ,মোক খা ’ গোন্ধ , পথাৰৰ বাকৰিৰ পৰা ভাঁহি অহা ঢোলৰ চাপৰে , পেঁপাৰ লহৰে ৰাই জাই কৰে প্রতিজন অসমীয়াৰ গা মন ।বাৰীৰ হালধী ,মাহতলীৰ পৰা নতুনকৈ চপোৱা মাটিমাহৰ বতাৰে গৰুৰ গা ধোৱাই , নিজেও স্নান কৰি বছৰটোলৈ দেহৰ মনৰ এলান্ধু আঁতৰাই নিকা হয় জাতি।চ’ত আৰু ব’হাগৰ সংক্রান্তিৰ দিনাৰ পৰা ব’হাগৰ সাদিন যোৱালৈ অসমীয়াই বিহু পালে । সাদিনৰ দিনা বিহু উৰোৱাই ।এয়ে আছিল এসময়ৰ অসমৰ মাটিৰ সৈতে সংপৃক্ত লোকাচাৰ , অসমীয়া সমাজৰ সুস্থ পৰম্পৰা । উত্তৰ- পূব মৌচুমী বায়ুৰ প্রভাৱত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ব’হাগৰ পৰা আহাৰ শাওনলৈ এইচোৱা সময় -বৰষুণৰ বতৰ। অসমৰ কৃষিকাৰ্য যিহেতু প্রকৃতি নিৰ্ভৰ, সেয়ে খেতি খোলাত লগাৰ আগতে ৰং ৰহইছ কৰি ব’হাগৰ সাদিনলৈ বিহু পালি গা মন টঙাই খেতিৰ বাবে কঁকালত টটঙালি বান্ধে কৃষকে । পথাৰত হাল জোৰাৰ পূৰ্বে পথাৰৰ মাজৰ ওখ ঠাই বা বাকৰিত বিহুমৰাৰ পৰম্পৰা আছিল কৃষিভূমিৰ উৰ্বৰতা বঢ়োৱাৰ কামনাৰে পালন কৰা এক লোকাচাৰ । এসময়ত পাটগাভৰু ছোৱালীয়েহে দিনে পোহৰে পথাৰৰ ঢাপত জেং বিহু মাৰিছিল। পিছলৈ অৱশ্যে সমাজৰ বান্ধোন কিঞ্চিত শিথিল হৈ অহাত গাভৰু সকলেও দুই এগৰাকী বয়সিয়াল মহিলাৰ তত্বাৱধানত পিছবেলা বেলি পৰাৰ আগলৈকে ঘৰৰ বাহিৰৰ নৈৰ গৰা বা গছ গছনিৰে আবৰা আওহতীয়া ঠাইত বিহু মাৰি ৰং ৰহইছ কৰিছিল। কিন্তু পিছলৈ ৰাতি বিহুৰ পৰম্পৰাই ঠায়ে ঠায়ে গা কৰি উঠে আৰু ডেকা গাভৰু উভয়ৰে গাইগুটীয়া দলে এক নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত ওচৰা ওচৰিকৈ বিহুমৰাৰ প্রথা প্রচলন হয় ।আজিৰ দৰে মুকলিকৈ মহিলাই বিহু নচাৰ পৰম্পৰা সেই দিনত নাছিল।
বৰঞ্চ ঘৰুৱা বন বাৰীৰ জেঙা মাৰি : বা- বোৱাৰী, জা – জোৱালী সমন্বিতে লগ হৈ কোনো এঘৰ চুবুৰীয়াৰ পিছ চোতাল বা আবুৰ ঠাইতহে বৰজনা, শহুৰ আদিসকলৰ অনুপস্থিতিত বিহু গাই ,দুই এপাক নাচি তেওঁলোকে মনৰ হাউচ পুৰাইছিল।দুই এগৰাকী কঁকাল পৰা ৰাংঢলী বুঢ়ী আইতাইও আহি এপাক কঁকাল ঘূৰাই নাচিছিলহি ।ব’হাগৰ প্রথম দিনৰ পৰাই গৃহস্থৰ চোতালত ৰাইজে হুচৰি যোৰিবৰ নিয়ম। গৃহস্থয়ো গলে বস্ত্র ধৰি শৰণাগত হৈ গুৱা পান আৰু সাধ্যানুসৰি মাননি আগবঢ়াই ৰাইজৰ ওচৰত সেৱা লয় ।ৰাইজেও বছৰটোলৈ শস্যে মৎস্যে উভৈনদী হৈ : মাৰি মৰক, অপায় অমংগলৰ পৰা পৰিত্রানাৰ্থে গৃহস্থৰ কুশল চিন্তি আশীৰ্বাদ জনাই । তাহানিৰ হুঁচৰিত নাচনীৰ স্থান নাছিল বৰঞ্চ ঘোষা পদৰ পিছতে বিহু ঢোলৰ চাপৰত ডেকা বিহুৱাৰ পুৰুষসুলভ নাচে হুঁচৰীৰ গাম্ভীৰ্য বঢ়াইছিল। ধনী দুখীয়া , জাত- পাত , উচ্চ- নীচৰ ভেদাভেদ নৰখা অসমীয়া সমাজত কাকো হেয় জ্ঞান নকৰি বছৰেকৰ বিহুদিনা প্রতিঘৰ গৃহস্বৰ পদূলি গছকি চোতালত ৰাইজৰ পদধূলি পৰিবৰ এই নিয়ম পূৰ্বাপৰ প্রচলিত ৰীতি ।যাৰবাবে সমাজৰে এজন বুলি নিঃকিন চহা গৃহস্থইও বুকুত বল পায় ।
এসময়ত ৰঙালী বিহু মানেই আছিল অসমীয়াৰ উলাহ আনন্দৰ স্বতঃস্ফূৰ্ত প্রকাশ । পিছে আজিৰ পৰা কেইদশকমান পূৰ্বেহে মঞ্চত প্রবেশ কৰা ৰঙালী বিহুৱে আশ্চৰ্য্যকৰভাবে তড়িৎ গতিত সলাইছে স্বৰূপ। সলনি হৈছে অসমীয়া সমাজ জীৱনৰ সেই চিনাকি ছবিখন। যি বিহুৱে জাতি, ধৰ্ম ,বৰ্ণ নিৰ্বিশেষে সম্প্রীতিৰ বাৰে ৰহণীয়া এনাজৰীৰে পৰ্বত ভৈয়াম একাকাৰ কৰি অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধিছিল সেই বিহুৱে আজি স্বকীয়তা হেৰুৱাইছে । আগ গুৰি কাটি আমি সোঁতত উটা অসমীয়াই হেঁপাহৰ ৰঙালী বিহুটিকো পৰ্যবসিত কৰিছোঁ নিতান্তই এক ছিন্নমূল বৰ্জিত কেৱল ৰং ৰহইছ প্রধান উৎসৱলৈ । কৃত্রিমতা সৰ্বস্ব উপাদানৰ পয়োভৰেৰে , দুমাহৰো অধিক সময় জোৰাকৈ পালিত ‘ৰঙালী বিহু’ আজি নিতান্তই বজাৰসৰ্বস্ব এক ব্যয়বহুল উদযাপনহে ,য’ত নাই কোনো কেঁচা মাটিৰ গোন্ধ তথা অসমীয়াৰ প্রাণৰ স্পন্দন।
ক্রমাৎ সলনি হৈছে বিহু পালনৰ সামগ্রিক ৰেহ ৰূপ ।এসময়ৰ অসমীয়া নাৰীয়ে ঘৰতে পোহা মুগাৰে সূতা কাটি নিজৰ লগতে পৰিয়াল পৰিজনৰ বাবে প্রয়োজনীয় সাজ পাৰ ঘৰতে বৈ লৈছিল । বিহুলৈ দিনচেৰেক বাকী থাকোতেই বৈ উলিয়াইছিল প্রিয়জনৰ বাবে চেনেহৰ বিহুৱান । সেই ছবি আজি যেন সুদূৰ পৰাহত ।অৱশ্যে ছেগা চুৰুকাকৈ ঠাই বিশেষে আজিও বৰ্তি আছে এই ঐতিহ্য । ‘ সংস্কৃতি বোঁৱতী সুঁতি’ ।এই প্রৱাহক বাধ্য দিবৰ সাধ্য নাই । যুগৰ সৈতে তাল মিলাই সম্ভাৱ্য পৰিবৰ্তনক আকোঁৱালি লৈ আগবঢ়াই শ্রেয় ।পিছে তাকে কৰিবলৈ যাওঁতে ভৰিৰ তলৰ খোঁপনি যাতে নেহেৰায়, তালৈ লক্ষ্য ৰখা বাঞ্চনীয়। গছতলৰ বিহুতলীৰ পৰা দেউতা ঈশ্বৰৰ চোতাললৈ যেতিয়া প্রথমবাৰৰ বাবে বিহুৰ আগমন হৈছিল, মূলত তেতিয়াই সূচনা হৈছিল বিহুৰ বিবৰ্তনৰ প্রথমটো পৰ্ব । ৰাজ অনুগ্রহ লাভ কৰা বিহুৱে তেতিয়াৰ দিনতে আয়ত্ব কৰিছিল গণ-জীৱনৰ পৰা ক্রম বিচ্ছিন্ন হৈ পৰিশীলিত ৰূপ পৰি গ্রহণৰ অৱশ্যম্ভাৱী চৰিত্র ।
পৃথিৱীৰ প্রতিটো জাতিৰে নিজস্ব বৈশিষ্ট্য তথা সুকীয়া পৰিচয় আছে । পৃথক জাতীয় পৰিচয় বহন কৰা উপাদানসমূহ হৈছে — ব্যৱহাৰিক জীৱন ধাৰণ প্রণালী , আদৱ কায়দা, পৰম্পৰা লোকাচাৰ , ৰীতি নীতি , খাদ্যাভাস , পোচাক -পৰিচ্ছদ , ভাষা , আচাৰ আচৰণ নৃত্য গীত মাত আদিৰ জৰিয়তে আমি বিভিন্ন জাতিৰ নিজস্ব ঐতিহ্যৰ বিষয়ে সম্যক ধাৰণা পাব পাৰোঁ । উজনিৰ পৰা নামনিলৈ অতীজৰে পৰা ৰঙালী বিহুৱে অসমীয়া জাতিৰ এই সকলো বৈশিষ্ট্য বহন কৰা জাতীয় উৎসৱ হিচাপে পৰিগণিত হৈ আহিছে । অসমৰ মাটি বায়ু পানীৰে পৰিপুষ্ট শত সহস্রজন হোজা নিৰক্ষৰ চহা কবিয়ে স্বভাৱসুলভ ভাবে ৰচা বিহুনাম ,যোঁজনাৰে , নামী অনামী অনেকজন বিহুৱা বিহুৱতীয়ে ৰাখি যোৱা ঢোল পেঁপা গননা সুতুলিৰ সুৰীয়া মাতেৰে , নাচৰ লয়লাসেৰে আমাৰ বিহু চহকী । সাম্প্রতিক দ্রুতগতিত আহি পৰা অনাৱশ্যকীয় জাকজমক , বিভিন্ন ব্যৱসায়িক গোষ্ঠীয়ে ব্যক্তিগত মুনাফা লাভৰ উদ্দেশ্য আগবঢ়োৱা স্প’নচৰচিপ্ ৰ আগ্রাসনৰ পৰা অনতিপলমে মুক্ত হওক আমাৰ চিৰ চেনেহৰ বাপতি সাহোন ৰঙালী বিহুটি ।জয়কান্ত গন্ধীয়া , নিতুল চাংমাই আদি বিহুৰ বিষয়ে বিজ্ঞ সকলে সকলে সময়ে সময়ে উনুকিয়াই অহা মঞ্চ বিহু পৰিবেশনৰ কেৰুণসমূহ আঁতৰাই শুদ্ধৰূপত বিহুৰ সাজ পাৰকে আদি কৰি ঢোল পেঁপাৰ বোলনি, নাচৰ ছেও, দেহভংগী আদি আয়ত্ব কৰি মঞ্চত বিশুদ্ধৰূপত বিহুৰ প্রদৰ্শনৰ বাবে দায়বদ্ধতাৰে সাজু হওক বিহু পৰিবেশনৰ সৈতে জড়িত প্রতিজন বিহুৱা শিল্পী। যুগৰ পৰিবৰ্তনৰ দোহাই দি অনাৱশ্যকভাবে পৰমুখাপেক্ষী হৈ পৰা আমি অসমীয়াই সময় থাকোতেই নিজৰ থলুৱা ঐতিহ্য পৰম্পৰা ৰক্ষাৰ প্রতি সচেতন হওঁ আহক । তেতিয়াহে আমাৰ বাপতিসাহোন বিহুটি হৈ ৰ’ব আমাৰ জাতীয় পৰিচয়ৰ প্রকৃত ধাৰক বাহক । আমাৰ আজিৰ ভেটিত প্রতিষ্ঠা কৰা ভৱিষ্যতৰ সৌধৰ বুনিয়দ যেন সুদৃঢ় হয়, অন্যথা কালিলৈবোৰ আজিতকৈও অধিক অন্ধকাৰাচ্ছন্ন হোৱাৰে সম্ভাৱনা প্রৱল ।এই ব’হাগতে আমি পন লওঁ আহক । অসমৰ আকাশৰ কলীয়া ডাৱৰ আঁতৰাই ন’ ৰূপেৰে উদ্ভাসিত কৰা হওক অসমীয়াৰ মান ।এই প্রত্যাশাৰে জাতিয়েও কৰক স্নান ।

bipul bora

Leave a Reply