অনুভৱৰ স্বৰ

গীতাশ্ৰী ওজা ,  শিৱসাগৰ ।

 

কলীয়া মেঘে ঢাকিছে ঐ—-

ধুনীয়া জোনৰে মুখনি ঐ—

অভিমানী মন গুচাবলৈ —

কিজানো কৰো কবানে ঐ—

 

=> হেল্ল’

=> হেল্ল’ গীত !!

=> হয় ! কোন বাৰু ?

=> তোমাক গীত বুলি কোনে মাতে ?

=> কেতিয়াবা চিনাকি কোনোবাই৷

=> অ’ হয়টো…একো নাই দিয়া ।

=> ‘জোন’ ?

=> ওম কি কৰিছা ? পাৰ্টী কৰা নাই ?

=> পাৰ্টী সন্ধ্যাতে শেষ হ’ল , গাৱঁত ইমান ৰাতিলৈ পাৰ্টী নকৰে নহয়। তুমি নিশ্চয়…

=> ওম মই পাৰ্টিতে…তোমাক নিউ ইয়েৰ উইচ কৰো বুলি ফোন কৰিলো । হেপ্পী নিউ ইয়েৰ গীত ।

=> অ থেংক ইউ । উইচ ইউ দা চেইম জোন ।

=> অকে ৰাখিছো । বাই গুড নাইট ।

=> ওম গুড নাইট । টেক কেয়াৰ ।

 

        প্ৰলয় নহয় প্ৰণয় অনা এটা মধুৰ জোকাৰণিয়ে জোকাৰি গ’ল বছৰটোৰ শেষত ওলমি ৰোৱা অন্তিমটো ক্ষণ । এপলক মৌনতাত এটা মিঠা অনুভৱে মনটো ভৰাই তুলিলে তাইৰ ৷

 

       জোন ! এটি যেন উন্মাদৰ ঠিকনা । ফোন নংটো লোৱা সি প্ৰায় ছমাহেই হ’ল । আজি প্ৰথমটো ফোন তাৰ । ভাৱনাৰ সিপাৰৰ যেন সাধু । “গীত বুলি কোনে মাতে তোমাক৷” অভিমান নে আব্দাৰ নুবুজিলেও তাৰ কথাবোৰই ৰাতিৰ অচিন সুৰ হ’ল । তাৰ সেই কবিতা কবিতা লগা কথাবোৰ… সি কেতিয়াবা কয় আপোনবোৰ দাপোন হ’ব লাগে । আপোনে কান্দিলে দাপোনে হাঁহিব নোৱাৰে।এবাৰ কৈছিল “…কৰ্ম যোগ জ্ঞান ভক্তি আদি গীতাৰ বাণী…তাৰে অলংকৰণ তুমি গীতাশ্ৰী…ভুলতে মাতো মই গীত বুলি…” হিঃহিঃ কি আচৰিত এই ল’ৰাটো । কেতিয়াবা ঘপকৈ ধুন বুলি মাতিলে হঠাৎ তাইৰ খং টো উজাই আহে তালৈ ৷

 

         কথাবোৰ মাথো ভাবিবলৈহে । হাবিয়াসবোৰ আনৰ সুখৰ বন্ধকী । ভাবিবলৈ তাইৰো ভালেই লাগে,আৰু বাধা… ওমহু নামানে । ই মনৰ নিজস্ব।

 

          ৩১ ডিচেম্বৰ ২০১৫ । প্ৰথম  যেতিয়া তাই জোনৰ ফোন পাইছিল হয়টো ভাবিছিল আৰম্ভণি বুলি , ভবা নাছিল আৰম্ভণি আৰু শেষ যে একেটা মুদ্ৰাৰ দুটা পিঠি বুলি । সেই অভিমান সনা আব্দাৰবোৰ মনত পেলাই তাই অভিমানী হৈ পৰে ৷ উন্মাদৰ ঠিকনা বিচাৰি উন্মনা হয় তাই । একপক্ষীয় প্ৰেমৰ অতৃপ্ত মাদকতাত উত্তাল হৈ অকবিতা লিখে ৷ উন্মাদৰ ঠিকনাটো পাগল ভাবনাবোৰৰ উৎস হ’ল । ঠিকেই কৈছিল তেওঁ “… প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰায়..।”

এৰা প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় । যিদৰে জোনৰ প্ৰেমত পৰিছিল তাই ৷ তাৰ অবিহনে তাই বহুত নিসংগ অথচ তাই ভবা নাছিল তাৰ অবিহনে নিজক হেৰাই দিয়াৰ কথা ৷ কিম্বা তাৰ আকুল ভাৱনাৰ প্ৰশ্চায়া খেদি খেদি ক্লান্ত দুহাতত এবোজা দুখ সামৰি লোৱাৰ কথা ৷ জোন তাইৰ হৃদয়ৰ গোপন প্ৰেম ,যাক পাহৰাৰ আখৰাত তাই বহুবাৰ বিফলতা গৰকিছে ৷ তালৈ নাচাওঁ বুলিলেও দুচকুৱে অহৰহ খেপিয়াই ফুৰে তাক,তাক সদায় খং কৰিয়ে আঁতৰাই ৰাখে তাই, অথচ সপোনত এযুগৰ বাৰ্তালাপ কৰে তাই তাৰসতে ৷ সি অবিহনে তাই কিমান নিসংগ জানে তাই ৷ তাইৰ ভাৱনাত সি সদায় এপাহ ৰক্তিম নিয়ৰসিক্ত গোলাপ , গোপনে তাইৰ হৃদয়ৰ কুঠৰীত প্ৰতিপল দোলা দিয়ে সি ৷

 

         কথাবোৰ ভাবি তাই ফোনৰ কন্টেক লিষ্টৰ পৰা তাৰ নামটো উলিয়ালে বিচাৰি ৷ ডায়েল কৰিব খুজিও তাই ৰৈ গল হঠাৎ৷তাই জানে সিও বুজে তাইৰ মনৰ কথাবোৰ ৷ তাই ভাবিলে তাক আচৰিত কৰি তাইৰ অনুভৱৰ সত্তাত জীয়াই তুলিব তাক ৷

ওঁঠত ঢৌ খেলি যোৱা হাঁহিটো মাৰ নৌযাওঁতেই তাই মেলি ললে ডায়েৰীৰ শেষ পৃষ্ঠাটো৷

 

ranjit phukon

Leave a Reply