উচ্ছৃংখলতা :- সমাজৰ বিকাশৰ এক অন্তৰায়

  কৰবী দুৱৰী

উচ্ছৃংখলতা মানে কিছুমান অসামাজিক কাৰ্য্য । যি কৰ্মই সমাজত বিৰূপ প্ৰভাৱ পেলাই , সমাজৰ অনিষ্ট সাধন কৰে সেইবোৰেই অসামাজিক কাৰ্য্য । সুস্থৰ বিপৰীতেই উচ্ছৃংখল । আৰ্থিক , সামাজিক , নৈতিক আদি বিভিন্ন কাৰণত মানুহে উচ্ছৃংখল আচৰণ কৰিব পাৰে । বহুক্ষেত্ৰত  মানুহে  নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰি উচ্ছৃংখল হৈ পৰে । তাৰ বাবে দায়ী আমাৰ সমাজ ব্যৱস্থা , আমাৰ ঘৰুৱা পৰিবেশ আৰু পৰিয়ালৰ জেষ্ঠসকল ।

বৰ্তমান সময়ত আমাৰ সমাজৰ প্ৰায় বিলাক অভিভাৱকেই চাকৰিয়াল । চাকৰিসৰ্বস্ব জীৱনত নিজৰ সন্তানৰ বাবেও বহু পিতৃ মাতৃয়ে সময় খৰচ কৰিবলৈ বেয়া পায় । তেওঁলোকৰ মতে ” সিঁহতক যি লাগে সকলো দিছোঁ যেতিয়া আমাৰ কৰিব লগীয়া আৰু একো নাই , মাত্ৰ সিঁহতে পঢ়িব লাগে আৰু ভাল ৰিজাল্ট কৰিব লাগে ” । কিন্তু মই ভাৱো এজন ভাল মানুহ হ’বলৈ , সমাজত সফল ব্যক্তি হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে মাক-দেউতাকৰ মৰম ভালপোৱা , উৎসাহ , প্ৰেৰণা আদিৰ খুবেই প্ৰয়োজন ।

সহজ ধনৰ লালসাত ডুব গৈ বহু যুৱক যুৱতীয়ে নিজকে ধবংসৰ মুখলৈ ঠেলি দিয়াৰ অনেক উদাহৰণ আমাৰ সমাজত আছে । তাতোকৈ ডাঙৰ কথা নিজৰ সন্তানক ধন ঘটিবলৈ কিছুমান মাক-দেউতাকেই এৰি দিয়ে । বন্ধনমুক্ত আৰু উন্মুক্ত সমাজ ইয়াৰ প্ৰধান কাৰণ । এনে এখন সমাজত যদি পিতৃ মাতৃয়ে নিজৰ সন্তানক শাসন নকৰে তেন্তে ভৱিষ্যতে সেই সন্তান উচ্ছৃংখল হৈ পৰাটো একো ডাঙৰ কথা নহয় ।

বৰ্তমান দেখা গৈছে মাক-দেউতাকে সন্তানৰ প্ৰয়োজন পুৰাবলৈ গৈ ছাত্ৰ অৱস্থাতে হাতত দামী দামী মোবাইল , বাইক , গাড়ী আদি এৰি দিছে । তেনে ক্ষেত্রত যুৱ সমাজ উচ্ছৃংখল হৈ পৰা অত্যন্ত স্বাভাৱিক  কথা । ভোগ বিলাসত নিজকে মত্ত ৰাখি কেৱল সন্তানৰ প্ৰয়োজন পূৰণ কৰিবলৈ বয়সৰ কোনো বাচ-বিচাৰ নকৰাকৈ যিকোনো সামগ্ৰী যোগান ধৰা সকলক সচেতন পিতৃ মাতৃ বুলি কব নোৱাৰি । তাৰোপৰি মাক-দেউতাকে যদি সদায় হাই – কাজিয়া কৰি ঘৰৰ পৰিবেশ দুখিত কৰি ৰাখে তেন্তে হাজাৰ পৰিশ্ৰম কৰিও সন্তানক ভাল মানুহ হিচাবে গঢ়ি তুলিব নোৱাৰে ।

এখন সমাজ আগুৱাই যাবলৈ সমাজৰ প্ৰতিজন ব্যক্তি সচেতন হোৱা দৰকাৰ । আমি যদি কিবা এটা ভাল কাম কৰি দেখুৱাও তেতিয়াহে আমাৰ সন্তানে ভাল কৰিবলৈ প্ৰেৰণা পাব । নিজে নোৱাৰাকৈ কেৱল সন্তানৰ ওপৰত বোজা জাপি দিয়াটো উচিত নহয় ।

বৰ্তমান গোলকীকৰণৰ যুগত কিশোৰ – কিশোৰী তথা কমবয়সীয়া যুৱক – যুৱতীক বিনাদ্বিগ্ধাই ভোগ সৰ্বস্ব জীৱনৰ সহজ পথ দেখুৱাই দি উচ্ছৃংখল জীৱন এটাৰ ফালে ঠেলি দিয়াৰ বাবে প্ৰথম জগৰীয়া তেওঁলোকৰ পিতৃ – মাতৃ । তাৰোপৰি সন্তানৰ প্ৰশ্নবানৰ ( অনুসন্ধিৎসু মনৰ খু দুৱনি আঁতৰাবলৈ কৰা প্ৰশ্নৰ ) সন্মুখীন হোৱাৰ পৰা ৰেহাই পাবলৈ ৰিমট’ হাতত তুলি দি হকে বিহকে চিনেমা চাবলৈ দিয়া উদাহৰণ আমাৰ সমাজত বিৰল নহয় ।

নিয়ন্ত্ৰণহীন পৰিবেশ আৰু পিতৃ মাতৃৰ অনুশাসনহীনতাই যুৱ প্ৰজন্মক উচ্ছৃংখলতাৰ দিশলৈ টানি নিছে ।

আজিৰ সন্তান ভৱিষ্যতৰ নাগৰিক । আমি আমাৰ সন্তানক সিঁহতৰ ভৱিষ্যতৰ বাবে সৰু অৱস্থাতে গঢ় দিব লাগিব । এটা কথা সদায় মনত ৰখা উচিত যে বুঢ়া বাঁহ কেতিয়াও পোন কৰিব নোৱাৰি । আমি যদি সৰুতেই সন্তানক ভাল শিক্ষা নিদিওঁ তেন্তে ডাঙৰ হোৱাৰ পিছত যিমান কষ্ট কৰিলেও তাক মানুহ কৰি গঢ়ি তুলিব নোৱাৰিম । নিয়মানুৱৰ্তিতা , অনুশাসন , আত্ম সংযম আদিৰ জ্ঞানেৰে আমি ভৱিষ্যত প্ৰজন্মক সুনাগৰিক হিচাবে গঢ়ি তুলিব লাগিব । ভোগবাদী চিন্তাধাৰাৰ পৰিবৰ্তে এক সু শৃংখলিত আদৰ্শ ভৱিষ্যত প্ৰজন্মৰ বাবে আগবঢ়াব পাৰিলেহে এখন সুস্থ সমাজ গঢ় লৈ উঠিব ।

সম্প্ৰতি নিবনুৱা সমস্যাইও যুৱ প্ৰজন্মক উচ্ছৃংখলতাৰ দিশলৈ ঠেলি দিছে । বহু কষ্টৰে পঢ়ি শুনি ডিগ্ৰী লোৱাৰ পিছত সংস্থাপনৰ অভাৱত বহু যুৱক যুৱতীয়ে সহজ ধনৰ সন্ধানত নামি পৰে আৰু শেষত গৈ নিজৰ সকলো হেৰুৱাই উচ্ছৃংখলতাই আকোঁৱালি লয় । নিচাযুক্ত দ্ৰব্য সেৱন কৰি  যুৱপ্ৰজন্মই সমাজলৈ কাল অমানিশা কঢ়িয়াই আনিছে । বহুৱে দুৰ্ঘটনাগ্ৰস্ত হৈ নিজৰ হাত ভৰি হেৰুওৱাৰ ওপৰি বহুতেই প্ৰাণও হেৰুৱাইছে । যৌনগন্ধী চিনেমা , সস্তীয়া আলোচনী আদিয়ে যুৱপ্ৰজন্মক ধৰ্ষণ , বলাৎকাৰ আদিৰ বাবে উচতনি দিয়াটোকো নুই কৰিব নোৱাৰি ।

যেতিয়ালৈকে যুৱসমাজে নিজকে বুজি নাপাব তেতিয়ালৈকে সমাজৰ উন্নতি আশা কৰিব নোৱাৰি । সৎ কৰ্ম , সৎ চিন্তা আদি যুৱ প্ৰজন্মৰ মনোজগতত প্ৰৱেশ কৰাবৰ বাবে সমাজৰ বয়োজেষ্ঠ সকলে চেষ্টা কৰিব লাগিব । অন্যথা এখন প্ৰগতিশীল সমাজ আশা কৰাটো ভুল বুলি বিবেচিত হব ।

   

ranjit phukon

Leave a Reply