সম্পাদকীয়

কুলিৰ সুকোমল মাতত হেনো ব’হাগ আহে । বসন্তৰ বাতৰি কঢ়িয়াই অনাই যেন তাইৰ একমাত্ৰ কাম । প্ৰতি বছৰৰ দৰেই অসমলৈ এইবাৰো বসন্ত আহিল, অলপ আগতীয়াকৈয়ে । বসন্তৰ আগমনৰ লগে লগেই প্ৰকৃতিয়ে নতুন সাজ পিন্ধি হৈ পৰিল চঞ্চলা গাভৰু । ক’ৰবাৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি অহা ঢোলৰ চেৱত যেন আমাৰ মনবোৰো নাচি উঠিল । এই যে ঢোলৰ চেৱত আমাৰ মনবোৰ নাচি উঠিল, ইয়েই প্ৰমাণ কৰে আমি এতিয়াও হাড়ে হিমজুৱে অসমীয়া । বসন্তৰ আগমনৰ লগে লগেই প্ৰতিজন অসমীয়াৰ প্ৰাণত আলোড়নেৰে সৃষ্টি হয় ব’হাগ বিহু । ঘৰৰ পৰা আঁতৰত থকা সকলৰ প্ৰায় সকলোৱে সকলো কাম একাষৰীয়া কৰি কেইদিনমানৰ চুটিত হ’লেও নিজৰ ঘৰখন, আপোন গাঁওখনলৈ এপাক মৰাটো যেন প্ৰতিজন অসমীয়াৰ জন্মগত বৈশিষ্ট্য ।

বসন্তৰ আগমনে ডেকা-গাভৰুৰ মনবোৰ বেছিকৈ জীপাল কৰি তোলে । কোনোবা ডেকাই প্ৰিয় নাচনী জনীৰ খোপা শুৱনি কৰিবলৈ কপৌফুল চিঙি অনা দৃশ্য সুলভ । কোনোবা ডেকাৰ ঢোলৰ চেৱে চেৱে তেওঁৰ প্ৰিয় নাচনীজনীয়ে ককাল ভাঙি নচা দৃশ্য সঁচাই মনোৰম । প্ৰকৃতিয়ে যেনেকৈ ফলে-ফুলে কুঁহিপাত সলাই নতুন ৰূপ লয় ঠিক তেনেদৰেই ডেকা-গাভৰুৰ মনত প্ৰেম-প্ৰীতিৰ কুঁহিপাত মেলে ।

তাহানিতে ককা-আইতাই ব’হাগ বিহু নুবুলি, চ’তৰ বিহু বুলি কৈহে ভাল পাইছিল । গাঁৱৰ অঞ্চলত এই বিহুৰ কেইটামান অপূৰ্ব দৃশ্য দেখিবলৈ পোৱা যায় । গৰুবিহুৰ দিনা ৰাতিপুৱাই গোহালিৰ পৰা গৰুবোৰ দীঘলতি, মাখিয়তী পাতেৰে কোবাই কোবাই পথাৰলৈ নিয়া হয় । গাই যোৱা হয় –

“দীঘলতি দীঘল পাত
মাখিয়তী মাখি পাত
মাখি মাৰো জাক জাক
মাৰে সৰু, বাপেৰে সৰু,
তই হবি বৰ বৰ গৰু ॥”

চাটৰপৰা কেৰেলা, বেঙেনা, থেকেৰা আদি টুকুৰাবোৰ গালৈ মাৰি গোৱা হয় –

“লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা
মাৰে সৰু, বাপেৰে সৰু, তই হবি বৰ বৰ গৰু ॥”

তাৰ পাছত কণী যুঁজ, এশ এবিধ শাক বিচৰা আৰু আমৰলি টোপ বিচাৰি ঘূৰি ফুৰা আদি দৃশ্যবোৰ বৰ্তমান দুৰ্লভ হৈ আহিছে । অৱশ্যে মানুহ বিহুৰ দিনা কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা-সত্কাৰ কৰি আশীৰ্বাদ লোৱা দৃশ্য ঠায়ে ঠায়ে দেখিবলৈ পোৱা যায় ।

সময়ৰ লগে লগে বিহুৰো পৰিবৰ্তন হৈছে যদিও, আহক আমি সকলোৱে আমাৰ এই বাপতি সাহোন ৰঙালী বিহুৰ ঐতিহ্যত আঘাত নসনাকৈ, পুৰণি এই আকৰ্ষণ প্ৰতিজন অসমীয়াৰ হৃদয়ত ঠাই দি, বিহুটিক চিৰস্থায়ী কৰি ৰখাৰ সংকল্প লওঁ………………॥

bipul bora

Leave a Reply