সৰু সৰু কথা

ইমৰান শ্বাহ,
শিৱসাগৰ ।

মানুহে যি কথাই নকওক, তাৰ লগত অৰ্থৰ এটা এৰাব নোৱাৰা সম্বন্ধ থাকে । অৰ্থ নাথাকিলে কথাৰ কোনো মূল্য নাথাকে । একেদৰেই উপযুক্ত কথাৰ অভাৱত অৰ্থও পোহৰলৈ নাহে । একে বিষয় লৈ লিখা এজনৰ ৰচনা উচ্চস্তৰৰ সাহিত্য হ’ব পাৰে । আন এজনৰ ৰচনা তেনেই এলাগী হ’ব পাৰে । কৃষ্ণাৰ্জুন ব্যাকৰণৰ এটা সৰল সন্ধি মাত্র নহয় । এটা বিশেষ মননৰ অন্তৰ্নিহিত তাত্পৰ্যপূৰ্ণসমূহৰ মিলন-মিশ্ৰণৰ এটা দ্যোতক । ব্যঞ্জনাও ক’ব পাৰি । একেই কথা ক’ব পাৰি অনুষ্ঠান-প্ৰতিষ্ঠান আৰু মূল্যবোধৰ সম্পৰ্কতো । আমি যেতিয়া জাতি, সমাজ আদিৰ কথা আলোচনা কৰো তেতিয়া প্ৰতিষ্ঠানৰ বাহিৰৰ ৰূপটো লক্ষ্য কৰিয়ে কথা কওঁ । মূল্যবোধৰ প্ৰসংগটো প্ৰায়ে কোৱা নহয় । বৰং ভবাই নহয় বুলিব পাৰি । ফলত অনেক বিসংগতিপূৰ্ণ কাম-কাজ হয়, ঘাইকৈ চৰকাৰৰ ক্ষেত্ৰত । আমি আমাৰ “গণতন্ত্ৰ”, আমাৰ “সমাজতান্ত্ৰিক আৰ্হি” আদিৰ কথা সঘনাই কৈ থাকো । কিন্তু তাৰ অন্তৰ্নিহিত মূল্যবোধৰ কথা নাভাবোৱেই । সমশিক্ষা, সমস্বচ্ছলতা, সমঅধিকাৰ ইত্যাদিবোৰ আমাৰ আছেনে ? যদি নাই বহুত শব্দ ব্যৱহাৰৰ অধিকাৰেই দেখোন আমাৰ নাথাকে । ইনকিলাব্ শব্দটোক আজিকালি দেখোন জধে-মধে ব্যৱহাৰ কৰা হয় । ফুটবল খেলত জিকিলেও । বিপ্লৱ, বিদ্ৰোহ, বিজয় একাকাৰ । গণই গণতন্ত্ৰ বুজাৰ পাছতহে দেশ গণতান্ত্ৰিক হয় । ধন-বল আৰু অস্ত্ৰ-বল দুয়োটাৰ মাজত পাৰ্থক্য বৰ নাই আৰু দুয়োটা গণতন্ত্ৰত সীমিত অৰ্থতহে প্ৰাসংগিক ।

যিকোনো প্ৰতিষ্ঠানৰে আপাত-ৰূপ বৰ্ণনা কৰিবলৈ সহজ । কেইটা ঘৰ, কিমান শিক্ষক, কিমান ছাত্ৰ-ছাত্ৰী । স্কুল এখনৰ সাধাৰণ ছবি এখন পাই যোৱা হ’ব । ইউনিফৰ্মো পাৰি । কিন্তু কিতাপৰ প্ৰসংগ আহিলেই থমকি ৰ’ব লাগিব । কি পঢ়ায়, কি পঢ়ে বিচাৰিবলৈ গ’লেই অসুবিধাত পৰি যাব । চাকৰিৰ বাবে ডিগ্ৰীতকৈ প্ৰশিক্ষণৰ প্ৰয়োজন বেছি । কিছুমান প্ৰশিক্ষণ নিজেও নিজক দিব পাৰি । কিন্তু শিক্ষাৰ প্ৰকৃত উদ্দেশ্য কি ? এতিয়াই মূল্যবোধৰ প্ৰশ্নটো আহিব ? অসুবিধা হ’লেও মূল্যবোধ ধৰা-চোৱাৰ বাহিৰৰ বস্তু নহয় । আৰু ই আমাৰ লগত, আমাৰ ভিতৰতে থাকে । কৰ্ষণৰ ওপৰত ই নিৰ্ভৰ কৰে । মোৰ পদূলিত এজোপা শেৱালি আছে । শৰতত তল ভৰি সৰে । এজন ওলাই গ’ল । ডবহা জোতাৰে মহতিয়াই । ক’ৰ শেৱালি ক’ত, চেপেটা । এজনী মাগনী বুঢ়ী ওলাই গ’ল । থমকি ৰ’ল । দুপাহমান তুলি ল’লে । তাৰ পাছত চাই চাই ফুল নথকাত ভৰি দি ওলাই গ’ল । আগৰজন এম এ পাছ । ফুল চোৱাৰ সময় নাই । পাছৰগৰাকী মাগনী । মনৰ মাজত ক’ৰবাত বহুত কোমলতা আছে । আগৰজনৰ শিক্ষাত কেণা আছে । পাছৰজন স্বশিক্ষিত । কিন্তু জীৱনৰ বাবে প্ৰথমজনৰ শিক্ষা নহ’লে নহয় । অথচ দ্বিতীয়জনৰ শিক্ষাটো নহ’লে জীৱনে ইয়াৰ অৰ্থই হেৰুৱায় । কি কৰা যাব পাৰে ।

আৰু এটা কথা । প্ৰতিষ্ঠানবোৰৰ এটা ঐতিহাসিক বিকাশ থাকে । বিকাশৰ স্তৰ থাকে । এই ইতিহাস আলোচনা কৰিব পাৰি । কিন্তু সঁচা মূল্যবোধৰ তেনেকৈ নোৱাৰি । এইবোৰ আৱেগ-অনুভূতিৰ লগত জড়িত । বস্তুবাদ বুজা যায় । প্ৰায় ইন্দ্ৰিয়গ্ৰাহ্য । মূল্যবোধ অলপকৈ হ’লেও ৰহস্যময় । ৰহস্য লাগে জীৱনৰ বাবে । আৱেগাদিক হত্যা নকৰিলে এইবোৰ সদায় একে থাকে । মাতৃ আৰু মাতৃত্ব । নাৰীমুক্তি অতি দৰকাৰী কথা । মাতৃত্বৰ পৰাও মুক্তি হ’বৰ হ’লে কিন্তু মানৱ জাতিৰ বিপৰ্যয় আছে । ওপৰে ওপৰে একো ক’ব নালাগে । নোৱাৰিও । মূল্যবোধৰ কথা আহিব । আৱেগিক ।

আমাৰ এতিয়াৰ যিটো অৱস্থা তাত এটা কথা নিশ্চিতকৈ ক’ব পাৰি । আমি আমাৰ বাহিৰৰ জীৱনটোৰ লগত ভিতৰৰ জীৱনটোৰ সম্বন্ধ হেৰুৱাই পেলাইছো । ধৰ্মবোৰে এই কামটো কৰিছিল । কৰিব পাৰিছিল । এতিয়া ক্ৰমাৎ নোৱাৰা হৈ আহিল । আৰু নোৱাৰা হ’ব । ধৰ্মই যুক্তি-তৰ্ক-সংস্কাৰক বাধা দিয়ে । স্বৰ্গ আৰু নৰকৰ ধাৰণাটো আন ধৰণৰ হোৱা হ’লে ভাল আছিল । কিন্তু নহ’ব । ভিতৰ আৰু বাহিৰৰ মিলন-মিশ্ৰণ নহ’লে কৃষ্ণাৰ্জুন এটা ব্যাকৰণৰ সৰল সন্ধি হৈয়ে থাকিব । থাকিব নালাগে ।

আমি মনত ৰখা দৰকাৰ, মূল্যবোধৰ সন্ধান বাহিৰত কৰা হ’লেও, দৰাচলতে তাক মানুহৰ চেতনাৰ ভিতৰতহে পোৱা যায় । শিক্ষাক শুদ্ধ পৰিপ্ৰেক্ষাত গ্ৰহণ কৰাৰ প্ৰয়োজন এতিয়াতকৈ বেছি কেতিয়াও হোৱা নাছিল । একবিংশৰ মানুহ উন্নত হ’লেই নহ’ব, জ্ঞানী হ’বও লাগিব ।

bipul bora

Leave a Reply