ৰঙালাউ আখ্যান

নন্দ চুতীয়া, ঢকুৱাখনা ।

এদিনীয়া ক্ৰিকেট খেল। দ্বিতীয় ইনিংছত ভাৰতে বেট ধৰিছে। ইতিমধ্যে ভাৰতৰ নটা উইকেট পতন ঘটিছে। ক্ৰিজত খোপনি পুতিছেহি অন্তিম উইকেটে। অন্তিম অভাৰ। মাত্ৰ ছটা বল বাকী আছে। ইফালে জিকিবলৈ লাগে আৰু এঘাৰ ৰাণ। অলপ আগলৈকে ষ্টেডিয়ামত হৰ্ষোল্লাস কৰি থকা ভাৰতীয় দৰ্শকসকলৰ এই মুহূৰ্তত মুখৰ মাত হেৰাইছে। সকলো দৰ্শকে পৰম উত্কণ্ঠাৰে ভাবিছে পাৰিবনে ভাৰতে ছটা বলত এঘাৰ ৰাণ কৰিব ! টিভিৰ মুখত বহি খেল চোৱা দৰ্শকসকলৰো সেই একেটাই ভাব, পাৰিবনে ভাৰতে ছটা বলত এঘাৰ ৰাণ কৰিব ! বলাৰে শেষ অভাৰটোৰ প্ৰথম বলটো মাৰি পঠিয়ালে। নাই কোনো ৰাণ লব নোৱাৰিলে আৰু মাত্ৰ পাঁচটা বল বাকী। এইবাৰ দ্বিতীয় বলটো দিলে। উইকেটত বেট ধৰাজনে বেটখন দাঙি বলটো কোবাই দিলে। বলটো বহু ওপৰলৈ উঠি গ’ল। প্ৰতিজন দৰ্শকে চকুযোৰ বহলকৈ মেলি ওপৰলৈ চাই পঠিয়ালে। কট হ’বনে নে শূন্যইদি সীমা ৰেখা পাৰ হৈ যাব ! হয়, শূন্যইদি বলটো সীমা ৰেখা পাৰ হৈ ষ্টেডিয়ামৰ দৰ্শকৰ মাজত পৰিল। ছিক্স। হৰ্ষোল্লাসে দৰ্শকে বিপুল হাত তালি দিলে। জিকিবলৈ আৰু পাঁচ ৰাণ লাগে। বল আছে চাৰিটা। বলাৰে বল মাৰি দিলে। নাই ৰাণ ল’ব নোৱাৰিলে। এইবাৰ তিনি বলট পাঁচ ৰাণ লাগে। ভাৰতীয় দৰ্শকবোৰে পৰম উত্কণ্ঠিত হৈ পৰিছে। জিকিবনে হাৰিব। বলাৰে তৃতীয় বলটো দিলে। বেটধৰাজনে প্ৰচণ্ড জোৰেৰে বলটো কোবাই দিলে। গুলী বেগেৰে বলটো শূন্যইদি সীমাৰেখা পাৰ হৈ গ’ল। ছিক্স। ভাৰতীয় দৰ্শকসকল আনন্দত ফাটি পৰিল। চিদা পাঠকেও পৰম আনন্দে হৰ্ষোল্লাস কৰি চোতালত থিয় হৈ চিঞৰ সোধালেহি। যেন চিদা পাঠকেও সেইখন খেল চাই ভাৰতৰ আকস্মিক জয়ত আপোন পাহৰা হৈ পৰিছে। চিদা পাঠকে হাঁহি হাঁহি ঘৈণীয়েকক ডাঙৰ ডাঙৰকৈ চিঞৰি কৈছে- “নোমলী মাকঐ, ঈশ্বৰ আছে বুজিছ, ঈশ্বৰ আছে। আজি মই হাতে হাতে প্ৰমাণ পাই গলো।” নোমলীৰ মাকে মানুহটোৰ গাত আজি ইমান আনন্দ হোৱাৰ কাৰণ কি বুজাবলৈ ভিতৰৰ হাতৰ কাম-বন ঠাইতে এৰি দুৱাৰ মুখলৈ ওলাই আহি মানুহটোলৈ চাই পঠিয়ালে। মানুহটোৰ দুই হাতত পলিথিনৰ মোনাত কে’বা টোপোলা বস্তু। চিদা পাঠকে ঘৈণীয়েকক ক’লে– “মুখখন মেলি কি চাই আছ, দৰ আক’ টোপোলাবোৰ।” নোমলীৰ মাকে টোপোলাবোৰ ল’বলৈ গ’ল। চিদা পাঠকে হিচাপ দি গ’ল- “এইটো টোপোলাত চাহ-চেনি, এইটো টোপোলাত মাংস, ইটো টোপোলাত নোমলীলৈ পাউদাৰ স্নো আৰু নাৰিকল তেলৰ টেমা আৰু এইটো টোপোলাত তোলৈ পেটিকোট ব্লাউজ আনিছো। হু ধৰ”। ঘৈণীয়েকে মানুহটোৰ হাতত ইমানবোৰ বজাৰ দেখি আচৰিত হৈ সুধিলে- “ইমানসোপা বস্তু। ইমানসোপা বজাৰ কৰিবলৈ পইচা ক’ত পালা ?” চিদা পাঠকে হু হু কৈ হাঁহি ক’লে- “ৰঙালাউ বেছি আক’ ।” ঘৈণীয়েকে বিস্ময় মানি ক’লে- “তিনিটা ৰঙালাউ বেছি ইমান টকা পালানে ?” চিদা পাঠকে ঘৰৰ ভিতৰলৈ সোমাই আহি প্লাষ্টিকৰ চকী এখনত ধপচকৈ বহি একে উশাহে ক’লে– “তিনিটা ৰঙালাউ বেছি বহুত টকা পালো। লেখি লেখি দুহেজাৰ এশ টকা।” ঘৈণীয়েকে মুখখন জোকাৰ মাৰি ক’লে- “কিনো সপোন সামাজিক যেন লগা কথাবোৰ বলকিছেহে। সঁচাকৈ কওঁকচোন বস্তুবোৰ কিনিবলৈ ইমান টকা ক’ত পালে ?” গিৰীয়েক চিদা পাঠকে উলাহেৰে উশাহ নসলোৱাকৈ নোমলীৰ মাকক এফালৰ পৰা ঘটনাটো বিৱৰি গ’ল- “শুন, ৰঙালাউ তিনিটা লৈ বজাৰলৈ সোমোৱা গেটখনৰ বাহিৰ ফালে মানে আলিবাটটোৰ দাঁতিতে গামোচাখন পাৰি তাৰ ওপৰতে মেলি থ’লো। মনতে গুণিলো আগতীয়াকৈ লগা আগবতৰৰ পাচলি দেখিলে গ্ৰাহক আগবাঢ়ি আহিবই। আৰু ভাবিলো প্ৰতিটো ৰঙালাউৰ দাম কিমান কৰিম। এটাত ৪০ টকাকৈ বেচিম। এনেকৈ ভাবি বহিছোহে এনেতে দুটা পুলিচ আহি ধমক দি ক’লেহি- “ঐ বুঢ়া, ক’ত ৰাস্তাৰ ওপৰত বজাৰ মেলিছহি। বজাৰৰ ভিতৰলৈ সোমা। ৰাস্তাটো বজাৰ কৰি লৈছ নেকি ? মই ক’লো- ক’তনো ৰাস্তাৰ ওপৰত বজাৰ মেলিছো, ৰাস্তাৰ দাঁতিত হে দিছো। এটাই তোমাৰ চকু পকাই ধৰিলে- এই ৰঙালাউটোৰ দাম কিমান কৰিছ ? মই ক’লো দুকুৰি, মানে ৪০ টকা। পুলিচটোক যেন নক’বলগীয়া কথা এষাৰহে ক’লো- সি তোমাৰ বতৰ গৰ্জাদি গৰ্জি উঠিল নহয়। সি টান মাতেৰে ক’লে- চাল্লা বুঢ়া, ৰঙালাউ বেচিছনে সোণ বেচিছ ? ৰ, চাহাবক দেখুৱাওগৈ, তই এই ঔটেঙাটোৰ সমান ৰঙালাউটোৰ দাম ৪০ টকা কৰিছ বুলি। সেই বুলি কৈয়েই সি ৰঙালাউটো হাতত লৈ ফুঁ ফুঁ কৈ গুচি গ’ল। সিটো পুলিচেও কথা নাই বতৰা নাই সিও এটা দাঙি লৈ গুচি গ’ল। কি কম বুজিছ, ইমান আশাৰে বেচিবলৈ অনা তিনিটা ৰঙালাউৰ ভিতৰত দুটা ৰঙালাউ পুলিচ দুটাই বিনা কাৰণত কাঢ়ি লৈ যোৱা দেখি মোৰ হৃদয়খন ইচাত বিচাত কৰিবলৈ ধৰিলে। আকৌ এখন গাড়ী লৈ আহিল নহয় আন এটা পুলিচ। সি গাড়ীখন ৰখাই গাড়ীৰ ভিতৰৰ পৰাই মোক সুধিলে- ৰঙালাউটো বেচিবনে ? আগৰ পুলিচ দুটাই দাম নিদিয়াকৈ দুটাকৈ ৰঙালাউ কাঢ়ি লৈ যোৱাৰ কাৰণে মোৰ খঙে চুলিৰ আগত উঠি আছিলেই। এই পুলিচটোকো সিহঁত দুটাৰ লগৰে সাধাৰণ পুলিচ বুলি ভাবি খঙেৰেই কৈ দিলো- সেই দুটা পুলিচে লৈ যোৱা দেখি এইবাৰ তোৰো গা উঠিল নেকি ? হু লৈ যা এইটোকো, নালাগে মোক পইচা। দুখীয়াৰ দুখ কোন কালে গুচিব। আগবতৰত লগা ৰঙালাউ তিনিটা ঘৰখনৰ মুখত মাৰি তেল নিমখৰ খৰচ এটাকে ওলাওক বুলি নিজে নাখায় নবৈ বজাৰলৈ বুলি বেচিবলৈ লৈ আহিছিলো। দুটা পুলিচ আহি এপইচাও নিদিয়াকৈ দুটা কাঢ়ি লৈ গ’ল। পুলিচৰ পাৱাৰ দেখুৱাই সিহঁত দুটাক দেখি এইবাৰ আকৌ তই আহিলি। হু লৈ যা এইটোকো। নিনিও তেল নিমখ। মোৰ বকনি শুনি গাড়ীৰ পৰা পুলিচটো সাউৎকৈ নামি আহিল নহয়। পুলিচটোৱে মোক ক’লে- শুনক, মই এইখন জিলাৰ এছ পি। মোতকৈ আৰু ডাঙৰ পুলিচ অফিচাৰ এই জিলাত নাই। কোন দুটা পুলিচে আপোনাক ৰঙালাউ পইচা নিদিয়াকৈ লৈ গ’ল মোক ভাঙি পাতি কওঁকচোন। এছ পি বুলি পৰিচয় দিয়াত মোৰ বুকুখন ভয়ত উঠা নমা কৰিবলৈ ধৰিলে। অন্ঠ কন্ঠ শুকাই কৰ্কৰীয়া দিলে। তথাপিও সেপ ঢুকি ঢুকি কৈ দিলো কেনেকৈ কি কথা কৈ পুলিচ দুটাই ৰঙালাউ দুটা পইচা নিদিয়াকৈ লৈ গ’ল গোটেই কথাখিনি। তেতিয়া বুজিছ, এছ পি চাহাবে বাকী থকা ৰঙালাউটো সহ মোক গাড়ীখনত উঠি থানালৈ যাবলৈ লগ ধৰিলে। কথাষাৰ শুনি মোৰ সৰ্বশৰীৰ জ্বৰ ঘামে ঘামিবলৈ ধৰিলে। কিহে পাইছিল মোক পুলিচ অফিচাৰজনক এনেকৈ ক’বলৈ। বুইছ, মই চিধাই পুলিচ অফিচাৰজনৰ ভৰি দুটাত ধৰি হাউ হাউকৈ কান্দিবলৈ ধৰিলো। ছাৰ, মোক থানালৈ নিনিব। ৰঙালাউৰ পইচা মোক নালাগে। খাওঁকচোন খাওঁক। দুটা ৰঙালাউৰ পইচা নাপালে মই খাবলৈ নাপায় মৰি নাযাওঁ নহয়। পুলিচ অফিচাৰজনে মোক নেৰিলে নহয়। মোক বাকী ৰঙালাউটো সহ গাড়ীত ভৰাই লৈ একেবাৰে থানা পোৱাই দিলেগৈ। এছ পি ছাৰে মোক গাড়ীৰ পৰা নমাই থানাত বহিবলৈ দি অ’ চি ছাৰক টান মাতেৰে হুকুম দিলে- থানাত যিমান পুলিচ আছে এতিয়াই এই মুহূৰ্ততে শাৰী পাতিবলৈ দিয়ক। যেনে হুকুম তেনে কাম। ড্ৰেছ পিন্ধা নিপিন্ধা অৱস্থাতে থকা সকলো পুলিচ লগে লগে থানাৰ চোতালত শাৰী পাতি দিলে। তাৰ পাছত মোক এছ পি জনে লগত লৈ সেই পুলিচ দুটা বিচাৰিবলৈ দিলে। ভয়ত মোৰ গাৰ পৰা তেতিয়া ভগৱন্ত পলাল চুৰিয়া টুৰিয়াই সৰু পানী চুলো। শাৰীলৈ গৈ এফালৰ পৰা চাই গৈ আছো। গৈ আছো। শাৰীৰ এঠাইত একেলগে দুয়োটা পুলিচ থিয় হৈ আছে নহয়। বোলো কপালত যি লিখা আছে হওঁক। ৰৈ নাথাকিলো এছ পি ছাৰক দেখুৱাই দিলো- ছাৰ এই দুজন। এছ পি ছাৰ আগৰে পৰাই খঙত অগ্নি শৰ্মা হৈ আছিলেই। পুলিচ দুটাক খঙেৰে সুধিলে, ঐ তহঁতে মাহে কিমান টকা দৰমহা পাৱ ? পুলিচ দুটাই থৰ থৰ কঁপি মেও মেও মাতেৰে ক’লে- ছাৰ, পঁচিশ হেজাৰ। এছ পি ছাৰে টান মাতেৰে ক’লে- ইমান টকা পাইও এই বুঢ়া মানুহটোৰ পৰা ৰঙালাউ কাঢ়ি খাবলৈ আহিছ ? চাল্লা দগাবাজহঁত, পুলিচৰ বদনাম কৰিবলৈ লৈছ। ৰক্ষকেই ভক্ষক হ’বলৈ ওলাইছ। চাকৰি খাই দিম জনা নাই। তহঁত দুটাক আজি মই এনেকুৱা শাস্তি দিম……… এছ পি ছাৰৰ চকু দুটাত জুই বৰষিবলৈ ধৰিলে। কি নলগা জেঙত সোমাই পৰিলো বুলি ময়ো ভয়ত থক থককৈ কঁপিবলৈ ধৰিলো। এছ পি ছাৰে পুলিচ দুটাক কাৰা হুকুম দিলে- যা, তহঁত দুয়োটাই এক হেজাৰকৈ টকা এতিয়াই লৈ আন। ক’ৰ পৰা আন নাজানো। টকা কিন্তু মোক লাগিবই বুলি কৈ এছ পি ছাৰ থানালৈ সোমাই আহি চকিত বহিলহি। মোকো ছাৰৰ কাষতে টুল এখনত বহুৱাই ৰাখি থ’লে। কিছু সময়ৰ পাছতেই পুলিচ দুটাই দুহেজাৰ টকা আনি চালাম থুকি এছ পি ছাৰৰ সন্মুখৰ টেবুলখনত থৈ মেও মেও মাতেৰে কঁপি কঁপি ক’লে- ছাৰ এয়া টকা। এছ পি ছাৰে নিজেৰ জেপৰ পৰাও টকা এশ উলিয়াই দুহেজাৰ টকাৰ ওপৰত থৈ মোলৈ চাই ক’লে- দেউতা ! ৰঙালাউৰ পইচা এইখিনি লওক। মই এছ পি ছাৰক ক’লো- ছাৰ, মোৰ ৰঙালাউ তিনিটাৰ দাম ১২০ টকাহে হয়। ২০ টকা নাপালেও হ’ব। এশ টকা পালেই হ’ব। এছ পি ছাৰে মোলৈ চাই ক’লে- টকাখিনি লওক। ইহঁতৰ, এই বদমাছ হালৰ জৰিমনা পইচা আপুনি লওক আৰু মই ৰঙালাউটোৰ দাম ৪০ টকাই দিছো। বাকী ৬০ টকা আপোনাক চাহ মিঠাই খাবলৈ দিছো। মই সাউৎকৈ এছ পি ছাৰৰ ভৰিত দুটাত মূৰ থৈ কান্দি কান্দি ক’লো- ছাৰ এই পুলিচ দুজনৰ পৰা ইমান টকা ললে পাছত চল পাই এওঁলোকে মোক সৰ্বনাশ কৰিব। মই বৰ দুখীয়া মানুহ ছাৰ। মোক সৰ্বনাশৰ মাজলৈ ঠেলি নিদিব। আপোনাক কাবৌ কৰিছো। এছ পি ছাৰে ক’লে – ইহঁত দুটাই আপোনাক একো কৰিব নোৱাৰে। আপোনাক কিবা জুলুম কৰিলে সেইবাৰ মই চাকৰিকে খাই দিম। যাওক আপুনি খুচি মতে বজাৰ সমাৰ কৰি ঘৰলৈ যাওঁকগৈ। সেয়েহে থানাৰ পৰা ওলাই আহিয়েই ঘৰখনত অতদিনে অভাৱ হৈ থকা বস্তুকেইপদ কিনি পেলালো। নোমলীৰ মাক অ’ কাহিনী সেইবোৰ। চিদা পাঠকে এইবাৰ পণ্ডিতৰ দৰে গহীন মন্তব্য ৰাখিলে- মানুহে ভাৱে পুলিচ মানেই বেয়া মানুহ। ইহঁতৰ বুকু পিঠি একো চিন নাই। কিন্তু আজি প্ৰমাণ পাই গ’লো সকলো পুলিচ একে চৰিত্ৰৰ নহয়। দুখীয়াৰ দুখ বুজা মৰমীয়াল পুলিচো আছে। নোমলীৰ মাক অ’ বেয়াৰ সংখ্যা বেছি হ’লেও তাৰ মাজতে ভাল একোটাহঁত আছে। সেই বাবেই পৃথিৱীখন ইমান ধুনীয়া হৈ আছেঅ’, যা আক’, চাহ এটোপা নিদিয় জানো।’

admin

Leave a Reply