সৰ্বহাৰা শিক্ষা বন্দনা

কংকৰ কুৰঙ্গ, ধেমাজি ।

বান্ধৈ সময় পালে আমাৰ ফালে
এবাৰ আহি যাবা,
সৰ্বহাৰা শিক্ষা কেনে চলিছে
তাকে আহি চাবা।

উকা পৃষ্ঠাৰ পাঠ্যপুথি
দুপৰীয়া ভাত,
ভাত নেপালে ল’ৰা-ছোৱালী
পলাই মাৰে ফাট।

দহ বাজিল ঘণ্টা পৰিল
চৰু পাতিবৰ হ’ল,
ছাত্ৰ-মাষ্টৰ সমানে লাগিল,
লাগিল কোলাহল।

বাৰ বাজিল শাৰী পাতিল
আগে আগে থাল,
আধা সিজা ভাত খাই
পেটৰ গোলমাল।

বোকোচাৰ বেগৰ কিতাপ
বেগতে সোমাই ৰ’ল,
মূল্যায়ণত বহা মাত্ৰেই
সকলো উত্তীৰ্ণ হ’ল।

আন্তঃগাঠনি মেৰামতি,
টি.এল.এমৰ ধন,
জেপত ভৰাই প্ৰধান শিক্ষকৰ
উগুল-থুগুল মন।

admin

Leave a Reply