সুপ্ৰীতি বৰুৱা

নবীন সাহিত্যিক সুপ্ৰীতি বৰুৱাৰ জন্ম হয় তিনিচুকীয়া জিলাৰ ঢলা চাহ বাগিছাত৷ পিতৃ মুক্তি যুজাৰু শিক্ষক থুলেন্দ্ৰ বৰুৱা আৰু মাতৃ স্বৰ্ণলতা বৰুৱা৷ শিক্ষা জীৱন আৰম্ভ হয় ঢলা চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ত৷ মাধ্যমিক শিক্ষা চৈখোৱা উচ্চ ইংৰাজী বিদ্যালয়ত তাৰ পাছত তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷

বিবাহ সূত্ৰে যোৰহাট জিলাৰ কেন্দু গুৰিৰ বোৱাৰী সুপ্ৰীতি বৰুৱা বৰ্তমান নিজৰ শিক্ষা জীৱন আৰম্ভ কৰা প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত৷

ছাত্ৰী জীৱনতে সাহিত্য চৰ্চ্চা আৰম্ভ কৰিছিল তেওঁ৷ ছপা মাধ্যমত প্ৰথম ৰচনা প্ৰকাশ পাই ২০০১ চনত “দৈনিক জনমভূমি” কাকতত৷ গল্প, কবিতা আৰু প্ৰৱন্ধ কেওতা দিশতে চৰ্চ্চা কৰা সাহিত্যিক গৰাকীৰ প্ৰথম প্ৰকাশিত গ্ৰন্থখন হ’ল “চিন্তাৰ লেছেৰি” ২০১৩ চন(প্ৰৱন্ধ সংকলন)৷ এটি গল্পৰ সংকলন বৰ্তমানে প্ৰকাশৰ পথত৷ আনহাতে সম্পাদিত গ্ৰন্থ— ১/ “প্ৰৱন্ধ সম্ভাৰ”, ২০১৪ চন (সদৌ অসম লেখিকা সমাৰোহ সমিতি, অসম৷), ২/ “মেঘমল্লাৰ” মুখপত্ৰ (প্ৰকাশৰ পথত), সদৌ অসম লেখিকা সমাৰোহ সমিতি, ডুমডুমা শাখা৷

বৰ্তমানে দৈনিক জনমভূমি, বাৰ্তা পখিলি, অনুভূতি, আমাৰ অসম, দৈনিক বাতৰি, নিয়মীয়া বাৰ্তা, ফেহুঁজালি , অসমীয়া খবৰ, নিউজ-৩০ আদি বিভিন্ন কাকত আলোচনীৰ নিয়মীয়া লেখিকা সুপ্ৰীতি বৰুৱা৷

প্ৰাগজ্যোতিষ (প্ৰকাশন) অসমীয়া সাপ্তাহিকৰ সাহিত্য প্ৰতিযোগিতা গল্পত দ্বিতীয়
আমগুৰি লেখিকা সমাৰোহ সমিতিয়ে আয়োজন কৰা গল্প আৰু প্ৰৱন্ধ প্ৰতিযোগিতাত (একেৰাহে তিনিবছৰ) ক্ৰমে দ্বিতীয় আৰু তৃতীয় ৷ নগাওঁ লেখিকা সমাৰোহ সমিতিয়ে আয়োজন কৰা অসম ভিত্তিত গল্প আৰু প্ৰৱন্ধ প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ৷ ২০০৯ চনত সমন্বয় কবি বঁটা বিজয়ী সুপ্ৰীতি বৰুৱাই অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা হেম বৰুৱা জন্ম শতবৰ্ষত অসম ভিত্তিত দ্বিতীয় পুৰস্কাৰে পুৰস্কৃত হৈছে ৷ বৰ্তমান তেওঁ অনুবাদ সাহিত্যতো হাত ফুৰাইছে ৷

জীৱনৰ প্ৰথম ছোৱা সময়ত নিমাতী কন্যা হৈ থকা সুপ্ৰীতি বৰুৱা বৰ্তমান সাহিত্য চৰ্চ্চা আৰু সামাজিক কৰ্মৰ জৰিয়তে এক সৰবৰহি মহিলা৷ সুন্দৰ কবিতা, মন পৰশা গল্পৰ লগতে তেখেতৰ কলমত ধৰা দিছে ভালে সংখ্যক চিন্তা গধুৰ প্ৰৱন্ধই৷ এই ক্ষেত্ৰত তেখেতৰ শিক্ষাগুৰু জয়া ভৰালী, লেখিকা ৰঞ্জিতা শৰ্মা, ড。 অৰুণা গগৈ বৰুৱা, যতীন গগৈ, ৰিপুঞ্জয় গগৈ, মিনা দেৱী বৰুৱা, ডাঃ নিলাক্ষী চলিহা গগৈ, শৰৎ চিৰিং ফুকনৰ দৰে ব্যক্তিৰ প্ৰেৰণাই তেওঁক সাহিত্যিক কৰি তুলিছে৷ দুটি সন্তানৰ মাতৃ, বৰ্তমান তিনুচুকীয়া জিলাৰ ৰূপাই বিষ্ণু নগৰৰ নিবাসী সুপ্ৰীতি বৰুৱাৰ সৃষ্টি আৰু অধ্যয়ন ক্ষেত্ৰ যথেষ্ট বহল৷

ফেহুঁজালি তৰফৰ পৰা তেখেতৰ সাহিত্যিক জীৱন উত্তৰোত্তৰ কামনা কৰিছো৷

 

IMG-20151102-WA0000

admin

Leave a Reply