সত্যজিৎ বৰপাত্ৰ ৷

জন্ম— ১১ চেপ্তেম্বৰ, ১৯৯২ চন ৷
জন্ম স্থান— ঢকুৱাখনা , লক্ষিমপুৰ জিলা ৷
পিতৃ— বলিন বৰপাত্ৰ ৷
মাতৃ— বন্তি গগৈ ৷
শিক্ষা জীৱন—
——————
মাধ্যমিক— ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷
স্নাতক— দৰং মহাবিদ্যালয় ৷
স্নাতকোত্তৰ— গুৱাহাটী বিশ্ববিদ্যালয় (অসমীয়া সাহিত্য) ৷

স্কুলীয়া জীৱনৰ পৰাই সাহিত্য সাধনাত ব্ৰতী সত্যজিৎৰ ছপা আখৰত প্ৰথম ৰচনা নিজা বিদ্যালয়ৰ আলোচনীত প্ৰকাশ হৈছিল ৷ বৰ্তমানলৈ তেওঁ সাদিন, সাতসৰী, মায়া, দৈনিক জনমভূমি, আমাৰ অসম, অসমীয়া খবৰ আদি আগশাৰীৰ কাকত আলোচনীত বহুতো কবিতা, প্ৰৱন্ধকে মুখ্য কৰি বিভিন্ন সময়ত বিভিন্ন লেখা প্ৰকাশ পাই আহিছে ৷ অসমীয়াৰ অন্যতম কাব্যালোচনী ‘ৰেঙণি ‘( ২০১৪) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা ‘জনমানস’ৰ সম্পাদনাৰ দায়িত্ব পালনৰো অভিজ্ঞতা সত্যজিৎৰ আছে ৷

তেওঁৰ প্ৰথম কবিতাপুথি ‘সোণালী ৰ’দৰ পাখী’ , প্ৰকাশৰ পথত ৷ পুথিখন অহা ১৩/০৯/২০১৫ তাৰিখে প্ৰকাশ হ’ব বুলি আমি জানিব পাৰিছো ৷

কেৱল সাহিত্য সাধনাই নহয় তেখেতে খোজ দিছে অভিনয়ৰ পথাৰতো ৷ সুন্দৰ কণ্ঠশৈলীৰে মঞ্চ শুৱনি অভিনেতা সত্যজিৎ ৷ অভিনয়ৰ উপৰিও তেখেতে নাট ৰচনাতো হাত দিছে ৷ বৰ্তমানে তেওঁ এজন মঞ্চ ঘোষক ৷ বিভিন্ন বিহু মঞ্চত তেওঁ ঘোষক হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছে ৷

মনোমোহা চিত্ৰকল্পৰ জৰিয়তে মিঠা প্ৰেমৰ অনুভূতিৰ বাবে সত্যজিৎৰ কবিতা বৰ জনপ্ৰিয় ৷ তেখেতৰ “সন্ধ্যা ৰাগিনী সমীপেষু ” আৰু “মাৰফৎ জালুকবাৰী ” নামৰ কবিতা দুটা নৱপ্ৰজন্মৰ মাজত যথেষ্ঠ সমাদৰ লাভ কৰিছে ৷

সত্যজিৎৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা আৰু প্ৰিয় অভিনেতা নিপন গোস্বামী ৷ নিজা সৃষ্টিশিল মনটোৱেই তেওঁৰ প্ৰেৰণাৰ প্ৰধান উৎস ৷ সাহিত্য আৰু অভিনয় দুয়োটা ৰুচিয়েই তেওঁৰ প্ৰিয় ৷

অসমীয়া সাহিত্য সংস্কৃতিৰ দিশত বৰ উৰ্বৰ ঠাই লক্ষীমপুৰ জিলাৰ “ঢকুৱাখনা” ৷ এই ঢকুৱাখনাত জন্মগ্ৰহণ কৰি সত্যজিৎতে গৌৰৱ অনুভৱ কৰে ৷ ঠাইখনৰ প্ৰভাৱ তেওঁৰ জীৱনত উল্লেখনীয় ৷

তেওঁৰ প্ৰিয় বাক্য— “নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ ” ৷
উদিয়মান শিল্প তথা সাহিত্যিক সত্যজিৎ বৰপাত্ৰ ৰ ভৱিষ্যত জীৱন উজ্বল কামনা কৰিছো ৷

IMG-20150907-WA0000

admin

Leave a Reply