সত্যজিৎ গগৈ

জন্ম–১৫ এপ্ৰিল ১৯৯১ চন।
জন্মস্থান– চাচনি, নাহৰকটীয়া ,ডিব্ৰুগড় ।
পিতৃ –তোলন গগৈ।
মাতৃ — ৰূপালী গগৈ
শিক্ষা — ডিব্ৰু মহাবিদ্যালয়ৰ পৰা বি এ পাছ ।

প্ৰকাশিত গ্ৰন্থ –> “এমুঠি জোনাক বিচাৰি ” ( কাব্য গ্ৰন্থ , প্ৰকাশক ডিব্ৰুগড় জিলা সাহিত্য সভা। ২০১৪ )
সম্পাদিত গ্ৰন্থ –> ডিব্ৰু মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে মহাবিদ্যালয়ৰ কাব্যানুৰাগী শিক্ষাৰ্থী সকলৰ নিৰ্বাচিত কবিতাৰে ” জ্যোতি শিখা ” (২০১১) নামৰ এখন কাব্য গ্ৰন্থ সম্পাদনা কৰে।
একে বছৰতে ড. ভুপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকৰ উপলক্ষে যুটীয়া ভাবে সুধাকন্ঠ নামৰ গ্ৰন্থ খন সম্পাদনা কৰে।
এই বছৰত সম্পাদনা কৰি উলিয়াইছে “নতুন কবিৰ কবিতা” আৰু “সেউজীয়া চোলাটো ” নামৰ দুখন কাব্য গ্ৰন্থ ।
সত্যজিৎতে চেতনা নামৰ এখনি হাতে লিখা গ্ৰন্থও সম্পাদনা কৰি প্ৰকাশ কৰিছে ।
সাতসৰী, সাদিন , দৈনিক জনমভুমি , জনসাধাৰণ , তৃস্নাতুৰ , শতফুল, কথা কবিতা আদি আগশাৰীৰ অসমীয়া কাকত আলোচনীত সত্যজিৎৰ কবিতা প্ৰবন্ধ আদি নিয়মীয়াকৈ প্ৰকাশ হৈ আছে । আকাশ বাণী ডিব্ৰুগড় কেন্দ্ৰৰ “যুৱবাণী” ত তেওঁৰ কবিতা নিয়মীয়াকৈ প্ৰচাৰ হয়।
সত্যজিৎ গগৈৰ কবিতাত প্ৰচুৰ সম্ভাৱনা আছে ৷ জীৱন আৰু প্ৰকৃতিক এককভাৱে চোৱাৰ প্ৰৱনতা সত্যজিৎ গগৈৰ কবিতাত প্ৰতিফলিত হয় ৷ এজন ভাল আৰু সক্ৰিয় ঔদ্যোক্তা হিচাপেও সত্যজিৎতে বিভিন্ন অনুষ্ঠান আয়োজন কৰি কলাত্মক মানসিকতাক পৰিস্ফুট কৰি তুলিছে ৷ অনুশীলন আৰু কৰ্ষন কৰি থাকিলে সত্যজিৎ গগৈৰ কবিতা ভৱিষ্যতলৈ মননশীল হৈ উঠিব বুলি ক ‘ব পাৰি ৷ সত্যজিৎতে চৰ্চা অব্যাহত ৰাখক আৰু নিজাকৈ এখন ক্ষেত্ৰ নিৰ্মান কৰি সেই ক্ষেত্ৰত অবাধ বিচৰণ কৰক ৷
সত্যজিৎলৈ সীমাহীন শুভকামনা যাছিলো ৷

IMG-20150910-WA0008 (1)

admin

Leave a Reply