লিমাৰিক

গোলোক চন্দ্ৰ দত্ত, ভীমপথাৰ, ডিগবৈ ৷

( ক )

বাথৰূমৰ পৰা ওলাই আহিলে মূৰত চুলি নাই;
সাজি-কাচি ওলালে বিৰাট খোপাৰ তুলনা নাই ৷
চুলি নোহোৱাৰ হয় চুলি,
খোপা বান্ধে এহাত তুলি,
আধুনিক যুগৰ গোপন কথা একো নুবুজোঁ ভাই ৷

( খ )

বানপানীত দেশবাসীৰ বিলাইৰ অন্ত নাই;
হেলিকপ্টাৰত মন্ত্ৰী উঠি গ’লহি সকলো চাই ৷
ৰাজধানীলৈ উলটি গৈ,
প্ৰেছমেলত দিলে কৈ,
বানপানীত কোনো লোকেই জীয়াতু ভোগা নাই ৷

( গ )

কোম্পানীৰ ক’লা চাহাব দৰমহা পাই মোটা,
টকাৰ ভেমে লাহে লাহে মগজ কৰিলে ভোটা ৷
ডাঙৰ লোকক দেখে সৰু,
পণ্ডিত লোকক বোলে গৰু,
মাছৰ বজাৰত মাছ কিনোতে লগাই জোটা-পোটা ৷

( ঘ )

গিৰিয়েক ক’লা চাহাব ঘৈণীয়েক মেম,
আনৰ লগত কথা নেপাতে, দেখাই ডাঙৰক ভেম ৷
ভাতক কয়- ডিনাৰ, চাপাৰ,
শিক্ষা যদিও মেট্ৰিকৰ আণ্ডাৰ,
চাকৰ-নাকৰক গালি পাৰে- ষ্টুপিড, চোৱাইন, ডেম ৷

( ঙ )

বন বিভাগৰ বিষয়াই বন মহোৎসৱ পাতি,
আলিৰ দাঁতিত গছ ৰোৱালে, মন্ত্ৰীক আনি মাতি ৷
আবেলিলৈ পাতিলে সভা,
ডাঙৰ কৰি সজালে ৰভা,
খুটা কৰিলে কুমলিয়া গছৰ পুলি কাটি ৷

( চ )

বন্য-প্ৰাণী সংৰক্ষণ সভাৰ বিৰাট আয়োজন,
গোট খালে ডেকা- বুঢ়া লোক অগণন ৷
বণ্য জীৱ নেমাৰিবলে’ ;
মন্ত্ৰীয়ে ৰাইজক ক’লে,
পহুৰ মাংসৰে মন্ত্ৰীৰ ভোজন হ’ল সমাপন ৷

bipul bora

Leave a Reply