লিমাৰিক

নন্দ চুতীয়া, অৱসৰ প্ৰাপ্ত গ্ৰন্থাগাৰ সহায়ক, ঢকুৱাখনা মহাবিদ্যালয়।

(১)

কেৰিয়াৰ নেলাগেই থাকিলে বেক
ঘোচ দিলেই পোৱা হৈছিল শিক্ষকৰ খেত
ভবা কথা ন’হল সিদ্ধি
শিক্ষামন্ত্ৰীৰ নতুন নীতি
স্কুল শিক্ষক হ’বলৈ উত্তীৰ্ণ হ’ব লাগিবই বোলে টেট।

(২)

নেট, শ্লেট, টেট আৰুনো কি নুলিয়াই
স্কুল-কলেজত এনেয়ে মৰিলো নেকি কলম জুবুৰিয়াই
কেনেকৈ পাৰ হ’ম এইবোৰ জপনা
উপায় বিচাৰি কতনা জল্পনা-কল্পনা
নেট, শ্লেট, টেটে টেটু চেপি দিছে কণ্ঠ শুকুৱাই।

(৩)

হঠাৎ শিক্ষামন্ত্ৰী শিক্ষা সঞ্চালকৰ অফিচ পাই
পেলাই থোৱা পৰ্বতসম ফাইল দেখি বিচুৰ্তি খাই
টোপনি মৰা কৰ্মচাৰীৰ খদমদম লাগিল
দুজনমান কৰ্মচাৰীলৈ ছাছপেণ্ড অৰ্ডাৰ আহিল
কোৱা-কুই কৰিলে দেখিম নহয় ভেদীয়ে শেষত কি ডাল ল’ৰা পায়।

(৪)

ম্যাদ উকলা মাথাউৰি ৰয় বা নৰয়
ঠায়ে ঠায়ে ৰায়তৰ এইবোৰ চিন্তা হয়
সেইবাবেই আন্দোলন
লাষ্ট গেটত অনশন
মুখ্যমন্ত্ৰীয়ে বুজাইছে বানপানী আমেৰিকাতো হয়।

admin

Leave a Reply