যা দেৱী …………

শ্ৰী নিৰুপমা ডেকা, বোকাখাত।

দূৰ্গা পূজাৰ দশমীটো পাৰ হোৱাতহে মনেশ্বৰ হাজৰিকাৰ উশাহটো ঘূৰিল। এনে ব্যয় বহুল গুৱাহাটীৰ নিচিনা ঠাইত ভাৰাঘৰ লৈ ল’ৰা-ছোৱালী ইংৰাজী মাধ্যমৰ প্ৰাইভেট স্কুলত পঢ়ুৱাই চতুৰ্থ শ্ৰেণীৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী এজনৰ কি অৱস্থা হ’ব পাৰে সেয়া হয়টো মনেশ্বৰৰ দৰে ভুক্তভোগীহতঁৰ বাহিৰে আনে বুজা কঠিন। তাতে আকৌ সি থাকে নিউ গুৱাহাটী বামুণীমৈদামৰ ৰেলৱে’ ক’লনিৰ গাতে লাগি থকা ভাস্কৰ নগৰ অঞ্চলত। দূৰ্গা পূজা মানে য’ত হয় এক ব্যয় বহুল আয়োজন। অলিয়ে-গলিয়ে মা দূৰ্গাৰ পূজাৰ বিলাস বহুল আয়োজনৰ অঘোষিত প্ৰতিযোগিতা। আৰু পূজা সমিতিবোৰৰ সিহঁতবোৰ হ’ল মোটা চান্দা সংগ্ৰহৰ লক্ষ্যস্থান। পূজাৰ বহুদিন আগৰ পৰাই প্ৰায় পলাই থকাৰ দৰে আত্মগোপন কৰিব লগা হয় মনেশ্বৰৰ। আগফালে দুৱাৰত তলা ওলমাই থয় আৰু পাছফালৰ দুৱাৰেৰে অহা-যোৱা কৰে। পূজা, বিহু আদিৰ চান্দাৰ নামত তাৰ নিচিনা মানুহবোৰে বৰ দুৰ্ভোগ ভোগিব লগীয়া হয়।

ভগৱান বুলিলে তাৰদৰে ভগৱান ভৰষাত চলা লোক সকলৰ ভয় এটাও থাকে। ভগৱানৰ নামত চান্দা আদি নিদিলে যদি কিবা অপায় অমংগল হয়, তথাপি ভগৱানৰ ভয়তকৈও আৰ্থিক অনাটনে জুৰুলা কৰাৰ ভয়ত তাৰ মন অহৰহ কঁপি থাকে এইখিনি সময়ত। ইফালে ল’ৰা-ছোৱালী আৰু ঘৈণীয়েকৰ পূজা বুলিলেই প্ৰায় এমাহৰ দৰ্মহাটোৰ প্ৰয়োজন। চাৰিদিনৰ পূজাত অন্ততঃ দুযোৰকৈ কাপোৰ, জোতা-মোজা, চেণ্ডেল, আ-অলংকাৰ কাপোৰৰ লগত মিলাই লাগেই। নহ’লে আনৰ লগত মিলাত দিগদাৰ হয়। আকৌ পূজাৰ কেইদিন বাহিৰত খাবলৈ পকেট গৰম থাকিব লাগে। মুঠতে পূজা মানে সন্ত্ৰাসবাদৰ আগজাননী হয় ঘৰখনত। বিচৰা মতে নাপালে বিদ্ৰোহী হৈ পৰে চব। তাৰ পৰা হাত সৰাৰ বাট নাপাই ধৰফৰাই থাকে মানুহটোৱে।

আগতে প্ৰায়েই মানুহজনীক কৈছিল পূজাৰ বন্ধত গাঁওখনলৈ যাওঁ বুলি। এতিয়া নকয় কাৰণ ঘৈণীয়েক বাসন্তী জাঙোৰ খাই উঠে। ওৱা গুৱাহাতীৰ পূজা এৰি কোন বুৰ্বকে গাঁৱলৈ যাব ! মূৰ্খ পাইছে নেকি সিহঁতক ? গতিকে উপায়ন্তৰ হৈ সি চুপ হৈ থাকে। আৰু পূজা দ্বীপাৱলীৰ নামত বছৰেকৰ সাচতীয়া টকা কেইটা খৰচ কৰি সৰ্বশেষত নিজেও মহিষাসুৰৰ ৰূপ লয় তৰ্জন-গৰ্জন কৰি ঘৰখন ওপৰতল কৰে। আৰু নিজকে ঘৰৰ দূৰ্গাজনীৰ হাতত সপি দিয়ে।

এই বোৰৰ পৰা বাচিবলৈ বুলি বেচেৰা মানুহটোই আজি দুবছৰ মান আগতে পূজা নাইকীয়া ধৰ্ম এটাকে লৈ লওঁ বুলি ঠিৰাং কৰি এজন গুৰু ভজি তাতে শৰণাপন্ন হ’ল। ভাবিলে এই খৰচী ভগৱানৰ পৰা আঁতৰি নাম ধৰ্মকে সাৰোগত কৰি জীৱনটোত অলপ সকাহ পাব। পিছে প্ৰতিফল যে আৰু ভয়ংকৰ হ’ব এতিয়াহে বুজিলে। কমিব দূৰৈৰ কথা ধৰ্মৰ নামত খৰচ বাঢ়িলহে। পূজাৰ খৰচ সেই ভাগেই থাকিল। চহৰৰ পূজাত কোনো ধৰ্মৰ ভেদাভেদ নাই। সকলোৰে মনত পূজাৰ নিচা লাগিবই। গতিকে নতুনকৈ শৰণাপন্ন হৈ ভকত সেৱা, পাল নাম, নাম-কীৰ্তনৰ বাবে খৰচৰ নতুন পথ এটাহে ওলাল।

মুঠতে ধৰ্মৰ খৰচী সংক্ৰামক ৰোগটোৱে মানুহটোক জুৰুলা কৰা হ’ল আৰু ইয়াৰ ফলশ্ৰুতিত মনেশ্বৰ হাজৰিকা বোলা এজন ধৰ্মানুৰাগী লোক ধৰ্মদ্ৰোহী হৈ পৰিল। যি ধৰ্মৰ বাবে মানুহৰ মানবীয় ধৰ্ম নাইকীয়া হয়, যি ধৰ্মৰ খৰচৰ বাবে জীৱনৰ বহু কৰণীয় কাম ৰৈ যায়, তেনে ধৰ্মৰে ভগৱান নাপায়। গাঁৱৰ নিচলা খেতিয়ক ভায়েকটোক বছৰেকৰ খেতিখন কৰিবলৈ সহায় কৰিব নোৱাৰে, বুঢ়ী মাকজনীৰ সাধাৰণ খৰচটো বহন কৰিব নোৱাৰে অথচ বছৰত হাজাৰ হাজাৰ টকা পূজা-পাৰ্বন আৰু ধৰ্মৰ নামত দান দি উৰাই দিয়ে। এইবোৰ বেজাৰে তাক খুলি খুলি খায়। আধুনিকতাৰ বতাহত হাতত এণ্ড্ৰইড ফোন, দেহত দামী নামী সুগন্ধি আৰু তুলুঙা চিন্তাৰে জীৱনোচ্ছল তাৰ পৰিয়ালটো দেখি দেখি সিওঁ মদৰ ৰাগীত নিশাবোৰত মহিষাসুৰ হৈ পৰে। ল’ৰা-ছোৱালী আৰু তিৰোতাৰ লগতে আধুনিকতাৰ বতাহত উৰা সকলক চৈধ্যপুৰুষ উদ্ধাৰি গালি দি পৰম তৃপ্তি লাভ কৰে। আৰু মদৰ নিচাত উত্তাল হৈ দুৰ্গাপূজাৰ নিশা কেইটাত চিঞৰি কয়-
“যা দেৱী যা……… সোনকালে আঁতৰি যা। মোৰ দৰে বোৰক মাৰিবলৈহে আহ। দুৰ্গতিবোৰ বছৰ দিনলৈ আমাৰ বোৰৰ গাত জাপি দি স্বৰ্গীয় দালানত বিশ্ৰাম ল, যা দেৱী যা, ৰসাতলে যা, অহাবাৰ আহিব নোৱাৰাকৈ কৰ’বাত ডুবি এই দশমীতে হেৰাই যা………………॥”

admin

Leave a Reply